Class 10 Assamese Chapter 13 কানাইৰ চতুৰী

Class 10 Assamese Chapter 13 কানাইৰ চতুৰী Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 13 কানাইৰ চতুৰী Solutions and select need one. Class 10 Assamese Chapter 13 কানাইৰ চতুৰী Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 13 কানাইৰ চতুৰী

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 13 কানাইৰ চতুৰী Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 13

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক

১। অতি চমু উত্তৰ দিয়া:

(ক) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল?

উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গোপশিশুসকলে আহি যশোদাক কৈছিল।

(খ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল?

উত্তৰঃ কৃষ্ণই চাৰি-পাঁচ দিন টোপনিৰ পৰা নুঠাকৈ আৰু নোখোৱাকৈ থাকিব বুলি মাকক জনাইছিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই কি ৰূপ ধাৰণ কৰিছিল?

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল

(ঘ) কপিল মুনিৰ মাতৃ কোন আছিল?

উত্তৰঃ স্বয়ম্ভূৱ মুনিৰ কন্যা দেৱহুতি কপিল মুনিৰ মাতৃ আছিল। 

(ঙ) কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল?

উত্তৰঃ বামনৰ ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল।

২। তথাপি তোহাক             দেখন্তে ডৰত

                       উৰি যায় মোৰ জীউ।

-এই কথাষাৰ কাৰ উক্তি? কাক দেখি, কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা।

উত্তৰঃ উক্ত কথাষাৰ কানাইৰ (শিশু কৃষ্ণৰ) উক্তি।

এদিন ৰাতিপুৱা কৃষ্ণই মিছা অভিমান কৰি শুই থকা সময়তে গোপশিশুসকলে আহি কৃষ্ণক জগাই দিবলৈ মাতৃ যশোদাক কৈছিল। মাতৃ যশোদাই কিহৰনো ভাগৰত কৃষ্ণই সিমান দেৰিলৈ শুই থাকিব লাগে বুলি মৃদু ভর্ৎসনা কৰি অভিমান এৰি শুই উঠিবলৈ আদৰ-সাদৰ কৰি কৈছিল। কৃষ্ণই অভিমান নেৰি যশোদাই নালাগে তেওঁৰ বোপা ককাই ক’লেও তেওঁৰ গা জুৰ নপৰে বুলি উত্তৰ দি চাৰি-পাঁচ দিনলৈ নাখাই নলৈ, গৰু চৰাবলৈ নগৈ শুৱেই থাকিব বুলি যশোদাক কৈছিল। কাৰণ দুৰ্নাম কলঙ্ক আদি সুৱৰি তেওঁৰ প্ৰাণে সহিব নোৱাৰা হৈছে। নাৰায়ণ শ্ৰীকৃষ্ণ জগতৰ সৃষ্টি-স্থিতি-পালনৰ কাৰণ আৰু গোৱালিনী যশোদাৰো প্রাণধন। কিন্তু তথাপিও যশোদা মাতৃৰ আগত তেওঁৰ বীৰত্ব সাহস একো নোহোৱা হয়। যশোদাক দেখিলেই ভয়তে তেওঁৰ জীৱ উৰি যায়। এইদৰে কৃষ্ণই জগতৰ আদি গুৰু, সৃষ্টি স্থিতি, পালনৰ গৰাকী হৈয়ো যশোদা মাতৃৰ আগত কেনেকৈ এজন সাধাৰণ শিশুৰ দৰে সন্ত্ৰস্ত আছিল সেই কথাকে কবিয়ে ইয়াত প্ৰকাশ কৰিছে।

৩। “মোহিনী স্বৰূপে            অমৃত পিয়ালো

                        সাধিলো দেৱৰ কাম।”

—কোনে মোহিনী ৰূপ ধাৰণ কৰিছিল? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল, খৰচি মাৰি লিখা। 

উত্তৰঃ শ্ৰীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল। তেওঁ দেৱতাসকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল।

