Class 10 Assamese Chapter 5 দৃশ্যান্তৰ

Class 10 Assamese Chapter 5 দৃশ্যান্তৰ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 5 দৃশ্যান্তৰ Solutions and select need one. Class 10 Assamese Chapter 5 দৃশ্যান্তৰ Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 5 দৃশ্যান্তৰ

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 5 দৃশ্যান্তৰ Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 5

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া:

(ক) কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল? 

উত্তৰঃ কবিয়ে পঁচিশ বছৰ আগতে মানুহজনক লগ পাইছিল।

(খ) মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল?

উত্তৰঃ মানুহজনৰ কুকুৰীকণা বেমাৰ থকা কাৰণে নিজৰ ঘৰ বিচাৰি পোৱা নাছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) মানুহজনে নিজৰ ঘৰৰ পদূলি ক’ত বিচাৰিছিল?

উত্তৰঃ মানুহজনে নঙলামুখত নিজৰ ঘৰৰ পদূলি বিচাৰিছিল।

(ঘ) মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগীত আছিল?

উত্তৰঃ মানুহজনৰ ঘৰৰ দাঁতিত বাঁহগছে নমস্কাৰৰ ভংগীত আছিল।

(ঙ) কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল?

উত্তৰঃ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল।

২। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কুঁজা মানুহজনে চিনিব পৰা নাছিল যে তেওঁ সেইদিনা সেই সন্ধ্যা সময়ত লগ পোৱা মানুহজনেই তেওঁ পঁচিশ বছৰ আগতে এটা সন্ধ্যাত লগপোৱা মানুহজন, যিয়ে তেওঁক তেওঁৰ পঁজা ঘৰলৈ বাট দেখুৱাই দিছিল।

সেইবাবেই তেওঁ কবিক অচিনাকি মানুহ বুলি সম্বোধন কৰি সন্দেহেৰে সুধিছিল কি লাগে বুলি। পুনৰ নিজেই সুধিছিল ভাৰা ঘৰ বিচাৰিছিল নেকি? নিজেই প্রশ্নৰ উত্তৰ দি কৈছিল যে সেই কুবেৰৰ মহলাবোৰত ভাৰা ঘৰ নাপাব আৰু পালেও তাত শান্তিৰে থাকিব নোৱাৰিব। তাত মানুহ মৰিলেওঁ সৎকাৰ কৰিবলৈ কোনো নাই। কৃপণ কুবেৰৰ বংশধৰবোৰে কাকো কোনেও সহায়-সাৰথি নকৰে, কাৰো সৈতে কাৰো পৰিচয় নাই। সেইদৰে কৈ মানুহজন সেই হাবি সদৃশ কংক্রীটৰ মহলাত সোমাই অদৃশ্য হৈ গৈছিল। 

৩। ‘দৃশ্যান্তৰ’ কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ ‘দৃশ্যান্তৰ’ কবিতাটোৰ নামটোতে কবিতাটোৰ মূলভাৱ সোমাই আছে। কবিয়ে অতি বিচক্ষণতাৰে কবিতাটিত পঁচিশ বছৰ সময়ৰ ব্যৱধানৰ দুটা দৃশ্যৰ বৰ্ণনা দাঙি ধৰিছে। পঁচিশ বছৰ আগতে গধূলি সময়ত কেঁচা আলি-কেঁকুৰিটোত লগপোৱা ডেকা কুকুৰীকণা মানুহজনক কবিয়ে হাত ধৰি পঁজাঘৰলৈ বাট দেখুৱাই দিয়াত মানুহজনে সেই পঁজা ঘৰটোত বৰ শান্তিত থকা বুলি কৈছিল। 

