Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Solutions and select need one. Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 8

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক

১। অতি চমু উত্তৰ লিখা:

(ক) ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰঃ ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী হৈছে মঙ্গোলীয় গোষ্ঠী।

(খ) প্রাচীন কালৰেপৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু-মন্ত্ৰ আৰু ঐন্দ্রজালিক বিদ্যাৰ বাবে প্রসিদ্ধ আছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) কিহে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে?

উত্তৰঃ ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে।

(ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল? 

উত্তৰঃ সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। 

(ঙ) অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰঃ অসমৰ মংগোলীয় গোষ্ঠীৰ লোক হৈছে আহোমসকল।

২। চমু উত্তৰ লিখা:

(ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰঃ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী, চুটিয়া, কোঁচ, মেছ, ডিমাচা, দেউৰী, মিছিং, বড়ো, তিৱা, কাৰ্বি আদি জাতিকে বুজায়।

(খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল।

(গ) চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোকে ক’ৰ ক’ৰ পৰা অসমলৈ আহিছিল?

উত্তৰঃ চাহউদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক।

এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

(ঘ) পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে—কেক, বিস্কুট, পৰাথা, পোলাও, কোর্মা-কোপ্তা, কটি, বংগ দেশীয় ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচি-পুৰী, মাদ্ৰাজী ড’চা, চাম্বাৰ আৰু ইলি ইত্যাদি।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে— অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুগীত দেহ বিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি।

৪। ‘অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ, বৈশিষ্ট্য ৰক্ষা পৰিছে।’ — কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বর্ণনা কৰা।

উত্তৰঃ অতীজতে ঘাইকৈ কছাৰী, চুটিয়া, কোচ, মেছ, ডিমাচা, দেউৰী, মিচিং, বড়ো, তিৱা, কাৰ্বি আদি জনজাতি গোষ্ঠী সমূহেই আছিল অসমীয়া জন-সংস্কৃতিৰ ধাৰক-বাহক। কিন্তু সূদূৰ ত্ৰয়োদশ শতিকাৰ পৰা বৰ্ত্তমান কুৰি/একৈশ শতিকালৈ বিভিন্ন কাৰণত, কেতিয়াবা চৰকাৰী উদ্যোগত ভাৰতৰ বিভিন্ন ৰাজ্য আৰু ভাৰতৰ, বাহিৰৰ চীন আদি দেশৰপৰাও অসমলৈ ভিন্‌ ভিন্‌ জাতি-সংস্কৃতি, ভাষা-ধৰ্মৰ মানুহৰ প্ৰব্ৰজন ঘটিছিল। এইসকল বহিৰাগত লোকৰ বহুতে নিজৰ ভাষা-সংস্কৃতি সম্পূর্ণৰূপে জলাঞ্জলি দি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতিতে জাহ গ’ল।

বহুতে আকৌ অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিলেও নিজৰ ভাষা-সংস্কৃতিও জীয়াই ৰখাৰ যত্ন কৰিলে। ধর্ম-ভাষা-সংস্কৃতি সকলো বেলেগ হ’লেও তেওঁলোক সকলক লৈ এখন বৃহৎ অসমীয়া জাতি গঠিত হ’ল।

অসমত বাস কৰিবলৈ লোৱা ভিন ভিন জাতি-ধৰ্ম-ভাষা-সংস্কৃতিৰ মানুহৰ ভাষা-সংস্কৃতিৰ লগত অসমীয়া ভাষা-সংস্কৃতিৰ সংমিশ্রণ ঘটিল। খোৱা লোৱা, পিন্ধা-উৰা, উৎসৱ-পাৰ্বণ সকলোতে এক সংমিশ্রণ ঘটিল। ভাষা ধর্ম-সংস্কৃতিৰ বিভিন্নতা থাকিলেও বৃহত্তৰ স্বাৰ্থত সকলো হ’ল বৃহত্তৰ অসমীয়া জাতিৰ মানুহ। ফলত থলুৱা জন-জাতি আৰু বহিৰাগত সকলো মিলি গঠিত হ’ল বৃহৎ অসমীয়া জাতিগোষ্ঠী৷

