Class 10 Assamese Chapter 12 পাৰস্যত অভুমুকি

Class 10 Assamese Chapter 12 পাৰস্যত অভুমুকি Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 12 পাৰস্যত অভুমুকি Solutions and select need one. Class 10 Assamese Chapter 12 পাৰস্যত অভুমুকি Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 12 পাৰস্যত অভুমুকি

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 12 পাৰস্যত অভুমুকি Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 12

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক 

১। চমুকৈ উত্তৰ দিয়া:

(ক) লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?

উত্তৰঃ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।

(খ) বুশ্বেৰ কি?

উত্তৰঃ বুশ্বেৰ হৈছে বিমান বন্দৰ (ইৰাণত)।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন আছিল?

উত্তৰঃ বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰাণী যুৱক মেহদি আৰু ঘাছেম।

(ঘ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?

উত্তৰঃ বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি হোৱাৰ লগতে তাত এটা নিউক্লীয় ৰিয়েক্টৰ থকাৰ বাবে গুৰুত্বপূৰ্ণ বুলিছে।

(ঙ) লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?

উত্তৰঃ বুশ্বেৰত এটা নিউক্লিয়’ ৰিয়েক্টৰ (পৰমাণু গৱেষণাগাৰ) আছে বুলি শুনিছে।

(চ) মেহদি আৰু ঘাছেম কোন?

উত্তৰঃ মেহদি আৰু ঘাছেম দুজন ইৰাণী যুৱক।

(ছ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি? 

উত্তৰঃ মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম ‘জিঅ’লগ’।

(জ) ভেংকি ক’ত থাকে?

উত্তৰঃ ভেংকি বুশ্বেৰত থাকে।

(ঝ) ভেংকিয়ে কি কৰে?

উত্তৰঃ ভেংকীয়ে বুশ্বেৰৰ পৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজসমূহৰ তদাৰক কৰে।

(ঞ) আবুজাৰ কোন?

উত্তৰঃ আবুজাৰ এজন ট্ৰেভেল এজেন্ট।

(ট) ‘আগা’ শব্দৰ অৰ্থ কি? 

উত্তৰঃ ‘আগা’ শব্দটো হ’ল “শ্ৰীযুত”ৰ সমাৰ্থক শব্দ।

(ঠ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে?

উত্তৰঃ ১৯৭৯ চনৰ এপ্ৰিল মাহৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

(ড) ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?

উত্তৰঃ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ’ল- ইমাম আয়াতুল্লা খোমেনি।

(ঢ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল? 

উত্তৰঃ বুশ্বেৰত থকা নিউক্লিয়’ ৰিয়েক্টৰৰ গোলাকৃতিৰ স্থাপত্যটোৱে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল।

(ণ) ইৰাণৰ ৰাজধানীৰ নাম কি?

উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ।

(ত) টেহৰাণত বিমান বন্দৰ কেইটা?

উত্তৰঃ টেহৰাণত বিমান বন্দৰ দুটা।

(থ) লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?

উত্তৰঃ লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম হ’ল- হোমা হোটেল।

(দ) ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত?

উত্তৰঃ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত।

(ধ) ‘স্লামবাৰ্জাৰ’ কি?  

উত্তৰঃ ‘স্লামবাৰ্জাৰ’ হ’ল- এটা বহুৰাষ্ট্ৰীয় কোম্পানি।

(ন) ইৰাণীসকলে নৱবৰ্ষক কি বোলে?

উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক ‘ন’ ৰোজ বোলে।

(প) বেহেষ্ট-ই-জাহৰা কি?

উত্তৰঃ বেহেষ্ট-ই-জাহাৰা হ’ল টেহৰাণৰ এখন মুখ্য সমাধিস্থল।

(ফ) শ্বিৰীন ইবাডি কোন?

উত্তৰঃ শ্বিৰীন ইবাডি হ’ল এগৰাকী নবেল বঁটা বিজয়ী ইৰাণী মহিলা।

(ব) চেনি কোনে আৱিষ্কাৰ কৰিছিল?

উত্তৰঃ কিংবদন্তি মতে সম্ৰাট জামছেদে চেনি আৱিষ্কাৰ কৰিছিল।

(ভ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?

উত্তৰঃ তেল অন্বেষণৰ দায়িত্ব লৈ লেখক ইৰাণলৈ গৈছিল।

(ম) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?

