Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা

Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা Solutions and select need one. Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 16 প্ৰাচীন ভাৰতীয় শিক্ষা Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 16

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’— ভাব-বিষয়ক

১। চমু উত্তৰ লিখা:

(ক) তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্ৰখ্যাত ছাত্ৰৰ নাম লিখা।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়ৰ চাৰিজন প্রখ্যাত ছাত্ৰৰ নাম হ’ল— অংগুলিমাল, জীৱক, পাণিনি আৰু চাণক্য।

(খ) তক্ষশীলালৈ কোন কোন দেশৰ পৰা ছাত্ৰ আহিছিল? 

উত্তৰঃ তক্ষশীলালৈ পশ্চিমৰ পৰা, পাৰস্য দেশৰ পৰা বেকট্ৰিয়া আৰু মগধ দেশৰ পৰা ছাত্ৰ আহিছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) নাগার্জুন কোন? ক’ত আছিল আৰু কি কৰিছিল?

উত্তৰঃ নাগাৰ্জুন আছিল প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষক। তেওঁ অম্ৰাৱতী নগৰৰ ওচৰত থকা শ্রীধান্যকটক বিশ্ববিদ্যালয়ৰ প্রধান শিক্ষক আছিল আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিছিল। 

(ঘ) নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা কোনজন চীনা ছাত্ৰক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল? নিমন্ত্ৰণ কৰা ৰজাজন কোন?

উত্তৰঃ নালন্দা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা চীনা ছাত্র য়ুয়ানচ্যাঙক বা হুয়ানচ্যাঙক কামৰূপ ৰাজ্যলৈ নিমন্ত্ৰণ কৰা হৈছিল। নিমন্ত্ৰণ কৰা ৰজাজন আছিল কুমাৰ ভাস্কৰ বৰ্মা।

(ঙ) উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে, কেতিয়া ধ্বংস কৰিলে?

উত্তৰঃ উদান্তপুৰী বিশ্ববিদ্যালয়ৰ বহুমূলীয়া পুথি ভঁৰালটো মুছলমান বিলাকে ১২০২ খ্ৰীষ্টাব্দত নষ্ট কৰিলে।

(চ) কোনখন বিশ্ববিদ্যালয় কাৰ দিনত কোনবিলাক পণ্ডিতৰ মিলনক্ষেত্ৰ আছিল?

উত্তৰঃ উজ্জয়িনী বিশ্ববিদ্যালয়টো বিক্রমাদিত্যৰ ৰাজত্ব কালত ভাৰতৰ সকলো পণ্ডিতৰে মিলনক্ষেত্ৰ আছিল।

২। ‘প্রাচীন ভাৰতীয় শিক্ষা’ পাঠটিৰ কথাখিনি চমুকৈ লিখা।

উত্তৰঃ প্রাচীন ভাৰতীয় শিক্ষা ব্যৱস্থা পিছপৰা নাছিল। অন্যান্য সভ্যদেশৰ ছাত্ৰৰ শিক্ষাৰ কাৰণে যি বন্দোৱস্ত আছিল, এই দেশতো তাতকৈ কোনো গুণে কম বন্দোৱস্ত নাছিল। প্ৰাচীন ভাৰতবৰ্ষত ছাত্ৰ সকলোকে শিক্ষা দিয়াৰ কাৰণে ছয় খন বিশ্ববিদ্যালয় গঢ়ি উঠিছিল। 

এই বিশ্ববিদ্যালয়বোৰত-

(i) সাহিত্য। 

(ii) অংক শাস্ত্র।

(iii) ভাস্কৰ বিদ্যা।

(iv) চিত্রাংকন।

(v) চিকিৎ‍সা বিদ্যা।

(vi) সংগীত বিদ্যা।

(vii) ৰন্ধন বিদ্যা।

(viii) শাৰীৰিক ব্যায়াম শিক্ষা।

(ix) হাতে কাজে কৰা শিক্ষা।

(x) শিষ্টাচাৰ শিক্ষাক আদি কৰি অনেক শিক্ষা দিয়াৰ বিভাগ আছিল।

এই বিশ্ববিদ্যালয়বোৰত ছাত্ৰসকলে বিনা খৰচত পঢ়িব আৰু থাকিব পাৰিছিল। পৃথিৱীৰ বিভিন্ন দেশৰ পৰা ছাত্ৰসকলে তক্ষশীলা নালন্দা আদি বিশ্ববিদ্যালয়ত পঢ়িবলৈ আহিছিল। ছাত্ৰসকল নম্ৰ আৰু শিষ্টাচাৰী আছিল। সেই বিশ্ববিদ্যালয়বোৰৰ বহুতো ছাত্রই স্বাধীন চিন্তা চৰ্চা কৰি নতুন নতুন তত্ত্ব আৰু সত্য উদঘাটন কৰিছিল। সেই সময়ৰ শিক্ষাই কু-বৃত্তি দমন কৰি সজ বৃত্তিবোৰ ব্যৱহাৰ কৰিবলৈ শিকাইছিল। আজিৰ শিক্ষাৰ দৰে সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য চাকৰি নাছিল। সেই সময়ৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহক সম্পদ হিচাপে তৈয়াৰ কৰা।

