Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী | অসমীয়া Class 10 কানাইৰ চাতুৰী

Join Telegram channel

Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী | অসমীয়া Class 10 কানাইৰ চাতুৰী, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 13 Notes to each chapter is provided in the list of SEBA অসমীয়া Class 10 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter Chapter 13 কানাইৰ চাতুৰী can be of great value to excel in the examination.

New Updated short type, MCQ Type Question, Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী – সমাধান, Class 10 Assamese কানাইৰ চাতুৰী Question Answer, Class 10 Assamese Lesson 13 Solutions, কানাইৰ চাতুৰী class 10 মূলভাব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী and select needs one.

Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese পাঠ-13 কানাইৰ চাতুৰী – সমাধান for All Subject, You can practice these here…

কানাইৰ চাতুৰী 

– শ্ৰীধৰ কন্দলী

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

1. চমুকৈ উত্তৰ দিয়া:

(ক) গোপশিশুসকলে কৃষ্ণক কিয় বিচাৰিছিল ?

উত্তৰঃ খেলিবৰ কাৰণে। 

(খ) ‘নন্দৰ ঘৰণী’ কোন ?

উত্তৰঃ যশোদা।

(গ) শিশুসকলে কি বুলি কৃষ্ণক জগাইছিল ? 

উত্তৰঃ ৰাতিপুৱাল, যদুমণি উঠা–

‘পুহাইল ৰজনী, উঠা যদুমণি বুলি ডাকে শিশুগণে।’

(ঘ) কৃষ্ণই কিমানদিন নুঠিব বুলি অংগীকাৰ কৰিছিল ? 

উত্তৰঃ চাৰি পাঁচ দিন। ‘দিন চাৰি পাঞ্চে, নুঠিবো নখাইবো, নাযাইবো গোবক্ষস্থানে ইত্যাদি।

(ঙ) কৃষ্ণৰ প্ৰাণে কি সহ্য নকৰে বুলি কৈছিল ?

উত্তৰঃ যশোদাই কৃষ্ণৰ যি দুৰ্যশ কলংক দিছে, সেই কথা শুনি তেওঁৰ প্ৰাণে সহ্য কৰিব পৰা নাই।

“দুৰ্যশ কলংক,          দুখ সুমৰন্তে 

           নসহে মোৰ পৰাণে।’

(চ) ‘ম‍ই নাৰায়ণ জগত কাৰণ’ বুলি কোনে কৈছে ?

উত্তৰঃ কৃষ্ণই।

(ছ) ‘তুমি গোৱালৰ জীউ’ বুলি কাক কোৱা হৈছে ?

উত্তৰঃ যশোদাক।

(জ) অনন্ত ব্রহ্মাণ্ডখন কোনে স্ৰজন কৰিছে ?

উত্তৰঃ কৃষ্ণই (নিজ ৰূপে মই, অনন্ত ব্ৰহ্মাণ্ড, স্ৰজি আছো লীলা কৰি)। 

(ঝ) নাৰায়ণ ৰূপে কৃষ্ণই কি কৰিছিল ?

উত্তৰঃ অনন্ত শয্যাত জগত শয়ন কৰিছিল। 

(ঞ) ব্ৰহ্মাৰ জন্ম কেনেকৈ হৈছিল ?

উত্তৰঃ ভগৱন্তৰ নাভিপদ্মত।

Group – B পদ্যাংশ

১। কৃষ্ণক টোপনিৰপৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপ শিশুসকলে আহি যশোদাক কৈছিল।

২। কৃষ্ণই কিমান দিন টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উত্তৰঃ কৃষ্ণই চাৰি-পাঁচদিন টোপনিৰপৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।

৩। দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।

৪। কপিল মুনিৰ মাতৃ কোন আছিল?

উত্তৰঃ কপিল মুনিৰ মাতৃ দেৱহুতি।

৫। কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?

উত্তৰঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

৬। তলত দিয়া শব্দবোৰৰ অধুনিক ৰূপ লিখা।

(ক) আসি।

(খ) খেড়ি।

(গ) পুহাইল।

(ঘ) নুজুৰাই।

(ঙ) হন্তে।

(চ) বিগুটিয়া।

উত্তৰঃ (ক) আসি — আহি।

(খ) খেড়ি – খেলা।

(গ) পুহাইল – পুৱাল।

(ঘ) নুজুৰাই – জুৰ নপৰে।

(ঙ) হস্তে – পৰা।

(চ) বিগুটিয়া – ঠাট্টা কৰা।

১১। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিবৰ্তন কৰা।

(ক) সুন্দৰী।

(খ) মাতৃ।

(গ) মামা।

উত্তৰঃ (ক) সুন্দৰী – সুন্দৰ।

(খ) মাতৃ – পিতৃ।

(গ) মামা – মামী।

১২। বিপৰীত শব্দ লিখা।

(ক) বিশ্বাস।

(খ) দোষ।

(গ) আনন্দ।

(ঘ) অপমান।

(ঙ) অমৃত।

উত্তৰঃ (ক) বিশ্বাস – অবিশ্বাস।

(খ) দোষ – গুন।

(গ) আনন্দ – নিৰানন্দ।

(ঘ) অপমান – মান।

(ঙ) অমৃত – গৰল/বিহ।

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

( ক ) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল ? 

উত্তৰঃ  কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপশিশুসকলে আহি যশােদাক কৈছিল ।

 ( খ ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখাৱাকৈ থাকিব বুলি মাকক  জনাইছিল ? 

