Class 10 Assamese Chapter 11 অৰন্যযাত্ৰা

Class 10 Assamese Chapter 11 অৰন্যযাত্ৰা Question Answer As Per SEBA New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 10 Assamese Chapter 11 অৰন্যযাত্ৰা Solutions and select need one. Class 10 Assamese Chapter 11 অৰন্যযাত্ৰা Notes Download PDF. SEBA Class 10 Assamese Question Answer PDF.

Class 10 Assamese Chapter 11 অৰন্যযাত্ৰা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese Chapter 11 অৰন্যযাত্ৰা Textual Solutions are part of All Subject Solutions. Here we have given SEBA Class 10 Assamese Textbook Solutions for All Chapters, You can practice these here.

Chapter: 11

পাঠভিত্তিক অনুশীলনীৰ প্রশ্নোত্তৰঃ

‘ক’ — ভাব-বিষয়ক 

১। চমুকৈ উত্তৰ লিখা:

(ক) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়াৰ সিদ্ধান্ত লৈছিল।

(খ) পল আৰু পাহি কোন কোন শ্রেণীত পঢ়ে?

উত্তৰঃ পলে নৱম শ্ৰেণীত আৰু পাহিয়ে অষ্টম শ্রেণীত পঢ়ে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

(গ) পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰঃ পলে বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধূলি-বালি মচা আৰু সৰা কামবোৰ ছোৱালী মানুহৰ কাম বুলি পাহিক কৈছিল।

(ঘ) লর্ড কার্জন কোন?

উত্তৰঃ ভাৰতবৰ্ষ ইংৰাজ শাসনৰ অধীনত থকা কালত ইংৰাজ বিষয়া এসময়ত লর্ড কার্জন ভাৰতৰ ভাইচৰয় আছিল।

২। ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিল? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিল?

উত্তৰঃ ল’ৰা-ছোৱালীৰ কামৰ পাৰ্থক্য দেখি এদিন পাহিয়ে মাকক সুধিলে যে ল’ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? পাহিৰ এই প্ৰশ্নৰ উত্তৰত মাকে ক’লে যে প্রত্যেক মানুহেই অৰ্থাৎ ল’ৰাই হওক বা ছোৱালীয়েই হওক নিজৰ প্ৰয়োজনীয় কামখিনি নিজে কৰিবপৰা হ’ব লাগে।

নিজৰ প্ৰয়োজনীয় কামখিনি নিজে কৰিব নজনা মানুহ পৰনিৰ্ভৰশীল হৈ পৰে। ইয়াৰ দ্বাৰা সময়ত ঠগ খাবলগাত পৰে। পৰনিৰ্ভৰশীল মানুহক আন মানুহেও ঠগাব পাৰে। ডাঙৰ হ’লে তোমালোক যেতিয়া অকলশৰীয়া হবা, তেতিয়া নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে অসুবিধাত পৰিবা বুলিয়ে মই তোমালোকক এতিয়াৰে পৰা নিজৰ প্রয়োজনীয় কামখিনি নিজ কৰাৰ শিক্ষা দি আহিছোঁ। 

৩। প্রকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে?

উত্তৰঃ প্ৰকৃতিৰ গছ-লতা, ফুল পাহিৰ বৰ প্রিয়। গছ-লতাৰ প্ৰতি জোপাৰ ৰং ভিন্ন, পাতৰ আকাৰ বেলেগ আৰু এবিধ গছৰ লগত অন্য এবিধ গছৰ চেহেৰা মিল নাথাকে অথচ ভিন ভিন ধৰণৰ গছবোৰ একেলগে থাকে। কলগছৰ কাষতে কাঁইটীয়া নেমুগাছ থাকিলেও নেমুৰ কাঁইটে কলজোপাক নিবিন্ধে। প্ৰকৃতিৰ এই নিয়মবোৰে পাহিক সদায় গছ-লতা আৰু প্ৰকৃতিৰ প্ৰতি আকৃষ্ট কৰি আহিছে।

৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল?

