Class 9 Assamese Chapter 3 গীত আৰু ছবি | অসমীয়া Class 9 গীত আৰু ছবি

Class 9 Assamese Chapter 3 গীত আৰু ছবি | অসমীয়া Class 9 গীত আৰু ছবি, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 3 গীত আৰু ছবি can be of great value to excel in the examination.

Join Telegram channel

Class 9 Assamese Chapter 3 গীত আৰু ছবি – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 3 গীত আৰু ছবি – সমাধান for All Subject, You can practice these here.

গীত আৰু ছবি

দুর্গেশ্বৰ শৰ্মা

ভাৱ বিষয়ক

প্রশ্ন ১। চমু উত্তৰ দিয়া :

( ক ) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নােবােলে ? 

উত্তৰঃ যিটি গীত বুজাইহে বুজে , যিটি ছবিৰ মূল আটায়ে নুবুজে তেনে গীত আৰু ছবিক কোনেও ভাল নােবােলে ।

( খ ) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে ? উত্তরঃ গীত হলে আমাৰ প্ৰাণ টানি ধৰে ।

উত্তৰঃ গীত হ’লে আমাৰ প্ৰাণ টানি ধৰে ।

( গ ) কবিব মতে কোনবােৰ বস্তু অজৰ অমৰ ? 

উত্তৰঃ কবিব মতে মিহি ভাব , মিহি গতি , কৌশলী বিদ্যা অজৰ – অমৰ । 

( ঘ ) কেনেকুৱা গীত আৰু ছবিক সকলােৱে ভাল বুলি কয় ? 

উত্তৰঃ যিটো গীত শুনি আৰু যিটো ছবি দেখি সকলােৱে একে ৰং পায় , জগতৰাে উলাহ বঢ়ায় – সেই গীত আৰু ছবিকে সকলােৱে ভাল বুলি কয় । 

( ঙ ) ‘ সিহে পায় নিজে নিজে আলাসত ঠাই ” —ইয়াত আলাস শব্দটোৰ অর্থ কি ? 

উত্তৰঃ ‘ সিহে পায় নিজে নিজে আলাসত ঠাই ” —ইয়াত আলাস শব্দটোৰ অর্থ হ’ল-আকাশ ; শূন্য ।

প্রশ্ন ২। ভাল গীত আৰু ছবিৰ মহত্ত্ব কেনেকুৱা কবিতাটোৰ সহায়ত বুজাই লিখা । 

উত্তৰঃ  ভাল গীত আৰু ছবিক সকলােৱে ভাল পায় , আদৰ কৰে । উচ্চ প্রশংসা কৰে , উচ্চ আসনত ঠাই দিয়ে । কাৰণ ভাল গীত নুবুজা হলেও সি প্রাণ টানি ধৰে , অশান্ত হৃদয় । জুৰ পেলায় । সেইদৰে ভাল ছবিয়েও চকু পৰিলেই মনত সােমাই পৰে , মনটো আনন্দৰে ভৰাই তােলে । 

প্রশ্ন ৩। সদায় চকুৰে দেখা গছ পাতটিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা ? নিজৰ মতামত আগবঢ়োৱা । 

উত্তৰঃ ছবি আঁকিব জনাটো এটা কৌশলী বিদ্যা । এই বিদ্যাৰ বলতে শিল্পীসকলে সাধাৰণ গছপাত আদিক লােক চক্ষুৰ আগত আকর্ষণীয় কৰি তুলিব পাৰে । যিটো গছৰ পাত দেখিও আমি আকর্ষিত নহয় , মন নকৰোঁ , শিল্পী হাতৰ পৰশত সি ছবি হৈ উঠিলে আমাৰ চকুত চমক লগায় , মনপ্রাণ টানি ধৰে , মনত সােমায় ।

