Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা

Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Solutions and select need one. Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 9

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব বিষয়ক 

১। চমুকৈ উত্তৰ দিয়া:

(ক) দেউতাকে কুঁৱলীক কিয় কম্পিউটাৰ উপহাৰ দিছিল?

উত্তৰঃ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ বাবে আৰু তাইৰ জ্ঞানৰ পৰিধিৰ ইণ্টাৰনেটৰ সহযোগত অধিক বিস্তাৰিত হোৱাৰ আশা কৰি তাইক কম্পিউটাৰ উপহাৰ দিছিল।

(খ) ইণ্টাৰনেট কি?

উত্তৰঃ ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী থকা এক ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে আমি মোবাইল ফ’ন নাইবা কম্পিউটাৰৰ মাধ্যমেদি পৃথিৱীৰ যিকোনো ঠাইৰ লগত সংযোগ ৰক্ষা কৰিব পাৰো আৰু আদান-প্রদান কৰিব পাৰোঁ।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) কুঁৱলীয়ে প্ৰথমে কালৈ ই-মেইল কৰিছিল?

উত্তৰঃ কুঁৱলীয়ে প্ৰথমে তাইৰ বান্ধৱী শ্বেৰণলৈ ই-মেইল কৰিছিল।

(ঘ) পূজাৰ বন্ধত কুঁৱলীহঁতে ক’লৈ যোৱাৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল।

(ঙ) ভাইৰাচ কি?

উত্তৰঃ Virus শব্দৰ পূৰ্ণ ৰূপ হ’ল— ‘Vital information resources under siege’. এই ভাইৰাচ এনে এক কম্পিউটাৰ প্ৰগ্ৰেম যিটোক ধ্বংসাত্মক কাৰ্যৰ বাবে প্ৰস্তুত কৰা হয়। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্রগ্রেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰৰ ওপৰত ধ্বংসাত্মক কাৰ্য চলাই সেইবোৰত বিজুতি ঘটায় ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে।

২। WWW বা ৱেব কি?

উত্তৰঃ ১৯৮৯ চনত চুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদার্থকণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱীবিখ্যাত গৱেষণাকেন্দ্র চার্ন (European organisation of Nuclear Research) চমুকৈ (CERN)-ত ‘ৱৰ্ল্ড ৱাইড ৱেব’ ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। পৃথিৱীজুৰি সিঁচৰতি হৈ থকা লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্য-পাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। WWW-ত তথ্যবোৰ পাঠ, গ্রাফিকছ, ভিডিঅ’ আৰু অডিঅ’ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি।

৩। কুঁৱলীয়ে ই-মেলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে?

উত্তৰঃ কুঁৱলীয়ে ই-মেলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ লাভ কৰাৰ অভিজ্ঞতা অর্জন কৰিলে। ইয়াৰ লগতে কুঁৱলিয়ে ভিডিঅ’ কলিঙৰ বিষয়েও জ্ঞান লাভ কৰিলে।

৪। ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? 

উত্তৰঃ ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে ইণ্টাৰনেটত ব্যৱহৃত শব্দ ৱেব পেজ, ৱেবচাইট, হ’মপেজ, ব্ৰাউজাৰ আদিৰ বিষয়ে জ্ঞান লভিলে। তাই যি বিষয়ে জানিব বিচাৰে সেয়া কম্পিউটাৰত টাইপ কৰি দিলেই সেই বিষয়ৰ পৃষ্ঠাজুৰি থকা বিৱৰণ চকুৰ আগত উদ্ভাসি উঠিব। অর্থাৎ‍ ইণ্টাৰনেটত সমগ্ৰ বিশ্বব্রহ্মাণ্ড পুঞ্জীভূত হৈ আছে।

কুঁৱলীয়ে ই-মেইল কৰিবলৈ, ভিডিঅ’ কলিং কৰিবলৈও শিকি নতুন নতুন অভিজ্ঞতা আহৰণ কৰিলে। মনোৰঞ্জনৰ বাবে গীত শুনা, খেলা-ধূলা আৰু চিনেমা চোৱাৰ লগতে ইণ্টাৰনেটৰ বিভিন্ন ৱেব চাইটৰ পৰা বিজ্ঞানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ বিষয়ে তথ্য-পাতি কুঁৱলিয়ে আহৰণ কৰিব পাৰিলে। এনেদৰে কুঁৱলীয়ে ইণ্টাৰনেটৰ জৰিয়তে পাব পৰা সকলো সুবিধাই গ্ৰহণ কৰিব পৰা হ’ল।

৫। ভাইৰাচে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে?

