Class 10 Assamese পাঠ-15 বিষাদযোগ – সমাধান

Class 10 Assamese পাঠ-15 বিষাদযোগ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese পাঠ-15 বিষাদযোগ – সমাধান, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ বিষাদযোগ Class 10 Lesson 15 Question Answer. and select needs one.

Join Telegram Groups

Class 10 Assamese পাঠ-15 বিষাদযোগ – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese পাঠ-15 বিষাদযোগ – সমাধান for All Subject, You can practice these here.

বিষাদযোগ

– শ্ৰীভট্টদেৱ

প্রশ্ন ১। চমু উত্তৰ লিখা ।

 ( ক ) মহাৰথী কাক বােলে ?

 উত্তৰঃ যি অকলে দশ হেজাৰ ধানুকীক খুঁজে , তাক মহাৰথী বােলে ।

 ( খ ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা । 

উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম হ’ল-  গুৰু দ্রোণ , ভীষ্ম পিতামহ , কর্ণ মহাৰথী , কৃপ অগ্রগণী , অশ্বত্থামা , বিকর্ণ , সােমদত্ত পুত্র ভূৰিশ্ৰৱা । 

( গ ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি বণবাদ্যৰ মহাশব্দ হৈছিল ? 

উত্তৰঃ সেনাপতি ভীষ্মৰ  যুদ্ধোৎসৱ দেখি সকলাে ঠাইতে শংখ , ভেৰী , আনক , গােমুখ আদি নানা বদ্যি বাজি উঠিল , তাৰ মহাশব্দ হল ।

 ঘ ) আততায়ী কাক বােলে ?

 উত্তৰঃ যি বিষ দিব বিচাৰে , অগ্নি দিয়ে , ধর্ম সর্বস্ব হৰণ কৰে , ৰাজ্যভাৰ কাঢ়ি নিয়ে , ভার্যাকো অপকাৰ কৰিছে , অস্ত্র ধৰি যুঁজিছে , এই ছয়দোষত দোষীসকলক  আততায়ী বোলে ।

 ( ঙ ) কুলক্ষয় দোষ কি ?

উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয় , ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলকো অধর্মই বিৰাজ কৰে। অধর্ম বিয়পিলে কুলস্ত্রীসকল দুষ্টা হয় । 

প্রশ্ন ২। তােমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা ।

উত্তৰঃ  সঞ্জয়ে ক’লে— জানা ৰাজা , পাণ্ডৱৰ সেনাসকলে বেহুৰূপে থকা দেখি  তােমাৰ পুত্র দুর্যোধনে দ্রোণাচার্যৰ ওচৰলৈ গৈ ক’বলৈ ধৰিলে— “ হেআচার্য , পাণ্ডৱসকলৰ বিস্তৰ সেনালৈ চোৱা , দ্রুপদৰ পুত্ৰ শিষ্য ধৃষ্টদ্যুম্মই বেহু পাতি আছে । ভীমার্জুনসম মহা  ধনুৰ্ধৰসবাে আছে । তাৰ নাম শুনা- সাত্যকি , বিৰাট , চেকিতান , কাশীৰাজ , পুৰুজিত , কুণ্ডীভােজ যুধামান্য , দ্রৌপদীৰ পাঁচ পুত্র , প্রতিবিন্ধ্যাদি , এই সকলাে মহাৰথী ।

           কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ ভিতৰত গুৰু দ্রোণ , ভীষ্ম পিতামহ , কর্ণ মহাৰথী , কৃপ অগ্রগণী , অশ্বত্থামা , বিকর্ণ আৰু সােমদত্তৰ পুত্র ভূৰিশ্ৰৱা । ইয়াৰ বাহিৰে অনেক যুদ্ধবিশাৰদ সেনাবাহিনী আছে । কিন্তু একাদশ অক্ষৌহিণী সেনায়াে যেন পাণ্ডৱৰ বিপক্ষে যুঁজিবলৈ সক্ষম নহয় , এনে ধাৰণা জন্মে ।

আনহাতে পাণ্ডৱে সাত অক্ষৌহিণী সেনা  লৈয়েই , কৌৰবৰ সৈতে যুঁজিবলৈ সামর্থ্য প্রকাশ কৰিছে । গতিকে কৌৰৱসকলে সাৱধানে যুদ্ধক্ষেত্ৰত থাকি ভীষ্মক ভালদৰে ৰক্ষা কৰিব লাগে । ভীষ্মৰ জীৱনেই কৌৰৱৰ জীৱন ।

