Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Solutions and select need one. Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 7

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক

১। ভাৰতীয় সংস্কৃতিৰ প্ৰাণ কি?

উত্তৰঃ ক্ৰমবৰ্দ্ধমান শক্তিয়েই হ’ল ভাৰতীয় সংস্কৃতিৰ প্ৰাণ।

২। ‘ফ্রম ভলগা টু গংগা’ কাৰ ৰচনা?

উত্তৰঃ ‘ফ্রম ভলগা টু গংগা’ পণ্ডিত ৰাহুল সংস্কৃত্যায়নৰ ৰচনা।

৩। সর্বপল্লী ৰাধাকৃষ্ণণে ‘কালিয়দমন’ৰ কি আখ্যা দিছে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ কালিয়দমন হ’ল আৰ্যই, অনাৰ্যক সংস্কৃত কৰাৰ প্রতীকধর্মী নৃত্য।

৪। কোনটো যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি? 

উত্তৰঃ বৌদ্ধধৰ্ম প্ৰচাৰৰ যুগক ভাৰতীয় সংস্কৃতিৰ বিস্তাৰ যুগ বুলিব পাৰি।

৫। শিৱ আৰু শক্তি পূজাৰ মূল ক’ত আৱিষ্কাৰ হৈছিল?

উত্তৰঃ শিৱ আৰু শক্তি পূজাৰ মূল মহেঞ্জোদাৰোত আৱিষ্কাৰ হৈছিল৷

৬। ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ কি? 

উত্তৰঃ ইছলামীয় ভাস্কৰ্যৰ মূল সম্পদ হ’লー গঠনৰ সৰলতা আৰু সুক্ষ্মতা।

৭। অজন্তাৰ ছবিবোৰত প্ৰকাশ পোৱা ভাববস্তু দুটা কি কি? 

উত্তৰঃ অজন্তা ছবিবোৰত দুটা ভাববস্তু প্রকাশ পাইছে। এটা হৈছে সন্ন্যাস‌ জীৱন’ আৰু আনটো হৈছে ‘সমূহীয়া জীৱন’।

৮। গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি কেনেকুৱা হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে?

উত্তৰঃ গান্ধীজীয়ে নতুন যুগৰ ভাৰতীয় সংস্কৃতি সমন্বয়ৰ বস্তু হ’ব লাগে বুলি মত প্ৰকাশ কৰিছে। 

৯। সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে?

উত্তৰঃ সুকুমাৰ কলাৰ ভিতৰত চিত্র-শিল্পক বেছি স্থায়ী বোলা হয়।

১০। হেম বৰুৱাৰ সাহিত্য-চৰ্চা সম্পর্কে পঁচিছটামান শব্দৰ ভিতৰত এটি পৰিচয় দিয়া।

উত্তৰঃ গুৱাহাটীৰ বি. বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ আৰু লোকসভাৰ প্রাক্তন সদস্য হেম বৰুৱাই অসমীয়া সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰিছে। সু-বক্তা, প্ৰৱন্ধকাৰ, সমালোচক, আধুনিক মুক্তক ছন্দৰ কবি হিচাপে প্ৰখ্যাত হেমচন্দ্ৰ বৰুৱাৰ — আধুনিক সাহিত্য, সাগৰ দেখিছো, সানমিহলি, ৰঙাকৰবীৰ ফুল, কিউপিড, ছাইকী, বালিচন্দা, এই গাওঁ এই গীত, মেকং নৈ দেখিলো, ইজৰাইল, স্মৃতিৰ পাপৰি, কন্নকী আদি উল্লেখযোগ্য সৃষ্টি। 

ইংৰাজী ভাষাত লিখা “The Red River and the Blue Hill” তেখেতৰ এখন উৎকৃষ্ট ৰচনা। অসমীয়া সাম্প্ৰতিক কালৰ সমালোচক, প্ৰৱন্ধকাৰ আৰু গদ্য ছন্দৰ কবি হিচাবে উঠি অহা নবীনচাম লেখক লেখিকাক হেম বৰুৱাদেৱে অনুপ্ৰেৰণা যোগাই আহিছে।

১১। ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ সাৰাংশ লিখা।

উত্তৰঃ ভাৰতীয় সংস্কৃতি এক বিশাল সমন্বয়ৰ ফল। আৰ্য, অনাৰ্য, মংগোলীয়, দ্ৰাবিড় আদি বহু গোষ্ঠীৰ সংস্কৃতি মিলি এক অখণ্ড সাংস্কৃতিক সাগৰ গঠন কৰিছে। গ্ৰীক, শক, হুন আদিৰ দৰে বহিঃপ্ৰজাতি লোকেও ভাৰতলৈ আহি ভাষা, সাহিত্য, দৰ্শন, ভাস্কৰ্য, চিত্ৰকলা আদি ক্ষেত্ৰত নিজৰ প্ৰভাৱ এৰি গৈছে। এই আদান-প্ৰদানেই ভাৰতীয় সংস্কৃতিক সমৃদ্ধ কৰি তুলিছে।

