Class 10 Assamese Chapter 4 মই অসমীয়া

Class 10 Assamese Chapter 4 মই অসমীয়া Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 4 মই অসমীয়া Solutions and select need one. Class 10 Assamese Chapter 4 মই অসমীয়া Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 4 মই অসমীয়া

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 4 মই অসমীয়া Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 4

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া— 

(ক) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম হ’ল- ‘বেদুইন’।

(খ) মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দুৱৰি বনত ভৰি দিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) অসমৰ হেংদাং ক’ত জিলিকিছিল?

উত্তৰঃ অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকি উঠিছিল। 

(ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উত্তৰঃ অসমীয়া সকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। 

(ঙ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?

উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সাজিছিল।

২। ‘অসমৰ হেংদাং জিলিকিল

দুপৰৰ পূৰ্ণ আলোকত’ —কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ উদ্ধৃত কবিতা অংশটোত কবিয়ে মোগলৰ দৃষ্টিৰে অসমৰ অতীত ইতিহাসৰ গৌৰৱ গাঁথা বিবৃত কৰিব বিচাৰি কৈছে যে অসমীয়াসকল শৌর্য বীর্যেৰে পৰাক্ৰমী এটা যুঁজাৰু জাতি আছিল। মোগলসকলে অসমৰ সমৰ থলীত উপস্থিত হৈয়ে দেখিলে যে অসমীয়া সকলৰ বীৰত্বৰ প্ৰতীক হিচাপে হাতে হাতে হেংদাং বা তৰোৱাল জিলিকি আছে আৰু সেই তৰোৱাল দুপৰীয়াৰ সূৰ্যৰ আলোকত মোগলৰ চকুত চিকমিকণি তুলি উদ্ভাসি উঠিছে। এই বীৰবৰ জাতিটোৰ পুৰুষ- তিৰোতা সকলোৱে সাহসী আৰু প্ৰত্যেকেই মাতৃভূমিৰ স্বাধীনতা ৰক্ষাৰ্থে হাতত হেংদাং তুলি আক্ৰমণকাৰীৰ বিৰুদ্ধে বীৰত্বেৰে যুঁজ দিব পাৰে। 

৩। অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।

উত্তৰঃ অসম জয়ৰ বাসনালৈয়ে মোগল সকলে অসমৰ বুকুত ভৰি থৈছিল আৰু বিশ্ব বিজয়ী মোগলে অসমীয়া সকলক সহজে পৰাস্ত কৰি অসমৰ মজিয়াত মোশ্লেমৰ মুক্তৰাজ্য স্থাপন কৰিব পাৰিব বুলি আশা কৰিছিল। কিন্তু মোগলৰ এই আশা পূৰণ‌ নহ’ল। স্বদেশত বিদেশী আক্রমণকাৰীৰ আগমনৰ বতৰা পোৱাৰ লগে লগে অসমৰ পুৰুষ-তিৰোতাই হাতত হেংদাং লৈ ৰণচণ্ডী মূৰ্ত্তিৰে স্বদেশৰ স্বাধীনতা ৰক্ষাৰ বাবে ৰণত নামি পৰিল আৰু বিশ্ববিজয়ী মোগল অসমীয়াৰ হাতত পৰাস্ত হ’ল। 

ৰাজপুত জয়ী মোগলে অসমীয়াৰ হাতত এনেদৰে পৰাস্ত হৈ এইদেশৰ সা-সম্পদ, মনোমোহা প্রাকৃতিক ৰূপত বিমুগ্ধ হৈ পৰাজয়ৰ গ্লানি মচি এই দেশকে আপোন কৰি ইয়াতে অসমৰ অসমীয়া হৈ থকাৰ সংকল্প ল’লে।

৪। ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে

শুকান সান্দহ আৰু পানী আঁজলিত।’ 

—কথাষাৰৰ তাৎপৰ্য ব্যাখ্যা কৰা।

উত্তৰঃ মোগলসকল পৃথিৱী বিখ্যাত এটা যুঁজাৰু জাতি। এই দুর্ধর্ষ জাতিটোৱে পৃথিৱীৰ নানা দেশলৈ অভিযান চলাই নানা দেশ জয় কৰিছিল। এনে অভিযানৰ আঁত ধৰিয়ে মোগলসকল ভাৰতলৈ আহি ভাৰততো মোগল সাম্রাজ্য স্থাপন কৰিছিল। মোগল সাম্রাজ্য ভাৰতত স্থাপন কৰা সময়তে এটা মোগলবাহিনী। অসম দখল কৰিবলৈ আহি অসমত উপস্থিত হ’ল। ভাৰতত ৰাজপুত সকল অত্যন্ত সাহসী আৰু যুঁজাৰু জাতি হিচাপে খ্যাত। কিন্তু এই ৰাজপুত সকলোকো মোগলে পৰাস্ত কৰি তেওঁলোকক বশীভূত কৰিছিল। সেয়ে মোগলে অসমীয়া সকলোকো সহজে পৰাস্ত কৰি অসম দখল কৰাৰ সপোন দেখিছিল। কিন্তু অসমত মোগলৰ উপস্থিতিৰ উমান পোৱাৰ লগে লগে অসমৰ পুৰুষ-তিৰোতাই হাতে হাতে অস্ত্ৰলৈ স্বদেশৰে স্বাধীনতা ৰক্ষাৰ বাবে মোগলৰ সৈতে যুঁজত নামিল আৰু পৰম বীৰত্বৰে যুঁজি মোগলক পৰাস্ত কৰিলে। ৰাজপুত বিজয়ী মোগলৰ শকতি অসমত যেন ম্লান হৈ পৰিল। 