উত্তৰঃ কৃষ্ণই চাৰি -পাঁচ দিন একেবাহে শুই থাকিব নােখােৱা নােবােৱাকৈ গৰু চৰাবলৈকো নাযায় বুলি মাক যশোদাক জনাইছিল ।

  ( গ ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষই কি ৰূপ ধাৰণ কৰিছিল ? 

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষই    মােহিনীৰূপ ধাৰণ কৰিছিল  ।

 ( ঘ ) কঁপিল মুনিৰ মাতৃ কোন আছিল ? 

উত্তৰঃ   কঁপিল মুনিৰ মাতৃ দেৱহুতি আছিল ।

 ( ঙ ) কি ৰূপ ধাৰণ কবি কৃষ্ণই বলিক ছলনা কৰিছিল ?

 উত্তৰঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল । 

  প্রশ্ন ২।    তথাপি তােহােক           দেখন্তে ডৰত

                           উৰি যায় মােৰ জীউ ।’

এই কথাষাৰ কাৰ উক্তি ? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা ।

উত্তৰঃ এই কথাষাৰ শিশু শ্ৰীকৃষ্ণৰ উক্তি । কৃষই আত্ম পৰিচয় প্রদান কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু জগতৰ মূল কাৰণ । আনহাতে যশােদা গােৱালৰ জীয়াৰী । তথাপিও মাতৃক দেখাৰ লগে লগেই কৃষ্ণৰ জীৱ উৰি যায় । কৃষ্ণই যিমানেই খােৱা – বােৱা নকৰক কিয় , তেওঁৰ অলপাে শ্রীবৃদ্ধি নহয় ।

মাক যশােদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই তাৰ ঘাই কাৰণ । মাকে কৃষ্ণক ভালদৰে শুবলৈয়াে নিদিয়ে বুলি মিছা তাভিযোগ কৰি ৰাতিপুৱা বহু সময়লৈকে শােৱাপাটীত টোপনিৰ ভাও ধৰি শুই আছিল ।

প্রশ্ন ৩। ‘মােহিনী স্বৰূপে           অমৃত পিয়ালোঁ 

                          সাধিলাে দেৱৰ কাম ।’

 কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল ? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল ? খৰচি মাৰি লিখা ।

উত্তৰঃ কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল । তেওঁ দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্রদান কৰিছিল । এই অমৃত লাভৰ বাৱে দেৱতা আৰু অসুৰ সকলাে মিলি সাগৰ মন্থন কৰিছিল যদিও মােহিনী ৰূপেৰে অসুক মােহজালত পেলাই দেৱতাক অমৃত পানৰ সুযােগ দিয়া হৈছিল । 

প্রশ্ন ৪। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ? কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা ।

উত্তৰঃ যশােদাক নগৰবাসীয়ে কাঠবাজী বুলি হাঁহিছিল যদিও কৃষ্ণই তেওঁৰ ঘৰত পুত্রৰূপে আহি সেই দুখ দূৰ কৰিলে । তথাপিও যশােদাৰ প্রতি কৃষ্ণৰ মৰম নাই । সেয়ে কৃষ্ণই মাকৰ গুণৰ কথা ক’বলৈ লাজ লাগে বুলি কৈছিল । 

যশোদা গােৱালৰ ৰজা নন্দৰ ৰাণী হৈয়াে কৃষক ছয় ৰতি সােণ খৰচ কৰি এটা সােণৰ বাঁহী তৈয়াৰ কৰি নিদি বাঁহৰ বাঁহী বজাবলৈ দিয়াৰ ফলত দুই ওঁঠ ফাটি তেজ বৈ গৈছে । এনেদৰে সাঁচোতে , গাঁতত পােতােতে ধনত জুই লাগিব । গৰু চৰাবলৈ যাওঁতে পেট ভৰাই খাবলৈ প্রয়ােজনীয় অন্নমুঠিও যশােদাই নিদিয়ে ।

এগৰাহ খাই পিছৰ গৰাহ খাবলৈ নােজোৰাৰ বাবে কৃষ্ণই আধাপেটি হৈ কটাবলগীয়া হয় । গৰু চৰাওঁতে কাঁইটে বিন্ধি তেওঁক নগুৰনাকটি কৰে । কঠিন ৰ’দতাে নটুৱা সাজ পিন্ধি গৰু চৰাই ফুৰিব লাগে । কেঁকোৰা চুলিবোৰত ধূলি পৰি কুকুহা পৰি যায় , বহুদিন তেল নসনাব বাবে চুলিত জঁটা বান্ধিছে ।

গতিকে কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব আৰু যশােদাই পুত্রশােকত কান্দি মৰিব লাগিব । এনেদৰেই কৃষ্ণই যশােদাৰ হৃদয়হীন অন্তৰৰ স্বৰূপ প্ৰকাশ কৰিছে । 

প্রশ্ন ৫। চমুটোকা লিখা 

বামন , দেবহুতি , কপিল , শ্ৰীধৰ কন্দলি , দৈৱকী ।

 উত্তৰঃ বামন :- বিষ্ণুৰ পঞ্চম অৱতাৰ । বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল । এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰা ছলেৰে তেওঁক পাতাললৈ পঠাইছিল । অর্থাৎ দান কৰাৰ বাবে বলিৰ অহংকাৰ নাশ কৰিছিল ।

দেবহুতি :-  স্বয়ম্ভুৱ মুনিৰ কন্যা । এওঁ কপিল মুনিৰ মাতৃ । মাতৃ দেৱহুতিয়ে কপিলৰ পৰা সাংখ্য দর্শন সম্পর্কে শ্ৰৱণ কৰিছিল ।