উত্তৰঃ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হ’ল- “খোমেনি ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট”।

(য) ‘কেন্দ’ৰ অর্থ কি?

উত্তৰঃ ‘কেন্দ’ৰ অর্থ হ’ল- চেনি।

২। তেলৰ বাবে চলোৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা কি?

উত্তৰঃ তেলৰ বাবে চলোৱা খনন কার্যত ‘মাডলগিং’ আহিলাসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই আহিলাসমূহৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্ৰ আৱিষ্কাৰ কৰাত আৰু কোনো বিপজ্জনক পৰিস্থিতি নোহোৱাকৈ খনন কার্য চলোৱাত সহায় কৰিব পাৰে। ভূতত্ত্ববিদসকলৰ মতে ই এবিধ গুৰুত্বপূৰ্ণ আহিলা বা সঁজুলি। মাডলগিং ইউনিটটোৰপৰা পঠোৱা তথ্য দেখিয়েই ভূতত্ত্ববিদসকল বহুতো সিদ্ধান্তত উপনীত হ’ব পাৰে। আটাইতকৈ ডাঙৰ কথা ই সৰু গৱেষণাগাৰটোত বহিয়েই গম পোৱা যায় যে, তৈলক্ষেত্ৰখনত তেল পোৱা যাব নে নেযায়।

৩। বুশ্বেৰ চহৰৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ বুশ্বেৰ হৈছে পাৰস্য় উপসাগৰৰ পাৰত অৱস্থিত ইৰাণৰ ইখন সৰু চহৰ। পাৰস্য় উপসাগৰৰ পাৰত অৱস্থিত বুশ্বেৰ হৈছে এখনি বন্দৰ নগৰী। বুশ্বেৰ এখন সৰু চহৰ হ’লেও ইয়াৰ ৰাস্তা-ঘাটবোৰ অতি সু-পৰিকল্পিত আৰু পৰিষ্কাৰ-পৰিচ্ছন্ন। চহৰৰ ৰাস্তাবোৰ চাৰি শাখাযুক্ত আৰু মাজত ডিভাইডাৰ থকা। এই ডিভাইডাৰসমূহ যথেষ্ট চাফা। চহৰৰ প্ৰতিটো ঘৰ সুৰক্ষিতভাৱে ওখ ওখ দেৱালেৰে আৱৰা আৰু আৱাসিক অঞ্চলৰ ঘৰসমূহ দুই বা তিনিমহলীয়া। এই চহৰখন খেজুৰৰ বাবে বিখ্য়াত। বুশ্বেৰ ইৰাণৰ এটা সামৰিক ঘাটি য’ত এটা নিউক্লীয় ৰিয়েক্টৰ আছে। বুশ্বেৰৰ তাপমাত্ৰা চল্লিছ ডিগ্ৰী ছেন্টিগ্ৰেডৰ ওপৰত থাকে। এই চহৰখনৰ মহিলাসকলে আধুনিক সাজ-পোছাক পৰিধান কৰে। সকলো মহিলাই তাত বোৰ্খা পৰিধান নকৰে। বুশ্বেৰত এটা অতি গুৰুত্বপূৰ্ণ বিমানবন্দৰ আছে আৰু এই বিমানবন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি।

৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ইৰাণ মানৱ সভ্যতাৰ প্ৰাচীন ইতিহাসৰ ধ্বজাবাহক। প্রত্নতাত্ত্বিক, ঐতিহাসিক, সাংস্কৃতিক আৰু কীৰ্ত্তিস্তম্ভৰ যোগেদি ইৰাণৰ প্ৰাচীন সভ্যতা আজিও সজীৱ হৈ আছে।