সেই কাৰণেই শিল্পীসকল , চিত্ৰকসকলক মহান বুলি কয় । তেওঁলােকে ছবিত যিকোনাে বস্তুকে জীবন্ত ৰূপ দিব পাৰে । যিহেতু কৌশলী বিদ্যাৰ মৃত্যু নাই , – সি অজৰ অমৰ গতিকে জীৱন্ত ৰূপত ধৰা দিয়া ছবিবােৰাে অজৰ – অমৰ । 

প্রশ্ন ৪। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নােবােলে আৰু কোনবােৰ গীত আৰু ছবিক সকলােৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বর্ণনা কৰা ৷ 

উত্তৰঃ যিবােৰ গীত শুনিলে সকলােৱে বুজি নাপায় , যিবােৰ গীতৰ সুৰে সকলােৰে অন্তৰ স্পৰ্শ কৰিব নােৱাৰে তেনেবােৰ গীত শুনিলেও কোনাে আকর্যিত নহয় , কোনেও প্রাণত আনন্দ অনুভৱ নকৰে । তেনেবােৰ গীতক কোনেও ভাল বুলি নকয় । 

তাৰােপৰি যিবােৰ ছবিৰ মূল আটায়ে নুবুজে , ছবি চাই চকুত তৃপ্তি আৰু অন্তৰত আনন্দ অনুভৱ কৰা নাযায় , তেনেবােৰ ছবিকো কোনেও ভাল বুলি নকয় । শিল্পীয়ে নিজৰ কাৰণেও গীত গায় , ছবি আঁকে । হ’লেও এইবােৰে আমাকে তৃপ্ত কৰিব পাৰিব লাগিব । শ্রোতা , দর্শকক তৃপ্ত কৰিব পাৰিলেহে শিল্পীৰ সার্থকতা । 

আনহাতে যিবােৰ গীত শুনি , ছবি চাই সকলােৱে সমানে আনন্দ পায় , যিবােৰ গীত শুনিলে প্রাণ টানি ধৰে ; যিবােৰ ছবিয়ে দর্শকৰ চকুত জীৱন্ত ৰূপত ধৰা দিয়ে , চকু তৃপ্ত হয় তেনেবােৰ গীত আৰু ছবিকে সকলােৱে ভাল বুলি স্বীকৃতি দিয়ে । ভাল গীত আৰু ছবিয়ে  মানুহৰ অন্তৰত স্থায়ীভাৱে ৰেখাপাত কৰিব পাৰে । এনেগীত আৰু ছবিৰ মৰণ নাই , সি অজৰ অমৰ । 

প্রশ্ন ৫। ‘গীত আৰু ছবি ’ কবিতাটোৰ সাৰাংশ লিখা । 

উত্তৰঃ যিটো গীত শুনিলে বুজাইহে বুজে সকলােৱে নুবুজে , সেইটো গীত কোনেও ভাল বুলি নকয় । আন যিটো ছবিৰ মূল আটায়ে বুজি নাপায় তেনে ছবিকো কোনেও ভাল নেদেখে । যিটো ছবি দেখি , যিটো গীত শুনি সকলােৱে আনন্দ পায়— তেনে গীত আৰু ছবিক সকলােৱে আদৰি লয় , উচচ প্রশংসা কৰে , উচ্চ স্থানত স্থান দিয়ে ।

কাৰণ ভাল গীত নুবুজা হলেও তাৰ সুৰে হৃদয় জগাই তােলে । ছবিৰ বিষয়ে একো নাজানিলেও ভাল ছবি চকুত পৰিলেই মনত সােমাই পৰে । সদায় দেখি থকা গছপাতটিও ছবিত মনােৰম , জীৱন্ত হৈ পৰে আৰু সদায় শুনি থকা কথাটিও গীত হলে প্রাণ টানি ধৰে । ভাল গীত আৰু ভাল । ছবিত মিহি ভাব, মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে ।

এই সমূহৰ মৃত্যু নাই , ইহঁত অজৰ – অমৰ । ভাল গীত য’তেই গােৱা হয় , ভাল ছবি য’তেই প্রদর্শন কৰা হয় । তাতেই প্রশংসিত হয় । সেই প্রশংসা ঠাই আৰু পৰিবেশ অনুসৰি কম বা বেছি হ’ব পাৰে ।