উত্তৰঃ ভাইৰাচো এবিধ কম্পিউটাৰ প্ৰগ্ৰাম। এইবিধ কম্পিউটাৰ প্ৰগ্ৰাম আনৰ কম্পিউটাৰত বিজুতি ঘটাবৰ বাবে প্ৰস্তুত কৰা হয়। সেয়ে ভাইৰাচ হ’ল- এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা কম্পিউটাৰ প্ৰগ্রাম। ইয়াক কম্পউটাৰত থকা সুস্থ প্রগ্রাম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটায় মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈয়ে।

৬। “ইণ্টাৰনেটৰো মিঠা সুবিধাৰ লগতে তিতা অসুবিধাও আছে।” —কথাষাৰৰ বক্তা কোন? ইণ্টাৰনেটৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ উদ্ধৃত কথাষাৰৰ বক্তা শ্বাৱানা বাইদেউ। কুঁৱলীয়ে অত্যধিক ইণ্টাৰনেট আসক্তা হৈ বিমোৰত পৰিলে। তাইৰ মনত হোৱা পৰিৱৰ্তনবোৰৰ কথা উপলব্ধি কৰি এই সমস্ত সমস্যাৰ কথা শ্বাৱানা বাইদেউৰ লগত আলোচনা কৰিবলৈ যোৱা সময়ত কথা প্ৰসংগত শ্বাৱানা বাইদেৱে উদ্ধৃত কথাষাৰ কুঁৱলীক কৈছিল।

কুঁৱলীৰ অত্যধিক ইণ্টাৰনেট আসক্তি আৰু ইয়াৰ ফলত তাইৰ মনৰ পৰিৱৰ্তন ঘটা কথাবোৰ শুনি শ্বাৱানা বাইদেৱে কুঁৱলীক ক’লে যে বিশ্বব্ৰহ্মাণ্ডৰ সকলো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দুটা দিশ আছে। মিঠা সুবিধাবোৰে আমাক উন্নতিৰ জখলা বগোৱাত সহায় কৰে। লক্ষ্যত উপনীত হ’বলৈহে আমি ইয়াক ব্যৱহাৰ কৰিব লাগে আৰু ইয়াৰ কু-ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ মনৰ দৃঢ়তা থাকিব লাগে।

উদাহৰণস্বৰূপে নতুন প্রজন্ম ফেচবুক, ৱাট্‌ছএপ আদি ছ’চিয়েল মিডিয়াৰ জগতখনত অত্যধিক ব্যস্ত হৈ পৰাৰ ফলত কিতাপ আৰু খেলা-ধূলাৰ  জগতখনৰ পৰা আঁতৰি গৈছে। মোবাইলত থকা ৱাট্‌ছএপ, টুইটাৰ, ইউটিউব, ফেচ্‌বুক আদিৰ দ্বাৰা মিছা বাতৰিও প্ৰচাৰিত হয়। এইবোৰে নানা সামাজিক সমস্যাৰো সৃষ্টি কৰে। সেয়ে এইবোৰত পোৱা সংবাদৰ শুদ্ধতা নির্ণয় নকৰাকৈ আনলৈ প্ৰেৰণ কৰা উচিত নহয়। 

বাইদেউৰ বুজনিয়ে কুঁৱলীৰ মনৰ ভয় আঁতৰালে। তাই ইণ্টাৰনেটৰ তিতা অভিজ্ঞতা সম্পর্কে বাইদেউৰ পৰা ভালেখিনি জ্ঞান লাভ কৰিলে। তাই বুজি পালে যে অত্যধিক ইণ্টাৰনেট আসক্ত হৈ পৰাৰ ফলত পঢ়া-শুনা কৰা, খেলা-ধূলা, মাক- দেউতাকে ন্যস্ত কৰা দায়িত্ব পালনৰ বাবে সময়ৰ অভাৱ বোধ কৰিছিল। এতিয়াৰে পৰা তাই ইণ্টাৰনেট আসক্তি হ্ৰাস কৰি পঢ়া-শুনা, খেলা-ধূলা কৰা আৰু মাক দেউতাকে ন্যস্ত কৰা দায়িত্ব পালনৰ প্রতি অধিক মনোযোগী হ’ব। মাক-দেউতাকে অনুমতি নিদিয়া কার্যক্রম ইণ্টাৰনেটত আৰু উপভোগ নকৰে।