সকলো জাতি-ধৰ্মৰ মানুহৰ সংস্কৃতিৰ স্বপ্রণোদিত সংমিশ্ৰণত অসমীয়া সংস্কৃতি হৈ পৰিল বাৰে বৰণীয়া। বিভিন্ন ভাষা-ধর্ম-সংস্কৃতিৰ মানুহে একেখন দেশৰ নাগৰিক হিচাপে একগোট হৈ সমিল মিলেৰে বসবাস কৰাটো অতি বৈশিষ্ট্যপূর্ণ ঘটনা। দেশৰ প্ৰতি, অসমীয়া জাতি আৰু ভাষাৰ প্ৰতি থকা মৰমৰ এনাজৰীয়ে অসমীয়া জনগোষ্ঠীক, অসমীয়া সংস্কৃতিক বৈশিষ্ট্যপূৰ্ণ আৰু বৈচিত্র্যপূৰ্ণ কৰি ৰাখিছে। সকলো জাতি-ধর্ম-সংস্কৃতিৰ লোকে ভ্রাতৃত্ববোধৰ বান্ধোনেৰে বসবাস কৰি দেশখনক মহান আৰু বৈশিষ্ট্যপূর্ণ, বৈচিত্ৰ্যপূৰ্ণ কৰি গঢ়ি ৰখাৰ সঙ্কল্প সদায় গ্ৰহণ কৰা সকলোৰে বাবে সুখদায়ক হব।

৫। ‘বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল’ — ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে, কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে — পাঠৰ আলমত বিচাৰ কৰা।

উত্তৰঃ উদ্ধৃত বাক্যটিত অসমৰ চাহ উদ্যোগৰ আবেষ্টনীৰ কথা উল্লেখ কৰা হৈছে। অসমলৈ বৃটিছসকল অহাৰ লগে লগে অসমৰ হাবিত চাহ গছৰ আৱিষ্কাৰ হোৱাত চাহ উদ্যোগ প্রতিষ্ঠা হৈছিল। এই চাহ উদ্যোগৰ বনুৱা হিচাপে অসমৰ বাহিৰৰ পৰা বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ আৰু উত্তৰপ্ৰদেশৰ পৰা দেহেৰে খাটি খোৱা বনুৱাসকলক লৈ অহা হৈছিল। চাহ উদ্যোগৰ বনুৱা হিচাপে উল্লিখিত প্ৰদেশ সমূহৰপৰা চাঁওতাল, কুর্মি, মোছহৰ, মুণ্ডা, টেলেঙা, হো, ভূমিজ, ওৰাং, তাঁতী, লোহাৰ আদি সম্প্ৰদায়ৰ লোক আহিছিল।

এইসকল লোক চাহ উদ্যোগৰ পৰিসীমাৰ ভিতৰতে থাকি উদ্যোগৰ কাম কৰাৰ উপৰিও নিজৰ ভাষা সংস্কৃতি চৰ্চা কৰি থাকিল। এইসকল মানুহক অসমীয়া ভাষা-সংস্কৃতি শিক্ষা দিয়াৰ বাবে তৎকালীনভাবে কোনো ব্যৱস্থা কৰা নহ’ল। লাহে লাহে তেওঁলোকে নিজৰ সংস্কৃতি ৰক্ষা কৰাৰ উপৰিও অসমীয়া থলুৱা আচাৰ-নীতি, সাজ-পাৰ গ্ৰহণ কৰি অসমীয়া হ’ল। কিন্তু এইসকল লোকৰ শিক্ষাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে বহুদিন অনগ্ৰসৰ হৈ থাকিল। অসমৰ থলুৱা সংস্কৃতিৰ পৰা তেওঁলোক এই কাৰণতে আঁতৰি থাকিব লগা হৈছিল। পিছলৈ শিক্ষা-দীক্ষা দিয়াৰ ব্যৱস্থা হৈ উঠাত তেওঁলোকে ক্রমে অসমীয়া ভাষা— ধর্ম-সংস্কৃতি গ্ৰহণ কৰি অসমীয়া জাতিত জাহ যাবলৈ ধৰিলে।

