Class 10 Assamese Chapter 4 মই অসমীয়া | অসমীয়া Class 10 মই অসমীয়া

Class 10 Assamese Chapter 4 মই অসমীয়া | অসমীয়া Class 10 মই অসমীয়া, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 4 Notes to each chapter is provided in the list of SEBA অসমীয়া Class 10 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter Chapter 4 মই অসমীয়া can be of great value to excel in the examination.

Join Telegram channel

New Updated short type, MCQ Type Question, Class 10 Assamese পাঠ – 4 মই অসমীয়া – সমাধান, Class 10 Assamese মই অসমীয়া Question Answer, Class 10 Lesson 4 Question Answer, মই অসমীয়া class 10 মূলভাব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 4 মই অসমীয়া and select needs one.

Class 10 Assamese Chapter 4 মই অসমীয়া

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese Chapter 4 মই অসমীয়া Solutions for All Subjects, You can practice these here.


মই অসমীয়া

― চৈয়দ আব্দুল মালিক

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

চমু উত্তৰ দিয়া:

(১) ‘মই অসমীয়া’ কবিতাটিৰ কবি কোন ?

উত্তৰঃ চৈয়দ আব্দুল মালিক।

(২) চৈয়দ আব্দুল মালিকৰ জন্ম ক’ত আৰু কোন চনত হৈছিল ? 

উত্তৰঃ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত।

(৩) চৈয়দ আব্দুল মালিকৰ মৃত্যু চনটো লিখা।

উত্তৰঃ ২০০০ চন।

(৪) চৈয়দ আব্দুল মালিকৰ এখনি উপন্যাসৰ নাম লিখা।

উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’।

(৫) চৈয়দ আব্দুল মালিকৰ এখনি গল্পপুথিৰ নাম লিখা। 

উত্তৰঃ পৰশমণি।

(৬) চৈয়দ আব্দুল মালিকে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল ?

উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ৰ বাবে।

(৭) কোন চনত অসম সাহিত্য সভাৰ অধিৱেশনত চৈয়দ আব্দুল মালিকে সভাপতিত্ব কৰিছিল ?

উত্তৰঃ ১৯৭৭ চনৰ অভয়াপুৰী অধিৱেশনত। 

(৮) চৈয়দ আব্দুল মালিকৰ গল্প-উপন্যাসৰ পৰা কি চলচ্চিত্ৰ নিৰ্মিত হৈছে ?

উত্তৰঃ ‘জেতুকা পাতৰ দৰে’ আৰু ‘মমতাজ’।

(৯) সুদূৰ পশ্চিম এৰি বিজয় সপোন দেখি অসমলৈ কোন আহিছিল ?

উত্তৰঃ মোগলসকল।

(১০) “লুইতৰ পাৰত গালোঁ দৃপ্ত উচ্ছ্বাসত    আপোনাৰ বিজয়ৰ গান।”— কোনে বিজয়ৰ গান গাইছিল ?

উত্তৰঃ মোগলসকলে।

Group – A পদ্যাংশ

১। চৈয়দ আব্দুল মালিকৰ কবিতাপুথি এখনৰ নাম লিখা।

উত্তৰঃ চৈয়দ আব্দুল মালিকৰ কবিতাপুথি এখনৰ নাম হ’ল—বেদুইন।

২। মোগলসকলে অসমৰ ক’ত ভৰি দিছিল?

উত্তৰঃ মোগলসকলে অসমৰ সেউজীয়া দুৱৰি বনত ভৰি দিছিল।

৩। অসমৰ হেংদাং ক’ত জিলিকিছিল?

উত্তৰঃ দুপৰৰ পূৰ্ণ আলোকত অসমৰ হেংদাং জিলিকিছিল।

৪। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উত্তৰঃ ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

৫। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?

উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহকণী আৰু বৰা চাউলৰ এক মিশ্রণ তৈয়াৰ কৰি দেউল সাজিছিল।

৬। ব্যাসবাক্যসহ সমাসৰ নাম লিখা:

স্বর্ণপুৰী; মুক্তগীত; অনির্মি।

উত্তৰঃ স্বৰ্গপুৰী: স্বৰ্গৰ পুৰী — ষষ্ঠী তৎপুৰুষ সমাস।

মুক্তগীত: মুক্ত যি গীত — কর্মধাৰয় সমাস।

অনিৰুদ্ধ: ন ৰুদ্ধ – নঞ তৎপুৰুষ সমাস।

নিষ্কর্মা: ন কর্ম – নঞ তৎপুৰুষ সমাস।

৭। তলৰ শব্দবোৰৰ নিচিনা পাঁচটা শব্দ সাজাঃ

বাঘ-নৰ, হাঁহ-কণী, মহ-শিং।

উত্তৰঃ হাতী-দাঁত, ৰাজশক্তি, কালিদাস, গ্রন্থাগাৰ, জীৱন-বীমা।

৮। বিপৰীত শব্দ লিখাঁ:

গৌৰৱ; আলোক; স্বাধীনতা; পৰাজিত; সপোন; মৰণ।

উত্তৰঃ গৌৰৱ – লজ্জিত।

আলোক – আন্ধাৰ।

স্বাধীনতা – পৰাধীনতা।

পৰাজিত – জিত, বিজিত।

সপোন – দিঠক।

মৰণ – জীৱন।

৯। মই অসমীয়া’ কবিতাটিৰ কৰি কোন?

উত্তৰঃ চৈয় আব্দুল মালিক।

১০। চৈয়দ আব্দুল মালিকৰ জন্ম কত, কেতিয়া হৈছিল?

উত্তৰঃ ১৯১৯ চনত গোলাঘাট জিলাৰ নাহৰণিত।

১১। অসমীয়া সাহিত্যত গল্প সম্রাট বুলি কাক কোৱা হয়?

উত্তৰঃ চৈয়দ আব্দুল মালিকক।

১২। চৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ বেদুইন।

১৩। কোনখন উপন্যাসৰ বাবে চৈয়দ আবুল মালিকে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?

উত্তৰঃ অঘৰী আত্মাৰ কাহিনী।

১৪। চৈয়দ আব্দুল মালিকৰ কোনখন উপন্যাস অনাতাৰ যোগে প্ৰচাৰিত হৈছিল?

উত্তৰঃ সূৰ্য্যমুখী স্বপ্ন।

১৫। চৈয়দ আব্দুল মালিক কোনদুখন উপন্যাসৰ চলচিত্ৰ নির্মাণ হৈছিল।

উত্তৰঃ জেতুকা পাতৰ দৰে, আৰু মমতাজ।

১৬। তেখেতে কিমান চনত অসম সাহিত্য সভাৰ সভাপতিৰ আন অলংকৃত কৰিছিল?

উত্তৰঃ ১৯৭৭ চনত।

১৭। ১৯৭৭ চনত অসম সাহিত্য সভাৰ অধিবেশন কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ অভয়াপুৰীত।

১৮। চৈয়দ আব্দুল মালিকৰ কিমান চনত দেহান্তৰ ঘটে?

উত্তৰঃ ২০০০ চনত।

১৯। চৈয়দ আব্দুল মালিকৰ ৰচনাৰাজিসমূহ উল্লেখ কৰা।

উত্তৰঃ পৰশমনি, আধাৰশিলা, মৰহাফুল, ৰূপতীৰ্থৰ যাত্ৰী, ধন্য নতনু ভাল, স্বাক্ষৰ ছবিঘৰ, ৰঙা গৰা, ৰজনীগন্ধাৰ চকুলো আদি।

২০। দৃপ্ত শব্দৰ অর্থ কি?

উত্তৰঃ গঠযুক্ত মনোভাব।

২১। খোদ মানে কি?

উত্তৰঃ ধোদ মানে এলেহুৱা লোক।

২২৷ কাৰ ৰাজত্ব কালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল?

উত্তৰঃ স্বৰ্গদেউ প্ৰমত্ত সিংহৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল।

২৩। মোশ্লেম কি?

উত্তৰঃ মোল্লেম হ’ল মুছলমান অর্থ্যাৎ মোগল জাতি।

২৪। বনৰ পাতত জাংফাই বুলিলে কি বুজা?

উত্তৰঃ অসমৰ উত্তৰ-পূব ফালৰ মিচিমি পর্বতত হোৱা এবিধ গছৰ ৰঙীণ গোটমৰা আঠা। ইয়াৰে কেৰু, মণি তৈয়াৰ কৰা হয়। নিয়ৰত তিতি থকা বনৰ পাতত সূৰ্যৰ পোহৰ ধুনীয়া মণিৰ নিচিনাকৈ তিৰবিৰাই নানা ৰং ধাৰণ কৰে৷

২৫। অসমৰ পুৰণি মঠ-মন্দিৰবোৰ স্বৰ্গদেউসকলে কিহেৰে নিৰ্মাণ কৰিছিল?

উত্তৰঃ অসমৰ পুৰণি মঠ-মন্দিৰবোৰ স্বৰ্গদেউসকলে হাঁহৰ কণী আৰু বৰা চাউল আদিৰে নিৰ্মাণ কৰিছিল।

১। চমু উত্তৰ দিয়ঃ

( ক ) চৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা ।
উত্তৰ চৈয়দ আব্দুল মালিকৰ একমাত্র কবিতা পুথিখনৰ নাম হ’ল – বেদুইন ’ ।

( খ ) মােগলসকলে অসমৰ ক’ত ভৰি দিছিল ?
উত্তৰঃ মােগলসকলে অসমৰ সেউজীয়া দূবৰি বনত ভৰি দিছিল ।

গ ) অসমৰ হেংদাং ক’ত জিলিকিছিল ?
উত্তৰঃ দুপৰৰ পূর্ণ আলােকত জিলিকিছিল ।

( ঘ ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল ?
উত্তৰঃ অসমীয়াসকলে ম’হৰ শিঙৰ তৈয়াৰী পেঁপা বজাইছিল ।

( ঙ ) অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ?
উত্তৰঃ অসমৰ স্বৰ্গদেৱে হাঁহ – কণী , চাউলেৰে দেউল সাজিছিল ।

২। অসমৰ হেংদাং জিলিকিল দুপৰৰ পূর্ণ আলােকত ’ — কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা ।

উত্তৰঃ সাম্রাজ্যবাদী মােগলে অসম আক্ৰমণ কৰাৰ সময়তে স্বাধীনচিতীয়া আহােমসকলে শত্ৰৰ বিৰুদ্ধে হাতত হেংদাং লৈ বীৰত্বৰে যুঁজ দিছিল । জিলিকি উঠিছিল জাতীয়তাৰ সত্ত্বা , অস্ত যােৱা নাছিল উদিত সূৰুযৰ আভা। তিৰবিৰণীয়ে শত্ৰৰ মনতাে ত্ৰাসৰ সৃষ্টি কৰি তুলিছিল ।