সভ্য সমাজৰ সংগঠিত শক্তিয়ে ভাৰতীয় সংস্কৃতিক জীৱন্ত কৰি ৰাখিছে। বাহ্যিক প্ৰভাৱৰ সত্ত্বেও এই সংস্কৃতিয়ে নিজৰ স্বকীয়তা ৰক্ষা কৰিছে। ভাষা, সাহিত্য, কলা আৰু দৰ্শনত প্ৰকাশ হোৱা প্ৰতিভাই জাতিৰ সংস্কৃতিৰ পৰিমাপক। আৰ্য আৰু অনাৰ্য সংস্কৃতিৰ সমন্বয় ভাৰতীয় ধৰ্ম আৰু দৰ্শনত ঐক্যৰ বাৰ্তা বহন কৰিছে।

বৌদ্ধ ধৰ্মৰ প্ৰচাৰৰ সময়ত ভাৰতীয় সংস্কৃতি বিস্তৃত ৰূপ পালে। চুফীবাদ আৰু উপনিষদ দৰ্শনৰ মাজত হোৱা মিলন এক গভীৰ আধ্যাত্মিক ঐক্য প্ৰকাশ কৰে। মোগল যুগত চিত্ৰশিল্প আৰু ভাস্কৰ্যত ইছলামীয় আৰু হিন্দু সংস্কৃতিৰ মিলনে এক নতুন শৈলী উদ্ভৱ ঘটায়।

ভাৰতীয় সাহিত্যো ভক্তি, আধ্যাত্মিকতা আৰু মানবতাবাদৰ প্ৰতিফলন। পুৰণি সাহিত্য হোক বা মোগল যুগৰ বঙালি আৰু মাহাৰাষ্ট্ৰীয় সাহিত্য — সকলোতকৈ মুখ্য আছিল সাংস্কৃতিক ঐক্য আৰু মানবতাৰ বাণী। অতীতৰ সাংস্কৃতিক ঐতিহ্যৰ ওপৰত আধাৰ কৰি নতুন যুগৰ সংস্কৃতি গঠনেই ভাৰতীয় সমন্বয়ৰ মূল লক্ষ্য।

১২। ‘ভাৰতীয় সংস্কৃতি এক বিৰাট সমন্বয়ৰ বস্তু’।

—এই কথাষাৰ কিমানদূৰ যুক্তিপূর্ণ, ‘ভাৰতীয় সংস্কৃতি’ পাঠটোৰ আধাৰত বিচাৰ কৰা।

উত্তৰঃ প্ৰাক্ ঐতিহাসিক কালৰ পৰা ভাৰতত যিসকল লোক বাস কৰি আছিল তেওঁলোক অনার্য জাতিৰ লোক। বিদেশৰ পৰা ভাৰতলৈ পোন প্ৰথমে দ্রাবিড়সকল আহে আৰু তেওঁলোকে পঞ্জাৱ অঞ্চলত বাস কৰিবলৈ লয়। দ্রাবিড়সকল ভাৰতলৈ অহাৰ পিছত আজিৰ পৰা প্ৰায় চাৰি হেজাৰ বছৰ আগতে আৰ্যসকল ভাৰতলৈ আহে। তাৰ পিছত মঙ্গোলীয়, গ্রীক, শক, হুণ, আদি নানা জাতি উপজাতিৰ লোক চামে চামে ভাৰতলৈ আহি ভাৰতত স্থায়ীভাবে বসবাস কৰিবলৈ লৈছে। এই বিভিন্ন জাতি উপজাতিৰ লোকে ভাৰতলৈ আহোতে নিজস্ব সংস্কৃতিৰ মেটমৰা বোজা কঢ়িয়াই আনিলেও ভাৰতবৰ্ষত থিতাপি লোৱাৰ পিচত তেওঁলোকে নিজৰ সংস্কৃতি বজাই ৰাখিব নোৱাৰিলে। আনহাতে আবহমান কালৰে পৰা নিজস্ব গতিৰে প্ৰবাহিত হৈ থকা ভাৰতীয় সংস্কৃতিৰ মহানদীখনেও নব্য সংস্কৃতিৰ জলধাৰা গ্ৰহণ নকৰি থাকিব নোৱাৰিলে।

