Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | অসমীয়া Class 9 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | অসমীয়া Class 9 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক can be of great value to excel in the examination.

Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক – সমাধান for All Subject, You can practice these here.

প্ৰচণ্ড ধুমুহাই  প্রশ্ন কৰিলে মোক

           – ড° ভূপেন হাজৰিকা

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

চমু উত্তৰ দিয়া।

(ক) কোনে কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল?

উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল।

(খ) ধুমুহাৰ পৰা কবিয়ে কি বিচাৰিছিল?

উত্তৰঃ ধুমুহাৰ পৰা কবিয়ে ধুমুহাৰ শক্তিখিনি বিচাৰিছিল।

(গ) কোনে অকণি আকাশ মাগিছিল?

উত্তৰঃ জনৈক গীতিকাৰে আকাশক ‘অকণি আকাশ’ মাগিছিল।

(ঘ) ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’— কথাষাৰৰ প্ৰকৃত অর্থ কি?

উত্তৰঃ ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’ কথাষাৰৰ প্ৰকৃত অৰ্থ সঁচা উদাৰতা।

(ঙ) কবিয়ে কাৰ ওচৰত পূৰ্ণ বিশালতা বিচাৰিছিল?

উত্তৰঃ কবিয়ে আকাশৰ ওচৰত আকাশৰ পূৰ্ণ বিশালতা বিচাৰিছিল।

(চ) মহাকাশে কবিক কি দিছিল?

উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিছিল।

(ছ) কবিয়ে কাৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল?

উত্তৰঃ কবিয়ে বজ্ৰৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল।

(জ) কবিয়ে কি কি শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে?

উত্তৰঃ কবিয়ে বজ্ৰৰ উদাত্ত কণ্ঠেৰে আৰু ধুমুহাৰ প্ৰচণ্ড শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে।

(ঝ) ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে কোন শ্ৰেণীৰ লোকক বুজাব খুজিছে?

উত্তৰঃ ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে সমাজৰ শোষিত-বঞ্চিত, নিপীড়িত তথা নির্যাতিত দুর্বল-দুখীয়া শ্ৰেণীৰ লোকক বুজাব বিচাৰিছে।

(ঞ) ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে কি বুজাব বিচাৰিছে?

উত্তৰঃ ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে মুমূর্ষু জনৰ হৃদয়ত প্ৰাণৰ সঞ্চাৰ কৰিব বিচৰাৰ কথা বুজাব বিচাৰিছে।

১/ অতি চমু প্ৰশ্নৰ উত্তৰ:

() ‘প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোকশীৰ্ষক কবিতাটো কোনে ৰচনা কৰিছিল?

উত্তৰঃ উক্ত কবিতাটো ড° ভূপেন হাজৰিকাই ৰচনা কৰিছিল ।

() ‘প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোকশীৰ্ষক কবিতাটো কিমান চনত ৰচনা কৰা হৈছিল?

উত্তৰঃ প্রচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক’ শীৰ্ষক কবিতাটো ১৯৬৩ চনত ৰচনা কৰা হৈছিল ।

() ° ভূপেন হাজৰিকাই সম্পাদনা কৰা  যিকোনো দুখন আলোচনীৰ নাম লিখা

উত্তৰঃ ড° ভূপেন হাজৰিকাই সম্পাদনা কৰা  যিকোনো দুখন আলোচনীৰ নাম হ’ল- ‘আমাৰ প্ৰতিনিধি’, আৰু ‘ গতি’ ।

() ° ভূপেন হাজৰিকাই পৰিচালনা কৰা যিকোনো দুখন অসমীয়া চলচ্চিত্ৰৰ নাম লিখা

উত্তৰঃ ড° ভূপেন হাজৰিকাই পৰিচালনা কৰা যিকোনো দুখন অসমীয়া চলচ্চিত্ৰৰ হ’ল- ‘এৰাবাটৰ সুৰ’, আৰু ‘প্ৰতিধ্বনি’ l

() ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান তথা বঁটাটোৰ নাম কি ?

উত্তৰঃ ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান তথা বঁটাটোৰ নাম হ’ল- দাদা চাহেব ফাঙ্কে বঁটা ।

() “জনৈক গীতিকাৰে অকণি

      আকাশ দেখোঁ মাগে

       –ইয়াত কোনজন গীতিকাৰৰ কোনটো গীতলৈ ইঙ্গিত কৰা হৈছে?

