Class 10 Assamese Chapter 15 বিষাদ যোগ

Class 10 Assamese Chapter 15 বিষাদ যোগ Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 15 বিষাদ যোগ Solutions and select need one. Class 10 Assamese Chapter 15 বিষাদ যোগ Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 15 বিষাদ যোগ

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 15 বিষাদ যোগ Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 15

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’— ভাব-বিষয়ক

১। চমু উত্তৰ দিয়া:

(ক) মহাৰথী কাক বোলে?

উত্তৰঃ যিয়ে অকলে দহ হাজাৰ ধনুর্বিদৰ সৈতে যুঁজে তেওঁক মহাৰথী বোলে।

(খ) কৌৰৱৰ বিশিষ্ট সেনাপতিসকলৰ নাম লিখা।

উত্তৰঃ কৌৰৱৰ বিশিষ্ট সেনাপতিসকল হৈছে– গুৰু দ্ৰোণাচাৰ্য্য়, ভীষ্ম পিতামহ, মহাৰথী কৰ্ণ, কৃপাচার্য, অশ্বত্থামা, বিকৰ্ণ আৰু সোমদত্তৰ পুত্ৰ ভূৰিশ্রবা।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি কি কি ৰণবাদ্যৰ মহাশব্দ হৈছিল?

উত্তৰঃ সেনাপতি ভীষ্মৰ যুদ্ধোৎসৱ দেখি শঙ্খ, ভেৰী, আনক, গোমুখ আদি নানা ৰণবাদ্যৰ মহাশব্দ হৈছিল। 

(ঘ) আততায়ী কাক বোলে?

উত্তৰঃ বিহ দিয়া, ঘৰত জুই দিয়া, ভাৰ্যা হৰণ বা অপকাৰ কৰা, মাটি হৰণ কৰা, ধন সম্পদ হৰণ কৰা আৰু অস্ত্ৰ লৈ বধ কৰিব খোজা এই ছয়টা অপৰাধৰ অপৰাধীক আততায়ী বোলে।

(ঙ) কুলক্ষয় দোষ কি?

উত্তৰঃ লোভ-লালসাৰ বশবৰ্ত্তী হৈ নিজ কুলৰ লোককে বধ কৰি কুলৰ ক্ষতি কৰাৰ দোষেই কুলক্ষয় দোষ।

২। তোমাৰ পাঠটিত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱৰ বিষয়ে লিখা।

উত্তৰঃ পাঠত উল্লেখ কৰা অনুসৰি পাণ্ডৱসকলৰ যুদ্ধোৎসৱত শুকুলা বৰণৰ চাৰিটা ঘোঁৰাই টনা মহাৰথত আৰোহণ কৰি কৃষ্ণ আৰু অৰ্জুনে শঙ্খ বজাইছিল। শ্ৰীকৃষ্ণ আৰু অর্জুন সমন্বিতে আন আন বীৰসকলে বজোৱা শঙ্খসমূহৰ নাম তলত উল্লেখ কৰা হ’ল।

শ্রীকৃষ্ণই পাঞ্চজন্য, অর্জুনে দেৱদত্ত, ভীমে পৌণ্ড্রক, যুদ্ধিষ্ঠিৰে অনন্ত, নকুলে সুঘোষ আৰু সহদেৱে মণিপুষ্পক নামৰ মহাশঙ্খসমূহক বজোৱাৰ উপৰিও কাশীৰাজ সাত্যকি, ধৃষ্টদ্যুম্ন, বিৰাট, দ্ৰুপদ, দ্রৌপদীৰ পঞ্চপুত্ৰ, সুভদ্ৰাৰ পুত্ৰ অভিমন্যু আদি বীৰসকলেও বেলেগ বেলেগ শঙ্খ বজাই যুদ্ধোৎসৱ পালন কৰিছিল। শঙ্খৰ সেই মহাশব্দই আকাশ-পৃথিৱীৰ দশোদিশ মুখৰিত কৰাত কৌৰৱ সৈন্যসকলৰ ভীষণ ভয় লাগিল আৰু হৃদয় বিদীর্ণ কৰিলে।

৩। অর্জুনে শ্ৰীকৃষ্ণক উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?