৬। ‘এটা সংমিশ্রিত-সংস্কৃতিসম্পন্ন জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি-তর্কৰ অবকাশ নাই।’ — ইয়াত লিখকে কাক আৰু কি সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। ‘নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই’ বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰঃ উদ্ধৃতটোত লিখকে অসমীয়া জাতিটোক এটা সংমিশ্রিত- সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে। সুদূৰ ত্ৰয়োদশ শতিকাৰ পৰা বিভিন্ন কাৰণত আহোম-মুছলমান আৰু অন্যান্য ৰাজ্যৰ লোকসকল অসমলৈ আহি নিগাজীকৈ বহি বসবাস কৰাৰ সুবিধা লৈছিল। দেশ জয় কৰিবলৈ অহা, বেপাৰ-বাণিজ্য কৰিবলৈ অহা, পূজা-পার্বণ কৰিবলৈ তীৰ্থভ্ৰমণ কৰিবলৈ অহা আদি কাৰণত অসমলৈ অহা লোকসকল অসমত বসবাস কৰাত তেওঁলোকৰ সংস্কৃতিৰ প্রভাৱ, ভাষাৰ প্রভাৱ, থলুৱা কোঁচ-কছাৰী, চুটিয়া আদি লোকসকলৰ ওপৰত পৰিছিল। 

সেইদৰে বহিৰাগতসকলৰ ওপৰতো অসমৰ ভাষা-সংস্কৃতিৰ প্ৰভাৱ পৰিছিল। ফলত এটা সংমিশ্রিত সংস্কৃতি গঢ়ি উঠিছিল। সংমিশ্ৰিত এই সংস্কৃতিৰেই অসমীয়া জাতি পৰিচিত হৈ আহিছে। বহিৰাগতসকলে অসমীয়া ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমীয়া হোৱাৰ পিচতো তেওঁলোকৰ নিজা নিজা ভাষা-সংস্কৃতি জীয়াই ৰাখিছিল আৰু আজিও ৰাখিছে। ভাৰতৰ বিভিন্ন প্ৰদেশৰ পৰা বিভিন্ন কাৰণত অসমলৈ আহি নিগাজীকৈ বসবাস কৰিবলৈ লোৱা লোকসকলে অসমীয়া সংস্কৃতি গ্ৰহণ কৰাৰ পিছত তেওঁলোকৰ নিজ নিজ সংস্কৃতিও জীয়াই ৰখাৰ ফলত অসমত এটা সংমিশ্রিত সংস্কৃতি গঢ়ি উঠিছে।

সংমিশ্রিতিৰে গঢ় লৈ সংস্কৃতিসম্পন্ন জাতি হিচাপে পৰিচিত হোৱা কথাটো নুই নহয় বোলা বা অস্বীকাৰ কৰাৰ সুবিধা বা অৱকাশ নাই বুলি আৰু তাকে লৈ যুক্তি-তর্ক কৰাৰো থল নাই বুলি উদ্ধৃতিটোত কোৱা হৈছে। অসমৰ বিভিন্ন ধৰ্ম আৰু জাতিৰ যেনে— মিছিং, কছাৰী, তিৱা, দেউৰী আদি জাতিৰ লোকসকলে নিজৰ ভাষা-সংস্কৃতিৰ চৰ্চা কৰাৰ উপৰিও অসমীয়া  ভাষা-সংস্কৃতিও গ্ৰহণ কৰি আহিছে।

মেঘালয়-নগালেণ্ড আদি সদ্য গঠিত ৰাজ্যসমূহৰো ভাষা আছিল অসমীয়া ভাষাই। ফলত জাতিসমূহৰ মাজত ভাষা-সংস্কৃতিৰ আদান-প্রদান ঘটি সংমিশ্রিত সংস্কৃতিয়ে গঢ় লৈছিল। এই কথা অস্বীকাৰ কৰাৰ উপায় যে নাই তাকে উদ্ধৃতিটোত কোৱা হৈছে।

৭। ‘লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।’ — কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা।

উত্তৰঃ অসমলৈ অহা বহিৰাগত লোকসকলে নিজৰ ধৰ্ম-সংস্কৃতি কিছু ক্ষেত্ৰত ৰক্ষা কৰাৰ যত্ন কৰিলেও নিজৰ ভাষা এৰি অসমীয়া ভাষাকে নিজৰ ভাষা হিচাপে গ্ৰহণ কৰি দেশখনক নিজৰ দেশ বুলি মানি ল’লে। থলুৱা আৰু বহিৰাগত সকলো মিলি গঠিত হ’ল অসমীয়া জাতি। এই মিলনে সংস্কৃতিৰো ৰূপান্তৰ আনিলে। 