এই যুদ্ধৰ সময়ত অসমীয়া সৈন্যসকলে লগত শুকান সান্দহ গুড়ি আৰু পানী লৈ গৈছিল আৰু ভোকত তাকে খাই পেটৰ ভোক গুচাইছিল। মোগলে অসমীয়া সৈন্যৰ এই খাদ্য সম্ভাৰলৈ লক্ষ্য কৰিছিল। এই শুকান সান্দহ গুড়ি আৰু আঁজলিয়ে আঁজলি পানী খায়েই অসমীয়া সৈন্যই ইমান শকতি লাভ কৰিলে যে যাৰ দ্বাৰা মোগলৰ দৰে শক্তিশালী যুঁজাৰু সৈনিকক পৰাস্ত কৰিবলৈ সক্ষম হ’ল—তাকে ভাবি মোগল সৈন্য বিস্ময় মানিলে। 

৫। ‘মই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ কিদৰে প্ৰতিফলিত হৈছে বুজাই লিখা।

উত্তৰঃ ‘ম‍ই অসমীয়া’ কবিতাটোত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ মোগলৰ দৃষ্টিত কিদৰে প্ৰতিভাত হৈছিল তাৰ সৰস বর্ণনা পোৱা যায়। অসমৰ চৌদিশ পাহাৰে আবৃত। পাহাৰ সমূহ সেউজীয়া গছ গছনিৰে ভৰপূৰ। একেদৰে সমতল ভাগৰ ৰূপো সেউজীয়া। যেন কোনোবাই সেউজীয়া দলিচা হে পাৰি থৈছে। 

কবিৰ মতে ‘প্ৰতিটো বনৰ পাত জাংফাই, মিনাকৰা, দুৱৰিৰ পাতত মুকুতাৰ থোপা।’ অসমৰ যিফালে চোৱা যায় সেই ফালেই চকুত পৰে অসমৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ বিনন্দীয়া ৰূপ। অসমত অসংস্য জান-জুৰি আৰু নদী আছে। এইবোৰে নাচি বাগি বৈ যায়। সৌন্দৰ্যৰ পোহাৰ মেলে। অসম ইমানে সৌন্দর্যময় দেশ যে ইয়াৰ পুঠি মাছেও কাণত সোণৰ থুৰীয়া পিন্ধে, ভেকুলীয়ে ফোঁট লয়, মানুহে হাতী দাঁতেৰে খৰমৰ চুলা কৰে আৰু পোৱাল ভৰা দলঙত ভৰি ধোয়ে। প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সমৃদ্ধ দেশতহে এনেবোৰ কাৰ্য সম্ভৱপৰ হৈ উঠে আৰু এনেবোৰ বৰ্ণনাৰ মাজেদিয়ে কবিতাটোত অসমৰ প্ৰকৃতিৰ চহকী ৰূপটো ভালদৰে প্ৰকাশি উঠিছে।

৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।

উত্তৰঃ ১৯১৯ চনত দেৰগাঁৱৰ ওচৰৰ নাহৰণিত এইগৰাকী বিখ্যাত সাহিত্যিক জন্ম হয়। বহুমুখী প্রতিভাৰ অধিকাৰী মালিক একাধাৰে ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ, কবি, ব্যংগলেখক, গৱেষক, গীতিকাৰ, শিশু–সাহিত্যিক আৰু ৰাজনীতিক। তেওঁ বিয়াল্লিছখনতকৈও অধিক উপন্যাস ৰচনা কৰিছে। সেইবােৰৰ ভিতৰত ৰথৰ চকৰি ঘূৰে, ‘সূৰুযমুখীৰ স্বপ্ন’, ‘পহুমৰ হাবিৰ বাট’, ‘জেতুকা পাতৰ দৰে’, ‘ৰূপতীৰ্থৰ যাত্রী’, ‘ধন্যনৰ তনু ভাল’, -‘অঘৰী আত্মাৰ কাহিনী’, ৰূপাবৰিৰ পলস আদি প্রধান। ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে তেওঁ ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ‘পৰশমণি’ তেওঁৰ প্রথম প্রকাশিত চুটিগল্প সংকলন। তাৰ পাছত ‘এজনী নতুন ছােৱালী’, ‘ৰঙাগড়া’, ‘প্রাণাধিকা’, ‘ মৰম মৰম লাগে আদি চুটিগল্প সংকলন প্রকাশ পায়।