প্ৰায় চাৰি হাজাৰ বছৰ পূৰ্বে আৰ্যগোষ্ঠীৰ লোকসকলে ইৰাণলৈ আহি বসতি স্থাপন কৰিছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় ছয় শতিকাৰ পূৰ্বে বিখ্য়াত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ “মেডেছ”সকলক পৰাস্ত কৰি ইৰাণবাসীক একত্ৰিত কৰিছিল। খ্ৰীষ্টপূৰ্ব ৫২৯ ত ছাইৰাছৰ মৃত্য়ু হয় আৰু নতুন ৰজা দৰিয়াছে সাম্ৰাজ্য় প্ৰসাৰৰ প্ৰয়াস কৰে যদিও পৰৱৰ্তী কালত আলেকজেণ্ডাৰৰ আগমনত ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্য়ৰ পতন ঘটিছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকালৈ ইৰাণত গ্ৰীকসকলে শাসন কৰাৰ পাছত পাৰ্থিয়ানসকলে ইৰাণৰ শাসনভাৰ লাভ কৰিছিল আৰু পাৰ্থিয়ানসকলৰ ৰাজত্বকালত “জোৰাষ্ট্ৰিয়ান” ধৰ্মই ইৰাণৰ ৰাজধৰ্ম হিচাপে স্বীকৃতি লাভ কৰিছিল। ৩৫০ বছৰ কাল পাৰ্থিয়ানসকলে শাসন কৰাৰ পাছত চাৰিটা শতিকা “ছাজানিক”সকলে ইৰাণত শাসন কৰিছিল। ইয়াৰ পাছতেই আৰৱসকলৰ ইৰাণলৈ আগমন ঘটে আৰু ইয়াৰ লগে লগে ইৰাণৰ ইতিহাসৰ পৰিৱৰ্তন হ’বলৈ ধৰিছিল। আৰৱসকলে ইৰাণলৈ “মুছলিম” ধৰ্মৰ আগমন ঘটাইছিল আৰু সময় অতিবাহিত হোৱাৰ লগে লগে ইছলাম ধৰ্মক ইৰাণৰ মুখ্য় ধৰ্ম হিচাপে স্বীকৃতি দিয়া হৈছিল। 

ইৰাণৰ শাসনকালৰ ভিতৰত অন্য়তম আছিল নাদিৰ শ্বাহ। তেওঁৰ ৰাজত্বকাল ১৭৩৭-১৭৪৭। তেওঁলোকে প্ৰথম বিশ্বযুদ্ধলৈ ইৰাণত শাসন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহ পাহ্ণাভিয়ে ইৰাণৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্ৰচেষ্টাৰ আৰম্ভণি হ’ল। ১৯৭৯ চনৰ বিখ্য়াত ধৰ্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।

৫। ইৰাণৰ ভূতত্ত্বৰ বিষয়ে লিখা।

উত্তৰঃ ইৰাণৰ ভূতত্ত্ব প্ৰকৃতিৰ আশীৰ্বাদ পুষ্ট। ইৰাণৰ পাৰস্য উপসাগৰীয় অঞ্চল তৈলক্ষেত্ৰৰে ভৰপুৰ। এই অঞ্চলত ডেৰশতকৈও অধিক তৈলক্ষেত্ৰ আছে। জাগ্ৰছ পৰ্বতৰ দক্ষিণ-পশ্চিমত বিৰাট তৈল আৰু গেছ ভাণ্ডাৰ সঞ্চিত হৈ আছে। এই অঞ্চলৰ তৈলক্ষেত্ৰৰ ওপৰতে বিশ্বৰ বহুতো দেশ নিৰ্ভৰশীল। কিবা কাৰণত তেলৰ মূল্য বৃদ্ধি হ’লে দেশবিলাকৰ অৰ্থনীতিত প্ৰচুৰ আঘাত হানে।

৬। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰঃ হিমালয় পর্বতমালা সাগৰৰ তলিৰপৰা ভূ-কম্পনৰ ফলত সৃষ্টি হোৱাৰ দৰে জাগ্ৰছ পর্বতমালাও সাগৰৰ তলিৰপৰা উঠি আহি সৃষ্টি হৈছে। এই জাগ্ৰছ পৰ্বতৰ দক্ষিণ-পশ্চিম দিশত বিৰাট পৰিমাণৰ তেল আৰু গেছৰ ভাণ্ডাৰ আছে। পৃথিৱীৰ বহুতো দেশে এই তেল আৰু গেছৰ ওপৰত নিৰ্ভৰ কৰে। সেই কাৰণে বিশ্ববাসীৰ বাবে জাগ্ৰছ পর্বতমালা গুৰুত্বপূৰ্ণ।

৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।

উত্তৰঃ ইৰাণৰ কেইখনমান উল্লেখযোগ্য় ঠাইৰ নাম হ’ল- বুশ্বেৰ, আহৱাজ, চিৰাজ, ইছফাহান, নাটাজু, মাছাদ, য়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল আদি।

৮। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?

