Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম

Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Boichitramoi Assam Question Answer to each chapter is provided in the list of SEBA Class 9 Boichitramoi Assam Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 9 Assamese Boichitramoi Assam | বৈচিত্র্যময় অসম can be of great value to excel in the examination.

Join Telegram Groups

Class 9 Assamese Boichitramoi Assam

Also, you can read SCERT Class 9 Assamese Boichitramoi Assam | বৈচিত্র্যময় অসম book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

দ্রুতপাঠ:- বৈচিত্র্যময় অসম

[ ( ক ) আহােমসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। আহােমসকল আদিতে কোন জাতিৰ লােক আছিল ? 

উত্তৰঃ আহােমসকল আদিতে টাই জাতিৰ লােক আছিল । 

প্রশ্ন ২। আহােমসকলৰ আদি বাসস্থান কত আছিল ? 

উত্তৰঃ আহােমসকলৰ আদি বাসস্থান চীনদেশৰ দক্ষিণ – পশ্চিম অঞ্চল , বর্তমানৰ ইউনান প্রদেশৰ মুংমাও ৰাজ্যত আছিল ।

প্রশ্ন ৩। আহােমসকলে কিমান বছৰ অসমত শাসন কৰিছিল ? 

উত্তৰঃ আহােমসকলে ৬০০ বছৰৰ অধিক কাল শাসন কৰিছিল ।

প্রশ্ন ৪। আহােমসকলৰ আদি ভাষা কি আছিল ? 

উত্তৰঃ আহােমসকলৰ আদি ভাষা আছিল টাই বা শ্যাম । 

প্রশ্ন ৫৷ আহােমসকলৰ কেইটিমান উৎসৱৰ নাম লিখা । 

উত্তৰঃ ‘মে – ডাম – মে ফী’,  ‘ওমফা’,  ‘চাইফা’,  ‘ৰিকখন’, ‘জাচিংফা’, ‘লাইলুংখাম’ আদি ।

প্রশ্ন ৬। চমুটোকা লিখা । — 

( ক ) লাচিত বৰফুকন :

উত্তৰঃ লাচিত বৰফুকন :-  অসমৰ ঐতিহাসিক দেশপ্রেমিক বীৰ লাচিত বৰফুকনৰ জন্ম হৈছিল ১৬১২ খ্রীষ্টাব্দত গড়গাঁৱৰ ওচৰে – পাজৰে কোনাে এখন গাঁৱত । তেওঁৰ পিতৃৰ নাম মােমাই তামুলী বৰবৰুৱা । তেওঁৰ তিনিজন ককায়েক আছিল , তেওঁলােকৰ নাম হ’ল লালুকসােলা , মৰংগী আৰু ভাৰধৰা । লাচিত বৰফুকন সৰুৰে পৰাই বৰ সাহসী আছিল । 

লাচিত বৰফুকনে নিজৰ দক্ষতাৰ ফলত অতি সােনকালেই ৰজা ঘৰত নিযুক্তি লাভ কৰিছিল । প্রথমে ‘হাঁচতি ধৰা তামুলী’, তাৰ পিছত ক্রমে ‘ঘােৰা বৰুৱা’, ‘দোলীয়া বৰুৱা আৰু ‘শিমলু গুৰীয়া ফুকন’ পদত নিযুক্তি লাভ কৰিছিল । মােগলৰ মিৰজুমলাই অসম আক্ৰমণ কৰা সময়ত দেখুওৱা পাৰদর্শিতা আৰু দক্ষতাৰ কাৰণে শেষত আহােম সেনাৰ প্রধান সেনাপতি ‘বৰফুকন ‘ পদত অধিষ্ঠিত হৈছিল । 

