Class 10 Assamese Chapter 10 অৰুণিমা সিন্‌হা

Class 10 Assamese Chapter 10 অৰুণিমা সিন্‌হা Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 10 অৰুণিমা সিন্‌হা Solutions and select need one. Class 10 Assamese Chapter 10 অৰুণিমা সিন্‌হা Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 10 অৰুণিমা সিন্‌হা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 10 অৰুণিমা সিন্‌হা Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 10

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক 

১। চমুকৈ উত্তৰ লিখা:

(ক) অৰুণিমা সিন্‌হাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল? 

উত্তৰঃ অৰুণিমা সিন্‌হাৰ ভলীবল খেলত বিশেষ দক্ষতা আছিল।

(খ) অৰুণিমা সিন্‌হাৰ ঘৰ ক’ত?

উত্তৰঃ অৰুণিমা সিন্‌হাৰ ঘৰ উত্তৰপ্ৰদেশত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত কি সপোনে তীব্ৰ ৰূপ লৈছিল?

উত্তৰঃ হস্পিতালত থাকোঁতে অৰুণিমাৰ মনত হিমালয় শৃংগত আৰোহণ কৰাৰ সপোনে তীব্ৰ ৰূপ লৈছিল।

(ঘ) চিকিৎসালয়ৰ পৰা ওলাই গৈ অৰুণিমাই কাক আৰু কিয় লগ ধৰিছিল? 

উত্তৰঃ চিকিৎসালয়ৰ পৰা ওলাই অৰুণিমা সিন্‌হাই হিমালয়ৰ এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পালৰ পৰা দিহা-পৰামৰ্শ ল’বলৈ তেওঁৰ ঘৰলৈ গৈছিল।

(ঙ) মাউন্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাই ২০১৩ চনৰ ২১ মে’ত মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিছিল। তেওঁ তাত প্ৰায় ডেৰ ঘণ্টা সময় ধৰি আছিল।

২। অৰুণিমা সিন্‌হাই ৰে’লযাত্ৰাৰ সময়ত কি দুৰ্ঘটনাৰ মুখামুখি হ’বলগীয়া হৈছিল? এই দুৰ্ঘটনাত অৰুণিমাই কি হেৰুৱাবলগীয়া হৈছিল?

উত্তৰঃ অৰুণিমা সিন্‌হাই ৰে’লযাত্ৰাৰ সময়ত ডকাইতৰ কবলত পৰিছিল। অৰুণিমাই আসন গ্ৰহণ কৰা ডবাটোত ডকাইতৰ দল এটাই লুণ্ঠন চলাই অৰুণিমাৰ গলৰ সোণৰ চেইনডাল ডকাইতহঁতে বিচাৰি ব্যতিব্যস্ত কৰি তুলিছিল। অৰুণিমাই কোনোপধ্যে চেইনডাল ডকাইতহঁতক নিদিয়াত দুজন ডকাহিত অৰুণিমাক জোৰকৈ ডাং-কোলাকৈ উঠাই নি চলি থকা ৰে’লখনৰ দুৱাৰেৰে বাহিৰত পেলাই দিছিল আৰু অৰুণিমা আঘাতপ্রাপ্ত হৈছিল। এই দুৰ্ঘটনাত অৰুণিমাই এখন ভৰি চিৰদিনলৈ হেৰুৱাবলগা হৈছিল।

৩। অৰুণিমাৰ সপোন পূৰণ কৰাৰ ক্ষেত্ৰত বাচেন্দ্ৰি পালে কেনেদৰে সহায় কৰিছিল? 

উত্তৰঃ ৰে’লযাত্ৰাৰ সময়ত দুৰ্বৃত্তৰ আক্রমণত নিজৰ ভৰি হেৰুওৱা অৰুণিমা সিন্হাই হস্পিতালৰ বিছনাত শুই থাকোতেই হিমালয়ৰ শৃংগলৈ যোৱাৰ সপোন দেখিবলৈ ধৰিলে। তাৰেই মাজত তেওঁ জানিলে যে এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰি পাল তেওঁক সঠিক পৰামৰ্শ আৰু পথদৰ্শন দিব পাৰিব। চাৰি মাহৰ পিছত হস্পিতালৰ পৰা ওলাই ঘৰলৈ নগৈ, তেওঁ পোনে পোনে বাচেন্দ্ৰি পালৰ ওচৰ পালেগৈ।