সমনীয়া আৰু জ্যেষ্ঠজনৰ প্ৰতি থকা দায়িত্বৰ প্রতিও তাই সচেতন হ’ব। ইণ্টাৰনেটৰ লোভনীয় মায়াজালত আৱদ্ধ হৈ পৰিলে জীৱনৰ প্ৰকৃত লক্ষ্যত উপনীত হোৱাৰ পৰা বঞ্চিত হ’ব পাৰে সেইটোও কুঁৱলীয়ে ভালদৰে উপলব্ধি কৰিলে। কুঁৱলী দৃঢ় প্রতিজ্ঞ হ’ল যে ইণ্টাৰনেটৰ ব্যৱহাৰত এতিয়াৰে পৰা সতর্ক হব আৰু শিক্ষামূলক বিষয়বস্তুৰ ক্ষেত্ৰতহে ইণ্টাৰনেটৰ ব্যৱহাৰ কৰি তাই শিক্ষাৰ উন্নতি সাৰিবলৈ চেষ্টা কৰিব আৰু মনোৰঞ্জনমূলক প্রগ্রাম, ছ’চিয়েল মিডিয়াৰ জগতখনৰ পৰা পাৰ্যমানে আঁতৰি থাকিব।

৭। ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ গল্পটোৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰঃ ‘ইণ্টাৰনেটৰ তিতা-মিঠা’ পাঠটোৰ নামকৰণ সঠিক হোৱা বুলি ক’ব পাৰি। ইণ্টাৰনেট হ’ল কম্পিউটাৰ নেটৱৰ্কৰ বিশ্বব্যাপী থকা এক ব্যৱস্থা বা কম্পিউটাৰ নেটৱৰ্ক। হাজাৰ হাজাৰ বিভিন্ন প্ৰকাৰৰ আৰু আকাৰৰ নেটৱৰ্কৰ সমষ্টিয়ে হৈছে ইণ্টাৰনেট। এই ইণ্টাৰনেটৰ যোগেদি আমি নানা বিষয়ত জ্ঞান লাভ কৰি উপকৃত হ’ব পাৰোঁ। এয়া হ’ল ইণ্টাৰনেটৰ উপকাৰিতা বা মিঠা ফল। আনহাতে ইণ্টাৰনেটৰ যোগেদি নানা মনোৰঞ্জনমূলক অনুষ্ঠান চাব পাৰি। ইয়াত থকা ছ’চিয়েল মিডিয়াতো অংশগ্রহণ কৰি পৃথিৱীৰ যিকোনো প্রান্তত থকা যিকোনো মানুহৰ লগত সম্পর্ক স্থাপন কৰিব পাৰোঁ।

এইবোৰৰ অত্যধিক আসক্তি আমাৰ বাবে ক্ষতিকাৰক হয়। এয়া হ’ল ইণ্টাৰনেটৰ তিতা ফল। এই দুয়োটা দিশক লৈয়ে নিবন্ধটো ৰচিত হৈছে আৰু এই দৃষ্টিভংগীৰে চালে নিবন্ধৰ নামকৰণ যথার্থই সাৰ্থক হোৱা বুলি ক’ব পাৰি।

৮। ইণ্টাৰনেটৰ অত্যধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে পাঠটোৰ আধাৰত বুজাই লিখা।

উত্তৰঃ বিজ্ঞানে আৱিষ্কাৰ কৰা প্ৰতিটো বস্তুৰ লগতে ভাল-বেয়া দুয়োটা দিশ জড়িত থাকে। বিজ্ঞানৰ আৱিষ্কাৰ ইণ্টাৰনেটৰো ভাল-বেয়া দুয়োটা দিশ আছে। ইণ্টাৰনেটৰ ব্যৱহাৰৰ পৰা আমি যিদৰে উপকাৰ পাব পাৰোঁ, সেইদৰে ইয়াক অত্যধিক ব্যৱহাৰৰ দ্বাৰা অপকাৰিতাৰ সন্মুখীনো হ’ব পাৰোঁ। পঢ়া-শুনা কৰা সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ প্ৰধান কৰ্তব্য হ’ল পাঠক্রম সময়মতে আয়ত্ত কৰি বিষয়বস্তুগত জ্ঞানৰ প্ৰসাৰণ ঘটোৱা।

