Class 10 Assamese Chapter 1 বৰগীত

Class 10 Assamese Chapter 1 বৰগীত Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 1 বৰগীত Solutions and select need one. Class 10 Assamese Chapter 1 বৰগীত Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 1 বৰগীত

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 1

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক

১। চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া:

(ক) “….. নেৰিবা বান্ধৱ মোক জীৱনে মৰণে।”

—কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে?

উত্তৰঃ কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে ভগৱানক অনুৰোধ কৰিছে।

(খ) ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।’

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

—সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে?

উত্তৰঃ সনক, সনন্দ আদি যোগীসকলে মহাপ্রভু শ্রীকৃষ্ণ ভগৱানক ধ্যান কৰে বুলি কৈছে।

(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে?

উত্তৰঃ কবি সাংসাৰিক দুখ আৰু বিষয়-বাসনাত আতুৰ হোৱা বুলি কৈছে।

(ঘ) বৰগীতটি কোনে ৰচনা কৰা? 

উত্তৰঃ বৰগীতটি ভক্ত কবি শ্রীশ্রীমাধৱদেৱে ৰচনা কৰা।

(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে?

উত্তৰঃ বৰগীতটি ‘বসন্ত ৰাগত’ বন্ধা আছে।

(চ) কবিয়ে ‘বান্ধৱ’ বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ কবিয়ে শ্ৰীকৃষ্ণ ভগৱানক ‘বান্ধৱ’ বুলি সম্বোধন কৰিছে।

(ছ) ‘মোহ-পাশ’ মানে কি?

উত্তৰঃ ‘মোহ-পাশ’ মানে মায়াৰ বন্ধন।

২। বৰগীতটিৰ মূলভাৱ লিখা।

উত্তৰঃ হে পৰম পিতা ভগৱান মই আপোনাৰ চৰণত শৰণ লৈছোঁ, জীৱনে-মৰণে মোক নেৰিবা প্রভু। সনক সনন্দ আদি যোগী সিদ্ধ পুৰুষসকলে যাক ধ্যান কৰে, নিগম শাস্ত্ৰও যাক বিচাৰি নাপায়, হাজাৰ মুখে যাৰ সীমা নাপায়, সেইজনৰ মহিমা এই অধমে কেনেকৈ বুজিম? সংসাৰৰ বিষয়-বাসনাত, দুখ-যন্ত্ৰণাত পীড়িত অনুতপ্ত হৈ পৰিছোঁ; তোমাৰ চৰণ-কমলত ঠাই দি মোক উদ্ধাৰ কৰা প্ৰভু। তোমাৰ দুখানি চৰণেই মোৰ মহা ধন-সম্পদ, ভক্ত সকলৰ তুমিয়েই জীৱন। হে কৰুণা সাগৰ, তোমাৰ চৰণত কাতৰে শৰণ লৈছোঁ, অনুগ্ৰহ কৰি এবাৰ মোক কৃপা কৰা। শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ দাসৰো দাস (ভৃত্যৰো ভৃত্য) মাধৱদেৱে ভক্তসকলক মায়াৰ বান্ধোনৰ পৰা মুক্ত কৰিবলৈ নাৰায়ণ শ্রীকৃষ্ণ মহাপ্ৰভুৱে কৃপা কৰক বুলি কাতৰ অনুৰোধ জনাইছে।

৩। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ নৱবৈষ্ণৱ ধৰ্মৰ অন্যতম মহান প্ৰচাৰক শ্ৰীশ্ৰী মাধৱদেৱৰ জন্ম ১৪৮৯ চনত লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত হৈছিল। তেওঁৰ পিতৃ আছিল গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য হিচাপে মাধৱদেৱে গুৰুজনৰ আদৰ্শ অনুসৰণ কৰি বাৰাদি, গণককুচি, সুন্দৰীদিয়া, ভেলাডাংগা আদিত নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে। ধৰ্মপ্ৰচাৰৰ উপৰিও তেওঁ সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰতো এক উজ্জ্বল স্থান অধিকাৰ কৰিছিল। তেওঁৰ অমৰ কীৰ্তিস্তম্ভ “নামঘোষা”ক অসমীয়া ধৰ্মীয় সাহিত্যৰ এক অমূল্য ৰত্ন বুলি গণ্য কৰা হয়। এই গ্ৰন্থত এহেজাৰ ঘোষা থকাৰ বাবে একে “হেজাৰী ঘোষা” বুলি জনা যায়।

তেখেতৰ আন উল্লেখযোগ্য ৰচনাসমূহ হৈছে—

আখ্যানমূলক ৰচনা: ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ।

তত্ত্বমূলক ৰচনা: জন্মৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা।

নাটক: অৰ্জুন ভঞ্জন (দধিমথন)।

ঝুমুৰা: চোৰধৰা, পিম্পৰা গুচোৱা, ভূমিলেটোৱা, ভোজনবিহাৰ।

৪। ব্যাখ্যা কৰা:

(ক) সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। 

অধমে জানিবো কেনে তোমাৰ মহিমা।।

উত্তৰঃ ওপৰোক্ত পদ দুশাৰী ভক্তকবি শ্রীশ্রীমাধৱদেৱ বিৰচিত ‘বৰগীত’ নামৰ পাঠৰ পৰা উদ্ধৃত কৰা হৈছে।

পদ দুশাৰীত কবিয়ে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা বা মহত্ত্বৰ কথা বুজাইছে। পৰম পুৰুষ ভগৱানৰ মহিমা হাজাৰ হাজাৰ চকু-মুখেও অৰ্থাৎ হাজাৰ মানুহেও বুজিব নোৱাৰে। তেওঁৰ মহিমা কোনেও বুজিব নোৱাৰে। তেনে ক্ষেত্ৰত কবিৰ দৰে অতিকে জ্ঞানহীন জনে ভগৱানৰ মহিমা বুজিব নোৱাৰে বুলি কবিয়ে অক্ষমতা প্ৰকাশ কৰিছে। ভক্তকবি মাধৱদেৱে ইয়াত নিজকে অতি নিঃকিন জ্ঞানহীন, অবোধ বুলি নিজৰ আত্মলঘিমা গুণৰ প্ৰকাশ কৰিছে। ভক্তি-সাহিত্যত দাস্য ভক্তিৰ সংযোজক মাধৱদেৱৰ এনে নম্রতা প্রায় সকলো গীত-মাততে প্রকাশ  পাইছে।

(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।

কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।

উত্তৰঃ এই পদ দুশাৰী ভক্তকবি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ‘বৰগীত’ নামৰ পাঠটিৰ পৰা লোৱা হৈছে।

কবিয়ে সংসাৰৰ বিষয়-বাসনাৰ মাজত থাকি অতিকৈ পীড়িত হৈ জৰ্জৰিত হৈ পৰিছে। সংসাৰৰ বিষয় বাসনাৰ প্ৰতি কবিৰ বিৰাগ জন্মিছে। সংসাৰৰ এই বিষয়-বাসনাই যে সুখ- শান্তি নিদি দুখ-যন্ত্রণাহে মানুহক দিয়ে সেই কথা কবিয়ে উপলব্ধি কৰিব পাৰিছে। সেইবাবে সেই সাংসাৰিক বিষয়-বাসনা সম্ভূত দুখ কষ্ট-পীড়াৰ পৰা কবিয়ে পৰিত্ৰাণ বা মুক্তি বিচাৰিছে। দুখ কষ্টবোৰৰ পৰা যে স্বয়ং ভগৱানেহে মুক্তি দিব পাৰে সেই কথাও কবিয়ে জানে। সেয়ে সংসাৰৰ দুখ-কষ্টৰ পৰা উদ্ধাৰ কৰিবৰ বাবে শ্রীকৃষ্ণ ভগৱানৰ চৰণ-কমলত আশ্ৰয় বিচাৰি কবিয়ে প্ৰাৰ্থনা কৰিছে।

(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।

ভকত জনেৰ নিজ তুমিসে জীৱন।

উত্তৰঃ প্ৰদত্ত পদ দুশাৰী ভক্ত কবি মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ ‘বৰগীত’ নামৰ পাঠটিৰ পৰা লোৱা হৈছে।

পদ দুশাৰীৰ দ্বাৰা ভক্ত কবি শ্রীশ্রীমাধৱদেৱে ভকত জীৱনৰ ধন-সম্পদৰ বিষয়ে কৈছে। ভক্ত কবি তথা ভক্ত সকলৰ বাবে সংসাৰৰ ধন-সম্পদ আগ্ৰহৰ বস্তু নহয়। প্রকৃত ভক্তজনৰ বাবে ভগৱানৰ দুখানি চৰণেই পৰম সম্পদ, মহাধন। ভগৱানেই ভক্তজনৰ জীৱন। ভগৱানক পালে ভক্তক কোনো পার্থিৱ ধন-সম্পদৰ প্রয়োজন নাই। সেয়ে ভগৱানৰ কৰুণা লাভ কৰিবৰ বাবে ভক্ত কবিয়ে এইদৰে ভগৱানক কাতৰ প্ৰাৰ্থনা জনাইছে।

৫। ‘সনক সনন্দ যোগী যাহাকু ধিয়ায়।

সকল নিগমে যাক বিচাৰি নাপায়।’