          এনেয়ে ৰজাক সন্তুষ্ট কৰিবৰ কাৰণে ভীষ্মই সিংহৰ দৰে মহানাদ কৰি উচ্চ স্বৰত শংখ  বজালে । ভীষ্মক অনুসৰণ কৰি অন্যানসকলেও শংখ , ভেৰী , আনক , গােমুখ আদিবাদ্য বজালে ।

           ইতিমধ্যে শুক্লবর্ণ চাৰিটা ঘোঁৰাজ্জিত মহাৰথত উঠি কৃষ্ণাঅৰ্জুনে দিব্য শংখ বজালে । কৃষ্ণই পাঞ্চজন্য , অর্জুনে দেবদত্ত , ভীমে পৌডুক , যুধিষ্ঠিৰে অনন্ত , নকুলে সুঘােষ আৰু সহদেৱে মণিপুকনামব শংখ বজালে । অন্যান্য বীৰসকলেও পৃথকে পৃথকে শংখ বজালে । পাণ্ডৱ পক্ষৰ শংখৰ মহাশব্দই আকাশ পৃথিৱীসমে চৌদিশ পুৰি কৌৰৱ সৈন্যৰ মহাভয় জন্মালে , হৃদয় বিদীর্ণ কৰিলে । 

প্রশ্ন ৩। অজুনে শ্রীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল ? 

উত্তৰঃ অর্জনে সন্মুখত দেখি গাণ্ডীৱ ধনু ধৰি হৃষীকেশ ভগৱন্তক এই বাক্য  বুলিলে— “ হে অচ্যুত , এই উভয় সেনাৰ মধ্যত মােৰ ৰথখন ৰাখা । মই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ অহা বীৰসকলক চাওঁ ।

যদি তুমি কোৱা যে তুমি যুঁজাৰু , যুদ্ধ চোৱা তােমাৰ কাম নহয় । তেন্তে অর্জুনেনো কাৰ বিৰুদ্ধে যুদ্ধ কৰিব , দুৰ্বোদ্ধি দুর্যোধনৰ প্রতি অনুগত হৈ যিসকল বী আহিছে তেওঁলােকক চাওঁ । গতিকে উভয় সেনাৰ মাজত মােৰ ৰথখন ৰাখিবা ।

প্রশ্ন ৪। অর্জুনে যুদ্ধক্ষেত্রলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলােকক দেখা পাই শ্রীকৃষ্ণক কি কৈছিল তােমাৰ নিজৰ কথাৰে লিখা । 

উত্তৰঃ শ্রীকৃষ্ণই উভয় সেনাৰ মাজত ৰথক-

খন ৰখাৰ পিছৰ বিপক্ষৰ সেনাৰ প্রতি অর্জুনে দৃষ্টি নিক্ষেপ কৰিলে । তেওঁ দেখিলে যে পিতৃব্য , পিতামহ , আচার্য , মাতুল ভাতৃ , পুত্র , পৌত্র , সখি , শশুৰ আৰু সুহৃদসবক উভয় সেনাৰ মাজত দেখিলে ।

সেই সকলাে আত্মীয়সকল যুদ্ধৰ কাৰণে বিপক্ষত সমবেত হােৱা দেখি অর্জুনৰ মনত বৰ দুখ লাগিল আৰু শ্ৰীকৃষ্ণক ক’লে যে এই জ্ঞাতি – কুটুম্বসকল যুদ্ধৰ বাবে যুদ্ধস্থলীত উপস্থিত হােৱা দেখি তেওঁৰ হাত – ভৰিৰ কঁপনি উঠিছে , মুখ শুকাই গৈছে , শৰীৰ কঁপিছে , নােম শিয়ৰি উঠিছে , হাতৰ পৰা গাণ্ডীৱ খহি পৰিব ধৰিছে , গাত উত্তাপ বৃদ্ধি পাইছে । মনলৈ ভ্ৰম আহিছে , যুঁজিব পাৰিম নে নােৱাৰিম । সমুখত নানা ধৰণৰ অমংগলৰ চিহ্ন দেখা গৈছে ।

           যুদ্ধত আত্মীয়সকলক বধ কৰি একো ফল নেদেখাে , বিজয়ৰ আকাংক্ষাও নকৰোঁ , ৰাজ্যৰ ইচ্ছাও নকৰো , সুখৰ বাঞ্ছাও নকৰোঁ ।