উত্তৰঃ নৱকান্ত বৰুৱা ৰচিত আৰু ড° বীৰেন্দ্ৰনাথ দত্তই কন্ঠ দান কৰা ‘আকাশ আমাক অকনি আকাশ দিয়া’ শীৰ্ষক গীতটোলৈ ইয়াত ইঙ্গিত কৰা হৈছে ।

/ তাৎপর্য ব্যাখ্যা কৰা :

() বজ্ৰৰ গর্জনে বক্ষ উজাৰি লে,

                   তোমাৰ কাম্য কি কুঁৱা?

       মই লো, ‘বজ্ৰ তোমাৰ

                    শক্তিশালী উদাত্ত কণ্ঠটি দিয়া

উত্তৰঃ জীৱন আৰু সমাজৰ পৰা অশুভ শক্তিবোৰক আঁতৰাই তাৰ ঠাইত মনুষ্যত্বক প্ৰতিষ্ঠা  কৰিবলৈ কবিয়ে পণ কৰিছে । তাৰ বাবে কবিয়ে তেওঁৰ গীতিকে অশ্ৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে । কিন্তু জীৱন তথা সমাজ ৰূপান্তৰৰ উপযুক্তও মাধ্যম হ’বলৈ হ’লে  তেওঁৰ গীত বলিষ্ঠ কণ্ঠ আৰু সাহসী যুক্তিৰে সমৃদ্ধ হ’ব লাগিব ।

কবিৰ দৃষ্টিত এই দুই গুণৰ আকাৰ হ’ল বজ্ৰ । বজ্ৰৰ গুৰু- গম্ভীৰ কণ্ঠত সমগ্ৰ পৃথিৱী থৰথৰকৈ কঁপি উঠে । সেয়ে কবিয়ে বজ্রক আহবান জনাইছে যাতে তেওঁক উদাত্ত কণ্ঠৰ অধিকাৰী কৰে । কবিতাফাকিৰ তাৎপৰ্য এয়ে যে এজন সমাজ দায়বদ্ধ সামৰ্থ গীতিকাৰে সমাজৰ অন্যায়- অবিচাৰবোৰ নিৰ্ভীকভাৱে উদঙাই দিব পাৰিব লাগিব ।

() সেয়েহে আকাশ তুমি

                   দিব যদি খুজিছাই

       সংকীৰ্ণতা এৰি দিয়া

                   অৱদানৰূপে তোমাৰ পূৰ্ণ বিশালতা

        দিয়া যদি আজিয়েই দিয়া

উত্তৰঃ কবি সমাজৰ প্ৰতি দায়বদ্ধ । গীতৰ মাধ্যমেৰে বৈষম্যধৰ্মী সমাজ ব্যৱস্থা ভাঙি তাৰ ঠাইত মানৱীয় সাম্য আৰু ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত  এখন সমাজ তেওঁ গঢ়িব বিচাৰে । কবিয়ে অনুভৱ কৰে যে তেওঁৰ গীতত বিশালতা তথা উদাৰতা ফুটি উঠিলেহে সেই গীতে বাঞ্ছিত উদেশ্য সাধন কৰিব পাৰি ।

সীমাহীন নীলিম আকাশখন কৰিবৰ মনত উদাৰতাৰ প্ৰতীক । এই আকাশেই কবিক শিকাইছে যে মানুহে নিজকে যিমানেই আনৰ মঙ্গলৰ বাবে বিলাই দিয়ে, সিমানেই মানুহ মহান হয় । সেয়ে কবিয়ে আকাশক অনুৰোধ জনাইছে যাতে আকাশে তেওঁক অকৃপনভাৱে উদাৰতা দান কৰে ।