এদিন ৰাতিপুৱা মিছা অভিমান কৰি শিশু কৃষ্ণ বিছনাৰপৰা উঠা নাছিল। গোপশিশুসকলে খেলিবলৈ আহি মাতৃ যশোদাক শ্ৰীকৃষ্ণক জগাই দিবলৈ কৈছিল। মাতৃ যশোদাই কৃত্ৰিম খং আৰু ভর্ৎসনা কৰি কিহৰনো ভাগৰত কৃষ্ণ সিমান দেৰিলৈ শুই আছিল বুলি কৈ আদৰ-সাদৰকৈ শ্ৰীকৃষ্ণক উঠিবলৈ কৈছিল। অভিমান নেৰি কৃষ্ণ‍ই যশোদাৰ ঘৰত থাকি কিমান দুখ-কষ্ট অপমান সহিব লগা হৈছে তাকেহে কৈছিল। অভিমান কৰি চাৰি-পাঁচ দিনলৈ নাখাই, গৰু নচৰাই শুয়েই থাকিব বুলি কৈছিল। তাৰ পিচতো খেদ প্ৰকাশ কৰি কৈছিল যে শ্ৰীকৃষ্ণ জগতৰ মূল, তেঁৱেই সৃষ্টি, স্থিতি আৰু পালন কৰোতা। কিন্তু তথাপিও তেওঁৰ যশোদালৈ ভয়। অথচ অনন্ত ব্রহ্মাণ্ড ব্রহ্ম আদি চৰাচৰ জীৱৰো মূল তেঁৱেই। যশোদাৰ ঘৰত গৰখীয়া ৰূপে গৰু চৰাই ফুৰোৱা কৃষ্ণয়েই নাৰায়ণ ৰূপে অনন্ত শয্যাত শয়ন কৰি ব্ৰহ্মাৰ সৃষ্টি কৰিছিল। বেদৰ তত্ত্বজ্ঞান দিছিল। এনেহেন শক্তিৰ অধিকাৰী কৃষ্ণক মাতৃ যশোদাই ইতিকিং কৰি ‘কলীয়া’ বুলি মাতে, যশোদাৰ ঘৰলৈ আহিয়েই তেওঁ ‘দধিচোৰ’ বদনামো পালে। এই কৃষ্ণয়েই দেৱতাসকলৰ দুৰ্গতি হৰণৰ বাবে মোহিনী ৰূপ ধাৰণ কৰি অমৃত পান কৰাই দেৱতাসকলক ৰক্ষা কৰিছিল। এনে গুণশালী কৃষ্ণক পুত্ৰৰূপে পায়ো যশোদাই তেওঁক তুচ্চ-তাচ্ছিল্য-অৱহেলা-ইতিকিংহে কৰে বুলি কৃষ্ণ‍ই ক্ষোভ প্ৰকাশ কৰাৰ চলেৰে মাতৃ যশোদাক তেওঁৰ ঐশ্বৰিক গুণ বা প্ৰভাৱৰ লগত পৰিচয় কৰাই দিছে।

৪। মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।

উত্তৰঃ জগতখনৰ লোকে কাঠবাজী বুলি হঁহা যশোদাৰ সেই দুখ-অপবাদ দূৰ কৰি শ্ৰীকৃষ্ণই পুত্রৰূপে অৱতাৰ লোৱাৰ পিছতো যশোদাৰ কোনো ভাল অনুভূতি কৃষ্ণলৈ নাছিল। যশোদাই কৃষ্ণক মৰম কৰিব নাজানে, বিশ্বাসো নকৰে। ইয়াৰ বাহিৰেও যশোদা মাতৃৰ কিছুমান গুণৰ বাবে কৃষ্ণৰ লাজ লাগে। যশোদা ৰাজপটেস্বৰী হৈও একটি মাত্র পুতেকক ছয়ৰতি সোণ খৰচ কৰি সোণৰ বাঁহী এটা গঢ়াই দিয়া নাই। বাঁহৰ বাঁহী বজাই ফুৰোতে কৃষ্ণৰ দুয়ো ওঠ ফাটি গৈছে। কৃপনালি কৰি যশোদা মাতৃয়ে ধন মাটিৰ তলত পুতি ৰাখোতে, পেৰা-পেটাৰিত ভৰাই ৰাখোটে জুই লাগি সেই ধন ছাই হৈ যাব বুলি কৃষ্ণই অভিশাপো দিছে। যশোদা মাতৃয়ে কৃষ্ণ গৰু চৰাবলৈ যাওতে যি ভাত পঠিয়ায় সেয়া এগৰাহ মৰাৰ পিছত দ্বিতীয় গৰাহ খাবলৈ নাটে। আধাপেটী ভাতেৰেই কৃষ্ণই দিনটো গৰু ৰাখিব লাভে নটুৱাৰ দৰে চুটি কাপোৰ এখন পিন্ধি কাইটীয়া বননিৰ মাজত গৰু আগুৰিবলৈ দৌৰি ফুৰোতে কৃষ্ণৰ কম কষ্ট নহয়। মূৰৰ চুলিয়ে কেতিয়াও তেল নেদেখে গো-ধূলি পৰি চুলিবোৰ গোটাগুটি হৈ জট বান্ধিছে। যশোদা মাতৃৰ এইবোৰ গুণৰ কথা কবলৈ কৃষ্ণৰ লাজ লাগে আৰু নিজে পোৱা দুখ-অপমানৰ কথা ভাবি তেওঁৰ মনলৈ কান্দোন আহে।

