Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ Solutions and select need one. Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.
Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 6 উদ্যোগী হওঁ আহাঁ Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.
উদ্যোগী হওঁ আহাঁ
Chapter: 6
| পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ |
‘ক’ — ভাব-বিষয়ক
১। (ক) দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম কি?
উত্তৰঃ দশম শ্ৰেণীৰ কোঠাত সোমোৱা শ্ৰেণী-শিক্ষক গৰাকীৰ নাম প্ৰকাশ গোস্বামী।
(খ) শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো কি আছিল?
উত্তৰঃ শ্ৰেণী-শিক্ষকগৰাকীয়ে আলোচনা কৰিবলৈ লোৱা নতুন বিষয়টো আছিল- এজন ব্যক্তিয়ে কেনেকৈ নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে।
(গ) এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্ৰ ব্যৱধান কি?
উত্তৰঃ এজন উদ্যোগী আৰু কৰ্মহীন নিবনুৱাৰ মাজত থকা ক্ষুদ্র ব্যৱধানটো হ’ল এলাহ।
(ঘ) এজন সফল উদ্যোগী হ’বলৈ কি কি গুণৰ প্রয়োজন?
উত্তৰঃ এজন সফল উদ্যোগী হ’বৰ বাবে লাগিব ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি।
(ঙ) ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো কি?
উত্তৰঃ ক’কা ক’লা কোম্পানীৰ বিজ্ঞাপনটোত কোৱা কথাটো হ’ল- Eat cricket, sleep cricket, dream cricket, drink cricket.
(চ) নাৰায়ণ মূৰ্ত্তী কোন?
উত্তৰঃ নাৰায়ণ মূৰ্ত্তী ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী। তেওঁ ইনফ্চিচ (Infosys) কোম্পনীৰ প্ৰতিষ্ঠাপক।
(ছ) বিজিতে ছাৰক উদ্যোগী সম্পৰ্কে কি কৈছিল?
উত্তৰঃ বিজিতে ছাৰক উদ্যোগী সম্পর্কে কৈছিল– “উদ্যোগীসকল হ’ল এনে ব্যক্তি যিয়ে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হয়।”
(জ) প্রথম অৱস্থাত উদ্যোগীয়ে কি কৰিবলৈ সাজু থাকিব লাগিব?
উত্তৰঃ প্ৰথম অৱস্থাত এজন উদ্যোগীয়ে জোতা চিলাইৰ পৰা চণ্ডীপাঠ সকলো কৰিবলৈ সাজু থাকিব লাগিব।
(ঝ) টমাচ আলভা এডিছনে ইলেকট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কি কৈছিল?
উত্তৰঃ টমাচ আলভা এডিছনে ইলেক্ট্রিক বাল্ব তৈয়াৰ কৰাত বাৰে বাৰে বিফল হৈ কৈছিল– “মই বিফল হোৱা নাই। মাত্র বুজিলো যে ১০,০০০ ধৰণে ই কাম নকৰে।”
২। চমুকৈ বুজাই লিখা:
(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।’ -শিক্ষকগৰাকীয়ে কিয় এইদৰে ক’লে বুজাই লিখা।
উত্তৰঃ শিক্ষকজনে কোৱা কথাষাৰ অসমীয়াৰ এষাৰ প্ৰবাদবাক্য যে, “উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ নিচান।” শিক্ষকজনে এই কথাষাৰ কোৱাৰ কাৰণ হ’ল শ্ৰেণীকোঠাত শিক্ষকজনে যিটো নতুন বিষয় আলোচনা কৰিব লৈছিল সেই বিষয়টো আছিল এজন ব্যক্তিয়ে কেনেকৈনো নিজকে এজন উদ্যোগী ব্যক্তি হিচাপে গঢ়ি তুলিব পাৰে। এই বিষয়টো আলোচনাৰ প্ৰসঙ্গত শিক্ষকজনে এই প্রবাদ বাক্যশাৰী ছাত্র-ছাত্রীসকলক কৈ শুনাইছিল।
(খ) সফল উদ্যোগী হ’বলৈ কিয় কঠিন।