অতীত ভাৰত বুৰঞ্জী যিদৰে অভিযানৰ বুৰঞ্জী, উত্থান-পতনৰ বুৰঞ্জী, তেনেকৈ সমন্বয়ৰো বুৰঞ্জী। বিভিন্ন সময়তে বহিৰাগত বিভিন্ন জাতি উপজাতিৰ লোকে ভাৰতত অভিযান চলাই ভাৰতত বসবাস কৰিবলৈ লোৱাৰ লগে লগে সেই জাতি উপজাতিৰ লোকৰ সাংস্কৃতিক প্ৰভাৱ ভাৰতীয় সংস্কৃতিৰ ওপৰত পৰিল। ফলত ভাৰতীয় ভাষাতত্ত্ব, সামাজিক, ৰাজনৈতিক আদর্শ, সাহিত্য, শিল্প-কলা, দৰ্শন আদি ক্ষেত্ৰত এক বিৰাট সমন্বয়ৰ সৃষ্টি হল। এই সাংস্কৃতিক সমন্বয় ইমান গাঢ় হৈ পৰিল যে ইয়াৰ বিভিন্ন ধাৰাৰ মূল বিচাৰ কৰাটো কঠিন হৈ পৰিল। ক্রমবর্দ্ধমান শক্তিয়েই হৈছে প্ৰকৃত জীৱন শক্তি আৰু ক্ৰমবৰ্দ্ধমান শক্তিয়েই ভাৰতীয় সংস্কৃতিৰ প্ৰাণ। ভাৰতীয় সভ্যতাই স্তৰে স্তৰে ক্ৰমবিকাশ লভাৰ লগে লগে ভাৰতীয় সংস্কৃতিও সমন্বিত ৰূপত আগবাঢ়ি আহিছে।

এটা সময়ত এতিয়াৰ চৌদিশৰ পৰা মহা মানৱ গোষ্ঠীৰ সোঁতে ভাৰতবৰ্ষ প্লাৱিত কৰিছিল আৰু প্ৰত্যেক গোষ্ঠীৰ লোকে নিজ নিজ প্রতিভা অনুসৰি সংস্কৃতি ৰচনাত অৰিহনা যোগাইছিল। ফলত ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন আদি

ক্ষেত্ৰত ইয়াৰ প্ৰভাৱ পৰিছিল, কিন্তু চিৰ-প্রবহমান ভাৰতীয় সংস্কৃতিক গ্ৰাস কৰিব পৰা নাছিল। বৰঞ্চ ভাৰতীয় সংস্কৃতিয়েহে এক নতুনত্ব লাভ কৰি অগ্ৰসৰ হৈছিল। উদাহৰণ স্বৰূপে মহেঞ্জোদাৰো আৰু হৰপ্পা সংস্কৃতি কালৰ গৰাহত ধ্বংস হৈছিল যদিও আর্য্য সকলে ইয়াৰ ওপৰত ভেঁটি কৰিহে নতুন সংস্কৃতি ৰচনা কৰিছিল। 

ৰাজ্য ভঙা-গঢ়াৰ লগে লগে আকস্মিক ভাবে বন্ধ হৈ যোৱা সংস্কৃতি ভাৰতীয় সংস্কৃতি নহয়। ভাৰতীয় সংস্কৃতিৰ মূল সুসংগঠিত আৰু মজবুত। তথাপিও ই অন্য সংস্কৃতিৰ ধাৰাকো গ্ৰহণ নকৰাকৈ থকা নাই। উদাহৰণ স্বৰূপে ভাৰতীয় সকলৰ মাজলৈ সৌ সিদিনা অহা ৰাজপুত চিত্ৰকলাই ভাৰতীয় সংস্কৃতিত এক বিশেষ স্থান দখল কৰিছে। তেনেদৰে দ্ৰাবিড় সমাজত প্ৰচলিত কিছু দেৱ-দেৱীকে আৰম্ভ কৰি ধর্ম পদ্ধতি কিছুমান আর্য্য সমাজে গ্ৰহণ কৰিছিল আৰু দ্রাবিড় পুৰোহিতকো আৰ্য্য ব্ৰাহ্মণ সম্প্ৰদায়ৰ মৰ্য্যাদা দিয়া হৈছিল। 

গতিকে অনাৰ্য্য সংস্কৃতি আৰ্য সংস্কৃতিৰ বুকুত ঠাই পাইছিল। ইছলাম সকল ভাৰতলৈ অহাৰ পিছত উত্তৰ ভাৰতীয় মঠ মন্দিৰৰ ভাস্কৰ্য্যত ইছলামীয় ভাস্কৰ্য্যৰ ভালেখিনি প্রভাব পৰিছিল। অজন্তাৰ গুহা চিত্ৰবোৰত প্ৰাক্‌ মুছলিম যুগৰ জীৱন প্ৰাচুৰ্য্যৰ কথাও পোৱা যায়। বাবৰৰ দিনত ভাৰতীয় চিত্ৰকলাত নতুন ধাৰাৰ প্ৰৱৰ্তন হয়। ধৰ্মৰ ক্ষেত্ৰতো একে কথা। হিন্দু-মুছলিম সংঘৰ্ষৰ আগলৈকে ভাৰতীয় হিন্দু ধর্ম অতীন্দ্ৰিয়বাদ আৰু আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল। কিন্তু ইছলামৰ প্রভাবে আমাৰ আধ্যাত্মিকতাৰ ধমনি কঁপাই তুলিছিল। সাহিত্যও আধ্যাত্মিকাৰ ওপৰতেই প্রতিষ্ঠিত আছিল, যদিও বৃটিছ সকল অহাৰ পিছত ভাৰতীয় সাহিত্য পাশ্চাত্য ভাবাদর্শেৰে আগবাঢ়িব ধৰিছিল।