‘মাজত মাথোঁ হিমালয়’ তেওঁৰ দ্বাৰা ৰচিত ভ্রমণ কাহিনী। ১৯৭৬ চনত তেখেত ৰাজ্যসভাৰ সদস্য হৈছিল। তেখেতে ৬০ খনতকৈও অধিক উপন্যাস, ২৫ খনৰাে অধিক গল্প ২০ খন অনার্তাৰ মঞ্চ নাটক আৰু কেইবাখনাে বিভিন্ন প্ৰকাৰৰ গ্ৰন্থ ৰচনা কৰিছিল।

তেখেতে শংকৰদেৱ বঁটা (১৯৯৫), পদ্মভূষণ (১৯৭৯), পদ্মশ্রী (১৯৮৪), সাহিত্য অকাডেমীবঁটা (১৯৭২) আদি বিভিন্ন বঁটা লাভ কৰে। সাহিত্যচাৰ্য্য সন্মান লাভ কৰা এইগৰাকী প্রখ্যাত সাহিত্যিকৰ মৃত্যু হয় ২০০০ চনৰ ১৯ ডিছেম্বৰত।

৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।

উত্তৰঃ অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ বিনন্দীয়া প্ৰাকৃতিক ৰূপ দেখি মন্ত্রমুগ্ধ হৈ পৰিছিল। অসমৰ দৰে বিনন্দীয়া প্ৰকৃতিৰ ৰূপ ইয়াৰ পূৰ্বে তেওঁলোকে আৰু ক’তো দেখিবলৈ পোৱা নাছিল যাৰ বাবে তেওঁলোকে যিফালে চকু দিয়ে সেই ফালেই প্ৰকৃতিৰ অপৰূপ ৰূপৰ শোভা দেখি তেওঁলোকে বিচুৰ্তি খাইছিল। অসমৰ সেউজীয়া ভূমিত ভৰি থৈয়েই মোগলে অসমৰ প্ৰকৃতিৰ চহকী ৰূপটোৰ পৰিচয় পাইছিল। 

চাৰিওফালে পাহাৰে আগুৰি থকা ৰাজ্যখন যেন সেউজৰ ভাণ্ডাৰ। ইয়াৰ গছ-বনৰ পাত যেন জাংফাই, মিনাকৰা। দুৱৰিৰ পাতত জলমলাই থাকে মুকুতাৰ থোপাই। কিন্তু মানুহৰ খোজ পৰি সেই দুৱৰি বনৰ পাতত জিলমিলাই থকা মুকুতাৰ থোপা ভাগি পৰে। এই বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ দেশখনৰ মানুহবোৰেও সৌন্দর্য পিপাসু আৰু প্ৰাকৃতিক সম্পদত চহকী। যাৰ বাবে ইয়াৰ মানুহে হাতী দাঁতেৰে খৰমৰ চুলা কৰি সেই খৰমহে ভৰিত পিন্ধে, পোৱাল ভৰা দলঙত উঠিহে ভৰি ধোৱে। খাৰু হিচাপে বাঘ নখ পিন্ধে আৰু ম’হৰ শিঙেৰে বনোৱা পেঁপাহে বজায়। ইয়াৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সাজি উলিয়ায়। ইয়াৰ নদী-জান-জুৰি অসংখ্য। এইবোৰৰ ৰূপো কম নহয়। 

কিন্তু অসম কেৱল ৰূপহীয়ে নহয়, সম্পদৰো খনি। অসমৰ নৈৰ বালিত সোণৰ চেঁকুৰা পোৱা যায়। অসমৰ পুঠি মাছেও কাণত সোণৰ যুৰীয়া পিন্ধে আৰু ভেকুলীয়ে ফোট লৈ সৌন্দৰ্যৰ পোহাৰ মেলে। গতিকে অসমৰ প্রাকৃতিক ৰূপৰ সৈতে আন কোনো দেশৰ প্ৰাকৃতিক ৰূপৰ তুলনা নহয়। সেয়ে মোগলে অসমৰ প্ৰাকৃতিক ৰূপক সৰগীয় ৰূপ বুলি আখ্যা দি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ সমুচিত প্ৰশংসা কৰিছে!

