Class 10 Assamese Chapter 5 দৃশ্যান্তৰ | অসমীয়া Class 10 দৃশ্যান্তৰ

Class 10 Assamese Chapter 5 দৃশ্যান্তৰ | অসমীয়া Class 10 দৃশ্যান্তৰ, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 5 Notes to each chapter is provided in the list of SEBA অসমীয়া Class 10 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter Chapter 5 দৃশ্যান্তৰ can be of great value to excel in the examination.

Join Telegram channel

New Updated short type, MCQ Type Question, Class 10 Assamese পাঠ – 5 দৃশ্যান্তৰ – সমাধান, Class 10 Assamese দৃশ্যান্তৰ Question Answer, Class 10 Lesson 5 Question Answer, দৃশ্যান্তৰ class 10 মূলভাব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 5 দৃশ্যান্তৰ and select needs one.

Class 10 Assamese Chapter 5 দৃশ্যান্তৰ

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese Chapter 5 দৃশ্যান্তৰ  – সমাধান Solutions for All Subject, You can practice these here.

দৃশ্যান্তৰ

– হৰেকৃষ্ণ ডেকা

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

১। ‘দৃশ্যান্তৰ’ কবিতাটোৰ কৰিজনৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ ১৯৪৩ চনত জন্ম। ল’ৰালি কাল তিনিচুকীয়াত কটায় আৰু তাৰে পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ. পাছ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি ভাৰতীয় প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰে। 

তেওঁ “The Sentinel’, ‘গৰীয়সী’ প্রভৃতি আলোচনীৰো সম্পাদক আছিল। তেওঁৰ ৰচিত গ্ৰন্থসমূহ এনেধৰণৰ :

কবিতা পুথি – ৰাতিৰ শোভাযাত্রা, আন এজন, Sea-scare 

গল্প পুথি  — গল্প আৰু কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড।

উপন্যাস — আগন্তুক।

তেওঁ ১৯৮৭ চনত সাহিত্য অকাডেমি বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ১৯১০ চনত আসাম ভেলি লিটাৰেৰী বঁটা’ লাভ কৰে।

২। প্রসঙ্গ সঙ্গতি দর্শাই ব্যাখ্যা কৰা: 

(ক) আকাশ ধিয়াই কেইজোপামান কাকিনী তামোল।

ঘৰৰ দাঁতিত আগলি বাঁহৰ নমিত নমস্কাৰ।

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত দৃশ্যান্তৰ’ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে অতীত আৰু বৰ্তমানৰ মাজত দৃষ্টিগোচৰ হোৱা পৰিবৰ্তনৰ এখনি সুন্দৰ চিত্ৰ কবিতাটিৰ মাজেৰে ফুটাই তুলিবলৈ যত্ন কৰিছে।

মাত্ৰ তিনিটা দশকৰ ভিতৰতেই গ্ৰাম্য জীৱনৰ সৰলতাৰ সম্পূৰ্ণ পৰিবৰ্তন ঘটিল। এসময়ত গাঁৱত তামোল-পাণ আৰু কাঁহৰ অপূৰ্ব সমন্বয় ঘটিছিল। মানুহৰ বাৰীৰ আগলি বাঁহবোৰ হালি-জালি যেন বাটৰুৱাক নমস্কাৰ জনাইছিল। পাঁচিশ বছৰৰ আগতে এদিন গধুলি সময়ত কবিয়ে যিটো পদুলিত আকাশ ধিয়াই থকা কেইজোপামান কাকিনী তামোল আৰু ঘৰৰ দাঁতিত হালি-জালি থকা বাঁহগছ দেখা পাইছিল, সেয়া বর্তমান অনুপস্থিত। কিন্তু, সেই সৰলতা, অকৃত্রিমতা আৰু পৱিত্ৰতাই কবিৰ মন আজিও অচল কৰি ৰাখিছে।

(খ) ‘বয়সৰ চিন নোহোৱা হ’লে 

       মুখত পঁচিশ বছৰ আগৰ সাইলাখ সাঁচ।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা বিৰচিত দৃশ্যান্তৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাটিত পঁচিশ বছৰৰ আগৰ আৰু পিছৰ দুটা দৃশ্যৰ মাজত দৃষ্টিগোচৰ হোৱা পৰিবৰ্তনৰ আভাস দাঙি ধৰি কবিয়ে কৈছে যে পঁচিশ বছৰৰ আগতে এদিন গধূলি সময়ত কবিয়ে এজন মানুহক লগ পাইছিল এটা পঁজাঘৰৰ পদুলিত। তেওঁ নিজৰ নঙলামুখত থিয় হৈ নিজৰ নঙলামুখত তেওঁৰ ঘৰটো বিচাৰি ফুৰিছিল। সুদীর্ঘ পঁচিশ বছৰৰ মূৰত কবিয়ে পুনৰ একে ঠাইতে আন এজন মানুহক লগ পালে, যিজন মানুহ দেখিবলৈ পঁচিশ বছৰৰ আগত লগপোৱা মানুহজনৰ সৈতে প্রায় একেই যদিও বয়সৰ চিন ধৰিব নোৱাৰিলে।

(গ) কুকুৰীকণা মানুহজনে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। 

উত্তৰঃ উদ্ধৃত কবিতা ফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকা ৰচিত দৃশ্যান্তৰ শীৰ্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে। পঁচিশ বছৰৰ আগতে কবিয়ে এদিন গধূলি সময়ত নিজৰ নঙলামুখতে খপজপাই নিজৰ পদুলি বিচাৰি নোপোৱা এজন মানুহৰ সৈতে লগালগি হৈছিল। তেতিয়া আছিল গধূলি সময়, কিন্তু পৰিপূৰ্ণ জোনাকৰ পোহৰত পৃথিৱীখন আলোকিত হৈ উঠিছিল। কিন্তু, সেই মানুহজন আছিল কুকুৰীকণা ৰোগত আক্রান্ত, সেয়ে তেওঁ নিজৰ পদুলিমুখত থিয় হৈয়ো নিজৰ ঘৰলৈ সোমোৱা বাটটো বিচাৰি পোৱা নাছিল । নিজৰ ঘৰ বিচাৰি নোপোৱা মানুহজনক বাট দেখুৱাই দিবলৈ তাত কোনো সাৰথিও নাছিল।

৩। সাম্প্রতিক অসমীয়া কবিতাৰ লক্ষ্য আৰু বৈশিষ্ট্য সম্পর্কে এটি চমু আলোচনা আগবঢ়োৱা।