সমৰ থলিত জিলিকি উঠিল অসমীয়াৰ শৌর্যবীর্য । অমােঘ অস্ত্র হেংদাঙৰ তীক্ষ ধাৰ । এই ধাৰাল হেংদাঙৰ কোবত চিটিকি পৰিল । শত্রুসেনা , বন্দী হ’ল বিদেশী মােগল ।

৩। অসমৰ পুৰুষ – নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা ।

উত্তৰ : সুদূৰ পশ্চিমৰ পৰা মােগলসকলে অসম অধিকাৰ কৰাৰ মানসেৰে । অসম ভূমিত আহি উপস্থিত হ’লহি ৷ চকুত তেওঁলোেক বিজয়ৰ সপােন । কিন্তু আনফালে স্বদেশ আৰু স্ব – জাতিৰ হকে মৃত্যুবৰণ কৰিবলৈ ভয় নকৰা , স্বামীৰ প্ৰতি অচলা ভক্তি , সময়ত শত্ৰুৰ বিপক্ষে অস্ত্র লােৱা এইখন অসমৰ মহিলাসকল কেৱল মহিলায়ে নহয় ।

তেওঁলােক বীৰাংগণা , তেওঁলােক মহাসতী । যিখন দেশৰ মহিলাই । দেশ পৰিচালনা কৰিবও জানে সেইখন দেশৰ মহিলাই শত্রুৰ বিপক্ষে ৰণচালি দিবলৈও পাৰ্গত । ৰণচণ্ডী মূর্তি ধৰি শত্ৰুৰ বুকুভেদী হেলাৰঙে মৃত্যুবৰণ কৰিব পৰাৰ সাহসেৰে । সাহসী এই অসমীয়া নাৰী ।

অসমীয়া নাৰীৰ বীৰত্বৰ সেই বিজয়গাথা মূলাগাভৰু , ৰাধাকুণী , জয়মতী আদি নাৰীৰ অৱদান আজিও যেন অক্ষুগ্ন হৈআছে । এইসকল অসমীয়া বীৰ বীৰঙ্গনাৰ বীৰত্বৰ সন্মুখত ৰাজপুত বিজয়ী মােগলৰ বল বীৰত্ব ক’ৰবাত লুকাল ।

৪। কত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহআৰু পানী আঁজলীত । ”
—কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা ।

উত্তৰ : কবিতাটোত কবিয়ে অসমীয়া জাতিৰ অতীত ইতিহাস অৱলােকন কৰি কৈছে যে ভাৰতজয়ী মােগলে কিয় অসম দেশত থমকি ৰবলগীয়া হৈছে । বীৰত্বৰে যুঁজি মােগলক পৰাজিত কৰিছে । তিওৱা চাউল ভাজি খুন্দি প্রস্তুত কৰা জলপান শুকান সান্দহ একাজলি পানীত সানি খােৱা অসমীয়া সেনানীয়ে এনে বল শক্তি ক’ৰ পৰা পালে ।

অলপমান সান্দহ লৈ তাত পানী দিলে ফুলি পৰিমাণটো বাঢ়ি যায় । ঠিক সেইদৰে মাতৃভূমিৰ আসন্ন বিপদ দেখাৰ লগে লগে অসমৰ সেনানীৰ যেন বল – বিক্রম দুগুণে বৃদ্ধি পালে । কবিয়ে আচৰিত হৈভাবিছে , অসমীয়াৰ শৌর্য বীর্য সচাকৈয়ে অলৌকিক শক্তিৰে বলৱান ।

৫। মইঅসমীয়া’কবিতাটোত অসমৰপ্ৰকৃতিৰ বিনন্দীয়াৰূপকিদৰেপ্ৰতিফলিত হৈছে বুজাইলিখা ।

উত্তৰঃ সাম্রাজ্যবাদী মােগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ বিনন্দীয়া ৰূপ দেখি তবধ মানিছে । অসমৰ চৌদিশে ধুসৰ পাহাৰ , ইয়াৰ প্ৰতিটো বনৰ পাত যেন জাংফাই – মিনা কৰাহে । অর্থাৎ নিয়ৰত তিতি থকা বনৰ পাতত সূৰ্যৰ পােহব । পৰিলে ধুনীয়া মণিৰ নিচিনাকৈ তিৰবিৰাই থাকে ।

নিয়ৰৰ টোপাল পৰি দূবৰি বনবােৰ এনেদৰে জিলিকি থাকে যেন মুকুতাৰ থােপাহে । অসমৰ ধূলিয়ে – বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে । অর্থাৎ অসম মূল্যৱান সম্পদেৰে ভৰা । প্রাকৃতিত সম্পদত অসম অতি চহকী । অসমৰ সকলাে বস্তুৱে ইমান মূল্যৱান আৰু ধুনীয়া যে ।

পুঠি মাছৰ দৰে সৰু জীৱটোৱেও কাণত সােণৰ খুৰীয়া পিন্ধে আৰু ভেকুলীৰ নিচিনা ক্ষুদ্র প্রাণীটোৱেও ফোঁট লৈ ধুনীয়া হৈ থাকে । অর্থাৎ অসম প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে । সকলাে বস্তুৰে উভৈনদী অসমত আনকি নদীৰ বালিতে সােণ পােৱা যায় । এনেদৰে মই অসমীয়া’কবিতাটিত অসমৰ প্ৰকৃতিৰ বিনন্দীয়া ৰূপ সুন্দৰভাবে প্রতিফলিত হৈছে ।

৬। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া ।

উত্তৰঃ ১৯১৯ চনত দেৰগাঁৱৰ ওচৰৰ নাহৰণিত এইগৰাকী বিখ্যাত সাহিত্যিক জন্ম হয় । বহুমুখী প্রতিভাৰ অধিকাৰী মালিক একাধাৰে ঔপন্যাসিক , গল্পকাৰ , নাট্যকাৰ , কবি , ব্যংগলেখক , গৱেষক , গীতিকাৰ , শিশু – সাহিত্যিক আৰু ৰাজনীতিক । তেওঁ বিয়াল্লিছখনতকৈও অধিক উপন্যাস ৰচনা কৰিছে । সেইবােৰৰ ভিতৰত ৰথৰ চকৰি ঘূৰে,’

‘সূৰুযমুখীৰ স্বপ্ন,’ ‘ পহুমৰ হাবিৰ বাট,’ ‘জেতুকা পাতৰ দৰে , ৰূপতীৰ্থৰ যাত্রী ’ , ‘ ধন্যনৰ তনু ভাল’ , -‘ অঘৰী আত্মাৰ কাহিনী ’ , ৰূপাবৰিৰ পলস’আদি প্রধান । ‘ অঘৰী আত্মাৰ কাহিনী’উপন্যাসখনৰ বাবে তেওঁ ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে । পৰশমণি ’ তেওঁৰ প্রথম প্রকাশিত চুটিগল্প সংকলন । তাৰ পাছত ‘ এজনী নতুন ছােৱালী ’ , ৰঙাগড়া ’ , ‘প্রাণাধিকা ’ , ‘ মৰম মৰম লাগে ’ আদি চুটিগল্প সংকলন প্রকাশ পায় ।

মাজত মাথোঁ হিমালয় ’ তেওঁৰ দ্বাৰা ৰচিত ভ্রমণ কাহিনী । ১৯৭৬ চনত তেখেত ৰাজ্যসভাৰ সদস্য হৈছিল । তেখেতে ৬০ খনতকৈও অধিক । উপন্যাস , ২৫ খনৰাে অধিক গল্প , ২০ খন অনার্তাৰ মঞ্চ নাটক আৰু কেইবাখনাে বিভিন্ন প্ৰকাৰৰ গ্ৰন্থ ৰচনা কৰিছিল ।

তেখেতে শংকৰদেৱ বঁটা ( ১৯৯৫ ) , পদ্মভূষণ । ( ১৯৭৯ ) , পদ্মশ্রী ( ১৯৮৪ ) , সাহিত্য অকাডেমীবঁটা ( ১৯৭২ ) আদি বিভিন্ন বঁটা লাভ কৰে । সাহিত্যচাৰ্য্য সন্মান লাভ কৰা এইগৰাকী প্রখ্যাত সাহিত্যিকৰ মৃত্যু হয় ২০০০ । চনৰ ১৯ ডিছেম্বৰত ।

৭। অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা ।

উত্তৰঃ সাম্রাজ্যবাদী মােগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ বিনন্দীয়া । ৰূপ দেখি তবধ মানিছে । অসমৰ ৰূপ অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে । অসমৰ । চৌদিশে ধুসৰ পাহাৰ । ইয়াৰ প্ৰতিটো পাত যেন জাংফাই , মিনাকৰাহে । নিয়ৰৰ টোপাল । পৰি দূবৰিৰ বনবােৰৰ এনেদৰে জিলিকি আছে যেন মুকুতাৰ থােপাহে ।

অসমৰ ধুলিয়ে – বালিয়ে ধুনীয়া বাখৰৰ দৰে মূল্যৱান বস্তু পৰি থাকে । প্রাকৃতিক সম্পদত অতি চহকী অসমৰ সকলাে বস্তুৱেই মূল্যৱান আৰু ইমান ধুনীয়া যে পুঠি মাছৰ দৰে সৰু জীৱটোৱেও কাণত সােণৰ থুৰীয়া পিন্ধে । ভেকুলীৰ নিচিনা ক্ষুদ্র প্রাণীটোৱেও কপালত ফোঁট লৈ ধুনীয়া হৈ থাকে । অসম প্ৰকৃতিৰ দানত অপৰূপা হৈ পৰে ।

সকলাে বস্তুৰে উভৈনদী অসমত আনকি নদীৰ বালিতে সােণ পােৱা যায় ।
প্রবালৰ দৰে মূল্যৱান পাথৰেৰে নির্মিত দলঙত অসমীয়াই ভৰি ধােৱে । বাঘ । নখেৰে খাৰু আৰু আঙঠি বনাই পিন্ধে । মহৈব শিঙেৰে পেঁপা নির্মাণ কৰি বজায় , হাঁহকণী আৰু বৰা চাউলেৰে স্বৰ্গদেউসকলে দেউল সজায় ।

সাগৰৰ দৰে বৃহৎ বৃহৎ পুখুৰী খন্দায় । নিষ্কর্মা ধােদৰ হতুৱাই ৰাজআলি বন্ধায় । অসমীয়া মানুহৰ মাতত মৌ বৰষে । যি মাত শুনি শিললা পমি যায় ।
অসমৰ এনে ৰূপ , এনে সৌন্দর্য দেখি মােগলসকল ভােল গৈছে ।