উত্তৰঃ পল আৰু পাহি কাজিৰঙালৈ যাবলৈ ওলাওঁতে মাক-দেউতাক সিহঁতৰ কাষলৈ আহিল। সিহঁতক দেউতাকে শিক্ষকৰ লগ নেৰিবলৈ আৰু শিক্ষকৰ প্ৰতিটো কথা মানি চলিবলৈ উপদেশ দিলে। মাকে কাজিৰঙা অৰণ্যত বহুত শিকিবলগা কথা আছে আৰু এইবোৰৰ যিমান পূৰি-শিকি-বুজি আহিবলৈ আৰু লগত দিয়া বয়-বস্তু ভালদৰে চম্ভালি ৰাখিবলৈ উপদেশ দিলে। মাক-দেউতাকৰ উপদেশ শুনি পল আৰু পাহিয়ে দুয়োজনাৰ ভৰি চুই আশীৰ্বাদ লৈ কাজিৰঙালৈ বুলি যাত্ৰা কৰিলে।

৫। ‘কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই। যেনেকৈ কাম ভাগ কৰি দিছোঁ তেনেকৈ কৰা।’ —এই কথাষাৰৰ বক্তা কোন? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল আঁতিগুৰি মাৰি লিখা।

উত্তৰঃ কথাষাৰৰ বক্তা অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰ। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ এটা ৫০ জনীয়া দল আৰু তেওঁলোকৰ তত্ত্বৱধায়ক হিচাপে কাজিৰঙা উদ্যান দৰ্শন কৰিবলৈ যোৱা কেইগৰাকীমান শিক্ষক-শিক্ষয়িত্রী বাছযাত্ৰা কৰা সময়তে ভ্ৰমণৰ কাম-কাজ নিয়াৰিকৈ চলোৱাৰ স্বাৰ্থত ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা কাম পৰিচালনাৰ নেতা-নেত্ৰী পাতি দিলে। পাহি আৰু বিদিশাক ছাত্র-ছাত্রী গণনা কৰিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাসমূহলৈ মন দিবলৈ দায়িত্ব দিলে। 

সৌৰভ আৰু আফতাবক খাদ্যৰ পেকেট আৰু পানীৰ বটল সমভাবে বিতৰণ কৰাৰ দায়িত্ব দিলে। এই ক্ষেত্ৰত সৌৰভে আপত্তি দৰ্শাই পাহি আৰু বিদিশাক খাদ্য বিতৰণৰ দায়িত্ব দি পাহি আৰু বিদিশাক দিয়া দায়িত্ব সৌৰভ আৰু আফতাবে কৰিব বুলি প্ৰস্তাৱ দাঙি ধৰিলে। আফতাবেও সৌৰভৰ কথাতে সন্মতি দিলে। সৌৰভৰ এই ল’ৰা আৰু ছোৱালীৰ মাজত কামৰ বিভাজন কৰা কথাটোতে অংকৰ ছাৰ ৰঞ্জিত হাজৰিকাৰ খং উঠি ওপৰোক্ত কথাষাৰ কৈছিল। লগতে ছাৰে কৈছিল যে ল’ৰা-ছোৱালী বুলি কামৰ বিভাজন নাই সকলোৱে সকলো কাম কৰিবৰ বাবে উপযুক্ত হ’ব লাগে। 

পাহি আৰু বিদিশাই তেওঁলোকক দিয়া দায়িত্ব পালন কৰিবলৈ আপত্তি কৰা নাই। তেওঁলোক খাদ্য বিতৰণ কৰিবলৈ সক্ষম, কিন্তু তোমালোকে এটা কাম পাৰিলে আনটো নোৱাৰা অৰ্থাৎ‍ পাহি আৰু বিদিশাতকৈ তোমালোক দুর্বল। ছাৰৰ এনে ব্যাখ্যাত লাজ পাই সৌৰভ আৰু আফতাবেও ভাগত পৰা দায়িত্ব পালন কৰিবলৈ সন্মতি দিলে।

৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল-আফতাবহঁত কি বিপদত পৰিছিল? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল?

উত্তৰঃ কাজিৰঙা ভ্ৰমণলৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোৱে কাজিৰঙা পাই ধুনীয়া প্রাকৃতিক পৰিৱেশত পূৰ্ব নিৰ্ধাৰিত আৱাসত আশ্ৰয় ল’লে। দুপৰীয়া খাই-বৈ উঠাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষকে জিৰণি ল’বলৈ কৈ তেওঁলোকো জিৰণি ল’বলৈ গ’ল। বাকীবোৰ ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ বিছনাত শুই পৰিল যদিও পল, আফতাব আৰু সৌৰভে এই সময়ত বাহিৰলৈ ওলাইগৈ এখন মেটেকাৰে ভৰা বিলৰ পাৰত উপস্থিত হ’ল। তাত এখন নাও দেখা পাই সেইখনত উঠি বঠা মৰি নাওখন পানীৰে আগুৱাই লৈ গ’ল। এনে সময়তে নাওখনৰ তলৰ এটা ফুটাৰে নাওত পানী সোমাবলৈ ধৰাটো আফতাবৰ চকুত পৰিল।