(মহাকাশে দিলে মোক বিশাল দৃষ্টি

                  আৰু ধুমুহাই প্ৰচণ্ড শক্তি

        বজ্রই দিলে মোক উদাৰ কণ্ঠ

                   আৰু দিলে সাহসৰ যুক্তি

উত্তৰঃ কবিয়ে তেওঁৰ মাধ্যমেৰে সমাজৰ ৰূপান্তৰ সাধন কৰিব বিচাৰে । প্ৰচলিত শোষনধৰ্মী সমাজ ব্যৱস্থাৰ পৰিৱৰ্তে মানৱীয় সাম্য আৰু ন্যায়ভিক্তিক এখন সমাজ প্ৰতিষ্ঠা কৰাটো কবিৰ জীৱনৰ ব্ৰত । কবিয়ে গীতকেই সমাজ পৰিৱৰ্তনৰ প্ৰধান অশ্ৰ হিচাপে গ্ৰহণ কৰিছে । কবিৰ বিশ্বাস যে তেওঁৰ গীত প্ৰচণ্ড শক্তি, বলিষ্ঠ কণ্ঠ, সাণিত  যুক্তি আৰু উদাৰ দৃষ্টিভংগীৰে সমৃদ্ধ হ’লেহে সেই গীত ফলপ্ৰসু হ’ব ।

সেয়ে কবিক এই ইতিবাচক গুণবোৰৰ অধিকাৰী কৰিবলৈ তেওঁ ধুমুহা, বজ্ৰ আৰু আকাশৰ প্ৰতি আহবান জনাইছে । অবশেষত কবিৰ বিশ্বাস জন্মিছে যে উক্ত প্ৰাকৃতিক শক্তিবোৰে তেওঁক তেওঁ বিচৰা গুণবোৰ প্ৰদান কৰিছে । গতিকে তেওঁ গীতৰ মাধ্যমেৰে সমাজত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হ’ব বুলি আশ্বস্ত হৈছে ।

() হুমূৰ্খ মানৱক

                   জীৱনৰ বিদ্যুত

       কিঞ্চিটো যদি দিব পাৰোঁ

                   আকাশ ধুমুহা আৰু বজ্রক

       তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ

উত্তৰঃ কবিয়ে শোষিত-নিষ্পেশীতষিত জনগণৰ মুক্তি কামনা  কৰে । হুমূৰ্খ জনতাৰ জীৱন আশা-প্ৰেৰণাৰ বিদ্যুতেৰে কিঞ্চিৎ পৰিমানে হ’লেও আলোকিত কৰিব পাৰিলে তেওঁ নিজকে ধন্য মানিব । কিন্তু সমাজৰ বৈপ্লৱিক ৰূপান্তৰ অবিহনে জনগণৰ মুক্তি সম্ভৱ নহয় । কবিয়ে তেওঁৰ গীতিকে সমাজ পৰিৱৰ্তনৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিব বিচাৰে ।

কবিয়ে জানে যে তেওঁৰ গীতৰ প্ৰচণ্ড শক্তি,উদাত্ত কণ্ঠ,শানিত যুক্তি আৰু উদাৰতাৰে সমৃদ্ধ হ’লেহে সি সমাজ ৰূপান্তৰৰ উপযুক্ত মাধ্যম হ’ব পাৰিব । সেইবাবে তেওঁ ধুমুহা,বজ্ৰ আৰু আকাশৰ প্ৰতি উক্ত গুণবোৰ বিচাৰি প্ৰাৰ্থনা জনাইছে । কবিয়ে কৈছে যে তেওঁ যদি তেওঁৰ মহান উদ্দেশ্য সাধনত সামান্যভাৱে হ’লেও সফল হ’ব পাৰে, তাৰ বাবে তেওঁ উক্ত প্ৰাকৃতিক শক্তিবোৰৰ ওচৰত কৃতজ্ঞ হৈ থাকিব ।

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

/ অতি চমু প্ৰশ্নোত্তৰ:

() কবিয়ে কাক সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহবান জনাইছে?

উত্তৰঃ কবিয়ে আকাশক  সংকীৰ্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহবান জনাইছে ।

() কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিলে ?

উত্তৰঃ কবিৰ প্ৰাপ্য কি তাক সুধি প্ৰচণ্ড ধুমুহাই  প্ৰশ্ন কৰিলে ।

() কবিক বিশাল দৃষ্টি কোনে দিলে?

উত্তৰঃ কবিক বিশাল দৃষ্টি  মহাকাশে দিলে ।

() “হুমূৰ্খ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পৰোঁ“- ইয়াতবিদ্যুৎশব্দই কি বুজাইছে?

উত্তৰঃ হুমূৰ্খ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিতো দিব পৰোঁ”- ইয়াত ‘বিদ্যুৎ’ শব্দই জীয়াই থাকিবলৈ প্ৰয়োজনীয় আশা, উদ্দীপনা,প্ৰেৰণা আদিক বুজাইছে ।

() প্রচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?

