Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি | অসমীয়া Class 10 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 8 Notes to each chapter is provided in the list of SEBA অসমীয়া Class 10 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি can be of great value to excel in the examination.

Join Telegram channel

New Updated short type, MCQ Type Question, Class 10 Assamese পাঠ – 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি, Class 10 Assamese অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি Question Answer, Class 10 Lesson 8 Question Answer, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি and select needs one.

Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese Chapter 8 অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি – সমাধান for All Subject, You can practice these here.

অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

– আব্দুছ ছাত্তাৰ

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

১। অতীতৰ কামৰূপৰ ভিতৰত কোন কোন জনগোষ্ঠী পৰে ? 

উত্তৰঃ অতীতত অসম বা কামৰূপ বুলি কওঁতে এটা সময়ত বৰ্তমান অৰুণাচলৰ অন্তর্গত অকা, ডফলা, আবৰ, মিছিমি আদি জনগোষ্ঠীও পৰে।

২। অসমৰ পুৰণি সাহিত্যৰ সমল কি কি ?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমল হৈছে— অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাওখেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়ানাম, বনগীত, বিহুনাম, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন ইত্যাদি।

৩। জাহ যোৱাৰ ব্যৱস্থা কি ? এই প্ৰক্ৰিয়া কেনেদৰে ঘটে? 

উত্তৰঃ সেই সময়ত বাহিৰৰ পৰা অহা মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি এই দেশৰ ভাষা-সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিবলৈ ধৰিলে। এইয়া হ’ল এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত জাহ যোৱাৰ ব্যৱস্থা।

৪। অসমীয়া সংস্কৃতিৰ ৰূপান্তৰ কেনেদৰে ঘটিছিল ? 

উত্তৰঃ বাহিৰৰ পৰা অহা সকলোৱেই এই দেশখনক নিজৰ দেশ বুলি ল’লে— ভাষাক নিজৰ ভাষা বুলি গ্ৰহণ কৰিলে। গতিকে এই সকলো লগলাগি বৃহৎ অসমীয়া জাতি গঢ়ি উঠিল। লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল।

৫। ভাষিক সংমিশ্রণে অসমীয়া জাতিক কেনেদৰে কটকটীয়া কৰিলে ? 

উত্তৰঃ থলুৱা অসমীয়া ভাষাতো নানা ভাষাৰ শব্দমালাই ঠাই পালে । ভাষিক সংমিশ্রণে অসমীয়া জাতি আৰু সংস্কৃতিক বেছি কটকটীয়া কৰিলে। 

৬। অসম ৰাজ্যত ধৰ্মনিৰপেক্ষতাৰ নীতি কেতিয়াৰে পৰা চলি আহিছিল ? 

উত্তৰঃ ভাৰতীয় সংবিধানৰ স্বীকৃত ধৰ্ম-নিৰপেক্ষ নীতি — অঘোষিতভাৱে কোনোবা কালৰ পৰা অসম ৰাজ্যত বৰ্তি আছিল। 

৭। অসমৰ থলুৱা জনগোষ্ঠীসমূহে কেনেদৰে নিজৰ ভাষাটোৰ লগতে অসমীয়া ভাষাটো জীয়াই ৰখাত সহায় কৰিছে ?

উত্তৰঃ মিচিং, কছাৰী, তিৱা, কাৰ্বি, দেউৰী আদি সম্প্রদায়ে নিজ নিজ ভাষা জীয়াই ৰখাৰ উপৰি অসমৰ অসমীয়া ভাষাটো বুজে আৰু কয়। বাহিৰৰ পৰা অহা সকলোৱেই এই অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষাগোষ্ঠীৰ লগত ভাবৰ আদান-প্ৰদান কৰে।

৮। ভাষিক সংমিশ্ৰণৰ সুফল কেনেদৰে অসমে লাভ কৰিছে ?

উত্তৰঃ ভাষিক সংমিশ্ৰণৰ কাৰণেই অসম ৰাজ্যত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ- ক্ষত্ৰিয়ই সংস্কৃতেৰে আৰু মুছলমানে আৰবী- ফাৰ্ছীৰে কথা নাপাতে। এই সকলোবোৰৰ মাতৃভাষা হৈছে অসমীয়া। এইয়া হৈছে জাহ যোৱাৰ নীতি ।

৯। অসমৰ স্বাধীনতা সূর্য কেতিয়া অস্ত গ’ল ?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পাছতেই অসমৰ স্বাধীনতা সূর্য অস্ত গ’ল।

১০। চাহ বনুৱাসকল ভাৰতবৰ্ষৰ কোন কোন ঠাইৰ পৰা আহিছিল ? 

উত্তৰঃ চাহ বনুৱাসকল ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চল, বিশেষকৈ, বিহাৰ, উৰিষ্যা, মধ্যপ্ৰদেশ, আৰু উত্তৰপ্ৰদেশৰ পৰা আহিছিল।

Group – A গদ্যাংশ

১। ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো?

উত্তৰঃ ত্রয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠীটো হৈছে হুকং উপত্যকা আৰু চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰপৰা অহা মংগোলীয় লোকসকল।

২। প্রাচীন কালৰেপৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল?