প্ৰতিটো সম্প্ৰদায়ৰ ভাল লগা আচাৰ-নীতি ইটোৱে সিটোৱে গ্ৰহণ কৰিলে। কোনোবা কোনোবাটো এৰি দিলে। সাজ-পাৰ, ৰন্ধা-বঢ়া, বাচন-বৰ্ত্তন সকলোতে এক পৰিৱৰ্তন ঘটিল। এনে পৰিৱৰ্ত্তনসমূহ কাৰো হেঁচা প্রয়োগত নহয়, বৰং নিজে নিজেই ঘটিল। এৰা-ধৰা, দিয়া-লোৱা বা গ্রহণ-বর্জন পদ্ধতিৰ ফলত জাতীয় সংস্কৃতিত কিছুমান নতুন ব্যৱস্থাৰ সমাগম ঘটিল। ইয়াকে আমি সংস্কৃতিৰ ৰূপান্তৰ বুলি গ্ৰহণ কৰি জাতিৰ অখণ্ডতা ৰক্ষাৰ যত্ন কৰি আহিছো।

৮। তাৎপর্য ব্যাখ্যা কৰা:

(ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা।

উত্তৰঃ অসমত পুৰণি কালৰে পৰা বসবাস কৰি অহা মিছিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি জন-জাতিসকলৰ নিজৰ একোটা দোৱান বা উপভাষা আছে। তেওঁলোকে নিজৰ দিনেকীয়া জীৱনত দোৱান ব্যৱহাৰ কৰিলেও শিক্ষা-দীক্ষা গ্ৰহণৰ বাবে অসমীয়া ভাষা শিকে, বুজে আৰু কয়। বহিৰাগত সকলেও নিজৰ জাতি-ধৰ্ম ৰক্ষা কৰিলেও অসমীয়া ভাষা গ্ৰহণ কৰি থলুৱা লোকৰ সৈতে ভাৱৰ আদান প্রদান কৰি অসমীয়া হৈছে। সম্প্রতি বিভাজিত হোৱা মেঘালয়, নগালেণ্ড, অৰুণাচল, মিজোৰামৰ মানুহৰ নিজৰ ভাষা বা দোৱান থকাৰ উপৰিও অসমীয়া ভাষাক সামূহিক বা প্রাদেশিক ভাষা হিচাপে শিকিছিল।

অসমত বাস কৰা সকলো জাতি-জনজাতি, ধৰ্ম-ভাষাৰ মানুহে অসমীয়া ভাষাকে সামূহিক ভাষা হিচপে গ্ৰহণ কৰাৰ ফলত সকলোৰে মাজত এক আপোন বা আত্মীয়তাৰ ভাৱ গঢ়ি উঠিছিল। অসমীয়া ভাষা এইদৰে চেনেহৰ,আত্মীয়বন্ধনৰ এনাজৰী হৈ সকলোকে একত্ৰিত কৰি অসমৰ বৃহৎ‍ অসমীয়া জাতি হিচাপে বান্ধি ৰাখিছিল। প্ৰৱন্ধকাৰে ভাষাৰ এই একত্ৰীকৰণ ক্ষমতাকে বান্ধোনৰ এনাজৰী বুলি উল্লেখ কৰিছে।

(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।

উত্তৰঃ ইংৰাজসকলৰ দিনত অসমত চাহ উদ্যোগ, ৰে’লগাড়ী, বিমান আদি প্রতিষ্ঠা হ’ল। সময়ত ইংৰাজসকল গুচি গ’ল কিন্তু তেওঁলোকৰ সাজ-পাৰৰ প্রভাৱ, চাহ উদ্যোগ, ৰেলগাড়ী, বিমান, মটৰ পৰিবহন, হোটেল, কেক্-বিস্কুট আদিৰ প্ৰচলন ৰৈ গ’ল। হিন্দু-মুছলমানৰ জাত-বিচাৰ, লুক-ঢাককৈ খোৱাৰ ব্যৱস্থা সামাজিকভাৱে আৰু হোটেল ব্যৱস্থাৰ যোগে মুকলিকৈ চলিব ধৰিলে। বিবিধ খাদ্য-বস্তুৰ অবাধ প্রচলন হ’ল। জাত-কুলৰ বিচাৰ শিথিল হৈ আহিল। 