বাচেন্দ্ৰি পালে অৰুণিমাৰ সকলো কথা মনোযোগ দি শুনি তেওঁৰ চকুত থকা সপোন, সাহস আৰু আত্মপ্ৰত্যয়ৰ দীপ্তি দেখি গভীৰভাবে প্ৰভাৱিত হ’ল। তেওঁ নিশ্চিত হ’ল যে সঠিক প্ৰশিক্ষণ আৰু দৃঢ় মনোবলৰে অৰুণিমাই নিজৰ লক্ষ্য পূৰণ কৰিব পাৰিব। তাৰপিছত “টাটা ষ্টীল এডভেঞ্চাৰ ফাউণ্ডেচন”ৰ তত্ত্বাৱধানত বাচেন্দ্ৰি পালৰ নেতৃত্বত অৰুণিমাই কঠোৰ অনুশীলন আৰম্ভ কৰিলে। ফলস্বৰূপে, ২০১৩ চনৰ ২১ মে’ত তেওঁ সফলভাবে মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিলে।

৪। এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুনিমাই কেনেদৰে অনুশীলন কৰিছিল?

উত্তৰঃ এভাৰেষ্ট বিজয়ৰ সপোন দিঠকত পৰিণত কৰিবলৈ অৰুণিমাই প্ৰথমে অনুশীলন চলোৱাৰ বাবে উপযোগীকৈ নিজৰ হেৰুওৱা ভৰিখনৰ ঠাইত এখনি কৃত্রিম ভৰি লগাই ল’লে। তাৰ পিছত উত্তৰকাশীত থকা ইকো এভাৰেই এক্সপেডিনে গ্রুপত যোগদান কৰিলে। ইয়াৰ পাছত অৰুনিমাই টাটা ষ্টিল এডভেঞ্চাৰ ফাউণ্ডেচনৰ অনুশীলন কেম্পত এভাৰেষ্ট বিজয়িনী বাচেন্দ্ৰি পালৰ তত্ত্বাৱধানত কঠোৰ অনুশীলনত ব্ৰতী হ’ল আৰু নিজৰ সাহস, মনৰ দৃঢ়তা আৰু আত্মপ্রত্যয়েৰে সন্মুখৰ সকলো প্ৰত্যাহ্বান নেওচি এদিন এভাৰেষ্টত আৰোহণ কৰি মনৰ সপোন দিঠকত পৰিণত কৰি দেখুৱাইছিল।

৫। অৰুণিমা সিন্‌হাই কিয় লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ অভিযান সম্পূৰ্ণ কৰিব নোৱাৰিলে?

উত্তৰঃ অৰুণিমা সিন্‌হাই লাডাখত থকা মাউণ্ট চামছেৰ কাংৰিৰ ২১,৭৯৮ ফুট উচ্চ শৃংগটোতে আৰোহণ কৰাৰ উদ্দেশ্যে অভিযান চলাই অতি কষ্টৰে ২১,১০৮ ফুট ওপৰলৈ উঠাৰ পিছত অত্যন্ত প্রতিকূল বতৰৰ সন্মুখীন হ’ব লগা হ’ল। বতৰ এনে প্ৰতিকূল হৈ পৰিল যে অভিযান চলোৱাটো একেবাৰে  অসম্ভৱ হৈ পৰিল। সেয়ে শিখৰত আৰোহণ কৰিবলৈ ৬৯০ ফুট বাকী থকা অৱস্থাতে অভিযান সামৰি তললৈ নামি আহিব লগা হ’ল আৰু অভিযান অসম্পূর্ণ হৈ ৰ’ল।