উত্তৰঃ ৰোমাণ্টিক যুগৰ অৱসানৰ লগে লগে অসমীয়া কাব্য সাহিত্যলৈ যথেষ্ট পৰিবৰ্তন আহে । কুৰি শতিকাৰ চতুৰ্থ আৰু পঞ্চম দশকৰ পৰাই অসমীয়া কবিতাত নতুন আঙ্গিক আৰু বিষয়বস্তুৱে প্ৰৱেশ লাভ কৰে। জয়ন্তী, আৱাহন, ৰামধেনু প্রভৃতি আলোচনীৰ যোগেদি নতুন এক কাব্য-আন্দোলনৰ সূচনা হয়। ৰোমাণ্টিক কবিতাৰ প্ৰচলিত ভাবধাৰাৰ বিপৰীতে নব্যধাৰাৰ কবিসকলে দ্বিতীয় মহাযুদ্ধৰ ক্ষয়ংকাৰী অভিজ্ঞতা, ফ্ৰয়দীয় মনস্তত্ত্ব, মার্ক্সীয় দর্শন, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ নতুন আৱিষ্কাৰ, নতুন মূল্যবোধ, যান্ত্ৰিক সভ্যতাৰ প্ৰচণ্ড আঘাত, মানৱীয় মূল্যবোধৰ পৰিবৰ্তন প্ৰভৃতিৰ ফলস্বৰূপে সৃষ্টি হোৱা জটিল সমাজ জীৱনৰ প্ৰতিফলন ঘটাই এলানি নতুন কাব্যৰ সৃষ্টি কৰে। ৰোমাণ্টিক কবিসকলে প্ৰধানকৈ শ্যেলী, কীটছ, বাইৰণ, ৱৰ্ডচৱৰ্ণ আদিৰ কবিতাৰ দ্বাৰা প্রভাৱিত হোৱাৰ বিপৰীতে এইসকল কবিয়ে এলিয়ট, অভেন, স্পেন্সাৰ, হুইটমেন, পাবলো নেৰুদা, গৰ্ছিয়া লৰকা, প্ৰভৃতি দেশী-বিদেশী কবিৰ প্রভাৱেৰে প্রভাৱিত হৈ আধুনিক অসমীয়া কবিতাক নব্যৰূপ প্ৰদান কৰিলে।

আনহাতে ফ্রয়দীয় মনস্তত্ত্বৰ যোগেদি মানৱ মনৰ জটিলতাৰ সম্ভেদ দানতো আধুনিক কবিসকলে সফলতা লাভ কৰা দেখা যায়। এলিয়টৰ নতুন ব্যাখ্যা ৰীতিৰ লগতে স্পেন্সাৰ হুইটমেন আদিৰ চিন্তাৰ প্রভাৱেও আধুনিক কবিসকলক আকৰ্ষিত কৰিলে।

আধুনিক কবিসকলে বিষয়বস্তুৰ লগতে আঙ্গিকৰ ক্ষেত্ৰতো পৰিবৰ্তনৰ সূচনা কৰিলে। চিত্ৰকল্পৰ যথাযথ প্রয়োগ, কথিত ভাষাৰ ব্যৱহাৰ, সমসাময়িক জীৱনৰ বিভিন্ন ক্ষেত্রৰ পৰা বুটলি অনা বিবিধ চিত্রকল্প আৰু প্রতীকে আধুনিক কবিতাৰ আঙ্গিকলৈ নতুনত্ব কঢ়িয়াই আনিছে। জয়ন্তী আলোচনীৰ পাততেই প্ৰথমে আধুনিকতাৰ সূচনা হয়। কেইগৰাকীমান প্রগতিবাদী চিন্তাৰ কবি বিশেষকৈ ধীৰেন্দ্রনাথ দত্ত, ভবানন্দ দত্ত, আদিয়ে ৰোমাণ্টিক ভাবপ্রবণতাৰ পৰা আঁতৰি আহি বাস্তৱৰ সমস্যাৰ প্ৰতি মনোনিবেশ কৰি কাব্যৰচনাত প্ৰবৃত্ত হয়। মিশ্রিত কথ্যভাষা আৰু গদ্য ছন্দৰ প্ৰয়োগৰ যোগেদি বাস্তৱবাদী ভাবধাৰাৰে কাব্যচৰ্চা কৰা কবিসকলৰ ভিতৰত ভবানন্দ দত্ত, অমূল্য বৰুৱা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। ভবানন্দ দত্তৰ ‘ৰাজপথ’, অমূল্য বৰুৱাৰ ‘আন্ধাৰৰ হাহাকাৰ’, কুকুৰ, বেশ্যা, কয়লা প্রভৃতিত বাস্তব জীৱনৰ কদৰ্যতা আৰু অন্তঃসাৰশূন্যতাৰ প্ৰতিফলন ঘটিছে।

পৰৱৰ্তী সময়ছোৱাত সমাজবাদী ভাবধাৰাৰে কাব্য ৰচনাত প্ৰবৃত্ত হোৱা কবিসকলৰ ভিতৰত হেম বৰুৱা সকলোৰে অগ্রগণ্য। তেওঁৰ কবিতাত ৰোমাণ্টিকতাবিৰোধী চিত্রকলা আৰু গদ্যছন্দৰ প্ৰয়োগ মনকৰিবলগীয়া। হেম বৰুৱাৰ সমসাময়িকভাবে অসমীয়া কবিতাত আত্মপ্ৰকাশ কৰা আন দুগৰাকী প্ৰতিভাশালী কবি হৈছে নৱকান্ত বৰুৱা আৰু অজিত বৰুৱা। নৱকান্ত বৰুৱাই জয়ন্তী, পচোৱা আৰু ৰামধেনুৰ যোগেদি কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰে। বৰুৱাৰ কবিতা মূলতঃ প্রতীকধর্মী, তেওঁৰ কবিতাৰ শব্দযোজনা, ছন্দ বৈচিত্ৰ্য আৰু চিত্ৰকল্পৰ নিখুঁত প্রয়োগ চকুতলগা। অজিত বৰুৱাৰ কবিতাত প্ৰতীকৰ প্ৰয়োগ অধিক।