উত্তৰঃ টেহৰাণৰ বিমান বন্দৰ দুটা— মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। মেহৰাবাদ বিমান বন্দৰটো চহৰত, আনহাতে খোমেনি বিমান বন্দৰটো চহৰৰ পৰা দূৰত।

৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা। 

উত্তৰঃ টেহৰাণৰ প্ৰাকৃতিক পৰিৱেশ অতি সুন্দৰ। ওখ ওখ পৰ্বতে আগুৰি ৰখাৰ বাবে টেহৰাণ চহৰখন অতি সুন্দৰ হৈ পৰিছে। বহুতে টেহৰাণক পেৰিছৰ লগত তুলনা কৰে। বছৰৰ দুটা মাহৰ বাহিৰে আন সময়ত ইয়াৰ জলবায়ু অতি মনোৰম আৰু আৰামদায়ক। শীতকালত তেহৰাণত বৰফ পৰে। এলব্রুণ’ পৰ্বতৰাশিয়ে টেহৰাণক সুন্দৰ জলবায়ু প্ৰদান কৰিছে। পৰ্বতৰ হিম-প্ৰবাহৰ পৰা মহানগৰীখনৰ বাবে খোৱাপানী আহে।

১০। স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় ক’ত ক’ত আছে?

উত্তৰঃ স্লামবাৰ্জাৰ কোম্পানিৰ কাৰ্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈ, দুলিয়াজানৰ পৰা ডুবাইলে, টেহৰাণৰ পৰা টেক্সাছলৈ পৃথিৱীৰ সকলো তৈলক্ষেত্ৰৰ ওচৰে-পাজৰে আছে।

১১। ইৰাণীসকলৰ নৱবৰ্ষ উৎসৱৰ বিৱৰণ দিয়া।

উত্তৰঃ ‘ন’ ৰোজ (নতুন দিন) ইৰাণীসকলৰ নৱবৰ্ষৰ উৎসৱ। এই উৎসৱ দুসপ্তাহ জুৰি উদ্‌যাপন কৰা হয়। বসন্তৰ প্ৰথম দিনত, সূৰ্যই বিষুৱৰেখা অতিক্ৰম কৰা সময়ত (মাৰ্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত) এই উৎসৱ আৰম্ভ হয়। ভেংকিয়ে লেখকক কোৱা মতে সেই উৎসৱৰ সময়ত হোটেল, স্কুল-কলেজ, চৰকাৰী কাৰ্যালয় সকলোতে শিবিৰ স্থাপন কৰা হয়, যাতে ইৰাণীসকলে নৱবৰ্ষৰ উৎসৱ উদযাপন কৰিব পাৰে। আমাৰ বহাগ বিহুৰ দৰে ইৰাণী সকলেও নৱবৰ্ষ উৎসৱত নতুন কাপোৰ পিন্ধে, পিঠা-পনা খায়। এই উৎসৱৰ ভিতৰতে পৰিৱেশ আৰু নিজক চাফ্-চিকুণকৈ ৰখা, শত্রুতা আঁতৰাই বন্ধুত্ব পতা, অগ্নিশিখা প্ৰজ্বলন কৰা আদি কাৰ্যসূচী লোৱা হয়। জোৰাষ্ট্রিয়ান ইৰাণৰ মূল ধর্ম হোৱাৰ সময়ত এই উৎসৱৰ বিকাশ হৈছিল।

১২। বেহেষ্ট-ই-জাহৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা।

উত্তৰঃ বেহেষ্ট-ই-জাহৰা ইৰাণৰ অন্যতম জনপ্রিয় স্থান। বেহেষ্ট-ই-জাহৰা এখন সমাধিস্থল। টেহৰাণক জানিবৰ বাবে বজাৰ বা আলিবাটত নুঘূৰি বেহেষ্ট- ই-জাহৰা ভ্ৰমণ কৰিলেই হয়। টেহৰাণৰ এই মুখ্য সমাধিস্থলখন কেইবা কিল’মিটাৰ দীঘল। ইয়েই একমাত্র সমাধিস্থল য’ত খোৱা-বোৱা দোকানৰপৰা খেল পথাৰলৈ সকলো সুবিধা আছে। নোবেল বঁটা বিজয়ী শ্বিৰীণ ইবাডীৰ পৰিয়ালৰ সদস্য এজনকো ইয়াত সমাধিস্থ কৰা হৈছিল।

১৩। শ্বিৰীণ ইবাডি কোন? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহায়ত লিখা।