উত্তৰঃ প্রাচীন কালৰেপৰা অসম দেশখন যাদুমন্ত্র আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল।

৩। কিহে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে?

উত্তৰঃ বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কট্‌কটীয়া কৰিলে।

৪। সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল?

উত্তৰঃ সকলোৰে বান্ধি থোৱা এনাজৰীডাল হৈছে—অসমীয়া ভাষা।

৫। অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক কোনবিলাক?

উত্তৰঃ অসমৰ মঙ্গোলীয় গোষ্ঠীৰ লোক বুলি আহোমসকলক বুজোৱা হৈছে।

৬। অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায়?

উত্তৰঃ অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্রাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ—কছাৰী, চুটিয়া, কোচ, মেচ, ডিমাচা, দেউৰী, মিছিং, বড়ো’, তিৱা, কাৰ্বি আদিক বুজায়।

৭। কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল। 

৮। চাহ-উদ্যোগৰ কৰ্মীসকল কোন? তেওঁলোকে ক’ৰপৰা অসমলৈ আহিছিল?

উত্তৰঃ চাহউদ্যোগৰ কৰ্মীসকল হৈছে চাওতাল, কুৰ্মি, মোছহৰ, মুণ্ডা, তেলেঙা, হো, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি বিভিন্ন জাতিৰ লোক। 

এওঁলোক বিহাৰ, উৰিষ্যা, মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল।

৯। পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হৈছে—কেক, বিস্কুট, পৰাথা, পোলাও, কোর্মা-কোপ্তা, কটি, বংগ দেশীয় ৰসগোল্লা, লালমোহন, চিঙ্গাৰা, লুচি-পুৰী, মাদ্ৰাজী ড’চা, চাম্বাৰ আৰু ইলি ইত্যাদি।

১০। অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি?

উত্তৰঃ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে অলিখিত গৰখীয়া নাম, নিচুকণি গীত, নাও খেলোৱা গীত, বাৰমাহী গীত, আইনাম, বিয়া নাম, বন গীত, বিহু গীত, দেহবিচাৰৰ গীত, মন্ত্ৰ সাহিত্য আৰু ডাকৰ বচন আদি। কিন্তু এই সাহিত্যৰ সমলবোৰে লিখিত ৰূপলৈ অহাৰ লগে লগে কিছুমান গীত মূলৰপৰা বেগে হৈ গ’ল।

৯। সন্ধি ভাঙা:

সংস্কৃতি, জলাঞ্জলি, ভৌগোলিক

উত্তৰঃ সংস্কৃতি = সম + কৃতি।

জলাঞ্জলি = জল + অঞ্জলি।

ভৌগোলিক = ভূগোল + ষ্ণিক।

১০। “প্ৰ” উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা।

উত্তৰঃ প্র + কাৰ = প্ৰকাৰ।

প্র + গতি = প্রগতি।

প্র + তাপ = প্রতাপ।

১১। বাক্য ৰচনা কৰা:

ভাষা-সংস্কৃতি, পূজা-পার্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা ধৰা।

উত্তৰঃ ভাষা-সংস্কৃতি: ভাষা-সংস্কৃতিত চহকী অসমীয়া জাতিয়ে বিশ্ব দৰবাৰত নিজৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

পূজা-পার্বন: বিভিন্ন পূজা-পার্বণ, লোকাচাৰৰ মাজেৰে অসমীয়া জাতিৰ বৈশিষ্ট্য অতি সুন্দৰকৈ প্রকাশ পায়।

বেপাৰ-বাণিজ্য: বেপাৰ-বাণিজ্য কৰিবলৈ অহা বহুতো বিদেশী লোকে অসমীয়া ভাষা-সংস্কৃতি গ্রহণ কৰি সম্পূৰ্ণ অসমীয়া হৈ পৰিছে।

সহজ-সৰল: সহজ সৰল মানুহজনক গাওঁখনৰ সকলোৱে বৰ ভাল পায়।

দিয়া-লোৱা: অসমলৈ অহা বিভিন্ন জাতি আৰু অসমীয়া জাতিৰ সংস্কৃতিৰ দিয়া-লোৱাৰ মাজেৰে বৃহত্তৰ অসমীয়া জাতিৰ সংস্কৃতি গঢ়ি উঠিছে।

এৰা ধৰা: সকলো কথা এৰা ধৰাৰ মাজেৰে চলিলে সমাজত সুখ-শান্তি বিৰাজ কৰে।

ভাৰ বিষয়ক :

১। অতি চমু উত্তৰ লিখাঃ

( ক ) ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠী কোনটো ?

উত্তৰঃ ত্রয়ােদশ শতিকাত অসমলৈ অহা বহিৰাগত গােষ্ঠীটো আছিল মংগােলীয় গােষ্ঠী ।

( খ ) প্রাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্রসিদ্ধ আছিল ?