পঁচিশ বছৰ পিছত কবিয়ে সেই একেজন মানুহকে, সন্ধ্যা সময়ত বহুবোৰ অট্টালিকাৰে ভৰা এখন ঠাইত সাতমহলীয়া অট্টালিকা এটাৰ বাহিৰত ৰৈ থকা দেখিছিল। কবিয়ে চিনি পালেও বৃদ্ধাৱস্থা পোৱা মানুহজনে কবিক চিনি পোৱা নাছিল আৰু অচিনাকি বুলি সম্বোধন কৰি কবিক তাত কি লাগে সুধিছিল। কবি ভাৰা ঘৰ বিচাৰিছে যদি তাত কুবেৰৰ মহলাবোৰত ভাৰা ঘৰ নাপাব আৰু পালেও তাত শান্তিৰে থাকিব নোৱাৰিব বুলি বিৰক্তিৰ ভাবেৰে মানুহজনে কৈছিল। 

সেই ধনী কুবেৰৰ মহলাবোৰত মানৱতাৰ অভাৱ আছিল। মানুহ মৰিলে সৎকাৰ কৰাৰ বাবে মানুহ পোৱা নগৈছিল। অট্টালিকাৰ গৰাকী সকলৰ মাজত চা–চিনাকি, আদৰ-সাদৰ, মৰম-চেনেহ নাছিল। বাহিৰৰ দৃশ্যত সুন্দৰ বা সুখৰ যেন লাগিলেও তাত থাকি যে সুখ-শান্তি নাছিল সেই কথাকে বুঢ়া মানুহজনে কবিৰ আগত প্ৰকাশ কৰি অট্টালিকাৰ ভিতৰলৈ সোমাই গৈছিল।

কবিতাটিত কবিয়ে একেজন মানুহকে পঁচিশ বছৰৰ ব্যৱধানত দুটা বেলেগ ৰূপত, বেলেগ পৰিৱেশত লগপোৱাৰ পাৰ্থক্য প্ৰকাশ কৰিছে। পঁচিশ বছৰ পূৰ্বে পঁজাঘৰত শান্তিৰে বাস কৰা মানুহজনেই বাৰ্ধক্যত অট্টালিকাৰ হাবিত থকাৰ দৰে অশান্তিত কাল কটাইছিল — য’ত হাবিৰ দৰে ৰং-বেৰঙৰ অট্টালিকা আছিল, কিন্তু মানুহৰ অন্তৰত মানৱতা, মৰম-প্ৰীতি একো নোহোৱা হৈছে (অদৃশ্য হৈ গৈছে)। 

৪। “বৰ শান্তিত আছো

               এই পঁজাটিত।”

—কোনে, কিয় এইদৰে কৈছিল? কথাষাৰৰ অন্তর্নিহিত ভাৱ মোকলাই লিখা।

উত্তৰঃ পঁচিশ বছৰ আগতে এখন ঠাইত গধূলি সময়ত কেঁচা আলি-কেঁকুৰিত নঙলা মুখত নিজৰ পদুলিৰ সন্ধান কৰি থকা মানুহজনে কবি হৰেকৃষ্ণ ডেকাক এই কথাষাৰ কৈছিল। তেওঁ নিজৰ পদূলিটো বিচাৰি নোপোৱাত কবিয়ে হাত ধৰি তেওঁক তেওঁৰ পঁজাটোলৈ বাট দেখুৱাই দিয়াত মানুহজনে এই কথাষাৰ কৈছিল। তেওঁ কুকুৰীকণা আছিল বাবে গধূলি সময়ত তেওঁৰ পঁজাটো বিচাৰি পোৱা নাছিল। কেঁচা আলি-কেকুঁৰিৰ গাৱঁলীয়া প্ৰাকৃতিক পৰিৱেশ শান্তিময় আছিল বাবেই মানুহজনে সেই পঁজাটিত বৰ শান্তিৰে থকা বুলি কবিক কৈছিল।

৫। ‘হেৰা অচিনাকি মানুহজন, তোমাক কি লাগেহে ইয়াত?’ — কোনে, কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা।