পঞ্চাশৰ দশকত আত্মপ্ৰকাশ কৰি অসমীয়া কাব্য জগতত প্ৰতিষ্ঠা লাভ কৰা কবিসকলৰ ভিতৰত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, হৰি বৰকাকতি, হোমেন বৰগোহাঞি, মহিম বৰা, বীৰেশ্বৰ বৰুৱা, নীলমণি ফুকন, সুশীল শর্মা, অমলেন্দু গুহ, কেশৱ মহন্ত, হেমাংগ বিশ্বাস, দীনেশ গোস্বামী, হীৰেন গোহাঁই, নাম গগৈ আদিৰ নাম বিশেষভাবে উল্লেখযোগ্য। এওঁলোকৰ প্রায়সকলৰ কবিতাতেই সমাজ-বাস্তৱতাৰ সুৰ শুনিবলৈ পোৱা যায়। অৱশ্যে বীৰেশ্বৰ বৰুৱা, মহিম বৰা, নীলমণি ফুকন, সুশীল শর্মা প্রভৃতিয়ে চিত্ৰকল্পৰ সুনিপুণ প্ৰয়োগেৰে আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰিছে।

ষাঠিৰ দশকত আত্মপ্ৰকাশ কৰা উল্লেখযোগ্য কবিসকলৰ ভিতৰত নিৰ্মলপ্ৰভা বৰদলৈ, হীৰেন ভট্টাচার্য, হীৰেন্দ্রনাথ দত্ত, ভবেন বৰুৱা, হৰেকৃষ্ণ ডেকা আদিৰ নাম উল্লেখ কৰিব পাৰি। এওঁলোকে কবিতাৰ শৈল্পিক দিশটোৰ ওপৰত অধিক মনোনিবেশ কৰা দেখা যায়। প্রতীক আৰু চিত্ৰকল্পৰ সাৰ্থক প্রয়োগৰ লগতে আধুনিক যুগৰ মানসিকতাৰ প্ৰতিফলন আৰু লোকজীৱনৰ প্ৰজ্ঞাপ্রসূত দৃষ্টিভংগীয়ে এওঁলোকৰ কবিতাত প্ৰাধান্য লাভ কৰিছে।

সত্তৰৰ দশকত কেইবাজনো কবিয়ে কাব্য সাধনাত আত্মনিয়োগ কৰে। এওঁলোকৰ সৰহভাগেই সমাজবাদী চিন্তাৰ দ্বাৰা প্রভাৱিত, তেওঁলোকৰ ভিতৰত মোহন কৃষ্ণ মিশ্র, ৰবীন্দ্ৰ সৰকাৰ, ৰবীন্দ্ৰ বৰা, জ্ঞান পূজাৰী, অবনী চক্রবর্তী, গায়ত্ৰী কোঁৱৰ, তোষেশ্বৰ চেতিয়া আদি প্ৰধান।

আশীৰ দশকত সমীৰ তাঁতী, অনন্ত তাঁতী, দিলীপ তালুকদাৰ, বিপুলজ্যোতি শ‍ইকীয়া, লুইফা হানুম চেলিমা বেগম, অনুভৱ তুলসী, অনুপম কুমাৰ, অৰ্চনা শৰ্মা, উদয় কুমাৰ শৰ্মা, পূর্ণ ভট্টাচার্য, কবিতা কোঁৱৰ, সাৱিত্ৰী শ‍ইকীয়া, পৰাগ কুমাৰ ভট্টাচার্য, কৰবী ডেকা হাজৰিকা, মাখন কলিতা, বীৰেন হাজৰিকা, প্ৰেম গগৈ, মিকু সিং ৰাজপুত, ৰোহিণী পাঠক, প্রভৃতি কবিয়ে আত্মপ্রকাশ কৰি আধুনিক অসমীয়া কবিতাক সমৃদ্ধ কৰে। সাম্প্ৰতিক অসমীয়া কবিতাই নতুন আঙ্গিক, চিত্ৰকল্প আৰু প্ৰকাশ ৰীতিৰ মাধ্যমেদি জনসাধাৰণৰ বিশেষ আকর্ষণ আদায় কৰিবলৈ সক্ষম হৈছে। জনসাধাৰণৰ কাষ চপাই নিয়াত, কবিতাক নতুন আৰু জনপ্রিয় শিল্প ৰূপে প্রতিষ্ঠা কৰাত এইসকল কবিৰ গুৰুত্ব অনস্বীকার্য। 

৪। সময়ৰ পৰিবৰ্তনে মানুহৰ জীৱনধাৰালৈ কেনে ধৰণৰ পৰিবৰ্তন অনা বুলি কবিতাটিত উল্লেখ কৰিছে ?

উত্তৰঃ সময়ৰ পৰিবৰ্তনৰ লগে লগে মানুহৰ জীৱন ধাৰাৰ পদ্ধতি, চিন্তা-চৰ্চা সকলোৰে পৰিবৰ্তন হয়। পৰিবৰ্তন কেৱল যে বাহ্যিক জগতখনৰে হয়, তেনে নহয়। মানুহৰ মানসিক জগতখনৰো পৰিবৰ্তন ঘটে। ফলত মানুহৰ মানৱীয় বিচাৰধাৰা, চিন্তা-চর্চা সকলোতে পৰিবৰ্তন ঘটে।

৫। মানুহৰ মানসিক জগতখনলৈ পৰিবৰ্তনৰ ঢৌ কেনেদৰে বিয়পিল ? 

উত্তৰঃ গাঁৱৰ পজাঘৰৰ ঠাইত সুদৃশ্য অট্টালিকা হ’ল যদিও মানুহবোৰৰ মনবোৰ সংকীৰ্ণ হৈয়েই ৰ’ল। সেয়ে মানুহ মৰিলেও খবৰ ল’বলৈ কাৰো আহৰি নোহোৱা এটা অৱস্থা আহি পৰিল। মানুহবোৰ বেছি ব্যক্তিকেন্দ্ৰিক হৈ পৰাত সংকীৰ্ণ চিন্তাই তেওঁলোকৰ মনত ঠাই পাবলৈ ধৰিলে। মানুহে নিজৰ ঘৰৰ চাৰিসীমাৰ মাজত অশান্তিৰ মাজত বাস কৰিবলৈ ধৰিলে। কবিয়ে লগতে উল্লেখ কৰিছে যে এইখন সমাজত এতিয়া মানুহ মৰিলে দাহ কৰিবলৈহে এজন মানুহ নাই। আধুনিক জীৱনশৈলী আৰু প্ৰতিযোগিতাই মানুহৰ মনবোৰ ইমানেই সংকীৰ্ণ, স্বাৰ্থপৰ আৰু অন্তঃসাৰশূন্য কৰি তুলিছে যে বিপদে-আপদে মানুহৰ প্ৰতি সহায়ৰ হাত আগবঢ়োৱালৈয়ো তেওঁলোক অপাৰগ হৈ পৰিছে। 

৬। কবিয়ে কংক্রীটৰ হাবিত কি বিচাৰি নোপোৱা বুলি কৈছে ?