গতিকে ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে, ভাৰতীয় সংস্কৃতি একক নহয়, ই এক বিৰাট সমন্বয়ৰ সংস্কৃতি।

১৩। ‘সভ্যতা’ আৰু ‘সংস্কৃতি’ শব্দ দুটাৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ সভ্যতা আৰু সংস্কৃতিৰ মাজত পাৰ্থক্য আছে। এটাৰ সলনি আনটো ব্যৱহাৰ কৰিব নোৱাৰি। সভ্যতাই বিশেষ এটা সামাজিক বা ৰাজনৈতিক অৱস্থা বুজায়। সভ্যতা এটা সমাজ পদ্ধতি। সমাজ সভ্য নহ’লে কোনো ব্যক্তি বা অনুষ্ঠানৰ পক্ষে সৃষ্টিমূলক কাম হাতত লোৱা সম্ভৱ নহয়। আনহাতে সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজৰ জীৱন প্ৰতিভা। এটা জাতি সুসভ্য হ’ব পাৰে কিন্তু ইয়াৰ কোনো লেখত ল’বলগীয়া সংস্কৃতিৰ স্তম্ভ নাথাকিবও পাৰে। সভ্যতাই সমাজ সু-শৃঙ্খল কৰি সংস্কৃতি সৃষ্টিত সহায় কৰে।

১৪। উত্তৰ ভাৰতীয় ভাস্কৰ্য্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰঃ আমি ভাস্কৰ্য, সুকুমাৰ শিল্প, সাহিত্য সকলোতে সমন্বয়ৰ ইংগিত পাওঁ। উত্তৰ ভাৰতৰ ভাস্কৰ্যৰ লগত দাক্ষিণাত্যৰ ভাস্কৰ্য নিমিলে। উত্তৰ ভাৰতীয় ভাস্কৰ্যত বৃত্ত আৰু বক্ৰ ৰেখাৰ প্ৰাদুৰ্ভাব বেছি। উত্তৰ ভাৰতৰ মন্দিৰবোৰতও ইছলামীয় ভাস্কৰ্যৰ প্ৰভাৱ সুস্পষ্টভাৱে দেখিবলৈ পোৱা যায়। গতিকে ই সংহতিৰ ভাস্কর্য, সমন্বয় আৰু গঠনৰ সূক্ষ্মতাৰ জৰিয়তে ইয়াৰ শোভা প্রকাশ পাইছে।

১৫। অজন্তাৰ গুহাৰ শিল্পকলাৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ চিত্রকলা যদিও বিশ্বজনীন তথাপি ইয়াৰ জৰিয়তে জাতি বিশেষৰ বহুখিনি পৰিচয় পোৱা যায়। অজন্তাৰ গুহাচিত্ৰবোৰে ভাৰতীয় সংস্কৃতিৰ বৌদ্ধ যুগৰ কথা সোৱঁৰাই দিয়ে। অজন্তাৰ চিত্ৰবোৰত দুটা ভাৱবস্তু প্ৰকাশ পাইছে- এটা হৈছে সন্ন্যাস জীৱন আৰু আনটো হৈছে সমূহীয়া জীৱন; আৰু অজন্তাত এই দুয়োবিধ চিত্র একেলগে অঁকা হৈছে। দ্বিতীয় বিধ ছবি হৈছে জীৱন আনন্দৰ উচ্ছ্বাসময় চিত্র— যিবোৰত ফুটি উঠিছে শক্তি, খ্যাতি, প্ৰেম আৰু যৌবন।

প্রথম শাৰীত আছে দয়া, ধ্যান আৰু মৌনতা। ভাববস্তুৰ ফালৰ পৰা দুয়োবিধ ছবিতে বৈসাদৃশ্য আছে। দুয়োবিধতে দুখন সুকীয়া জগত প্ৰতিফলিত হৈছে। জীৱনৰ অসামঞ্জস্যক একেলগে গ্রহণ কৰিব পৰা শক্তি এই ছবিবোৰত আছে। ইয়াৰোপৰি প্ৰাক্‌-মুছলিম যুগৰ জীৱন প্ৰাচুৰ্য্যৰ কথাও অজন্তাৰ গুহা চিত্ৰবোৰত আছে। পুৰুষ, মহিলা, শিশুক বিবিধ ভঙ্গিমাত সকলোকে একেলগে একেঠাইতে অংকন কৰা হৈছে। জীৱন প্ৰাচুৰ্য্যই শিল্পীক উন্মনা কৰাৰ বাবে জীৱন প্ৰাচুৰ্য্যক শিল্পীয়ে একে ঠাইতে সমূহীয়াভাবে বন্দী কৰিবলৈ প্ৰয়াস কৰিছে। 