উত্তৰঃ সকলোতকৈ সহজ কাম হ’ল এজন উদ্যোগী বা এন্ট্রাপিনিওৰ হোৱা। তাৰবাবে কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। ইয়াৰ বিপৰীতে আটাইতকৈ কঠিন কাম হ’ল এজন সফল উদ্যোগী হোৱা। কঠিন হোৱাৰ কাৰণ এয়ে যে এজন সফল উদ্যোগী হ’বলৈ ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তিৰ ‘ব্যক্তি হ’ব লাগিব। এইবোৰ গুণ সকলোৰে নাথাকে। শিক্ষকজনৰ মতে সেয়ে এজন সফল উদ্যোগী হোৱা কামটো অতি কঠিন।
(গ) এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰে কৰা কাম বুলি শিক্ষকগৰাকীয়ে কিয় কৈছে বুজাই লিখা।
উত্তৰঃ কোনোৱে একেদিনাই চাইকেল চলাব নোৱাৰে। এদিন এদিনকৈ শিকোতে শিকোতেহে এদিন চাইকেল চলাব পৰা হয়। এজন উদ্যোগী হ’বলৈ যোৱাটোও চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম। বহুতেই প্রথম বিফলতাতে এৰি দিয়ে, কোনোবাই দুবাৰত এৰি দিয়ে, কোনোবাই তিনিবাৰত বিফল হ’লে এৰি দিয়ে। কিন্তু যিয়েই এৰি নিদি লাগি থাকে তেৱেঁই এদিন এজন সফল উদ্যোগী হয়গৈ। সেই কাৰণেই শিক্ষকগৰাকীয়ে এজন উদ্যোগী হ’বলৈ যোৱাটো চাইকেল চলাবলৈ শিকাৰ দৰে একক প্ৰচেষ্টাৰ কাম বুলি কৈছে।
(ঘ) উদ্যোগী কোনসকল ব্যক্তিক কোৱা হয় বুজাই লিখা।
উত্তৰঃ বিজিতৰ মতে উদ্যোগী সেইজনক কোৱা হয়, যিজনে নিজে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰি কোনো বস্তু বা সেৱা বিক্ৰী কৰি নিজৰ জীৱিকা উলিওৱাৰ লগতে আনকো কর্মসংস্থান দিবলৈ সক্ষম হয়। আনহাতে শিক্ষকজনৰ মতে, নিজৰ ইচ্ছামতে নিজৰ সময়সূচী ঠিক কৰি নিজৰ উদ্ভাৱনা আৰু কৰ্মশক্তিৰে নিজকে প্ৰতিষ্ঠা কৰা প্ৰতিজন ব্যক্তিয়েই একো একোজন উদ্যোগী বা entrepreneur সেই হিচাপত জুবিন, পাপনৰ দৰে এজন শিল্পী, এখন ৰেষ্টুৰেণ্ট বা ধাবাৰ মালিক, এখন গেলামাল দোকানৰ মালিক নতুবা এখন বিউটি পার্লাৰ চলোৱা ব্যক্তি সকলোৱেই একো একোজন উদ্যোগী।
৩। ইন্ফচিচ কোম্পানীৰ প্ৰতিষ্ঠাপক কোন? তেওঁ ভাৰতবৰ্ষ তথা বিশ্বৰ এজন সফল উদ্যোগী হোৱাৰ আঁৰৰ কাহিনীটো বৰ্ণনা কৰা।
উত্তৰঃ ইন্ফচিচ কোম্পনীৰ প্ৰতিষ্ঠাপক নাৰায়ণ মূৰ্ত্তী।
অভিযান্ত্রিক শিক্ষা সমাপ্ত কৰি নাৰায়ণ মূৰ্ত্তীয়ে কিছুদিন চাকৰি কৰাৰ পিছত চাকৰি ত্যাগ কৰি ‘Softronics’ নামৰ এক কোম্পানী প্রতিষ্ঠা কৰে। কিন্তু প্রতিষ্ঠা কৰাৰ ডেৰ বছৰ পাছতে দেউলীয়া হৈ কোম্পানীটো বন্ধ হৈ যায়। কোম্পানীটো বন্ধ হৈ যোৱাৰ পিছত তেওঁ পুনৰ চাকৰিত যোগদান কৰে যদিও অৱশেষত চাকৰি বাদ দি কেইজনমান বন্ধুৰ লগ লাগি ‘Infosys’ নামৰ কোম্পনীটো আৰম্ভ কৰে। এই কোম্পানী খুলিবৰ বাবে নাৰায়ণ মূৰ্ত্তীক তেওঁৰ পত্নীয়ে দহ হাজাৰ টকা নিজৰ সাঁচতীয়া ধনৰ পৰা আগবঢ়াই দিয়ে। সেই দহ হাজাৰ টকা মূলধনেৰে আৰম্ভ কৰা ইন্ফচিচ প্ৰথম অৱস্থাত বহুতো বাধা, ঘাত-প্রতিঘাতৰ সম্মুখীন হ’ব লগা হৈছিল। নব্বৈৰ দশকত তেতিয়াৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় অর্থনীতিক মুকলি কৰি দিয়াত ইন্ফচিচৰ হাতলৈ অফুৰন্ত সুযোগ আৰু সুবিধা আনি দিয়ে। ধৈর্য আৰু একাগ্ৰতাৰে সুযোগৰ অপেক্ষাত থাকি সময়ৰ শৰ সময়ত মৰা বাবে আজি নাৰায়ণ মূৰ্ত্তী বিশ্বৰ ভিতৰত এজন সফল উদ্যোগী হ’ব পাৰিছে।
৪। “ছাৰ, এজন উদ্যোগী হ’ব বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ’ব লাগিব? – এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লিখা।
উত্তৰঃ এইদৰে প্ৰীতমে সুধিছিল।