কপিল :- কপিল এজন প্রসিদ্ধ মুনি । এওঁ সাংখ্য দর্শন প্রবর্তক । কদম মুনি আৰু  স্বয়ম্ভুৱ  মুনিৰ কন্যা দেৱহুতিৰ পুত্র । এওঁৰ শাপত সৰগ বজাৰ ষাঠী হাজাৰ পুত্র ভস্মীভূত হয় । এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয় ।

শ্ৰীধৰ কন্দলি :- শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ কবি । এওঁৰ কাব্যত বৈষ্ণৱ প্রভাৱ সুস্পষ্ট । কন্দলিয়ে ‘কাণখােৱা’ আৰু  ‘ঘুনুচা’ কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে । কাণখােৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা ।

 প্রশ্ন ৬। পাঠটিৰ কাহিনীভাগ তােমাৰ নিজৰ কথাৰে লিখা ।

উত্তৰঃ  কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰী প্রদর্শন কৰা হৈছে । এদিনাখন কৃষ্ণই ছল কৰি বেলি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গােপশিশুসকল উপস্থিত হয় আৰু মাতৃ যশােদাৰ ওচৰত তেওঁলােকৰ খেলৰ লগৰীয়া কৃষ্ণক বিচাৰি তেওঁক সােনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰােধ কৰে ।

যশােদাই কৃষ্ণক জগাবৰ কাৰণে নানা ধৰণৰ তােষামােদ কৰিলে যদিও একোতে সৈমান নােহােৱা শিশু কৃষ্ণই অভিমান কৰি ক’লে যে তেওঁৰ মুখত পুত্র নামটো শােভা নাপায় । তেওঁ বৰঞ্চ নাখাই শুই শুইয়ে কটাব , আনকি গৰু চৰাবলৈয়াে নাযায় । 

কৃষ্ণই লগতে নিজৰ পৰাম পুৰুষত্বৰ ইংগিত দি ক’লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী । মই যিমান খাই শুই থাকিলেও শৰীৰৰ  শ্রীবৃদ্ধি নহয় । নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়াে মই তােমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ ।

নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰোঁ , মােৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে । মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে ময়েই ব্ৰহ্মৰ যােগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালাে । তােমাৰ ঘৰলৈ আহি মােৰ সকলাে ঐশ্বর্য ধূলিত পৰিণত হ’ল । দেৱতাসকলে অসুৰৰ ভয়ত মােক চিন্তা কৰাত মােৰ চতুর্ভুজ ৰূপ দেখি ত্রিদশৰ সকলাে মােহিত হৈছিল । এতিয়া তুমি মােক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা ।

 মােহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰা মােক তুমি দধিচোৰ নামহে দিলা । কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি , বামণ অবতাৰত মই বলিক ছলনা কৰিছিলোঁ । কিন্তু , তুমি মােক মাটিখােৱা বুলি ককৰ্থনাহে কৰিলা । মােৰ ইমানবােৰ মহিমা দেখাৰ পাছতাে তােমাৰ মনত আক্রোশৰ শেষ নাই ।

ইমান দিনে কাঠবাজী বুলি সমস্ত জগতে তােমাক হাঁহিলে । মই পুত্রৰূপে উপজি তােমাৰ সেই দুখ দূৰ কৰিলোঁ । তথাপিও তুমি মােৰ মৰম নুবুজিলা । ৰাজপটেশ্বৰী হৈয়াে তুমি ছয়ৰতি খৰচ কৰি মােক এটা সােণৰ বাঁহী বনাই দিব নােৱাৰিলা । বাঁহৰ বাঁহী বজাই মােৰ দুই ওঁঠ ফাটি গৈছে , তালৈ   

তােমাৰ ভ্ৰূক্ষেপ  নাই । তুমি এনেদৰে কাৰবাবে ধনবােৰ সাঁচি থৈছা ? এনেকৈ সাঁচোতে সাঁচোতে  তােমাৰ ধনত জুই লাগিব । গৰু চৰাবলৈ যাওঁতে মই ডােক গুচাই ভাত খাবলৈ নাপাওঁ । দিনৰ দিনটো গৰুৰ পিছে পিছে দৌৰােতে দৌৰােতে মােৰ অৱস্থা নােহােৱা হয় । 

গৰু চৰাওঁতে ধূলি লাগি মােৰ কেঁকোৰা চুলিত জট বান্ধে । কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পােৱা নাই । এইবােৰ কথা ক’বলৈ গ’লে মােৰ চকুলাে নিগৰি পৰে । ইমানবােৰ দুখ – কষ্ট সহ্য কৰিব নােৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ । তােমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ ।

তেতিয়াহে তুমি মােৰ মৰম বুজি পাবা । কৃষ্ণৰ কথা শুনি যশােদাই পুনৰ কৃষ্ণক তােষামােদ কৰিবলৈ ধৰিলে আৰু ক’লে যশােদাৰ বৰ ভুল হৈছে । গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব । মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে । যশােদায়াে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে ।

 প্রশ্ন ৭৷ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল , পাঠৰ আলমত বর্ণনা কৰা । 

উত্তৰঃ  কানাইৰ চাতুৰী পাঠটোত শিশুকৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ বর্ণনা দাঙি ধৰা হৈছে ।

শ্রীকৃষ্ণই নিজেই অনন্তব্ৰহ্মাণ্ডৰ স্রষ্টা , পালন কৰোঁতা। ব্রহ্মাদি দেৱতাসকল তেওঁৰেই সৃষ্টি । নাৰায়ণৰূপে তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে । তেওঁ মােহিনী ৰূপ ধাৰণ কৰি সাগৰ মন্থনৰ যােগেদি সংগৃহীত অমৃত পানেৰে দেৱতাসকলক অমৰত্ব প্রদান কৰি দেৱতাৰ কাম সিদ্ধি কৰিছিল।কপিল অৱতৰণত কর্দম মুনিৰ ঘৰত মাতৃ দেৱহুতিক শাস্ত্ৰৰ তত্ত্বজ্ঞান প্রদান কৰিছিল।

