Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই

Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Solutions and select need one. Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 14

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’— ভাব-বিষয়ক 

১। অতি চমুকৈ উত্তৰ দিয়া:

(ক) অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

(খ) সাতামপুৰুষীয়া ‘সোণৰ চোতাল-ঘৰ’ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে?

উত্তৰঃ সাতামপুৰুষীয়া “সোণৰ চোতাল-ঘৰ” বহু যুগৰ ভূঁহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাড়ু ধৰিবলৈ কৈছে?

উত্তৰঃ জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাড়ু ধৰি চুক-কোণৰ জাহি-জাবৰ আঁতৰাই পৰিষ্কাৰ কৰিবলৈ কৈছে।

(ঘ) কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কিহেৰে ভৰি পৰিল বুলিছে?

উত্তৰঃ কবিয়ে চাই থাকোঁতে থাকোঁতে মুখ কাজল-ছাইৰে ভৰি পৰিল বুলি কৈছে।

২। ‘হ’ল এৱে তোৰ সময় হ’বৰ

জাতিৰ ঝাড়ুদাৰ যে ভাই।’

— ইয়াত কবিয়ে কি কাৰণে ‘জাতিৰ ঝাড়ুদাৰ’ হোৱাৰ সময় হ’লহি বুলি সকীয়াই দিছে?

উত্তৰঃ উল্লিখিত কবিতাংশ ‘ধৰ ঝাড় ধৰ ভাই’ কবিতাটোৰ অন্তৰ্গত। এই কবিতাটোৰ পটভূমি ভাৰতৰ প্রাক-স্বাধীনতা কাল। ভাৰতীয় লোকৰ পৰস্পৰৰ মাজত থকা হিংসা-দ্বেষ, উচ্চ-নীচৰ ভেদা-ভেদ আদি মনৰ মলিয়ে সৃষ্টি কৰা অনৈক্যৰ সুযোগ ইংৰাজসকলে আমাৰ দেশ পৰাধীন কৰি আমাৰ দেশৰ সম্পদ লুটি-পুতি নিজ নিজ দেশক চহকী কৰাৰ সুযোগ লাভ কৰে। সেয়ে স্বাধীনতা সংগ্রামী কবিয়ে ভাৰতীয় লোকক আমাৰ মনৰ মলিস্বৰূপ হিংসা-দ্বেষ, জাতি-ভেদ সহ মনৰ সকলো সংকীৰ্ণতা, পংকিলতা ঝাড়ু ধৰি পৰিষ্কাৰ কৰিবলৈ আহ্বান জনাইছে। এনেদৰে মনৰ মলি ঝাড়ুৰে পৰিষ্কাৰ কৰি সকলোৱে ঐক্যবদ্ধ হৈ দেশৰ স্বাধীনতা ব্ৰিটিছ শাসকৰ পৰা কাঢ়ি আনিবলৈ এয়াই উপযুক্ত সময় বুলিও কবিয়ে সকীয়াই দিছে।

৩। ‘নহ’লে যে বিশ্ব সভাত

নহ’ব তোৰ বহাৰ ঠাই।’

— বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে?

উত্তৰঃ বিশ্বৰ স্বাধীন ৰাষ্ট্ৰসমূহে আন ৰাষ্ট্ৰৰ পৰা মান-মর্যাদা লাভ কৰে। পৰাধীন ৰাষ্ট্ৰক কোনো ৰাষ্ট্ৰীই মান-সন্মান নেদেখুৱায়। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটো আমাৰ দেশ পৰাধীন হৈ থকা কালত কবিয়ে দেশৰ স্বাধীনতাৰ বাবে আন্দোলন কৰি শাসকৰ কাৰাদণ্ডেৰে দণ্ডিত হৈ থকা সময়ত ৰচিত। সেয়ে কবিয়ে বুকুত দেশৰ পৰাধীনতা গ্লানিত ব্যথিত হৈ দেশক স্বাধীন কৰিবৰ বাবে আমাৰ মনৰ মলিস্বৰূপ হিংসা-দ্বেষ, উচ্চ জাতি-নীচ জাতি, ধনী-দুখীয়া আদি ভেদাভেদ পৰিহাৰ কৰি দেশৰ সকলো লোকক ঐক্যবদ্ধ হৈ একতাৰ শক্তিৰে দেশৰ পৰাধীনতাৰ শিকলি ছিঙি স্বাধীন কৰিবলৈ নিৰ্দেশ দিছে যাতে আমাৰ দেশেও স্বমর্যাদাৰে বিশ্বৰ বুকুত নিজৰ পৰিচয় দাঙি ধৰি বিশ্বসভাত বহিবলৈ আসন লাভ কৰিবলৈ সক্ষম হৈ উঠে।