তাৰ উত্তৰত শিক্ষকে কৈছিল, তুমি কোনটো দিশত উদ্যোগী হ’বলৈ বিচাৰিছা তাৰ ওপৰত তোমাৰ প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাটো নিৰ্ভৰ কৰিব। এখন ধাবা বা এখন গেলামালৰ দোকান খোলাৰ বাবে অথবা এখন শাক-পাচলিৰ দোকান খুলিবৰ বাবে বিশেষ কোনো শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই। কিন্তু এইবোৰ ব্যৱসায়তো কৃতকার্য হ’বৰ বাবে বুদ্ধি আৰু সাধাৰণ জ্ঞানৰ প্ৰয়োজন হয়। আনহাতে এখন বিউটি পার্লাৰ বা মটৰ গাড়ী ভাল কৰা গেৰেজ বা মোবাইল ফোন, টিভি ভাল কৰা দোকান খুলিবৰ বাবে নিজৰ সেই কামৰ কৌশল বা skill থকাটো প্রয়োজন। কেৱল আনৰ ওপৰত নিৰ্ভৰ কৰি এনেবোৰ ব্যৱসায়ত কৃতকার্য হ’ব নোৱাৰি। আকৌ বর্তমান সময় প্রযুক্তি, তথ্য-প্রযুক্তি আৰু জ্ঞানৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা অৰ্থনীতি আৰু সমাজ ব্যৱস্থাৰ সময়। গতিকে এনেবোৰ বিষয়ত উদ্যোগী হ’ব বিচাৰিলে এনে বিষয়ৰ শিক্ষা, জ্ঞান আৰু কৌশলসমূহ আহৰণ কৰাটো অতিকে গুৰুত্বপূৰ্ণ।
৫। “এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়।” – কথাষাৰ পাঠৰ আধাৰত বুজাই লিখা।
উত্তৰঃ শিক্ষকজনৰ মতে এজন উদ্যোগী হোৱা যিমান সহজ, সফল হোৱাটো কিন্তু সিমান সহজ নহয়। উদ্যোগী হ’বলৈ কোনো বিশ্ববিদ্যালয়ৰ ডাঙৰ ডিগ্ৰী নালাগে। এজন সফল উদ্যোগী হ’বলৈ লাগিব ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি। সকলোৰে পিছে এই গুণবোৰ নাথাকে। আনহাতে এজন উদ্যোগী হ’ব খোজা ব্যক্তি এলেহুৱা হ’ব পাৰে। কিন্তু সফল উদ্যোগী হ’বলৈ প্ৰথম অৱস্থাত ব্যক্তিজনে এলাহ বর্জন কৰি জোতা চিলাইৰ পৰা চণ্ডীপাঠলৈকে সকলোবোৰ কাম কৰিবলৈ সাজু থাকিব লাগে।
৬। “ভাৰতৰ সৰ্বতোকালৰ এজন সফল ব্যৱসায়ী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল।” – ধীৰুভাই আম্বানীয়ে মূলধন আৰু শিক্ষাগত অৰ্হতা নথকাকৈ কেনেকৈ এজন সফল উদ্যোগী হ’ব পাৰিছিল, বৰ্ণনা কৰা।
উত্তৰঃ বহুতৰে ধাৰণা যে উদ্যোগী হ’বৰ বাবে বহুতো মূলধনৰ প্ৰয়োজন। কিন্তু ভাৰতৰ সৰ্বতোকালৰ এজন সফল উদ্যোগী ধীৰুভাই আম্বানীৰ হাতত মূলধনো নাছিল অথবা তেওঁৰ ভাল শিক্ষাগত অৰ্হতাও নাছিল। তথাপি তেওঁ এজন সফল উদ্যোগী হ’ব পাৰিছিল। মেট্ৰিকতে শিক্ষা সমাপ্ত কৰা ধীৰুভায়ে প্রথমে পেট্রল ডিপোত তেল ভৰোৱা কাম কৰিছিল আৰু নিজৰ কামৰ বাবে ডিপোটোৰ মেনেজাৰ পদলৈ পদোন্নতি লাভ কৰিছিল। কিন্তু উদ্যোগী হৈ নিজকে প্ৰতিষ্ঠা কৰাৰ দুৰ্বাৰ হেঁপাহৰ বাবে তেওঁ চাকৰি বাদ দি ব্যৱসায় কৰাৰ সিন্ধান্ত লয়। ‘মন কৰিলে চন, বাকৰি মাটিতে ধন’ – এই চিন্তাৰে আগবাঢ়ি মূলধন অবিহনেও তোমাৰ বাৰীৰে বাঁহগাজ আনি তাৰে কৰিছো খৰিচা, তোমাতে সলাই ধানদোন লৈছোঁ কথাটো মন কৰিছা? কৌশলেৰে ৰাইজৰ পৰা ধন লৈ কাপোৰ তৈয়াৰ কৰি পুনৰ ৰাইজকে বেচি মুনাফা অৰ্জন কৰি তাৰ লাভাংশৰ ভাগ অংশীদাৰসকলৰ মাজতো বিতৰণ কৰিলে। সময়ত ধীৰুভাই আম্বানীয়ে সেই ব্যৱসায়ত সোপতদোপে আগবাঢ়ি তেওঁ ৰিলায়েঞ্চ কমাৰ্চিয়েল কর্পোৰেচন স্থাপন কৰে আৰু পৰৱৰ্তী সময়ত ইয়েই বিখ্যাত ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীজ হয়গৈ। সেয়ে মূলধন নথকাকৈও যে সফল উদ্যোগী হ’ব পাৰে তাৰেই উদাহৰণ ধীৰুভাই আম্বানী।
৭। ছাত্র-ছাত্রীসকলক উদ্যোগী হিচাপে মানসিকভাৱে প্রস্তুত কৰি ৰাখিবলৈ কি কি কৰিব পৰা যায়?