নিয়মিতভাৱে মনোযোগেৰে অধ্যয়ন কৰা ছাত্র-ছাত্রীয়েহে সময়মতে মনোযোগেৰে অধ্যয়ন কৰি পাঠ্যক্ৰমৰ সমুচিত জ্ঞান লভিব পাৰে। ইণ্টাৰনেটে ছাত্ৰ-ছাত্ৰীক শিক্ষা আহৰণৰ ক্ষেত্ৰত নজনা বিষয়বস্তুৰ তথ্যপাতিৰ যোগান ধৰি জ্ঞানৰ প্ৰসাৰণত সহায় কৰে। ইয়াৰ ফলত ছাত্র-ছাত্রী সকল উপকৃত হয়। কিন্তু ইণ্টাৰনেটত ছাত্ৰ-ছাত্ৰীৰ কুমলীয়া মনত দকৈ চাপ পেলাব পৰা ভালেমান মনোৰঞ্জক অনুষ্ঠান উপভোগ কৰাৰো সুবিধা থাকে। এনে অনুষ্ঠানসমূহ হ’ল নাটক, চিনেমা, গীত আদি উপভোগ কৰা।

ফেচবুক ৱাট্‌ছএপ, টুইটাৰ, ইউটিউব ছ’চিয়েল মিডিয়াৰ জগতখনেও ছাত্ৰ-ছাত্ৰীক বৰকৈ আকৰ্ষিত কৰে। এইবোৰ মোবাইলতে উপলব্ধ হয় বাবে ভালেমান ছাত্র-ছাত্রী এইবোৰত এনেভাৱে আসক্ত হৈ পৰে যি নিজৰ খোৱা-বোৱা, পঢ়া-শুনা, খেলা-ধূলা বাদ দি অকল এইবোৰতেই ব্যস্ত হৈ পৰে। 

ফলত ছাত্ৰ-ছাত্ৰী অধ্যয়ন বিমুখ, মাক-দেউতাকৰ প্ৰতি দায়িত্বহীন আৰু নিজকলৈ ব্যস্ত থাকি চূড়ান্ত আত্মকেন্দ্ৰিক হৈ পৰে। এনে ছাত্র-ছাত্রী নিজ কৰ্তব্যৰ পৰা বিচ্যুত হৈ সময়ত সমাজৰ বোজাস্বৰূপ হৈ উঠে। সেয়ে ছাত্র-ছাত্রীয়ে পঢ়া-শুনা, খেলা-ধূলা, মাক-দেউতাকে ন্যস্ত কৰা দায়িত্ব ভালদৰে পালন কৰিবলৈ মাক-দেউতাকে অনুমোদন কৰা পৰ্যায়লৈকে ইণ্টাৰনেট ব্যৱহাৰ কৰিব লাগে। যি সকলৰ মাক-দেউতাক ইণ্টাৰনেট সম্পর্কে অজ্ঞ তেনে ছাত্র-ছাত্রীয়েও অভিজ্ঞ লোকৰ পৰা এই সম্পর্কে দিহা-পৰামৰ্শ লৈহে ইণ্টাৰনেট ব্যৱহাৰ কবিৰ লাগে।

‘খ’ — ভাষা-বিষয়ক

৯। বাক্য ৰচনা কৰা:

চিনাকি-অচিনাকি, অলীক সপোন, নাকে-মুখে, পৰীক্ষা-নিৰীক্ষা।

উত্তৰঃ চিনাকি-অচিনাকি: ভ্রমণে চিনাকি-অচিনাকি মানুহৰ সৈতে বন্ধুত্ব গঢ়ি তোলে।

অলীক সপোন: অলীক-সপোন দেখা লোকে জীৱনত আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰে।

নাকে-মুখে: হৰিধনৰ সময়ৰ ইমানেই নাটনি হৈছে যে ভাত কেইটামান নাকে-মুখে গুজি পুনৰ পথাৰলৈ দৌৰ মাৰিলে।

পৰীক্ষা-নিৰীক্ষা: বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা কৰিহে নতুন আৱিষ্কাৰৰ তথ্য জনসমাজত প্ৰকাশ কৰে।

১০। অর্থ লিখা (অভিধান চাই):

ক্ষতি, বিজুতি, গুণা-গঁথা, উদাস, পুঞ্জীভূত।

উত্তৰঃ

শব্দঅর্থ
ক্ষতিনাশ
বিজুতিযন্ত্ৰ আদিত ওলোৱা বেমাৰ
গুণা-গঁথাচিন্তা-ভাৱনা
উদাসঅনুৰাগহীন
পুঞ্জীভূতসঞ্চিত

1 thought on “Class 10 Assamese Chapter 9 ইন্টাৰনেটৰ তিতা-মিঠা”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top