৫। চমু টোকা লিখা:

(ক) বামন।

উত্তৰঃ বিষ্ণুৰ দহোটা অৱতাৰৰ ভিতৰৰ পঞ্চম অৱতাৰ বামন। এই অৱতাৰত বিষ্ণুৱে বামন অর্থাৎ বাওনা ব্রাহ্মণৰ ৰূপ ধাৰণ কৰিছিল। দৈত্যৰাজ বলী বৰ দাতা বুলি অহঙ্কাৰ কৰিছিল। বলীৰ এই অহঙ্কাৰ চূৰ্ণ কৰাৰ বাবে বামন দৈত্যৰাজ বলীৰ যজ্ঞলৈ আহি তিনি পদ ভূমি দান বিচাৰিছিল। তিনি পদ ভূমি দান একো বেছি দান নহয় বুলি বলীৰজাই দান দিবলৈ সন্মত হৈছিল। তেতিয়া বামনে বিশাল ৰূপ ধাৰণ কৰি এখন ভৰি স্বৰ্গত, এখন ভৰি মৰ্ত্যত ৰাখি তৃতীয় খোজ দিয়াৰ বাবে ঠাই নাপাই বল্লীক সোধাত দাতা বলীয়ে নিজৰ মূৰত তৃতীয় খোজ দিবলৈ মূৰ পাতি দিছিল। এইদৰে বামনে বলীক ছলনা কৰি পাতাললৈ পঠিয়াই বলীৰ অহঙ্কাৰ চূৰ্ণ কৰিছিল।

(খ) দেৱহুতি।

উত্তৰঃ দেৱহুতি হৈছে স্বয়ম্ভূৱ মুনিৰ কন্যা। দেৱহুতিৰ পুত্ৰ কপিল এজন প্ৰসিদ্ধ মুনি আৰু সাংখ্য দর্শনৰ প্রৱর্তক আছিল।

(গ) কপিল।

উত্তৰঃ দেৱহুতিৰ পুত্ৰ কপিল। কপিল এজন প্রসিদ্ধ মুনি আছিল। তেওঁ সাংখ্য দর্শনৰ প্ৰৱৰ্ত্তক আছিল। কপিলক বিষ্ণুৰ এক অৱতাৰ বুলিও কোৱা হয়। মুনি কপিলৰ অভিশাপত ‘সৰগ’ ৰজাৰ ষাঠি হাজাৰ পুত্ৰ ভষ্মীভূত হৈছিল।

(ঘ) শ্ৰীধৰ কন্দলী।

উত্তৰঃ শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ অলপ দিনৰ পিছৰ বৈষ্ণৱ প্ৰভাৱ পুষ্ট কবি আছিল। তেওঁ ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন পুথি ৰচনা কৰিছিল। ‘কাণখোৱা” পুথিত বিষ্ণু অৱতাৰৰ লীলামাহাত্ম্য সৰল ভাষাত বৰ্ণনা কৰা হৈছে। নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা ‘কাণখোৱা’ পুথিত ‘কাণখোৱা আহিব’ বুলি ভয় খুৱাই যশোদাই কৃষ্ণক টোপনি নিয়াব খোজোতে কৃষ্ণই তেওঁৰ বিভিন্ন অৱতাৰ বোৰৰ কথা কৈ কাণখোৱা বীৰক কতো লগ নোপোৱা বুলি মাকক সাবটি ধৰিছে। কিন্তু ৰাতিপুৱা টোপনিৰপৰা জগাওতে মাকক অৱতাৰৰ নানা কথা গুনাই মিছা খেদ আৰু অভিমান প্ৰকাশ কৰিছে।