উত্তৰঃ কংক্রীটৰ অৰণ্যত মানুহৰ হৃদয়বোৰো কংক্রীটলৈ পৰিবৰ্তন হোৱাত মানুহবোৰ সম্পূৰ্ণ হৃদয়হীন হৈ পৰিছে। কবিয়ে যেতিয়া এটি সাতমহলীয়া ঘৰৰ ওচৰত গৈ উপস্থিত হৈছিল, তেতিয়া এগৰাকী অচিনাকী মানুহে ভাৰাঘৰ বিচাৰি অহা বুলি তেওঁক আগতীয়াকৈ সকীয়াই দিছিল যে তাত ঘৰ নাই আৰু থাকিলেও তাত কোনো শান্তি নাই। নাগৰিক সভ্যতাই সৃষ্টি কৰা কংক্রীটৰ অৰণ্যত মানুহে যে প্ৰকৃত সুখ-শান্তি লাভ কৰিব নোৱাৰে, সেই কথা কবিয়ে কবিতাটিৰ মাজেদি প্ৰকাশ কৰিছে। প্ৰেম আৰু আন্তৰিকতা নথকা ঠাইত মানুহ যে কেতিয়াও শান্তিত থাকিব নোৱাৰে, তাৰ প্ৰমাণ স্বৰূপে কংক্রীটৰ অৰণ্যত হঠাতে নিৰুদ্ধেশ হোৱা মানুহজনৰ প্ৰসঙ্গৰ অৱতাৰণাৰে কবিয়ে উপলব্ধি কৰাব বিচাৰিছে।

৭। বিপৰীতার্থক শব্দ লিখা: 

গধূলি, আকাশ, পোহৰ, শান্তি, জন্ম, নতুন, আৰম্ভ, আদি, আপোন

উত্তৰঃ গধূলি – পুৱা। 

নতুন – পুৰণি।

আকাশ – পাতাল।

আৰম্ভ – শেষ।

পোহৰ – আন্ধাৰ। 

আদি – অন্ত।

শান্তি – অশান্তি।

আপোন – পৰ।

জন্ম – মৰণ।

৮। “গল্প আৰু কল্প” নামৰ গল্প পুথিখনৰ ৰচক কোন ?

উত্তৰঃ সুসাহিত্যিক হৰেকৃষ্ণ ডেকা৷ 

৯। হৰেকৃষ্ণ ডেকাদেৱৰ একমাত্ৰ উপন্যাসখনৰ নাম কি ?

উত্তৰঃ ‘আগন্তুক’।

১০। হৰেকৃষ্ণ ডেকাদেৱে ২০১০ চনত লাভ কৰা বঁটাটোৰ নাম কি ?

উত্তৰঃ ‘আসাম ভেলি লিটাৰেৰী বঁটা’।

১১। পঁজা ঘটিত মানুহজনে কেনেদৰে আছিল ? 

উত্তৰঃ বৰ শান্তিৰে আছিল।

Group – A পদ্যাংশ

১। কবিরে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল?

উত্তৰঃ পঁচিশ বছৰৰ পাছত।

২। মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰঃ মানুহজন কুকুৰীকণা আছিল; সেয়ে পূর্ণ চন্দ্ৰৰ পোহৰতো তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

৩। মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰঃ মানুহজনে নঙলামূখতে নিজৰ ঘৰৰ পদূলি বিচাৰিছিল।

৪। মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগী কৰিছিল?

উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগী কৰিছিল।

৫। কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

১। বিপৰীত শব্দ লিখা:

কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।

উত্তৰঃ কেঁচা – পকা।

গধূলি – পুৱা।

পোহৰ – আন্ধাৰ।

শান্তি – অশান্তি।

ৰূপ – কুৰূপ।

১০। এটাকৈ সমার্থক শব্দ লিখা।

জোন, ঘৰ, দাহ, উভতি

উত্তৰঃ জোন – চন্দ্ৰ।

ঘৰ – আলয়।

দাহ – জ্বলা।

উভতি – ঘূৰি।

১১। নঞার্থক শব্দ গঠন কৰা।

শান্তি, চিনাকি, সহায়।

উত্তৰঃ শান্তি – অশান্তি।

চিনাকি – অচিনাকি।

সহায় – অসহায়।

১২। ‘নমস্কাৰ’শব্দটো সন্ধি ভাঙিলে এনে হব –  নমঃ + কাৰ। —এইদৰে আন চাৰিটা শব্দ লিখি সন্ধি কৰা।

উত্তৰঃ সম + কাৰ = সংস্কাৰ।

পুৰঃ + কাৰ = পুৰস্কাৰ।

পৰি: + কাৰ = পৰিস্কাৰ

আবি: + কাৰ = আৱিস্কাৰ।

১৩। হৰেকৃষ্ণ ডেকাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত হৈছিল।

১৪। হৰেকৃষ্ণ ডেকা কোনখন আলোচনীক সম্পাদক আছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকা গৰিয়সী আলোচনীৰ সম্পাদক আছিল।

১৫। হৰেকৃষ্ণ ডেকাই কোনখন কাকতৰ সম্পাদক আছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকা “The Sentinal” কাকত খনৰ সম্পাদক আছিল।

১৭। হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাস খনৰ নাম কি?

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখন হ’ল “আগন্তক”।

১৮। ২০১০ চনত অসম উপত্যকা সাহিত্য বঁটা’ কোনে লাভ কৰিছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকাই ২০১০ চনত অসম উপতাকা সাহিত্য বঁটা লাভ কৰিছিল।

১৯। হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ হৰেকৃষ্ণ ডেকাই ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

২০। ‘মধুচুদনৰ দলং কাৰ ৰচনা?

উত্তৰঃ ‘মধুচুদনৰ দলং’ হৰেকৃষ্ণ ডেকাৰ ৰচনা।

২১। হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন গল্পৰ পুথিৰ নাম লিখা।

উত্তৰঃ হৰেকৃষ্ণ ডেকাৰ দ্বাৰা ৰচিত দুখন গল্পৰ পুথি হল ‘বন্দীয়াৰ’ আৰু মৃত্যুদণ্ড।

২২। ন্যুব্জ শব্দৰ অৰ্থ কি?