বামণ অৱতাৰত তিনিপদ ভূমি বিচাৰি বলিক ছলনা কৰি পাতালপুৰীলৈ পঠাইছিল । এতিয়া কৃষ্ণ অৱতাৰ ধাৰণ কৰি পুন্দাবনত গৰু চৰাইছে যদিও কৃষ্ণৰ পৰম – পুৰুষত্ব সম্পর্কে জ্ঞাত নােহােৱা বাবেই মাতৃ যশােদাই কৃষ্ণক এটি সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰে । 

এনেদৰে কৃষ্ণই বিভিন্ন অৱতাৰ গ্ৰহণ কৰি কেনেধৰণৰ লীলাকর্ম সম্পন্ন কৰিছিল , সেইবিষয়ে কবিয়ে প্রসংগৰূপে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে । 

 ‘মোহিনী স্বৰূপে            অমৃত পিয়ালাে

সাধিলাে দেৱৰ কাম ।

তােমাৰ ঘৰে আসি       বৰ যশ পাইলাে

লৈলাে দধিচোৰ নাম ।।’

কপিল স্বৰূপে              কদৰ্মৰ  ঘৰে 

হুয়া মই অৱতাৰ । 

দেৱহুতি নামে              মাতৃক তাৰিলোঁ

কৰিও তত্ত্ব বিচাৰ ।। 

*    *    *

বামন স্বৰূপে                বলিক ছলিয়ে

বিশ্বৰূপ দশাইলাে । ইত্যাদি ।  

 *   *    *

Sl. No.Contents
Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্ৰশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6উদ্যোগী হওঁ আহাঁ
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইন্টাৰনেটৰ তিতা – মিঠা
Chapter 10অৰুণিমা সিনহা
Chapter 11অৰণ্য যাত্ৰা
Chapter 12পাৰস্যত এভুমুখি
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15 বিষাদযোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
Chapter 17ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম
ব্যাকৰণ
আবেদন আৰু প্ৰতিবেদন লিখন
ৰচনা
ভাৱ সম্প্ৰসাৰণ

প্রশ্ন ৯। কতিবাটোত ‘কাঠবাজী’ বুলি কাক কৈছে ? ইয়াৰ অর্থ কি ? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে ? 

উত্তৰঃ কবিতাটোত কাঠবাজী বুলি যশােদাক কোৱা হৈছে । ‘সন্তানহীন’ তিৰােতাক কাঠবাজী বুলি কোৱা হয় । শ্রীকৃষ্ণই পুত্ৰৰূপে যশােদাৰ সেই অপবাদ দূৰ কৰিছিল । কবিয়ে । উল্লেখ কৰিছে –

‘কাঠবাজী বুলি            জগতে হাসয়

দেখিলে সুমৰে হৰি ।

মই আসি তােৰ           ঘৰে পুত্ৰ ভৈলাে 

সিটো দুখ দূৰ কৰি ।

প্রশ্ন ৯। তাৎপর্য ব্যাখ্যা কৰা :

(ক) কাঠবাজী বুলি        জগতে হাসয় 

         দেখিলে সুমৰো হৰি । 

মই আসি তােৰ        ঘৰে পুত্ৰ ভৈলাে

           সিটো দুখ দূৰ কৰি ।

 উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘ কানাইৰ চাতুৰী ’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

          যশােদা নিঃসন্তান আছিল বাবেই তেওঁক সমাজত কাঠবাজী বুলি নিন্দা কৰা হৈছিল । কৃষ্ণই পুত্ৰৰূপে আহি তেওঁৰ সেই অপবাদ দূৰ কৰিলেহি । কিন্তু , যশােদাই কৃষ্ণৰ প্রকৃত স্বৰূপ বুজিব নােৱাৰি তেওঁক সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰাত শ্ৰীকৃষ্ণই কোপিত হৈ মাকক তেনেদৰে কঠোৰভাৱে সমালােচনা কৰিছিল ।

যশােদাৰ মাতৃ কামনা পূৰণৰ বাবেই যদিও কৃষ্ণই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জাগতিক লীলা সম্পাদন কৰিছেহি , আচলতে তেওঁ পৰমপুৰুষ পুৰুষােত্তম । সেই কথা উপলব্ধি কৰিব নােৱাৰি পুত্ৰজ্ঞান কৰি যশােদাই যি ব্যৱহাৰ কৃষ্ণৰ প্রতি প্রদর্শন কৰিছে , তাত তেওঁ অতিশয় অসন্তুষ্ট , সেয়ে তেওঁ মাকক তেনেদৰে সমালােচনা কৰিছে ।

(খ) ‘ মােহিনী স্বৰূপে            অমৃত পিয়ালোঁ 

          সাধিলাে দেৱৰ কাম ।

তােমাৰ ঘৰে আসি      বৰ যশ পাইলো

         লৈলাে দধিচোৰ নাম ।।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘ ‘কানাইৰ চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

           মাতৃ যশােদাই শ্রীকৃষ্ণক পুত্রজ্ঞান কৰি নানা ধৰণৰ কঠোৰ শাস্তি বিহা আৰু তেওঁৰ প্রতি যথােচিত চেনেহ প্রদর্শন নকৰা বুলি অভিযােগ কৰি শ্ৰীকৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ কথা ঘােষণা কৰিছে আৰু বিভিন্ন অৱতাৰ গ্ৰহণৰ যােগেদি তেওঁ সমাধা কৰা বিভিন্ন লীলা – মাহাত্মৰ সোঁৱৰণ কৰিছে ।