উত্তৰঃ যুদ্ধক্ষেত্ৰত নিজৰ পৰম আত্মীয়-বন্ধুসকলক কৌৰৱ সেনাৰূপে সন্মুখত দেখি ঝাৰু যুদ্ধত অস্ত্ৰ বৰিষণৰ কথা ভাবি অর্জুনৰ মন শোকে দহিলে। গাণ্ডীৱ ধনু হাতত লৈ সাৰথি ভগৱান শ্রীকৃষ্ণক উভয় সৈন্যদলৰ মাজত ৰথ ৰখাবলৈ তেওঁ কেছিল। তেওঁ কাৰ লগতনো যুদ্ধ কৰিব লাগিব সেই বীৰসকলক চাবৰ বাবেই। অর্জুনে উভয় সৈন্যৰ মাজত ৰথ ৰখাবলৈ কৈছিল। দুৰ্বদ্ধি-দুষ্টমতি দুর্যোধনৰ সন্তুষ্টি আৰু মৰম প্ৰীতিৰ বাবে যিসকল মহান বীৰ পাণ্ডৱ পক্ষৰ ফালৰ পৰা যুঁজিবলৈ আহিছিল সেইসকলক শোক-সন্তপ্ত অর্জুনে চাব খুজিছিল।

৪। অর্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণক কি ক’লে তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ অৰ্জুনৰ কথা মতে শ্ৰীকৃষ্ণই ৰথী-মহাৰথী আৰু ৰজাসকলৰ মাজত, পিতামহ ভীষ্ম আৰু গুৰু দ্রোণাচার্যৰ সমুখত ৰথ ৰখাই অৰ্জুনক কুৰুবীৰসকলক চাবলৈ কৈছিল। তাত (যুদ্ধক্ষেত্ৰত) অর্জুনে পিতৃতুল্য জ্যেষ্ঠজন, খুড়াক, পিতামহ, একজন, গুৰুজন, মোমাই, ভাতৃ, পুত্র, নাতি, সখা, শহুৰ আৰু বন্ধুসকলক দুয়ো সৈন্যদলত দেখিলে। সেই আত্মীয়-বন্ধুসকলক নিজ ইচ্ছাৰে যুদ্ধ কৰিবৰ বাবে সমুখত থকা দেখি অতিশয় দয়াপৰবশ হৈ অতি দুখে অর্জুনে শ্ৰীকৃষ্ণক কৈছিল— “হে কৃষ্ণ, এই গুৰু-জ্ঞাতিসকল যুদ্ধ কৰিবলৈ উপস্থিত হোৱা দেখি মোৰ হাত-ভৰি দুখত ভাঙি গৈছে, মুখ শুকাই গৈছে, শৰীৰ কঁপিছে, নোম শিয়ৰি উঠিছে, গাণ্ডীৱ ধনু হাতৰ পৰা সলকি পৰিছে, শৰীৰৰ চাল উত্তপ্ত হৈছে। যুদ্ধ কৰিম দূৰৰ কথা, সমুখত থাকিব নোৱাৰো, মনত মহাভ্ৰম হয়, বিমঙ্গল হোৱা দেখো। আকাশত শগুণ উৰিছে, শিয়ালে হোৱা দিছে। যুদ্ধত আপোনজনক বধ কৰি কোনো ফল নেদেখো, বিজয়ৰ হাবিয়াস নকৰোঁ, ৰাজ্য লাভ কৰাৰ ইচ্ছা নাই, সুখভোগ নিবিচাৰো। হে কৃষ্ণ, যি বন্ধুসকলৰ বাবে আমি ৰাজ্যভোগ ইচ্ছা কৰোঁ, সেইসকলে প্ৰাণ পণ কৰি যুদ্ধক্ষেত্ৰত উপস্থিত হৈছে। তেওঁলোক অবিহনে আমাৰ ৰাজ্যভোগৰ প্ৰয়োজন ক’ত? যুদ্ধত যদি গুৰুজন, পিতৃবয়সৰ জ্যেষ্ঠজন, খুড়া, ককা, মোমাই, শহুৰ, খুলশালী আদি সম্বন্ধীয়সকলে আমাক বধ কৰে তথাপি আমি তেওঁলোকক বধ কাৰৰ যোগ্য ন’হও (মই তেওঁলোকক বধ কৰিব নোৱাৰিম)। তিনিলোকৰ ৰাজ্যলাভৰ বাবেও ম‍ই তেওঁলোকক বধ নকৰো, পৃথিৱীৰ ৰাজ্যলাভৰ বাবে কিয় বধ কৰিম? আমাক বিহ দিব খোজা, ঘৰত জুই দিয়া, ধন-সম্পদ হৰণ কৰা, ৰাজ্য কাঢ়ি নিয়া, ভার্যাক অশালীন ব্যৱহাৰ কৰা, অস্ত্ৰ লৈ যুদ্ধ কৰা এই ছয়টা দোষত দোষী ধৃতৰাষ্ট্ৰৰ পুত্রসকল আততায়ী হ’লেও, তেওঁলোকক বধ কৰিলে আমাৰ কি সন্তুষ্টি হ’ব অর্থশাস্ত্র মতে আততায়ীক বধ কৰিলে দোষ নাই যদিও ধর্মশাস্ত্র মতে দোষ হয়। 

গতিকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ বন্ধু, তেওঁলোকক বধ কৰিলে আমাৰ ভাল নহ’ব, বন্ধু বধ কৰা অধর্ম। বন্ধু বধ কৰি এই সংসাৰত কেনেকৈ সুখী হম? তেওঁলোকে লোভাকৃষ্ট হৈ কুলক্ষয় দোষ আৰু মিত্ৰদ্ৰোহত পাপ নেদেখিলেও আমি সেই দোষ দেখি পাপৰপৰা মুক্তি নিবিচাৰিম কিয়? কুলক্ষয় হ’লে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলত অধর্ম বিয়পিব, অধর্ম বিয়পিলে কুলস্ত্রী সকল দুষ্টা হয়। স্ত্ৰীসকল দুষ্টা-ব্যভিচাৰিণী হ’লে বৰ্ণসঙ্কৰৰ জন্ম হ’ব, তেতিয়া কুল নৰকলৈ যাব, পিতৃ-পুৰুষ সকল পিণ্ডবিহীন আৰু তৰ্পণবিহীন হ’ব। এই দোষত সকলো জাতিধৰ্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মানৱজাতি নৰকত বাস কৰিব। শ্রুতিশাস্ত্ৰত আমি এই কথা পাইছোঁ। আমি মহাপাপ কৰাৰ সিদ্ধান্ত লৈছোঁ, ৰাজ্যসুখ লাভৰ লোভত আমি জ্ঞাতি-স্বজন বধ কৰিবলৈ উদ্যত হৈছোঁ। এনে মহাপাপ কৰি নমৰি মই অস্ত্ৰ নধৰি নীৰবে থাকিম। তেতিয়া দুর্যোধন আদিয়ে যদি মোক বধ কৰে তেন্তে মোৰ মহা শান্তি লাভ হ’ব, যিহেতু মোৰ পাপ কৰা নহ’ব।”

এইদৰে কৈ ধনু-শৰ এৰি, কঁপি কঁপি অর্জুন ৰথৰ ওপৰত বহিল। 

৫। কুলক্ষয় দোষক কিয় মহাপাপ বোলা হৈছে আলোচনা কৰা।

উত্তৰঃ সকলো মানুহৰ একোটা নির্দিষ্ট বংশ, জাতি বা কুল থাকে আৰু সেই কুলৰদ্বাৰাই একোজন মানুহ পৰিচিত হয়। প্ৰতিজন মানুহে নিজৰ জাতি বা কুলৰ সন্মান, মর্যাদা বঢ়োৱাৰ যত্ন কৰে। নিজৰ কুলমর্যাদা বৃদ্ধি কৰাৰ পৰিবৰ্ত্তে নিজ কুলৰ অনিষ্ট সাধন কৰা, কুলৰ কাৰোবাক হত্যা কৰা পাপ। কুলৰ কোনোজনৰ হত্যা বা মৃত্যু ঘটা মানে কুলক্ষয় হোৱা। একে কুল বা বংশৰ এজনে আনজনক হত্যা কৰিলে কুলক্ষয় হয়, কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়। কুল ধর্ম নষ্ট হ’লে সেই কুলৰ ৰৈ যোৱা সকলৰ মাজত অধর্ম বিয়পে। অধর্ম বিয়পিলে কুলস্ত্রী-কুলবধূসকল দুষ্টা-দুশ্চৰিত্ৰা-ব্যভিচাৰিণী হয়। কুলস্ত্ৰী-কুলবধূ দুষ্টা-দুশ্চৰিত্ৰা-ব্যভিচাৰিণী হ’লে অন্য জাত-বংশৰ পুৰুষৰ সংশ্ৰৱত বৰ্ণসঙ্কৰ সন্তানৰ জন্ম দিব। এনে অৱস্থাত কুল নৰকলৈ যাব। তেতিয়া পৰলোকগত পিতৃ-পুৰুষসকলক পিণ্ড দিওঁতা, স্মৃতিতর্পণ কৰোঁতা একো নোহোৱা হ’ব। এই দোষৰ বাবে জাতিধৰ্ম, কুলধৰ্ম আৰু বৰ্ণাশ্ৰম ধৰ্ম নষ্ট হৈ মানৱজাতি নৰকবাসী হ’ব। সেইবাবে কুলক্ষয় দোষক মহাপাপ বোলা হৈছে। স্বজন স্বজাতি বধ কৰি, কুলক্ষয় কৰি অৰ্জুনে সেইবাবেই মহাপাপ কৰিব বিচৰা নাই।