ছবিবোৰৰ ভাববস্তুৰ অসামঞ্জস্যৰ মাজতো বাস্তৱ অখণ্ডতাৰ কথা বিস্মৃত হোৱা নাই। শিল্পীৰ মননশীল শিল্পজগত আৰু জীৱনৰ মাজত সুন্দৰ সমন্বয়ৰ সংযোগ ঘটিছে। ই হৈছে অজন্তা গুহা চিত্ৰৰ গৌৰৱ। অজন্তাৰ গুহাত অনন্তকালৰ বাবেই শিল্পকলা সঞ্জীৱিত হৈ আছে। ইয়াৰ জৰিয়তে গতিপ্রকৃতিৰ সমন্বয় উজ্জীৱিত হৈ আছে।

১৬। মোগল সম্রাট বাবৰৰ আমোলত ভাৰতত প্ৰৱেশ কৰা চিত্ৰকলাৰ নতুন ধাৰাটি কেনে আছিল লিখা।

উত্তৰঃ মোগল সম্রাট বাবৰৰ দিনত চিত্ৰ-শিল্পৰ নতুন ধাৰা পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰে। এই চিত্র-শিল্পৰ মূলতে আছিল প্ৰচুৰ ব্যক্তিবোধ। ইয়াত জনজীৱনৰ কোনো সম্ভেদ নাছিল। ব্যক্তিৰ জীৱন প্ৰকাশেই আছিল ইয়াৰ লক্ষ্য। ইয়াত ভাৱ-প্ৰৱণতাৰ বিপৰীতে বিপুল উৎসাহ-উদ্দীপনা আৰু প্ৰেৰণা দেখা গৈছিল।

ব্যক্তিবাদে সাময়িকভাৱে হ’লেও চিত্র-শিল্পত সংকেতৰ স্থান নোহোৱা কৰিছিল। এইবোৰত ফুটি উঠিছিল বুদ্ধিৰ পৰিচয়। মোগল সম্রাট বাবৰৰ দিনত বাহিৰৰ | সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰধাৰাৰ মিলন ঘটিছিল। এই সংমিশ্ৰণৰ ফলত ভাৰতীয় চিত্ৰকলাত এটি নতুন ধাৰাৰ উদ্ভৱ হৈছিল।

১৭। উত্তৰ ভাৰতৰ সংগীতে কি নতুন বস্তু আমাৰ চকুত পেলায় বুলিছে?

উত্তৰঃ ভাৰতীয় উচ্চাংগ সংগীত দাক্ষিণাত্যৰ ভাস্কৰ্য কলাৰ দৰে গাম্ভীর্যপূর্ণ আৰু বিচিত্র। উত্তৰ ভাৰতৰ সংগীতে এটা নতুন বস্তু আমাৰ চকুত পেলায়। এই সংগীতত গাম্ভীৰ্যৰ লগত ঠায়ে ঠায়ে এটা উৰণীয়া ভাৱৰ সংযোগ দেখিবলৈ পোৱা যায়৷ ইয়াকেই সুৰ-বস্তুৰ ওপৰত লোক-সংগীতৰ প্ৰভাৱ বুলিব পাৰি। উত্তৰ ভাৰতৰ সংগীতত, লোক-সংগীতৰ প্রভাৱ সুস্পষ্ট।

১৮। ভাৰতীয় সংস্কৃতিত ইছলামৰ অৰিহণাৰ এটি টোকা যুগুত কৰা।

উত্তৰঃ ভাৰতীয় সংস্কৃতিত ইছলামৰ প্ৰভাৱ মন কৰিবলগীয়া। বুৰঞ্জীৰ বিভিন্ন স্তৰত মধ্য এচিয়া বা পশ্চিম এচিয়াৰ পৰা চামে চামে অভিযানকাৰীয়ে ভাৰত অভিযান কৰিবলৈ আহিছিল। ভাৰতত খোপনি পুতি ৰাজ্য বিস্তাৰ কৰাৰ লগে লগে তেওঁলোকৰ নিজস্ব সংস্কৃতি ভাৰতত বিকশিত হ’ল আৰু সেই সংস্কৃতিৰ কিছু কিছু অংশ চিৰ প্ৰবাহিত ভাৰতীয় মূল সংস্কৃতিয়ে পৰিগ্ৰহ কৰিলে। ভাষা, সাহিত্য, ধর্ম, চিত্র, ভাস্কৰ্য্য আদি সকলো ক্ষেত্ৰতো ইছলামৰ প্ৰভাৱ পৰিল।

উত্তৰ ভাৰতৰ মন্দিৰবোৰত ইছলামীয় ভাস্কৰ্য্যৰ প্ৰভাৱ পৰিল। উত্তৰ ভাৰতৰ ভাস্কৰ্য্যত প্ৰচলিত হিন্দু আৰু বাহিৰৰ ইছলামীয় আদর্শ সন্নিবিষ্ট হৈ এক নতুন ভাৰতীয় পদ্ধতিৰ সৃষ্টি হৈছে। ইছলামীয় ভাস্কৰ্য্যই হিন্দু ভাস্কৰ্য্যকে কাৰুকাৰ্য্য প্ৰদান কৰিছে।

চিত্রশিল্পত, প্রচলিত ভাৰতীয় চিত্ৰশিল্পৰ ওপৰতো ইছলামীয় সংস্কৃতিৰ প্ৰভাৱ পৰিল। অজন্তাৰ গুহাচিত্ৰবোৰ প্ৰাচীন ভাৰতীয় চিত্ৰকলা’ৰ নিজস্ব ৰূপ প্ৰদৰ্শন কৰি আহিছে। কিন্তু বাবৰৰ আমোলত চিত্ৰশিল্পৰ এটি নতুন ধাৰা ভাৰতত প্ৰৱেশ কৰে। বাবৰৰ আমোলত সুস্থ ব্যক্তিবাদী চিত্ৰকলাৰ লগত প্ৰচলিত চিত্ৰ ধাৰাৰ মিলন ঘটিছিল। এই দুয়োটাৰ সংমিশ্ৰণত এটি নতুন পদ্ধতিৰ সৃষ্টি হৈছিল।

মুছলিম আৰু হিন্দুৰ প্ৰথম সংঘৰ্ষই হিন্দুৰ মনত পোনতে বিপ্লৱৰ সৃষ্টি কৰিছিল। হিন্দু ধর্ম আধ্যাত্মিকতাবাদী আৰু অতীন্দ্রিয়বাদী। পদদলিত জনসাধাৰণ অদৃষ্টৰ ওপৰত বিশ্বাস কৰিছিল আৰু সকলো ঈশ্বৰৰ ইচ্ছা বুলি মানি লৈছিল কিন্তু ইছলামসকল অহাৰ পিছত ভাৰতীয় আধ্যাত্মিকতাবাদৰ ওপৰত প্ৰভাৱ পৰিল আৰু হিন্দু ধৰ্ম কিছু পৰিমাণে সামাজিক গণতন্ত্ৰৰ পিনে অগ্ৰসৰ হ’বলৈ ধৰিলে।

ইছলামসকল অহাৰ পিছত ভাৰতীয় ভাষা সাহিত্যৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিছিল। মোগল সম্রাটসকলৰ দৰবাৰত যি সাহিত্য সৃষ্টি হৈছিল তাৰ প্ৰভাৱ ভাৰতীয় সাহিত্যত পৰিলক্ষিত হোৱা দেখা যায়। ইছলাম, সকলৰ বহুতো শব্দ ভাৰতীয় ভাষাসমূহত সোমাই পৰিছে। গতিকে দেখা যায় যে, ভাৰতীয় সংস্কৃতিত ইছলামীয় সংস্কৃতিৰ অৰিহনা মনকৰিবলগীয়া।

১৯। প্রাক্‌-মুছলিম যুগ আৰু মুছলিম যুগৰ ভাৰতীয় ভাস্কৰ্য্য আৰু শিল্পকলাৰ বিষয়ে এটি টোকা যুগুত কৰা।

উত্তৰঃ প্ৰাক্‌-মুছলিম যুগত ভাৰতীয় ভাস্কৰ্য্য আৰু শিল্পকলাই আৰ্য্য বা অনাৰ্য্য ৰীতিকে বহন কৰি আহিছিল। ইছলামৰ পৰা আতঁৰত থকা বাবে দাক্ষিণাত্যৰ ভাস্কৰ্য্যত কোণ আৰু সৰল ৰেখাৰ প্ৰাদুৰ্ভাব সৰহ। গঠনৰ বিশালতা ইয়াৰ অন্যতম প্রধান বৈশিষ্ট্য। উদাহৰণস্বৰূপে কাঞ্জিভৰামৰ মন্দিৰৰ কথাকে কব পাৰি। এই মন্দিৰত থকা এহেজাৰটা স্তম্ভৰ প্ৰতিটো স্তম্ভৰে এটা স্তম্ভৰ আৰ্হি আনটোৰ লগত নিমিলে। ইছলামসকল অহাৰ পিছত উত্তৰ ভাৰতৰ ভাস্কৰ্য্যৰ ওপৰত তেওঁলোকৰ প্রভাৱ পৰিছিল। গঠনৰ সৰলতা আৰু সূক্ষ্মতা ইছলামীয় ভাস্কৰ্য্যৰ মূল সম্পদ। মুছলিম যুগৰ পিছত ভাৰতীয় ভাস্কৰ্য্যই জটিলতা হ্রাস কৰিছে আৰু ইছলামীয় ভাস্কৰ্য্যৰ দৰে ভাস্কৰ্য্যত কাৰুকাৰ্য্যৰ স্থান দিছে।

