Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা

Class 9 Assamese Chapter 2 মানৱ বন্ধনা | অসমীয়া Class 9 মানৱ বন্ধনা, নৱম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 9 Assamese Question Answer to each chapter is provided in the list of SEBA অসমীয়া Class 9 Question Answer so that you can easily browse through different chapters and select needs one. Class 9 Assamese Chapter 2 মানৱ বন্ধনা can be of great value to excel in the examination.

Class 9 Assamese Chapter 2 মানৱ বন্ধনা

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Chapter 2 মানৱ বন্ধনা for All Subject, You can practice these here.

মানৱ বন্ধনা

চন্দ্ৰকুমাৰ আগৰৱালা

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

অতি চমু উত্তৰ দিয়াঃ

(ক) চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম ক’ত আৰু কোন চনত হৈছিল?

উত্তৰঃ তেজপুৰৰ কলং মৌজাৰ ব্ৰহ্মাজানত ১৮৬৭ চনত। 

(খ) চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতাকৰ নাম কি আছিল?

উত্তৰঃ হৰিবিলাস আগৰৱালা।

(গ) ‘জোনাকী’ কাকত কোন চনত প্ৰথম প্ৰকাশ পায়?

উত্তৰঃ ১৮৮৯ চনত।

(ঘ) ‘জোনাকী’ কাকতৰ প্ৰতিষ্ঠাপক সম্পাদক কোন?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা।

(ঙ) সাদিনীয়া বাতৰি ‘অসমীয়া’ কোন চনত প্ৰকাশ পায়?

উত্তৰঃ ১৯১৮ চনত।

(চ) চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুৱৰী’ গীতি কবিতাটি ক’ত প্ৰকাশ পাইছিল?

উত্তৰঃ ‘জোনাকী’ৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত।

(ছ) ‘জোনাকী’ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰ কুমাৰ আগৰৱালাৰ গীতি কবিতাটিৰ নাম কি?

উত্তৰঃ ‘বনকুৱৰী’।

(জ) চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত কাব্যপুথিখনৰ নাম কি?

উত্তৰঃ ‘প্রতিমা’।

(ঝ) ‘প্ৰতিমাৰ খনিকৰ’ কাক কোৱা হয়?

উত্তৰঃ চন্দ্ৰ কুমাৰ আগৰৱালাক।

(ঞ) অসমীয়া কাৰ্য্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়?

উত্তৰঃ ‘প্ৰতিমাৰ খনিকৰ’ বুলি।

১/ অতি চমু প্ৰশ্ন উত্তৰ:

(ক) ‘বিশ্ব হৰণ’ কবিতাটোক কি কবিতা বুলিব পাৰি ?
উত্তৰঃ বিশ্ব হৰণ’ কবিতাটোক ‘ৰোমাণ্টিক কবিতা’ বুলিব পাৰি ।

(খ) ‘প্ৰতিমাৰ খনিকৰ’ কোন?
উত্তৰঃ ‘প্ৰতিমাৰ খনিকৰ’ হ’ল- চন্দ্ৰকুমাৰ আগৰৱালা ।

(গ) ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি কি আছিল?
উত্তৰঃ ড° নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথি ‘বন ফৰিঙৰ ৰং’।

ঘ) মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি?
উত্তৰঃ মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ’ল- মানুহেই শ্রেষ্টতকৈও শ্রেষ্ট, পৰমসত্য ।

(ঙ) পাদ্য- অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
উত্তৰঃ পাদ্য- অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ হ’ল- দেৱতাৰ পূজাৰ সলনি মানৱ পূজাৰ আয়োজন কৰা ।

২/ ‘মানৱ বন্ধনা’ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্ধনা’ কবিতাটিত মানৱ ধৰ্মৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন হৈছে ।পৃথিৱীলৈ অনাদি কালৰ পৰা মানুহৰ অহা-যোৱা চলিছে । অন্তহীন মানৱ হোঁতেৰে প্লাবিত এই পৃথিৱীক সেয়েহে মৰ্ত্য অৰ্থাৎ মৃত্যুলোক বোলা উচিত নহয় । মানৱ জনম মানুহৰ বাবে কাম কৰি অতিবাহিত কৰিবলৈ কবিয়ে আহব্বান জনাইছে ।
কাৰণ মানুহক মৰম কৰিব জনিলেহে প্ৰকৃত ধৰ্ম আচৰণ কৰা হয় ।