উত্তৰঃ প্রাচীন কালৰে পৰা অসম দেশ যাদু – মন্ত্র আৰু ঐন্দ্রজালিক বিদ্যাৰ কাৰণে প্রসিদ্ধ আছিল ।

( গ ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?
উত্তৰঃ
ভাষিক সংমিশ্রণে অসমীয়া জাতিক অধিক কটকটীয়া কৰিছিল ।

( ঘ ) সকলােকে বান্ধি থােৱা এনাজৰীডাল কি আছিল ?
উত্তৰ:
সকলােকে বান্ধি থােৱা এনাজৰীডাল হ’ল- অসমীয়া ভাষা ।

( ঙ ) অসমৰ মঙ্গোলীয় গােষ্ঠীৰ লােক কোনবিলাক ?
উত্তৰঃ
অসমত বাস কৰা মংগােলীয় গােষ্ঠীৰ লােকবােৰ হ’ল টাই জনগােষ্ঠীৰ লােকসকল ।

২। চমু উত্তৰ লিখা :

( ক ) অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?
উত্তৰ:
অসমীয়া জনগােষ্ঠীৰ ধাৰক বুলিলে ঘাইকৈ কছাৰী , চুতীয়া , কোচ , মেচ , ডিমাচা , দেউৰী , মিচিং , বড়াে , তিৱা আৰুকাবি জনগােষ্ঠীকে বুজায় ।

( খ ) কিমান চনৰপৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল ?
উত্তৰ :
১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙালী ভাষা চলিছিল ।

( গ ) চাহ – উদ্যোগৰকৰ্মীসকল কোন ? কৰ পৰা অসমলৈ আহিছিল ?
উত্তৰ:
চাহ – উদ্যোগৰ কৰ্মীসকল আছিল চাহ – বনুৱা । এওঁলােক বিহাৰ , উৰিষ্যা , মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল । চাহ – উদ্যোগৰ এইবনুৱাসকল । আছিল চাওঁতাল , কুর্মি , মােছহৰ , মুণ্ডা তেলেঙা , হাে , ভূমিজ , ও , তাঁতী ইত্যাদি ।

ঘ ) পাঠটিত থকা খাদ্যবস্তুৰ এখন তালিকা প্রস্তুত কৰা ।
উত্তৰঃ পাঠটিত থকা খাদ্যবস্তুসমূহ হ’ল পৰঠা , পােলাও , কোর্মা – কোপ্তা , কে’ক – বিস্কুট , ৰসগােল্লা , লালমােহন , চিঙ্গা , লুচি – পুৰী , ড’চা চাম্বাৰ আৰু ইড়লি ।

৩। অসমৰ পুৰণি সাহিত্যৰ সমলবােৰ কি কি ?

উত্তৰ : অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হ’ল – অলিখিত গৰখীয়া নাম , নিচুকনি গীত , নাও খেলােৱা গীত , বাৰমাহী গীত , আইনাম , বিয়ানাম , বনগীত , বিহুগীত , দেহ বিচাৰৰ গীত , মন্ত্র সাহিত্য আৰু ডাকৰ বচনৰ দৰে অসমৰ লােক সংগীত আৰু মৌখিক সাহিত্যসমূহ ।

৪। অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে — কথাষাৰৰ গুৰুত্ব ব্যাখ্যা কৰি অসমৰ জনগােষ্ঠীৰ বৈচিত্রৰ কথা বর্ণনা কৰা ।

উত্তৰ : কথাফাকিয়ে বর্তমানৰ অসমীয়া জাতিটো যে কোনাে এক বিশেষ গােষ্ঠীৰপৰা সৃষ্টি হােৱাৰ পৰিবৰ্তে বিভিন্ন ভাষা – গােষ্ঠীৰ কলা – সংস্কৃতিৰ ৰীতি নীতি বা আচাৰ – অনুষ্ঠানৰ সংমিশ্ৰণতহে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে । তাকে বুজাব বিচাৰিছে । অর্থাৎ অসমীয়া জাতি বিভিন্ন জাতি – উপজাতি , জনগােষ্ঠী আদিৰ দ্বাৰা গঢ়িত নানাৰঙী ফুলেৰে গঠিত এডাল সুগন্ধি পুষ্পমালাস্বৰূপ ৷

বিভিন্ন সময়ত বিভিন্ন জনজাতীয় লােকসকলৰ অসমলৈ আগমন ঘটিছিল । ত্রয়ােদশ শতিকাত মংগােলীয় জনগােষ্ঠীৰ অসমলৈ আগমন ঘটিছিল ৷ ইয়াৰে । আগৰেপৰাই বড়ড়া , কছাৰী , কোচ – চুতীয়া , দেউৰী – ডিমাছা , মিচিং , তিৱা আৰু কাৰ্বি জনজাতিৰ লােকসকল অসমত আছিল । অতীত অসমৰ বাসিন্দা বুলিলে অকা , ডফলা , আবৰ – মিছিমি আদি জনগােষ্ঠীও অন্তর্ভুক্ত হৈছিল ।

এই জনজাতি সকলৰ সংস্কৃতিৰ ধৰ্মই বিশেষ স্থান লাভ কৰিছিল । তদুপৰি অসমীয়া সংস্কৃতিত এই জনজাতিবােৰৰ যথেষ্ট উপাদান আছে । মিচিং , কছাৰী , তিৱা , কার্বি আদি সম্প্রদায়ে নিজ নিজ উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাকো আয়ত্ত কৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল ।