৬। অৰুণিমা সিন্‌হাৰ এভাৰেষ্ট অভিযানৰ বৰ্ণনা দিয়া।

উত্তৰঃ মাউণ্ট চামছেৰ কাৎৰিৰ অভিযানৰ ব্যৰ্থতাই অৰুণিমা সিন্‌হাৰ মনোবল হ্রাস কৰাৰ পৰিৱৰ্তে মাউন্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰিবলৈ দৃঢ় মনোবলহে যোগালে। সেয়ে এভাৰেষ্টত আৰোহণ কৰিবলৈ তেওঁ সাজু হ’ল। লগত ল’লে দুটা কেমেৰা, পানী আৰু অক্সিজেন। এই অভিযানত ৪নং কেম্প পাওঁতে দুয়ো ভৰিৰে তেজ-নিগৰি ভয়ংকৰ অৱস্থাৰ সন্মুখীন হ’ল। ইফালে লগত নিয়া অক্সিজেনো শেষ হ’ব লগা অৱস্থা। লগত যোৱা শ্বেৰপাজনে যিকোনো মুহূর্তত অক্সিজেন শেষ হৈ যাব পাৰে আৰু তেতিয়া মৃত্যুক সাৱটি লোৱাৰ বাহিৰে আন উপায় নাথাকিব বুলি অৰুণিমা সিন্‌হাক সাৱধান কৰি দিছিল। কিন্তু অৰুণিমা সিন্‌হাক  ইমান ওপৰলৈ আৰোহণ কৰাৰ পাছত অভিযান সামৰাৰ প্ৰশ্নই নুঠে বুলি অদম্য সাহসেৰে আগবাঢ়ি গৈ থাকিব ধৰিলে। তেন আঁঠুৰ পৰা ওলোৱা তেজ ৰুমালেৰে মচি মচি আগবাঢ়ি থাকিল। যাত্ৰা আৰম্ভ কৰাৰ বাৱন্ন দিনৰ অন্তত নিশা প্রায় আঠ বজাত অৰুণিমা মাউন্ট এভাৰেষ্টৰ ৮৮৪৮ মিটাৰ উচ্চতাত আৰোহণ কৰিবলৈ সক্ষম হয়। অক্সিজেনৰ প্ৰায় শেষ হওঁ হওঁ অৱস্থা। সেয়ে মাথোঁ ডেৰ ঘণ্টা সময় এভাৰেষ্টত থাকি শ্বেৰপাজনৰ দ্বাৰা ফটো আৰু ভিডিঅ’ লৈ অৰুণিমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰাৰ মাধ্যমে জগতক এভাৰেষ্ট জয়ৰ বাৰ্তা নিয়ে। এই দিনটো আছিল ২০১৩ চনৰ ২১ মে।

৭। ‘একোগৰাকী ব্যক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠি আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে।’ —কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিন্‌হাৰ জীৱনৰ আধাৰত বুজাই লিখা।

উত্তৰঃ এসময়ৰ কৃতী ভলীবল খেলুৱৈ অৰুণিমা সিন্‌হাক ঘটনাক্রমে ডকাইতে চলন্ত ৰে’লৰ ডবাৰপৰা তললৈ পেলাই দিয়াৰ ফলত অৰুণিমা সিন্‌হাই এখন ভৰি চিৰদিনৰ বাবে হেৰুৱায়। আনহাতে তেওঁ থকা ভৰিখনতো লোৰ ৰড-সুমুৱাই লৈহে চলাফিৰা কৰিবলগাত পৰে। এনে শাৰীৰিক প্ৰতিবন্ধকতাত বহুতে হতাশাগ্রস্ত হৈ পৰে আৰু জীয়াই থকা দিনকেইটাত আনৰ বোজাস্বৰূপ হৈ পৰে। 

কিন্তু অৰুণিমা সিন্‌হা আছিল অন্য ধাতুৰে গঢ়া যুৱতী৷ শাৰীৰিক প্ৰতিবন্ধকতাৰ সন্মুখীন হৈয়ো তেওঁ মনৰ অদম্য ইচ্ছাশক্তি, দূৰন্ত সাহস আৰু প্ৰৱল আত্মপ্রত্যয়েৰে হেৰুওৱা ভৰিখনৰ ঠাইত কৃত্ৰিম ভৰি লগাই লৈ, অশেষ কষ্টেৰে পৰ্বতাৰোহণ – প্ৰশিক্ষণ গ্রহণ কৰি, জীৱন মৰণ সমস্যাৰ মাজেদি পর্বত আৰোহণ অভিযান চলাই প্ৰথম অৰোহণত প্ৰতিকূল বতৰৰ বাবে ব্যৰ্থতাক সাৱটি লৈয়ো পুনৰ মনৰ জোৰ আৰু দৃঢ়তাৰে পৰ্বত আৰোহণত নামি মাউণ্ট এভাৰেষ্টত আৰোহণ কৰিব পাৰিছিল৷ শাৰীৰিক প্ৰতিবন্ধকতা লৈ আনৰ বোজা হৈ হতাশাগ্রস্ত জীৱন কটোৱাৰ পৰিৱৰ্তে তেওঁ শাৰীৰিক প্ৰতিবন্ধকতা জয় কৰি দুৰন্ত সাহস, অদম্য ইচ্ছাশক্তি আৰু প্ৰৱল আত্মপ্রত্যয়েৰে এভাৰেষ্টত আৰোহণ কৰি আনৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস হৈ পৰিছিল। যাৰ বাবে দেশৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা তেওঁ সন্মানিত হৈছিল। অৰুণিমাৰ এইবোৰ কাৰ্যই অনেক লোকক কৰ্মপ্ৰেৰণা যোগাই জীৱনলৈ অহা প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সাহস যোগাইছিল।