দেৱতা আৰু অসুৰৰ মাজত মীমাংসা কৰিবৰ কাৰণে সাগৰ মন্থনত উদ্ভৱ হােৱা অমৃত দেৱতাক ভােগ কৰাই মােহিনী বেশেৰে অসুৰসকলক আকর্ষণ কৰি তেওঁলােকক অমৃত ভােগৰ পৰা বঞ্চিত কৰাত সফল হৈছিল । দেৱতাৰ কর্ম সাধনৰ কাৰণেই তেওঁ মােহিনী অৱতাৰ ধাৰণ কৰিছিল ।

কিন্তু , ইমানবােৰ লীলা প্রদর্শন কৰাৰ পিছতাে যশােদাৰ ঘৰত আহি তেওঁৰ গুণানুকীৰ্তনৰ পৰিৱর্তে ‘লৱণুচোৰ’ নামহে ল’বলগীয়া হ’ল।ইয়াতকৈ দুর্ভাগ্যৰ কথা কি হ’ব পাৰে ? 

(গ) ‘মই নাৰায়ণ             জগত কাৰণ

        তুমি গােৱালৰ-জীউ 

তথাপি তােহাক     দেখম্ভে ডৰত 

         উৰি যায় মােৰ জীউ ।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে । 

 শ্রীকৃষ্ণই মাতৃ যশােদাৰ মনুষ্য ভাৱনাত অসন্তুষ্টি প্রকাশ কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ , জগতৰ আদি কাৰণ । তেওঁ সৃষ্টি – স্থিতি প্রলয়ৰ মূল গৰাকী । অথচ তেওঁৰ স্বৰূপ উপলব্ধি নকৰি এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী হিচাপে যশােদাই কৃষ্ণৰ প্ৰতি যি আচৰণ কৰিছে , সেয়া সঁচাই দুখজনক ।

যশােদাই কৃষ্ণক ভালদৰে খাবলৈ পিন্ধিবলৈতাে নিদিয়েই আনকি প্রচুৰ ধন সম্পদ থকা সত্ত্বেও তেওঁক ভালদৰে বাঁহী এটাও তৈয়াৰ কৰি নিদিয়ে । কৃষ্ণই এটা সােণৰ বাঁহী বিচাৰে , যদিও যশােদাই যােগাৰ নধৰাত বাঁহৰ বাঁহী বজাই তেওঁৰ ওঁঠ ফাটি যােৱাৰ উপক্ৰম হৈছে ।

প্রশ্ন ১১। তলত দিয়া শব্দবােৰৰ আধুনিক ৰূপ লিখা ।

 আসি , খেড়ি , পুহাইল , নুজুৰাই , হন্তে , বিশুটিয়া

উত্তৰঃ    

 আসি        –         আহি । 

খেড়ি         –         খেলা । 

পুহাইল      –         পুৱালে ।

নুজুৰাই     –          জুৰ নপৰে ।

হন্তে          –          পৰা । 

বিগুটিয়া    –           ঠাট্টা কৰা ।

প্রশ্ন ১২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা । 

সুন্দৰী , মাতৃ , মামা 

উত্তৰঃ     

সুন্দৰী      –        সুন্দৰ । 

মাতৃ         –        পিতৃ ।

মামা        –         মামী ।

 প্রশ্ন ১৩। বিপৰীত শব্দ লিখা । 

বিশ্বাস , দোষ , আনন্দ , অপমান , অমৃত , ৰজনী , নিদ্রা , শয়ন , ক্রন্দন

উত্তৰঃ  

বিশ্বাস          –        অবিশ্বাস

দোষ             –        গুণ 

আনন্দ          –       বিষাদ 

অপমান        –        মান 

অমৃত           –        বিষ

ৰজনী          –        প্ৰভাত 

নিদ্রা            –        জাগ্রত

শয়ন            –        জাগ্ৰত 

ক্রন্দন          –        হাঁহি

অতিৰিক্ত প্রশ্নৰ উত্তৰ

চমু প্রশ্নৰ উত্তৰ :

প্রশ্ন ১। ভকত বৎসল কৃপাময় দেৱ হৰি কোন? তেওঁ কিয় দেৰিকৈ শুই আছিল?

উত্তৰ:- শিশু কৃষ্ণ বা কানাই হৈছে ভগত বৎসল কৃপাময় দেৱ হৰি। তেওঁ যশোদা মাতৃৰ ওপৰত কৃত্রিম অভিমান কৰি, চাতুৰি কৰি দেৰিকৈ শুই আছিল। 

প্রশ্ন ২। যশোদা মাতৃয়ে শ্রীকৃষ্ণক টোপনিৰ পৰা কিয় জগাইছিল?

উত্তৰ:- গোপ শিশুসকলে খেলিবলৈ আহি কৃষ্ণক জগাই দিবলৈ কোৱাত ৰাতিপুৱা দেৰিলৈ শুই থকা কৃষ্ণক যশোদা মাতৃয়ে জগাইছিল।

প্রশ্ন ৩। ৰাতি পুৱাতে গোপ শিশুসকল কৃষ্ণক বিচাৰি কিয় আহিছিল? 

উত্তৰ:- খেলিবৰ বাবে গোপ শিশুসকল ৰাতিপুৱাতে কৃষ্ণক বিচাৰি আহিছিল।

প্রশ্ন ৪। টোপনিৰ পৰা জগোৱাত কৃষ্ণই যশোদা মাতৃক কি উত্তৰ দিছিল? 