ব্রিটিছে অসমত চাহ বাগান পতাত ইয়াত কাম কৰিবলৈ বিহাৰ , উৰিষ্যা , মধ্যপ্রদেশ আদিৰ পৰাও চাওঁতালী , মুণ্ডা , ভুমিজ , তাতী আদি জনগােষ্ঠীয়ে অসমীয়া মাত – কথা গ্রহণ কৰি অসমীয়া আচাৰ , নীতি , সাজ – পাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে ।

চতুর্থ দশকত পূর্ববংগৰ পৰা অহা মৈমনসিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া জনগােষ্ঠীক লৈয়েই অসমীয়া জাতি । সেয়েহে এওঁলােকৰ আচাৰ – নীতি , কলা সংস্কৃতিৰ লগতে বহুতাে জনজাতীয় শব্দসম্ভাৰো অসমীয়া ভাষাত অন্তর্ভুক্ত হৈছে । সেয়ে লেখক আব্দুছ ছাত্তাৰদেৱে কৈছে যে অসমৰ বৈচিত্র্যপূর্ণ জনগােষ্ঠীৰ গাঁথনিতে আসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা হৈছে ।

৫। বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লােৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল ।

ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে , কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে— পাঠৰ আলমত বিচাৰ কৰা ।

উত্তৰ : উক্ত বক্তব্যই চাহ উদ্যোগৰ কথা উল্লেখ কৰিছে । অর্থাৎ ব্রিটিছে অসমত ব্যৱসায়িক লাভালাভৰ উদ্দেশ্যে জনসমাজৰ পৰা নিলগতহে চাহ বাগানবােৰ স্থাপন কৰিছিল আৰু চাহ বাগানৰ আশে – পাশেই ইয়াত কাম কৰা বনুৱাবােৰক থাকিবলৈ আবাসৰ সুবিধা কৰি দিছিল । এই বনুৱাবােৰৰ বাগান , কলঘৰৰ মাজতে জীৱন সীমাবদ্ধ আছিল ।

এওঁলােকৰ শিক্ষা – দীক্ষাৰ প্রতি কোনাে ব্যৱস্থা নকৰাত এওঁলােক বহুক্ষেত্ৰত পিছ পৰি ৰৈছিল। যাৰ ফলত অসমৰ জনসমাজৰ লগত মিলা – মিচাৰ সুবিধা নাপাই অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খােৱাতাে যথেষ্ট পলম হৈছিল । সেয়ে থলুৱা সংস্কৃতিৰপৰা এই বনুৱা বা চাহ – মজদুৰসকল আঁতৰি পৰিছিল ।

Sl. No.Contents
Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্ৰশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6উদ্যোগী হওঁ আহাঁ
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইন্টাৰনেটৰ তিতা – মিঠা
Chapter 10অৰুণিমা সিনহা
Chapter 11অৰণ্য যাত্ৰা
Chapter 12পাৰস্যত এভুমুখি
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15 বিষাদযোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
Chapter 17ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম
ব্যাকৰণ
আবেদন আৰু প্ৰতিবেদন লিখন
ৰচনা
ভাৱ সম্প্ৰসাৰণ

৬। “ এটা সংমিশ্রিত — সংস্কৃতিসম্পন্ন জাতি , ইয়াক নুই কৰাৰ কোনাে যুক্তি তর্কৰ অবকাশ নাই ”

—ইয়াত লেখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে । “ নুই কৰাৰ কোনাে যুক্তিৰ্কৰ অৱকাশ নাই । ” বােলা কথাষাৰৰ সত্যাসত্যতা বিচাৰ কৰা ।

উত্তৰ : ইয়াত লেখকে বৃহৎ অসমীয়া জাতিটোকে সংস্কৃতি সম্পন্ন জাতি বুলি কোৱা হৈছে ।
কথাফাকিয়ে বর্তমানৰ অসমীয়া জাতিটো যে কোনাে এক বিশেষ গােষ্ঠীৰপৰা সৃষ্টি হােৱাৰ পৰিবৰ্তে বিভিন্ন ভাষা – গােষ্ঠীৰ কলা – সংস্কৃতিৰ ৰীতি – নীতি বা আচাৰ অনুষ্ঠানৰ সংমিশ্ৰণতহে বৃহৎ অসমীয়া জাতি গঢ় লৈ উঠিছে তাকে বুজাব বিচাৰিছে ।

অর্থাৎ অসমীয়া জাতি বিভিন্ন জাতি – উপজাতি , জনগােষ্ঠী আদিৰ দ্বাৰা গঢ়িত নানাৰঙী ফুলেৰে গঠিত এডাল সুগন্ধি পুষ্পমালাসস্বৰূপ ।

বিভিন্ন সময়ত বিভিন্ন জনজাতীয় লােকসকলৰ অসমলৈ আগমন ঘটিছিল । এয়ােদশ শতিকাত মংগােলীয় জনগােষ্ঠীৰ অসমলৈ আগমন ঘটিছিল । ইয়াৰে আগৰেপৰাই বড়াে , কছাৰী , কোচ – চুতীয়া , দেউৰী – ডিমাছা , মিচিং , তিৱা আৰু কাবি জনজাতিৰ লােকসকল অসমত আছিল ।