(ঙ) দৈৱকী।

উত্তৰঃ দৈৱকী শ্ৰীকৃষ্ণৰ জন্মদাতৃ মাতৃ। মথুৰাৰ ৰজা উগ্রসেনৰ দুহিতা আৰু কংসৰ ভনী। বসুদেৱৰ লগত দৈৱকীৰ বিয়া হোৱাৰ পিছত দৈৱকীৰ ৮-ম সন্তানৰ হাতত কংসৰ মৃত্যু হ’ব বুলি দৈৱবাণী হোৱাত কংসই দৈৱকী-বসুদেৱক কাৰাগাৰত বন্দী কৰি ৰাখিছিল। কাৰাগাৰত শ্ৰীকৃষ্ণৰ জন্মৰ পিছত বসুদেৱে শ্ৰীকৃষ্ণক পলুৱাই নি গোকুলৰ ৰজা নন্দ-যশোদাৰ ঘৰত ৰাখিছিল। শেষত শ্ৰীকৃষ্ণ‍ই কংসক বধ কৰি উগ্রসেনক পুনৰ ৰজা পাতিছিল।

৬। পাঠটিৰ কাহিনীভাগ তোমাৰ নিজৰ কথাৰে লিখা।

উত্তৰঃ এই পাঠত উদ্ধৃত পাঠটি ‘কাণখোৱা’ পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে। পাঠটিত শিশুকৃষ্ণৰ ঈশ্বৰত্বৰ পৰিৱৰ্তে সাধাৰণ অভিমানেৰে ভৰা মানৱ শিশু এটিৰ চিত্ৰ বর্ণিত হৈছে, যি পঢ়োঁতাক নিজৰ স্বৰূপৰ লগত একীভূত হৈ পৰাত অৰিহণা যোগাইছে। ইয়াত কৃষ্ণৰ মানৱীয় ৰূপ প্ৰকট হৈ উঠাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ ঐশ্বৰিক দিশটো পাহৰি নিজৰ কৰ্মৰাজিৰ লগত সাদৃশ্য উপলব্ধি কৰি আনন্দ পোৱাতেই পাঠটিৰ গুৰুত্ব নিৰ্ভৰ কৰিছে।

কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চৰিত্ৰৰ প্রদর্শন কৰা হৈছে। এদিনাখন কৃষ্ণই ছল কৰি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গােপ শিশুসকল উপস্থিত হয় আৰু মাতৃ যশােদাক কৃষ্ণক খেলিবৰ বাবে জগাই দিবলৈ অনুৰোধ কৰে। শিশুসকলৰ কথা শুনি যশোদাই আহি কৃষ্ণক জগাই কিন্তু কৃষ্ণই অভিমান কৰি মাকক ক’লে যে তেওঁ চাৰি-পাঁচ দিনৰ লৈকে নুঠো আৰু নাখাও। যশোদাৰ ঘৰত তেওঁ যিমান কষ্ট পাইছে তেওঁৰ প্ৰাণে আৰু নশহা হৈছে। 

কৃষ্ণই লগতে নিজৰ পৰম পুৰুষত্বৰ ইংগিত দি ক’লে যে, তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী। মই যিমান খাই শুই থাকিলেও শৰীৰৰ  শ্রীবৃদ্ধি নহয়। নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়াে মই তােমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছো।

নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰো, মােৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে। মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে মই ব্ৰহ্মৰ যােগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালাে। তােমাৰ ঘৰলৈ আহি মােৰ সকলাে ঐশ্বর্য ধূলিত পৰিণত হ’ল। দেৱতাসকলে অসুৰৰ ভয়ত মােক চিন্তা কৰাত মােৰ চতুর্ভূজ ৰূপ দেখি ত্রিদশৰ সকলাে মােহিত হৈছিল। এতিয়া তুমি মােক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা।