—তাৎপৰ্য বিচাৰ কৰা।

উত্তৰঃ ভক্তি সাধন প্ৰসংগত, হৰি, শ্ৰীকৃষ্ণ বা ভগৱানৰ অপাৰ মহিমাৰ বিষয়ে ভক্ত কবি শ্রীশ্রীমাধৱদেৱে ‘বৰগীত’ কবিতাটিত কথাষাৰ উল্লেখ কৰিছে। ভগৱান সহজলভ্য নহয়। সাধনাৰ দ্বাৰাইহে ভগৱানক লাভ কৰিব পাৰি। ভক্ত কবিয়ে ভগৱানৰ চৰণত শৰণ লৈ জীৱনে-মৰণে কবিক নেৰিবলৈ ভগৱানক প্রার্থনা জনাইছে। কিন্তু কবিয়ে জানে সনক সনন্দ আদি মহাযোগী সকলেও ভগৱানক ধ্যান কৰে; কিন্তু কোনো শাস্ত্রতে ভগৱানক বিচাৰি পোৱা নাযায় শত-সহস্ৰজনে সন্ধান কৰিও ভগৱানক বিচাৰি নাপায়, সেইজন ভগৱানক কবিৰ দৰে অধম ভক্তই, কেনেকৈ বিচাৰি পাব বুলি নিজৰ অযোগ্যতা প্ৰকাশ কৰি সংসাৰৰ দুখ-যন্ত্ৰণাৰ পৰা তেওঁক উদ্ধাৰ কৰিবলৈ ভগৱানৰ ওচৰত কবিয়ে কাতৰ প্ৰাৰ্থনা জনাইছে। কবিৰ দৃষ্টিত ভগৱানেই ভক্তৰ মহাধন আৰু ভগৱানেই ভক্তৰ জীৱন। ভগৱানৰ শ্ৰেষ্ঠত্ব প্ৰকাশ কৰাৰ বাবেই কবিয়ে এইদৰে কৈছে।

৬। বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা। 

উত্তৰঃ তলত বৰগীতৰ চাৰিটা লক্ষণ উল্লেখ কৰা হ’ল-

(ক) বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ-তালযুক্ত গীত। 

(খ) বৰগীতবোৰৰ ভাষা ব্ৰজাৱলী। ব্ৰজাৱলী মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ সৃষ্টি এটা কৃত্রিম সাহিত্যিক ভাষা।

(গ) বৰগীতসমূহ ভক্তিমূলক আৰু পৰমপুৰুষ ভগৱানৰ (ঈশ্বৰৰ) মাহাত্ম্য প্রকাশক। 

(ঘ) মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতবোৰকহে বৰগীত বোলা হয়। নাম-ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত।

‘খ’ — ভাষা-বিষয়ক

১। তলত দিয়া শব্দ কেইটাৰ আধুনিক ৰূপ  লিখা:

নপাৱন্ত, কেনে, ভৈলোহো, তুমিসে, জনেৰ, কহয়। 

উত্তৰঃ 

প্রদত্ত প্রাচীন শব্দআধুনিক শব্দ
নপাৱন্ত নাপায়।
কেনে কেনেকৈ।
ভৈলোহোহলো।
তুমিসেতুমিহে, তুমিয়েই।
জনেৰ‌‌ জনৰ, মানুহৰ।
কহয়কয়।

২। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ ব্ৰজাৱলী বা ব্রজবুলি এটা কৃত্ৰিম সাহিত্যিক ভাষা। ব্রজধামত চলিত ভাষা বুলি এই ভাষাক ব্রজবুলি ভাষা বোলা হয়। পণ্ডিতসকলে কব খোজে যে মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সময়ত অসম-বঙ্গ-উৰিষ্যাত এই কৃত্রিম ব্ৰজাৱলী ভাষাৰ সৃষ্টি হৈছিল। ব্রজাৱলী বা ব্রজবুলি এটা সাহিত্যিক ভাষা হৈ পৰিছিল। পশ্চিমা হিন্দী ভাষাৰ লগত ব্রজবুলি ভাষাৰ কোনো সম্পর্ক নাই। এই ভাষাৰ মূল ভেটি মৈথিলী ভাষা। মৈথিলী ভাষাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া আঞ্চলিক ভাষাৰ সংমিশ্ৰণত এই ভাষাৰ সৃষ্টি হৈছিল। অসমীয়া ভাষাৰো শব্দ সংযোজনেৰে গুৰুজনাই কৃত্রিম ব্ৰজাৱলী ভাষাৰ প্ৰচলন কৰিছিল। ব্ৰজাৱলী এটা শক্তিশালী ভাষা ৰূপে পৰিগণিত হৈছিল। স্বৰধ্বনিৰ প্ৰচুৰ প্ৰয়োগে ভাষাটোক শ্রুতিমধুৰতা দিছিল।

3 thoughts on “Class 10 Assamese Chapter 1 বৰগীত”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top