অতীত অসমৰ বাসিন্দা বুলিলে । অকা , ডফলা , আবৰ – মিছিমি আদি জনগােষ্ঠীও অন্তর্ভুক্ত হৈছিল । এই জনজাতিসকলৰ সংস্কৃতিৰ ধৰ্মই বিশেষ স্থান লাভ কৰিছিল । তদুপৰি অসমীয়া সংস্কৃতিত এই জনজাতিবােৰৰ যথেষ্ট উপাদান আছে । মিচিং , কছাৰী , তিৱা , কার্বি । আদি সম্প্রদায়ে নিজ নিজ উপভাষা জীয়াই ৰখাৰ উপৰি অসমীয়া ভাষাকো আয়ত্ত কৰি নিজকে অসমীয়া বুলি পৰিচয় দিছিল ।

ব্ৰিটিছে অসমত চাহ বাগান পতাত ইয়াত কাম কৰিবলৈ বিহাৰ , উৰিষ্যা , মধ্যপ্রদেশ আদিৰ পৰাও চাওঁতালী , মুণ্ডা , ভূমিজ , তাতী আদি জনগােষ্ঠীয়ে অসমীয়া মাত – কথা গ্রহণ কৰি অসমীয়া আচাৰ , নীতি , সাজ – পাৰ গ্ৰহণ কৰি অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰে ।

চতুর্থ দশকত পূর্ববংগৰ পৰা অহা মৈমনসিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া জাতিৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল । অর্থাৎ এই সকলােবােৰ জনগােষ্ঠীক লৈয়েই অসমীয়া জাতি । সেয়েহে এওঁলােকৰ আচাৰ – নীতি , কলা সংস্কৃতিৰ লগতে বহুতাে জনজাতীয় শব্দসম্ভাৰৰা অসমীয়া ভাষাত অন্তর্ভুক্ত হৈছে ।

৭। “ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ।

” — কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা ।

উত্তৰ : বিভিন্ন সময়ত অসমলৈ অহা বাহিৰা জনগােষ্ঠীসমূহে ৰজাঘৰীয়া পৃষ্ঠপােষকতাত বা অসমীয়া মানুহৰ উদাৰতাৰ বাবেই অসমত স্থায়ীভাৱে ৰৈ গ’ল । এই বাহিৰা মানুহবােৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্পর্ক ছেদ কৰি অসমীয়া ভাষা – সংস্কৃতিকে নিজৰ বুলি আঁকোৱালি ল’লে । ফলত তেওঁলােকৰ প্রভাৱত সংস্কৃতিৰ ৰূপান্তৰ ঘটিল ।

এটা সম্প্রদায়ৰ ভাল ভাল আচাৰ – ব্যৱহাৰ , ৰীতি – নীতি সহজেই আনটোৱে গ্রহণ কৰিলে । সেয়ে খাদ্য – প্রণালী , ৰন্ধন – প্রণালী , সাজ – পাৰ , দৈনন্দিন ব্যৱহাৰৰ আচবাব ।

আদিসকলােতে এক আমূল পৰিৱৰ্তন ঘটিল । এই পৰিৱৰ্তন বাধ্যতামূলকবা কোনেও কাকো জোৰ কৰি জাপি দিয়া পৰিৱৰ্তন নহয় । এয়া মানুহৰ মনৰ আৱেগৰ পৰা সৃষ্টি হােৱা।ফলত বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণত গঢ়ি উঠিল এক বলিষ্ঠ আৰু বৈচিত্র্যপূর্ণ বৃহৎ অসমীয়া সংস্কৃতি।

৮৷ তাৎপর্য ব্যাখ্যা কৰা :

( ক ) দেখা যায় সকলােকে বান্ধি থােৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ।

উত্তৰঃ উদ্ধৃত কথাফাকি লেখক আব্দুছ ছাত্তাৰ ৰচিত প্ৰৱন্ধ ‘অসমৰ জনগােষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি ’ নামৰ প্ৰৱন্ধৰ অন্তৰ্গত ।

লেখকে উক্ত বাক্যশাৰীৰ যােগেদি বিভিন্ন জনগােষ্ঠীসমূহে কিদৰে স্বতঃস্ফূর্তভাৱে নিজৰ কলা – সংস্কৃতি এৰি অসমীয়া সংস্কৃতিক আঁকোৱালি লৈছিল , পশ্চিমীয়া সংস্কৃত্ৰি প্ৰভাৱ কিদৰে অসমীয়া সমাজত পৰিছিল তাকে বুজাব বিচাৰিছে । কিয়নাে পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱে মানুহৰ পুৰণিকলীয়া ধ্যান – ধাৰণাৰ আমূল পৰিবর্তন সাধিলে ।

সাজ – পাৰ বা খাদ্য – সামগ্ৰীৰ পৰিৱৰ্তৰ দৰে মানুহৰ মাজত জাত কুলৰ বিচাৰ নােহােৱা হ’ল । হিন্দু – মুছলমানৰ মাজত সম্প্রীতিৰ ভাব সৃষ্টি হ’ল আৰু দুয়ােপক্ষই বিভিন্ন উৎসৱ – পার্বণত বিনাদ্বিধাই লগালগি হ’ল ।