উৎসৱ-পাৰ্বণ, বিয়া-সবাহ, জন্ম-মৃত্যু আদিত যোগদান কৰি খোৱা-লোৱাও কৰা হ’ল। এই ব্যৱস্থাবোৰ কাৰো ওপৰত কোনেও জাপি নিদিয়াকৈ আপোনা আপুনি প্রচলন হ’ল। ইয়ে অসমীয়া সংস্কৃতিত এটা নতুন ৰূপ দিলে। অসমীয়া জাতি-সংস্কৃতিক এনেবোৰ ব্যৱস্থাই সবল আৰু জাতিষ্কাৰ কৰি তুলিলে। 

(গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা।

উত্তৰঃ অসমলৈ অহা বহিৰাগত লোকসকলে নিজৰ ধৰ্ম-সংস্কৃতি কিছু ক্ষেত্ৰত ৰক্ষা কৰাৰ যত্ন কৰিলেও নিজৰ ভাষা এৰি অসমীয়া ভাষাকে নিজৰ ভাষা হিচাপে গ্ৰহণ কৰি দেশ খনক নিজৰ দেশ বুলি মানি ল’লে। থলুৱা আৰু বহিৰাগত সকলো মিলি গঠিত হ’ল অসমীয়া জাতি। এই মিলনে সংস্কৃতিৰো ৰূপান্তৰ আনিলে প্ৰতিটো সম্প্ৰদায়ৰ ভাল লগা আচাৰ-নীতি ইটোৱে সিটোৱে গ্ৰহণ কৰিলে। কোনোবা কোনোবাটো এৰি দিলে। সাজ-পাৰ, ৰন্ধা-বঢ়া, বাচন-বৰ্ত্তন সকোলোতে এক পৰিৱৰ্তন ঘটিল। এনে পৰিৱৰ্ত্তনসমূহ কাৰো হেঁচা প্ৰয়োগত নহয় বৰং নিজে নিজেই ঘটিল। এৰা-ধৰা, দিয়া-লোৱা বা গ্রহণ-বর্জন পদ্ধতিৰ ফলত সংস্কৃতিত কিছুমান নতুন ব্যৱস্থাৰ সমাগম ঘটিল। ইয়াকে আমি সংস্কৃতিৰ ৰূপান্তৰ বুলি গ্ৰহণ কৰি জাতিৰ অখণ্ডতা ৰক্ষাৰ যত্ন কৰি আহিছো।

‘খ’ — ভাষা-বিষয়ক

১। সন্ধি ভাঙা:

সংস্কৃতি, জলাঞ্জলি, স্বাধীন। 

উত্তৰঃ সংস্কৃতি = সম্ + কৃতি। 

জলাঞ্জলি = জল + অঞ্জলি। 

স্বাধীন = স্ব + অধীন।

২। “প্র” উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰঃ প্রখ্যাত, প্রকাশ, প্রভেদ। 

৩। বাক্য ৰচনা কৰা:

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া লোৱা, এৰা ধৰা।

উত্তৰঃ ভাষা-সংস্কৃতি: অসমত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীৰ একোটাকৈ নিজা ভাষা-সংস্কৃতি আছে।

পূজা-পার্বণ: হিন্দু-মুছলমান আৰু সকলো জাতি-উপজাতিয়ে পূজা-পাৰ্বণত একেলগ হয়।                 

বেপাৰ-বাণিজ্য: বেপাৰ-বাণিজ্য কৰিবলৈ অহা বহুতো বহিৰাগত অসমত ৰৈ গ’ল।

সহজ-সৰল: সহজ-সৰল জন-জাতীয় লোকসকলে সকলো বহিৰাগতকে আদৰি লৈছিল।

দিয়া-লোৱা: প্রাচীন কালৰে পৰা ভিন ভিন সংস্কৃতিৰ মানুহৰ মাজত সংস্কৃতিৰ দিয়া-লোৱাৰ মাজেৰে বৰ্তমান অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে।

এৰা-ধৰা: যিকোনো এটা সম্পৰ্ক দীঘলীয়াভাৱে চলাই নিবলৈ হ’লে সৰু সৰু কথা কিছুমান এৰা-ধৰা কৰিবলগীয়া হয়।

1 thought on “Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top