৮। ব্যাখ্যা কৰাঃ

( ক ) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ–প্রাণ , মুক্ত – প্রাণ , অসমৰ স্বদেশ ভকতি ।

উত্তৰ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিক দেৱৰ দ্বাৰা ৰচিত মই অসমীয়া’নামৰ কবিতাটিৰপৰা তুলি দিয়া হৈছে ।
অসমীয়া সৈনিক আৰু সাধাৰণ নাগৰিকৰ বল – বিক্ৰমৰ বিষয়ে ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে ।

সাম্রাজ্য বিস্তাৰৰ অৰ্থে অসম অধিকাৰ কৰিবলৈ অহা মােগলসকলে অসমীয়া মানু বীৰত্ব দেখি তবধ মানিছে । মােগলে ভাবিছিল তেওঁলােকে সহজে অসম অধিকাৰ কৰিব পাৰিব । কিন্তু সমৰ থলীত দেশমাতৃক ৰক্ষাৰ হেতু উপস্থিত অসমৰ পুৰুষ – তিৰােতাক দেখি বিস্মিত হৈ পৰিছে ।

পুৰুষ – নাৰী সকলােৰে ৰণচণ্ডী মূর্তি আৰু বল – বিক্রম তথা সমৰ কৌশলত মােগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য । হল । সদা বিজয়ী অসমীয়াৰ কণ্ঠত উচ্চস্বৰত স্পন্দি হ’ল অসমৰ স্বাধীনতাৰ গান আৰু প্ৰতিধ্বনি হ’ল অসমৰ গৌৰৱ আৰতি । অসমীয়া সেনাৰ দুৰন্ত শক্তি আৰু গভীৰ স্বদেশ প্রেমৰ পৰিচয় শত মােগলে ভালকৈয়েপালে ।

( খ ) দুৱৰিৰ পাতে পাতে মুকুতাৰ থােপা গচকত ভাগে মবকত ,
হাতীৰ দাঁতেৰে কৰে খৰমৰ চুলা ,
ভৰি থােৱে পােৱালৰ ভৰা দলঙত ।

উত্তৰ : উপৰি উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত মই অসমীয়া’নামৰ কবিতাটিৰপৰা তুলি দিয়া হৈছে ।
সৌন্দর্য সুষমা , নিৰুপমা অসমৰ সৌন্দৰ্যৰ কথা মােগলৰ দৃষ্টিত কিদৰে ধৰা দিছে সেই বিষয়ে ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাকিব উল্লেখ কৰিছে ।

সাম্রাজ্যবাদী মােগলে অসম আক্ৰমণ কৰিবলৈ আহি অসমৰ বিনন্দীয়া ৰূপ দেখি তবধ মানিছে । অসমৰ ৰূপ অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে । মােগলসকলে । দেখিছিল অসমৰ চৌদিশে ধুসৰ পাহাৰ । ইয়াৰ গছৰ প্ৰতিটো পাত যেন জাংফাই , মিনাকৰাহে ।

নিয়ৰৰ টোপাল পৰি দূবৰি বনবােৰ মুকুতাৰ থােপাৰ দৰে জিলিকি আছে । অসমৰ ধুলিয়ে – বালিয়ে ধুনীয়া বাখৰৰ দৰে পৰি থকা মূল্যৱান সম্পদ । কাৰােবাৰ লাহি খােজত ভাঙি – চিঙি পৰে ।

অসমৰ লােক শিল্পী সকলে হাতীৰ দাঁতৰ পৰা তেওঁলােকে বিভিন্ন সামগ্রী তৈয়াৰ কৰি ব্যৱহাৰ কৰিছিল । তেওঁলােকে খৰমৰ চুলা তৈয়াৰ কৰি লৈছিল । পাথৰেৰে নির্মিত দলৰ ওপৰত তেওঁলােকে ভৰি ধুইছিল । অসম তথা অসমবাসী এনে শিল্পীসুলভ মন দেখি মােগলসকল পুলকিত হৈ পৰিছিল ।

( গ ) মােহ গ’ল দূৰণিৰ বিদেশী মােগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া , অসমত বন্দী হ’ল , অসমৰ ৰূপ মুগ্ধ দূৰৰ মােগল আহিহ’ল অসমীয়া ৷৷

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ দ্বাৰা ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাটিৰপৰা তুলি দিয়া হৈছে ।
অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ সৌন্দর্য দেখি কিদৰে ” মােহিত হৈ পৰিছিল সেই কথা ক’বলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে ।

অসম আক্ৰমণ কৰিবলৈ আহি বিশ্বজয়ী মােগলে ভাবিছিল তেওঁলােকে সহজে অসম অধিকাৰ কৰিব পাৰিব । কিন্তু দেশ মাতৃৰ ৰক্ষাৰ হেতু হাতত হেংদাং লৈ ৰণচণ্ডী মূর্তি ধৰা অসমৰ পুৰুষ – তিৰােতা সকলােকে দেখি বিস্মিত হৈছিল । অসমীয়া সেনানীৰ সমৰ কৌশল তথা বীৰত্বৰ সন্মুখত মােগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল ।

কিন্তু অসমৰ বিনন্দীয়া সৌন্দর্যত মােগলসকল মুগ্ধ হল । অসমৰ বিনন্দীয়া ৰূপ , ভক্তি প্ৰেমৰ সৌন্দর্য , অসমৰ ধুলিয়ে – বালিয়ে পৰি থকা ধুনীয়া বাখৰৰ দৰে মূল্যবান সম্পদ , জাংফাই , মিনাকৰা গছ – বনৰ পাতত পৰি জিলিকি উঠা নিয়ৰৰ কণা ৰূপ , এনে সৌন্দর্য দেখি মােগলসকল ভােল গৈছে ।

যুদ্ধত পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল । অসমীয়াৰ পৰিচয়েৰে তেওঁলােকে অসমৰ মাটিৰ মায়াত বন্দী হৈপৰিল ।

Sl. No.Contents
Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্ৰশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6উদ্যোগী হওঁ আহাঁ
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইন্টাৰনেটৰ তিতা – মিঠা
Chapter 10অৰুণিমা সিনহা
Chapter 11অৰণ্য যাত্ৰা
Chapter 12পাৰস্যত এভুমুখি
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15 বিষাদযোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
Chapter 17ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম
ব্যাকৰণ
আবেদন আৰু প্ৰতিবেদন লিখন
ৰচনা
ভাৱ সম্প্ৰসাৰণ

(ঘ) জীবনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহপ্রাণ মন ;
জীয়াই থাকোতে মই অসমৰে অসমীয়া ,
মবিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ ।

উত্তৰঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত চৈয়দ আব্দুল মালিকদেৱৰ ৰচিত ‘ ‘মই অসমীয়া’নামৰ কবিতাটিৰপৰা তুলি দিয়া হৈছে ।
স্বদেশৰ প্রতি আনুগত্য আৰু স্বজাতিৰ প্ৰতি থকা নিভাঁজ ভালপােৱা প্রকাশ কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ উল্লেখ কৰিছে ।

মােগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছিল । অসমীয়া ল’ৰা – তিৰােতাৰ মাজত দেখা পােৱা স্বদেশ প্রেমে মােগলসকলৰ অন্তৰ চুই গৈছে।পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্ধী হিচাপে অসমত থাকি অসমৰ সৌন্দর্য সুষমাত ভােল গৈ পাছলৈ অসমীয়া হৈ পৰিল । ক্রমে হাড়ে হিমজুৰে তেওঁলােক অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল ।

তেওঁলােকৰে মাজৰে এজন হিচাপে ভাবি কবিয়েও অসমীয়া হৈ অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবেই মৰবিও খুজিছে । জীয়াই থাকোতে অসমৰ বাবে কাম কৰিবলৈ বিচৰা কবিয়ে মৃত্যুৰ পিছতত অসমতেই পুনৰ জনম ল’ব বিচাৰিছে । অসমীয়াৰ পৰিচয়েৰে জীৱনে – মৰণে তেওঁ চিৰকাল থাকিব খােজে এই মাটিৰ মায়াত বন্দী হৈ ।

৯। মই অসমীয়া’কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক কিয় প্রশংসা কৰিছে তােমাৰ কথাৰে বুজাইলিখা ।

উত্তৰঃ মইঅসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমক প্রশংসা কৰিছে ।

অসমীয়া জনগণৰ স্বর্ণিল অতীতৰ বীৰত্বপূর্ণ ধ্বজা আৰু পৰাক্ৰমক লৈ কবি গৌৰৱান্বিত । অসমৰ অতীত ইতিহাস ৰােমন্থন কৰি কবিয়ে কৈছে যে মােগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছিল।

বিশ্বজয়ী মােগলে ভাবিছিল তেওঁলােকে সহজে অসম অধিকাৰ কৰিব পাৰিব । কিন্তু অসমৰ সমৰ থলীত পুৰুষ – তিৰােতা সকলােৰে হাতত হেংদাং লৈ ধৰাৰণচণ্ডী মূর্তি দেখি মােগলৰ গতিৰুদ্ধ হৈ পৰিছে । দুপৰৰ পােহৰত জিলিকি উঠা হেংদাঙৰ ঝণঝণনিত অসমীৰ সন্তানসকলৰ বল – বিক্রম যেন দুগুণে বৃদ্ধি পাইছে ।

অৱশেষত অসমীয়া সেনানীৰ সমৰ কৌশল তথা বল – বিক্ৰমৰ সন্মুখত মােগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল । বন্দী হ’ল মােগলৰ অলেখ সেনানী । সদা বিজয়ী অসমীয়াৰ কণ্ঠত ৰঞ্জিত হ’ল অসমৰ স্বাধীনতাৰ গান তথা অসমৰ গৌৰৱৰ আৰতি । অসমীয়া সেনাৰ শক্তিৰ পৰিচয় অসমে পালে । পৰাজিত যুদ্ধবন্দী মােগলৰ বহুতেই অসমত থাকি গ’ল ।

হাড়ে – হিমজুৰে তেওঁলােকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল । পাছলৈ অসমীয়া পৰিচয়েৰে তেওঁলােকে অসমৰ মাটিৰ মায়াত বন্দী হ’ল । সেইসকলৰ মাজৰে এজন হিচাপে কবিয়েও হাড়ে – হিমজুৰে অসমীয়া হৈ অসমীয়া জাতিৰ বীৰত্ব তথা পৰাক্ৰমৰ প্রশংসাত পঞ্চমুখ হৈ পৰিছে ।