এই পৃথিৱীত আমি লগ সংগ আদি বিভিন্ন ৰূপত মানুহকে পাওঁ । মানুহ শ্রেষ্টতকৈও শ্রেষ্ঠ, পৰম সত্য । সেই শ্ৰেষ্ঠ মানুহৰ বাসভূমি পৃথিৱী স্বৰ্গতকৈও শ্ৰেষ্ঠ । মানুহেই দেৱতা ,মাসেই সেৱাৰ যোগ্য । মানুহতকৈ শ্ৰেষ্ঠ আন কোনো নাই । সেয়েহে কবিয়ে দেৱ পূজাৰ সলনি মানৱ পূজাৰ আয়োজন কৰি মানুহক মানৱ ধৰ্ম পালন কৰিবলৈ উপদেশ দিছে ।

৩/ অসমৰ প্ৰথমজন ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাদেৱ আছিল অসমৰ প্ৰথমগৰাকী ৰোমান্টিক কবি । ‘বীণ ব’ৰাগী আছিল তেওঁৰ প্ৰথম ৰোমাণ্টিক কবিতাৰ পুথি । অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমূৰ্তিৰ অন্যতম এগৰাকী কবি আছিল ।

জোনাকী কাকতৰ প্ৰথমজন সম্পাদক । তেজপুৰৰ ব্রক্ষ‍জনত কবিগৰাকীৰ জন্ম হয় । তেখেতৰ কবিতা পুথি দুখন ‘প্ৰতিমা’ আৰু ‘বীণ- বৰাগী’ । ‘প্ৰতিমা’ পুথিখন সন্দৰ্ভত সাহিত্যৰথি লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল – “প্ৰতিমাখন সৰ, কিন্তু নিভাঁজ সোণৰ ।” জোনাকী কাকতৰ জৰিয়তে ৰোমান্টিক সাহিত্য চর্চাক অসমীয়া সাহিত্যলৈ আদৰি অনা চন্দ্ৰকুমাৰ আগৰৱালাই ‘জোনাকী’, ‘সাদিনীয়া অসমীয়া’ আদি আলোচনী সম্পাদনা কৰিছিল ।

৪/ ‘মানৱ বন্দনা কবিতাটিৰ মূল বক্তব্য কি?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাটিৰ মূল বক্তব্য হ’ল- মানৱতাবাদ । অপার্থীৱ দেবতা বা স্বৰ্গৰ কল্পনা কৰি মানুহে পূজা-অৰ্চনা কৰে । কিন্তু সেই পূজা দেৱতাই গ্ৰহণ কৰে নে নকৰে সেইয়া কোনেও নাজানে ।

দেৱতা বা স্বৰ্গ কল্পনাৰেহে পোৱা যায় ,সেইবোৰৰ বাস্তৱ অস্তিস্ত শূণ্য । কিন্তু এই পৃথিৱী সত্য,শাশ্বত । এই বাস্তৱ পৃথিৱীত মানুহে লগ-সংগ ৰূপত সদায় আমাক আৱৰি ৰাখে । সেয়েহে দেৱতাৰ পূজাৰ মানুহ উপকৃত হয় ।কবিয়ে সেয়েহে মানৱ পূজাৰ আয়োজন কৰিবলৈ আহ্বান জনাই মানৱতাবাদৰ যথাৰ্থ দাঙি ধৰিছে ।

৫/ “এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ ।” – কথাষাৰ বুজাই লিখা ।

উত্তৰঃ মানুহক লগ- সংগ আদি বিভিন্ন ৰূপত আমি সততে লগ পাওঁ । দেৱতা আমাৰ কল্পনাৰ সৃষ্টি, যাৰ বাস্তৱ অস্তিত্ব নাই । কিন্ত মানুহ বাস্তৱ আৰু পৰম সত্য । সেয়েহে মানুহ শ্রেষ্টতকৈও শ্ৰেষ্ঠ । সেই শ্রেষ্টতম মানুহৰ নিজা বাসভূমি এই প্ৰথিৱী । পৃথিৱী বাস্তৱ । কল্পনাৰ স্বৰ্গ আছেনে নাই কোনেও নাজানে । কিন্তু আমি বাস্তৱত লগ পোৱা মানুহৰ বাসভূমি এই বাস্তৱ পৃথিৱী স্বৰ্গতকৈও শ্রেষ্ট পৰম পুণ্যৰ স্থল ।