উত্তৰঃ কুঁজা।

২৩। হৰেকৃষ্ণ ডেকাই ৰচনা কৰা কৰিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ ৰাতিৰ শোভাযাত্ৰা আৰু আন এখন।

২৪। ‘গল্প আৰু কল্পকাৰ ৰচনা?

উত্তৰঃ ‘গল্প আৰু কল্প’ ৰচক হ’ল হৰেকৃষ্ণ ডেকা।

২৫। দৃশ্যান্তৰ কবিতাটোত কি প্রতিফলিত হৈছে?

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্তৰ কবিতাটিৰ সামাজিক জীৱনৰ ৰূপ প্ৰতিফলিত হৈছে।

ভাষা বিষয়ক

১/ চমুউত্তৰ দিয়া

( ক ) কবিয়ে কিমান বছৰৰ পাচত মানুহজনক লগ পাইছিল ?
উত্তৰ:
কবিয়ে পঁচিশ বছৰৰ পাচত মানুহজনক লগ পাইছিল ।

( খ ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পােৱা নাছিল ?
উত্তৰ:
মানুহজন কুকুৰীকণা আছিল বাবে মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পােৱা নাছিল।

( গ ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল ?
উত্তৰঃ
মানুহজনে নঙলামুখতে নিজৰ ঘৰৰ পদূলি বিচাৰিছিল ।

( ঘ ) মানুহজনৰ ঘৰৰদাঁতিত কিহেনমস্কাৰৰ ভংগী কৰিছিল ?
উত্তৰঃ
মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগী কৰিছিল ।

( ঙ ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল ?
উত্তৰঃ
কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল ।

২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কি কথা পাতিছিল ? তােমাৰ কথাৰে লিখা ।

উত্তৰঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিলৈ সন্দেহৰ দৃষ্টিৰে চাই ভাড়াঘৰ বিচাৰি আহিছে নেকি সুধিছিল । মানুহজনে কবিৰ উত্তৰলৈ বাট নাচাই নিজেই নিজৰ মনােভাৱ প্ৰকাশ কৰিছিল । মানুহজনে পােনতে কৈছিল যে কুবেৰৰ এই মহলাত ক’ত ভাড়াঘৰ পাব , পালেও তাত শান্তি নাপাব ।

তেওঁ আকৌ কৈছিল । যে , মৰিলেও তাত দাহ কৰিবলৈও এজন মানুহ নাই । যখৰ পােৱালিৰ দৰে তাৰ মানুহবােৰে কোনেও কাকো চিনি নাপায় । এইদৰে বৃদ্ধ মানুহজনে এইবােৰ কথা পাতিছিল ।

৩৷ দৃশ্যান্তৰ কবিতাটোৰ মূলভাব লিখা ।

উত্তৰ: হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’এটি আধুনিক কবিতা । বাস্তৱৰ ৰূঢ় সমাজৰ চিত্ৰ ইয়াত প্রকাশ পাইছে । আজিৰ সমাজত পুৰণি দিনৰ সেই আত্মীয়তানাই।নাই । ইয়াত দয়া , মৰম , ভালপােৱা । সময়ৰ লগে লগে মানুহৰ মাজৰ পৰা শান্তিকণণা হেৰাই গৈছে । কংক্রীটৰ ওখ ওখ দেৱালবােৰে যেন মানুহৰ হৃদয়তাে প্রাচীৰ সৃষ্টি কৰিছে ।

পঁচিশ বছৰীয়া দুটা দৃশ্যপটৰ মাজেৰে দুখন সমাজৰ ছবিইয়াত প্ৰকাশ কৰিছে । এখন সমাজ আছিল , প্রকৃতিৰ নিচেই কাষত । য’ত আছিল কাকিনী তামােলেৰে পৰিপূৰ্ণ এখন নিজৰ ঘৰ । কিন্তু পঁচিশ বছৰৰ পিছত সকলাে সলনি হ’ল । কাকিনী তামােলৰ বাৰীত এতিয়া গঢ়ি উঠিল ওখ ওখ অট্টালিকা । থাকিবলৈ বহুত ঘৰ হ’ল ।

কিন্তু মৰিলে দাহ কৰিবলৈও মানুহৰ অভাৱ হ’ল এতিয়া । মানুহৰ মাজত মানৱতাৰ অভাৱ ঘটিল ৷ এতিয়াৰ মানুহে আনৰ কথা নাভাবি নিজৰ সুখতেই নিমজ্জিত । সময়ৰ লগে লগে সমাজখন উন্নতি হৈছে যদিও মানুহৰ মানসিকতা যে নােহােৱা হৈ আহিছে , তাকেই এই কবিতাটোৰ জৰিয়তে প্ৰকাশ কৰা হৈছে ।

৪। “ বৰশান্তিত আছে
এইপজাঁটিত ।
—কোনে , কিয় এইদৰে কৈছিল ?

কথাশাৰীৰ অন্তর্নিহিত ভাৱ মােকলাই লিখা ।

উত্তৰ: কবিয়ে লগপােৱা মানুহজনে নিজৰ গাঁৱৰ ঘৰখনত যে শান্তিত বাস কৰিছিল তাকে এইদৰে কৈছে ।

আগৰ দিনত মানুহ আর্থিক দিশত টনকিয়াল নহ’লেও মানসিকভাৱে শান্তিত আছিল । নিজৰ ঘৰৰ নঙলামুখত বিচাৰি আছিল ঘৰৰ পদূলি । আৰু তেতিয়া তেওঁক সহায় কৰিছিল কবিয়ে । তেতিয়া মানুহৰ প্রতি মানুহৰ মৰম আছিল , সহানুভূতি আছিল । সেয়ে মানুহজনে পর্জাঘৰত থাকিও শান্তিত আছিল । মানুহৰ মাজত থকা দয়া , মৰম , প্ৰকৃতিৰ সৌন্দর্য আদিবােৰৰ বাবেই মানুহজনে পর্জাঘৰটিতে শান্তিত বাস কৰিছিল । সেয়াই এই কথাশাৰীৰ অন্তনিহিত ভাৱ ।

৫। “ হেৰা অচিনাকি মানুহজন , তোমাক কি লাগেহে ইয়াত ? ” ―কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা ।

উত্তৰ : পঁচিশ বছৰৰ পিছত লগ পোৱা এজন বৃদ্ধ ফুজা মানুহে কবিক উক্ত কথাষাৰ সুধিছে । এটা সাত মহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি তাত তেওঁক কি লাগে সুধিছিল । তেওঁ কবিক জানিবলৈ দিছিল যে যদিয়ে কবিয়ে সেই কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছে তেন্তে ভাড়াঘৰ পোৱাৰ আশা কম ।