৮। ব্যাখ্যা কৰা:

(ক) মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়

দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।

উত্তৰঃ ব্যাখ্যেয় কবিতাংশ চৈয়দ আব্দুল মালিক ৰচিত ‘মই অসমীয়া’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

ব্যাখ্যেয় কবিতাংশৰ মাজেদি কবিয়ে অসমীয়া ৰণুৱাৰ বল-বিক্রম, স্বদেশ প্ৰীতিৰ পৰিচয় মোগলে উপলব্ধি কৰাৰ কথাকে প্ৰকাশ কৰিছে।

মোগল সকল পৰাক্ৰমী জাতি। দেশ-বিদেশত অভিযান চলাই পৃথিৱীৰ নানা দেশ মোগলে জয় কৰিছে। আনকি ভাৰতৰ পৰাক্ৰমী ৰণুৱা, প্ৰৱল স্বদেশ অনুৰাগী তথা আত্ম-অভিমানী ৰাজপুৰ দৰে দুৰ্জেয় শক্তিকে পৰাভূত কৰি মোগলে ভাৰতত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। এই মোগলেই অসম দখল কৰিবলৈ আহি অসমত উপস্থিত হৈছিল। অসমৰ সা-সম্পদ আৰু মনোৰম প্রাকৃতিক সৌন্দর্যত মোগলসকল বিমোহিত হৈ পৰিছিল আৰু যিকোনো উপায়ে অসমদখল কৰাৰ সপোন দেখি ৰাজপুত বিজয়ী মোগলে সহজে অসম জয় কৰিব পাৰিব বুলি ভাবিছিল। কাৰণ অসমীয়াৰ বল-বিক্রম সম্পর্কে তেওঁলোক সম্পূর্ণ অজ্ঞ আছিল। ইফালে মোগলে দেশ দখল কৰিবলৈ অহা বতৰা পায়েই মুক্ত আৰু স্বাধীন জীৱন-যাপনৰ প্ৰতি প্ৰবল অনুৰাগী অসমীয়া পুৰুষ-নাৰীয়ে হাতে হাতে অস্ত্ৰ লৈ মোগলৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছিল। 

যুদ্ধৰ সময়ত শুকান সান্দহ গুৰি আৰু পানী খায়েই প্ৰবল পৰাক্ৰমী মোগলৰ সৈতে যুদ্ধ কৰি অসমীয়া সেনানীয়ে মোগলক পৰাস্ত কৰিছিল। অসমীয়া সৈন্যৰ দেশ ভক্তি আৰু পৰাক্ৰম দেখি মোগলে তবধ মানিছিল আৰু তেওঁলোকতকৈয়ো পৰাক্ৰমী জাতী যে ভাৰতত আছে সেয়া মৰ্মে মৰ্মে উপলব্ধি কৰি মোগলে অসমীয়া সৈন্যৰ প্ৰশংসা কৰিছে।

(খ) দূৱৰিৰ পাতে পাতে মুকুতাৰ থোপা গচকত ভাগে মৰকত,

হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা,

ভৰি ধোৱে পোৱালৰ ভৰা দলঙত।

উত্তৰঃ ওপৰত তুলি দিয়া কবিতাৰ শাৰী কেইটা ‘মই অসমীয়া’ নামৰ চৈয়দ আব্দুল মালিক দ্বাৰা ৰচিত কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

ব্যাখ্যেয় কবিতাৰ শাৰী কেইটাৰ মাজেদি কবিয়ে অসমৰ প্ৰাকৃতিক সৌন্দর্য আৰু ইয়াৰ সা-সম্পদৰ এটি আভাস দিয়াৰ চেষ্টা কৰিছে। অসমক প্রাকৃতিক সৌন্দৰ্যৰ ৰাণী বুলি ক’ব পাৰি। চৌপাশে পাহাৰে আবৃত অসমৰ সেউজীয়া ৰূপে বহিৰাগত লোকক সদায়ে বিমোহিত কৰি আহিছে। এই প্রাকৃতিক সৌন্দৰ্যৰ লগতে অসমভূমি প্রাকৃতিক সা-সম্পদেৰে চহকী বাবে পূৰ্বৰেপৰা বিদেশীয়ে অসম দখল কৰিবলৈ ইতিহাসৰ বিভিন্ন সময়ত অভিযান চলাই আহিছে যদিও অসম সেইসমূহ শক্তিৰ বিৰুদ্ধে যুঁজি নিজৰ স্বাধীনতা ৰক্ষা কৰি আহিছে। প্ৰৱল পৰাক্ৰমী, ৰাজপুত জয়ী মোগল সকলেও অসম জয় কৰিবলৈ অসমলৈ আহিছিল। এই অসমভূমিলৈ আহিয়েই তেওঁলোক অসমৰ প্ৰাকৃতিক সৌন্দৰ্যত বিমুগ্ধ হৈ পৰিছিল। ৰাতিপুৱা দুৱৰি বনৰ পাতত নিয়ৰ থুপ খাই থাকে। 