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

প্রশ্ন ৬। ব্যাখ্যা কৰা –

( ক ) সদায় চকুৰে দেখা গছ পাতটিও 

                 ছবিটিত ভাল হৈ পৰে , 

        সদায় কাণেৰে শুনা সৰু কথাটিও 

                গীত হলে প্রাণ টানি ধৰে । 

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুর্গেশ্বৰ শৰ্মাদেৱ ৰচিত ‘ গীত আৰু ছবি ’ কবিতাটিৰ অন্তর্গত । 

কবিয়ে গীত আৰু ছবিৰ মহত্ত্ব বুজাবলৈ যাওঁতে এনেদৰে কবিতাটিত উল্লেখ কৰিছে । শিল্পীয়ে তেওঁৰ কৌশলী বিদ্যাৰ জৰিয়তে যিকোনাে বস্তুকে জীৱন্ত ৰূপ দি অতি আকর্ষণীয় কৰি তুলিব পাৰে ৷ সদায় দেখি থকা , অথচ অকণাে আকর্ষিত নােহােৱা পাতটিও শিল্পীয়ে আমাৰ চকুত লগাকৈ , মনত সােমাই যাব পৰাকৈ ছবিত আঁকিব পাৰে । সাধাৰণ বস্তু এটাও ছবি হলে আকর্ষণীয় হৈ পৰে ।

সেইদৰে গীতৰ সন্মােহনী সুৰেও প্রাণত আনন্দৰ জোৱাৰ তােলে । সদায় শুনি থকা কথাও আমি বিশেষ ৰস নাপালেও যেতিয়া সেই কথাখিনিকে গায়ক – গায়িকাই সুন্দৰ সুৰত গীত হিচাপে গায় , তেতিয়া সিয়ে আমাৰ প্রাণ টানি ধৰে , অন্তৰ জগাই তােলে ; অন্তৰত অফুৰন্ত আনন্দ পােৱা যায় । 

( খ ) মিহিভাব মিহি গতি কৌশলী বিদ্যাৰ 

                   নাই মৃত্যু অজৰ – অমৰ , 

         যতে পৰে ত’তে গজে বিভিন্ন আকাৰ 

                  ঠাই বুজি দীঘল – ডাঙৰ ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি কবি দুর্গেশ্বৰ শৰ্মাদেৱ ৰচিত ‘গীত আৰু ছবি’ কবিতাটিৰ অন্তর্গত । 

ভালগীত আৰু ভাল ছবিৰ আদৰ আৰু স্থায়িত্ব সম্পর্কে ক’বলৈ গৈ কবিয়ে এই ফাকি কবিতাৰে কবিতাটিৰ সামৰণি মাৰিছে । 

যিবােৰ গীত আৰু ছবি ভাল বুলি সকলােৱে প্রশংসা কৰে , আদৰ কৰে সেইবােৰ গীত  আৰু ছবিত এটা মিহি ভাব , মিহি গতি আৰু কৌশলী বিদ্যা নিহিত হৈ থাকে , যিহে ব্যক্তি তথা স্থান নির্বিশেষে সকলােকে মােহিত কৰে । এনে গীত আৰু ছবিৰ কেতিয়াও মৃত্যু নহয় , সিবােৰ অজৰ – অমৰ হৈ মানুহৰ মন আৰু বুকুত চিৰস্থায়ী হৈ ৰৈ যায় ৷

এনে গীত আৰু ছবিয়ে সকলাে ঠাইতে , সকলাে সমাজতে আদৰ পায় , প্রশংসিত হয় । ঠাই আৰু সমাজ অনুসাৰে হয়তাে সেই আদৰ আৰু প্রশংসা কম বেছি হ’ব পাৰে । 