৪। ‘ধৰ ঝাড়ু ধৰ ভাই’ — কবিতাটোৰ মূলভাৱ লিখা।

উত্তৰঃ ঝাড়ু ঘৰ-চোতাল পৰিষ্কাৰ কৰা যতন। ই ঘৰ-দুৱাৰ চাফ-চিকুণ কৰে। ঘৰ-দুৱাৰ যিদৰে ধূলি-মাকতিৰে অপৰিষ্কাৰ হৈ উঠে ঠিক তেনেদৰে আমাৰ মনটোও হিংসা-দ্বেষ, ভেদাভেদ, উচ্চ-নীচৰ অহমিকা, ঘৃণা, সংকীর্ণতা আদি আৱৰ্জনা স্বৰূপভাৱে আচ্ছন্ন কৰি ৰখাৰ ফলতে আমাৰ মাজত সৃষ্টি হোৱা অনৈক্যৰে সুযোগ লৈ বিদেশীয়ে আমাৰ দেশৰ স্বাধীনতা হৰণ কৰি আমাক পদানত কৰি ৰাখিছে। এনে অৱস্থাত ভেদাভেদ, হিংসা-বিদ্বেষ, উচ্চ-নীচ ভাব, ঘৃণা আদি মনৰ মলি আঁ‍তৰাই সকলোকে ঐক্যবদ্ধ হৈ দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ কবিয়ে আহ্বান জনাইছে। এনেকৈ স্বাধীনতা অর্জন কৰাৰ মাজেদিহে আমি বিশ্ব দৰবাৰত নিজ আসন লাভ কৰিবলৈ সক্ষম হ’ব বুলি কবিয়ে কৈছে।

৫। ব্যাখ্যা কৰা:

(ক) ‘হিংসা-দ্বেষৰ,  ভেদাভেদৰ 

        ঘৃণা-ঘৃণি         স্বাৰ্থ ভেমৰ 

        কত যে কি     মলি-মামৰ 

        ভৰি জাতিৰ    জীৱন যায়।’

উত্তৰঃ ওপৰত তুলি দিয়া কবিতাংশ ‘অসম কেশৰী’ অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ দেশপ্ৰেম মূলক কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে আমাৰ মনৰ মাজত বাহ লৈ থকা হিংসা-দ্বেষ-ভেদাভেদ, অহমিকা, ঘৃণা, সংকীৰ্ণ স্বাৰ্থপৰতা আদি মনৰ মলিয়ে আমাৰ দেশৰ লোকৰ মাজত অনৈক্যৰ সৃষ্টি কৰাৰ ফলতে আমাৰ দেশ ইংৰাজৰ শাসনাধীন হ’ব লগা দুৰৱস্থাত পতিত হোৱা বুলি খেদ প্ৰকাশ কৰিছে। পৰস্পৰৰ মাজত আমি এইবোৰ মনৰ মলি পালন-পোষণ কৰাৰ ফলতে আমাৰ অনৈক্যৰ সুযোগ লৈ বিদেশীয়ে আমাক পদানত কৰি দেশৰ সম্পদ লুটি নিবলৈ সক্ষম হৈছে। দেশৰ এই অৱস্থাটোকে কবিয়ে ‘জাতিৰ জীৱন যায়’ অভিধাৰে আমাক উদঙাই দেখুৱাইছে দেশপ্রেমিক কবিয়ে সেয়ে আমাৰ মনৰ মলি স্বৰূপ হিংসা-বিদ্বেষ, ঘৃণা, অহমিক সংকীৰ্ণতা ভেদাভেদৰ ভাব মনৰ পৰা বিসৰ্জন দি সকলোকে ঐক্যবদ্ধ হৈ একতাৰ শক্তিৰে দেশৰ হেৰোৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে।

(খ)’ধৰ ঝাড়ু ধৰ ভাই।

আৰু চাবৰ সময় নাই—

চাই থাকোঁতে মুখত কেৱল

ভৰিল কাজল-ছাই।’

উত্তৰঃ এই কবিতাংশ বিপ্লৱী দেশপ্রেমিক কবি অম্বিকাগিৰী ৰায়চৌধুৰী ৰচিত ‘ধৰ ঝাড়ু ধৰ ভাই’ নামৰ স্বদেশপ্রেমী কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কবিতাংশৰ মাজেদি কবিয়ে স্বাধীনতা হেৰুৱাই বিদেশীৰ পদানত হোৱা দেশবাসীক দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ উদ্বুদ্ধ কৰিবৰ বাবে উল্লিখিত কবিতাংশৰ অৱতাৰণা কৰিছে।