উত্তৰঃ প্রচণ্ড ধুমুহাই কবিক “তোমাৰ প্ৰাপ্য কি কোৱা” বুলি প্ৰশ্ন কৰিছিল ।

/ চমু প্ৰশ্নৱলী:

() বজ্রই কবিক কি কি দিলে?

উত্তৰঃ কবিয়ে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠ প্ৰাৰ্থনা কৰিছিল । সেই মতে বজ্রই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি প্ৰদান কৰিছিল ।

() কবিয়েসঁচা উদাৰতাৰ” –কথাষাৰেৰে কি বুজাব খুজিছে?

উত্তৰঃ কোনো মানুহে নিজকে যিমানে আনৰ মঙ্গলৰ বাবে বিলাই দিয়ে, সিমানেই তেওঁ মহান হয় । সেয়ে মানুহে সংকীৰ্ণ ব্যক্তি স্বাৰ্থ পৰিহাৰ কৰি সমূহৰ মঙ্গলৰ বাবে নিজৰ কথা, চিন্তা আৰু কৰ্ম নিয়োজিত কৰিব লাগে । এয়াই সঁচা উদাৰতা ।

() কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে ?

উত্তৰঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱতাৰ  সমাজত   মানৱৰ গীত গাবলৈ সাজু হৈছে । অৰ্থাৎ শোষণ, নিৰ্যাতন,যুদ্ধ,হিংসা,জাত-পাতৰ দৰে দানৱীয় প্ৰৱণতাবোৰৰ বিৰুদ্ধে কবিয়ে সাম্য, মৈত্ৰী, ভাতৃত্ব, শান্তি আদি মানৱীয় প্ৰমূল্যবোৰ গীতৰ জৰিয়তে প্ৰচাৰ কৰিব বিচাৰিছে ।

() আকাশ,ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত কৰিছে?

উত্তৰঃ কবিয়ে মানুহৰ জীৱন আৰু সমাজৰ পৰা দানৱিয়তাক দূৰ কৰি তাৰ ঠাইত মানৱীয়তাক প্ৰতিষ্ঠা কৰিবলৈ আৰু মৃতপ্ৰায় মানুহক আশা- প্ৰেৰণাৰে উজ্জীৱিত কৰিবলৈ সংকল্প গ্রহণ কৰিছে ।

এই মহান কাৰ্য্যত সফল হ’বলৈ কবিক আশাৰে বিশাল দৃষ্টি,ধুমুহাই প্ৰচণ্ড শক্তি আৰু বজ্ৰই উদাত্ত কণ্ঠ তথা সাহসৰ যুক্তি প্ৰদান কৰিছে । সেয়েহে কবিয়ে এই তিনিটা প্ৰাকৃতিক পৰিঘটনাৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপে প্ৰণিপাত জনাইছে ।

/ সমাৰ্থক শব্দ লিখা:

 উত্তৰঃ    ধুমুহা          –   বাঞ্ছা,বৰদৈচিলা, চক্ৰবাট

               বুকু            –   বক্ষ,বক্ষ:স্থল

               কাম্য          –   বাঞ্ছিত,আকাংক্ষিত,প্ৰত্যাশিত

               সংকীৰ্ণতা  –   ক্ষুদ্ৰতা,অনুদাৰতা

               বিশাল       –   বহল,প্ৰশস্ত,বৃহৎ

               দানৱ         –   অসুৰ,দৈত্য

               প্ৰণিপাত    –   প্ৰণাম,সেৱা

               সিক্ত          –   তিতা,ভিজা

/ তলত দিয়া শব্দকেইটা কি কাৰণেহৈছে লিখা

কণ্ঠ,পূৰ্ণ, প্ৰচণ্ড, সংকীৰ্ণতা, প্ৰণিপাত

উত্তৰঃ  কণ্ঠ : ট-বৰ্গৰ আখৰৰ সৈতে যুক্ত হ’লে ‘ন’ সদায় ‘ণ’ হয় ।

  পূৰ্ণ : ঋ,ৰ,  ষ-ৰ পাছত থকা ‘ন’ সাধাৰণতে ‘ণ’ হয় ।

  প্ৰচণ্ড : ট-বৰ্গৰ আখৰৰ সৈতে যুক্ত ‘ন’ সদায় ‘ণ‘ হয় ।

  প্ৰণিপাত : প্ৰ, পৰি আদি উপসৰ্গৰ পিছত থকা নি-ৰ ‘ন’ ‘ণ’ হয় ।

/ তলত দিয়া শব্দকেইটাত কি কাৰণেহৈছে লিখা

উত্তৰঃ হুমূৰ্খ : অ আ ভিন্ন অন্য স্বৰবৰ্ণ বা ক বা ৰ-ৰ পাছত থকা প্ৰত্যয়ৰ ‘স’  ‘ষ’ হয় ।