পালেও তেওঁ শান্তিত থাকিব নোৱাৰিব । তাত থকা মানুহবোৰক তেওঁ যখৰ পােৱালি আখ্যা দি কৈছে যে সেই মানুহবােৰ সকলাে নিজক লৈয়ে ব্যস্ত । সকলাে স্বার্থপৰ । কোনেও কাৰো খবৰ নাৰাখে ।

আধুনিকতাৰ ধামখুমিয়াত মানুহে হেৰুৱাই পেলালে নিজৰ সৰলতা । কৃত্রিমতাই সকলােকে গ্রাস কৰি পেলালে । কংক্রীটৰ নগৰীত মানুহৰ মনুষ্যত্ব তথা মূল্যবােধ নিঃশেষ হৈ গ’ল । সেয়েহে বৃদ্ধজনে তেওঁৰ কথাৰ মাজেৰে দয়াহীন , মানবতাহীন এখন যান্ত্রিক সমাজৰ ছবি ফুটাই তুলিছে ।

৬। দৃশ্যান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিবৰ্তিত সামাজিক জীৱনৰ ছবি । আঁকিছে তােমাৰ ভাষাৰে বুজাই লিখা ।

উত্তৰ : ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি অতি সুন্দৰভাৱে অংকন কৰিছে । কবিয়ে লগ পােৱা ব্যক্তি এজনৰ প্ৰসংগত তেখেতে উন্মােচন কৰিছে নগৰীয়া জীৱনৰ শুন্যতা আৰু অপ্রাপ্তি । কেঁচা আলি – কেঁকুৰিৰ পৰা কংক্রীটৰ হবিলৈকে বিবিধ চিত্রকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিঃসংগতা আৰু চহৰীয়া জীৱনৰ যান্ত্রিকতাক প্রতিফলিত কৰিছে । দৃশ্যান্ত’ নামটোতেই অন্তনিহিত আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য ।

পঁচিশ বছৰৰ আগতে গধূলি সময়ত কেঁচা আলি কেঁকুৰিটোৰ ভাজত কবিয়ে এজন কুকুৰীকণা মানুহক লগ পাইছিল । ফটফটীয়া জোনাকতাে নিজৰেই ঘৰৰ পদুলিমুখত ৰৈ থকা মানুহজনে নিজৰ ঘৰটো বিচাৰি পােৱা নাছিল । কবিয়ে মানুহজনক নিজৰ ঘৰৰ ফালে আগবঢ়াই দিওঁতে মানুহজনে তেওঁক কৈছিল তেওঁ হেনাে তাত বৰ শান্তিৰে আছে ।

পঁচিশ বছৰ পিছত কবিয়ে পুনৰ লগ পালে সেই মানুহজনক যি বর্তমান বৃদ্ধ আৰু কুঁজা হৈ পৰিছে । এটা সাত মহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি কবিক তাত কি লাগে সুধিছিল । তেওঁ কবিক কৈছিল যে যদিহে কবিয়ে সেই কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছে তেন্তে ভাড়াঘৰ পােৱাৰ আশা কম । পালেও তাত শান্তিত থাকিব নােৱাৰিব । তাত থকা মানুহবােৰক তেওঁ যখৰ পােৱালি আখ্যা দি কৈছে যে সেই মানুহবোেৰ

সকলোবােৰ নিজক লৈয়ে ব্যস্ত । সকলাে স্বার্থপৰ । কোনেও কাৰে খবৰ নলয় ।
এনেদৰে কবিয়ে দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সক্ষম হৈছে । লগতে আধুনিকতাৰ ধামখুমিয়াই মানুহৰ মাজৰপৰা কাঢ়ি নিছে দয়া , মানৱতা আদি মানৱীয় গুণৰাশি । কৃত্রিমতাই মানুহক গ্রস কৰি পেলাইছে । নিঃশেষ হৈ গৈছে মানুহৰ মনুষ্যত্ব আৰু মূল্যবােধ । এইদৰে তেওঁ কথাখিনি সুন্দৰকৈ ফুটাই তুলিছে ।

৭৷ ‘দৃশ্যান্তৰ’ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া ।

উত্তৰঃ কবি পৰিচিতি :
হৰেকৃষ্ণ ডেকা :- ৰামধেনু যুগৰ শেহতীয়া কবিসকলৰ ভিতৰত অন্যতম । হৰেকৃষ্ণ ডেকাৰ জন্ম হয় ১৯৪৩ চনত তিনিচুকীয়াত । তাৰ পৰাই মেট্রিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়ে । ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে । গুৱাহাটীত কমার্চকলেজ অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰি পাছত I.P.S. বিষয়া হয় আৰু আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয় ।

সাহিত্য ক্ষেত্ৰখনত ডেকাৰ অৱদান অতুলনীয় । তেওঁ ‘ The Sentinel ‘ আৰু গৰিয়সীৰ সম্পাদক আছিল । সাগৰৰ সূর্যাস্ত ’ নামৰ কবিতাৰে ৰামধেনু’ত কাব্য চর্চাকৰা কবিগৰাকীৰ কবিতা পুথিকেইখন হ’ল — স্বৰবােৰ ( ১৯৭৩ ) , ৰাত্ৰি শােভাযাত্রা ( ১৯৮১ ) , আন এজন ( ১৯৮৬ ) , কবিতা ( ২০০২ ) আৰু ভালপােৱাৰ বাবে এষাৰ ( ২০০৩ ) ।

‘ গল্প আৰুকল্প ’ , মধুসূদনৰ দলং ’ মৃত্যুদণ্ড প্রাকৃতিক আৰু অন্যান্য আদি তেওঁৰ গল্পৰ পুথি । তেখেতৰ একমাত্র উপন্যাস হ’ল— আগন্তুক । ইয়াৰ উপৰি তেওঁ কেইবাখনাে পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে ।

১৯৮৭ চনত তেওঁ ‘ আন এজন ’ কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা , ১৯৯৬ চনত কথা বঁটা’আৰু ২০১০ চনত ‘ আসাম ভেলী লিটাৰেৰী’বঁটা লাভ কৰে ।