সেই দূৱৰিৰ পাতত থুপ খোৱা নিয়ৰৰ পানীত পুৱাৰ সূৰুযৰ পোহৰ পৰি সেইবোৰ মুকুতাৰ থোপাৰ দৰে জিলিকি উঠে আৰু ইয়াৰ অপৰূপ সৌন্দর্য ভাবুক ভাৱনাৰ বিষয়বস্তু হৈ পৰে। যি দেশৰ ক্ষুদ্ৰ দুৱৰি বনৰ পাতত এনে সৌন্দর্য প্রস্ফুটিত হৈ উঠে সেই দেশ কিমান সৌন্দর্যময় সেয়া যেন বর্ণনাতীত। আনহাতে এনে দুৱৰিৰ মাজেদি কোনোবাই খোজ কাঢ়ি গ’লে দুৱৰি বনৰ পাতত জিলমিলাই থকা মুকুতা হেন নিয়ৰৰ পানী ভৰিৰ গচকত তললৈ সৰি পৰে। 

অসম প্রাকৃতিক সম্পদতো ইমান চহকী যে ইয়াৰ মানুহে হাতী দাঁতৰ দৰে মহা মূল্যৱান আপুৰুগীয়া সম্পদেৰেহে ভৰিত পিন্ধা পাদুকা বা খৰমৰ চুলা কৰে। আনকি অসমীয়া লোকে পোৱাল ভৰা দলঙতহে ভৰি ধোৱে বুলি কোৱাৰ মাজেদিয়ো অসমৰ সম্পদশালী ৰূপটোৰ কথাকে সূচাইছে। কাৰণ পোৱাল হল এবিধ মূল্যৱান ধাতু। এনে পোৱাল সদৃশ মূল্যৱান সম্পদেৰে যে অসম পৰিপূৰ্ণ তাকেই ‘ভৰি ধোৱে পোৱালৰ ভৰা দলঙত’ শাৰীটোৱে প্ৰকাশ কৰিছে।

(গ) মোহ গ’ল দূৰণিৰ বিদেশী মোগল

অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, 

অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ

দূৰৰ মোগল আহি হ’ল অসমীয়া।।

উত্তৰঃ উদ্ধৃত কবিতা অংশ চৈয়দ আব্দুল মালিক দ্বাৰা ৰচিত ‘মই অসমীয়া কবিতাটোৰ অন্তৰ্গত।

ব্যাখ্যেয় কবিতা অংশৰ মাজেদি সুদুৰৰ পৰা অসম জয় কৰিবলৈ আহি অসমীয়া সৈন্যৰ হাতত পৰাস্ত হৈয়ো এই দেশৰ সৌন্দৰ্য আৰু সম্পদত মোহাচ্ছন্ন হৈ এহাতে যুদ্ধ বন্দী হৈ, আনহাতে অসমৰ ৰূপ-সম্পদৰ মোহত বন্দী হৈ মোগলসকলে এই দেশতে অসমৰ অসমীয়া হৈ চিৰদিনলৈ থাকি যোৱাৰ ইচ্ছাৰ কথাকে উদ্ধৃত কবিতা অংশৰ মাজেদি নিৰ্ভেজাল ৰূপত কবিয়ে প্ৰকাশ কৰিছে।

মোগলসকল আছিল সুদূৰৰ পৰা অহা অসম আক্ৰমণকাৰী। অসম দেশ দখল কৰি এই দেশত মোশ্লেমৰ মুক্তৰাজ্য স্থাপন কৰাটোৱে আছিল তেওঁলোকৰ ঘাই উদ্দেশ্য। কিন্তু পৰাক্ৰমী অসমীয়া জাতিৰ বীৰ সৈনিকসকলৰ বাধা নেওচি তেওঁলোকে এই দেশ জয় কৰাত ব্যৰ্থ হ’ল। মনত পৰাজয়ৰ গ্লানি লৈয়ো এই দেশৰ প্রাকৃতিক সৌন্দৰ্য আৰু সা-সম্পদে তেওঁলোকক বিমুগ্ধ কৰিলে। এই দেশৰ সৌন্দৰ্যত তেওঁলোক উৎফুল্লিত হৈ উঠিল। এই অসম দেশকে নিজৰ মাতৃভূমি হিচাপে গ্ৰহণ কৰি এই দেশতে অসমৰ অসমীয়া হৈ থাকিবলৈ মোগলে থিৰাং কৰিলে। 

(ঘ) জীৱনে মৰণে মই চিৰদিন অসমীয়া

অসমীয়া দেহ-প্ৰাণ মন;

জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, 

মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।’

