Class 10 Assamese Chapter 3 প্ৰশস্তি Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 3 প্ৰশস্তি Solutions and select need one. Class 10 Assamese Chapter 3 প্ৰশস্তি Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.
Class 10 Assamese Chapter 3 প্ৰশস্তি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.
প্ৰশস্তি
Chapter: 3
| পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ |
‘ক’ — ভাব-বিষয়ক
১। অতি চমু উত্তৰ দিয়া—
(ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায়?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক ‘বিহগী’ কবি বুলি জনা যায়।
(খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হ’ল– ‘সাদৰী’ আৰু ‘দহিকতৰা’।
(গ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে?
উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কবিয়ে কৈছে।
(ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।
(ঙ) জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
(চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰঃ মহামহিমৰ গান মোহন কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।
২। কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখা।
উত্তৰঃ প্ৰকৃতিৰ সৌন্দর্য বর্ণনাই হৈছে ‘প্রশস্তি’ কবিতাটিৰ মূল উপজীব্য। উদিত সূর্যই পৃথিৱীখন পোহৰাই তোলাৰে পৰা গছ বিৰিখৰ নতুন কুঁহিপাতে প্রকৃতিৰ সাদৰি অনাৰ কথা কবিয়ে কৈছে। মন-প্ৰাণ হৰি নিয়া নানাতৰহৰ ফুল আৰু লতাৰ লগতে চৰাইৰ সুললিত গীত আৰু জল-স্থল-আকাশ সকলোতে কবিয়ে দেৱতাৰ জয়গান গোৱা শুনিবলৈ পাইছে। বেলিৰ পোহৰে পোহৰাই তোলা বসুধালৈ লাহে লাহে নামি অহা কালৰাত্ৰিৰ কথাও কবিয়ে উল্লেখ কৰিছে এনেদৰে কবিয়ে প্ৰকৃতিৰ নানা সৌন্দৰ্যৰ বৰ্ণনাৰে প্ৰকৃতিৰ আৰাধনা বা গুণানুকীৰ্তন কৰা দেখা গৈছে।
৩। কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে?
উত্তৰঃ প্ৰথম জীৱনত এক নিৰিবিলি জীৱন যাপন কৰি চৰাই-চিৰিকটি তৰু-তৃণ, ফুল, নৈ-নিজৰা আদি মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কবি ৰঘুনাথ চৌধাৰীৰ জীৱন অতিবাহিত হয়। সেই সময়তে তেওঁৰ হাতত প্ৰাণ পাই উঠে বহুতো মনোৰম কবিতাই। তেওঁ প্ৰকৃতিৰ প্ৰতি আকৃষ্ট হোৱা বাবেই কবিতাটিত তেওঁ প্ৰকৃতিৰ তথা স্ৰষ্টা ঈশ্বৰৰ প্ৰশস্তি বা গুণনুকীৰ্তন কৰিছে।
কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে প্ৰকৃতি তথা ঈশ্বৰ প্রশস্তি কৰিছে। ঊষাৰ ৰঞ্জিত আভাত গছ-বন, তৰু-তৃণ সকলো যেন ন’ সাজে প্ৰাণ পাই উঠিছে। পক্ষীৰ সুললিত গীতে যেন সকলোতে দেৱতাৰ সন্ধান কৰিছে কীচক বেণুৱে বতাহত স্রষ্টা বা মহামহিমৰ গান গাইছে। বিনন্দীয়া প্রকৃতি মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰিছে। এনদৰে প্ৰকৃতি সৌন্দৰ্য বৰ্ণনা কৰাৰ লগতে কবিয়ে সৃষ্টিকৰ্তাৰো প্ৰশস্তি কৰিছে।
৪। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা।
উত্তৰঃ “ঊষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা।