১৬৬৭ চনৰ ২০ আগষ্টত আহােম – মােগল যুদ্ধত বীৰ লাচিত বৰফুকনৰ সুদক্ষ নেতৃত্বত মােগল বেয়াকৈ হাৰি গুচি যাব লগীয়া হয় । পিছত মােগলে ৰামসিংহৰ নেতৃত্বত পুনৰ অসম আক্ৰমণ কৰিবলৈ আহে । মােগালক ভেটা দিবলৈ একেৰাতিৰ ভিতৰতে এটা গড় নির্মাণ কৰিবলৈ লাচিত বৰফুকনে নিজৰ মােমায়েকক দায়িত্ব দিছিল । কামত গাফিলতি কৰাত “ দেশতকৈ মােমাই ডাঙৰ নহয় ” বুলি খঙেৰে তেওঁ মােমায়েকক ঘপিয়াই হত্যা কৰিছিল । 

শৰাইঘাটৰ যুদ্ধখনেই আছিল আহােম মােগলৰ শেষ যুদ্ধ । এই যুদ্ধ হৈছিল ১৬৭১ চনৰ মাৰ্চ মাহৰ মাজভাগত । স্থল আৰু জল দুয়ােপথেৰে যুঁজি লাচিতৰ নেতৃত্বত অসমীয়া সেনাই মােগল সেনাক কচু কটা দিলে । মােগল সেনাপতি ৰামসিংহই অসম অধিকাৰৰ আশা চিৰকাললৈ ত্যাগ কৰি অসম এৰি গুচি গৈছিল । এই যুদ্ধত লাচিত বৰফুকনে তীব্র জ্বৰত ভুগিও ৰণত নামিছিল । 

শৰাইঘাটৰ যুদ্ধৰ কিছুদিন পিছতেই এই দেশপ্রেমিক সাহসী বীৰৰ গুৱাহাটীত মৃত্যু হয় । 

( খ ) সতী জয়মতী :-  

উত্তৰঃ সতী জয়মতী :-  কুঁৱৰী আছিল তুং – খুঙ্গীয়া ফৈদৰ লাঙ্গি গদাপাণি কোৱৰৰ পত্নী । সেই সময়ত আহােম ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি আছিল অতি জটিল । প্রবল প্রতাপী লালুকসােলাই নিজে আহােম সিংহাসনত উঠিবৰ আশাৰে ল’ৰা ৰজা অর্থাৎ ৰত্নধ্বজ সিংহৰ আদেশত সিংহাসনত উঠিবৰ যােগ্য ভালেমান কোঁৱৰক হয় হত্যা কৰালে নতুবা অংগক্ষত কৰালে । গদাপাণিকো লালুকসােলাই লক্ষ্য কৰি লােৱাত পত্নী জয়মতীয়ে তেওঁক জোৰ কৰি পলুৱাই খেদালে । 

গদাপাণিক বিচাৰি নাপাই ৰজাৰ আদেশত জয়মতীক ৰাজসভালৈ অনাই গদাপাণি ক’ত আছে সুধিলে । তেওঁ গদাপাণিৰ খবৰ নােকোৱাত চাউদাঙৰ হতুৱাই জেৰেঙা পথাৰত গছত বান্ধি দিনে ৰাতিয়ে কঠোৰ শাস্তি দিবলৈ ধৰিলে । এই খবৰ শুনি গদাপাণিয়ে নগাৰ বেশ ধৰি আহি জয়মতীক গিৰিয়েকৰ খবৰ দিবলৈ ক’লে যদিও নগাৰ বেশত থকা গদাপাণিক চিনি পাই তাৰাতাৰি তাৰ পৰা আঁতৰি যাবলৈ ইংগিত দিলে । গদাপাণি জয়মতীৰ ইংগিত পাই গধুৰ বেদনা লৈ আঁতৰি গ’ল । মৃত্যু যন্ত্রণা ভুগি অৱশেষত জয়মতীয়ে চাউদাঙৰ হাতত মৃতু বৰণ কৰিলে , তথাপি স্বামীক আৰু স্বামীৰ জৰিয়তে দেশক ৰক্ষা কৰিবলৈ জয়মতীয়ে স্বামীৰ প্রকৃত সন্ধান জানিও নক’লে । সেই কাৰণেই সতী হিচাবে ‘সতী । জয়মতী কুঁৱৰী’ নামে অসম ইতিহাসত তেওঁ চিৰকাললৈ জিলিকি থাকিল ।