এই ঘটনাত আসন্ন বিপদৰ সন্মুখীন হৈ তিনিও বিব্ৰত হৈ পৰিল আৰু ‘আমাক বচোৱা, বচোৱা বুলি চিঞৰিবলৈ ধৰিলে। সিঁহতৰ চিঞৰ বিলত জাকৈৰে মাছ ধৰিবলৈ যোৱা ছোৱালী কেইজনীমানে শুনিলে আৰু সিহঁতৰ এই আসন্ন বিপদৰ পৰা ৰক্ষা কৰি ভৱিষ্যতে এনে দু:সাহসজনক কামত ভৰি নিদিবলৈ সকীয়নি দি থৈ গ’ল।

৭। শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দর্শনৰ কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল? ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল বহলাই লিখা।

উত্তৰঃ শিক্ষক-শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল। কিয়নো ছাত্ৰ-ছাত্ৰীসকলৰ মাজৰ তিনিজন ছাত্ৰ পল, সৌৰভ আৰু আফতাবে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱমাননা কৰি মনে মনে গৈ বিলত নাও বাইছিলগৈ। যাৰ ফলত নাও ডুবি সিহঁত পানীত পৰিছিল। কেইজনীমান স্থানীয় ছোৱালী আহি সিহঁতক পানীৰ পৰা উঠাই আনিছিল। ছোৱালী কেইজনী নোহোৱা হ’লে হয়তো সিহঁত বাচিব নোৱাৰিলেহেঁতেন আৰু বিদ্যালয়খনো বদনামৰ ভাগি হলহেঁতেন। ছাত্ৰ-ছাত্ৰীৰ দলটোক লৈ ঘূৰি ফুৰিবলৈ হ’লে কেৱল শিক্ষক-শিক্ষয়িত্ৰীসকল দায়িত্বশীল হ’লেই নহ’ব, ছাত্ৰ-ছাত্ৰীসকল নিজেও শিক্ষকৰ বাধ্য তথা দায়িত্বশীল হ’ব লাগিব। সেয়েহে তেওঁলোকে অৰণ্যৰ কাৰ্য্যসূচী বাতিল কৰাৰ সিদ্ধান্ত ল’লে।

শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সিদ্ধান্ত শুনাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলৰ কাৰো মুখত মাত-বোল নোহোৱা হ’ল। তাৰ মাজতে পাহিয়ে নিজৰ বক্তব্য আগবঢ়াই ক’লে যে, কেইজনমান ছাত্ৰৰ কাৰণে সকলো ছাত্ৰ-ছাত্ৰীকে বঞ্চিত কৰাটো উচিত হোৱা নাই। যি কেইজনে দোষ কৰিছে কেৱল তেওঁলোককহে শাস্তি দিয়া উচিত। তেওঁলোকক অৰণ্য দৰ্শনলৈ নিনিলেই হ’ল। সকলো শিক্ষাৰ্থীয়ে পাহিৰ কথাত সমৰ্থন জনালে। পলেও থিয় হৈ সিহঁতৰ যে দোষ হৈছে সেই কথা স্বীকাৰ কৰি সিহঁতৰ কাৰণে যে আনসকলকো অৰণ্য দৰ্শনৰ পৰা বঞ্চিত নকৰে তাৰবাবে অনুৰোধ কৰিলে।

শেষত শিক্ষক-শিক্ষয়িত্ৰীসকলে পল, সৌৰভ আৰু আফতাবে নিজৰ ভূল উপলব্ধি কৰা বুলি জানি সকলোকে অৰণ্য দৰ্শন কৰিব নিবলৈ মান্তি হ’ল।

৮। মহীচন্দ্ৰ মিৰি কোন? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল?

উত্তৰঃ মহীচন্দ্ৰ মিৰি কাজিৰঙাৰ প্ৰথম ভাৰতীয় তথা অসমীয়া বন বিষয়া আছিল। এইজন বিষয়াই আমেৰিকা যুক্তৰাষ্ট্ৰত থকা চিৰিয়াখানালৈ কাজিৰঙাৰ এশিঙীয়া গঁড় পঠিয়াই দিছিল। এই ঘটনাৰ পৰা কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল এই কথা জগতত প্ৰচাৰ হৈছিল। সেয়ে মহীচন্দ্ৰ মিৰিক বিশ্বৰ মানচিত্ৰত কাজিৰঙাক চিনাকি কৰি দিয়া প্ৰথম ব্যক্তিৰ মর্যাদা দিয়া হৈছে।

৯। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?