ভাষা বিষয়ক

প্রশ্ন ৭। সমার্থক শব্দ লিখা –

জগত , উলাহ , চকু , সৰু , ভাল , কাণ

উত্তৰঃ     জগত        –        বিশ্ব ।

             উলাহ        –        আনন্দ । 

             চকু           –        আখ , চক্ষু , নয়ন । 

             সৰু           –        ভাল । 

             ভাল          –        শুভ ।

প্রশ্ন ৮ | বাক্য ৰচনা কৰা । 

কৌশলী বিদ্যা , অজৰ অমৰ , আলাসত ঠাই , ডাঙৰ – দীঘল । 

উত্তৰঃ    কৌশলী বিদ্যা  –   শিল্প কলা এটা কৌশলী বিদ্যা । 

            অজৰ – অমৰ –  ভাল কামৰ মৰণ নাই , অজৰ – অমৰ হৈ থাকে । 

            আলাসত ঠাই  –  সুকামত আলাসত ঠাই পাব পাৰি । 

            ডাঙৰ – দীঘল  –  পিতৃ – মাতৃৰ মৰম – চেনেহৰ মাজত সন্তান ডাঙৰ – দীঘল হয় । 

প্রশ্ন ৯। বিপৰীতার্থক শব্দ লিখা –

 মিহি , প্রাণ , মৃত্যু , মূল , ক্ষুদ্র 

উত্তৰঃ     মিহি     –        খহটা । 

             প্রাণ     –        অপ্রাণ । 

             মৃত্যু     –        জন্ম ।

             মূল      –        অমূল্য ; আগ । 

              ক্ষুদ্র    –        ডাঙৰ ।

অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ

প্রশ্ন ১। চমুকৈ উত্তৰ লিখা।

(ক) সৰু কথা এটি গীত হ’ব পাৰেনে?

উত্তৰঃ সুৰ লগাই গালে গীত হ’ব পাৰে।

(খ) সাধাৰণ গছপাতটিও ছবিত আৰু সাধাৰণ কথাটিও গীতত কিয় ভাল হৈ পৰে?

উত্তৰঃ চিত্ৰকৰ আৰু সুৰকাৰৰ বা কলাকাৰৰ কৌশলী বিদ্যাৰ গুণত।

(গ) কেনে ধৰণৰ গীত বুজাইহে বুজে?

উত্তৰঃ যিবোৰ গীত ৰাগ প্ৰধান, সেইবোৰ গীত বুজাইহে বুজে অৰ্থাৎ ৰাগৰ চৰ্চা কৰা মানুহেহে মাথোন সেই গীতবোৰৰ অৰ্থ বুজে।

(ঘ) কেনে ছবিৰ মূল্য আটায়ে নুবুজে?

উত্তৰঃ যিবোৰ ছবি প্রতীকধৰ্মী তাৰ মূল্য আটায়ে নুবুজে।

(ঙ) কোন ছবি দেখিলে মানুহে ৰং পায়?

উত্তৰঃ সচৰাচৰ দেখি থকা বস্তুৰ বাস্তৱধৰ্মী ছবি দেখিলে মানুহে ৰং পায়।

(চ) কোন ধৰণৰ ছবিয়ে জগতৰ উপকাৰ সাধন কৰে?

উত্তৰঃ আদৰ্শমূলক, জাতীয় চেতনা জগাব পৰা ছবিয়ে জগতৰ উপকাৰ সাধন কৰে।

(ছ) কেনে গীতে হৃদয় জগাব পাৰে?

উত্তৰঃ গীতৰ কথা আৰু সুৰে যেতিয়া মানুহৰ বা শ্ৰোতাৰ অন্তৰ স্পর্শ কৰে।

(জ) কেনে ছবি মানুহৰ মনত সোমাব পাৰে?