উত্তৰ:- টোপনিৰ পৰা জগোৱাত কৃত্রিম অভিমান দেখুৱাই কৃষ্ণই যশোদা মাতৃক উত্তৰ দিছিল যে ভাত-পানী নাখাই, গৰু নচৰাই কৃষ্ণ চাৰি-পাঁচ দিনলৈ শুৱেই থাকিব।

প্রশ্ন ৫। শ্ৰীকৃষ্ণই নিজ ৰূপেৰে কি কৰা বুলি যশোদা মাতৃক শুনাইছে? 

উত্তৰ:- নিজ ৰূপেৰে শ্ৰীকৃষ্ণই লীলাৰে অনন্ত ব্ৰহ্মাণ্ড সৃষ্টি কৰি সমস্ত জগতকে আত্মাৰূপে প্রতিপাল কৰি থকা বুলি যশোদা মাতৃক শুনাইছে। 

প্রশ্ন ৬। নাৰায়ণ ৰূপে শ্রীকৃষ্ণই কি কৰিছিল?

উত্তৰ:- শ্ৰীকৃষ্ণই নাৰায়ণৰূপে অনন্ত শয্যাত পানীত শয়ন কৰি নাভিপদ্মৰ পৰা ব্ৰহ্মাৰ সৃষ্টি কৰি তিনিও ভুৱন সৃষ্টি কৰিছিল।

প্রশ্ন ৭। অসুৰৰ ভয়ত ভয়াৰ্ত্ত দেৱতাসকলক শ্ৰীকৃষ্ণ‍ই কি ৰূপে দেখা দিছিল?

উত্তৰ:- অসুৰৰ ভয়ত ভয়াৰ্ত্ত দেৱতাসকলক শ্ৰীকৃষ্ণই চতুৰ্ভুজ ৰূপে দেখা দিছিল।

প্রশ্ন ৮। কপিল স্বৰূপে কৃষ্ণই কাৰ ঘৰত অৱতাৰ লৈছিল? সেই অৱতাৰত তেওঁ কি কৰিছিল?

উত্তৰ:- কৃষ্ণ‍ই কপিল স্বৰূপে কৰ্দমৰ ঘৰত অৱতাৰ লৈছিল। সেই অৱতাৰত তেওঁ তত্ত্ব বিচাৰ কৰি দেৱহুতি মাতৃক তাৰণ বা ৰক্ষা কৰিছিল। 

প্রশ্ন ৯। মহেশ কোন? তেওঁ কাক বাটতে পাই কি কৰিছিল?

উত্তৰ:- মহেশ হৈছে জটাধৰ শিৱ। শ্ৰীকৃষ্ণই ভৰিৰ নখেৰে কঠিন আভৰণ ফুটাই পৱিত্র গঙ্গাক মৰ্ত্যলৈ নমাই অনাত শিৱই বাটতে পাই সেই জলধাৰা শিৰৰ জটাৰে ধৰি বোৱাই আনিছিল।

প্রশ্ন ১০। কৃষ্ণই মাতৃ যশোদাৰ ধনত কিয় জুই লাগিব বুলি কৈছে? 

উত্তৰ:- ৰাজৰাণী হৈয়ো মাত্র ছয়ৰতি সোণ খৰচ কৰি কৃষ্ণক বাঁহী এটা গঢ়াই নিদি কৃপনালি কৰি পেৰা-পেটাৰিত সুমাই ৰখা আৰু গাঁতত পুতি ৰখা ধনত জুই লাগিব বুলি শিশু কৃষ্ণই আক্ষেপ আৰু অভিমান কৰি যশোদা মাতৃক কৈছে। 

প্রশ্ন ১১। যশোদা মাতৃয়ে সেইবাৰলৈ তেওঁৰ দোষ ক্ষমা কৰিবলৈ অনুৰোধ কৰাত কৃষ্ণ‍ই কি কৰিলে?

উত্তৰ:- যশোদা মাতৃয়ে সেইবাৰলৈ তেওঁৰ দোষ ক্ষমা কৰি, আগলৈ কিবা দোষ কৰিলে গালি পাৰিব বুলি কৃষ্ণক কাতৰ অনুৰোধ কৰাত কৃষ্ণই মনত বৰ সন্তোষ পালে আৰু একে জাপে গৈ মাকৰ কোলাত উঠি স্তন্য পান কৰিবলৈ ধৰিলে।

প্রশ্ন ১২। ব্যাখ্যা কৰা :

(ক)  দিন চাৰি পাঞ্চ        নুঠিবো নাখাইবো

                 নাযাইবো গোৰক্ষ স্থানে।

        দুৰ্যশ কলঙ্ক              দুখ সুমৰন্তে

                  নসহে মোৰ পৰাণে ॥

উত্তৰ:- উদ্ধৃত কবিতা ফাঁকি বৈষ্ণৱ ভাবৰ কবি শ্ৰীধৰ কন্দলিৰ ‘কানাইৰ চাতুৰি’ নামৰ কবিতাটিৰ পৰা লোৱা হৈছে।