আনকি মৰাশ সৎকাৰতত তেওঁলােকে ভাগ লৈছিল । এয়া সকলাে স্বতঃস্ফূর্তভাৱেই ঘটিল । কোনেও কাকো জোৰ কৰা নাছিল । লেখকে সেয়ে এই গােটেইবােৰ স্বতঃপ্রণােদিতভাৱে হােৱা প্রক্রিয়া বুলি মন্তব্য কৰিছে ।

(খ) এই গোটেইবোৰ হ’ল স্বতঃপ্রণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।

উত্তৰঃ ইংৰাজসকলৰ দিনত অসমত চাহ উদ্যোগ, ৰেলগাড়ী, বিমান আদি প্রতিষ্ঠা হ’ল। সময়ত ইংৰাজসকল গুচি গ’ল কিন্তু তেওঁলোকৰ সাজ-পাৰৰ প্রভাৱ, চাহ উদ্যোগ, ৰেলগাড়ী, বিমান, মটৰ পৰিবহন, হোটেল, কেক্-বিস্কুট আদিৰ প্ৰচলন ৰৈ গ’ল। হিন্দু-মুছলমানৰ জাত-বিচাৰ, লুক-ঢাককৈ খোৱাৰ ব্যৱস্থা সামাজিকভাৱে আৰু হোটেল ব্যৱস্থাৰ যোগে মুকলিকৈ চলিব ধৰিলে। বিবিধ খাদ্য-বস্তুৰ অবাধ প্রচলন হ’ল। জাত-কুলৰ বিচাৰ শিথিল হৈ আহিল। 

উৎসৱ-পাৰ্বণ, বিয়া-সবাহ, জন্ম-মৃত্যু আদিত যোগদান কৰি খোৱা-লোৱাও কৰা হ’ল। এই ব্যৱস্থাবোৰ কাৰো ওপৰত কোনেও জাপি নিদিয়াকৈ আপোনা আপুনি প্রচলন হ’ল। ইয়ে অসমীয়া সংস্কৃতিত এটা নতুন ৰূপ দিলে। অসমীয়া জাতি-সংস্কৃতিক এনেবোৰ ব্যৱস্থাই সবল আৰু জাতিষ্কাৰ কৰি তুলিলে।

গ ) এইয়া আছিল দিয়া – লােৱা আৰু এৰা ধৰাৰ ব্যৱস্থা ।

উত্তৰ : উদ্ধৃত বাক্যাংশ লেখক আব্দুছ ছাত্তাৰ ৰচিত পাঠ ‘ অসমৰ জনগােচ্ছ গাঁথনি আৰু সংস্কৃতিৰ পৰা তুলি দিয়া হৈছে ।

লেখকে উক্ত বাক্যশাৰীৰ যােগেদি বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়া কিদৰে বিভিন্ন জনগােষ্ঠীসমূহে অৰিহণা যােগাইছিল তাকে বুজাব বিচাৰিছে অর্থাৎ বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন জাতি – উপজাতিৰ মানুহবাে অসমতে স্থায়ীভাৱে থাকিবলৈ ল’লে আৰু নিজৰ ভাষা – সংস্কৃতি ত্যাগ ক অসমীয়া ভাষা – সংস্কৃতিকে নিজৰ কৰি ল’লে ।

এওঁলােক স্থায়ীভাৱে থাকিবৈ লােৱাত সংস্কৃতিৰাে ৰূপান্তৰ ঘটিল । এটা সম্প্রদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি , আচাৰ – ব্যৱহাৰ আন এটাই গ্রহণ কৰিলে । খাদ্য – প্রণালী বা ৰন্ধন প্রণালী সলনি হ’ল।নতুন সাজ – পাৰ বা গহণা গাঁঠৰি অসমীয়া সমাজত প্ৰচলন ঘটিল অর্থাৎ বাহিৰৰ জনগােষ্ঠীৰ বহু সম্পদ অসমীয়াত অন্তর্ভুক্ত হ’ল ।

অসমীয়া বহু কথা তেওঁলােকে নিজৰ কৰি ললে । অৱশ্যে কোনােৱে কাকো জাপি দিয় নাছিল । লেখকে সেয়ে এই সাংস্কৃতিক আৰু ভাষিক আদান – প্রদানক দিয়া লাে আৰু এৰা – ধৰাৰ ব্যৱস্থা বুলি মন্তব্য কৰিছে ।

ভাষা বিষয়ক :

৯। সন্ধি ভাঙা :

সংস্কৃতি , জলাঞ্জলি , ভৌগােলিক

উত্তৰ : সংস্কৃতি – সম্ + কৃতি
জলাঞ্জলি – জল + অঞ্জলি
ভৌগােলিক – ভূগোল + ইক

১০। “ প্র ” উপসর্গলগ লগাই তিনিটা শব্দ গঠন কৰা ।

উত্তৰ: প্ৰব্ৰজন , প্রৱেশ , প্রচেষ্টা ।

১১। বাক্য ৰচনা কৰা :