উত্তৰঃ ন’বেল বঁটা বিজয়ী সংগ্ৰামী ইৰাণী নেতা আছিল শ্বিৰীণ ইবাডি। কঠোৰপন্থীৰ বিৰুদ্ধে শ্বিৰীণ ইবাডীৰ সংগ্ৰাম লাগিবলগীয়া। শ্বিৰীণক বিচাৰপতি হোৱাৰপৰা বঞ্চিত কৰি হিজাব পৰিধান কৰিবলৈ হেঁচা দিয়া হৈছিল। সেই কঠিন পৰিৱেশত পৰি তেওঁ মানৱ অধিকাৰৰ অত্যুৎসাহী পদক্ষেপ লৈছিল। শাসক বিৰোধী বুলি শাস্তি দিয়া যুৱক, যি সকল যুৱতীক ধৰ্ষণ কৰা হৈছে, পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰা আদি লোকৰ বাবে তেওঁ যুঁজিছিল। তেওঁ মানৱ অধিকাৰৰ বিষয়ে যুঁজা বিশ্বৰ অগ্ৰণী ৰনুৱা হিচাপে স্বীকৃত বা পৰিগণিত হৈছিল আৰু ন’বেল বঁটাৰে সন্মানিত হৈছিল। ইৰাণবাসী তেহৰাণ বিমান বন্দৰত শ্বিৰীণক বিপুল আদৰণি জনাইছিল।

‘খ’ — ভাষা-বিষয়ক

১। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা:

কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।

উত্তৰঃ কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি আদি ফাৰ্চী শব্দ।

২। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা:

খেলে মামনুন, মিৰচি্ ছালাম।

উত্তৰঃ খেলে মামনুন — ধন্যবাদ।

মেৰচি ছালাম — ধন্যবাদ।

৩। তলত দিয়া শব্দকেইটাৰ প্ৰতীকি অর্থ কি?

চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক, ছেৰকেহ। 

উত্তৰঃ চবজে — ঘেঁহু বা দাইল — পুনৰজন্মৰ প্ৰতীক।

ছামানু — ঘেঁহুৰ কঠীয়াৰ পায়স — নতুন জীৱনৰ প্ৰতীক।

ছিব — আপেল — স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক।

জেনেজেভ — বনৰীয়া শুকান জলফাই ― প্ৰেমৰ প্ৰতীক।

ছিৰ — নহৰু — ঔষধ। 

ছমাক — এবিধ বগৰী — সূর্যোদয়ৰ বৰণ বুজায়।

ছেৰকেহ — ভিনেগাৰ — বয়স আৰু ধৰ্মৰ প্ৰতীক।

৪। তলত দিয়া শব্দকেইটাত ‘ষ’ আৰু ‘ণ’ কিয় প্ৰয়োগ হৈছে লিখা।

সম্ভাষণ, অন্বেষণ, গৱেষণা, অৱতৰণ।

উত্তৰঃ সম্ভাষণ — একেটা পদতে থকা ‘ঋ’, ‘ৰ’, ‘ষ’ -ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধণ্য় ‘ণ’ হয়।

অন্বেষণ — একেটা পদতে থকা ‘ঋ’, ‘ৰ’, ‘ষ’ -ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধণ্য় ‘ণ’ হয়।

গৱেষণা — ‘ঋ’, ‘ৰ’, ‘ষ’ -ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধণ্য় ‘ণ’ হয়।

অৱতৰণ — একেটা পদতে থকা ‘ঋ’, ‘ৰ’, ‘ষ’ -ৰ পাছত থকা দন্ত্য় ‘ন’ মূৰ্দ্ধণ্য় ‘ণ’ হয়।

৫। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখা:

ইৰাণী, আৱাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী।

উত্তৰঃ ইৰাণী 一  ঈ (ইৰাণ + ঈ = ইৰাণী)।

আবাসিক 一 ইক (আবাস + ইক = আবাসিক)।

বাণিজ্য়িক 一 ইক (বাণিজ্য় + ইক = বাণিজ্য়িক)।

শেহতীয়া 一 অতীয়া (শেহ + অতীয়া = শেহতীয়া)।

সোণালী 一 আলী (সোণ + আলী = সোণালী)।

খৰচী 一 ঈ (খৰচ + ঈ = খৰচী)।

2 thoughts on “Class 10 Assamese Chapter 12 পাৰস্যত অভুমুকি”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top