এদিন ৰাতিপুৱা মিছা অভিমান কৰি কৃষ্ণ দেৰিকৈ শুই আছিল। গোপ শিশুসকল খেলিবলৈ আহি মাতৃ যশোদাক কৃষ্ণক জগাই দিবলৈ কৈছিল। মাতৃ যশোদাই কৃত্ৰিম খং দেখুৱাই কিহৰনো ভাগৰতে কৃষ্ণ সিমান দেৰিলৈ শুই থাকিব লাগে বুলি কৃষ্ণক জগাই দিছিল। তাতেই আৰু লেঠা লাগিছিল। কৃষ্ণই ভেম জুৰি অভিমান কৰি মাতৃ যশোদাক উত্তৰ দিছিল যে ভাত-পানী নাখাই গৰু চৰাবলৈ নগৈ চাৰি-পাঁচ  দিনলৈ তেওঁ বিছনাতে শুই থাকিব। এনেও কৃষ্ণৰ কলঙ্ক-দুর্নাম বাঢ়ি গৈছে। যশোদাৰ ঘৰত পোৱা দুখ-অপমানৰ কথা স্মৰণ কৰিলে তেওঁৰ প্ৰাণে সহিব নোৱাৰা হৈছে। ৰজা-ৰাণীৰ ল’ৰা হিচাপে যেনেকৈ সুখে-সন্তোষে থাকিব লাগিছিল সেই সুখ-শান্তি- সন্তোষ কৃষ্ণৰ নাই। ভোকে লঘোনে, হাবিয়ে-বননিয়ে সাধাৰণ গৰখীয়া লৰাৰ দৰেই দুখ-কষ্টেৰে তেওঁ কাল কটাইছে। কৃষ্ণ নাৰায়ণ ৰূপে জগতৰ সৃষ্টি কৰোতা হৈয়ো যশোদাৰ ভয়ত কম্পমান। যশোদাক দেখিলেই ভয়তে তেওঁৰ জীউ উৰি যোৱা অৱস্থা। এইদৰে কৃষ্ণই মিছা অভিমান দেখুৱাই যশোদা মাতৃৰ ওচৰত চাতুৰিৰে অভিযোগ কৰিছে।

(খ) সেহি পদজল               শিৰত ধৰিল

                     মহেশ বাটত পাই।

       আবে তুমি মোক         বিগুটিয়া মাতা

                     দিয়া মাটি খোৱা দায়।।

উত্তৰ:- এই কবিতাফাঁকি বৈষ্ণৱ ভাবাপন্ন কবি শ্ৰীধৰ কন্দলিৰ ‘কাণখোৱা’ পুথিৰ অন্তৰ্গত ‘কানাইৰ চাতুৰি’ কবিতাৰ পৰা লোৱা হৈছে।

মিছা অভিমান কৰি ৰাতিপুৱা কৃষ্ণ দেৰিলৈ শুই আছিল। গোপ শিশুসকল খেলিবলৈ আহি কৃষ্ণক বিচৰাত মাতৃ যশোদাই কৃত্রিম খং কৰি কিহৰ ভাগৰত সিমান দেৰিলৈ শুই থাকিব লাগে বুলি কৈ কৃষ্ণক জগাই দিছিল। কৃষ্ণ‍ই অভিমান কৰি নাখাই নলৈ, গৰু নগৈ চাৰি-পাঁচ দিনলৈ বিছনাতে শুই থাকিব বুলি কৈ চাতুৰিৰে বিভিন্ন অৱতাৰ কালত কৰা কামবোৰৰ কথা যশোদা মাতৃক শুনাইছিল। তাৰে এক অৱতাৰত কঠিন বাধা বা আভৰণ ভৰিৰ নখেৰে আঁতৰাই পবিত্র গঙ্গাক মৰ্ত্যলৈ নমাই আনিছিল। মর্ত্যলৈ নমাই অনা গঙ্গাজল জটাধাৰী শিৱই পাই জটাৰে তললৈ বোৱাই আনিছিল। তেনেজন ক্ষমতাশালী কৃষ্ণক পুত্ৰৰূপে পাই যশোদাই যথোচিত আচৰণ দেখুৱা নাই। বৰং কৃষ্ণক অৱহেলা কৰে, ইতিকিং কৰে। কেৱল সিমানেই নহয়— কৃষ্ণক মাটি খোৱা বুলিও যশোদাই অপবাদ দিছে। কৃষ্ণৰ যতবোৰ মহিমা আছে সেইবোৰৰ বিষয়ে জনাৰ পিছতো যশোদাৰ চেতনা নাই। তেওঁ সদায় কৃষ্ণক অৱহেলা উপলুঙাহে কৰি অহা বুলি কৃষ্ণই অভিযোগ কৰিছে।