প্রাক্‌-মুছলিম যুগত ভাৰতীয় চিত্ৰকলাৰ যিটো ধাৰা ভাৰতত প্ৰবাহিত হৈ আছিল তাৰ নিদৰ্শন অজন্তাৰ গুহা-চিত্ৰবোৰ, যিবোৰ জীৱন প্ৰাচুৰ্য্যৰে ভৰপুৰ আছিল ৷ পুৰুষ, মহিলা, শিশু, বিবিধ ভংগীমাত সকলোৱোৰ একে ঠাইতে অংকিত হৈছে। জীৱন-প্ৰাচুৰ্য্য একে ঠাইতে ধৰি ৰাখিবলৈ তেওঁলোক উদ্ বাউল হৈছিল। শিল্পীৰ শিল্পজগত আৰু বাস্তৱ জগতৰ সুন্দৰ সমন্বয় ঘটিছিল। মুছলিম যুগত ভাৰতীয় চিত্ৰকলা ব্যক্তিবাদী হৈছিল। ব্যক্তিবাদে চিত্র শিল্পত সংকেতৰ স্থান নোহোৱা কৰিছিল। অনুভূতিয়ে প্ৰসাৰ লাভ কৰিছিল।

২০। ব্যাখ্যা কৰা:

(ক) সংস্কৃতিৰ অবিচ্ছিন্ন ধাৰাই হৈছে ভাৰতীয় জীৱনৰ মূল সম্পদ।

উত্তৰঃ ব্যাখ্যেয় কথাষাৰ সাম্প্ৰতিক কালৰ সমালোচক, প্ৰবন্ধকাৰ আৰু গদ্য ছন্দৰ কবি হিচাপে খ্যাত প্রথিতযশা ভ্রমণ কাহিনী লিখক সুবক্তা হেম বৰুৱা দেৱৰ দ্বাৰা বিৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে। চিৰ প্রবহমান সংস্কৃতিয়েই যে ভাৰতীয় জীৱনৰ মূল সম্পদ তাকে এই কথাষাৰৰ মাজেৰে ব্যক্ত কৰা হৈছে।

সংস্কৃতি হৈছে এটা জাতি বা সমাজ এখনৰ জীৱন প্ৰতিভা। জাতি এটা সুসভ্য হ’লেও সেই জাতিৰ সাংস্কৃতিক স্তৰ ওখ নাথাকিবও পাৰে। ভাষা, সাহিত্য, সুকুমাৰ কলা, দৰ্শন আদিৰ মাজেৰে এটা জাতিৰ স্বকীয় সংস্কৃতি ফুটি উঠে। সভ্যতাই মোৰ সলোৱাৰ লগে সংস্কৃতিও নতুন গতিৰে ধাৱমান হয়, গতি  কিন্তু স্থবিৰ নহয়। ভাৰতীয় সংস্কৃতিৰ প্রবাহ বাধাহীন বোৱতী সুঁতিৰ দৰে নিৰবচ্ছিন্নভাবে বৈয়ে আছে। ভাৰতৰ ভৌগোলিক বিচিত্ৰতা, জীৱনৰ গতিধাৰাৰ বৈচিত্র্য আদিয়ে ভাৰতীয় জীৱনৰ গঢ় দিছে। সুপ্রাচীন কালৰে পৰাই ন-ন মানৱ গোষ্ঠী ভাৰত ভূমিলৈ আহি ভাৰতীয় সংস্কৃতিক ন-ন ৰূপেৰে সজাই পৰাই তুলিছে। সংস্কৃতিৰ এই নিৰবচ্ছিন্ন ধাৰাই ভাৰতীয় জাতীয় জীৱনৰ মূল সম্পদ হৈ পৰিছে।

(খ) ভাৰতৰ বুৰঞ্জী হৈছে ৰাজ্যৰ উত্থান-পতন, ভঙা-গঢ়াৰ সবিশেষ বুৰঞ্জী।

উত্তৰঃ ব্যাখ্যেয় কথাষাৰ প্ৰথিতযশা অসমীয়া সাহিত্যিক হেম বৰুৱা দেৱে লিখা “ভাৰতীয় সংস্কৃতি” নামৰ প্ৰৱন্ধটিৰ পৰা উৎকলিত কৰা হৈছে। বৰুৱা দেৱে ভাৰতীয় সংস্কৃতি যে সমন্বয়ৰ সংস্কৃতি তাকে কবলৈ গৈ এই কথাফাকি প্ৰৱন্ধটিত সন্নিবিষ্ট কৰিছে।