Sl. No.Contents
Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্ৰশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6উদ্যোগী হওঁ আহাঁ
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইন্টাৰনেটৰ তিতা – মিঠা
Chapter 10অৰুণিমা সিনহা
Chapter 11অৰণ্য যাত্ৰা
Chapter 12পাৰস্যত এভুমুখি
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15 বিষাদযোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
Chapter 17ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম
ব্যাকৰণ
আবেদন আৰু প্ৰতিবেদন লিখন
ৰচনা
ভাৱ সম্প্ৰসাৰণ

৮। ব্যাখ্যা কৰা

( ক ) “ মৰিলে দাহ কৰিবলৈও
এজন মানুহ নাই । ”

উত্তৰঃ ব্যাখ্যেয় কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট হৰেকৃষ্ণ ডেকা বিৰচিত ‘ দৃশ্যান্তৰ’কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।
বর্তমান সময়ত মানুহৰ মাজৰ পৰা যে আত্মীয়তাৰ ভাৱ ক্ৰমাৎ হেৰাই গৈছে । তাকে ক’বলৈ কবিয়ে উক্ত কবিতাকিৰ অৱতাৰণা কৰিছে ।

আগৰ পজা ঘৰৰ ঠাইত এতিয়া সাতমহলীয়া ওখ ওখ অট্টালিকা গঢ়ি উঠিছে । যিবােৰৰ এটাতকৈ আনটোৰ ৰূপ চৰা । ইয়াত ভাড়ালৈও ঘৰ পােৱা যায় । তেনে । ভাড়াঘৰত থাকিও কিন্তু শান্তি নাই । ইয়াত মানুহ এজন ঢুকালে সৎকাৰ কৰিবলৈ যাবলৈও এজন মানুহনাই সকলাে নিজক লৈ ব্যস্ত ।

মানুহৰ মাজত ক্ৰমাৎ “ হেৰাই যােৱা আত্মীয়তা , মানৱতাৰ কথা প্রকাশ কৰিবলৈয়ে কবিয়ে বৃদ্ধজনৰ মুখেৰে এই । কথাফাকি কৈছে । এয়া আচলতে কবিৰ আধুনিক সমাজৰ প্ৰতি থকা এক ক্ষোভ ।

( খ ) “ যখৰ পােৱালীহঁতে কাক কোনে চায় । ”

উত্তৰঃ প্রশ্নোদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট হৰেকৃষ্ণ ডেকা বিৰচিত ‘দৃশ্যান্তৰ’ নামৰ আধুনিক কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

ভােগবাদী সমাজখনত মানুহকিদৰে একো একোটা আবেগহীন যন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে সেই কথা ক’বলৈ গৈ কবিয়ে উক্ত কথাষাৰ অৱতাৰণা কৰিছে । ইয়াত যখৰ পােৱালী বুলি আধুনিক যুগৰ দয়া – মমতাহীন , স্বার্থপৰ মানৱ শ্রেণীক বুজাইছে ।

কবিয়ে পঁচিশ বছৰৰ আগতে যিজন সহজ সৰল মানুহক লগ পাইছিল তেওঁ নিজৰ পঁজা ঘৰটোতে শান্তিৰে বাস কৰিছিল । সময়ৰ পৰিৱর্তনৰ লগে লগে আধুনিকতাই সকলাে গ্রাস কৰিলে । কংক্রীটৰ নগৰীত মানুষ মনুষ্যত্য তথা মূল্যবােধ নিঃশেষ হৈ গ’ল । আধুনিকতাৰ ধামখুমিয়াত মানুহে পাহৰি গ’ল মানৱীয়তা , দয়া আদি মানৱীয় গুণৰাশি ।

সেয়েহে এসময়ত পঁজা ঘৰটিতে থাকি শান্তি পােৱা মানুহজনে এতিয়া অট্টালিকাত থাকিও শান্তি পােৱা নাই । সেইবাবেই তেওঁ পঁচিশ বছৰৰ পিছত অট্টালিকাটোৰ সন্মুখত লগ পােৱা কবিক কৈছে যে যদিহে কবিয়ে সেই কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছিল তেন্তে ভাড়াঘৰ পােৱাৰ আশা কম । পালেও তাত শান্তিত থাকিব নােৱাৰিব ।

তাত থকা মানুহবােৰক তেওঁ যখৰ পােৱালি আখ্যা দি কৈছে যে সেই মানুহবােৰ কেৱল নিজক লৈ ব্যস্ত । কাৰোৰে কাৰোলৈ চাবলৈ সময় । নাই । বস্তুবাদী সমাজখনত সকলােবােৰ একো একোটা যন্ত্র ।

( গ ) “ এই কংক্রীটৰ হাবিখনত তেওঁক
বিচাৰি নাপালাে আৰু । ”

উত্তৰঃ প্রশ্নোদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট হৰেকৃষ্ণ ডেকা বিৰচিত ‘দৃশ্যান্তৰ’ নামৰ আধুনিক কবিতাটোৰ পৰা তুলি দিয়া হৈছে ।

ৰূঢ় বাস্তৱ কংক্রীটৰ সমাজখনত ক্ৰমাৎ মানুহবোৰ হেৰাই গৈছে , লগতে হেৰাই গৈছে মানুহৰ মাজৰ মানৱতা , দয়া , মমতা তাকে প্রকাশ কৰিবলৈ কবিয়ে এই কবিতাফাকি কবিতাটিৰ শেষত অৱতাৰণা কৰিছে ।n

পঁচিশ বছৰৰ আগতে দেখা পজাঘৰটিৰ চিনমােকাম নােহােৱা হৈ বর্তমান তাত ওখ ওখ অট্টালিকা গঢ়ি উঠিছে । যিবােৰৰ ৰূপ ইটোতকৈ সিটো চৰা । সেই কংক্রীটৰ । ওখ ওখ প্রাচীৰৰ মাজত ভাড়ালৈও ঘৰ পােৱা যায় , কিন্তু তাত শান্তি নাই । মৰিলে সৎকাৰ কৰিবলৈ মানুহৰ সময়ৰ অভাৱ ।

যখৰ পােৱালি স্বৰূপ এওঁলােক কোনেও কাকো চিনি নাপায় । বৃদ্ধজনে মনৰ মাজৰ ক্ষোভ প্রকাশ কৰি কংক্রীটৰ ওখ ওখ অট্টালিকাৰে গঢ়া হাবিৰ মাজত সােমাই গ’ল । তেওঁক আৰু বিচাৰি পােৱা নগ’ল । এইদৰে প্রতিজন লােকেই নিজৰ মাজতে হেৰাই যাব ধৰিছে ।