হে গােবিন্দ , আমাৰ ৰাজ্যভােগত কি প্রয়ােজন ? যি বন্ধুসকলৰ অর্থে আমি ৰাজ্যভােগৰ বাঞ্ছা কৰোঁ বন্ধুসকলৰ প্রাণত্যাগৰ অংগীকাৰ স্বীকাৰ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈ আচার্য , পিতৃব্য , পিতামহ , মাতুল , শশুৰ , শ্যালা , প্রভৃতি সম্বন্ধীয়সকলে আমাক হত্যা কৰিলেও আমি তেওঁলােকক মাৰিবৰ বাবে  যােগ্য নহয় ? তাতে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলক বধ কৰি আমাৰ কি লাভ হ’ব ? যদিও তেওঁলােক আততায়ী আৰু আততায়ীক বধ কৰাত  কোনাে দোষ নাই , তথাপি ধর্মশাস্ত্রমতে তেওঁলােকক বধ কৰিলে আমাৰ দোষ হ’ব ।

যিহেতু ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ বান্ধৱ , গতিকে তেওঁলােকক বধ কৰিলে আমাৰ অন্যায় হ’ব । গতিকে বন্ধুসকলক বধ কৰি ইহলােকত কেনেদৰে সুখী হ’ম ?

Sl. No.Contents
Lesson 1বৰগীত
Lesson 2জিকিৰ
Lesson 3প্ৰশস্তি
Lesson 4মই অসমীয়া
Lesson 5দৃশ্যান্তৰ
Lesson 6ছাত্ৰ–জীৱন আৰু সমাজ সেৱা
Lesson 7ভাৰতীয় সংস্কৃতি
Lesson 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Lesson 9ইন্টাৰনেটৰ তিতা – মিঠা
Lesson 10অৰুণিমা সিনহা
Lesson 11অৰণ্য যাত্ৰা
Lesson 12পাৰস্যত এভুমুখি
Lesson 13কানাইৰ চাতুৰী
Lesson 14ধৰ ঝাড়ু ধৰ ভাই
Lesson 15 বিষাদযোগ
Lesson 16প্রাচীন ভাৰতীয় শিক্ষা
ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম

 প্রশ্ন ৫। কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে , আলােচনা কৰা ৷ 

উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয় , ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলতাে অধর্ম বিয়পে । অধর্ম বিয়পিলে কুলস্ত্ৰীসকল দুষ্টা হ’ব । স্ত্রী দুষ্টা হ’লে বর্ণসংকৰ হ’ব , কুল নৰকগতি হ’ব , তেতিয়া পিতৃসকল লুপ্তপিণ্ড জ্বলাঞ্জলিহীন হৈ পৰিব । এই কথা শ্ৰুতিত আছে । ৰাজ্যসুখ  লােভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ আগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্র নধৰাে বুলি অংগীকাৰ কৰে । 

প্রশ্ন ৬।  ‘জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনশৰ এৰি কম্পিত হৈলা …। ” এইদৰে কোনে কাক কৈছে ? অর্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তােমাৰ কথাৰে লিখা ।

উত্তৰঃ  এইদৰে সঞ্জয়ে ধৃতৰাষ্ট্ৰৰ আগত কৈছিল । অর্জুনে জাতিধর্ম , কুলধর্ম , বর্ণাশ্রম ধর্মনষ্ট হৈ মনুষ্যসকল নৰকত বাস কৰিব । ৰাজ্যসুখৰ লােভত স্বজনক বধিবলৈ উদ্যত হৈ এনে মহাপাপ কাৰতকৈ মৃত্যুয়েই শ্রেয় । এই বুলি কৈ অস্ত্র নধৰি অৰ্জুন মনে মনে থাকিল । তাৰ পৰিবৰ্তে দুর্যোধনহতে অস্ত্র ধৰি অৰ্জুনক বধ কৰিলেও তেওঁৰ মংগল । এই বুলি অর্জুনে কৃষ্ণক ক’লে ।

 প্রশ্ন ৭৷ তলত দিয়া শব্দবােৰৰ একোটিকৈ সমার্থক শব্দ লিখা ।

 নিপুণ , সমীপ , বিস্তৰ , সহস্র , সদৃশ , বাদ্য , কৰ-চৰণ , চর্ম , শ্রুতি 

উত্তৰঃ      

                  নিপুণ           —           পাকৈত 

                  সমীপ           —            নিকট 

                  বিস্তৰ           ―            প্ৰচুৰ 

                  সহস্ৰ            ―            হাজাৰ 

                  সদৃশ            ―            সাদৃশ্য 

                  বাদ্য             ―            বাজনা 

                  কৰ – চৰণ    ―            হাত – ভৰি 

                  চর্ম               ―            ছাল 

                  শ্রুতি            ―            বেদ ।

 প্রশ্ন ৮৷ তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা ।

 হুয়া , কহা , চক্ষু , কৰিলা ; চাঞো , মঞি , বুলিলা , খাম , ফুঙ্কিলা , বাইলা , বহিবে , ৰহো ।