উত্তৰঃ উদ্যোগী হ’বলৈ বিচৰা লোকৰ বাবে ভাৰত চৰকাৰৰ Indian Institute of Entrepreneurship নামৰ সংস্থা ভাৰতৰ প্ৰতিখন ৰাজ্যতে আছে যদিও ছাত্র-ছাত্রীসকলকো উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়ত উদ্যোগী কোষ (entrepreneur cell) গঠন কৰা হৈছে আৰু এই কোষসমূহে নিয়মিতভাবে কর্মশালা, প্রশিক্ষণ আদিৰ আয়োজন কৰে। সেয়েহে ছাত্ৰ অৱস্থাৰে পৰা কেৱল চাকৰিৰ আশাত পঢ়াৰ পৰিৱৰ্তে সমান্তৰালভাৱে এই কর্মশালা প্রশিক্ষণ আদিত যোগদান কৰি নিজকে উদ্যোগী হিচাপে মানসিকভাৱে প্ৰস্তুত কৰি ৰাখিব পাৰে।
৮। চমুটোকা লিখা:
টমাচ আলভা এডিছন, ৰাডাৰফৰ্ড, আলেকজেণ্ডাৰ গ্রাহামবেল, চেষ্টাৰ কাৰ্লচন বিল গেট্চ, উইলিয়াম শ্বেইক্সপীয়েৰ, জুবিন গাৰ্গ, অংৰাগ পাপন মহন্ত।
উত্তৰঃ টমাচ আলভা এডিছন: বিখ্যাত মার্কিন বিজ্ঞানী আৰু আৱিষ্কাৰক ১৮৪৭ চনৰ ১১ ফেব্ৰুৱাৰীত জন্ম আৰু মৃত্যু হয় ১৯৩১ চনৰ ১৮ অক্টোবৰত। টমাচ আলতা এডিছনক বহুতে ‘আৱিষ্কাৰৰ মেচিন’ আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ জনক বুলি অভিহিত কৰে। প্ৰায় এহাজাৰতকৈও অধিক সৰু-বৰ আৱিষ্কাৰৰ পেটেণ্ট যন্ত্ৰৰ তেওঁ অধিকাৰী। টমাচ আলভা এডিচনে ইলেকট্ৰিক বাল্ব তৈয়াৰ কৰিছিল। ১৮৭৭ চনত তেওঁ এটা কথা ক’ব পৰা আকৰ্ষণীয় যন্ত্ৰৰ আৱিষ্কাৰ কৰে। সেইটোৱেই আছিল আধুনিক গ্রামোফোন আৰু টেপ ৰেকৰ্ডাৰৰ আদি ৰূপ। এডিছনে ইয়াৰ নাম দিছিল গ্রামোফোন।
ৰাডাৰফৰ্ড: ৰাডাৰফৰ্ড এজন প্ৰসিদ্ধ ব্ৰিটিছ-নিউজিলেণ্ডীয় বিজ্ঞানী আছিল। তেওঁক “আধুনিক পৰমাণু বিজ্ঞানৰ পিতা” বুলি জনা যায়। তেওঁয়ে প্ৰথমবাৰ পৰমাণুৰ নিউক্লিয়াৰ গঠন প্ৰমাণ কৰিছিল আৰু ইলেক্ট্ৰনসমূহ কেন্দ্ৰৰ চাৰিওফালে ঘূৰি থাকে বুলি বুজাইছিল।
আলেকজেণ্ডাৰ গ্রাহামবেল: স্কটলেণ্ডৰ পদার্থ বিজ্ঞানী আৰু শিক্ষাবিদ; টেলিফোনৰ আৱিষ্কাৰক। ১৮৪৭ চনৰ ৩ মাৰ্চত স্কটলেণ্ডৰ এডিনবৰাত জন্ম। পিতৃ আলেকজেণ্ডাৰ মেলভিল বেল। এডিনবৰা বিশ্ববিদ্যালয় আৰু লণ্ডনৰ ইউনিভাৰচিটি কলেজত শিক্ষা লাভ কৰি দেউতাকৰ এক মূকবধিৰ শিক্ষানুষ্ঠানত সহকাৰীৰূপে কৰ্মজীৱন আৰম্ভ। ১৮৭১ চনত গ্রাহামবেল আমেৰিকালৈ যায় আৰু তাৰ বষ্টন বিশ্ববিদ্যালয়ৰ কণ্ঠ শৰীৰবিদ্যা (vocal physiology) বিভাগৰ অধ্যাপকৰূপে কাৰ্যনিৰ্বাহ কৰে (১৮৭৩)। সমসাময়িকভাৱে মুকবধিৰসকলৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰয়াস কৰিবলৈ লয়। বধিৰসকলৰ শিক্ষাৰ উন্নয়নত তেওঁ উদ্ভাৱন কৰা পদ্ধতিৰ বিশেষ অৱদান আছে। সেই সময়তে তেওঁৰ মনলৈ বৈদ্যুতিক তৰংগৰ সহায়ত শব্দ প্ৰেৰণৰ ধাৰণাটো আহে আৰু দীৰ্ঘ গৱেষণাৰ অন্তত ১৮৭৫ চনৰ ৫ জুনত বেলে আৱিষ্কাৰ কৰে তেওঁৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ কীর্তি টেলিফোন। ১৯২২ চনৰ ২ আগষ্টত গ্রাহামবেলৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ দিনা আমেৰিকা চৰকাৰে দেশখনৰ সকলো টেলিফোন এক মিনিটৰ বাবে বন্ধ ৰাখি টেলিফোনৰ আৱিষ্কাৰক আলেকজেণ্ডাৰৰ প্ৰতি সম্মান জনাইছিল।
চেষ্টাৰ কাৰ্লচন: চেষ্টাৰ কাৰ্লচন আছিল এজন আমেৰিকান উদ্ভাৱক যিয়ে ফটোকপিৰ আৱিষ্কাৰৰ সূচনা কৰা প্ৰযুক্তিৰ সৃষ্টি কৰিছিল। ১৯৩০ চনত তেওঁ এই ধাৰণাটো লৈছিল যদিও ইয়াক এটা কাম কৰা যন্ত্ৰলৈ বিকশিত কৰাৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল। কিন্তু তেওঁ অটল আছিল আৰু শেষত এটা কোম্পানীৰে অংশীদাৰিত্ব কৰিছিল যিয়ে তেওঁক তেওঁৰ উদ্ভাৱনক বজাৰলৈ অনাত সহায় কৰিছিল। তেওঁৰ কামে নথিপত্ৰ কপি আৰু ছপা কৰাৰ ক্ষেত্ৰত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল।
বিল গেট্চ: কম্পিউটাৰ-ছফটৱেৰ ইঞ্জিনিয়াৰ আৰু ব্যৱসায়ী, বিশ্বৰ আটাইতকৈ ধনী ব্যাক্তি হিচাপে পৰিগণিত বিল গেট্চৰ প্ৰকৃত নাম উইলিয়াম হেনৰি গেট্চ (William Henry Gates)। ১৯৫৫ চনৰ ২৮ অক্টোবৰত ৱাশ্বিংটনত ছিয়াটলত (Seattle) বিল গেট্চৰ জন্ম হয়। পিতৃ উইলিয়াম এইচ গেট্চ (জ্যেষ্ঠ), মাতৃ মেৰী মেক্সৱেল গেট্চ। ১৯৬৭ চনত তেওঁ লেকচাইড স্কুলত ভর্তি হয়। সৰুৰে পৰা তেওঁ কম্পিউটাৰৰ প্ৰতি বেছ আগ্রহী আছিল আৰু ১৩ বছৰ বয়সতে স্কুলৰ বাবে এক ‘বেছিক লেংগুৱেজ’ প্রগ্ৰেম কৰি উলিয়াইছিল। ১৯৬৯ চনত গেটছে পল এলেন আৰু দুই সহপাঠীৰ সৈতে ‘লেকচাইড প্রগ্রেমাৰ্ছ গ্রুপ’ প্রতিষ্ঠা কৰে। ১৯৭৩ চনত গেট্চ শিক্ষালাভৰ বাবে হাভাৰ্ডলৈ যায়। ১৯৭৫ চনত পল আৰু গেটছে ‘মডেল ইন্সট্রুমেন্টেছন এণ্ড টেলিমেট্রি ছিষ্টেমছ’ (চমুকৈ এম আই টি এছ) নামৰ প্রতিষ্ঠানটোৰ বাবে এক ‘বেছিক’ ছফটৱেৰ সম্পূৰ্ণ কৰি তোলে আৰু তেওঁলোকৰ নিজস্ব কোম্পানী ‘মাইক্রোছফট কৰ্পেৰেছন’ৰো জন্ম দিয়ে। ১৯৮০ চনত তেওঁ বিখ্যাত কম্পিউটাৰ কোম্পানী আই বি এমৰ লগত চুক্তিবদ্ধ হয় আৰু ১৯৮১ চনত এই কোম্পানীয়ে, মাইক্রোছফটে বিকাশ কৰা এম এছ ড’ছ (MS DOS: Microsoft Disk Operating System). বা মাইক্রোছফট ডিস্ক অপাৰেটিং ছিষ্টেম পদ্ধতি তেওঁলোকৰ পাৰ্ছনেল কম্পিউটাৰত ব্যৱহাৰ কৰিবলৈ লয়।
উইলিয়াম শ্বেইক্সপীয়েৰ: ইংৰাজ নাট্যকাৰ আৰু কবি। ১৫৬৪ চনৰ ২৬ এপ্ৰিলত ইংলেণ্ডৰ ৱাৰউইকশ্বায়াৰৰ (Warwickshire) ষ্ট্ৰেটফোর্ড-আপন-এভন (Stratford upon- Avon) নামৰ ঠাইত জন্ম। পিতৃ জন শ্বেক্সপীয়েৰ (John Shakespeare, ১৫৩০- ১৬০১) আছিল এজন চহকী ব্যৱসায়ী। মাক মেৰি আৰ্ডেন (Mary Arden) এক সম্ভ্রান্ত ঘৰৰ মহিলা আছিল যদিও লিখা-পঢ়া একেবাৰে নাজানিছিল।