৮। ক্রিকেট খেলুৱৈ যুৱৰাজ সিঙে অৰুণিমাক কেনেদৰে অনুপ্রাণিত কৰিছিল?

উত্তৰঃ শাৰীৰিক প্ৰতিবন্ধকতাক জয় কৰি অশেষ কষ্টেৰে লাডাখৰ মাউণ্ট চামছেৰ কাংৰি অভিযানত লক্ষ্যস্থান পাবলৈ মাথো ৬৯০ ফুট বাকী থাকোঁতে ব্যৰ্থতাৰে প্ৰতিকূল বতৰৰ বাবে অৰুণিমা সিন্‌হাই সেইখন পৰ্বতাৰোহণ অভিযান সামৰিব লগা হৈছিল। কিন্তু এই ব্যর্থতাই তেওঁক হতাশগ্রস্ত কৰি তুলিব পৰা নাছিল। এই সময়ত তেওঁ সততে মনত পেলাইছিল যুৱৰাজ সিঙলৈ৷ এই সময়াছাৱাত তেওঁৰ মনোবল বঢ়াই লক্ষ্যত উপনীত হোৱাৰ বাচে আগবাঢ়ি যোৱাত প্ৰখ্যাত ক্ৰিকেটাৰ যুৱৰাজ সিঙেও অনুপ্রাণিত কৰিছিল। যুৱৰাজ সিঙে অদম্য মনোবল আৰু প্ৰবল ইচ্ছাশক্তিৰে নিজক কৰ্কট ৰোগৰ পৰা মুক্ত কৰি নিজ লক্ষ্যত উপনীত হ’ব পাৰিছিল। ইয়াৰ পৰা লাভ কৰা প্ৰেৰণাৰে পৰৱৰ্তী সময়ত অৰুণিমাই মাউণ্ট এভাৰেষ্টত আৰোহণ কৰি বিশ্ববাসীক চমৎকৃত কৰিব পাৰিছিল। 

৯। চমু টোকা লিখা:

(ক) বাচেন্দ্ৰি পাল।

উত্তৰঃ ভাৰতৰ মহিলা পর্বতাৰোহণকাৰী বাচেন্দ্ৰি পালৰ হিমালয়ৰ কাষৰীয়া গাঁও নাকুষিত ১৯৫৪ চনৰ ২৪ মে’ত জন্ম হয়। এই গাঁওখন গাৰোৱাল জিলাৰ উত্তৰকাশী অঞ্চলৰ অন্তৰ্গত। জিলাখন বৰ্তমানৰ উত্তৰাণ্ডত অৱস্থিত। পিতৃৰ নাম কিষাণ সিংপাল আৰু মাতৃৰ নাম হংস দেৱী। বাচেন্দ্ৰি পালে ডি. এ. ডি. প’ষ্ট গ্ৰেজুৱেট কলেজ, ডেৰাডুনৰ পৰা এম. এ. আৰু বি. এড. ডিগ্ৰী লাভ কৰে।

বাচেন্দ্ৰি পালে ১২ বছৰ বয়সৰ পৰাই পৰ্বত বগোৱাৰ আখৰা আৰম্ভ কৰে। এইদৰে বিভিন্ন সময়ত বিভিন্ন উচ্চতালৈ পৰ্বত আৰোহণ কৰি অৱশেষত বাচেন্দ্ৰি পালে ১৯৮৪ চনৰ ২৩ মে’ত মাউণ্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰি জগতত সুখ্যাতি ৰাখিবলৈ সক্ষম হয়। বাচেন্দ্রি পাল পর্বত আৰোহণকাৰীৰ বাবে এগৰাকী উচ্চ পৰ্যায়ৰ প্ৰশিক্ষক।