ভাষা – সংস্কৃতি , পূজা – পার্বণ , বেপাৰ-বাণিজ্য , সহজ সৰল , দিয়া – লােৱা , এৰা ধৰা।

উত্তৰ : ভাষা – সংস্কৃতি ― অসমৰ ভাষা – সংস্কৃতি বৈচিত্র্যপূর্ণ ।
পূজা – পার্বণ ― বেপাৰ বাণিজ্যৰ উপৰি পূজা – পার্বণৰ বাবেও বহুতাে লােক অসমলৈ আহিছিল ।
বেপাৰ – বাণিজ্য ― বেপাৰ – বাণিজ্যৰ কাৰণে বহুতাে পাঞ্জাৱী , শিখ , মাৰােৱাৰী আদি অসমলৈ আহিল ।
সহজ –সৰল ― বিভিন্ন কাৰণত অসমলৈ আহি নিগাজীকৈ বহা লােকসকলক সহজ – সৰল কছাৰী , চুটিয়া , কোচ , বড়াে আদিয়ে নির্বিবাদে গ্ৰহণ কৰিলে ।
দিয়া – লােৱা — বিভিন্ন জাতি – উপজাতিৰ সংস্কৃতি দিয়া – লােৱাৰ মাজেৰে গঢ় লৈ উঠিল ।
এৰা – ৰা — বিভিন্ন জাতি – উপজাতিৰ সংস্কৃতিৰ লগতে পূজা – পার্বণ , সাজ – সজ্জাও এৰা – ধৰাৰ মাজেৰে গঢ় লৈ উঠিল ।

অতিৰিক্ত প্ৰশ্নৰ উত্তৰ

প্রশ্ন ১। মঙ্গোলীয়সকল অহাৰ পূৰ্বে অসমত কোন্ কোন্ জনগোষ্ঠীয়ে বাস কৰিছিল?

উত্তৰঃ মঙ্গোলীয়সকল অহাৰ পূৰ্বে অসমত কছাৰী, চুটিয়া, কোচ, মেছ, ডিমাছা, দেউৰী, মিছিং, বড়ো, তিৱা, কাৰ্বি, অঁকা, ডফলা, আবৰ, মিছিমি আদি জন-গোষ্ঠীৰ লোকে বাস কৰিছিল।

প্রশ্ন ২। এসময়ত অসমৰ থলুৱা জন-জাতিৰ লোকৰ মাজত ম’হ বলি,নৰ বলি আদিৰ প্ৰচলন থকাৰ কাৰণ কি আছিল?

উত্তৰঃ এ সময়ত অসমৰ থলুৱা জন-জাতিৰ লোকৰ মাজত ধৰ্মই বিশেষ স্থান লৈছিল। এই ধর্মীয় প্ৰভাৱৰ বাবে জন-জাতিৰ লোকৰ মাজতে বলি-বিধান আনকি  ম’হ বলি, নৰ-বলি আদিৰ প্ৰচলন আছিল।

প্রশ্ন ৩। অসমৰ স্বাধীনতাৰ সূৰ্য কেতিয়া মাৰ গৈছিল?

উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ পিছত যেতিয়া বৃটিছ সকল অসমলৈ আহিছিল তেতিয়াই অসমৰ স্বাধীনতাৰ সূৰ্য মাৰ গৈছিল।

প্রশ্ন ৪। অসমত স্কুলীয়া শিক্ষাৰ মাধ্যম হিচাপে বঙলা ভাষা কিমান দিন চলিছিল?

উত্তৰঃ ১৮৩৬ চনৰপৰা ১৮৭৩ চনলৈ অসমত স্কুলীয়া শিক্ষাৰ মাধ্যম হিচাপে বঙলা ভাষা চলিছিল।

প্রশ্ন ৫। পূর্ববঙ্গৰ মৈমনসিংহ জিলা আদি ঠাইৰ মুছলমান লোকসকল অসমলৈ কেনেকৈ আহিব পাইছিল?

উত্তৰঃ অসম চৰকাৰৰ উদ্যোগত অসমৰ পতিত বাকৰাণি মাটি আৰু চৰ অঞ্চলৰ মাটিত খেতি কৰি দেশৰ অৰ্থনৈতিক দিশত সহায় কৰিব বুলি পূর্ববগৰ অন্তর্গত মৈমনসিংহ আদি জিলাৰ কৃষি কৰ্মত নিপূণ পৰিশ্রমী মুছলমান সকলক অসমলৈ অনা হৈছিল। এওঁলোকে নগাওঁ, কামৰূপ, গোৱালপাৰা, দৰং আদি ঠাইত বকৰাণি মাটিত খেতি কৰিছিল। এওঁলোকেই অসমত মৰাপাটৰ খেতিৰ প্ৰসাৰ ঘটাইছিল।

প্রশ্ন ৬। অসমত অসমীয়া মাধ্যমৰ বাহিৰে অইন মাধ্যমৰ বিদ্যালয় কোনে প্রতিষ্ঠা কৰা বুলি লিখকে উল্লেখ কৰিছে?