ষ্ট্ৰেটফোর্ডৰ এখন বিদ্যালয়ত প্ৰাথমিক শিক্ষা লাভ কৰা শ্বেক্সপীয়েৰে উচ্চ শিক্ষা লাভ কৰিছিল নে নাই জনা নাযায়। অৱশ্যে লেটিন আৰু গ্ৰীক ভাষাৰ জ্ঞান লাভ কৰিছিল। ১৫৮০ চনৰ পৰা ১৫৮২ চনলৈ এটা ৰোমান কেথলিক পৰিয়ালত শিক্ষক হিচাপে কাম কৰিছিল বুলি জনা যায়। ১৫৮২ চনত এনি হেথৱে নামৰ তেওঁতকৈ আঠ বছৰ ডাঙৰ মহিলা এগৰাকীৰ লগত বিবাহ আৰু কালক্ৰমত এটি পুত্ৰ আৰু দুটি কন্যা সন্তানৰ পিতৃ। শ্বেক্সপীয়েৰৰ ১৫৮২ চনৰ পাছৰ সময়ছোৱা ভালদৰে জনা নাযায়। হয়তো সেই সময়ত লণ্ডনৰ কোনো এক বা একাধিক থিয়েটাৰ কোম্পানীত অভিনেতা আৰু নাট্যকাৰ হিচাপে তেওঁ কাম কৰিছিল।
লণ্ডনত থকা কালতে শেক্সপীয়েৰে থিয়েটাৰৰ বাবে নাটক লিখিবলৈ লয়। ১৫৯২ চনত তেওঁ লণ্ডনৰ বিখ্যাত নাটক কোম্পানী ‘লর্ড চেম্বাৰলেইন্জ মেন’ত (Lord Chamberlain’s Men) যোগদান কৰে আৰু কৰ্মজীৱনৰ শেষলৈকে তাতে থাকে। ১৬০৩ চনত এই কোম্পানীয়ে নাম সলাই ‘কিংছ মেন’ নাম লয় আৰু প্ৰায়ে ইংলেণ্ডৰ ৰাজসভাত নাট প্ৰদৰ্শন কৰে। সেই সময়ৰ ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ পৃষ্ঠপোষকতাত এই সংস্থাই লণ্ডনত বিশেষ প্রসিদ্ধি লাভ কৰে। সকলো প্ৰসিদ্ধ নাট্যকাৰৰ দৰে শ্বেক্সপীয়েৰেও ৰংগমঞ্চ সমূহৰ (theatre) প্ৰতি লক্ষ্য ৰাখি নাট ৰচনা কৰিছিল।
জুবিন গাৰ্গ: জুবিন গাৰ্গ অসম তথা ভাৰতবৰ্ষৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰি তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, চলচ্চিত্ৰ অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ,বাদ্যযন্ত্ৰী, কবি আৰু সমাজকৰ্মী। ১৯৭২ চনৰ ১৮ নৱেম্বৰত মেঘালয়ৰ তুৰাত জুবিন গাৰ্গৰ জন্ম হৈছিল। অসমীয়া, হিন্দী, বঙালী, বড়ো, কোচ-ৰাজবংশী, কমতাপুৰী, গোৱালপাৰীয়া, চাহ বাগানীয়া, হাজং, মিচিং, কাৰ্বি, গাৰো, ৰাভা, ডিমাচা, টাই-আহোম, নেপালী, বিষ্ণুপ্ৰিয়া মণিপুৰী, তামিল, ইংৰাজী আদি বিভিন্ন ভাষাত তেওঁ কণ্ঠদান কৰিছে। ১৯৯২ চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগে পেছাদাৰী সংগীত জগতখনৰ সৈতে জুবিন জড়িত হৈ পৰে।