ঝাড়ু হ’ল ঘৰ-দুৱাৰ সাৰি-পুছি চাফ-চিকুণ কৰিব পৰা এবিধ যতন। ঘৰ-দুৱাৰ, চোতাল আদি বাহিৰৰ ধূলি-বালি, তলসৰা পাত আদিৰে অপৰিষ্কাৰ হৈ পৰে। এইবোৰ সাৰি পুছি আঁতৰাবলৈ ঝাড়ুৰ প্ৰয়োজন। সেইদৰে জাতি-ভেদ, পৰস্পৰৰ মাজত হিংসা-বিদ্বেষ, ঘৃণা, সংকীর্ণতা, অহমিকা আদি মনৰ মলি স্বৰূপ আৱৰ্জনাই আমাৰ দেহ-মন আচ্ছন্ন কৰি ৰখাৰ ফলত আমাৰ মাজত সৃষ্টি হোৱা অনৈক্যই দেশক পৰাধীনতাৰ শৃংখলেৰে শৃংখলিত কৰিছে আৰু বিদেশীয়ে আমাক শোষণ-শাসন কৰি দেশৰ সম্পদ লুটি-পুতি নি দেশক আৰু দেশবাসীক দুৰৱস্থাত পেলাইছে। এনে অৱস্থাত দেশবাসীক সকলো সংকীর্ণ মনোভাব মনৰ পৰা আঁতৰাই দেশৰ হেৰোৱা স্বধীনতা সময় অপচয় নকৰাকৈ ততালিকে ঘূৰাই আনিবলৈ কবিয়ে আহ্বান জনাইছে। ইয়াৰ বিপৰীতে অর্থাৎ‍ এইবোৰ মনৰ মলি নে আঁতৰালে আমি পৰাধীনতাৰ কাজল ছাই মুখত সানি চিৰদিন পৰৰ হুকুমত চলি অধোবদনে দিন পাৰ কৰিবলগীয়া হ’ব বুলি কবিয়ে সকলোকে সকীয়াই দিছে।

৬। ‘ধৰ ঝাড়ু ধৰ ভাই’ — কবিতাটোৰ মাজেৰে কৰি ৰায়চৌধুৰীদেৱৰ স্বদেশপ্ৰেমৰ ভাব কিদৰে প্ৰকাশ পাইছে লিখা।

উত্তৰঃ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটো এটা দেশপ্রেমমূলক কবিতা। দেশপ্রেমিক কবিৰ স্বদেশপ্রীতিয়ে কবিতাটোৰ মূল উপজীৱ্য বিষয়। পৰাধীন দেশবাসীৰ দুৰৱস্থাৰ দুখ-বেদনাই কবিৰ সংবেদনশীল হৃদয়ত তোলা বেদনাৰ স্বতঃস্ফূর্ত প্রকাশেই হ’ল ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাটোৰ মূল বিষয়বস্তু। কবিয়ে স্বদেশৰ পৰাধীনতাৰ গ্লানি মনে-প্রাণে মানি ল’ব পৰা নাই। দেশৰ পৰাধীনতাৰ কাৰণ উদ্ঘাটন কৰিবলৈ গৈ কবিয়ে উপলব্ধি কৰিছে যে আমাৰ দেশবাসীৰ মাজত মনৰ মলিস্বৰূপ হিংসা-বিদ্ধেষ, ঘৃণা, সংকীর্ণতা, জাতিভেদ, অহমিকা আদি বিদ্যমান। মনৰ এই মলিবোৰেই আমাৰ মাজত অনৈক্যৰ সৃষ্টি কৰিছে। এই অনৈক্যৰ সুযোগ লৈয়ে বিদেশীয়ে আমাৰ দেশৰ শাসনভাৰ সহজে নিজৰ হাতলৈ নি আমাক শোষণ-শাসন কৰাৰ অধিকাৰ লাভ কৰিছে।