১০। কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জনম ল’ম বুলি ভাবিছে । বুজাইলিখা ।

উত্তৰ: জীৱণে – মৰণে অসমীয়া হ’ব খােজা কবিয়ে অতীত ৰােমন্থন কৰি কৈছে । যে মােগলসকলে অসম আক্ৰমণ কৰিবলৈ আহি অসমীয়া মানুহৰ বীৰত্ব দেখি । বিস্মিত হৈছিল । অসমীয়া সেনানীৰ সমৰ কৌশল তথা বীৰত্বৰ সন্মুখত মােগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল।

পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পিছলৈ অসমীয়া হৈ পৰিল । হাড়ে – হিমজুয়ে তেওঁলােক অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল । তেওঁলােকৰে উত্তৰপুৰুষ কবিয়েও অসমীয়া হৈ অসমৰ বাবে যুঁজিবলৈ বিচাৰিছে । স্বদেশৰ প্রতি গভীৰ আনুগত্য আৰু স্বজাতিৰ প্রতি থকা নিভাঁজ ভালপােৱাৰ বাবে কবিয়ে মৰাৰ পিছত পুনৰ অসমতে জনম ল’ব বুলি ভাবিছে ।

১১। ‘মই অসমীয়া’কবিতাটোৰ সাৰাংশ লিখা ।

উত্তৰ: অসমৰ অতীত ইতিহাস কবিতাটোৰ মাজেৰে সুন্দৰকৈ প্রকাশ পােৱা ‘ মই অসমীয়া’ কবিতাটোৰ মাজেৰে কবিৰ স্বদেশৰ প্রতি আনুগত্য আৰু স্বজাতিৰ প্রতি থকা নিভাঁজ ভালপােৱাও প্রকাশিত হৈছে । অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ – সৌন্দর্য আৰু অসমীয়া মানুহৰ বীৰত্ব দেখি বিস্মিত হৈছে ।

অসমীয়া ল’ৰা – তিৰােতাৰ মাজত দেখা পােৱা স্বদেশপ্রেমে মােগলসকলৰ অন্তৰ স্পৰ্শ কৰিলে । ইয়াৰ উপৰিও অসমৰ বিনন্দীয়া ৰূপ , ভক্তি প্ৰেমৰ সৌন্দর্য দেখি মােগলসকল মােহিত হৈ পৰিছে । মােগলে দেখিছে অসমৰ চৌদিশে ধুসৰ পাহাৰ । ইয়াৰ প্ৰতিটো পাত যেন জাংফাই , মিনাকৰাহে ।

নিয়ৰৰ টোপাল পৰি দুবৰিৰ বনবােৰা এনেদৰে জিলিকি আছে যেন মুকুতাৰ থােপাহে । মােগলসকলে আৰু লক্ষ্য কৰিলে যে প্রবালৰ দৰে মূল্যৱান পাথৰেৰে নির্মিত দলঙত অসমীয়াই ভৰি ধােৱে । বাঘ নখেৰে খাৰু আৰু আঙঠি নির্মাণ কৰি পিন্ধে । মহৰ শিঙেৰে পেঁপা । নির্মাণ কৰি বজায় , হাঁহকণী আৰু বৰা চাউলেৰে স্বৰ্গদেউসকলে দেউল সজায় ।

সাগৰৰ দৰে বৃহৎ বৃহৎ পুখুৰী খন্দায় । নিষ্কর্মা ধােদৰ হতুৱাই ৰাজআলি বন্ধায় । অসমীয়া মানুহৰ মাতত মৌ বৰযে ৷ যিমাত শুনি শিলো পমি যায় । অসমীয়া সেনানীৰ বল – বিক্ৰমৰ ওচৰত পৰাজয় হােৱা মােগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি পাছলৈ অসমীয়া হৈ পৰিল । হাড়ে – হিমজুৰে তেওঁলােকে অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিল ।

সেইসকলৰ উত্তৰপুৰুষ কবিয়েও অসমীয়া হৈ অসমৰ বাবে যুঁজিব খুজিছে আৰু অসমৰ বাবেই মৰিবও খুজিছে । জীয়াই থাকোতে অসমৰ বাবে । কাম কৰিবলৈ বিচৰা কবিয়ে মৃত্যুৰ পিছতাে অসমতেই পুনৰ জনম ল’বলৈ বিচাৰিছে । অসমীয়াৰ পৰিচয়েৰে জীৱনে মৰণে তেওঁ চিৰকাল থাকিব খােজে এই অসমৰ মাটিৰ মায়াত বন্দী হৈ ।

১২। মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা ।

উত্তৰ: মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি অতি সুন্দৰভাৱে ফুটি উঠিছে । সুদূৰ পশ্চিমৰপৰা অসম অধিকাৰ ৰাৰ সপােন লৈ মােগলসকলে অসমৰ মাটিত ভৰি দিছিলহি ।

সাম্রাজ্যবাদী মােগলে ভাবিছিল তেওঁলােকে সহজেই অসমীয়াক পৰাভূত কৰি হেলাৰঙে অসম অধিকাৰ কৰিব পাৰিব । কিন্তু অসমৰ সমৰ থলিত উপস্থিত হৈ অসমৰ সেনানীৰ সাহস , মনােবল দেখি মােগল সেনা আচৰিত হৈ পৰিল । দেশ মাতৃক ৰক্ষাৰ হেতু অসমৰ পুৰুষ তিৰােতা সকলােৱে ৰণচণ্ডী মূর্তি ধৰি হাতত হেংদাং লৈ ৰণাংগণত থিয় দিছেহি ।

অৱশেষত অসমীয়া সেনানীৰ সমৰ কৌশল তথা বীৰত্বৰ ওচৰত মােগলে পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হ’ল । বহুতাে মােগল সেনা বন্দী হ’ল । যুদ্ধবন্দী মােগল সেনাই অসমৰ বিনন্দীয়া সৌন্দর্য , ইয়াৰ মাটিৰ মাহত এনেদৰে আচ্ছন্ন কৰিলে যে অসমতে থাকি , অসমীয়া ভাষা , সংস্কৃতি আঁকোৱালি লৈক্রমে হাড়ে – হিমুজুৱে অসমীয়া হৈ পৰিল ।

এনেদৰে মই অসমীয়া কবিতাটোৰ মাজেৰে অসমৰ অতীত গৌৰৱৰ চানেকি প্রকাশ পাইছে ।

ভাষা বিষয়ক

১৪। ( ক ) ব্যাসবাক্যসহ সমাসৰ নাম লিখাঃ
স্বর্ণপুৰী ; মুক্তগীত ; অনিৰুদ্ধ ; নিষ্কর্মা ।

উত্তৰঃ স্বর্গপুৰী : স্বৰ্গৰ পুৰী –ষষ্ঠী তৎপুরুষ সমাস ।
মুক্তগীত : মুক্ত যি গীত – কর্মধাৰয় সমাস ।
অনিৰুদ্ধ : ন ৰুদ্ধ – নঞ তৎপুরুষ সমাস ।
নিষ্কর্মা : ন কর্ম – নঞ তৎপুরুষ সমাস ।

( খ ) তলৰ শব্দবােৰৰ নিচিনা পাঁচটা শব্দ সাজা :
বাঘনখ , হাঁহ কণী , মহশিং ।

উত্তৰ: হাতী – দাঁত , ৰাজশক্তি , কালিদাস , গ্রন্থাগাৰ , জীৱন – বীমা

( গ ) বিপৰীত শব্দ লিখ :
গৌৰৱ ; আলােক ; স্বাধীনতা ; পৰাজিত ; সপােন ; মৰণ ।

উত্তৰঃ গৌৰৱ — কালিমা
আলােক ― তিমিৰ
স্বাধীনতা ― পৰাধীনতা
পৰাজিত — বিজিত
সপােন — দিঠক
মৰণ — জীৱন

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমুকৈ উত্তৰ দিয়া।

প্রশ্ন ১। মোগলবিলাক ক’ৰ পৰা আহিছিল

উত্তৰঃ অসমৰ পশ্চিমত থকা মোগল সাম্রাজ্যৰ পৰা।

প্রশ্ন ২। মোগলবিলাকে কি আশা কৰি অসমলৈ আহিছিল?

উত্তৰঃ অসমক জয় কৰাৰ আশাৰে। 

প্রশ্ন ৩। অসমত আহি মোগলে কি দেখিছিল?

উত্তৰঃ স্বাধীনতা প্রেমী ৰজা-প্ৰজাক।

প্রশ্ন ৪। মোগলবিলাকে অসমত কি কৰিম বুলি আশা কৰিছিল?

উত্তৰঃ মুছলমান অৰ্থা‍ৎ মোগল ৰাজত্ব প্রতিষ্ঠা কৰিব বুলি আশা কৰিছিল।

প্রশ্ন ৫। কামৰূপক মোগলে কেনেভাৱে পোৱাৰ আশা কৰিছিল?

উত্তৰঃ মোগলৰ নিজ ৰাজ্য হিচাবে।

প্রশ্ন ৬। মোগলবিলাকে অসমৰ ৰণথলীত কি দেখিছিল? 

উত্তৰঃ অসমীয়া নাৰী-পুৰুষৰ একতা, স্বাধীনতা স্পৃহা আৰু ৰণকৌশল।

প্রশ্ন ৭। অসমৰ ৰণথলীত মোগলৰ কি হৈছিল?

উত্তৰঃ পৰাজয় আৰু পূৰ্বৰ গৌৰৱ বিলুপ্ত হৈছিল। 

প্রশ্ন ৮। মোগলবিলাকে অসমীয়াৰ পৰা কি পাইছিল?

উত্তৰঃ স্বদেশপ্ৰেম আৰু নতুন শক্তিৰ পৰিচয়।

প্রশ্ন ৯। মোগলবিলাকে অসমৰ চৌদিশত কি দেখিছিল?

উত্তৰঃ মনোৰম পাহাৰে আগুৰা প্ৰাকৃতিক সৌন্দৰ্য্য। 

প্রশ্ন ১০। অসমীয়া তিৰোতোই কি অলংকাৰ পিন্ধে? 

উত্তৰঃ সোণৰ অলঙ্কাৰৰ বাহিৰেও অসমীয়া তিৰোতা বাঘ-নখৰ খাৰু আৰু আঙুঠি পিন্ধে।

প্রশ্ন ১১। অসমীয়া মানুহে খৰমৰ চুলা কিহেৰে তৈয়াৰ কৰিছিল?

উত্তৰঃ হাতী দাঁতেৰে।

প্রশ্ন ১২। অসমৰ ৰজাই কিহেৰে দেউল সজায় ?