দৃষ্টিট-বৰ্গৰ বৰ্ণৰ লগত যুক্ত ‘স’ সদায় ‘ষ’ হয় ।

/ সন্ধি ভঙা :

  দিগন্ত,সৰ্বাকাশ,সংকীৰ্ণ

উত্তৰঃ দিগন্ত      :     দিক্  +  অন্ত

    সৰ্বাকাশ  :     সৰ্ব   +  আকাশ

    সংকীৰ্ণ    :     সম্   +  কীৰ্ণ

অতিৰিক্ত প্রশ্নোত্তৰঃ

১। অতি চমু উত্তৰ দিয়া।

(ক) কবি ড° ভূপেন হাজৰিকাৰ ক’ত জন্ম হৈছিল?

উত্তৰঃ ড° ভূপেন হাজৰিকাৰ শদিয়াত জন্ম হৈছিল।

(খ) ড° ভূপেন হাজৰিকা ৰচিত গীতৰ পুথি এখনৰ নাম কোৱা।

উত্তৰঃ সংগ্ৰাম লগ্নে আজি।

(গ) কোন চনত ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল?

উত্তৰঃ ১৯২৬ চনত।

(ঘ) ড° ভূপেন হাজৰিকা পৰিচালিত এখন কথাছবিৰ নাম কোৱা?

উত্তৰঃ এৰাবাটৰ সুৰ।

(ঙ) কোন চনত ড° ভূপেন হাজৰিকা স্বৰ্গী হৈছিল?

উত্তৰঃ ২০১১ চনৰ ৫ নৱেম্বৰত।

প্রশ্ন ২। চমু উত্তৰ দিয়া।

(ক) কোনে কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল?

উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল।

(খ) ধুমুহাৰ পৰা কবিয়ে কি বিচাৰিছিল?

উত্তৰঃ ধুমুহাৰ পৰা কবিয়ে ধুমুহাৰ শক্তিখিনি বিচাৰিছিল।

(গ) কোনে অকণি আকাশ মাগিছিল?

উত্তৰঃ জনৈক গীতিকাৰে আকাশক ‘অকণি আকাশ’ মাগিছিল।

(ঘ) ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’— কথাষাৰৰ প্ৰকৃত অর্থ কি?

উত্তৰঃ ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা’ কথাষাৰৰ প্ৰকৃত অৰ্থ সঁচা উদাৰতা।

(ঙ) কবিয়ে কাৰ ওচৰত পূৰ্ণ বিশালতা বিচাৰিছিল?

উত্তৰঃ কবিয়ে আকাশৰ ওচৰত আকাশৰ পূৰ্ণ বিশালতা বিচাৰিছিল।

(চ) মহাকাশে কবিক কি দিছিল?

উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিছিল।

(ছ) কবিয়ে কাৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল?

উত্তৰঃ কবিয়ে বজ্ৰৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল।

(জ) কবিয়ে কি কি শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে?

উত্তৰঃ কবিয়ে বজ্ৰৰ উদাত্ত কণ্ঠেৰে আৰু ধুমুহাৰ প্ৰচণ্ড শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে।

(ঝ) ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে কোন শ্ৰেণীৰ লোকক বুজাব খুজিছে?

উত্তৰঃ ‘মুমূর্ষু মানৱ’ বুলি কবিয়ে সমাজৰ শোষিত-বঞ্চিত, নিপীড়িত তথা নির্যাতিত দুর্বল-দুখীয়া শ্ৰেণীৰ লোকক বুজাব বিচাৰিছে।

(ঞ) ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে কি বুজাব বিচাৰিছে?

উত্তৰঃ ‘জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে মুমূর্ষু জনৰ হৃদয়ত প্ৰাণৰ সঞ্চাৰ কৰিব বিচৰাৰ কথা বুজাব বিচাৰিছে।

প্রশ্ন ৩। তাৎপর্য ব্যাখ্যা কৰা।

(ক) ‘এদিন আকাশে ক’লে, জনৈক গীতিকাৰে

‘অকণি আকাশ’ দেখোঁ মাগে

তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে

মাগিছা সর্বাকাশ সত্তা ?