বৰ্তমান শিক্ষাৰ বহল প্ৰচাৰ হৈছে আৰু স্কুল, কলেজ, বিশ্ববিদ্যালয় আদিও যথেষ্ট বৃদ্ধি পাইছে। শিক্ষাৰ শিতানত চৰকাৰে প্ৰতি বছৰে কৌটি কৌটি টকা খৰচ কৰিছে। তথাপি শিক্ষাৰ মানদণ্ড উন্নত হোৱা নাই। আজিৰ দিনত দুই এজন ছাত্ৰইহে স্বাধীন চিন্তা চৰ্চা কৰি নতুন তত্ত্ব আৰু সত্য উদঘাটন কৰিব পাৰিছে। আজিৰ শিক্ষা লাভ কৰি কোনো ছাত্ৰই বিনম্ৰ আৰু শিষ্টাচাৰী হোৱা নাই। শিক্ষাৰ উদ্দেশ্য যদিও জ্ঞান লাভ কৰা, সমাজৰ সামগ্রিক উন্নতি কৰা, তথাপিতো ছাত্ৰসকলে অসৎ বৃত্তি অৱলম্বন কৰাহে দেখা যায়। আজিৰ ছাত্ৰৰ উদ্দেশ্য হ’ল চাকৰি লাভহে, জ্ঞান লাভ নহয়। এয়াই আজিৰ ভাৰতীয় শিক্ষা ব্যৱস্থা। 

প্ৰাচীন ভাৰতবৰ্ষত শিক্ষা আছিল সম্পূর্ণ বিনামূলীয়া। গুৰু বা শিক্ষকসকলে শিক্ষা দান কৰিছিল। কোনেও শিক্ষা বিক্ৰি কৰা নাছিল। ছাত্রসকলেও তাকেই অনুসৰণ কৰিছিল। শিক্ষা টকা অৰ্জনৰ উপায় নাছিল বাবেই শিক্ষাৰ স্থান অতি ওখ আছিল।

৩। প্রাচীন ভাৰতৰ বিশ্ববিদ্যালয় বিলাকৰ চমু পৰিচয় দিয়া। 

উত্তৰঃ প্রাচীন ভাৰতত ছয়খন বিশ্ববিদ্যালয় আছিল।

তলত কিছুমান বিদ্যালয়ৰ পৰিচয় দিয়া হ’ল—

(i) তক্ষশীলা বিশ্ববিদ্যালয়: এই বিশ্ববিদ্যালয় খ্রীষ্টপূর্ব এক শতিকালৈকে আছিল। এই বিশ্ববিদ্যালয়ৰ তলত কেইবাখনাে চতুষ্পাঠীৰ আছিল। তাত ওঠৰ বিধ শিক্ষা দিয়া হৈছিল। তাত ভাস্কৰ-বিদ্যা, চিত্রাংকন, মূর্তিকটা আৰু আন আন হাতেৰে কৰা বিদ্যাৰ শিক্ষা দিয়া হৈছিল। ইয়াতে অত্রেয় ঋষিয়ে আয়ুর্বেদ শিক্ষা দিছিল। এই বিশ্ববিদ্যালয়ৰ তিনিজন প্রখ্যাত ছাত্র হ’ল— বুদ্ধদেৱৰ চিকিৎসক জীৱক, পাণিনি আৰু চানক্য। এই বিশ্ববিদ্যালয়লৈ পাৰস্য, বেকট্ৰিয়া, মগধ, চীন আদি বিভিন্ন দেশৰ পৰাও ছাত্র আহিছিল। ই প্রথমে হিন্দু বিশ্ববিদ্যালয় আছিল যদিও পিছলৈ ই বুদ্ধ বিশ্ববিদ্যালয় হ’ল।