৬/ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

(ক) এই যে পৃথিৱী স্বৰ্গতো অধিক মানুহৰ নিজাপি ঘৰ ।
উত্তৰঃ উক্ত কবিতাফাকি চন্দ্ৰকুমাৰ আগৰৱালাই লিখা ‘মানৱ বন্ধনা’ কবিতাটিৰ পৰা তুলি অনা হৈছে ।

এই কবিতাটিৰ জৰিয়তে পৃথিৱীৰ মায়া-মোহত আচ্ছন্ন হৈ মানুহে পৃথিৱীক স্বৰ্গতকৈ অধিক সুখৰ বুলি ভাবে । কাৰণ, পৃথিৱীত মানুহেই মানুহৰ লগ, মানুহেই মানুহৰ সংগ ।

(খ) মানৱী জনম দিয়া উটুৱাই
মানৱী কৰম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰম যে মৰমতে ।

উত্তৰঃ উক্ত কবিতাফাকি চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা ‘নিয়ম’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে ।
মানুহৰ প্ৰতি মানুহৰ ধৰ্ম কি হোৱা উচিত তাকে ক’বলৈ কবিয়ে উক্ত প্ৰসংগ অৱতাৰণা কৰিছে ।

মানৱ মৰণশীল । জন্ম আৰু মৃত্য এটি সদা ৰীতি । তথাপিও মানুহে মানুহৰ প্ৰতি থাকিবলগীয়া কৰণীয়, মানৱ জীৱনৰ মঙ্গলৰ বাবে আমি কি কৰা উচিত তাকে কবিয়ে কবিতাটিত উল্লেখ কৰিছে । মানুহে মানুহৰ লগ আৰু সংগ । সেয়েহে মানুহে মানুহৰ মৰম বুজিব লাগিব, মানুহৰ প্ৰতি দয়াশীল,মৰমিয়াল হ’ব লাগিব । সেয়ে মানুহৰ পৰম ধৰ্ম ।

(গ) মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ
কৰা কৰা পূজা। পাদ্য অর্ঘ্য লৈ
জয় জয় মানৱ দেৱ ।

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ – বন্ধনা’ নামৰ কবিতাটিৰ পৰা তুলি অনা হৈছে । কবিতাফাকি মানুহক দেৱতাতকৈও শ্রেষ্ট হিচাপে প্ৰতিপন্ন কৰা হৈছে ।
দেৱতা মানুহৰ কল্পনা সৃষ্টি । বাস্তৱত দেৱতাৰ অস্তিত্ব নাই । কিন্তু মানুহ পৰম সত্য । বাস্তৱ পৃথিৱীত লগ-সংগ আদি বিভিন্ন ৰূপত আমি মানুহকে পাওঁ ।

সেয়েহে মানুহ দেৱতাতকৈও শ্রেষ্ট । কল্পনাৰ দেৱতাক পূজা কৰিলে সেই পূজা দেৱতাই পায় নে নাপাই কোনেও নাজানে । কিন্তু মানুহক পূজা-সেৱা কৰিলে মানৱ জাতিৰ উপকাৰ হয় । সেয়েহে মানুহেই দেৱতা আৰু মানুহেই প্ৰকৃতিত সেৱাৰ যোগ্য । মানুহতকৈ শ্রেষ্ট আন কোনো নহয় । সেয়েহে কবিয়ে দেৱতাৰ পূজা কৰাৰ সলনি পাদ্য- অর্ঘ্য লৈ মানুহৰ বন্ধনা কৰিবলৈ উপদেশ দিছে আৰু মানুহৰ জয় ধ্বনি কৰি মানৱ ধৰ্ম পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে ।

৭/ সমাৰ্থক শব্দ লিখা :
মানুহ, সংগ, পৃথিৱী, সোঁত, স্বৰ্গ, দেৱ

উত্তৰ:

মানুহ – মানৱ, নৰ
সংগ – লগ, বন্ধু
পৃথিৱী – বসুমতী, মেদিনী
সোঁত – প্ৰবাহ,ধৰা
স্বৰ্গ – সৰগ
দেৱ – দেৱতা