উত্তৰঃ হাঁহ-কণী আৰু চাউলেৰে। 

প্রশ্ন ১৩। অসমীয়া মানুহে কিহৰ পেঁপা বজায়?

উত্তৰঃ ম’হৰ শিঙৰ।

প্রশ্ন ১৪। কাণত সোণৰ থুৰীয়া কোনে পিন্ধে বুলি কৈছে?

উত্তৰঃ পুঠি মাছে। 

প্রশ্ন ১৫। অসমৰ ৰজাই কাৰ হতুৱাই আলি বন্ধাই ছিল?

উত্তৰঃ নিষ্কর্মা ধোদসকলৰ দ্বাৰাই। 

প্রশ্ন ১৬। মোগলবিলাকে অসমৰ ৰাজধানীত কি কি দেখিছিল?

উত্তৰঃ বাৰটা পুখুৰী, ৰংঘৰ আৰু কাৰেংঘৰ।

প্রশ্ন ১৭। মোগলবিলাকে অসমৰ ৰাজধানীক কিহৰ লগত তুলনা কৰিছে?

উত্তৰঃ স্বর্গপুৰীৰ লগত।

প্রশ্ন ১৮। অসমত মোগলবিলাক কিয় মুগ্ধ হৈছিল?

উত্তৰঃ অসমৰ অপৰূপ সৌন্দৰ্য্য দেখি।

প্রশ্ন ১৯। পৰাজিত মোগলবিলাকে কি কৰিলে?

উত্তৰঃ অসমক নিজৰ দেশ বুলি লৈ অসম ত্যাগ নকৰাৰ সংকল্প কৰিলে ।

প্রশ্ন ২০। অসমত মোগলবিলাকে নিজৰ বুলি কি ৰাখিলে?

উত্তৰঃ কেৱল নিজৰ ধৰ্মটো।

প্রশ্ন ২। চমুকৈ উত্তৰ দিয়া : 

(ক) অসমীয়া তিৰোতাৰ অলংকাৰ কি কি?

উত্তৰঃ অসমীয়া তিৰোতাই তেতিয়াৰ দিনত সোণ-ৰূপ, মণি-মুকুতাৰ নানাবিধ অলংকাৰ পিন্ধাৰ উপৰিও বাঘৰ নখেৰে নিৰ্মিত খাৰু হাতত পিন্ধিছিল আৰু আঙুঠি ভৰিত পিন্ধিছিল।

(খ) অসম জয় কৰিবলৈ অহা মোগলৰ কি পৰিণতি হ’ল?

উত্তৰঃ অসমীয়াৰ ৰণকৌশলত মোগলবিলাক পৰাস্ত হ’ল। ৰাজপুত-সকলৰ পৰাস্ত কৰাৰ যি গৌৰৱ মোগলে কৰিছিল সেই গৌৰৱৰ অৱসান ঘটিল। মোগলে তেওঁলোকৰ প্ৰকৃত শক্তিৰ পৰিচয় তেতিয়াহে পালে।

(গ) মোগলে উভতি চাই কি দেখিলে? 

উত্তৰঃ মোগলবিলাকে উভতি চাই দেখিলে অসমৰ মনোৰম প্ৰাকৃতিক সৌন্দর্য। চাৰিওফালে থিয় হৈ থকা পাহাৰবোৰে অসমক আগুৰি আছে। হাবিবোৰত মনোৰম প্ৰাকৃতিক শোভা। বননিৰ প্ৰতিটো পাতেই যেন জাংফাই, মিনাকৰা ৰূপ জিলিকাইছে। দুৱৰি বনৰ পাতৰ আগত মুকুতাৰ থোপা জিলিকি উঠিছে। মণি-মুকুতাৰে ভৰপুৰ অসমত মানুহে হাতী দাঁতৰ খৰমৰ চুলা কৰিছে, তিৰোতাবোৰে বাঘ নখৰ খাৰু আৰু আঙুঠি পিন্ধিছে। দেশৰ সকলো মানুহে কর্মী, স্বদেশ আৰু স্বাধীনতাপ্রেমী; সকলোৱে একত্ৰিত হৈ স্বাধীনতাক ৰক্ষা কৰে। ৰজা সকোলে পুখুৰী খান্দি, দৌল-সাজি, ৰংঘৰ- কাৰেংঘৰ সাজি নগৰক স্বৰ্গপুৰী সদৃশ কৰি ৰাখিছে। ক’তো একোৰে অভাৱ নাই — ধূলিৰ লগতো সোণ-হীৰা পোৱা যায়। মানুহবোৰ মৰমীয়াল — মিঠা মাতেৰে মানুহক বশ কৰিব পাৰে। স্বাধীন দেশৰ মুক্তবায়ু সেৱন কৰি সকলো অসমীয়াই মিঠা সুৰেৰে স্বাধীনতাৰেই গীত গায়। ইয়াতে মোগলে উপলব্ধি কৰিব পাৰিলে যে অসমৰ দৰে ৰূপ-সৌন্দৰ্য্যৰ দেশ পৃথিৱীৰ আৰু ক’তো নাই।

(ঘ) দূৰৰ মোগল কেনেকৈ আহি অসমীয়া হ’ল?

উত্তৰঃ মোগলবিলাক যুদ্ধৰ সৈনিক হিচাৱে সম্ৰাটৰ আদেশত অসম জয় কৰিবলৈ আহিছিল। মোগল আৰু অসমীয়াৰ মাজত ৰণ হ’ল; কিন্তু দিগ্বিজয়ী মোগল সেনা স্বাধীনতাপ্রেমী অসমীয়া সেনাৰ হাতত পৰাজিত হ’ল। তেতিয়া সেই পৰাজিত মোগল জাতিৰ চকুত পৰিল অসমৰ অপৰূপ সৌন্দৰ্য্য আৰু অবৰ্ণনীয় ঐশ্বৰ্য্য। পৰাজিত হৈও অসমীয়াৰ পৰা পালে চেনেহৰ মাত-আদৰৰ ব্যবহাৰ। ইয়াতেই পৰাজিত মোগলবিলাক মুগ্ধ হ’ল আৰু অসম দেশ এৰি নাযাবলৈ স্থিৰ কৰি অসমতে স্থায়ীভাবে বসবাস কৰিবলৈ ল’লে। তেতিয়াৰে পৰা মোগলবিলাক মনে-প্রাণে অসমীয়া হৈ পৰিল।

(ঙ) কবিৰ কামনা কি?

উত্তৰঃ কবিয়ে কামনা কৰে জীয়াই থকা দিন কেইটা অসমৰ হকে যুঁজি অসমীয়া হৈ দেশ ৰক্ষা কৰিব আৰু স্বাধীনতাৰ গীত গাব আৰু অসমীয়া হৈয়েই থাকিব। মৃত্যু হ’লেও তেওঁ অসমীয়া হিচাবেহে মৃত্যু বৰণ কৰিব। মৃত্যুৰ পাছতো যদি তেওঁৰ পুনৰ জন্ম হয় তেনেহলে আকৌ অসমতহে জন্ম ল’ব। মৃত্যুৰ পাছত তেওঁ স্বৰ্গত থকা কালত যদি কোনো অসমীয়াই তেওঁক স্মৰণ কৰে, তেন্তে তেওঁ সেই অসমীয় মাত আৰু ভাষা বুজি পাব। অর্থাৎ‍ তেওঁ চিৰদিন অসমীয়া হৈয়েই থাকিব।

(চ) মোগলবিলাক অসমলৈ ক’ৰ পৰা কিয় আহিছিল?

উত্তৰঃ মোগল সম্রাট বিলাকে দিল্লীত ৰাজধানী পাতি ভাৰতত সাম্ৰাজ্য বিস্তাৰ কৰিছিল। সেই সময়ত অসমত আহোম ৰজাসকলে ৰাজত্ব কৰিছিল আৰু স্বাধীনভাৱে ৰাজ্য চলাইছিল। ভাৰতৰ অন্যান্য ৰাজ্যবোৰ জয় কৰাৰ পাছত মোগল সম্রাটে অসম দেশ জয় কৰিবৰ বাবে মোগল সেনাবাহিনীক আদেশ দিয়ে। সেই আদেশ অনুসৰি অসম বিজয়ৰ আশা লৈ মোগলবিলাক অসমলৈ আহিছিল। 

(ছ) অসমত ভৰি দি মোগলবিলাকে কি দেখিছিল?

উত্তৰঃ অসমলৈ আহি মোগলবিলাকে দেখিছিল অসমৰ ৰাজ-সিংহাসনত বহি আহোম ৰজাই আনন্দ মনে ৰাজ-কাৰ্য্য চলাই আছে। বতাহত স্বাধীন অসমৰ স্বাধীন পতাকা উৰি আছে আৰু অসমীয়া মানুহে মুক্ত আকাশৰ তলত মুক্ত মনেৰে স্বাধীনতাৰ গীত গাই গাই নিজ নিজ কৰ্ম কৰি গৈ আছে। কাৰো মনত কোনো দুখ নাই, কোনো চিন্তা নাই—সমগ্র অসমেই স্বাধীন-আনন্দ-মুখৰ 

(জ) অসমলৈ আহি মোগলবিলাকে কি কল্পনা কৰিছিল?

উত্তৰঃ মোগলবিলাকে কল্পনা কৰিছিল যে তেওঁলোকে নিজ বীৰত্বক প্ৰদৰ্শন কৰি মোগলৰ বিজয় শক্তি অসমীয়াক দেখুৱাব। তেওঁলোকে ভাবিছিল আৰু বিশ্বাসো কৰিছিল যে ইতিপূৰ্বে দিগ্বিজয় কৰি অহা মোগল শক্তিক বাধা দিয়াৰ সাধ্য কাৰো নাই। তেওঁলোকে আশা কৰিছিল অসমত মুছলমান ৰাজত্ব প্রতিষ্ঠা হ’ব আৰু প্ৰাচীন ঐতিহ্যপূর্ণ অসম বা কামৰূপ মোগলৰ হ’ব।

(ঝ) মোগলবিলাকে ৰণথলীত অসমৰ কী ৰূপ দেখিছিল?