উত্তৰঃ ভাল আৰু আকর্ষণীয় ছবি।

প্রশ্ন ২। খালী ঠাই পূৰ কৰা—

উত্তৰঃ (ক) যিটি গীত……………….. বুজে। (বুজাইহে)

(খ) যিটি দেখি সকলোৱে………………. ৰং পায়। (একে)

(গ) সিহে পায় নিজে নিজে ………………. ঠাই। (আলাসত)

(ঘ) ভাল গীতে……………… জগাব। (হৃদয়)

(ঙ) সদায় …………. শুনা সৰু কথাটিও। (কাণেৰে)

(চ) মিহি ভাৱ মিহি গতি………..…….। (কৌশলী বিদ্যাৰ)

প্রশ্ন ৩। বাক্য ৰচনা কৰা।

উত্তৰঃ (ক) বুজাইহে বুজে— নবীনৰ কোৱা কথাবোৰ বুজাইহে বুজিব।

(খ) মূল— সকলো কাৰ্য্যৰে মূল বিষয় থাকে।

(গ) হৃদয়— সকলো মানুহৰে হৃদয় একে নহয়।

(ঘ) আকাৰ— সকলো বস্তুৰে আকাৰ আছে, ঈশ্বৰৰ কিন্তু আকাৰ নাই।

প্রশ্ন ৪। গীত আৰু ছবিৰে জগতৰ কেনেকৈ উপকাৰ কৰিব পাৰি? উদাহৰণেৰে বুজাই লিখা।

উত্তৰঃ গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলা। সুকুমাৰ কলাই সকলো শ্ৰেণীৰ মানুহৰ মন আকৰ্ষণ কৰিব পাৰে। গীত মানুহৰ অতিকৈ প্রিয় বস্তু। নানা বাদ্যৰ সহায়ত যেতিয়া গায়কে এটা গীত গাবলৈ ধৰে তেতিয়া মন শ্ৰোতাৰ যতেই নাথাকক কিয়, সি গায়কৰ সুৰৰ মাজলৈ ধাবিত হবই। সমাজৰ সংস্কাৰৰ ক্ষেত্ৰত গীত বৰ প্ৰশস্ত। গীতিকাৰে সমাজ আৰু ব্যক্তিৰ কল্যাণৰ অৰ্থে বচা বচা শব্দ প্ৰয়োগ কৰি গীত ৰচনা কৰে আৰু সুৰকাৰে তাত সুৰদান কৰি প্ৰাণৱন্ত কৰে আৰু শেষত গায়কে সেই গীত সুৱদী কণ্ঠেৰে গাই শ্রোতাক আকৰ্ষণ কৰে। ইয়াৰ কিছুমান সুন্দৰ আৰু বাস্তৱ উদাহৰণ আছে—

খ্ৰীষ্টীয় চতুর্দশ শতিকাত অসমীয়া সমাজত নানা অনাচাৰ ব্যভিচাৰ আৰম্ভ হৈ সমাজখনক অধোগামী কৰিছিল। তেতিয়া মহাপুৰুষ শঙ্কৰ-মাধৱদেৱে আধ্যাত্মিক ভাৱৰ কিছুমান বৰগীত ৰচনা কৰি অসমীয়া সমাজত পৰিবেশন কৰিছিল। ফলত তেওঁলোকে অধোমুখী অসমীয়া সমাজখনক উদ্ধাৰ কৰি অসমীয়া জাতিটোক একত্ৰিত কৰিবলৈ সমৰ্থ হৈছিল। সেই কাৰণে অসমীয়া সমাজত বৰগীতবোৰ আজিও অমৰ হৈ আছে।

ভাৰতৰ স্বাধীনতা আন্দোলন পৃথিৱীৰ এক অবিস্মৰণীয় ঘটনা। ভাৰতীয় জাতিটোক পৰাধীনতাৰ কবলৰ পৰা উদ্ধাৰ কৰিবৰ অৰ্থে সকলো ৰাজ্যতে নিজ নিজ ভাষাত আৰু ৰাষ্ট্ৰভাষাত বহুতো জাতীয় ভাবোদ্দীপক গীত ৰচিত আৰু পৰিবেশিত হৈছিল। ইয়াৰ ফলত সমগ্ৰ ভাৰতীয় সমাজখন একত্ৰিত হৈ পৰাধীনতাৰ বিৰুদ্ধে যুঁজ দিব পাৰিছিল আৰু ভাৰতক স্বাধীন কৰিবলৈ সমৰ্থ হৈছিল।