দশোদিশ উদ্ভাসিত কৰি”— বেলিৰ পোহৰে ধৰাৰ দশোদিশ উজ্জ্বল কৰি তোলা বুলি কবিয়ে প্ৰাতঃ সময়ৰ পৰাই প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজিৰ বৰ্ণনা কৰিছে। পূব দিশত ধলফাট দিয়াৰ লগে লগে সূৰ্যৰ কিৰণ দশোদিশে বিচ্ছুৰিত হয়। এক মনোৰম পৰিৱেশৰ সৃষ্টি হয়। সূৰ্যৰ পৰশ পাই যেন গছ-বনৰ ন’ কুঁহিপাতে ঠন ধৰি উঠে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ যেন আনন্দত নাচি উঠে। প্রকৃতিয়ে যেন লাজৰ ওৰণি গুচাই ন’সাজেৰে সাজি উঠে। প্ৰকৃতিৰ মাজত কবিয়ে প্রেম ভক্তিৰ এক মায়াজাল ৰচনা কৰিছে।
“মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
দিছে যাচি প্রেম-পৰিমল।”
কোনেও বাদ পৰা নাই, সকলোৱে যেন স্ৰষ্টাৰ গুণগান কৰিছে। বনৰ চৰাই চিৰিকটিয়েও আনন্দতে সুমধুৰ লয়ত গীত গাইছে। সেই গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবিমনটোৱে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত বিভোৰ হৈ স্ৰষ্টাৰ আৰাধনা কৰিছে। কাৰণ কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে সুন্দৰৰ সাধনা কৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজে কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ নিহিত হৈ আছে। বিনন্দীয়া প্ৰকৃতিৰ সুধাৰ মাজত কবিয়ে এনেদৰে সুন্দৰৰ সাধনা কৰিছে।
৫। ‘প্রশস্তি’ কবিতাটিৰ মূলভাৱ লিখা।
উত্তৰঃ প্ৰকৃতিৰ সৌন্দৰ্যই হল ‘প্রশস্তি’ কবিতাটিৰ মূল উপজীব্য। পুৱাৰ সূৰুযৰ কিৰণে পৃথিৱীখন পোহৰাই তোলাৰেপৰা গছ-বিৰিখৰ ন’ কুঁহিপাতে প্রকৃতিক আদৰি অনাৰ কথা কবিয়ে কল্পনা কৰিছে। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ গুণানুকীৰ্ত্তন বা আৰাধনা কৰিছে। ন’ কৈ অংকুৰিত গছ-বনে প্রকৃতিক যেন ন’ সাজেৰে সজাইহে তুলিছে। মন-প্ৰাণ হৰি নিয়া ভিন্ন তৰহৰ ফুলবোৰে যেন আনন্দতে প্রাণ পাই উঠিছে। চৰাই-চিৰিকটিৰ সুললিত গীতে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কীচক বেণুৱে যেন, উলাহতে বতাহত স্ৰষ্টাৰ গান গাইছে। বনৰ গছ-বিৰিখ, চৰাই-চিৰিকটি সকলোৱে মিলি জল, স্থল, আকাশ সকলোতে যেন দেবতাৰহে সন্ধান কৰিছে। প্ৰকৃতাৰ্থত কবিয়ে সৃষ্টিৰ আঁৰৰ স্ৰষ্টাকহে আৰাধনা কৰিছে। সেয়েহে কবিয়ে ভক্তগণক কালৰাত্ৰিৰ অন্তত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। মুক্তিপথৰ যাত্ৰী সকলোকে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈ কবিয়ে কবিতাটিত আহ্বান জনাইছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে।
প্ৰকৃতিৰ ৰূপ-আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ কবিতাটোত প্ৰকাশ পাইছে। প্ৰকৃতাৰ্থত প্ৰকৃতিৰ ৰূপ-লাৱণ্যৰ মাজত সৃষ্টিকৰ্তাৰ প্ৰতি থকা অপৰিসীম ভক্তি কবিতাটোত প্রকাশ পাইছে। সেয়েহে কবিয়ে কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰূপ আৰাধনাৰ জৰিয়তে সৃষ্টিকৰ্তাৰ প্ৰশস্তি কৰিছে।
৬। ‘উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্রী।’
—কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ বিনন্দীয়া প্ৰকৃতিৰ অনুপম সৌন্দৰ্যৰাশি পান কৰিবলৈ পোৱাটো মানুহৰ পৰম ভাগ্য। চৰাই-চিৰিকটি, তৰু-তৃণ সকলোৱে যেন বতাহত স্ৰষ্টাৰ গুণগান গোৱা কবিয়ে শুনিবলৈ পাইছে। প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। কবিয়ে অমৃতৰ সন্তান— মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ নিহিত হৈ আছে। কবিয়ে সুন্দৰৰ আৰাধনাৰ মাজত স্ৰষ্টাৰ আৰাধনা কৰিছে। ঈশ্বৰেহে আমাক মুক্তিৰ বাট মোকলাই দিব। সেয়ে কবিয়ে মুক্তিপথৰ যাত্রী ভক্তবৃন্দক ঈশ্বৰৰ ওচৰত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।