উত্তৰঃ মোগলবিলাকে দেখিছিল যে তেওঁলোকৰ আক্ৰমণক প্ৰত্যাহ্বান জনাবলৈ সকলো অসমীয়াই হাতত হেংদাং লৈ যুদ্ধক্ষেত্রলৈ ওলাই আহিছিল। সূৰ্য্যৰ পোহৰত হেংদাংবোৰ তিৰবিৰাই উঠিছিল। দেশৰ স্বাধীনতা ৰক্ষা কৰিবলৈ অসমীয়া পুৰুষ-মহিলা উভয়ে আহি যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল। মৃত্যুলৈ কাৰো ভয় নাছিল; তিৰোতাবোৰে ৰণচণ্ডী ৰূপ ধাৰণ কৰি শত্ৰুৰ বিপক্ষে থিয় দি স্বাধীনতাক ৰক্ষা কৰিছিল।

(ঞ) অসমীয়াৰ লগত যুদ্ধ কৰি মোগল বিলাকে অসমীয়া সকলৰ কি পৰিচয় পাইছিল?

উত্তৰঃ মোগলবিলাকে সদায় নিজকে প্রবল প্রতাপী মহা শক্তিমান বুলি ভাবিছিল। অৱশ্যে তাৰ কাৰণো আছিল। তেওঁলোকে ভাৰতৰ সকলো ৰজাকে পৰাস্ত কৰিছিল। আনকি বুৰঞ্জীত মহা প্ৰৱল প্রতাপী বুলি খ্যাত ৰাজপুত জাতিকো মোগলে পৰাভূত কৰি সাম্ৰাজ্য বিস্তাৰ কৰিছিল। সেই বাবে তেওঁলোকে ভাবিছিল যে অসমীয়া শক্তি মোগলতকৈ পৰাক্ৰমী হ’ব নোৱাৰে। পিছে যুদ্ধক্ষেত্ৰত যেতিয়া অসমীয়া সেনাৰ হাতত মোগলবিলাক পৰাজিত হ’ল, তেতিয়াহে তেওঁলোকে আন এটা নতুন শক্তিৰ পৰিচয় পালে অর্থাৎ অসমীয়া সকলৰ শক্তি তেওঁলোকতকৈ শ্ৰেষ্ঠ বুলি স্বীকাৰ কৰিলে।

প্রশ্ন ৩। ৰচনাধর্মী প্রশ্নোত্তৰ :

(ক) কবিৰ অসমীয়া প্ৰীতিৰ কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।

উত্তৰঃ কবি অসমীয়া, হাড়ে হিমজুৱে, অসমীয়া। সেই কাৰণে তেওঁ জনমে জনমে অসমতে জন্ম লব খোজে আৰু অসমৰ কাৰণে যুঁজি অসমতেই মৃত্যু বৰণ কৰিব খোজে। অসমীয়া জাতি তেওঁৰ প্ৰাণৰ আপোন। কবিয়ে অসমক ভাল পায়, অসমৰ মানুহক ভাল পায়, ভাষা-সংস্কৃতি, গীত-মাত, বায়ু-পানী সকলোকে ভাল পায়। সেই কাৰণে তেওঁ জীয়াই থাকোঁতেও অসমীয়া আৰু মৰোঁতেও অসমীয়া হৈ মৰিব খোজে। আৰু যদি মৃত্যুৰ পাছত তেওঁৰ পুনৰ জন্ম হয়, তেন্তে অসমৰ পুৰণি স্মৃতিক লৈ পুনৰাই অসমতেই জন্ম ল’ব খোজে। জন্ম লওঁতে অসম মাতৃক ‘আই’, আৰু মৰোঁতেও ‘যাঁওঁ’ বুলি বিদায়ৰ মাত দিব খোজে। 

মৃত্যুৰ পাছত স্বৰ্গীয় সুখত মজি থকা সময়তো যদি কেতিয়াবা অসমীয়া গীতৰ সুৰ শুনে, তেনেহলে তাক তেওঁ মনোযোগেৰে কান পাতি শুনিব। তেওঁ য’তেই নাথাকক কিয়, অসমীয়াৰ-ভাষা, গীত-মাত, বুজি পাব। এইদৰে কবিয়ে তেওঁৰ অসমীয়া প্ৰীতিক প্ৰকাশ কৰিছে।

(খ) ‘মই অসমীয়া’ কথাষাৰৰ তাৎপৰ্য্য বিচাৰ কৰা। এওঁলোকক অসমৰ কি কি বস্তুৱে কেনেভাৱে আকৰ্ষণ কৰি মৰিলেও অসমৰে মই’ হ’বলৈ উদ্‌গনি দিছে?

উত্তৰঃ যিখন দেশত মানুহ নজনা বা জানিব পৰা দিনৰে পৰা বংশগত ভাৱে বাস কৰি আছে, তেওঁ নিজকে সেই দেশৰ মানুহ বুলি কয়। কিন্তু বর্তমানতো অসমত বাস কৰা মুছলমান সম্প্রদায়টো নজনা দিনৰপৰা অসমত বংশানুক্রমে বাস কৰি অহা অসমীয়া নহয়। তেওঁলোক কেতিয়া কোন সময়ত অসমলৈ আহিছিল সেই কথা সুন্দৰ স্পষ্টভাৱে তেওঁলোকৰ মনত আছে। এটা সময়ত তেওঁলোক অসমৰ বাহিৰৰ পৰা আহিছিল মোগল সম্রাটর সৈনিক আৰু  অসম-অসমীয়াৰ শত্ৰু হিচাবে অসম দেশ জয় কৰিবলৈ। 

তেতিয়া তেওঁলোকৰ অসমীয়া ভাষা সংস্কৃতিৰ সৈতে কোনো সম্বন্ধ নাছিল, আনকি অসমীয়া ভাষা-সংস্কৃতিৰ লগত চিনাকিও নাছিল।ধৰ্মৰ ক্ষেত্ৰতো তেওঁলোক আছিল ইচ্‌লামী আৰু অসমীয়া সকল আছিল হিন্দু–দুয়োটা পক্ষৰ মাজত ইমানেই প্রভেদ আছিল। কিন্তু মোগলবিলাকে অসম জয় কৰিব নোৱাৰিলে আৰু বহুতো সৈনিক যুদ্ধ বন্দী হিচাবে অসমতে থাকি গ’ল। তাৰ পাছত তেওঁলোকক যেতিয়া বন্দীত্বৰ পৰা মুকলি কৰি দিয়া হ’ল, তেতিয়াও তেওঁলোকে অসম এৰি যাবলৈ ইচ্ছা নকৰিলে। 

তেঁওলোকে মোগল সম্ৰাটৰ শাসন নামানি আহোম ৰজাৰ শাসন মানি ল’লে, তেওঁলোকৰ মাতৃ-ভাষা-ত্যাগ কৰি অসমীয়া ভাষা শিকি অসমীয়া ভাষাক মাতৃভাষা বুলি গ্ৰহণ কৰিলে আৰু মোগলীয় সংস্কৃতি ত্যাগ কৰি অসমীয়া সংস্কৃতি আঁকোৱালি ললে। অসমক মাতৃভূমি বুলি গ্ৰহণ কৰি অসমৰ হকে বিদেশীৰ সৈতে যুঁজ দিলে। অসমৰ উৎপাদন বঢ়াই জাতীয় শক্তি বৃদ্ধি কৰিলে। সেই কাৰণে তাহানিৰ মোগলৰ বংশধৰ হৈ-ও অসমৰ মুছলমান সকলে নিজকে ‘মই অসমীয়া’ বুলি দাবী কৰিব পাৰে বা গৌৰৱেৰে দাবী কৰে।

মোগলবিলাককনো কি বস্তুৱে এনেদৰে আকৰ্ষণ কৰিলে? এই প্ৰশ্নৰ উত্তৰত কবিয়ে কৈছে যে মোগলৰ চকুত প্ৰথমে পৰিছিল অসমৰ বিনন্দীয়া ৰূপ। চৌদিশ পৰ্বত-পাহাৰেৰে আগুৰা অসমৰ প্ৰাকৃতিক সৌন্দর্য অতি মনোৰম। অসমৰ হাবিৰ সেউজীয়া ৰূপৰ দৰে সৌন্দৰ্য্য যেন আৰু কতো নাই — গছগছনিৰ প্ৰতিটো পাতেই যেন মিনা কৰা ৰূপ জাতিষ্কাৰ। মানুহবোৰ স্বাধীন, মনবোৰ স্বাধীন আৰু দেশ ভক্তিও অসীম। 

প্রতিজন অসমীয়াই সহজ সৰল আৰু উদাৰ। অসমীয়া মানুহৰ মিঠা মাত, অকৃত্রিম স্নেহ আৰু দৰদী মনৰ ভক্তি-প্রেম অতুলনীয়। প্রতিজন অসমীয়াই স্বাধীন মনেৰে ফুৰে, আনন্দ কৰে, স্বাধীনতাৰ গীত গায় আৰু ম’হৰ শিঙৰ পেঁপা বজাই মিঠা সুৰৰ ধ্বনি তোলে। প্রজাবৎসল ৰজাৰ শাসন কটকটীয়া, কোনো মানুহ নিষ্কর্মা হৈ বহি নাথাকে। প্ৰজাৰ সহায়তে ৰজাই দ’ল বান্ধে, পুখুৰী খান্দে, ৰংঘৰ কাৰেংঘৰ সাজি ৰাজধানীক স্বৰ্গপুৰীৰ তুল্য ধুনীয়া কৰি তোলে। অর্থনৈতিক দিশত অসম অতিকৈ টনকিয়াল — নদীৰ বালিত সোণৰ চপৰা পোৱা যায়, অসমৰ ধূলি-বালিত সোণ-হীৰা পোৱা যায়। 

অসমীয়া মানুহে মাটিৰ চৰু ভৰাই সোণ হীৰা ভগাই লয়। পুৰুষবোৰে হাতী দাঁতৰ খৰমৰ চুলা কৰে; তিৰোতাবোৰে সোণ ৰূপৰ অলংকাৰৰ বাহিৰেও বাঘ নখৰ খাৰু, আঙুঠি আদি তৈয়াৰ কৰি পিন্ধে। মুঠতে অসমত কানো বস্তুৰ অভাৱ নাই — সকলো উভৈনদী। এনেবোৰ আকর্ষণে মোগলবিলাকক অসমত ৰাখিছিল আৰু হাড়ে হিমজুৱে অসমীয়া হ’বলৈ অনুপ্ৰেৰণা যোগাইছিল। সেই কাৰণে তেওঁলোকে ‘মৰিলেও অসমীয়া হৈ মৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।

প্রশ্ন ৪। ব্যাখ্যা কৰা :

(ক) নিষ্কর্মা ধোদৰ দলে বান্ধে ৰাজআলি … ৰংঘৰ কাৰেংঘৰ দীপ্ত স্বৰ্গপুৰী। 

উত্তৰঃ এই কবিতাফাকি চৈয়দ আব্দুল মালিকৰ ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে আহোম ৰাজত্ব কালৰ শাসন, কৰ্মপটুতা আৰু ৰাজকীয় ঐশ্বৰ্য্যৰ কথা আলোচনা কৰাৰ প্ৰয়াস কৰিছে।