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ” কবিতাৰ বৰ্ণনা অনুসৰি সাতমহলীয়া এটা অট্টালিকাৰ ওচৰত গধূলি সময়ত থিয় হৈ থকা বুঢ়া, কুঁজা মানুহ এজনে কবিক উক্ত কথাষাৰ কৈছিল। কবিয়ে পঁচিশ বছৰৰ আগতে লগ পোৱা কেঁচা আলি-কেঁকুৰিটোৰ চাৰিওফালে বর্তমান ইটোতকৈ সিটো চৰা ৰংৰূপৰ বহুমহলীয়া অট্টালিকাৰে ভৰি পৰিছিল। সেইজন বুঢ়া মানুহকে কবিয়ে কেঁচা আলি—কেঁকুৰিটোত গধূলি সময়ত নিজৰ পদূলিৰ সন্ধান কৰি থকা লগ পাইছিল। পঁচিশ বছৰৰ পিছত মানুহজন বুঢ়া হৈছিল আৰু কবিক চিনি পোৱা নাছিল। সেইবাবে অচিনাকি বুলি সম্বোধন কৰি তেওঁক কি লাগে সুধিছিল।

৬। ‘দৃশ্যান্তৰ’ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা।

উত্তৰঃ কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ কবিতাটোত সামাজিক জীৱনৰ ৰূপ প্রতিফলিত হৈছে। কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্রসংগেৰে তেওঁ উন্মোচন কৰিছে নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্রাপ্তি। কেঁচা আলি-কেঁকুৰিৰ পৰা কংক্রীটৰ হাবিলৈকে বিবিধ চিত্রকল্পৰ মাজেৰে কবিয়ে আধুনিক মানুহৰ নিঃসংগতা, আৰু চহৰীয়া জীৱনৰ যান্ত্রিকতাক প্রতিফলিত কৰিছে। কবিৰ কেইবাটাও কবিতাত গ্রাম্য জীৱনৰ অকপট ৰূপ প্রকাশ পোৱাৰ দৰে চহৰীয়া জীৱনৰ ৰুক্ষতাৰো ৰূপায়ণ ঘটিছে। ‘দৃশ্যান্তৰ’ নামটোতেই লুকাই আছে আমাৰ সমাজ জীৱনৰ পৰিৱৰ্তিত সত্য। দুটা ভিন্ন অভিজ্ঞতাৰ মাজেৰে কবিয়ে কবিতাটোত ভাব আৰু ভাষাৰ অনুপম সামঞ্জস্য ৰাখিবলৈ সমর্থ হৈছে। ‘দৃশ্যান্তৰ’ কবিতাটো আমাৰ সমাজ-জীৱনৰে এক আলেখ্য।

৭। ‘দৃশ্যান্তৰ’ৰ কবিজনাৰ নাম কি? তেখেতৰ এটি চমু পৰিচয় দিয়া।

উত্তৰঃ ‘দৃশ্যান্তৰ’ কবিতাটিৰ কবিজনাৰ নাম হৰেকৃষ্ণ ডেকা। কবি ডেকাৰ জন্ম হয় ১৯৪৩ চনত। তিনিচুকীয়াৰ পৰা ১৯৫৯ চনত মেট্ৰিক, কটন কলেজৰ পৰা বি.এ. আৰু ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম. এ. পাচ কৰাৰ পাচত তেখেত গুৱাহাটী কমার্চ কলেজত কিছুদিনমান অধ্যাপনা কৰে। তাৰ পাচত IPS হিচাপে চাকৰি কৰি আৰক্ষী সঞ্চালক পদবীৰ পৰা অৱসৰ গ্ৰহণ কৰে।

কবি ডেকাই ‘The Sentinel’, ‘গৰীয়সী’ কাকত দুখনতো সম্পাদক হিচাপে সেৱা আগবঢ়াইছিল। ৰাতিৰ শোভাযাত্রা, আন এজন, Sea-Scare আদি কবিতা পুথি আৰু ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’, ‘মৃত্যুদণ্ড’ আদি তেখেতৰ গল্পৰ পুথি। ‘আগন্তুক’ কবি ডেকাৰ একমাত্ৰ উপন্যাস। কবি ডেকাই কেবাখনো গ্রন্থ অসমীয়া ভাষালৈ অনুবাদো কৰিছে।