( গ ) কৃষ্ণকান্ত সন্দিকৈ :

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈ :- অসমীয়া , সংস্কৃত , ইংৰাজী আদি কেবাটাও ভাষাৰ এগৰাকী পণ্ডিত কৃষ্ণকান্ত সন্দিকৈৰ জন্ম হৈছিল ১৮৯৮ চনত যােৰহাটত । পিতৃৰ নাম ৰাধাকান্ত সন্দিকৈ আৰু মাকৰ নাম নাৰায়ণী সন্দিকৈ । ১৯১৩ চনত যােৰহাট চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা ১ ম বিভাগ পাছ কৰাৰ পিছত কটন কলেজৰ পৰা আই এ পৰীক্ষা ১ ম বিভাগত আৰু তাৰ পিছত কলিকতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত বেদ গ্রুপত সম্মান সহ প্রথম শ্রেণীত বি.এ পাছ কৰে । তাৰ পিছত বিলাতলৈ গৈ অক্সফোর্ড বিশ্ববিদ্যালয়ৰ পৰা আধুনিক বুৰঞ্জী বিভাগত সন্মানসহ ১৯২৩ চনত এম . এ . পাছ কৰে । তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ত গ্রীক , লাতিন , ইটালিয়ান আদি ভাষাও আয়ত্ত কৰিছিল । ১৯৩০ চনত যােৰহাট জে , বি , কলেজত প্রতিষ্ঠাপক অবৈতনিক অধ্যক্ষ হিচাপে কাম কৰাৰ পাছত ১৯৪৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ১ ম গৰাকী উপাচার্য হিচাপে কার্যনির্বাহ কৰে । ১৯৮২ চনৰ ৭ জুনত এই গৰাকী পণ্ডিতৰ মৃত্যু হয় । 

সংস্কৃত ভাষাত অগাধ পাণ্ডিত্য থকা সন্দিকৈদেৱে প্রায় তেৰটা ভাষাত ব্যুৎপত্তি লাভ কৰিছিল । কৃষ্ণকান্ত সন্দিকৈৰ প্রকাশিত গ্রন্থ হল— শ্রীহর্ষৰ  ‘নৈষধ চৰিতৰ ইংৰাজী অনুবাদ  ‘নিষধ চৰিত’ ( ১৯৩৪ ) , ‘যশস্তিলক আৰু ভাৰতীয় সংস্কৃতি’ ( ১৯৪৯ ) , ‘সেতুবন্ধন’,  ‘কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ’ ( সম্পাদনা ও যতীন্দ্রনাথ গােস্বামী , ১৯৮৪ ) । 

ভাৰত চৰকাৰে ১৯৫৪ চনত পদ্মশ্ৰী আৰু ১৯৬৭ চনত পদ্মভূষণ সম্মানেৰে ভাৰত চৰকাৰে তেওঁক সন্মানিত কৰিছিল । ১৯৩৭ চনত অসম সাহিত্য সভাৰ গুৱাহাটী অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়েও তেওঁক সন্মানিত ডি লিট উপাধি প্রদান কৰিছিল । 

( ঘ ) পদ্মনাথ গােহাঞি বৰুৱা :