৬। “জানা ৰাজা যুদ্ধৰ সন্মুখত অর্জুনে এহি বাক্য বুলি ধনুশৰ এৰি কম্পিত হৈল…..।” এইদৰে কোনে কাক কৈছে? অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা।

উত্তৰঃ এইদৰে সঞ্জয়ে ৰজা ধৃতৰাষ্ট্ৰক কৈছে। অর্জুনে বেজাৰ মনেৰে ওপৰৰ কথাখিনি ৰথৰ সাৰথি শ্ৰীকৃষ্ণক কৈ ৰথৰ ওপৰত বহি পৰিছিল।

“হে কৃষ্ণ, এই গুৰু-জ্ঞাতিসকল যুদ্ধ কৰিবলৈ যুদ্ধ ক্ষেত্ৰত উপস্থিত হোৱা দেখি মোৰ হাত ভৰি ভাঙি পৰিছে, মুখ শুকাই গৈছে, শৰীৰৰ কঁপনি উঠিছে, নোম শিয়ৰি উঠিছে, গাণ্ডীৱ ধনু হাতৰপৰা সলকি পৰিছে আৰু শৰীৰৰ চাল উত্তপ্ত হৈ পৰিছে। এনে অৱস্থাত যুদ্ধ কৰিম দূৰৰ কথা এওঁলোকৰ সমুখত থাকিব নোৱাৰা হৈছোঁ। মনত ভ্ৰম হৈছে, বিমঙ্গল হোৱা দেখিছোঁ। আকাশত শগুণ উৰিছে, শিয়ালে হোৱা দিছে। যুদ্ধত আপোনজনক বধ কৰি কোনো ফল হোৱা নেদেখো, যুদ্ধ জয়ৰ আশা নকৰো, ৰাজ্য লাভ কৰাৰ ইচ্ছা নাই, সুখ-ভোগ নিবিচাৰো। হে কৃষ্ণ, যি বন্ধুসকলৰ বাবে আমি ৰাজ্যভোগ ইচ্ছা কৰো সেইসকলে প্ৰাণ পণ কৰি যুদ্ধ ক্ষেত্ৰত উপস্থিত হৈছে। তেওঁলোক অবিহনে আমাৰ ৰাজ্যভোগৰ প্ৰয়োজন ক’ত? যুদ্ধত যদি গুৰুজন, পিতৃবয়সৰ জ্যেষ্ঠজন, খুড়া, ককা, মোমাই, শহুৰ, খুলশালি আদি সম্বন্ধীয়সকলে আমাক বধ কৰে, তথাপি আমি তেওঁলোকক বধ কৰাৰ যোগ্য নহওঁ। তিনিলোকৰ ৰাজ্যলাভৰ বাবেও আমি তেওঁলোকক বধ কৰিব নোৱাৰোঁ, তেনেহলে পৃথিৱীৰ ৰাজ্য লাভৰ বাবে কিয় বধ কৰিম? আমাক বিহ দিব খোজা, ঘৰত জুই দিয়া, ধন-সম্পদ হৰণ কৰা, ৰাজ্য কাঢ়ি নিয়া, ভাৰ্যাক অশালীন ব্যৱহাৰ কৰা আৰু অস্ত্ৰ লৈ যুদ্ধ কৰা এই ছয়টা দোষত ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আততায়ী হ’লেও তেওঁলোকক বধ কৰিলে আমাৰ কি সন্তুষ্টি হব? 