উত্তৰঃ এদিনাখন আকাশে কবিক সুধিলে, জনৈক গীতিকাৰে ‘অকণি আকাশ’ মাগাৰ বিপৰীতে কঁপা কঁপা কণ্ঠেৰে তুমি বাৰু কিয় সর্বাকাশ সত্তা বিচাৰিছা? আকাশৰ এই প্ৰশ্নত মানৱতাপ্রেমী কবিয়ে প্রত্যুত্তৰত ক’লে যে, আকাশৰ পুৱাৰ পোহৰে ধনী-দুখীয়া, উচ্চ-নীচৰ ভেদাভেদ নাৰাখি সকলোকে সমানে পোহৰ বিলাই দিয়াৰ দৰে এই জগতত থকা হেজাৰ-হেজাৰ শোষিত-বঞ্চিত-নিপীড়িত মানুহৰ জীৱন পুনৰ আশা-আকাংক্ষাৰে উজ্জীৱিত কৰি তুলিবলৈ কবিক সম্পূর্ণ আকাশৰ পূৰ্ণ বিশালতাৰ প্ৰয়োজন হ’ব বাবেই তেওঁ আকাশৰ ওচৰত সৰ্বাকাশ সত্তা বিচাৰিব লগা হৈছে। কাৰণ কবিয়ে সমাজৰ এই বৃহৎ সংখ্যক মুমূর্ষু লোকৰ মান-প্রাণ, আশা-আকাংক্ষাৰে উজ্জীৱিত কৰি তেওঁলোকক নতুন জীৱনৰ সন্ধান দিবলৈ বিচাৰিছে।

প্রশ্ন ৪। কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ মানুহৰ ভাৱানুভূতিৰ খোৰাক যোগায় প্রকৃতিয়ে । প্রকৃতি জগতখনত বিচৰণ কৰিয়ে নানা ভাৱানুভূতিৰে মানুহৰ হৃদয় পৰিপূৰ্ণ হৈ উঠে। কবিয়েও প্রকৃতি জগতখনক আশ্ৰয় কৰিয়েই মানুহৰ বাবে কিবা কৰাৰ সপোন দেখিছে। কবিৰ এই সপোন জগতৰ মুমূর্ষু মানৱৰ হৃদয়ত নতুন আশা- আকাংক্ষাৰে প্ৰাণৰ সঞ্চাৰ কৰা তথা তেওঁলোকৰ দুখ-বেদনাৰ অৱসান ঘটোৱা। ইয়াৰ বাবে কবিৰ প্রয়োজন মহাশক্তি আহৰণ কৰা। সেয়ে কবিয়ে প্রকৃতিজগতকে মহাশক্তিৰ আধাৰ হিচাপে গণ্য কৰি প্ৰকৃতিৰ মহাশক্তিসমূহ অর্থাৎ আকাশ, ধুমুহা, বজ্ৰৰ শক্তিৰে নিজক শক্তিমান কৰি তুলিবলৈ বিচাৰিছে, যাতে তেওঁ বিচৰা মতে নিঃস্ব তথা আৰ্তৰ্জনৰ দুখমোচন কৰিব পাৰে। সেয়ে কবিয়ে ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আৰু আকাশৰ পৰা পূৰ্ণ বিশালতা পাবলৈ বিচাৰিছে। কবিয়ে বিচৰা মতেই মহাকাশে কবিক দিলে বিশাল দৃষ্টি, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বজ্ৰই দিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। এনেদেৰে কবিয়ে প্রকৃতি জগতৰ পৰা আহৰণ কৰা শক্তিৰে শক্তিশালী হৈ দানৱৰ সমাজখনত মানৱৰ গীত গাই দিগন্ত কঁপাই সমাজখনক শোষণ, বঞ্চনা, নিপীড়নৰ পৰা মুক্ত কৰিব বিচাৰিছে কবিয়ে পুৱাৰ পোহৰে ধনী-দুখীয়া, উচ্চ-নীচ সকলোকে সমানে পোহৰ বিলোৱাৰ দৰে মানৱ সমাজখনতো সকলোলোকে যাতে সমান সা-সুবিধা লাভ কৰি এখন শান্তিপূর্ণ, সুশৃংখল সমাজ গঢ়িব পাৰে তাকেই আন্তৰিকতাৰে কামনা কৰিছে।