উত্তৰঃ পদ্মনাথ গােহাঞি বৰুৱা :-  অসমৰ এগৰাকী স্বনামধন্য সাহিত্যিক পদ্মনাথ গােহাঞি বৰুৱাৰ জন্ম হৈছিল ১৮৭১ চনৰ ২৪ অক্টোবৰত উত্তৰ লক্ষীমপুৰৰ নকাৰি গাঁৱত । তেওঁৰ দেউতাকৰ নাম আছিল ঘিণাৰাম আৰু মাকৰ নাম লক্ষ্মী দেৱী ৷ তেওঁ ১৮৯০ চনত এন্ট্রেল পৰীক্ষা পাছ কৰি কলিকতালৈ গৈ এফ . এ . আৰু আইন পড়ে । প্রথমে কোহিমাত শিক্ষকতা কৰাৰ পাছত যােৰহাটলৈ গৈ কিছুদিন তাতে শিক্ষকতা কৰি পিছত তেজপুৰ নর্মাল স্কুলত কাম কৰে আৰু তেজপুৰতেই স্থায়ীভাৱে থাকিবলৈ লয় ।

পদ্মনাথ গােহাঞি বৰুৱাৰ সাহিত্য – কর্মসমূহ হ’ল— উপন্যাস :- ভানুমতী ( ১৮৯১ ) , লাহৰী ( ১৮৯২ ) । 

নাটক :- জয়মতী ( ১৯০০ ) , গদাধৰ ( ১৯০৭ ) , সাধনী ( ১৯১১ ) , লাচিত বৰফুকন ( ১৯১৫ ) , গাঁওবুঢ়া ( ১৮৯৭ ) , টেটোন তামুলী ( ১৯০৯ ) , ভূত নে ভ্রম ( ১৯১৫ ) , বাণৰজা ( ১৯৩২ ) আদি । 

কবিতা :- লীলাকাব্য ; জুৰণি , ফুলৰ চানেকী । 

আত্মজীৱনী :- মােৰ সোঁৱৰণী ( ১৯৭২ , মৃত্যুৰ পিছত প্রকাশ ) । 

ধর্মগ্রন্থ :- শ্রীকৃষ্ণ ( ১৯৩০ ) , গীতাসাৰ ( ১৯৩৫ ) , 

অন্যান্য গ্রন্থ :- অসম বুৰঞ্জী , হিন্দু বুৰঞ্জী , নীতি শিক্ষা , সাহিত্য সংগ্রহ , জীৱনী সংগ্রহ , ভূগােল দর্পণ , দেশী কচৰৎ আদি । 

তেওঁ সম্পাদনা কৰা আলােচনী হ’ল – বিজুলী , আসাম বন্তি আৰু উষা । ১৯১৭ চনত অসম সাহিত্য সভা গঠন হােৱাত তেওঁ আছিল প্রতিষ্ঠাপক সভাপতি আৰু সেই বছৰতেই শিৱসাগৰত অনুষ্ঠিত ইয়াৰ প্রথম অধিবেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৪৬ চনৰ ৭ এপ্রিল তাৰিখে এইজনা সাহিত্যিকৰ দেহাৱসান ঘটে ।

( ঙ ) টেঙাই মহন : 

উত্তৰঃ টেঙাই মহন :- পণ্ডিত টেঙাই মহন ইংৰাজী ১৭১৫ চনত চৰাইদেউত মহুং – মাইচেউ পৰিয়ালৰ তকম্বাৰিৰ ঘৰত জন্ম গ্রহণ কৰিছিল । তিনিজন ককায়েক – ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু । 