মােহিনীৰ ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰিলো। মােক তুমি দধিচোৰ নামহে দিলা। কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি, বামণ অৱতাৰত মই বলিক ছলনা কৰিছিলো। কিন্তু, তুমি মােক মাটিখােৱা বুলি ককৰ্থনাহে কৰিলা। মােৰ ইমানবােৰ মহিমা দেখাৰ পাছতাে তােমাৰ মনত আক্রোশৰ শেষ নাই।

ইমান দিনে কাঠবাঁজী বুলি সমস্ত জগতে তােমাক হাঁহিলে। মই পুত্রৰূপে উপজি তােমাৰ সেই দুখ দূৰ কৰিলো। তথাপিও তুমি মােৰ মৰম নুবুজিলা। ৰাজপটেশ্বৰী হৈয়াে তুমি ছয়ৰতি খৰচ কৰি মােক এটা সােণৰ বাঁহী বনাই দিব নােৱাৰিলা। বাঁহৰ বাঁহী বজাই মােৰ দুই ওঁঠ ফাটি গৈছে।   

গৰু চৰাওঁতে ধূলি লাগি মােৰ কেঁকোৰা চুলিত জটা বান্ধিছে। কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পােৱা নাই। এইবােৰ কথা ক’বলৈ গ’লে মােৰ চকুলাে নিগৰি পৰে। ইমানবােৰ দুখ-কষ্ট সহ্য কৰিব নােৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ। তােমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ।

তেতিয়াহে তুমি মােৰ মৰম বুজি পাবা। কৃষ্ণৰ কথা শুনি যশােদাই পুনৰ কৃষ্ণক চেনেহ কৰিবলৈ ধৰিলে আৰু ক’লে যশােদাৰ বৰ ভুল হৈছে। গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব। মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে। যশােদায়াে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে।

৭। কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা।

উত্তৰঃ বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলীৰ ‘কাণখোৱা’ পুথিৰ বৰ্ণনা অনুসৰি যশোদা মাতৃৰ পুত্ৰৰূপে কৃষ্ণ অৱতাৰ হৈও গোকুলৰ গোপ বালকসকলৰ লগত সাধাৰণ শিশুৰ দৰেই খেলা-ধূলা কৰি গৰু চৰাই ফুৰিছিল। অভিমান কৰি যশোদা মাতৃৰ ঘৰত উপজি তেওঁ দুখ-কষ্ট অপমান সহিব লগাত পৰিছিল। অথচ তেঁৱেই অনন্ত ব্রহ্মাণ্ডৰ সৃষ্টি-স্থিতি আৰু পালন কৰোতা। চৰাচৰ য’ত জীৱ আছে সকলোৱে কৃষ্ণক সেৱা কৰে। কৃষ্ণই নাৰায়ণ ৰূপে অৱতাৰ ধৰি অনন্ত শয্যাত পানীৰ ওপৰত শয়ন কৰি নাভিপদ্মৰ পৰা ব্ৰহ্মাৰ সৃষ্টি কৰি বেদৰ তত্ত্বজ্ঞান দিছিল। অসুৰৰ ভয়ত এস্তমান হোৱা দেৱতা সকলৰ ৰক্ষাৰ বাবে চতুৰ্ভুজ ৰূপ ধাৰণ কৰিছিল। মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰাইছিল। কপিল ৰূপে অৱতাৰ ধৰি মাক দেৱহুতিক পৰিত্ৰাণ কৰিছিল। বামন অৱতাৰত বলিক ছলনা কৰি বলিৰ দাতা বুলি থকা গর্ব খৰ্ব কৰি বলিক পাতাললৈ পঠাইছিল। অথচ এইজন গুণশালী কৃষ্ণই যশোদা মাতৃৰ পৰা যথোচিত মৰম-আদৰ পোৱা নাছিল বুলি কৃষ্ণ‍ই মিছাকৈ অভিযোগ কৰি দেখুৱাইছিল।

৮। কবিতাটোত ‘কাঠবাঁজী’ বুলি কাক কৈছে? ইয়াৰ অর্থ কি? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে?