অর্থশাস্ত্র মতে আততায়ীক বধ কৰিলে দোষ নাই যদিও ধর্মশাস্ত্র মতে দোষ আছে। গতিকে ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল আমাৰ বন্ধু, তেওঁলোকক বধ কৰিলে আমাৰ ভাল নহ’ব। বন্ধু বধ কৰা অধর্ম। বন্ধু বধ কৰি ইহসংসাৰত কেনেকৈ সুখী হম? তেওঁলোকে লোভাকৃষ্ট হৈ কুলক্ষয় দোষ আৰু মিত্ৰদ্ৰোহত পাপ নেদেখিলেও আমি সেই দোষ দেখি পাপৰ পৰা মুক্তি নিবিচাৰিম কিয়? কুলক্ষয় হ’লে কুলধর্ম নষ্ট হ’ব, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলত অধর্ম বিয়পিব, অধর্ম বিয়পিলে কুলস্ত্রী সকল দুষ্টা ব্যাভিচাৰিণী হ’ব। স্ত্ৰীসকল দুষ্টা-ব্যভিচাৰিণী হ’লে বৰ্ণসঙ্কৰৰ জন্ম হ’ব, তেতিয়া কুল নৰকলৈ যাব, পিতৃ-পুৰুষ সকল লুপ্তপিণ্ড আৰু তৰ্পণবিহীন হ’ব। এই দোষত সকলো জাতি ধৰ্ম, কুলধর্ম, বর্ণাশ্রম ধর্ম নষ্ট হৈ মানৱজাতি নৰকবাসী হ’ব। শ্রুতিশাস্ত্ৰত আমি এই কথা পাইছোঁ। যুদ্ধ কৰিব ওলাই আমি মহাপাপ কৰাৰ সিদ্ধান্ত লৈছো, ৰাজ্যসুখ লাভৰ লোভত আমি জ্ঞাতি-স্বজন বধ কৰিবলৈ উদ্যত হৈছোঁ। এনে মহাপাপ কৰি নমৰি মই অস্ত্ৰ নধৰি নীৰৱে থাকিম। তেতিয়া দুৰ্যোধন আদিয়ে যদি মোক বধ কৰে, তেন্তে মোৰ মহাশান্তি লাভ হ’ব যিহেতু মোৰ পাপ কৰা নহ’ব।”

‘খ’ – ভাষা-বিষয়ক 

১। তলত দিয়া শব্দবোৰৰ একোটিকৈ সমার্থক শব্দ লিখা:

নিপুণ, সমীপ, বিস্তৰ, সহস্র, সদৃশ, বাদ্য, কৰ-চৰণ, চর্ম, শ্রুতি, বিমঙ্গল, বান্ধাৱ।

উত্তৰঃ 

নিপুণপাৰ্গত
সমীপওচৰ
বিস্তৰবহুত
সহস্ৰহাজাৰ
সদৃশএকে
বাদ্যবাজনা
কৰ-চৰণভৰিত ধৰা
চৰ্মছাল
শ্ৰুতিবেদ
বিমঙ্গলঅমঙ্গল
বান্ধৱবন্ধু

২। তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা:

হুয়া, কহা, চক্ষু, কৰিলা, চাঞো, মঞি, বুলিলা, খাস, ফুঙ্কিলা, বাইলা, ৰহিবে, ৰহো।

উত্তৰঃ 

হুয়াহৈ
কহাকোৱা
চক্ষুচকু
কৰিলাকৰিলে
চাঞোচাওঁ
মঞিমই
বুলিলাক’লে
খাসসহিপৰা
ফুঙ্কিলাফুকিলে
বাইলাবজালে
ৰহিবেৰোৱা
ৰহোৰৈ থকা

৩। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। 

উত্তৰঃ ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক ৰূপে জনা যায়। ভট্টদেৱৰ গদ্যৰ প্ৰথম বৈশিষ্ট্য এয়া যে তেওঁৰ গদায়েই উত্তৰ ভাৰতৰ ভিতৰত প্ৰথম গদ্য। ভট্টদেৱৰ গাদ্যত তত্ত্বগধুৰ অসমীয়া কথা প্রকাশ পাইছে। তেওঁৰ গদ্য বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদ্য নহয়। আনহাতে তেওঁৰ গদ্য পদ্যৰ ভাষাৰ দৰে ছন্দ ৰীতিৰ কিছুমান লক্ষণ তেওঁৰ গদ্যভাষাত দেখা যায়। ভট্টদেৱৰ গদ্য অসমীয়া ভাষাৰ প্রথম গদ্য। তেখেতৰ ৰচনাসমূহত মই, মোক, মোৰ আদিৰ সলনি স্থানভেদ পুৰণি অসমীয়া শব্দ মঞি, আমি, আমাক, আামাৰ আৰু তাৰ, তাক শব্দৰ ঠাইত তান, তাহান, তাংক আদি শব্দবোৰ ব্যৱহাৰ হৈছিল। গদ্যৰ ঠায়ে ঠায়ে তেখেতে ব্যৱহাৰ কৰিছিল ফকৰা, জতুৱা-ঠাঁচ আদিৰ ব্যৱহাৰে গদ্যত বিশেষত্ব প্ৰদান কৰিছিল। তেখেতৰ কথোপকথন মূলক গদ্য ৰীতিৰ আন এক বৈশিষ্ট্য আাছিল।

1 thought on “Class 10 Assamese Chapter 15 বিষাদ যোগ”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top