(গ) কংস মামা মোৰ         সাৰথি আছয়

                   আমাক নিব মতাই।

      ইটো অপমান            সকলে শুজিবো

                   মথুৰা পুৰীক পাই ৷৷

উত্তৰ:- বৈষ্ণৱ ভাৱাপন্ন কবি শ্রীধৰ কন্দলিৰ ‘কাণখোৱা’ পুথিৰ অন্তৰ্গত ‘কানাইৰ চাতুৰি’ কবিতাৰপৰা উদ্ধৃত কবিতাফাঁকি অনা হৈছে। চাতুৰিৰে মিছা অভিযোগ কৰি দেৰিলৈ শুই থকা কৃষ্ণক মাতৃযশোদাই জগাই দিয়াত অভিমান কৰি কৃষ্ণই যশোদা মাতৃৰ ঘৰত থাকি পোৱা দুখ-কষ্ট লাঞ্ছনা অপমানৰ বাবে আক্ষেপ কৰাৰ লগতে কৃষ্ণই বিভিন্ন অৱতাৰ কালত কি কি কাম কৰিছে তাকো যশোদা মাতৃৰ কাণত পেলাইছে। যশোদা মাতৃক আৰু বেছি ভয় দেখাবৰ বাবে মথুৰাৰ অধিপতি মামাক কংসই কৃষ্ণক সহায় কৰি মাতি নিলে যশোদাই কৃষ্ণৰ প্ৰতি দেখুৱা অৱহেলা-অপমান আদিৰ পোতক তুলিব বুলিও কৈছে। ইফালে বৈৰী কংসৰ হাতত লাঞ্ছিত হোৱাৰ ভয়তেই যে দৈৱকী-বসুদেৱে কৃষ্ণক নন্দ-যশোদাৰ ঘৰত পলুৱাই ৰাখিছে। কংস কৃষ্ণৰ সহায় নহয় বৈৰীহে। কৃষ্ণই যশোদা মাতৃক এনেকৈ শুনাইছে যেন যশোদাৰ ঘৰত পোৱা দুখ-কষ্ট- অপমানৰ পোতক তুলিবৰ বাবে কংসই কৃষ্ণক সহায়হে কৰিব। কৃষ্ণই চাতুৰি কৰিয়েই ইয়াত বৈৰী কংস মামাক সহায়ৰ স্থল হিচাপে যশোদা মাতৃৰ আগত দেখুৱাইছে। কৃষ্ণ আতৰি গলে যশোদাই যে সন্তাপ ভুগিব লাগিব তাকে পদ ফাঁকিৰযোগে প্ৰকাশ কৰিব ইচ্ছা কৰিছে। কৃষ্ণৰ কথাবোৰ শুনি যশোদাই আদৰ-সাদৰ কৰি সেইবাৰৰ বাবে তেওঁৰ দোষ ক্ষমা কৰিবলৈ কৃষ্ণৰ ওচৰত কাতৰ অনুৰোধ জনাইছে আৰু আগলৈ তেনে দোষ কৰিলে শাস্তি দিব বুলি কৃষ্ণক প্রত্যয় যাচিছে।

(ঘ) ব্ৰহ্মাণ্ডৰ সুখে        থাকিলা যশোদা

                     কৃষ্ণৰ বদন চাই ৷৷

উত্তৰ:- বৈষ্ণৱ ভাৱাপন্ন কবি শ্ৰীধৰ কন্দলি দেৱৰ কাণখোৱা পুথিৰ অন্তৰ্গত ‘কানাইৰ চাতুৰি’ কবিতাৰপৰা এই কবিতা দুশাৰী উদ্ধৃত কৰা হৈছে।

এদিন ৰাতিপুৱা দেৰিলৈ শুই থকা কৃষ্ণক মাতৃ যশোদাই কৃত্রিম খং দেখুৱাই কিহৰনো ভাগৰত সিমান দেৰিলৈ শুই থাকিব লাগে বুলি কৃষ্ণক জগাই দিয়াত কৃষ্ণই মিছা অভিমান কৰি ভাত-পানী নাখাই গৰু নচৰাই চাৰি পাঁচ দিনলৈ বিছনাত শুয়েই থাকিব বুলি কোৱাৰ উপৰিও নিজৰ বিভিন্ন অৱতাৰ কালত কৰা কামবোৰৰ কথা অভিমানৰ ছলেৰে যশোদা মাতৃক শুনাইছে। তাৰোপৰি পুত্ৰ স্বৰূপে যশোদা মাতৃৰ ঘৰত পোৱা দুখ-কষ্ট-অপমান আদিৰো লেখ দিছে। শেষত মথুৰাৰ অধিপতি কংস মামাকৰ ঘৰলৈ গৈ কংসৰ সহায় লৈ যশোদাই কৰা অৱহেলা অপমানৰ প্রতিশোধ লোৱাৰো মিছা ভাবুকি দিছে। কৃষ্ণৰ সেই সঙ্কল্প আৰু অভিমানত যশোদা মাতৃয়ে ভয় পাই সেই বাৰৰ ভুলৰ বাবে কৃষ্ণৰ ওচৰত ক্ষমা প্রার্থনা আৰু কৰিছে আৰু আগলৈ তেনে ভুল কৰিলে শাস্তি লোৱাৰ শপথ খাইছে। তাকে শুনি কৃষ্ণই শিশু সুলভ মনেৰে একে জাপে যশোদাৰ কোলাত উঠি, খং-অভিমান পাহৰি গাখীৰ খোৱাত ব্যস্ত হৈছে। কৃষ্ণৰ এনে কার্যত মাতৃ যশোদাই কৃষ্ণৰ মুখলৈ চাই ব্ৰহ্মাণ্ডৰ যতমানে সুখৰ অনুভূতি লাভ কৰিছে।

প্রশ্ন ১৩। তলত দিয়া শব্দবোৰৰ আধুনিক অসমীয়া অর্থ লিখা :

প্রভাত, সত্বৰে, কিসৰ, হাৰলি, গোৰক্ষ তোহাক, তাৱক্ষণে, তাসম্বাক, বিগুটিয়া মোহোৰ, তোহোৰ বজান্তে, কুকুহা, মৰষিয়ো।

উত্তৰ:-

শব্দ                                অৰ্থ
প্রভাতৰাতিপুৱা।
সত্বৰেততালিকে।
কিসৰকিহ’ৰ।
হাৰলিঅতি মৰমৰ।
গোৰক্ষগৰুৰখা ঠাই।
তোহাকতোমাক।
তাৱক্ষণেতেতিয়াই।
তাসম্বাকতেওঁলোকক।
বিগুটিয়াইতিকিং কৰি।
মোহোৰমোৰ।
তোহোৰতোমাৰ, তোৰ।
বজান্তেবজাওতে।
কুকুহাদেখাত কাউৰীৰ সমান এবিধ ইটাবৰণৰ চৰাই।
মৰষিয়োমার্জনা কৰা,মৰিষণ কৰা।

3 thoughts on “Class 10 Assamese Chapter 13 কানাইৰ চাতুৰী | অসমীয়া Class 10 কানাইৰ চাতুৰী”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top