প্রশ্ন ৫। কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ মানৱ সমাজখনতে থকা বৃহৎসংখ্যক শোষিত-বঞ্চিত-নিপীড়িত মানুহৰ জীৱন-জীৱিকাৰ তাড়নাই মানৱদৰদী কবিৰ হৃদয় ব্যথাতুৰ কৰি তুলিছে। কবিয়ে এই সকলৰ দুখ-যন্ত্ৰণাৰ অৱসান বিচাৰে, যদিও কবিয়ে নিজৰ সীমিত শক্তিৰ কথা জানে। তেওঁৰ নিৰ্জৰ মাজত থকা শক্তিৰে নিঃস্ব লোকসমাজৰ দুখ মোচন কৰাটো সম্ভৱ নহয়। সেয়ে এই সকল মানুহৰ দুখ মোচনৰ বাবে কবিয়ে প্রকৃতি জগতৰ মহাশক্তিধৰ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা মহাশক্তি আহৰণ কৰাৰ কথা ভাবি এইসকলক নিজৰ নিজৰ শক্তি কবিক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। সেইমতে কবিৰ অনুৰোধৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই প্রকৃতি জগতৰ মহাশক্তি সমূহ অর্থাৎ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা কবিয়ে বিশাল দৃষ্টি, প্রচণ্ড শক্তি, উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি লাভ কৰি মুমূর্ষু লোকসমাজৰ দুখ-যন্ত্ৰণাৰ অৱসান ঘটাব পাৰিব বুলি আশা প্রকাশ কৰিছে আৰু এই তিনিও মহাশক্তিলৈ কবিয়ে হৃদয় ভৰা প্ৰণিপাত জনাইছে।

প্রশ্ন ৬। তলত দিয়া শব্দবোৰৰ অর্থ লিখা।

প্রচণ্ড, ধুমুহা, প্রাপ্য, নির্ভীকভাৱে, বক্ষ, কাম্য, উদাত্ত কণ্ঠ, কম্পিত, সত্তা, যুক্তি, সংকীর্ণতা, কিঞ্চিত।

উত্তৰঃ শব্দ – অর্থ

প্রচণ্ড – ভয়াৱহ, ভয়ানক, উগ্র।

ধুমুহা – বৰ বৰ্তাহ, বেগেৰে বলা বতাহ।

প্ৰাপ্য – পাবলগীয়া, পোৱাৰ যোগ্য।

নিৰ্ভীকভাৱে – ভয় নকৰাকৈ, সাহসেৰে।

বক্ষ – বুকু।

কাম্য – আকাংক্ষিত, পাবলৈ ইচ্ছা কৰা।

উদাত্ত কণ্ঠ – গুৰু গম্ভীৰ মাত, মুক্তকণ্ঠ।

কম্পিত – কঁপি উঠা।

সত্তা – অস্তিত্ব, উপস্থিতি।

যুক্তি – উচিত কথা, যুগুতি।

সংকীর্ণতা – ঠেক গণ্ডীৰ, ঠেক মনোবৃত্তি।

কিঞ্চিত – অলপমান, সামান্য পৰিমাণৰ।

প্রশ্ন ৭। খালি ঠাইত উপযুক্ত শব্দ বহুওৱা।

(ক) প্রচণ্ড ধুমুহাই ……………… কৰিলে মোক

……………. প্ৰাপ্য কি কোৱা?

উত্তৰঃ প্রশ্ন, তোমাৰ।

(খ) মই ক’লোঁ, বজ্ৰ তোমাৰ

শক্তিশালী  …………. কণ্ঠটি দিয়া।

উত্তৰঃ উদাত্ত।

(গ) যিমানে বিলাই দিবা, সিমানে…….…… হবা

তাৰে নাম…………… উদাৰতা।

উত্তৰঃ মহান, সঁচা।

(ঘ) বজ্রই দিলে মোক উদাত্ত কণ্ঠ

আৰু দিলে …………… যুক্তি।

উত্তৰঃ সাহসৰ।

(ঙ) আকাশ, ধুমুহা আৰু বজ্ৰক

তাৰ বাবে ………….. প্ৰণিপাত কৰোঁ।

উত্তৰঃ শতবাৰ ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top