আহোম সকলে অসমত ছশ বছৰ কাল ৰাজত্ব কৰিছিল। সেই সময়ত অসমীয়া নাৰী পুৰুষ উভয়ে স্বাধীনতাপ্রিয় আছিল আৰু সকলোৱে একগোট হৈ বাহিৰা শত্ৰুৰ বিপক্ষে থিয় দি দেশ আৰু দেশৰ স্বাধীনতাক ৰক্ষা কৰিছিল। প্ৰতিজন অসমীয়াই আছিল কৰ্মপটু। ৰজাৰ শাসন আছিল কটকটীয়া। কোনো মানুহেই দেশৰ কাম নকৰাকৈ বহি থাকিব পৰা নাছিল। দেশৰ ভিতৰত যি বিলাক ধোদৰ আছিল, সেই বিলাকৰ হতুৱাই ৰজাই ৰাজ আলি বন্ধাইছিল। 

ৰজাসকলে ৰাজধানী নগৰখনক ধুনীয়াকৈ সজাইছিল। নগৰৰ ভিতৰত বাৰটা পুখুৰী খন্দাইছিল। ৰংঘৰ সাজি ৰঙৰ মেলা চাইছিল। মনোমোহা কাৰেংঘৰ সাজি ৰজাই বাস কৰিছিল। ঠায়ে ঠায়ে দৌল সজাই ৰজাই নিজৰ কীৰ্তিক যুগমীয়া কৰি তুলিছিল। কোনো  মানুহৰ কোনো বস্তুৰ অভাৱ নাছিল। ধনসোণেৰে পৰিপূৰ্ণ সোণৰ অসমত সকলোৱে আনন্দ মনে দিন কটাইছিল। নগৰবোৰত নানা কাৰু-কাৰ্য্য কৰি স্বৰ্গীয় দীপ্তি চৰাইছিল। অসমৰ ঐশ্বৰ্য্যশীলতাই সেই সময়ত বহিৰাগত সকলকো আকর্ষণ কৰিছিল।

(খ) ‘আহোম আমাৰ ৰজা সেই দিন ধৰি

মোৰ দেশ এই কামৰূপ।’

উত্তৰঃ এই কবিতাংশ চৈয়দ আব্দুল মালিকৰ ৰচিত কবিতা ‘মই অসমীয়া’ৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে বৰ্ণনা কৰিছে মোগলবিলাক পৰাজিত হৈ কেনেকৈ কেতিয়াৰ পৰা অসমত অসমীয়া হ’ল।

আহোম ৰাজত্ব কালত মোগলবিলাকে অসম দেশ জয় কৰাৰ আশাৰে দিল্লীৰ মোগল সম্ৰাটৰ আদেশক্রমে অসমলৈ আহে। ভাৰতৰ অন্যান্য ৰাজ্য আনকি মহাপৰাক্ৰমী স্বাধীনতাপ্রেমী ৰাজপুত বীৰ সকলকো মোগলে পৰাজিত কৰি সাম্ৰাজ্য বিস্তাৰ কৰিছিল। কিন্তু অসমত আহি তেওঁলোকৰ সেই বীৰত্বৰ পতন ঘটিল কাৰণ অসমীয়া নাৰীপুৰুষ উভয়ে একত্ৰিত ভাৱে মোগলৰ সৈতে ৰণ কৰাত মোগলবিলাক পৰাস্ত হ’ল। 

মোগল সৈন্যবিলাকৰ বহুতো যুদ্ধ-বন্দী হিচাবে আৱদ্ধ হ’ল। এই বন্দীবিলাকে তেতিয়া অসমৰ ৰূপ-সৌন্দৰ্য্য আৰু ঐশ্বৰ্য্য বিভূতি দেখি পুনৰাই মোগল সাম্ৰাজ্যলৈ উভতি যাবলৈ ইচ্ছা নকৰিলে। তেওঁলোকে আহোম ৰাজ্যত থাকি আহোম ৰজাক নিজৰ ৰজা বুলি স্বীকাৰ কৰিলে আৰু অসমকো নিজৰ দেশ বুলি সভক্তিৰে গ্ৰহণ কৰিলে। প্ৰাচীন কালত সমগ্ৰ অসমকে কামৰূপ বুলিছিল। গতিকে মোগলবিলাকে প্ৰাচীন কামৰূপৰ বিভিন্ন ঠাইত সেই পৰাজিটত হোৱা দিনৰে পৰা থাকি অসমক স্বদেশ বুলি স্বীকাৰ কৰিলে। 

(গ) ‘ৰণচণ্ডী মূৰ্তি ধৰি স্বাধীন পুৰুষ নাৰী

বুকু পাতি নামিল ৰণত।’

উত্তৰঃ এই কবিতাফাঁকি চৈয়দ আব্দুল মালিকৰ ৰচিত ‘মই অসমীয়া’ কবিতাৰ পৰা তুলি দিয়া হৈছে। কবিয়ে এই কবিতাংশৰে অসমীয়া মানুহৰ স্বদেশ প্ৰেমৰ কথা কৈছে।

আহোমৰ ৰাজত্ব কালত অসমীয়া মানুহৰ স্বদেশ প্রেম আৰু স্বাধীনতা প্রেম অতি গভীৰ আছিল। সেই সময়ৰ অসমীয়া মানুহে দেশৰ বাবে জীৱনক তুচ্চ জ্ঞান কৰিছিল। সেইবাবে তেতিয়া অসমৰ স্বাধীনতাও অটুত আছিল। মোগলবিলাকে ভাৰতত ৰাজত্ব কৰা কালত ভাৰতৰ স্বাধীন ৰজাসকলক পৰাস্ত কৰি মোগলৰ কৰতলীয়া কৰিছিল। তেতিয়া আহোমৰ স্বাধীন ৰাজত্ব দেখি মোগলে অসম আক্ৰমণ কৰিবলৈ মন মেলিলে। 

মোগলে ভাবিছিল মহাপ্ৰতাপী ৰাজপুত বীৰসকলোকো পৰাস্ত কৰা মোগল বাহিনীক আৰু কোনেও ক’তো পৰাস্ত কৰিব নোৱাৰে। সেই ভাৱনাৰে আহি মোগলবিলাকে যেতিয়া অসম আক্ৰমণ কৰিলে তেতিয়া অসমৰ স্বাধীন পুৰুষ-নাৰী সকলোৱে একগোট হৈ প্ৰচণ্ড শক্তিৰে মোগলৰ আক্ৰমণ প্ৰতিহত কৰিলে আৰু মোগলবিলাকেও পৰাজিত হৈ অসমীয়াক অধিক শক্তিশালী ৰাজ্য বুলি স্বীকাৰ কৰিলে। এই শক্তিমন্ত অসমীয়া জাতিৰ একতা, বীৰত্ব, স্বদেশপ্ৰেম আৰু স্বাধীন মনোভাৱৰ কথাকেই কবিয়ে কৈছে।

(ঘ) বিজয়ৰ তৃষালৈ ………. আপোনাৰ বিজয়ৰ 

গান। 

উত্তৰঃ এই কবিতাংশ চৈয়দ আব্দুল মালিকৰ ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাৰপৰা তুলি দিয়া হৈছে। কবিয়ে এই কথাৰে মোগলবিলাকৰ অসমলৈ অহাৰ উদ্দেশ্য বিশ্লেষণ কৰিছে।

মোগলবিলাকে ভাৰতত বহু বছৰ কাল ৰাজত্ব কৰিছিল। তেওঁলোকে পৰম বিক্ৰমেৰে ভাৰতৰ ৰজাসকলক জয় কৰি তেওঁলোকৰ ৰাজ্যক মোগল সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। মোগলৰ বীৰত্ব আৰু পৰাক্ৰমত ভাৰতৰ বহুতো ৰজাই বিনাযুদ্ধে মোগলৰ বশ্যতা স্বীকাৰ কৰি কৰতলীয়া হৈছিল। ইয়াৰ ফলত মোগলৰ সাহস আৰু ৰাজ্য-লোভ দিনে দিনে বাঢ়ি গৈছিল। 

সেই সময়ত অসমত আহোমবিলাকে স্বাধীনভাবে ৰাজত্ব কৰিছিল। ভাৰতৰ অন্যান্য ৰাজ্য জয় কৰাৰ পাছত অসমৰ প্ৰতিও মোগলৰ লোভ লাগিল। সম্ৰাটৰ আদেশক্রমে মোগলবিলাকে অসম জয় কৰিবলৈ উলাই আহিল আৰু লুইতৰ পাৰত কোঠ মাৰিলে। তেওঁলোকে অতি গৌৰৱেৰে অসম অভিযান চলাইছিল আৰু অসমতো আহি অতীতৰ বিজয় গৌৰৱৰ গানকে গাইছিল। পিছে যেতিয়া মোগল আৰু আহোমৰ যুদ্ধ হ’ল তেতিয়া মোগলে পৰাজয় স্বীকাৰ কৰিলে। তেওঁলোকৰ অসমত মোগল ৰাজ্য স্থাপনৰ আশা চুৰমাৰ হ’ল আৰু পূৰ্বৰ গৌৰৱো বিলুপ্ত হল।

(ঙ) ‘প্রান্তে প্রান্তে বাজে মাথো গৌৰৱৰ বিজয়ৰ

মুক্তগীত বিৰাম বিহীন।’

উত্তৰঃ এই কবিতাংশ চৈয়দ আব্দুল মালিকৰ ৰচিত কবিতা ‘মই অসমীয়া’ৰ পৰা উদ্ধৃত কৰা হৈছে। কবিয়ে এই কবিতাংশৰে অতীত অসমৰ অৰ্থাৎ আহোমৰ ৰাজত্ব কালৰ দিনাৰ গৌৰৱময় বৰ্ণনা দিছে।

অসমত আহোমৰ ৰাজত্বকাল এটা গৌৰৱময় কাল। তেওঁলোকে অসমত ছশ বছৰ কাল অতি পৰাক্ৰমেৰে স্বাধীনভাৱে ৰাজত্ব কৰিছিল। আহোম ৰাজ্য স্থাপন হোৱা দিনৰেপৰা স্বাধীন আছিল। বাহিৰৰ কোনো শত্রুৱে আহোম ৰাজত্বক পৰাভূত কৰিব পৰা নাছিল। স্বাধীন ৰজাৰ শাসনত থাকি অসমীয়া প্ৰজাবোৰৰ মনও স্বাধীন হৈ আছিল। অসমীয়া প্ৰজাই অসমদেশত স্বাধীনভাৱে ফুৰিছিল, কাম কৰিছিল, বসবাস কৰিছিল আৰু স্বাধীনতাৰ গীত গাই নিজৰ গৌৰৱ ঘোষণা কৰিছিল। 