উত্তৰঃ       

                     হুয়া           ―           হৈ 

                     কহা           ―           কয় 

                     চক্ষু           ―           চকু

                     কৰিলা       ―           কৰিলে

                     চাঞে         —           চাও 

                     মঞ্চি           —           মই 

                     বুলিলা        —          ক’লে

                     খাম            ―          খায় 

                     ফুঙ্কিলা       —           ফুকিলে 

                     বাইলা         —          ক’লে 

                     ৰহিবে         —           ৰ’ব 

                     ৰহো           ―           ৰ’বা । 

প্রশ্ন ৯। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা । 

উত্তৰঃ  ‘কথা ভাগৱত’ ৰচনা কৰোঁতে  ভট্টদেৱে কিছু পৰিমাণে কাব্যিকতাৰ সহায় লৈছে । তেওঁ কথাগীতা , কথা ভাগৱত আৰু কথা – ভক্তিৰত্নাৱলী ৰচনা কৰি পুৰণি অসমীয়া কথা সাহিত্যৰ ভেটি টনকিয়াল কৰে । 

           ভট্টদেৱে দামােদৰ দেৱৰ আজ্ঞা অনুসাৰে ভাগৱত কথা ৰচনা কৰিছিল । ‘কথা – ভাগৱত’ আৰু ‘কথা – গীতা’ত কবিয়ে নিজকে কবিৰত্ন হিচাপে আত্ম-পৰিচয় প্রদান কৰা দেখা যায় ।

           বাণীকান্ত কাকতিয়ে কথা – ভাগৱতৰ শব্দচয়ন সংস্কৃত শব্দেৰে ভাবাক্রান্ত বুলি উল্লেখ কৰিছে । তেওঁৰ ভাষা কাব্যত ভাগৱতৰ ভাঙনি কৰোঁতাসকলতকৈ কম ঘৰুৱা বুলি উল্লেখ কৰিছে । কিন্তু কথা – গীতা , কথা ভাগৱতব দৰে দার্শনিক তত্ত্বৰে পৰিপূৰ্ণ গ্রন্থ ঘৰুৱা ভাষাত ৰচনা কৰাটো অতি কঠিন । কিয়নাে , ভট্টদেৱে গদ্য ৰচনা কৰাৰ সময়ত তেওঁৰ আগত তেনে কোনাে আদর্শ নাছিল ।

আনহাতে গ্রন্থ দুখনিৰ মহত্ব আৰু গাম্ভীর্য প্রতিও সততে লক্ষ্য বালিগীয়া হৈছিল । কিন্তু , তৎসম শব্দৰ মাজে মাজে য’তেই সুবিধা পাইছে । তাতেই ভট্টদেৱে দেশজ শব্দৰ প্ৰয়ােগ কৰিছে । মাজে মাজে জতুৱা ঠাচৰ প্রয়ােগাে দেখা যায় । 

           ভট্টদেৱৰ কথা ভাগৱতখন মূল ভাগৱতৰ শ্লোকানুবাদ নহয় সাৰানুবাদহে । কথাৰ ওপৰত ভট্টদেৱৰ অগাধ দখল থাকিলেও কথা – ভাগৱত কাব্যিক সৌন্দর্যৰে পৰিপূর্ণ । ভট্টদেৱৰ গদ্যই বৈয়াকৰণিক দিশৰ উপৰি ধৰ্মীয় তত্ত্বক যুক্তিপূর্ণভাবে উপস্থাপন কৰাত গুৰুত্ব দিছিল ।

            দুয়ােখন গ্রন্থ ৰচনা কৰোঁতে ভট্টদেৱে শ্ৰীধৰ স্বামীৰ টীকাক অনুসৰণ কৰিছে । মূলৰ অধ্যয়নসমূহৰ সৈতে সংগতি ৰাখি ভট্টদেৱে গদ্যত সংস্কৃত ব্যাকৰণ ৰীতি অনুসৰণ কৰা দেখা যায় ।

             ভট্টদেৱে গীতা অনুবাদ কৰোঁতে  শ্ৰীধৰ স্বামীৰ সুবােধিনী টীকা অনুসৰণ কৰিছে । তেওঁৰ গীতা ব্যাখ্যা ভক্তিপ্রধান । ইয়াত জ্ঞান আৰু কৰ্মতকৈ ভক্তিৰ ওপৰত তাধিক গুরুত্ব দিয়া দেখা যায় ।

Leave a Reply

error: Content is protected !!
Scroll to Top