গীতবোৰৰ দৰে ছবিৰ প্ৰদৰ্শনো বিভিন্ন সময়ত মন কৰিবলগীয়া। বৈষ্ণৱ আন্দোলনৰ সময়ত মহাপুৰুষ শংকৰদেৱে সাতবৈকুণ্ঠৰ চিত্ৰপট আঁকি মানুহৰ মন ধৰ্মৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল। স্বাধীনতা আন্দোলনৰ সময়ত বহুতো চিত্ৰকৰে ছবিৰ প্ৰদৰ্শনেৰে মানুহৰ মনত জাতীয় চেতনা জগাই তুলিবলৈ যত্ন কৰিছিল। বর্তমান কালতো চৰকাৰে সমাজ বিৰোধী কামবোৰৰ ক্ৰিয়া আৰু পৰিণতিক ছবিৰ যোগেদিয়েই প্ৰদৰ্শন কৰি আছে। কৃষি আৰু বাণিজ্যৰ উন্নতিও ছবিৰ যোগেদিয়েই প্ৰসাৰতা লাভ কৰি আছে। এইদৰেই গীত আৰু ছবিৰ যোগেদি জগতৰ উপকাৰ সাধন কৰা হয়। অৱশ্যে এই ক্ষেত্ৰত ছবিবোৰ প্ৰতীকধর্মী নহৈ পোনপটীয়া হোৱাহে ভাল যাতে সকলো শ্ৰেণীৰ লোকে বুজিব আৰু উপলব্ধি কৰিব পাৰে।

প্রশ্ন ৫। কবি দুৰ্গেশ্বৰ শৰ্মাৰ কবি পৰিচয় পঁচিশটামান শব্দৰ ভিতৰত জুকিয়াই লিখা।

উত্তৰঃ ইংৰাজী ১৮৮২ খ্ৰীষ্টাব্দত যোৰহাটৰ পটীয়াগাৱঁত দার্শনিক কবি স্বৰ্গীয় দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম আছিল কমলচন্দ্ৰ শৰ্মা। দুৰ্গেশ্বৰ শৰ্মাই সৰুৰেপৰা তেওঁৰ তীক্ষ্ণ বুদ্ধিৰ পৰিচয় দিছিল। ১৯০৩ খ্ৰীষ্টাব্দত তেওঁ দক্ষতাৰে বি.এ. পাছ কৰে। তাৰপাছত ১৯০৬ খ্ৰীষ্টাব্দত আইন পৰীক্ষা পাছ কৰি ওকালতিৰে কৰ্মজীৱন আৰম্ভ কৰিছিল। পাঁচ বছৰ কাল ওকালতি কৰাৰ পাছত তেওঁ চৰকাৰী চাকৰিত সোমায় আৰু নিজ বুদ্ধিৰ বলত দোপত দোপে উন্নতি কৰি ডিৰেক্টৰ অব্ লেণ্ড ৰেকৰ্ডছ (D.L.R.) আৰু এক্সাইজ কমিশনাৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰে।