বুৰঞ্জীৰ পাত সুকিয়াই চালে দেখা যায় যে, ভাৰত বুৰঞ্জীৰ পাত ৰাজ্যৰ উত্থান-পতনেৰে ভৰপুৰ, ভঙা আৰু গঢ়াৰ বুৰঞ্জীৰে পৰিপূৰ্ণ। ইটোৰ পিছত সিটো মানৱ গোষ্ঠীৰ আক্ৰমণ বা অভিযানৰ বৰ্ণনাৰে ভাৰত বুৰঞ্জী ভাৰাক্ৰান্ত। এটা পৰিয়ালৰ বা বংশৰ পিছত আন এটা পৰিয়ালে বা বংশই শাসনভাৰ গ্ৰহণ কৰাৰ বিৱৰণেৰে ভাৰত বুৰঞ্জীৰ পাত ভৰি আছে। ইমানবোৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতো বহিৰাগত জাতি-উপজাতিৰ পৰা সাৰভাগ বুটলি লৈ ভাৰতীয় সংস্কৃতিৰ মূল ধাৰাটো ক্ৰমবৰ্দ্ধমান সোঁতেৰে বৈ আছিল। ৰাজ্য ভঙা-গঢ়াৰ হেঁচাত ই স্তব্ধ হৈ যোৱা নাছিল।

(গ) সকলো আর্টৰ মূলতে দুটা বিপৰীত পন্থাই কাম কৰা দেখা যায়।

উত্তৰঃ ব্যাখ্যেয় কথাষাৰ সুসাহিত্যিক হেম বৰুৱা দেৱৰ দ্বাৰা বিৰচিত “ভাৰতীয় সংস্কৃতি” নামৰ প্ৰৱন্ধটিৰ পৰা উৎকলিত কৰা হৈছে। ভাৰতীয় কলা সম্পৰ্কে কবলৈ গৈ বৰুৱা দেৱে উক্ত কথাষাৰ প্ৰৱন্ধটিত সন্নিবিষ্ট কৰিছে ৷

সকলো আর্ট অর্থাৎ কলাৰে দুটা বিপৰীত দিশ দেখা যায়। এটা দিশ হ’ল কলাত কাৰুকাৰ্য্য আৰু জাক-জমকতাৰ সৃষ্টি কৰা আৰু আনটো দিশ হ’ল কলাত সংযম আৰু আড়ম্বৰহীনতা প্রয়োগ কৰা। ইয়াৰ প্ৰথমটো পন্থাই বাহ্যিক আৰু দৃষ্টিসুখৰ জাকজমকতাৰ আত্মপ্রকাশ কৰে আৰু দ্বিতীয় পন্থাটোৱে আমাৰ অন্তর-আত্মা স্পৰ্শ কৰি অভিভূত কৰে। এবিধ আনন্দাপ্লুত, ৰস চঞ্চল, আনটো ধীৰ-স্থিৰ, মন্থৰ-প্ৰাণ।

উদাহৰণস্বৰূপে ভাৰতৰ উচ্চাঙ্গ সংগীত আৰু দাক্ষিণাত্যৰ ভাস্কৰ্য্য গাম্ভীৰ্য্যপূর্ণ কিন্তু উত্তৰ ভাৰতৰ উচ্চাঙ্গ সংগীতত আমি এক উৰণীয়া ভাবৰ সংযোজন দেখিবলৈ পাওঁ।

‘খ’ – ভাষা-বিষয়ক 

১। সন্ধি ভাঙাঃ

সংস্কৃতি, সমন্বয়, সম্বন্ধ, ভাৰাক্ৰান্ত, সন্মত 

উত্তৰঃ সংস্কৃতি = সম্ + কৃতি।

সমন্বয় = সম্ + অন্বয়।

সম্বন্ধ = সম্ + বন্ধ।

ভাৰাক্ৰান্ত = ভাৰ + আক্রান্ত।

সন্মত = সম্ + মত।

২। বিশেষ্য বা বিশেষণলৈ নিয়াঃ

বৈচিত্র্য, ভৌগোলিক, বিস্তৃতি, নৈৰাশ্য, বিপ্লৱ।

উত্তৰঃ বৈচিত্ৰ্য = বিচিত্ৰ।

ভৌগোলিক  = ভূগোল।

বিস্তৃতি = বিস্তৃত।

নৈৰাশ্য = নিৰাশ।

বিপ্লৱ = বৈপ্লৱিক।

8 thoughts on “Class 10 Assamese Chapter 7 ভাৰতীয় সংস্কৃতি”

  1. Mozz alagil dei examr aagdin a direct website r poora mu khasta korilu aru 12 tar pora exam atiya 11 baju baju mukhasta hol khohoje

    Tqquu

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top