৭। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা।
উত্তৰঃ প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যক কবিয়ে প্রাণভৰি উপভোগ কৰিছে। সেই সৌন্দৰ্যৰ মাজত কবিয়ে স্ৰষ্টাৰ প্ৰশস্তি বা গুণগান কৰিছে। গছ-বন-চৰাই চিৰিকটি সকলোৱে যেন দেৱতাৰহে সন্ধান কৰিছে। কীচক বেণুৱে বতাহত মহামহিম ঈশ্বৰৰ গুণগান গাইছে। এনে অনুপম সৌন্দৰ্যৰাশিক উপভোগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈ ভক্তবৃন্দক কবিয়ে আহ্বান জনাইছে। তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিলেহে সৃষ্টিৰ আঁৰৰ স্ৰষ্টাক উপলব্ধি কৰিব পাৰিম। প্ৰকৃততে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত সৃষ্টিকৰ্তাৰ সন্ধান কবিয়ে কৰিছে। সেয়েহে কবিয়ে ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।
৮। ব্যাখ্যা কৰা:
(ক) ‘উঠে তৰ্ক শিৰে শিৰে বন বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান।
উত্তৰঃ প্ৰদত্ত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ‘প্রশস্তি’নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাটিৰ মাজেৰে কবিৰ প্ৰকৃতিপ্ৰেম সুন্দৰকৈ প্ৰকাশ পাইছে।
প্ৰকৃতিৰ গুণানুকীৰ্ত্তন কৰা ‘প্রশস্তি’ কবিতাটিত কবিয়ে পুৱাৰ সূৰ্যৰ ৰক্তিম আভাৰে দশোদিশ উজ্জ্বল হোৱাৰ কথা বর্ণনা কৰিছে। সূৰ্যৰ পৰশ পাই তৰু তৃণ-গছ-বিৰিখ সকলোৱে যেন প্ৰাণ পাই উঠিছে। চৰাই চিৰিকটিয়ে আনন্দতে সুললিত গীত গাইছে। ছন্দভৰা সুমধুৰ তানে জল, স্থল, অন্তৰীক্ষ অর্থাৎ পানী, মাটি আৰু আকাশ মাৰ্গতো যেন দেৱতাৰ সন্ধানহে কৰিছে। কবিয়ে প্ৰকৃতিৰ ৰূপ-লাৱণ্যৰ বৰ্ণনাৰ মাজেৰে স্ৰষ্টাৰ প্ৰশস্তি কৰিছে। সকলোতে যেন দেৱতাৰ মহা অভিযান পৰিলক্ষিত হৈছে।
কবিৰ প্ৰকৃতিৰ সৈতে এক নিবিড় সম্পর্ক আছে। সেয়েহে আকাশলৈ মূৰ তুলি থিয় হৈ থকা তৰুলতাৰ মাজতো তেওঁ অনুভৱ কৰিছে যেন এইবোৰে স্ৰষ্টাৰ জয়গানহে গাইছে। গছৰ ডালে ডালে বহি সুললিত গীত গোৱা বিহঙ্গক দেখি কৰিয়ে কল্পনা কৰিছে যেন তেওঁলোকেও ছন্দভৰা সুমধুৰ লয়ত স্ৰষ্টাৰ গুণানুকীৰ্ত্তন কৰিছে। জল, স্থল, অন্তৰীক্ষ সকলোতে দেৱতাৰ সন্ধানত মহা অভিযান চলাইছে। কবিয়ে যেন সেই কথাকেই হৃদয়েৰে অনুভৱ কৰিছে।
(খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ’ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা যত মুক্তি পথযাত্রী।
উত্তৰঃ উক্ত কবিতাফাকি বিহগী কবি ৰঘুনাথ চৌধাৰীৰ ‘প্রশস্তি’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰে কবিয়ে কালৰাত্ৰিৰ শেষত ভক্তমানুহজনক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। দিনৰ পোহৰ আঁতৰি যোৱাৰ পিছতে সমগ্র বসুধাক কালৰাত্ৰিৰ আন্ধাৰে আৱৰি ধৰে। আন্ধাৰৰ মাজতে যেন সোমাই থাকে সকলো দুখ-বেদনা। অন্তৰৰ পুঞ্জীভূত ক্লেদ আঁতৰাই অমৃতৰ পুত্ৰ বা অমৃতৰ সন্তান মানুহক কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কবিয়ে আহ্বান জনাইছে। অন্তৰৰ পুঞ্জীভূত সকলো দুখ যাতনাক কালৰাত্ৰিৰ শেষত বিদাৰিত কৰি অৰ্থাৎ মনৰপৰা আঁতৰাই কবিয়ে সুন্দৰৰ জপ ধ্যান কৰিবলৈ কৈছে। মুক্তিকামী ভক্তগণক স্ৰষ্টাৰ প্ৰশস্তি অৰ্থাৎ জয়গান কৰিবলৈ কবিয়ে আহ্বান জনাইছে।