(ii) শ্ৰীধান্যকটক বিশ্ববিদ্যালয়: অম্ৰাৱতীনগৰৰ ওচৰত এই বিশ্ববিদ্যালয় আছিল। ই খ্রীষ্টপূর্ব এক শতিকালৈ বৰ্তি আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ এই দুয়ােবিধ শিক্ষাকে দিয়া হৈছিল। নাগার্জুন আছিল ইয়াৰ প্রধান শিক্ষক।  

(iii) নালন্দা বিশ্ববিদ্যালয়: খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয় বর্তি আছিল। ইয়াত বেদ, চিকিৎসা আৰু অংকশাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। শীলভদ্র এসময়ত এই বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল। বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ এই বিশ্ববিদ্যালয়ত ভৰি আছিল। ইয়াত একেলগে দহ হাজাৰ ছাত্ৰই অধ্যয়ন কৰিছিল। পাঠগাৰটোৰ এশটা কোঠাত এশটা শ্রেণী বহিছিল। ভাৰতৰ বৃহৎ পুথিভঁৰালটো ইয়াতেই আছিল। ন-তলীয়া এই পুথিভঁৰালটোৰ নাম আছিল ‘ৰত্নোদধি’। চীন পৰিব্রাজক য়ুয়ানচ্যাঙে ইয়াত অধ্যয়ন কৰি থকা অৱস্থাত ৰজা ভাস্কৰ বৰ্মনে তেওঁক কামৰূপলৈ আমন্ত্রণ জনাইছিল। য়ুয়ানচ্যাঙে এই বিশ্ববিদ্যালয়ত যােগশাস্ত্র পঢ়িছিল।

৪। আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটি? প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য শিক্ষাৰ কলা-বিদ্যা কোন কোন বিভাগত দিয়াৰ ব্যৱস্থা আছিল?

উত্তৰঃ আৰ্য শিক্ষাৰ কলা বিদ্যা ৬৪ বিধ। প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহত আৰ্য্য শিক্ষাৰ কলা বিদ্যা ১১ বিভাগত দিয়াৰ ব্যৱস্থা আছিল। 

সেই বিভাগবোৰ হ’ল-

(i) সাহিত্য।

(ii) গৃহপাল বিদ্যা।

(iii) ৰন্ধন বিদ্যা।

(iv) সাজ-সজ্জা আৰু পৰিচ্ছদ বিদ্যা।

(v) হাতেৰে কাম কৰা বিদ্যা।

(vi) শিল্প বিদ্যা।

(vii) বিজ্ঞান।

(viii) সংগীত বিদ্যা।

(ix) নাট্য বিদ্যা।

(x) শিষ্টাচাৰ বিদ্যা।

(xi) শাৰীৰিক ব্যায়াম বিদ্যা।

৫। আজি কালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা।

উত্তৰঃ পুৰণি কালত ভাৰতবৰ্ষত যি আৰ্য শিক্ষাৰ প্ৰচলন আছিল সি আছিল সম্পূৰ্ণ কর্মমুখী। ভাৰতত থকা সেই সময়ৰ বিশ্ববিদ্যালয়বোৰত সাহিত্য, গৃহপালিকাবিদ্যা, ৰন্ধনৰ বিদ্যা, সাজসজ্জা আৰু পৰিচ্ছদ বিদ্যা, হাতেৰে কামকৰা বিদ্যা, শিল্প বিদ্যা, বিজ্ঞান, সংগীত বিদ্যা, নাট্য বিদ্যা, শিষ্টাচাৰ বিদ্যা, শাৰীৰিক ব্যায়াম বিদ্যাৰ শিক্ষা দিয়া হৈছিল। এই বিদ্যা আয়ত্ত কৰাৰ পিছত এজন ছাত্ৰই নিজৰ ভৰিৰ ওপৰত ঠিয় হৈ নিজৰ জীৱিকা অর্জন কৰিব পাৰিছিল। তাহানিৰ শিক্ষা আছিল কর্মমুখী। ছাত্রক কর্মমুখী শিক্ষা দিয়াৰ উপৰিও আধ্যাত্মিক তথা নৈতিক দিশত উৎকর্ষ সাধন কৰিবও শিকোৱা হৈছিল তাহানিৰ দিনত।