কাৰো ক’তো কোনো অভাৱ নাছিল, অশান্তি নাছিল। তেনে এটা সময়তে মোগলবিলাকে অসম আক্ৰমণ কৰিবলৈ মোগলৰ সম্ৰাটৰ আদেশত অসমলৈ আহে। মোগলবিলাকে অসমৰ সীমাত থিয় হৈ অসমীয়াৰ স্বাধীনতাৰ ৰূপ দেখিছিল যদিও আত্মশক্তিত বিশ্বাসী হৈ অসম আক্ৰমণ কৰে আৰু সেই আক্রমণক অসমীয়া নাৰীপুৰুষ একত্ৰিত হৈ প্ৰতিহত কৰি নিজৰ স্বাধীনতাক অটুত ৰাখে। অৱশেষত মোগলে পৰাজয়ৰ হুমুনিয়াহ কাঢ়ি অসম ত্যাগ কৰে যদিও বহুতো মোগল অসমত স্থায়ীভাবে বসবাস কৰিবলৈ লয়।

(চ) ‘পৰাজিত মোগলৰ সেইদিনা পৰিল চকুত … উচ্ছ্বাসিত সংগীতৰ সুমধুৰ ধ্বনি।’

উত্তৰঃ এই কবিতাফাকি চৈয়দ আব্দুল মালিকৰ ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাৰপৰা উদ্ধৃত কৰা হৈছে। মোগলবিলাকে কেনেকৈ অসমৰ ৰূপ সৌন্দৰ্য্যৰ প্রতি আকৃষ্ট হৈছিল আৰু অসম ৰাজ্য এৰি নাযাবলৈ সিদ্ধান্ত লৈছিল, সেই কথাকেই কবিয়ে ইয়াত বৰ্ণনা কৰিছে।

মোগলবিলাকে আহোম ৰাজত্ব কালত অসমদেশ জয় কৰিবলৈ সসৈন্যে আহিছিল। তেওঁলোকে অসমৰ সীমাত থিয় হৈ নিজৰ অতীত গৌৰৱ সুঁৱৰি অসমদেশ জয় কৰাৰ সপোন দেখিছিল। কিন্তু ৰণক্ষেত্ৰত মোগলৰ ভাগ্য-বিপর্যয় ঘটিল, তেওঁলোক অসমীয়া সৈন্যৰ হাতত পৰাস্ত হৈ বন্দী জীৱন কটাব লগাত পৰিল। 

যুদ্ধবন্দী হিচাবে মোগলবিলাক অসমদেশৰ একেবাৰে ভিতৰত চ’ৰাত প্ৰবেশ কৰাৰ সুযোগ পালে। তেতিয়া তেওঁলোকৰ চকুত পৰিল অসমৰ অপৰূপ সৌন্দৰ্য্য। প্রাকৃতিক আৰু ৰাজনৈতিক সৌন্দৰ্য্য মোগলে দেখা পালে। চৌদিশ পৰ্বতে পাহাৰে আগুৰি থকা অপৰূপ অসম এখন ঐশ্বর্য্যশালী স্বাধীন দেশ। এই দেশৰ বাসিন্দাৰ ভক্তি-প্রেম অতুলনীয়। পৰস্পৰৰ মাজত প্ৰীতিসম্ভাৱ, একতাৰ বান্ধোন আৰু মুক্ত নাগৰিকৰ মুক্ত বিহাৰ যেন অসমৰ দৰে আন কোনো দেশত নাই। 

স্বাধীন ঐশ্বর্যশালী অসমৰ মুক্ত আকাশৰ তলত বহি স্বাধীন অসমীয়াই মুক্তকণ্ঠে তুলিব পাৰে সংগীতৰ সুমধুৰ মূৰ্চনা। এনেহেন অসমৰ প্ৰতি পৰাজিত মোগলৰ মোহ উপজিল। তেওঁলোকে অসমৰ ৰজাৰপৰা মুক্তি পোৱাৰ পিছতো অসম এৰি যাবলৈ মান্তি নহল। সেই কাৰণে পৰাজিত মোগলবিলাকে নিজকে অসমীয়া কৰিলৈ অসমতে থাকিল।

(ছ) “বিকশি উঠিল মোৰ অসমৰ দুৱৰিতে …. মৰিলেও অসমৰে মই।’

উত্তৰঃ এই কবিতাফাকি চৈয়দ আব্দুল মালিকৰ ৰচিত ‘মই অসমীয়া’ নামৰ কবিতাৰপৰা তুলি দিয়া হৈছে। পৰাজিত মোগলবিলাক কেনেকৈ অসমত থাকিল আৰু কেনেকৈনো অসমক স্বদেশ বুলি আঁকোৱালি ল’লে সেই কথাকেই ইয়াত প্ৰকাশ কৰিছে।

দিগ্বিজয়ী মোগলবিলাকে ভাৰতৰ সকলো ৰাজ্যক জয় কৰি, কৰতলীয়া কৰি অসমদেশ জয় কৰিবলৈ অসমলৈ আহিছিল। কিন্তু অসমীয়া সেনাৰ হাতত পৰাক্ৰমী মোগল সেনাবাহিনী পৰাস্ত হ’ল আৰু যুদ্ধবন্দী হিচাবে অসমত কিছুকাল কটাব লগীয়া হ’ল। এই বন্দী কালচোৱাতে মোগলবিলাক অসমৰ প্ৰতি অতিকৈ আকৃষ্ট হ’ল। কাৰণ তেওঁলোকে দেখিছিল অসমৰ অপৰূপ সৌন্দর্য, স্বাধীন অসমৰ অতুল আৰু ঐশ্বৰ্য্য অসমীয়া মানুহৰপৰা লাভ কৰিছিল অভাৱনীয় অকৃত্ৰিম দৰদ। 

সেই কাৰণে তেওঁলোকে বন্দী জীৱনৰপৰা মুক্তি লাভ কৰাৰ পিছতো অসমতে অসমীয়া হৈ থাকি গ’ল। মোগলবিলাকে স্বেচ্ছাই তেঁওলোকৰ ভাষা-সংস্কৃতিক ত্যাগ কৰি অসমীয়া ভাষা-সংস্কৃতিক আঁকোৱালি ল’লে; অসমৰ ৰজাক নিজৰ ৰজা বুলি স্বীকাৰ কৰি অসমৰ শাসন মানি অসমীয়া হ’ল। অৱশ্যে নিজৰ ধৰ্মক তেওঁলোকে ত্যাগ নকৰি অসমীয়া মুছলমান বুলি খ্যাত হ’ল। তেতিয়াৰে পৰা এই মুছলমান সকলে নিজকে অসমীয়া বুলি চিনাকি দি অসমৰ স্বাৰ্থ আৰু উন্নতিৰ হকে কাম কৰি আহিছে।

তেওঁলোকে জীয়াই থাকোঁতে যেনেকৈ নিজক অসমৰ অসমীয়া বুলি পৰিচয় | দিছে, সেইদৰে মৰিলেও অসমীয়া বুলি পৰিচয় দিছে, সেইদৰে মৰিলেও অসমীয়া বুলিয়েই পৰিচয় দিব।

(জ) ‘চিনি পাম,বুজি পাম আমৰণ সৰগতো……

অসম গীতটি সুৰীয়া।

উত্তৰঃ এই কবিতাংশ চৈয়দ আব্দুল মালিকে ৰচা ‘মই অসমীয়া’ নামৰ কবিতাৰ পৰা তুলি দিয়া হৈছে।কবিয়ে ইয়াতে তেওঁৰ অসম-প্ৰেমৰ

কথাকেই প্ৰকাশ কৰিছে।

কবিয়ে কৈছে যে তেওঁৰ পূৰ্বপুৰুষসকল আহোম ৰাজত্ব কালতে অসমদেশ জয় কৰিবলৈ আহিছিল। তেতিয়া তেওঁলোক মোগল বুলি জনাজাত আছিল আৰু অসমীয়া সেনাৰ হাতত পৰাজিত হৈছিল। তেওঁলোকে তেতিয়া দেখিছিল অসমৰ অপৰূপ সৌন্দৰ্য্য, স্বাধীন অসমৰ অতুল ঐশ্বৰ্য্য, স্বাধীন অসমীয়াৰ মুক্ত বিচৰণ আৰু মানুহৰ প্ৰতি থকা মানুহৰ অতুলনীয় মৰম। এইবোৰ কাৰণতে মোগলবিলাকে অসমদেশ এৰি পুনৰাই মোগল সাম্ৰাজ্যলৈ উভতি যোৱাৰ ইচ্ছা নকৰিলে। 

তেওঁলোকে কেৱল নিজৰ ধৰ্মটো ৰক্ষা কৰি ভাষা-সংস্কৃতি সকলোকে ত্যাগ কৰি অসমীয়া ভাষা সংস্কৃতিক নিজৰ কৰি ল’লে আৰু তেতিয়াৰেপৰা তেওঁলোক অসমীয়া হৈ অসমৰ স্বাৰ্থৰ হকে সকলো কৰ্তব্য পুৰুষানুক্রমে কৰি আহিছে। সেই কাৰণে তেওঁলোক জনমে মৰণে অসমীয়া আৰু অসমীয়া জাতিও তেওঁলোকৰ প্ৰাণৰ আপোন। আমাৰ কবিও মোগলৰেই বংশধৰ; কিন্তু তেওঁ অসমীয়া — তেওঁ জন্মোতে যেনেকৈ অসমীয়া হৈ জন্মিছে মৰণতেও তেনেকৈ অসমীয়া বুলি মৰাৰহে ইচ্ছা কৰিছে — অৰ্থাৎ তেওঁৰ একমাত্ৰ পৰিচয় তেওঁ অসমীয়া। তেওঁ অসমৰ সকলোকে চিনি পায়, সকলো কথা বুজি পায়। অসমৰ ভাষা তেওঁৰ চিৰচেনেহী ভাষা জননী, গীতমাত চিৰ চিনাকি। 

সেই কাৰণে কবিয়ে দৃঢ়তাৰে কৈছে যে তেওঁৰ মৃত্যুৰ পাছত মৰণহীন স্বৰ্গীয় সুখত মজি থকা সময়তে যদি অসমৰ ভূমিৰপৰা কোনোবাই তেওঁক স্মৰণ কৰে তেন্তে তেওঁ সেই মাত সেই ভাষা স্বৰ্গৰ পৰাও বুজি পাব আৰু দুয়োখন কান পাতি মনোযোগেৰে শুনিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top