উত্তৰঃ ওপৰোক্ত কবিতাংশ চৈয়দ আব্দুল মালিক দ্বাৰা ৰচিত ‘মই অসমীয়া’ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

ব্যাখ্যেয় কবিতা অংশৰ মাজেদি কবিয়ে মোগলৰ সুদূৰৰ পৰা অসম জয় কৰিবলৈ আহি অসমীয়া সৈন্যৰ হাতত পৰাস্ত হৈ অসমৰ বিনন্দীয়া প্ৰাকৃতিক সৌন্দৰ্য আৰু সম্পদত মুগ্ধ হৈ অসমকে মাতৃভূমি জ্ঞান কৰি এই দেশতে প্ৰকৃত অসমীয়া হৈ থাকিবলৈ লোৱা সিদ্ধান্তৰ আভাস প্রকাশ পাইছে।

অসমক মাতৃভূমি হিচাপে জ্ঞান কৰি এই দেশক মোগলে মনে-প্রাণে নিজৰ দেশ হিচাপে গ্ৰহণ কৰিছিল। সেয়ে এই দেশৰ কৃষ্টি-সংস্কৃতি, ভাষা, আচাৰ-ব্যৱহাৰ, খাদ্যাখাদ্য মনে-প্রাণে গ্ৰহণ কৰি মোগলে খাঁটি অসমীয়া হবলৈ চেষ্টা কৰি এটা সময়ত অসমীয়া হৈ পৰি পূৰ্বৰ পৰিচয় হেৰুৱাই পেলাইছিল। সেই বাবেই কবিয়ে ‘জীৱনে মৰণে’ চিৰদিন অসমীয়া হৈ থাকি অসমৰ সুখ-দুখৰ লগত নিজক সৰ্বপ্ৰকাৰে জড়িত কৰি ৰখাৰ বাসনা পুহি ৰাখিছিল। আনকি মৃত্যুৰ সময়তো যেন এজন অসমীয়াৰ দৰে হে মৃত্যু বৰণ কৰিব পাৰে তাকো অন্তৰেৰে তেওঁলোকে কামনা কৰিছিল।

৯। ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্ৰশংসা কৰিছে, তোমাৰ কথাৰে বুজাই লিখা।

উত্তৰঃ ‘মই অসমীয়া’ কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্ৰশংসা কৰাৰ কেইবাটাও কাৰণ আছে। প্রথম কথা, মোগলসকল এনে এটা পৰাক্ৰমী জাতি, যিসকলে পৃথিৱীৰ নানা দেশতে অভিযান চলাই সফলতা আর্জি বিশ্ববিজয়ী বুলি নিজৰ চিনাকি দিব পাৰিছিল। ভাৰততো প্ৰৱল পৰাক্ৰমী আৰু স্বদেশ প্রেমী তথা আত্মাভিমানী দুৰ্ধৰ্ষ ৰাজপুত শক্তিক মোগলে পৰাস্ত কৰি ভাৰতত মোগল সাম্রাজ্য প্রতিষ্ঠা কৰিছিল। এনে পৰাক্ৰমী মোগল সকলে অসম জয় কৰিবলৈ আহি অসমত অসমীয়া সৈন্যৰ সৈতে হোৱা ৰণত পৰাস্ত হৈ যুদ্ধবন্দী হ’বলগাত পৰিছিল।

সেয়ে অসমীয়াসকল যে এটা যুঁজাৰু জাতি আৰু তেওঁলোকৰ বীৰত্ব যে পৃথিৱীৰ আন জাতিতকৈ কোনো অংশই কম নহয় সেয়া মোগলসকলে মৰ্মে মর্মে উপলব্ধি কৰিছিল। প্ৰকৃত স্বদেশ প্ৰেমেৰে উদ্বুদ্ধ নোহোৱা যুঁজাৰুৱে মন-প্রাণ দি যুদ্ধ কৰিব নোৱাৰে। অসমীয়া সৈন্যসকল আছিল প্ৰৱল স্বদেশ প্রেমী। তেওঁলোকৰ স্বদেশ প্রেম প্রশংসনীয়। এই স্বদেশ প্ৰেমৰ দ্বাৰা উদ্বুদ্ধ হৈয়েই তেওঁলোকে মোগলৰ দৰে প্ৰৱল পৰাক্ৰমী জাতিকো যুদ্ধত পৰাস্ত কৰিবলৈ সক্ষম হৈছিল।

তদুপৰি অসমৰ পুৰুষ-নাৰী সমানে স্বদেশ অনুগামী আৰু উভয়ে প্রয়োজনৰ সময়ত দেশ-ৰক্ষাৰ বাবে হাতত অস্ত্ৰ তুলি লৈ দেশৰ স্বাধীনতা ৰক্ষাৰ্থে শত্ৰুৰ সৈতে যুঁজি দেশৰ স্বাধীনতা ৰক্ষাৰ বাবে আৱশ্যক মতে প্রাণ বিসর্জন দিবলৈয়ো কুণ্ঠিত নহয়। এইবোৰ বীৰত্ব আৰু স্বদেশ প্ৰীতিৰ জ্বলন্ত উদাহৰণ। এনে দেশ জয় কৰা সহজসাধ্য কাম নহয়।