দুৰ্গেশ্বৰ শৰ্মা একেধাৰে কবি আৰু নাট্যকাৰ। তেওঁ ‘অঞ্জলী’ আৰু ‘নিবেদন’ নামৰ দুখন কবিতাৰ পুথি, আৰু ‘পাৰ্থ-পৰাজয়’, ‘চন্দ্ৰাৱলী’ আৰু ‘বালীবধ’, এই তিনিখন নাটক ৰচনা কৰে। ইয়াৰ উপৰিও সাময়িক আলোচনী বোৰত তেওঁৰ বহুতো কবিতা প্রকাশ হৈছিল। কবি হিচাবে তেওঁ গুৱাহাটীৰ পৰা ওলোৱা জোনাকী কাকতৰ যোগেদি নিজক প্ৰকাশ কৰে। তেওঁৰ কবিতাত অতীন্দ্ৰিয়বাদৰ ধ্বনিও আছে। আত্মাৰ অবিনশ্বৰতা আৰু জন্মান্তৰবাদত কবিৰ বিশ্বাস অতীন্দ্ৰিয়বাদৰ কবিতাবোৰত প্ৰকাশ পাইছে। তেওঁ কিছুমান ইংৰাজী কবিতাও অসমীয়ালৈ অনুবাদ কৰিছিল। তেওঁৰ ভাষা অতি প্ৰাঞ্জল । তেওঁৰ ১৯৬১ চনত গুয়াহাটীত পৰলোকপ্রাপ্তি হয়।

প্রশ্ন ৬। ‘গীত আৰু ছবি’ কবিতাটোৰ মূলভাব লিখা।

উত্তৰঃ গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলাৰ অন্তৰ্গত। গীতৰ কথা আৰু ছবিৰ অৰ্থ সৰ্বসাধাৰণৰ বোধগম্য নহলেও সুৰকাৰ আৰু চিত্ৰকৰে নিজৰ কৌশলী বিদ্যাৰে সৰ্বসাধাৰণৰ মনোগ্রাহী কৰি তুলিব পাৰে। স্থান, কাল, ভাষা— এইবোৰে শ্রোতাক বা দর্শকক আমনি নকৰে। এনে গীতবোৰেই যুগে যুগে মানুহৰ মাজত অমৰত্ব লাভ কৰে।

প্রশ্ন ৭। ব্যাখ্যা কৰা।

সিহে পায় নিজে………….. সকলোৱে ভাল বুলি কয়।

উত্তৰঃ এই কবিতা ফাকি দার্শনিক কবি দুৰ্গেশ্বৰ শৰ্মাৰ ৰচিত কবিতা ‘গীত আৰু ছবি’ৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে গীত আৰু ছবিৰ জনপ্ৰিয়তা অর্জন সম্পর্কে আলোচনা কৰাৰ প্ৰয়াস কৰিছে।

গীত আৰু ছবি দুয়োটাই সুকুমাৰ কলা আৰু দুয়োটাই মানুহক সততে আনন্দ দান কৰে। কিন্তু অৰ্থ বুজিব নোৱাৰিলে বা সুশ্রাব্য নহলে, সংসাৰ-মৰুভূমিত গান সৰোবৰ বুলি ক’লেও জনপ্ৰিয় নহব পাৰে। আমাৰ দেশত শাস্ত্রীয় সংগীতবোৰ অতি উচ্চ-পৰ্য্যায়ৰ ; কিন্তু তাত কেৱল শাস্ত্রীয় সুৰৰ তাল, মান, ৰাগৰ প্ৰাধান্যৰ বাবে সেই গীতবোৰ সৰ্বসাধাৰণৰ ভাল নালাগে। আনহাতে বিহুগীত, লোকগীত বা আধুনিক গীতবোৰ সৰ্বসাধাৰণৰ প্রিয় হয়। কিন্তু তাৰো সুৰ আৰু কণ্ঠস্বৰ সুললিত নহলে জনপ্রিয়তা অৰ্জন কৰা কঠিন হৈ পৰে বা নকৰে। ছবিৰ ক্ষেত্ৰতো সেই একেই কথা— সুদক্ষ শিল্পীৰ হাতত যি কোনে। ছবিয়েই প্ৰাণৱন্ত হৈ উঠে। কবিয়ে কৈছে যে গীত আৰু ছবিক প্ৰাণৱন্ত আৰু জনপ্ৰিয় কৰিবলৈ শিল্পী সুদক্ষ হ’ব লাগে আৰু তেতিয়া আপোনা-আপুনি ই জনপ্ৰিয় হৈ উঠে।

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising