⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

Class 9 Assamese Chapter 2 মানৱ বন্দনা

Class 9 Assamese Chapter 2 মানৱ বন্দনা Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 9 Assamese Chapter 2 মানৱ বন্দনা Solutions and select need one. Class 9 Assamese Chapter 2 মানৱ বন্দনা Notes Download PDF. SEBA Class 9 Assamese Question Answer PDF.

Class 9 Assamese Chapter 2 মানৱ বন্দনা

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 9 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 9 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 2

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’—ভাব বিষয়ক

১। চমু উত্তৰ লিখা।

(ক) ‘মানুহেই পৰাৎপৰ’ বোলা কথাষাৰৰ অৰ্থ কি?

উত্তৰঃ কবিয়ে মানুহক শ্রেষ্ঠতকৈও শ্রেষ্ঠ বা বিশ্বনিয়ন্তা ভগৱানৰ সমান বুলি কোৱাৰ প্ৰয়াস কৰিছে। ভাৱৰ আতিশয্যই ৰোমান্টিক কবিক দার্শনিক ভাৱধাৰাৰ মাজলৈ লৈ গৈছে। ইয়াত কবিয়ে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান কৰিছে। অর্থাৎ মানৱাত্মাৰ মাজেৰে পৰমাত্মাৰ সন্ধান কৰিছে। মানুহ পৰমাত্মাৰ ক্ষুদ্র ক্ষুদ্র অংশ স্বৰূপ। গতিকে ক্ষুদ্ৰাত্মা মানুহক পূজা কৰিলে ভগৱানক পূজা কৰা হয়। সেই দৃষ্টিৰে চাই কবিয়ে মানুহক ‘পৰাৎপৰ’ অৰ্থাৎ সকলোতকৈ শ্রেষ্ঠ বা ভগৱান ৰূপত কল্পনা কৰাৰ প্ৰয়াস কৰিছে।

(খ) মানুহক ‘ময়াপী জীৱ’ বোলাৰ অৰ্থ কি?

উত্তৰঃ নিজৰ চেহেৰা বা অৱয়বৰ সলনি কৰিব পৰা গুণেই মায়া। এই মায়াই মোহ, ভ্রান্তি আদিৰ সৃষ্টি কৰিব পাৰে। পৃথিৱীখনত চামে চামে মানুহৰ জন্ম আৰু মৃত্যুৰ ঘটনাও মায়া বা ৰূপ পৰিবৰ্তনৰ দৰেই। মানুহৰ জন্ম-মৃত্যুৰ এই সংঘটনৰ বাবেই কবিয়ে মানুহক ময়াপী (মায়াবী) জীৱ বুলি কৈছে।

(গ) পাদ্য-অর্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই কল্পনা আৰু দাৰ্শনিক দৃষ্টিৰে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধানৰ দৰে ক্ষুদ্ৰ মানৱাত্মাৰ মাজেৰে পৰমেশ্বৰ ভগৱানৰ সন্ধান কৰিছে। সেই দৃষ্টিৰে কবিয়ে মানুহক ভগৱান ৰূপত দেখিছে, যিহেতু ক্ষুদ্ৰাত্মা মানুহ পৰমাত্মা ভগৱানৰ অংশ বিশেষ। সেই কাৰণে কবিয়ে দেৱতা পূজাৰ সম্ভাৰ পাদ্য অৰ্ঘ্য লৈ মানৱ- দেৱতাৰ পূজা কৰিবলৈ মানুহক উপদেশ দিছে। পাদ্য অৰ্ঘ্যেৰে পূজা কৰি মানুহে দেৱতাক সন্তুষ্ট কৰিব বিচাৰে। যিহেতু মানুহেই ভগৱান বা দেৱতা, সেই কাৰণে কবিয়ে মানুহক সন্তুষ্ট কৰিবৰ বাবে মানৱ-পূজা কৰাৰ পৰামৰ্শ দিছে। ইয়াত প্ৰকৃতাৰ্থত সজ ভাবনা, সজ আচৰণ, মিলা-প্ৰীতি আদিৰে এজনে আনজনক আচৰণ কৰাটোও পাদ্য অৰ্ঘ্য লৈ পূজা কৰাৰ দৰেই ফলপ্ৰসূ হব পাৰে।

২। ‘মানৱ বন্দনা’ কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।

উত্তৰঃ পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু মৃত্যুও ঘটিছে। পৃথিৱীলৈ বোৱা মানুহৰ জন্ম-মৃত্যুৰ সোঁত অবিৰত। তেনে ক্ষেত্ৰত কবিৰ মতে পৃথিৱীখনক ‘মৰত’ বোলাৰ কোনো যুক্তি নাই। কিন্তু পৃথিৱীত মানুহ জন্মিলে মৰিবও লাগে বাবে পৃথিৱীত মানুহে মানুহৰ উপযোগী কাম কৰি জীৱন কটোৱা উচিত। মানুহৰ প্রতি মানুহে মৰম-চেনেহ ভৰা আচৰণ কৰিলে শ্রেষ্ঠ ধর্ম পালন কৰা হয়। পৃথিৱীখনত মানুহেই মানুহৰ লগ-সঙ্গ আৰু শ্রেষ্ঠৰো শ্ৰেষ্ঠ দেৱতা৷ পৃথিৱীখনেই মানুহৰ ঘৰ। এইখন ঘৰত সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকি দেৱতা পূজাৰ সকলো সম্ভাৰ লৈ মানুহ দেৱতাক পূজা কৰি মানুহৰ জয় ঘোষণা কৰিবলৈ কবিয়ে পৰামৰ্শ আগবঢ়াইছে।

৩। ‘এই যে পৃথিৱী           স্বৰ্গতো অধিক

                       মানুহৰ নিজাপী ঘৰ।’

—কথাষাৰৰ অৰ্থ বুজাই লিখা।

উত্তৰঃ ‘মানৱ বন্দনা’ কবিতাত ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানুহে মানুহক মৰম-আদৰ কৰাকে শ্রেষ্ঠ ধৰ্ম বুলি উল্লেখ কৰিছে। পৃথিৱীখনত মানুহেই মানুহৰ লগ-সংগ। মানুহ পৃথিৱীত সকলোতকৈ শ্রেষ্ঠ। সকলো মানুহেই পৃথিৱীত থাকে বাবে পৃথিৱীখনেই মানুহৰ নিজাতকৈও নিজৰ, আপোনতকৈও আপোন ঘৰ। এই কথাখিনি মানুহক বুজাই দিয়াৰ প্ৰসংগতে কবিয়ে উক্ত কথাষাৰ কৈছে।

উক্ত কথাষাৰৰ দ্বাৰা কবিয়ে পৃথিৱীবাসী মানুহক উপদেশ দিব খুজিছে যে পৃথিৱীত জীয়াই থকা সময় ছোৱাত মানুহে মানবোচিত কৰ্ম আচৰণ কৰি জীৱন অতিবাহিত কৰা উচিত। পৃথিৱীত মানুহে ইজনে-সিজনৰ প্ৰতি মৰম-আদৰ, সদ্ভাৱ-সম্প্ৰীতিৰে আপোনভাৱ অটুত ৰাখি জীয়াই থকা উচিত। নিজৰ অথবা মানৱ সমাজৰ মংগল সাধনৰ বাবে অইন দেৱী-দেৱতাক পূজা কৰাতকৈ মানুহে দেৱতা পূজাৰ সকলো সম্ভাৰ—পাদ্য অৰ্ঘ্য লৈ মানৱ-দেৱতাকেই পূজা কৰা উচিত। তেতিয়াই অইন দেৱী দেৱতাক পূজা কৰি পোৱা ফল পোৱা যাব আৰু পৃথিৱীত মানৱ-দেবতাৰ জয় সৰ্বত্ৰ বিয়পি পৰিব। এই পৃথিৱীত মানুহ-দেৱতাৰ বাহিৰে অইন কোনো দেৱতা নাই আৰু মানুহেই পৃথিৱীৰ শ্ৰেষ্ঠ দেৱতা বুলি কবিয়ে মানুহক উপদেশ দিব বিচাৰিছে৷ কবিৰ এই কল্পনাত ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান আৰু মানুহৰ পূজাৰ মাজেৰে ভগৱানৰ পূজাৰ ভাৱ-অনুভূতিৰ প্রকাশ ঘটিছে।

৪। তাৎপর্য ব্যাখ্যা কৰা।

(ক) মানৱী জনম        দিয়া উটুৱাই

             মানৱী কৰম সোঁতে,

মানুহৰ মৰম             বুজিবা মানুহে

               ধৰম যে মৰমতে।

উত্তৰঃ অসমীয় সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানৱ বন্দনা’ নামৰ কবিতাটিৰপৰা উক্ত কবিতা দুশাৰী উদ্ধৃত কৰা হৈছে।

পৃথিৱীখনলৈ মানুহ অহা-যোৱাৰ অবিৰত সোঁত চলি আছে যদিও ওপজিলে মানুহক মৰিব লাগে বাবে পৃথিৱীখনক ‘মৰত’ বোলা হৈছে। গতিকে মৃত্যুশীল এই পৃথিৱীখনত মানুহ যি কেইদিন জীয়াই থাকে সেই কেইদিন মানবোচিত আচৰণেৰে মানুহক দয়া, মৰম, প্ৰীতিৰে সন্তোষ দিয়া উচিত। মানুহৰ প্ৰতি মানুহে দেখুৱা মৰম-আদৰেই ধৰ্ম। মানুহক আদৰ-সাদৰ কৰিলে, মানুহক সেৱাপূজা কৰিলে দেৱতাক পূজা কৰা হয়। গতিকে ‘মৰমেই-ধৰম’ জানি মানুহে মানুহক মৰম-প্ৰীতিৰে আপোন কৰি ধৰ্ম সঞ্চয় কৰা উচিত।

(খ) মানুহেই দেৱ          মানুহেই সেৱ

             মানুহ বিনে নাই কেৱ,

কৰা কৰা পূজা          পাদ্য অৰ্ঘ্য লই

             জয় জয় জয় মানৱ দেৱ।

উত্তৰঃ এই কবিতা দুশাৰী ‘মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

পৃথিৱীত জন্ম লাভ কৰা মানুহে মানুহৰ যোগ্য কাম কৰি জীৱন অতিবাহিত কৰা উচিত। মানুহৰ প্ৰতি মৰম আদৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধৰ্ম। মানুহ সন্তুষ্ট হলেই ভগৱানো সন্তুষ্ট হয়; অর্থাৎ শ্রেষ্ঠ মানৱ সেৱাই শ্রেষ্ঠ ভগৱান সেৱা। মানুহৰ বাহিৰে অইন কোনো শ্রেষ্ঠ দেৱতা নাই। সেই কাৰণে করিয়ে শ্রেষ্ঠ দেৱতা হিচাপে দেৱতা পূজাৰ সম্ভাৰেৰে মানুহ-দেৱতাক পূজা কৰাৰ পৰামৰ্শ দিছে।

‘খ’—ভাষা বিষয়ক

৫। সমার্থক শব্দ লিখা।

মানুহ, সংগ, পৃথিৱী, সোঁত, স্বৰ্গ, দেৱ।

উত্তৰঃ মানুহ — মানৱ, নৰ, মনুষ্য।

সংগ — লগ, লগৰীয়া, সান্নিধ্য।

পৃথিৱী — ধৰা, ধৰিত্ৰী, বসুমতী, অৱনী, বসুধা, ধৰাতল ।

সোঁত — প্রবাহ, স্রোত, বৈ যোৱা কাৰ্য।

স্বৰ্গ — সৰগ।

দেৱ – দেৱতা, ঈশ্বৰ।

৬। সংস্কৃত কর্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ কৰ্ম, ধৰ্ম আদি শব্দৰপৰা উৎপত্তি হোৱা কৰম, ধৰম, আদি অর্ধ তৎসম শব্দ বোলা হয়। তলত এনে শব্দ কেতবোৰ উল্লেখ কৰ হ’ল-

ভক্তি — ভকতি। 

শক্তি — শকতি।

মূৰ্ত্তি — মূৰতি। 

শ্ৰী — চিৰি। 

মিত্ৰ — মিতিৰ।

হস্ত — হাত।

দন্ত — দাঁত।

সত্য – সঁচা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 9 Assamese Chapter 2 মানৱ বন্দনা”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top