আগৰ দিনৰ ছাত্ৰবিলাকে শিক্ষা লাভ কৰাৰ পিছত নানা বিষয়ত যেনেকৈ সিদ্ধি লাভ কৰি নতুন নতুন তত্ত্ব আৰু সত্য আৱিষ্কাৰ কৰিছিল, এতিয়াৰ ভাৰতবৰ্ষৰ ছাত্রই তেনে তত্ত্ব আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। ইয়াৰ কাৰণ আমি এনেদৰে ক’ব পাৰো— আজিৰ শিক্ষাৰ উদ্দেশ্য হৈছে চাকৰি মুখী। অৱশ্যেই ইংৰাজ চৰকাৰৰ শিক্ষা নীতিৰ প্ৰতিফলন। ইংৰাজসকলে আমাৰ দেশ লোৱাৰ পিছত তেওঁলোকক ভাৰতত যি শিক্ষা প্রৱর্তন কৰিছিল তাৰ একমাত্র উদ্দেশ্য আছিল কিছুমান কেৰানী মহৰি সৃষ্টি কৰি তেওঁলোকৰ দেশ শাসনত সহায় কৰোৱা। স্বাধীনোত্তৰ কালৰ পিছতো ভাৰতত সেই নীতিৰে প্ৰচলন ঘটি থাকিল। শিক্ষাক কর্মমুখী কৰাৰ বাবে স্বাধীনোত্তৰ ভাৰতত যদিও বা বহুত কেইখন শিক্ষা আয়োগ গঠন কৰি শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰিব বিচৰা হৈছিল সি ফলপ্রসূ নহ’ল। আজিৰ ভাৰতৰ শিক্ষা চাকৰি মুখী হৈয়েই থাকিল।

মুঠতে ক’বলৈ হ’লে আগৰ কালৰ শিক্ষাৰ উদ্দেশ্য আছিল মানুহৰ সজ বৃত্তি বোৰক উৎকৰ্ষ সাধন কৰি অসৎ প্রবৃত্তিবোৰ দমন কৰি মানুহক জীৱন যুদ্ধৰ নিমিত্তে ভালদৰে উপযুক্ত কৰি তোলা। কিন্তু আজিৰ ভাৰতৰ শিক্ষা ব্যৱস্থাত সেই চিন্তাধাৰাৰ অভাৱ পৰিলক্ষিত হৈছে। এয়ে আজিৰ ভাৰতৰ শিক্ষা ব্যৱস্থা আৰু প্রাচীন ভাৰতৰ শিক্ষাৰ মূল পার্থক্য।

৫। চমুটোকা লিখাঃ

তক্ষশীলা বিশ্ববিদ্যালয়, বিক্রমশীলা বিশ্ববিদ্যালয়, নালন্দা বিশ্ববিদ্যালয়।

উত্তৰঃ তক্ষশীলা বিশ্ববিদ্যালয়: প্ৰাচীন ভাৰতৰ শিক্ষাৰ ঘাই কেন্দ্ৰ সমূহৰ ভিতৰত তক্ষশীলাও এটা। খ্রীষ্টপূর্ব এক শতিকালৈ এই বিশ্ববিদ্যালয় চলিছিল। তক্ষশীলা বিশ্ববিদ্যালয়ৰ অধীনত কেইবাখনো চতুষ্পাঠী আছিল আৰু তাত ১৮ বিধ শিক্ষা দিয়া হৈছিল। অত্ৰেয় ঋষিয়ে তাত আয়ুর্বেদ শিক্ষাও দিছিল। জীৱক, চাণক্য আৰু পাণিনি এই বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল। পাৰস্য, বেকট্রিয়া, মগধ, চীন আদি দেশৰ ছাত্ৰ ইয়াত অধ্যয়ন কৰিছিল।

বিক্রমশীলা বিশ্ববিদ্যালয়: খ্রীষ্টীয় ৮ম শতিকাত ভাৰতত থকা বিশ্ববিদ্যালয় খনৰ নাম আছিল বিক্রমশীলা। বিক্রমশীলাৰ আন এটা নাম দেৱবিহাৰ বিশ্ববিদ্যালয়। বিক্রমশীলা বিশ্ববিদ্যালয়ৰ তলত ৬টা উচ্চ বিদ্যালয় আৰু ১০৮ জন অধ্যাপক আছিল। ৪০০ বছৰ পিছত এই বিশ্ববিদ্যালয়খন ধ্বংস হয়। বিশ্ববিদ্যালয়খনৰ চাৰিখন ছাত্রাবাস আছিল আৰু ছাত্ৰই তাত বিনা খৰচত শিক্ষা লাভ কৰাৰ উপৰিও থকা খোৱাৰ সুবিধাও লাভ কৰিছিল।