উত্তৰঃ ‘কানাইৰ চাতুৰী’ কবিতাত যশোদাক ‘কাঠবাঁজী’ বুলি কৈছে। ‘কাঠবাঁজী’ অৰ্থ হৈছে সন্তান জন্ম দিব নোৱাৰা তিৰোতা। এই অপবাদৰ পৰা তেওঁক শ্ৰীকৃষ্ণই ৰক্ষা কৰিলে।

৯। তাৎপর্য ব্যাখ্যা কৰা:

(ক) কাঠবাঁজী বুলি              জগতে হাসয়

                      দেখিলে সুমৰো হৰি।

       মই আসি তোৰ               ঘৰে পুত্ৰ ভৈলো

                      সিটো দুখ দূৰ কৰি।।

উত্তৰঃ বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলীৰ ‘কাণখোৱা’ পুথিৰ অন্তৰ্গত ‘কানাইৰ চাতুৰী’ কবিতাৰ পৰা উদ্ধৃত কবিতা ফাঁকি লোৱা হৈছে।

এদিনাখন ৰাতিপুৱা শিশুকৃষ্ণ বহু দেৰিলৈ শুই আছিল। গোপ শিশুসকলে খেলিবলৈ আহি মাতৃ যশোদাক কৃষ্ণক জগাই দিবলৈ কৈছিল। যশোদা মাতৃয়ে কৃত্ৰিম ভর্ৎসনা কৰি কিহৰনো ভাগৰত কানাই সিমান দেৰিলৈ শুই থাকিব লগা হ’ল বুলি কৃষ্ণক জগাই দিছিল। তাতে কৃষ্ণই মিছা অভিমান কৰি ভাত নাখাই, গৰু নচৰাই চাৰি-পাঁচ দিনলৈ শুয়েই থাকিব বুলি কৈ যশোদা মাতৃৰ ঘৰত পুত্ৰ ৰূপে থাকি পোৱা দুখ-কষ্ট-অপমানৰ কথাবোৰ এটাৰ পিছত এটাকৈ কৈ আক্ষেপ কৰিছিল। জগতৰ মানুহে যশোদাক নিসন্তান কাঠবাঁজী বুলি হাঁহিছিল, অপবাদ দিছিল। শ্ৰীকৃষ্ণ যশোদাৰ ঘৰলৈ পুত্ৰৰূপে আহি যশোদাক সেই অপবাদ অপযশ আৰু দুখৰ পৰা মানুহে শ্রীকৃষ্ণ যশোদাৰ পৰিত্ৰাণ কৰিছিল। কিন্তু যশোদাৰ সেই কথাৰ প্ৰতি অকণো চেতনা নাই। কৃষ্ণক তেওঁ যথোচিত মৰম আদৰো নকৰে। দিনৰ দিনটো কাঁইটীয়া বননিৰ মাজত গৰু আগুৰি ফুৰে, তাৰ বিনিময়ত যশোদা মাতৃয়ে দি পঠোৱা ভাত এগৰাহ খাই দ্বিতীয় গৰাহ খাবলৈ নাটে, শ্ৰীকৃষ্ণই আধাপেটী ভাতেৰেই থাকিব লগা হয়। ৰাজৰাণী হৈয়ো মাত্র ছয়ৰতি সোণ খৰচ কৰি কৃষ্ণক এটি সোণৰ বাঁহী গঢ়ায়ো নিদিয়াৰ ফলত বাঁহৰ বাঁহী বজাই বজাই কৃষ্ণৰ দুয়োটা ওঠ ফাটি গৈছে। এইদৰে কৃষ্ণই অভিযোগ কৰি যশোদা মাতৃৰ বেয়া গুণবোৰ বৰ্ণাই নিজৰ দুখৰ কাহিনী শুনাইছে। 

(খ) মোহিনী স্বৰূপে             অমৃত পিয়ালো

                   সাধিলো দেৱৰ কাম।

      তোমাৰ ঘৰে আসি        বৰ যশ পাইলো

                   লৈলো দধিচোৰ নাম।।

উত্তৰঃ বৈষ্ণৱ কবি শ্ৰীধৰ কন্দলীৰ ‘কানাইৰ চাতুৰি’ কবিতাৰ পৰা উক্ত কবিতা ফাঁকি লোৱা হৈছে। কবিতাটিত শিশু কৃষ্ণৰ চতুৰালিৰ বিষয়ে বৰ্ণনা কৰা হৈছে।