ভাষা বিষয়ক

৯। বিপৰীত শব্দ লিখা
কেঁচা , গধূলি , পােহব , শান্তিত , ৰূপ

উত্তৰঃ কেশ্চা ― পকা ।
গধূলি ― পুৱা ।
পােৰ ― আন্ধাৰ ।
শান্তিত ― অশান্তিত
ৰূপ ― গুণ

১০। এটাকৈ সমার্থক শব্দ লিখা ।
জোন , ঘৰ , চৰা , দাহ , উভতি

উত্তৰঃ জোন ― চন্দ্ৰ ।
ঘৰ ― ভৱন ।
চৰা ― ওখ ।
দাহ ― সৎসকাৰ ।
উভতি ― গুছি ।

১১। নঞর্থ শব্দ গঠন কৰাঃ
শান্তি , চিনাকি , সহায়

উত্তৰঃ শান্তি ― ন + শান্তি = অশান্তি
চিনাকি ― ন + চিনাকি =অচিনাকি
সহায় ― ন + সহায় = অসহায় । নমস্কাৰ’শব্দটো সন্ধি ভাঙিলে এনেহ’ব—
নমঃ + কাৰ । এইদৰে আন চাৰিটা শব্দ লিখি সন্ধিক

উত্তৰঃ পুৰঃ + কাৰ = পুৰস্কাৰ ।
মনঃ + তাপ = মনস্তাপ
বাচঃ + পতি = বাচস্পতি
তিৰঃ + কাৰ = তিৰস্কাৰ

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। ‘এই ঠাইতেই এজনক লগ পাইছিলোঁ।’ — কত, কোনে, কাক আৰু কেতিয়া লগ পোৱাৰ কথা কৈছে বুজাই লিখা।

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিত কেঁচা আলি কেঁকুৰি এটাত কবিয়ে এজন মানুহক গধূলি সময়ত লগ পোৱাৰ কথা কোৱা হৈছে। মানুহজনে আলি-কেঁকুৰিটোত নিজৰ নঙলা মুখত নিজৰ পদূলি মুখৰ সন্ধান কৰি থাকোতে কবিয়ে সেই মানুহজনক লগ পাইছিল। 

গধূলি সময়ত মানুহজনে নিজৰ পদূলিমুখ বিচাৰি পোৱা নাছিল। কাৰণ তেওঁ কুকুৰীকণা ৰোগত ভূগিছিল। কবিয়ে হাতত ধৰি তেওঁক, তেওঁৰ পঁজালৈ বাট দেখুৱাই দিছিল।

প্রশ্ন ২। ‘আজি এই ঠাইতেই লগ পালো আৰু এজনক।’ — কোনে, কাক লিগ পাইছে? বক্তাজনে তেওঁক আগতে লগ পোৱা নাছিল নেকি?

উত্তৰঃ কবি ডেকাদেৱে সেই নিৰ্দিষ্ট ঠাইত পঁচিশ বছৰৰ মূৰত অইন এজন মানুহক লগ পোৱাৰ কথা কৈছে। কিন্তু লগ পোৱা বৃদ্ধ, কুঁজা মানুহজনক কবিয়ে পঁচিশ বছৰ আগতে লগ পোৱা মানুহজন বুলি মুখাৱয়বৰপৰা চিনি পাইছে। সেইজন মানুহকে কবিয়ে কেঁচা আলি-কেঁকুৰিটোত নঙলা মুখত নিজৰ পদূলি মুখৰ সন্ধান কৰি থকা অৱস্থাত লগ পাই হাতত ধৰি তেওঁৰ পঁজালৈ বাট দেখুৱাই দিছিল। কিন্তু সেই দিনা (আজি) বৃদ্ধ মানুহজনে কবিক চিনি পোৱা নাছিল।

প্রশ্ন ৩। “সময়টো আছিল গধূলি।

তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল

নিজৰ ঘৰৰ পদূলি।”— কথাষাৰ ব্যাখ্যা কৰা। 

উত্তৰঃ এই কবিতা কেইশাৰী কবি হৰেকৃষ্ণ ডেকা দেৱৰ ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিৰ পৰা 

লোৱা হৈছে।

পঁচিশ বছৰ আগতে এটা সন্ধ্যা সময়ত কেঁচা আলি-কেঁকুৰি এটাত কবিয়ে এজন মানুহক লগ পাইছিল। মানুহজনে নঙলামুখত তেওঁৰ ঘৰৰ পদূলিৰ সন্ধান কৰি আছিল। মানুহজনে কুকুৰীকণা আছিল বাবেই সন্ধ্যা সময়ত তেওঁৰ ঘৰটো তেওঁ বিচাৰি পোৱা নাছিল। 

কবিয়ে মানুহজনক হাতত ধৰি সহায় কৰি তেওঁৰ পঁজা ঘৰটিৰ পিনে বাট দেখুৱাই দিছিল। তেতিয়া মানুহজনে কবিক কৈছিল যে সেই প‌ঁজা ঘৰটিত তেওঁ অতি শান্তিৰে বাস কৰিছিল। সেয়া আছিল অকৃত্রি প্রাকৃতিক পৰিবেশত কেঁচা মাটিৰ স্পৰ্শ আৰু গোন্ধত বাস কৰাৰ আনন্দ আৰু সুখ। কৃত্ৰিম পৰিবেশ দেখাত সুন্দৰ-সুখকৰ যেন লাগিলেও সি প্ৰাকৃতিক পৰিবেশৰ দৰে শান্তিময় আৰু সুখকৰ নহয়।

প্রশ্ন ৪। অর্থ লিখা : 

আলি-কেঁকুৰি,  কাকিনী তামোল,  কুকুৰীকণা,  ন্যুব্জ সাইলাখ,  পিয়াপি  দি ফুৰা।

উত্তৰঃ

শব্দবিপৰীত শব্দ
আলি-কেঁকুৰিআলিৰ ভাঁজ।
কাকিনী তামোলঅতি ওখ হোৱা বুঢ়া তামোল গছ।
কুকুৰীকণাগধূলি সময়ত নেদেখা ৰোগ।
ন্যুব্জকুঁজা।
সাইলাখএকেবাৰে একে নিচিনা, একে গঢ়ৰ।
পিয়াপি দি ফুৰাদশোদিশে বিয়পি পৰা নানা দিশত ফুৰা।                                                                                                                               ‌‌  

1 thought on “Class 10 Assamese Chapter 5 দৃশ্যান্তৰ | অসমীয়া Class 10 দৃশ্যান্তৰ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top