বাঙালী চিনেমা শুধু তুমিৰ কাৰণে জুবিনে ২০০৫ চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল। হিন্দী ভাষাৰ য়া আলি গীতটোৰ বাবে জুবিনে ২০০৬ চনত গ্ল’বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড (GIFA) আৰু ষ্টাৰডাষ্ট এৱাৰ্ডত শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী (পুৰুষ) বঁটা লাভ কৰিছিল। ইয়াৰ উপৰি Echoes of Silence (ইংৰাজী-খাচী) ছবিৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে তেওঁ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰিছিল। আধুনিক অসমীয়া সংগীতত নতুন মাত্ৰা প্ৰদান কৰাৰ বাবে ২০১৪ চনত জুবিন গাৰ্গলৈ ৰেনেছাঁ অসম বঁটা আগবঢ়োৱা হয়। ২০২৪ চনৰ ২৭ মে’ত জুবিন গাৰ্গক মেঘালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰ অৱ লিটাৰেচাৰ (ডি.লিট) ডিগ্ৰী প্ৰদান কৰে। ২০২৫ চনত বেলতলা বহাগী উৎসৱ সমিতিয়ে তেওঁক জীৱনজোৰা সাধনাৰ ড॰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰে। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হয়।
অংৰাগ পাপন মহন্ত: কণ্ঠশিল্পী। ১৯৭৫ চনত তেওঁৰ জন্ম হয়। অসমীয়াৰ বাহিৰেও হিন্দী, বাংলা, তামিল, মাৰাঠী আদি বহুতো ভাষাত পাপনে গীত গাইছে। উত্তৰ-পূৰ্বাঞ্চলৰ লোক সংগীত আৰু বৈষ্ণৱ ভক্তিমূলক গীতসমূহক আধুনিক বাদ্যযন্ত্ৰৰ ব্যৱহাৰেৰে ফিউজন ৰূপত উপস্থাপন কৰি জনপ্ৰিয় কৰে।
৯। সমার্থক শব্দ লিখা:
প্রভাত, কঠিন, এলেহুৱা, ডাঙৰ, চেষ্টা, লগৰীয়া, লক্ষ্য, নিৰৱচ্ছিন্ন, হাবিয়াস, সপোন।
উত্তৰঃ
| শব্দ | সমার্থক শব্দ |
| প্রভাত | ৰাতিপুৱা |
| কঠিন | কঠোৰ |
| এলেহুৱা | অলস |
| ডাঙৰ | বিশাল |
| চেষ্টা | প্ৰয়াস |
| লগৰীয়া | বন্ধু |
| লক্ষ্য | উদ্দেশ্য |
| নিৰৱচ্ছিন্ন | অহৰহ নিৰন্তৰ |
| হাবিয়াস | আকাংক্ষা |
| সপোন | স্বপ্ন |
১০। বিপৰীতার্থক শব্দ লিখা:
নতুন, ক্ষুদ্র, সফল, কর্মহীন, এলেহুৱা, সহজ, সপোন, সুবিধা, আৰম্ভ, জন্ম, সমান।
উত্তৰঃ
| শব্দ | বিপৰীত শব্দ |
| নতুন | পুৰণি |
| ক্ষুদ্ৰ | বৃহত |
| কর্মহীন | কর্মঠ |
| এলেহুলা | পৰিশ্ৰমী |
| সহজ | কঠিন |
| সপোন | দিঠক |
| সুবিধা | অসুবিধা |
| আৰম্ভ | শেষ |
| জন্ম | মৃত্যু |
| সমান | অসমান |
১১। তুমি কথা-বতৰা পাতোঁতে সাৱধান হ’বা।
মনে পঢ়া-শুনা কৰি আছে।
গাড়ী দুখন অগা-পিছাকৈ গৈ আছে।
ওপৰৰ বাক্যকেইটাৰ দৰে তলত দিয়া যুৰীয়া শব্দবোৰেৰে বাক্য সাজাঃ
ল’ৰা-ছোৱালী, হাত-ভৰি, খুৱাই-বুৱাই, জীৱন-জীৱিকা, পা-পইচা।
উত্তৰঃ ল’ৰা-ছোৱালী: মাক-দেউতাকৰ বাবে ল’ৰা-ছোৱালী হিয়াৰ আমঠু।
হাত-ভৰি: হাত-ভৰি ধুইহে ভিতৰত সোমাবা।
খুৱাই-বুৱাই: আলহীক খুৱাই-বুৱাই বিদায় দিবা।
জীৱন-জীৱিকা: কর্মহীন জীৱন-জীৱিকা বুলি একো নাথাকে।
পা-পইচা: ভালদৰে জীয়াই থাকিবলৈ পা-পইচাৰ প্ৰয়োজন।
১২। ভাৱ সম্প্ৰসাৰণ কৰা:
(ক) উদ্যোগী পুৰুষ সিংহৰ সমান, এলেহুৱা কাপুৰুষৰ সমান।
উত্তৰঃ উদ্যোগী পুৰুষৰ এলাহ নাথাকে। হাতত মূলধন কিম্বা কোনো ডাঙৰ ডিগ্রী নোহোৱাকৈ উদ্যোগী পুৰুষে ধৈর্য, একাগ্রতা, নিয়মানুবর্তিতা, সময়ানুবর্তিতা, আত্মবিশ্বাস আৰু সিংহৰ দৰে হাৰ নমনা মনোবৃত্তিৰে যিকোনো কামত অগ্ৰসৰ হ’ব পাৰে। কিন্তু এলেহুৱা লোকৰ উক্ত গুণবোৰৰ এটাও নাথাকে বাবেই যিকোনো পৰিস্থিতি মোকাবিলা কৰাৰ সাহস নাথাকে। কাপুৰুষৰ দৰে সকলো ক্ষেত্ৰত পিছত কৰাৰ মনোভাৱেৰে নিজক সদায় পিছুৱাই লৈ গৈ থাকে। সেয়ে এলেহুৱা কাপুৰুষৰ সমান আৰু উদ্যোগী সিংহৰ সমান বুলি কোৱা হয়৷
(খ) যি মূলা বাঢ়ে তাৰ দুপাততে চিন।
উত্তৰঃ মূলা গজি যেতিয়া দুপতীয়া হ’ব তেতিয়াই মূলা কেনেকুৱা হ’ব বুজিব পাৰি। অৰ্থাৎ মূলাডাল ভাল হ’লে দুপাতত সি লহপহীয়া আৰু সতেজ হ’ব। এই কথাৰে ইয়াকে বুজাব বিচাৰিছে যে সৰু কালতেই ল’ৰা-ছোৱালী কেনে গঢ়ৰ হ’ব তাক বুজিব পৰা যায়। মানুহৰ ভৱিষ্যতৰ লয়-লক্ষণ, গুণ, স্বভাৱ আদি সৰু কালতেই ফুটি ওলায়। যিসকল ভৱিষ্যতে বেয়া মানুহ হ’ব তাৰ বেয়া গুণ, যিসকল ভাল মানুহ হ’ব তাৰ ভাল গুণ সৰু কালতেই ধৰা পৰে।
(গ) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
উত্তৰঃ শিয়ালে হাঁহ ধৰিব লাগিলে গিৰিহঁতে নেদেখাকৈ অতি যত্ন সহকাৰে কষ্ট কৰি, ইফালে সিফালে পেট পেলাই চুপি কৌশলেৰে ধৰিব লাগিব। এনেদৰে যত্ন নকৰাকৈ, কষ্ট নকৰাকৈ শুই থাকিলে সি কেতিয়াও হাঁহ ধৰিব নোৱাৰে।
ঠিক সেইদৰে মনে বিচৰা কিবা বস্তু পাবলৈ বা জীৱনত উন্নতি কৰিবলৈ এলেহুৱা হৈ বহি নাথাকি তাৰ বাবে বিশেষ যত্ন আৰু কষ্ট কৰিব লাগে। তাকে নকৰি বহি থাকিলে বস্তুৰেই লাভ নহয় অথবা ভাগ্যোদয় নহয়। কথাতে কয় – বহি থাকিলে ভাগ্যও বহি থাকে,– লৰচৰ কৰিলে ভাগ্যয়ো লৰচৰ কৰে।
১৩। লিংগ পৰিৱৰ্তন কৰা:
শিক্ষক, ছাৰ, ছাত্র, পুৰুষ, বন্ধু।
উত্তৰঃ শিক্ষক – শিক্ষয়িত্রী।
ছাৰ – মেডাম।
ছাত্র – ছাত্রী।
পুৰুষ – নাৰী।
বন্ধু – বান্ধৱী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.




It is really helpful
it was so helpful thanks a lot ??
Very helpful thank you sir iman khini korar babe
Sir muk siksa aru khomaj bebosthar uprt essay type k alp help lgisil
Hello
Sir thank you very very helpful my form Assam Dibrugarh district…
🙂
Such a beautiful feelings after read this ??
Thank you so much 🥰🥰🥰🥰🥰🥰
This page is many many many helpful for us
I see Instagram reels
Thank you dev sir. It’s really helpful for me 😊
Thanxksssssss 🎀💀
Hi