কবিয়ে ১৯৮৭ চনত সাহিত্য অকাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ২০১০ চনত ‘আসাম ভেলী লিটাৰেৰী বঁটা’ লাভ কৰিছে।

৮। ব্যাখ্যা কৰা:

(ক) ‘মৰিলে দাহ কৰিবলৈও 

            এজন মানুহ নাই।’ 

উত্তৰঃ এই কবিতা দুশাৰী কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

এদিন গধূলি সময়ত সাতমহলীয়া অট্টালিকা এটাৰ ওচৰত ৰৈ থকা বুঢ়া কুঁজা মানুহ এজনক কবিয়ে লগ পাইছিল। কবিয়ে চিনিব পাৰিছিল যে তেও সেইজন মানুহকে পঁচিশ বছৰ আগতে, সেই একে সময়তে কেঁচা আলি-কেঁকুৰি এটাত লগ পাইছিল। কিন্তু বুঢ়া, মানুহজনে কবিক চিনিব পৰা নাছিল। সেইবাবে অচিনাকি মানুহ হিচাপে সম্বোধন কৰি তেওঁ কি বিচাৰিছিল সুধিছিল। কবিয়ে উত্তৰ দিব নাপাওঁতেই তেওঁ পুনৰ সুধিছিল, ভাৰা ঘৰ বিচাৰিছে নেকি? 

যদি ভাৰা ঘৰ বিচাৰিছে তেনেহ’লে সেই কুবেৰৰ মহলাবোৰত ভাৰা ঘৰ নাপাব। ঘৰ পালেও তাত শান্তিৰে থাকিব নোৱাৰিব। তাত মানুহ মৰিলেও দাহ কৰিবলৈ (সৎকাৰ কৰিবলৈ) এজনো মানুহ পোৱা নাযায়। সেইসকল মহা কৃপণ যখৰ সতি-সন্ততি। তাত কোনেও কাকো নিচিনে, কোনেও কাকো মৰম-আদৰ নকৰে। তাত মানৱীয়তা নাই। সেইখন যেন এখন কংক্রীটৰ হাবি, য’ত মানুহ বিচাৰি পোৱা নাযায়। য’ত মনুষ্যত্ব বুলি একো বস্তু নাই।

(খ) ‘যখৰ পোৱালিহঁতে কাক কোনে চায়?’

উত্তৰঃ এই কবিতা দুশাৰী কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

সাতমহলীয়া অট্টালিকাটোৰ ওচৰত গধূলি সময়ত ৰৈ থকা বুঢ়া, কুঁজা মানুহজনে কবিক দেখি কথাষাৰ কৈছিল। বুঢ়া মানুহজনে কবিক সন্ধ্যা সময়ত তাত দেখি কি লাগে সুধিছিল। তেওঁ যদি ভাৰা ঘৰ বিচাৰিছে তেনেহ’লে সেই কুবেৰৰ মহলাত ভাৰা ঘৰ নাপাব বুলি কৈছিল। আৰু কৈছিল তাত ঘৰ পালেও শান্তিৰে থাকিব নোৱাৰিব। তাত কোনেও কাকো নিচিনে-নাজানে, মৰম-আদৰ নকৰে। 

আনকি মানুহ মৰিলে সৎকাৰ কৰোঁতা কোনো এজন মানুহ তাত নাই। সেই মহলাত থকা মানুহবোৰ মানুহ নহয়, সিহঁতৰ স্বভাৱ যখৰ পোৱালিৰ দৰেহে। বুঢ়া মানুহজনৰ মহলাত থকা মানুহজনৰ মুখৰ এই কথাৰে কবিয়ে কংক্রীটৰ মহানগৰবোৰত যে মানৱীয়তাৰ অভাৱ ঘটিছে সেই কথাকে বুজাব বিচাৰিছে।

(গ) ‘এই কংক্রীটৰ হাবিখনত তেওঁক 

বিচাৰি নাপালো আৰু।’

উত্তৰঃ এই কবিতা দুশাৰী কবি হৰেকৃষ্ণ ডেকাৰ ‘দৃশ্যান্তৰ’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

পঁচিশ বছৰ আগতে কেঁচা আলি-কেঁকুৰিটোত নঙলা মুখত নিজৰ পদূলিৰ সন্ধান কৰি থকা কুকুৰীকণা মানুহজনক কবিয়ে পঁচিশ বছৰ পাছত এটি সন্ধ্যা সময়ত অট্টালিকা এটাৰ ওচৰত থিয় হৈ থকা দেখিছিল। ঠাইডোখৰত ইটোতকৈ সিটো চৰা ৰং ৰূপৰ কেবাটাও অট্টালিকা গঢ়ি উঠিছিল। তেতিয়া মানুহজন বুঢ়া আৰু কুঁজা হৈ পৰিছিল। যদিও কবিয়ে বুঢ়া মানুহজনক চিনি পাইছিল, কিন্তু বুঢ়া মানুহজনে কবিক চিনিব পৰা নাছিল। গতিকে অচিনাকি মানুহক সোধাৰ দৰেই বুঢ়া মানুহজনে কবিক সুধিছিল, তাত কবিয়ে কি বিচাৰিছিল বুলি। যদি ভাৰা ঘৰ বিচাৰিছিল তেনেহ’লে তাত কুবেৰৰ মহলত ভাৰা ঘৰ নাপাব। পালেও তাত শান্তিৰে থাকিব নোৱাৰিব। 

সেইখন শান্তিৰ ঠাই নহয়। তাত মানুহ নহয় মহা কৃপণ যখৰ সতি সন্ততিসকলে বাস কৰে। তাত কাৰো প্ৰতি কাৰো মৰম-আদৰ, চা-চিনাকি নাই। আনকি মৰিলে সৎকাৰ কৰিবলৈও এজন মানুহ সেই ঠাইত পোৱা নাযায়। সেইদৰে কৈ মানুহজন অট্টালিকাটোৰ ভিতৰলৈ সোমাই গৈছিল। হাবিৰদৰে গঢ়ি উঠা সেই কংক্রীটৰ নিৰ্মাণৰ মাজত কবিয়ে মানুহজনক পুনৰবাৰ বিচাৰি নাপাই বেজাৰ মনে ওভতিছিল।

‘খ’ — ভাষা-বিষয়ক 

৯। বিপৰীত শব্দ লিখা: 

কেঁচা, গধূলি, পোহৰ, শান্তি, ৰূপ।

উত্তৰঃ        

শব্দবিপৰীত শব্দ
কেঁচাপকা
গধূলিপুৱা
পোহৰঅন্ধকাৰ
শান্তিঅশান্তি
ৰূপঅৰূপ

১০। এটাকৈ সমার্থক শব্দ লিখা:

জোন, ঘৰ, চৰা, দাহ, উভতি।

উত্তৰঃ

শব্দসমার্থক শব্দ
জোনচন্দ্ৰ
ঘৰগৃহ
চৰাঅধিক
দাহসৎকাৰ
উভতিঘূৰি

১১। নঞার্থক শব্দ গঠন কৰা:

শান্তি, চিনাকি, সহায়।

উত্তৰঃ

শব্দনঞাৰ্থক শব্দ
শান্তিঅশান্তি।
চিনাকিঅচিনাকি।
সহায়অসহায়।

১২। ‘নমস্কাৰ’ শব্দটো সন্ধি ভাঙিলে এনে হ’ব–

নমঃ + কাৰ। -এইদৰে আন চাৰিটা শব্দ লিখা।

উত্তৰঃ

পুৰস্কাৰ = পুৰঃ + কাৰ।বহিষ্কাৰ = বহিঃ + কাৰ।
তিৰস্কাৰ = তিৰঃ + কাৰ।দুস্তৰ = দুঃ + তৰ।

2 thoughts on “Class 10 Assamese Chapter 5 দৃশ্যান্তৰ”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top