মানুহৰ অন্তৰখন নিকা নহ’লে মানুহ কেতিয়াও সুখী হ’ব নোৱাৰে। কবিয়ে সেয়ে কবিৰ ভাষাৰে বুজাবলৈ প্ৰয়াস কৰিছে যে অন্তৰৰ পুঞ্জীভূত সকলো ক্লেদ পাহৰি নতুন পুৱাৰ উজ্জ্বল আভাৰে দীপ্তিমান হৈ মুক্তিপথৰ সন্ধানত মানুহক ব্রতী হ’ব লাগে। এই পৃথিৱীৰ সকলো প্ৰাণী ভগৱানৰ স্ৰজন। প্ৰকৃতিৰ দশোদিশে দেৱতাৰ জয়গান ধ্বনিত হৈছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত আচলতে কবিতাটোত ঈশ্বৰ বন্দনা ধ্বনিত হৈছে। প্ৰকৃতিৰ অনাবিল সৌন্দর্যত মোহাচ্ছন্ন কবিয়ে সেয়ে কালৰাত্ৰিৰ শেষত অমৃতৰ সন্তান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে।
(গ) মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান,
মোহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপধ্যান।
উত্তৰঃ অসীময়া সাহিত্যৰ বিশিষ্ট ৰোমাণ্টিক কবি ৰঘুনাথ চৌধাৰীৰ ‘প্ৰশস্তি’ নামৰ কবিতাটিৰ পৰা উক্ত কবিতাফাকি তুলি দিয়া হৈছে। বিনন্দীয়া প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মোহত মোহাচ্ছন্ন কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে।
বেলিৰ পোহৰে চৌদিশ পোহৰাই তোলা পৃথিৱীত গছ-বন, চৰাই-চিৰিকটি, ফুল-লতা সকলোৱে যেন ন-সাজেৰে কাচন ধৰিছে। চৌদিশে ফুলি থকা ফুলবোৰে আনন্দেৰে হালিজালি নাচিছে। কীচক বেণুৱে বতাহতে হালিজালি স্ৰষ্টাৰ বন্দনা কৰিছে। উলাহতে বতাহত মহামহিমৰ গান গাইছে। সেই আৰাধনাৰ মাজত কবি বিভোৰ হৈ আছে। প্ৰকৃতিৰ অপৰূপ সুধা পান কৰিবলৈ কবিয়ে তন্দ্ৰা ত্যাগ কৰিবলৈ মানুহক আহ্বান জনাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্রা ত্যাগ কৰি সুন্দৰৰ ৰূপ, ধ্যান কৰিবলৈ অনুৰোধ কৰিছে।
কবিৰ দৃষ্টিত মোহনীয় এই পৃথিৱীখনৰ সকলোৱে হ’ল ঈশ্বৰৰ সৃষ্টি। সেয়ে কবিয়ে সুন্দৰৰ আৰাধনাৰ মাজেৰে স্ৰষ্টাৰ গুণানুকীৰ্তন কৰিছে। প্ৰকৃতাৰ্থত কবিতাটিৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ অন্তর্নিহিত হৈ আছে। প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে কবিয়ে সৃষ্টিকৰ্তাৰ সন্ধান কৰিছে। সেয়ে তন্দ্ৰাভাবত থকা অলস ভক্তবৃন্দক কবিয়ে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ তথা প্ৰকৃতিৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কাৰণ প্ৰকৃতিৰ মোহনীয় সৃষ্টিৰ আঁৰতে আছে পৰমব্ৰহ্ম সৃষ্টিকৰ্তা।
‘খ’ — ভাষা-বিষয়ক
১। অর্থ লিখা:
কিশলয়, চিত্তহাৰী, অন্তৰীক্ষ, তন্দ্রালস।
উত্তৰঃ
| শব্দ | অর্থ |
| কিশলয় | কুঁহিপাত, গজালি, কোঁহ। |
| চিত্তহাৰী | মন-প্ৰাণ হৰি নিয়া। |
| অন্তৰীক্ষ | আকাশ। |
| তন্দ্রালস। | শ্রান্ত ক্লান্ত। |
২। বাক্য ৰচনা কৰা:
দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ।
উত্তৰঃ দশোদিশ: পুৱাৰ সূৰ্যৰ কিৰণে দশোদিশ পোহৰাই প্ৰকৃতিক মোহনীয় কৰি তোলে।
উপেক্ষিত: ৰবাব ফুলৰ দৰে মদাৰ ফুলো মন্দিৰত উপেক্ষিত।
জৰাজীৰ্ণ: ঘৰটো বহুবছৰ ধৰি জৰাজীৰ্ণ হৈ পৰি আছে।
অমৃত: কবিতাটিত কবিয়ে মানুহক অমৃতৰ সন্তান বুলি অভিহিত কৰিছে।
মোহ: সংসাৰৰ প্ৰতি প্ৰত্যেকৰে মোহ আছে।
৩। সমার্থক শব্দ লিখা:
তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।
উত্তৰঃ তৰু – বৃক্ষ।
মুক্তি – মোক্ষ।
সুমধুৰ – শুৱলা।
অভিযান – পৰিভ্ৰমণ।
ধ্যানী – তপস্বী।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.




Sir short questin debosun