উত্তৰঃ নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপীৰাম হাজৰিকা। তেওঁ প্ৰথমে লেডী কার্জনক প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল।

১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক-শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল?

উত্তৰঃ শিক্ষাৰ্থীসকলে কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে সেইবোৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক বিভিন্ন জনে নিজৰ নিজৰ ভ্ৰমণৰ অভিজ্ঞতা আৰু হৃদয়ৰ উপলব্ধিৰে বৰ্ণনা কৰিছিল। অৱশ্যে প্রথমে শিক্ষকেই ছাত্ৰ-ছাত্ৰীসকলক এই যাত্ৰাৰ পৰা পোৱা তিনিটা প্রধান শিক্ষা কোনোবাই ক’ব পাৰিবনে বুলি সমূহীয়া প্ৰশ্নৰ অৱতাৰণা কৰিছিল। ইয়াৰ উত্তৰত পাহিয়ে ক’লে— এই ভ্রমণে আমাক এই শিক্ষা দিলে যে নিজে কৰিব পৰা কামসমূহ নিজে কৰিব লাগে, সেই কামসমূহ আনে কৰি দিব বুলি বাট চাব নালাগে।

বিদিশাই গছক জীৱ-জন্তু আৰু মানুহৰ বন্ধু আৰু গছ নহ’লে মানুহ জীয়াই থাকিব নোৱাৰে বুলি উপলব্ধি কৰাৰ কথা ক’লে। পলে তাৰ অভিজ্ঞতাৰে জনালে যে লৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য নাই। ল’ৰা-ছোৱালী উভয়ে সমান। আমাক জাকৈয়া ছোৱালী কেইজনীয়ে উদ্ধাৰ নকৰা হ’লে কাজিৰঙাই চাব নোৱাৰিলোঁহেতেন। তাকে শুনি আফতাবে সি লাভ কৰা শিক্ষাৰ ভিত্তিত ক’লে যে আত্মৰক্ষা কৰিব নাজানিলে য’তে-ত’তে মৰসাহস দেখুওৱা মূৰ্খৰ কাম। সিহঁত দুটাৰ কথাৰ ভিত্তিত সৌৰভে ক’লে যে দলীয়ভাবে কৰৱালৈ গ’লে অনুশাসন-শৃংখলা মানি চলাটো আটাইতকৈ জৰুৰী কথা। ছাত্ৰ-ছাত্ৰীসকলৰ উত্তৰবোৰ শুনি শিক্ষকসকলে সন্তুষ্টি লাভ কৰিলে আৰু ভ্ৰমণে যে পাঠ্যপুথিয়ে দিব নোৱাৰা জ্ঞানো ছাত্ৰ-ছাত্ৰীক দিব পাৰে সেয়াও ব্যক্ত কৰিলে। 

‘খ’ — ভাষা-বিষয়ক

১। বাক্য ৰচনা কৰা:

ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ-বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি। 

উত্তৰঃ ককাই-ভনী: কমল আৰু কল্যাণীৰ মাজৰ সম্পৰ্ক আপোন ককাই-ভনীৰ

টুলুং-ভুটুং: টুলুং-ভুটুং নাৱেৰে জলযাত্ৰা কৰা অনুচিত। 

চিঞৰ-বাখৰ: অনর্থক চিঞৰ-বাখৰে ঘৰৰ পৰিৱেশ অসুস্থ কৰি তোলে। 

মানুহ-দুনুহ: ঠাণ্ডা ইমান বেছি হৈছে যে ৰাস্তা-ঘাটত মানুহ-দুনুহ নোহোৱা হৈছে।

তিতি-বুৰি: বৰষুণত তিতি-বুৰিহে প্ৰশান্তই নিজ ঘৰ পালেগৈ। 

২। মূৰ্দ্ধন্য ‘ণ’ হোৱাৰ কাৰণ দৰ্শোৱা:

অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বৰপূৰ্ণ। 

উত্তৰঃ অৰণ্য: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধণ্য় ণ হয়।

অৰ্পন: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধণ্য় ণ হয়।

কণ্ঠ: ট বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ’লে ন ণ হয়।

ওৰণি: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধণ্য় ণ হয়।

পোৰণি: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধণ্য় ণ হয়।

আড়ম্বৰপূৰ্ণ: ঋ, ৰ, ষ – ৰ পাছত থকা একেটা পদতে থকা দন্ত্য় ন মূৰ্দ্ধণ্য় ণ হয়।

7 thoughts on “Class 10 Assamese Chapter 11 অৰন্যযাত্ৰা”

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top