S.L. No.Contents
পাঠ-1 শিশুলীলা
পাঠ-2 মানৱ বন্ধনা
পাঠ-3গীত আৰু ছবি
পাঠ-4 প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
পাঠ-5মোৰ দেশ
পাঠ-6অন্যৰ প্ৰতি ব্যৱহাৰ
পাঠ-7 সময়
পাঠ-8অন্ধবিশ্বাস আৰু কু-সংস্কাৰ.
পাঠ-9ভাৰতৰ বৈচিত্ৰৰ মাজত ঐক্য
পাঠ-10পােহৰৰ বাটেৰে আগবঢ়া গাঁওখন
পাঠ-11যুঁজ
পাঠ-12লোক সংস্কৃতি
পাঠ-13হনুমন্তৰ লংকা দৰ্শন
পাঠ-14সুখ
পাঠ-15 চোৰধৰা
পাঠ-16সন্মান
পাঠ-17ঋজু ভাৰতী
পাঠ-18বৈচিত্র্যময় অসম

অতিৰিক্ত প্রশ্নোত্তৰঃ

প্রশ্ন ১। মানৱ বন্দনা ‘কবিতাটি কাৰ ৰচনা?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা।

প্রশ্ন ২। চন্দ্ৰকুমাৰ গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত কেইখন কি কি আছিল?

উত্তৰঃ চন্দ্ৰকুমাৰে গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত দুখন আছিল ‘জোনাকী’ আৰু ‘সাদিনীয়া অসমীয়া’।

প্রশ্ন ৩। চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ কোনখন কলেজত পঢ়িছিল?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ প্ৰেছিডেন্সি কলেজত পঢ়িছিল।

প্রশ্ন ৪। চন্দ্ৰকুমাৰে স্নাতক উপাধি লৈছিলনে?

উত্তৰঃ চন্দ্ৰকুমাৰে স্নাতক পঢ়িও উপাধি পৰীক্ষা দিয়া নাছিল।

প্রশ্ন ৫। শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে কি কৰিছিল?

উত্তৰঃ শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে ছপাশাল আৰু চাহ বাগিচা পৰিচালনাৰ কাম কৰিছিল।

প্রশ্ন ৬। চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।

প্রশ্ন ৭। অসমীয়া কাব্য-সাহিত্যত চন্দ্ৰকুমাৰ কি কবিৰূপে জনাজাত?

উত্তৰঃ অসমীয়া কাব্য-সাহিত্যত চন্দ্ৰকুমাৰ ৰোমাণ্টিক কবিৰূপে জনাজাত।

প্রশ্ন ৮। কাক ‘প্ৰতিমাৰ খনিকৰ’ বোলা হয়?

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালাক ‘প্রতিমাৰ খনিকৰ’ বোলা হয়।

প্রশ্ন ৯। অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি কোন?

উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি।

প্রশ্ন ১০। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমাণ্টিক কবিতাটোৰ নাম কি?

উত্তৰঃ ‘বনকুঁৱৰী’ নামৰ কবিতাটি চন্দ্ৰকুমাৰৰ প্ৰথম ৰোমাণ্টিক কবিতা।

প্রশ্ন ১১৷ চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ ‘প্ৰতিমা’ আৰু ‘বীণবৰাগী’ এই দুখন চন্দ্ৰকুমাৰৰ কবিতা পুথি।

প্রশ্ন ১২। ‘প্রতিমা’ কবিতা পুথিখনি পঢ়ি ৰসৰাজ বেজবৰুৱাই দিয়া মন্তব কি?

উত্তৰঃ ‘প্ৰতিমা’ কবিতা পুথি পঢ়ি ৰসৰাজ বেজবৰুৱাই মন্তব্য কৰিছিল— ‘প্ৰতিমাখনি সৰু কিন্তু নিৰ্ভাঁজ সোণৰ।’

প্রশ্ন ১৩। ‘মানৱ বন্দনা’ কবিতাটি ক’ৰ পৰা অনা হৈছে?

উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিৰপৰা ‘মানৱ বন্দনা’ কবিতাটি অনা হৈছে।

প্রশ্ন ১৪। ‘মানৱ বন্দনা’ কবিতাত কবিয়ে কাক শ্ৰেষ্ঠ বুলি কৈছে?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে মানুহক শ্রেষ্ঠ বুলি কৈছে।

প্রশ্ন ১৫৷ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে কাৰ জয় বুলি ঘোষণা কৰিছে?

উত্তৰঃ ‘মানব বন্দনা’ কবিতাত কবিয়ে মানৱ-দেৱতাৰ জয় বুলি ঘোষণা কৰিছে।

প্রশ্ন ১৬। ‘মানৱ বন্দনা’ কবিতাত কবিয়ে ধৰম ক’ত থকা বুলি কৈছে?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত কবিয়ে মানুহে মানুহৰ মৰম বুজি পোৱাতে ধৰম থকা বুলি কৈছে।

প্রশ্ন ১৭। ‘মানৱ-বন্দনা’ কবিতাটিৰ অন্তৰ্নিহিত সাৰমৰ্মৰ (মূলভাৱৰ) আভাস দিয়া।

উত্তৰঃ মানবাত্মা চিৰাচৰিত ভাৱেই মৃত্যুশীল। পৃথিৱীলৈ মানুহৰ অনন্তসোঁত প্ৰৱাহিত হৈ থাকিলেও মানুহৰ মৃত্যুশীলতাৰ বাবেই পৃথিৱীখনক ‘মৰত’ বোলা হৈছে। মৃত্যুশীল জীৱনত মানুহে মানবোচিত কাৰ্য্য আচৰণৰ দ্বাৰা জীৱন অতিবাহিত কৰা উচিত। পৃথিৱীবাসী সকলো মানুহেই এক পৰমাত্মা ভগৱানৰ অংশসম্ভূত যেতিয়া মৰম-প্ৰীতিৰে বসবাস কৰি মানৱজাতিৰ উন্নতি সাধনৰ যত্ন কৰা কৰ্তব্য। তাকে কৰিবলৈ হ’লে দেৱ-দেৱীক পূজাৰ সলনি মানুহৰ সন্তুষ্টিৰ বাবে মানুহক দেৱতাৰ পূজাৰ সকলো সম্ভাৰেৰে পূজা কৰি মানৱ জাতিৰ জয় ঘোষণা কৰা উচিত।

প্রশ্ন ১৮। তোমাৰ পাঠৰ আধাৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি-প্ৰতিভাৰ পৰিচয় দিয়া।

উত্তৰঃ আমাৰ পাঠ্যপুথিত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ নামৰ কবিতাটি সন্নিবিষ্ট কৰা হৈছে। এই কৱিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱ’ৰ ‘প্ৰতিমা’ নামৰ কবিতা-পুথিৰপৰা লোৱা হৈছে। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যলৈ ৰোমাণ্টিক ভাৱৰ সোঁত বোৱাওঁতা প্রথম কবি। ‘প্রতিমা’ কবিতা পুথিত ৰোমাণ্টিক কবিতাৰ সকলো লক্ষণ প্রকাশ পাইছে। চন্দ্ৰকুমাৰৰ কবিতাৰ এই নিপুণ ৰচনাৰ বাবেই বেজবৰুৱাই মন্তব্য কৰিছিল যে, ‘প্রতিমাখনি সৰু কিন্তু নিভাঁজ সোণৰ’।

‘মানৱ বন্দনা’ কবিতাটিত কবিৰ কল্পনাই ৰোমান্টিক ভাৱৰ প্ৰকাশ ঘটাইছে। পৃথিৱীত মানুহব জন্ম আৰু মৃত্যুক বুজাবৰ বাবে কবিয়ে ‘আহিছে মানুহ গইছে মানুহ’ কথাষাৰ ব্যৱহাৰ কৰিছে। মানুহক ‘দেৱতা’ বুলি মানুহকে পূজা কৰিবলৈ কোৱা কল্পনাও ৰোমান্টিক ভাৱৰেই পৰিচায়ক। পৃথিৱীক সকলো মানুহৰ ঘৰ, পৃথিৱীখন স্বৰ্গতকৈ অধিক বা শ্রেষ্ঠ, মানুহেই শ্রেষ্ঠ দেৱতা, মানুহৰ মঙ্গলৰ বাবে দেৱতা- পূজাৰ সম্ভাৰ লৈ মানুহক পূজা কৰা আদি কল্পনা ৰোমান্টিক-ভাৱৰ কল্পনা। কল্পনা বিলাস, কল্পনাৰ আতিশয্য, সাধাৰণ বিষয়ত বিশেষত্ব আৰোপ আদি ৰোমাণ্টিক ভাৱৰ লক্ষণ। চন্দ্ৰকুমাৰৰ ‘মানৱ বন্দনা’ কবিতাত এই ৰোমাণ্টিক ভাৱবোৰৰ প্ৰকাশ ঘটিছে। এই এটা মাত্ৰ কবিতাৰ পৰাই ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিভাৰ পৰিচয় পোৱা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top