কৃষ্ণ হৈছে ভগৱান বিষ্ণুৰ এটা অৱতাৰ। ভগৱানে যুগে যুগে বিভিন্ন ৰূপ ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰি আহে। ভগৱানৰ তেনে এক ত্রাণকর্তাৰ ৰূপেই হৈছে মোহিনী ৰূপ। কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাক অমৃত খুৱাই অমৰত্ব প্ৰদান কৰিছিল। দেৱতা আৰু অসুৰসকলে মিলি সমুদ্র মন্থন কৰোঁতে অমৃতৰ কলহ ওলাইছিল। অমৃত খোৱাৰ লগে লগে খাওঁতাজন অমৰ হৈ পৰে। অমৃতৰ কলহ লৈ দেৱতা আৰু অসুৰৰ মাজত টনা-আজোৰা লগাত দেৱতাসকলে বৰ ভয় খাইছিল। কিয়নো, অসুৰে অমৰত্ব লাভ কৰিলে পৰম সংকট হ’ব। এই পৰম সংকটৰ পৰা ৰক্ষা পাবলৈ দেৱতাসকলে বিষ্ণু বা কৃষ্ণক স্তুতি কৰাত দেৱতাসকলক সহায় কৰাৰ উদ্দেশ্যে কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি নিৰ্দিষ্ট ঠাইত উপস্থিত হৈছিল। সকলো সেই সুন্দৰীৰ ৰূপত আকৃষ্ট হৈছিল; এই ছেগতে মোহিনীৰূপী কৃষ্ণই অমৃতৰ কলহ হাতত তুলি লৈ দেৱতা-অসুৰৰ মাজত অমৃত ভগাই দিয়াৰ দায়িত্ব লৈছিল। মোহিনীৰূপী কৃষ্ণই দেৱতা আৰু অসুৰক দুয়োফালে দুটা বেলেগ শাৰী কৰি বহুৱাই লৈ দেৱতাৰ শাৰীত অমৃত ভগাই দি অসুৰসকলক অমৃত বুলি ‘বাৰুণি’ নামৰ সুৰা ভগাই দিছিল। অর্থাৎ, দেৱতাসকলেহে কেৱল অমৃত পান কৰিবলৈ পাইছিল। এনেদৰেই কৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক সহায় কৰিছিল। এনে কৃষ্ণক পিছে মাকে ‘দধিচোৰ’ বুলিহে কয়। যিজনে হাতত থকা অমৃত নিজে নাখাই দেৱতাক খুৱাইছিল, তেওঁ সামান্য দৈ চুৰ কৰাৰ কি কাৰণ থাকিব পাৰে? কৃষ্ণই এনে উদাহৰণেৰে মাকক কৃত্রিম খং দেখুৱাই নিজৰ দুষ্টালি ঢাকিব বিচাৰিছে।

(গ) মই নাৰায়ণ             জগত কাৰণ

                তুমি গোৱালৰ জীউ।

       তথাপি তোহাক       দেখন্তে ডৰত

                উৰি যায় মোৰ জীউ।।

উত্তৰঃ বৈষ্ণৱ ভাৱাপন্ন কবি শ্ৰীধৰ কন্দলীৰ ‘কাণখোৱা’ পুথিৰ অন্তৰ্গত ‘কানাইৰ চাতুৰি’ শীৰ্ষক কবিতাটিৰ পৰা উদ্ধৃত কবিতাফাঁকি লোৱা হৈছে।

উক্ত কবিতাফাকিৰ বক্তা হৈছে শ্রীকৃষ্ণ। তেওঁৰ মাক যশোদাই তেওঁক মৰম-আদৰ নকৰে বুলি অভিযোগ কৰি নিজৰ গুণ-মাহাত্ম্যৰ বৰ্ণনা মাকৰ সন্মুখত কৰিছে। কৃষ্ণ হৈছে স্বয়ং বিষ্ণুৰ অৱতাৰ। দুষ্টক দমন আৰু শান্তক পালনৰ অৰ্থে ভগৱান বিষ্ণুৱে কৃষ্ণ অৱতাৰেৰে যশোদাৰ ঘৰ শুৱাইছে। তেওঁ হৈছে স্বয়ং নাৰায়ণ। যি জগতৰ কাৰণ। চৰাচৰ জগতৰ সৃষ্টিকর্তা তেৱেঁই আত্মাৰূপে সকলোকে ধাৰণ কৰিছে। কবিতাটোত কৃষ্ণৰ মানৱীয় ৰূপ এটা প্রতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে।