আহােম ৰাজত্বৰ শেষৰ ফালে সচেতন আৰু বুদ্ধিজীৱী আহােমসকল এক মহা সংকটত পৰিছিল । কাৰণটো হ’ল- আহােম দৰবাৰত বিভিন্ন কাৰণত আহােম ভাষাৰ পৰিৱর্তে অসমীয়া ভাষাই লাহে লাহে প্ৰসাৰ লাভ কৰিছিল । আনহাতে আহােম ভাষাই ক্রমান্বয়ে অৱহেলিত হােৱাৰ লগতে দৈনন্দিন কথা – বতৰাৰ পৰা আঁতৰি যাবলৈ ধৰিলে । এনে স্থলত সচেতন – বুদ্ধিজীৱী আহােমসকলে চিন্তিত হৈ পৰিল এইবুলি যে এসময়ত আহােম ভাষাটো একেবাৰে লুপ্ত হৈ যায় , তেতিয়া অসমৰ এটা জীয়া সভ্যতা অসমৰ ইতিহাসৰ পৰা বিশেষহৈ যাব । ১৭৭৫ চনত , গৌৰীনাথ সিংহৰ ৰাজত্বৰ শেষৰ ফালে তেওঁ বৰ কাকত হু মুং পুথি ’ নামৰ এখন অভিধান পুথি ৰচনা কৰে । সাঁচি পাতত লিখা এই পুথিখনত ৪২ – খিলা পাত আছিল । ইয়াৰ জোখ আছিল ৪০x১০ ছেমি .। প্রতি পৃষ্ঠাত ৮৯টাকৈ শাৰী আছে । ইয়াত প্ৰতিটো আহােম শব্দৰ বিপৰীতে সম্ভাব্য সকলাে অসমীয়া অর্থ সন্নিবিষ্ট আছে । 

( চ ) পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন :

উত্তৰঃ পণ্ডিত প্ৰৱৰ ডম্বৰুধৰ দেওধাই ফুকন :- ১৯১২ চনৰ অক্টোবৰ মাহৰ এটি শুভক্ষণত তেতিয়াৰ চৰাইদেউ মহকুমাৰ অন্তৰ্গত খালৈঘােগুৰা মৌজাৰ অন্তর্গত আখৈয়া দেওধাই গাঁৱৰ এটা মধ্যবিত্ত পৰিয়ালত ডম্বৰুধৰ দেওধাই ফুকনদেৱৰ জন্ম হয় । পিতা গংগাৰাম ফুকন আৰু মাতৃ চাদৈ ফুকন । পিতা গংগাৰাম ফুকন এজন শিক্ষানুৰাগী ব্যক্তি আছিল । তেওঁ প্ৰথমতে লাকুৱা নাহৰ হাবি চাহ বাগানৰ কেৰাণী হিচাপে চাকৰি কৰি শেষত গাঁৱৰ গাঁওবুঢ়া হৈছিল । ডম্বৰুধৰ ফুকনদেৱে এম . ভি . স্কুলৰ পাছত অধিক আগ নাবাঢ়ি টাই ভাষা – সংস্কৃতিকে খামােচ মাৰি একান্তভাৱে অধ্যয়ন কৰিবলৈ লয় । তেওঁ দদায়েক সৰুনাথ দেওধাই ফুকন আৰু নন্দনাথ দেওধাই ফুকনৰ পৰা ঘৰতে টাই ভাষাৰ শিক্ষা গ্রহণ কৰিছিল । কম সময়ৰ ভিতৰতে টাই ভাষাত বুৎপত্তি লাভ কৰিবলৈ সক্ষম হােৱা ফুকনদেৱে এজন টাই পণ্ডিত হিচাপে খিয়াতি লাভ কৰিছিল । ঘৰতে থাকি খেতি – বাতিৰ লগতে টাই ভাষা চৰ্চা কৰি থকাৰ সময়তে অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ মুৰব্বী ড° সূর্যকুমাৰ ভূঞাদেৱে ১৯৩১ চনত টাই ভাষাৰ বিশেষজ্ঞ হিচাপে টাই আহােম বুৰঞ্জী অনুবাদৰ বাবে গুৱাহাটীলৈ মাতি নিয়ে । অসম বুৰঞ্জী আৰু পুৰাতত্ব বিভাগত চাৰি বছৰ কাম কৰাৰ পাছত ১৯৩৫ চনত স্ব – ইচ্ছাই চাকৰি এৰি ঘৰলৈ ঘূৰি আহে ৷

13 thoughts on “Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম”

Leave a Reply

error: Content is protected !!
Scroll to Top