উত্তৰঃ বৃটিছৰ দিনত ৰেলগাড়ী প্ৰচলন হোৱাত, যাতায়তৰ সুবিধা হোৱাত ব্যবসায়-বাণিজ্য, পূজা-পাতল, চাকৰি-বাকৰি আদিৰ সুবিধা লৈ ৰাজস্থান, পঞ্জাৱ, বিহাৰ, উত্তৰপ্ৰদেশ আদিৰ পৰা অসমলৈ অহা লোকসকলে অসমীয়া ভাষা-সংস্কৃতি একো গ্ৰহণ নকৰাকৈয়ে সামাজিক আৰু ৰাজনৈতিক বিচাৰত অসমীয়া হ’ল। তেওঁলোকে নিজৰ ভাষা-ধৰ্ম-সংস্কৃতি অক্ষুণ্ণ ৰাখি অসমীয়া হৈ অসমৰ উপাৰ্জনেৰে নিজ নিজ ঠাইত একোখন ঘৰ চলাই থাকিল। এই সকল বহিৰাগত লোকেই অসমত অসমীয়া ভিন্ন হিন্দী, ইংৰাজী আদি মাধ্যমৰ বিদ্যালয় প্রতিষ্ঠা কৰা বুলি লিখকে উল্লেখ কৰিছে।

প্রশ্ন ৭। বৰ্ত্তমানৰ বাংলাদেশ পূর্বে কি আছিল?

উত্তৰঃ বৰ্ত্তমানৰ বাংলাদেশ পূর্বে পূৱ পাকিস্তান আছিল। 

প্রশ্ন ৮। অসমীয়া সমাজত স্বতঃপ্রণোদিত ভাৱে ঘটা প্ৰক্ৰিয়াবোৰ কি?

উত্তৰঃ অসমীয়া সমাজত স্বতঃপ্রণোদিত জাত-কুলৰ বিচাৰ হেৰাই, চুৱাৰ অন্ত পেলাই সকলো অসমীয়াই একেলগে বহি খোৱা, হিন্দু-মুছলমান সকলোৱে বিয়া-বাৰুত যোগ দিয়া, মৰা জীয়াৰ খবৰ কৰা, শ সৎকাৰত ভাগ লোৱা, উৎসব-পার্বণত যোগদান কৰা আদি স্বতঃপ্রণোদিত ভাৱে ঘটা প্রক্রিয়া।

প্রশ্ন ৯। প্ৰৱন্ধকাৰ আব্দুছ ছাত্তাৰৰ ৰচিত দুখন গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী আৰু প্ৰসঙ্গকোষ ছাত্তাৰ ডাঙৰীয়াৰ ৰচিত দুখন গ্রন্থ।

প্রশ্ন ১০। ভাৰতৰ বাহিৰৰ কোনখন দেশলৈ ছাত্তাৰ ডাঙৰীয়া শিক্ষক হিচাপে গৈছিল?

উত্তৰঃ ভাৰতৰ বাহিৰৰ দেশ আফগানিস্থানলৈ ছাত্তাৰ ডাঙৰীয়া শিক্ষক হিচাপে গৈছিল।

প্রশ্ন ১১। তলত দিয়া শব্দবোৰেৰে বাক্য ৰচনা কৰা :

বাৰে বৰণীয়া, জাতি-গোষ্ঠী, চকলা-চকলে, আচাৰ-ব্যৱহাৰ, পূজা-পার্বণ, সৰল-সহজ, বেপাৰ-বাণিজ্য, জীৱনে মৰণে, জাত-কুল।

উত্তৰঃ বাৰে-বৰণীয়া — বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণে অসমীয়া সংস্কৃতিক বাৰে-বৰণীয়া ৰূপ দিছে।

জাতি-গোষ্ঠী — সকলো জাতি-গোষ্ঠীৰ সমিল-মিলৰ মাজতে অসমীয়া জাতিৰ বৈশিষ্ট্য।

চকলা-চকলে — নিজ অস্তিত্ব অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে বৰ অসমৰ বুকুৰ পৰা নগালেণ্ড, মিজোৰাম, মেঘালয়, অৰুণাচল আদি চকলা-চকলে বিভাজিত হ’ল।

আচাৰ-ব্যৱহাৰ — অসমৰ সকলো জাতি-উপজাতিৰে কিছুমান নিজা আচাৰ-ব্যৱহাৰ আছে।

পূজা-পাৰ্বণ — হিন্দু-মুছলমান আৰু সকলো জাতি-উপজাতিয়ে পূজা-পাৰ্বণত একেলগ হয়।

সৰল-সহজ — সৰল-সহজ জন-জাতীয় লোকসকলে সকলো বহিৰাগতকে আদৰি লৈছিল।

বেপাৰ-বাণিজ্য — বেপাৰ-বাণিজ্য কৰিবলৈ অহা বহুতো বহিৰাগত অসমত ৰৈ গ’ল।

জীৱনে-মৰণে — বহিৰাগত সকলৰ অনেকে নিজৰ ভাষা-সংস্কৃতি এৰি জীৱনে-মৰণে অসমীয়া হ’ল।

জাত-কুল — জাতি-উপজাতিৰ সাংস্কৃতিক সংমিশ্ৰণৰ ফলত ক্ৰমে জাত-কুলৰ বিচাৰ হেৰাই যাবলৈ ধৰিলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top