কবিতাটোত কৃষ্ণ হৈছে এটি সাধাৰণ শিশু। যশোদা হৈছে কৃষ্ণৰ মাতৃ। এটি শিশুক মাকে যেনেকৈ শাসন কৰে, কৃষ্ণকো যশোদাই দুষ্টালি কৰিলে শাস্তি দিয়ে। পুৱা সোনকালে শুই নুঠাত মাকে কৃষ্ণক খং কৰে আৰু কেতিয়াবা বান্ধিও থয়। মাকে কৃষ্ণৰ ৰূপক ইতিকিং কৰি ‘কলীয়া’ বুলি মাতে। দধি চোৰ, মাটি খোৱা বুলি মাকে কৃষ্ণক মুঠতে জগতৰ সকলো মাতৃয়ে কৰাৰ দৰে ডাঙৰ-দীঘল কৰিছে। মাক যশোদাৰ খং উঠা দেখিলে কৃষ্ণই এটি শিশুৰ দৰে ভয় খায়।

দৰাচলতে যশোদা হৈছে পৰম বিষ্ণু ভক্ত। তেওঁৰ ভক্তিত সন্তুষ্ট হৈয়েই কৃষ্ণই দৈৱকীৰ গর্ভত জন্ম লৈও প্রকৃত মাতৃ হোৱাৰ গৌৰৱ প্ৰদান কৰিছিল যশোদাকহে। যশোদাক মাতৃত্বৰ সুখ দিবলৈ ভগৱানে পুত্ৰৰূপে জন্মগ্রহণ কৰিছিল। তেওঁৰ পৰম ব্ৰহ্মত্বৰ ৰূপ দেখিলে যশোদা সেই সুখৰ পৰা বঞ্চিত হ’ব। সেয়ে সাধাৰণ শিশুৰ ৰূপ ধৰি তেওঁ যশোদাৰ মনোবাঞ্ছা পূৰণ কৰিছিল। যশোদাৰ ঘৰত তেওঁ মানৱীয় লীলা প্রদর্শন কৰি নানা চোৰ-চাতুৰীৰে সংসাৰ ধৰ্ম পালন কৰিছিল। এই লীলাৰেই অংশৰূপে কৃষ্ণই যশোদাক দেখি ভয় খোৱাৰ ভাও লৈছিল।

‘খ’ — ভাষা-বিষয়ক

১। তলত দিয়া শব্দবোৰৰ আধুনিক ৰূপ লিখাঃ

(ক) আসি

(খ) খেড়ি

(গ) পুহাইল

(ঘ) নুজুৰাই

(ঙ) হন্তে

(চ) বিগুটিয়া

উত্তৰঃ 

পাঠৰ শব্দআধুনিক ৰূপ
(ক) আসিআহি।
(খ) খেড়িখেলা।
(গ) পুহাইলপুৱাল।
(ঘ) নুজুৰাইজুৰ নপৰে।
(ঙ) হন্তেপৰা।
(চ) বিগুটিয়াঠাট্টা কৰা।

২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিবৰ্ত্তন কৰা:

(ক) সুন্দৰী।

(খ) মাতৃ।

(গ) মামা।

উত্তৰঃ 

প্রদত্ত শব্দবিপৰীত লিংগ
(ক) সুন্দৰীসুন্দৰ।
(খ) মাতৃপিতৃ।
(গ) মামামামী।

৩। বিপৰীত শব্দ লিখা:

(ক) বিশ্বাস। 

(খ) দোষ।

(গ) আনন্দ। 

(ঘ) অপমান 

(ঙ) অমৃত।

উত্তৰঃ  

শব্দবিপৰীত শব্দ
(ক) বিশ্বাসঅবিশ্বাস।
(খ) দোষগুণ।
(গ) আনন্দবিষাদ।
(ঘ) অপমানমান।
(ঙ) অমৃতবিষ।

4 thoughts on “Class 10 Assamese Chapter 13 কানাইৰ চতুৰী”

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top