(খ) টেনজিং নগৰে।

উত্তৰঃ তিবেতিয়ান কেলেণ্ডাৰ মতে, ১৯১৪ চনত টেনজিং নৰগেৰ নেপালৰ নামসিয়াল ৰাংদিয়াণ্ডত জন্ম হয়। জন্ম গ্রহণ কৰা পৰিয়ালটো আছিল পৰ্বত আৰোহণকাৰীক পৰ্বত আৰোহণত সাহায্য কৰা পৰিয়াল। তেওঁৰ পৰিয়ালৰ মানুহে আৰোহণকাৰীৰ বয়স্তু কঢ়িওৱাৰ সহায় কৰিছিল। এওঁলোকক শ্বেৰপা বোলা হয়। টেনজিং নৰগেই এজন শ্বেৰপা হিচাপে পৰ্বত বগাবলৈ লৈ এডমণ্ড হিলাৰীৰ সৈতে ১৯৫৩ চনৰ ২৯ মে’ত হিমালয়ৰ মাউন্ট এভাৰেষ্ট শৃংগত আৰোহণ কৰি জগতত খিয়াতি ৰাখি থৈ যাবলৈ সক্ষম হয়।

(গ) ষ্টিফেন হকিং।

উত্তৰঃ ব্ৰিটিছ কছম ‘লজিষ্ট ষ্টিফেন উইলিয়াম হ’কিঙৰ ১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডত জন্ম হয়। এজন চোকা ছাত্ৰ হিচাপে তেওঁ অক্সফোর্ড বিশ্ববিদ্যালয়ত পদার্থবিজ্ঞান অধ্যয়ন কৰে। ২১ বছৰ বয়সতে দুৰাৰোগ্য ম’টৰ নিউৰ’ন ৰোগত তেওঁ আক্রান্ত হয়। এই ৰোগতে তেওঁৰ হাত-ভৰি, দেহ অৱশ হৈ পৰে, আনকি মুখৰো মাত হেৰুৱায়। কিন্তু এনে ৰোগাক্ৰান্ত অৱশ দেহেৰে হুইল চেয়াৰৰ সাহায্যত চলাফিৰা কৰা আৰু বিশেষভাৱে সজ্জিত কৰা কম্পিউটাৰৰ সাহায্যত বিজ্ঞান সাধনা চলাই হকিঙে পৃথিৱীৰ শ্ৰেষ্ঠ জ্যোতির্বিজ্ঞানী ৰূপে খ্যাত হৈছিল। তেওঁ লিখা গ্রন্থসমূহ হ’ল এ ব্রিফ হিষ্ট্ৰি অব টাইম, ‘দি ইউনিভাৰ্চ ইন এ নাটছেল’, ‘দি গ্রাণ্ড ডিজাইন’, ‘অন দি ছোল্ডাৰছ্ অব জায়েন্টছ’। এই জগত বিখ্যাত বিজ্ঞানী, অধ্যাপক গৰাকীৰ ২০১৮ চনৰ ১৪ মাৰ্চত মৃত্যু হয়।

‘খ’ — ভাষা-বিষয়ক

১। সন্ধি ভাঙা:

উত্তৰঃ সংশয় = সম্ + শয়।

পৰ্বতাৰোহণ = পৰ্বত + আৰোহণ।

উৎসাহ = উৎ + সাহ।

হিমালয় = হিম + আলয়।

প্র্যাহ্বান = প্রতি + আহ্বান।

বিপদাপন্ন = বিপদ + আপন্ন।

২। তলৰ শব্দকেইটাৰ উপসৰ্গ ভাঙি দেখুওৱা:

উত্তৰঃ অনুৰাগ — অনু + ৰাগ।

অনুভৱ — অনু + ভৱ।

অভিনয় — অভি + নয়।

প্রতিফল — প্রতি + ফল।

Leave a Comment

Your email address will not be published. Required fields are marked *

error: Content is protected !!
Scroll to Top