১০। কবিয়ে কিয় মৰাৰ পাছতো পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে বুজাই লিখা।

উত্তৰঃ কবিৰ পূৰ্ব-পুৰুষে অসম জয় কৰিবলৈ আহি অসমীয়াৰ হাতত পৰাস্ত হৈ অসমতে যুদ্ধবন্দী হৈ থাকি যায়। অসমৰ প্ৰাকৃতিক শোভা আৰু সা-সম্পদত বিমুগ্ধ হৈ এই দেশকে মাতৃভূমিৰ মৰ্যাদা দি হাড়ে-হিমজুয়ে অসমীয়া হ’বলৈ চেষ্টা কৰি অসমৰ ভাষা, কৃষ্টি-সংস্কৃতি, আচাৰ-নীতি তেওঁলোকে গ্রহণ কৰে। সময়ত এইসকললোক অসমীয়াৰ সৈতে একীভূত হৈ খাঁটি অসমীয়া হৈ পৰে। তেওঁলোকে অসমৰ বাহিৰে আন ঠাই বা দেশক মাতৃভূমি ৰূপে গ্ৰহণ কৰিব পৰা ব্যবস্থাৰ আঁত হেৰুৱাই পেলায়।

এনে অৱস্থাত অসম অনিবার্যভাৱেই তেওঁলোকৰ মাতৃভূমি হৈ পৰে। কবিৰো অসমতে জন্ম হয় আৰু ইয়াৰ বায়ু-পানী আহাৰ গ্ৰহণ কৰিয়ে ডাঙৰ দীঘল হৈছে। কবিৰ সিৰাই সিৰাই অসমীয়া তেজ-প্রবাহিত হৈছে। অসমীয়া কৃষ্টি-সংস্কৃতি, আচাৰ-অনুষ্ঠানৰ কবিয়ো ধাৰক আৰু বাহক হিচাপে পৰিগণিত হৈছে। ফলত অসমৰ অসমীয়া বুলি পৰিচয় ভিন্ন কবিৰ আৰু মাতৃভূমি বুলিবৰ আন পৰিচয় নোহোৱা হৈছে। নিজ জন্মভূমিক সকলোৱে প্রাণসম ভাল পায় আৰু মৰাৰ পাছতো পুনৰ জনমত মাতৃভূমিতে জনম লোৱাৰ বাঞ্ছা কৰে। কবিও ইয়াৰ পৰা মুক্ত নহয়। সেয়েহে কবিয়ে জীৱনে মৰণে ভালপোৱা জন্মভূমি অসমতে মৃত্যুৰ পিছতো পুনৰ জন্ম ল’বলৈ হেঁপাহ কৰিছে। এই হেপাঁহে কবিৰ জন্মভূমিৰ প্ৰতি থকা অপৰিসীম ভালপোৱাকে সূচাইছে। 

১১। ‘ম‍ই অসমীয়া’ কবিতাটোৰ সাৰাংশ লিখা।

উত্তৰঃ অসমত বসবাস কৰি থকা মুছলমান সম্প্ৰদায়ৰ লোকসকল আদিতে অসমীয়া নাছিল। তেওঁলোক আছিল মোগল আৰু ভাৰত সম্ৰাটৰ আদেশত তেওঁলোকে অসমদেশ জয় কৰিবলৈ আহিছিল। কিন্তু স্বাধীনতাপ্রেমী অসমীয়া জাতিৰ একতাৰ শক্তিত মোগল সৈন্যবিলাকে পৰাজয় স্বীকাৰ কৰিলে। অসমীয়া মানুহৰ শক্তি, একতা, জাতীয় চেতনাত তেওঁলোক মুগ্ধ হল। তাৰোপৰি তেওঁলোক মুগ্ধ হ’ল অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু অৰ্থনৈতিক সচ্ছলতাক দেখি। তেওঁলোকে অসমীয়া মানুহৰ ব্যৱহাৰ, মিঠামাত, সুৱদী ভাষা, শক্তিশালী কৃষ্টি-সংস্কৃতিৰ প্ৰতি আৰু ঐশ্বৰ্য্য বিভূতিৰ প্ৰতি আকৃষ্ট হৈ অসমতে থকাৰ সিদ্ধান্ত লৈ পুনৰাই মোগল সাম্রাজ্যলৈ উভতি নগল। তেতিয়া তেওঁলোকে কেৱল নিজৰ ধৰ্ম ৰাখি বাকী ভাষা-সংস্কৃতি, কলা-কৃষ্টি সকলোখিনি অসমীয়াৰপৰা, গ্ৰহণ কৰিলে। আহোম ৰজাক নিজৰ ৰজা আৰু অসমক নিজৰ দেশ বুলি স্বীকাৰ কৰিলে। তেতিয়াৰেপৰা তেওঁলোক অসমীয়া হৈ দেশ, ভাষা-সংস্কৃতিক ৰক্ষা কৰিবৰ বাবে প্ৰাণপণে চেষ্টা কৰি আহিছে। এই সকল অসমীয়াই মৃত্যুৰ পাছতো পুনৰাই অসমতে জন্ম লবলৈ আশা কৰে।

১২। ‘মই অসমীয়া’ কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা।

উত্তৰঃ অসম এখন প্রাচীন ঐতিহ্যপূর্ণ স্বাধীন দেশ। ইয়াত বসবাস কৰা সকলো অসমীয়াই স্বাধীনতাপ্রেমী। কোনো বিদেশীয়ে অসমক আক্রমণ কৰিলে, পুৰুষ-নাৰী উভয়ে একত্ৰিত হৈ ৰণথলীত শত্ৰুৰ বিপক্ষে অস্ত্ৰ ধৰি শত্ৰু সৈন্যক পৰাস্ত কৰে। অসমক প্ৰকৃতিৰ সৌন্দৰ্য্যময়ী ৰাণী বুলি ক’ব পাৰি। এই দেশক পাহাৰবোৰে চাৰিওফালে প্ৰাচীৰৰ দৰে বেঢ়ি আছে। হাবিত থকা গছ-গছনি, তৰু-তৃণৰ প্ৰতিটো পাতেই জাংফাই আদিৰ দৰে মিনাকৰা ৰূপহী। দূৱৰি বনৰ পাতৰ আগতো মুকুতা চৰে। 

মানুহে হাতী দাঁতৰ খৰমৰ চুলা কৰে, পোৱালৰ চৰিয়াত ভৰি ধোৱে, ম’হৰ শিঙৰ পেঁপা বজায়; তিৰোতাবোৰে বাঘৰ নখেৰে তৈয়াৰ কৰা খাৰু পিন্ধে, ভৰিত আঙুঠি পিন্ধে। ৰজাই হাঁহ-কণী আৰু চাউলেৰে দৌল নিৰ্মাণ কৰে। অসমৰ নদীৰ বালিত সোণ পোৱা যায়। মানুহে মাটিৰ চৰুৰে সোণ-ৰূপ জুখি আদান-প্ৰদান কৰে। সকলো মানুহেই কর্মী। যিবিলাক নিষ্কর্মা মানুহ আছে সিবিলাকৰ দ্বাৰাই ৰাজ-আলি বন্ধোৱা হয়। ৰাজধানীত দ’ল সাজে, পুখুৰী খান্দে, ৰংঘৰ, কাৰেংঘৰ সাজি ৰাজধানীক স্বর্গপুৰীৰ দৰে মনোৰম কৰি তোলে। অসমৰ কোনো মানুহৰে কোনো অভাব নাই, সকলো ফালেই জয়জয় ময়ময়।

‘খ’ — ভাষা-বিষয়ক

১। ব্যাসবাক্য সহ সমাসৰ নাম লিখা:

স্বর্ণপুৰী, মুক্তগীত, অনিৰুদ্ধ, নিষ্কর্মা।

উত্তৰঃ 

শব্দঅর্থ
স্বৰ্ণপুৰিস্বৰ্ণৰে নিৰ্মিত পুৰি — ষষ্ঠী তৎপুৰুষ সমাস। 
মুক্তোগিতমুক্ত যি গীত — কৰ্মধাৰয় সমাস।
অনিৰুদ্ধযাক ৰোধ কৰিব নোৱাৰি — বহুব্রীহি সমাস।
নিষ্কৰ্মাকৰ্ম নাই যাৰ — বহুব্রীহি সমাস।

৩। তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সাজা:

বাঘ-নখ, হাঁহ-কণী, ম’হ-শিং।

উত্তৰঃ হীৰা-মণি। 

গৰু-গাখীৰ। 

মৌ-জোল। 

নেমু-ৰস। 

হাতী-দাঁত। 

৩। বিপৰীত শব্দ লিখা:

গৌৰৱ, আলোক, স্বাধীনতা, পৰাজিত, সপোন, মৰণ।

উত্তৰঃ

শব্দবিপৰীত শব্দ
গৌৰৱলজ্জা।
আলোকআন্ধাৰ।
স্বাধীনতাপৰাধীনতা।
পৰাজিতবিজয়ী।
সপোনদিঠক।
মৰণজীৱন।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top