নালন্দা বিশ্ববিদ্যালয়: খ্রীষ্টপূর্ব এক শতিকাৰ পৰা আঠ খ্রীষ্টাব্দলৈকে এই বিশ্ববিদ্যালয়খন চলিছিল। ইয়াত বেদ, চিকিৎসা, আৰু অংক শাস্ত্ৰৰ শিক্ষা দিয়া হৈছিল। ইয়াৰ ছাত্ৰৰ সংখ্যা আছিল দহ হেজাৰ। ইয়াৰ শিক্ষা ব্যৱস্থাও মাচুল বিহীন আছিল। নালন্দা বিশ্ববিদ্যালয়ৰ শিক্ষা ব্যবস্থা ইমান উন্নত আছিল যে তাত বছাবছা ছাত্রই স্থান পাইছিল। চীনা পৰিব্রাজক য়ুয়ানচ্যাঙ নালন্দাৰ ছাত্ৰ আছিল। শীলভদ্র এই বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত অধ্যক্ষ আছিল।

৬। ‘প্ৰাচীন ভাৰতীয় শিক্ষা’ প্ৰবন্ধটোৰ পৰা তুমি কি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা।

উত্তৰঃ “প্ৰাচীন ভাৰতীয় শিক্ষা” নামৰ প্ৰৱন্ধটিৰ মাজেৰে কিছুমান মূল্যৱান কথা পোৱা যায়। 

সেইবোৰ হ’ল—

(i) অতীতত ভাৰতবৰ্ষ শিক্ষাত আগবঢ়া আছিল আৰু ভাৰতত বহুত কেইখন উচ্চমান বিশিষ্ট বিশ্ববিদ্যালয় আছিল য’ত দেশ বিদেশৰ অসংখ্য ছাত্ৰই অধ্যয়ন কৰিছিল।

(ii) প্রাচীন কালৰে পৰা ভাৰতত আয়ুর্বেদ শিক্ষা, যোগ, ব্যাকৰণ, গণিত, জোতিষ, সুকুমাৰ কলা, দৰ্শন শাস্ত্ৰৰ শিক্ষা প্ৰৱৰ্ত্তিত আছিল। ভাৰতত তর্কবিজ্ঞান আৰু অধ্যাত্ম বিজ্ঞানৰো চৰ্চা আছিল।

(iii) প্ৰাচীন কালত ভাৰতবৰ্ষত হিন্দু আৰু বৌদ্ধ ধৰ্মৰ শিক্ষা প্ৰচলিত আছিল।

(iv) প্রাচীন কালত ভাৰতবৰ্ষত ছাত্ৰসকলক বিনা খৰছে ৰজামহাৰজাৰ পৃষ্ঠপোষকতাত শিক্ষা দিয়া হৈছিল।

(v) আগৰ কালত ছাত্রসকলে বিশ্ববিদ্যালয়বোৰত শিক্ষালাভ কৰাৰ পিছত নতুন তত্ত্ব সত্য আৱিষ্কাৰ পাৰিছিল।

(vi) প্ৰাচীন কালত ভাৰতৰ শিক্ষা চাকৰিমুখী নাছিল; বৃত্তিমুখীহে আছিল।

‘খ’- ভাষা-বিষয়ক

১। বাক্য ৰচনা কৰা:

(ক) স্বাধীন চিন্তা।

(খ) জ্যোতিষশাস্ত্ৰ।

(গ) পোৰা মাটি।

(ঘ) বাহিৰে-ভিতৰে।

উত্তৰঃ (ক) স্বাধীন চিন্তা: প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাত স্বাধীন চিন্তাৰ প্ৰসাৰ ঘটোৱা হৈছিল।

(খ) জ্যোতিষশাস্ত্ৰ: প্ৰাচীন ভাৰত জ্যোতিষশাস্ত্ৰত পৃথিৱীৰ ভিতৰ‍ত আগবঢ়া আছিল।

(গ) পোৰা মাটি: ভাস্কৰ বৰ্মাৰ সময়ৰ পোৰা মাটিৰ মোহৰ এটা নলন্দাত পোৱা গৈছে। 

(ঘ) বাহিৰে-ভিতৰে: নালন্দা বিশ্ববিদ্যালয়ৰ বাহিৰে-ভিতৰে দহ হাজাৰ ছাত্র আছিল।

২। তলৰ শব্দকেইটাৰ সন্ধি ভাঙা:

শিক্ষাগাৰ; বিদ্যালয়; পুৰুষাৰ্থ।

উত্তৰঃ শিক্ষাগাৰ = শিক্ষা + আগাৰ।

বিদ্যালয় = বিদ্যা + আলয়।

পুৰুষাৰ্থ = পুৰুষ + অর্থ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top