ঘৰ-দুৱাৰ চোতালত পৰা ধূলি-মাকতি, তলসৰা পাত আদিয়ে ঘৰ-দুৱাৰ চোতাল অপৰিস্কাৰ কৰি তোলে। ঝাডুৰে সাৰি-পুছি এইবোৰ পৰিষ্কাৰ কৰি ঘৰৰ জেউতি পুনৰুদ্ধাৰ কৰাৰ দৰে আমিও মনৰ মলি স্বৰূপ হিংসা-বিদ্বেষ, ঘৃণা, সংকীর্ণতা, অহমিকা, জাতিভেদ আদি মনৰ পৰা আঁতৰাই মনৰ দুৱাৰ মুকলি কৰি সকলো একগোট হৈ একতাৰ শক্তিৰে দেশৰ স্বাধীনতা ঘূৰাই আনিবলৈ কবিয়ে দেশবাসীক আহ্বান জনাইছে। সমগ্ৰ কবিতাটোৰ ছত্রে ছত্রে দেশপ্রেমৰ ভাব পৰিস্ফুট হৈ উঠিছে। কবিয়ে স্বদেশক প্রাণতকৈয়ো ভাল পায়। দেশক পৰাধীনতাৰ পৰা মুক্ত কৰিবৰ বাবে কৰা সংগ্ৰামৰ বাবেই কবিয়ে কাৰাগাৰত জীৱন কটাবলৈ বাধ্য হৈছে আৰু কাৰাগাৰ জীৱনৰ সময়তো দেশপ্রেমত নিমজ্জিত হৈ থকা অৱস্থাতে কবিতাটোৰ সৃষ্টি হৈছে। এই কবিতাৰ মাজেদি কবিৰ স্বদেশপ্ৰেমৰ আৱেগ-অনুভূতি সুন্দৰলৈ প্ৰকাশ পাইছে। কবিতাটোৱে কবিক সেয়ে এগৰাকী দেশপ্রেমিক কবি হিচাপে প্ৰতিষ্ঠা লাভত সহায় কৰিছে বুলি ক’ব পাৰি।

‘খ’ – ভাষা-বিষয়ক

১। তলত দিয়া যুৰীয়া শব্দবোৰেৰে একোটিকৈ বাক্যৰচনা কৰা:

(ক) হীনে-ঘিণে।

(খ) ধাৰে-ঋণে।

(গ) ঘৃণা-ঘৃণি।

(ঘ) জাহি-জাবৰ। 

(ঙ) সাৰি-পুছি।

(চ) মলি-মামৰ।

উত্তৰঃ (ক) হীনে-ঘিণে: উপায় বিহীন লোকেহে হীনে-ঘিণে হ’লেও আনৰ জেলামি কৰিবলৈ বাধ্য হয়।

(খ) ধাৰে-ঋণে: ক্ষুধা আছে বাবেই মানুহে ধাৰে-ঋণে হ’লেও পেটৰ ক্ষুধা নিবাৰণ কৰিবলগাত পৰে।

(গ) ঘৃণা-ঘৃণি: আনৰ প্রতি ঘৃণা-ঘৃণি কৰাটো সজ লোকৰ কৰ্ম নহয়। 

(ঘ) জাহি জাবৰ: বহুদিন পৰিয়ালটো ঘৰত নথকাত চোতালখন জাহি-জাবৰে ভৰি পৰিছে।

(ঙ) সাৰি-পুছি: পুৱা-গধূলি মানুহে ঘৰ-চোতাল সাৰি-পুছি ঘৰখন পৰিষ্কাৰকে ৰাখে।

(চ) মলি-মামৰ: অস্ত্র-শস্ত্ৰৰ মলি-মামৰ গুচাই নাথাকিলে অস্ত্রশস্ত্ৰ ভোটা হৈ পৰে। 

২। তলৰ শব্দবোৰৰ মূর্ধন্য ‘ণ’ হোৱাৰ কাৰণ দর্শানা:

(ক) সোণ।

(খ) ঘৃণা।

(গ) ঋণ।

উত্তৰঃ (ক) সোণ — স্বাভাৱিকতে মূৰ্দ্ধন্য ‘ণ’ হৈছে।

(খ) ঘৃণা — ‘ঋ’ কাৰৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়। 

(গ) ‘ঋণ’ — ‘ঋ’ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধন্য ‘ণ’ হয়।

৩। বিপৰীত শব্দ লিখা:

(ক) ঘৃণা।

(খ) স্বার্থ।

(গ) জীৱন।

(ঘ) বীৰ।

উত্তৰঃ 

শব্দবিপৰীত শব্দ
(ক) ঘৃণাআদৰ
(খ) স্বাৰ্থৰ্নিস্বার্থ
(গ) জীৱনমৰণ
(ঘ) বীৰভীৰু

3 thoughts on “Class 10 Assamese Chapter 14 ধৰ ঝাড়ু ধৰ ভাই”

  1. দাদা আপোনাৰ ছাইতটোৰ লেখনি বহুত ধুনীয়া আপোনাৰ ছাইতটোৰ পৰা মোৰ যিকোনো প্ৰশ্ন উত্তৰ পঢ়ি বহুত ভাল লাগে ।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top