Class 10 Assamese Chapter 11 অৰণ্য যাত্ৰা | অসমীয়া Class 10 অৰণ্য যাত্ৰা

Class 10 Assamese Chapter 11 অৰণ্য যাত্ৰা | অসমীয়া Class 10 অৰণ্য যাত্ৰা, দশম শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ, SEBA Class 10 Assamese Question Answer Chapter 11 Notes to each chapter is provided in the list of SEBA অসমীয়া Class 10 Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese Chapter Chapter 11 অৰণ্য যাত্ৰা can be of great value to excel in the examination.

Join Telegram channel

New Updated short type, MCQ Type Question, Class 10 Assamese Chapter 11 অৰণ্য যাত্ৰা – সমাধান, Class 10 Assamese অৰণ্য যাত্ৰা Question Answer, Class 10 Assamese Lesson 11 Solutions, অৰণ্য যাত্ৰা class 10 মূলভাব answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese Chapter 11 অৰণ্য যাত্ৰা and select needs one.

Class 10 Assamese Chapter 11 অৰণ্য যাত্ৰা

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 10 Assamese পাঠ – 11 অৰণ্য যাত্ৰা – সমাধান for All Subject, You can practice these here.

অৰণ্য যাত্ৰা 

– অনুৰাধা শৰ্মা পূজাৰী

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

১। ‘অৰণ্য যাত্ৰা’ প্ৰবন্ধটোৰ লেখক কোন ?

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী।

২। অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম ক’ত হৈছিল ?

উত্তৰঃ ১৯৬৪ চনত যোৰহাটত।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৩। অনুৰাধা শৰ্মা পূজাৰীয়ে সাংবাদিকতাৰ পাঠ্যক্ৰম ক’ত সম্পূৰ্ণ কৰিছিল ?

উত্তৰঃ কলিকতাৰ বিৰলা ইনষ্টিটিউট অব লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত। 

৪। অনুৰাধা শৰ্মা পূজাৰী কোনখন কাকতৰ বৰ্তমান সম্পাদকৰ দায়িত্বত আছে ?

উত্তৰঃ পষেকীয়া কাকত ‘সাদিন’ৰ।

৫। অনুৰাধা শৰ্মা পূজাৰীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি ?

উত্তৰঃ ‘সাতসৰী’।

৬। অনুৰাধা শৰ্মা পূজাৰীৰ এখন উপন্যাসৰ নাম লিখা।

উত্তৰঃ ‘হৃদয় এক বিজ্ঞাপন’।

৭। অনুৰাধা শৰ্মা পূজাৰীৰ এখন আত্মজীবনীমূলক গ্রন্থৰ নাম লিখা।

উত্তৰঃ ‘ডায়েৰি’।

৮। কোন কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কাজিৰঙালৈ লৈ গৈছিল ? 

উত্তৰঃ অষ্টম আৰু নৱম শ্ৰেণীৰ।

৯। ছাত্র-ছাত্রীসকলক কোনখন অভয়াৰণ্যলৈ নিয়াৰ সিদ্ধান্ত কৰিছিল ? 

উত্তৰঃ কাজিৰঙা অভয়াৰণ্যলৈ।

১০। কাজিৰঙালৈ যোৱা ছাত্ৰ-ছাত্ৰীৰ দলটোত কিমান গৰাকী ছাত্ৰ-ছাত্ৰী আছিল ?

উত্তৰঃ পঞ্চাশগৰাকী।

Group – A গদ্যাংশ

১। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থী সকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল?

উত্তৰঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান।

২। পল আৰু পাহি কোন শ্ৰেণীত পঢ়ে?

উত্তৰঃ পল নৱম শ্ৰেণী আৰু পাহি অষ্টম শ্রেণীত পঢ়ে।

৩। পলে কোনবোৰ কাম ছোৱালীৰ বুলি পাহিক কৈছিল?

উত্তৰঃ বাচন-বৰ্তন ধোৱা, ঘৰৰ আচবাবৰ ধুলি মচা, ঘৰ সৰা, নিজৰ কাপোৰ-কাণি জাপি থোৱা আদি কামবোৰ ছোৱালীৰ বুলি পলে পাহিক কৈছিল।

৪। লর্ড কার্জন কোন?

উত্তৰঃ লর্ড কার্জন বৃটিছ ভাইচৰয় আছিল।

৫। নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? তেওঁ কাক প্রথমে কাজিৰঙাৰ গঁড় দেখুৱাইছিল?

উত্তৰঃ নিগনা চিকাৰীৰ প্ৰকৃত নাম আছিল বাপীৰাম হাজৰিকা। তেওঁ প্ৰথমে লেডী কার্জনক গড় দেখুৱাইছিল।

৬। বাক্য ৰচনা কৰা।

ককাই-ভনী, টুলুং-ভুটুং, চিঞৰ বাখৰ, মানুহ-দুনুহ, তিতি-বুৰি।

উত্তৰঃ ককাই- ভনী: ককাই-ভনী দুয়োটাই নিজৰ ব্যৱহাৰৰ বাবে সকলোৰে আদৰ পায়।

টুলুং-ভুটুং: পানীৰ মাজত নাওখন টুলুং-ভুটুং কৰাত আটাইকেইটা ল’ৰাই ভয়ত চিঞৰিবলৈ ধৰিলে।

চিঞৰ-বাখৰ: ল’ৰা-ছোৱালীবোৰৰ চিঞৰ- বাখৰত কাৰো মাত কোনেও নুশুনা হ’ল।

মানুহ-দুনুহ: সৌ হাবিতলীয়া পথটোৰে মানুহ-দুনুহ বৰকৈ নাযায়।

তিতি-বুৰি: পাচলি বজাৰ কৰি থাকোঁতেই বৰষুণজাক অহাত ৰমেশ তিতি-বুৰি জুৰুলি-জুপুৰি হল।

১২। মূৰ্দ্ধণ্য ‘ণ’ হোৱাৰ কাৰণ দর্শোৱা:

অৰণ্য, অৰ্পণ, কণ্ঠ, ওৰণি, পোৰণি, আড়ম্বত পূর্ণ 

উত্তৰঃ অৰণ্য: ‘ৰ’- ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ থকাৰ বাবে পিছত ‘ণ’ হৈছে।

অৰ্পণ: ‘ৰ’ – ৰ পিছত ব্যৱধায়ক হিচাপে প আৰু

স্বৰবৰ্ণ ‘অ’ থকাৰ বাবে পিছত ‘ণ’ হৈছে।

কণ্ঠ: ‘ঠ’ – ৰ লগত যুক্ত হোৱা বাবে ‘ণ’ হৈছে।

ওৰণি: ‘ৰ’ – ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ ‘অ’ থকাৰ বাবে পিছত ‘ণ’ হৈছে।

পোৰণি: ‘ৰ’ – ৰ পিছত ব্যৱধায়ক হিচাপে স্বৰবৰ্ণ ‘অ’ থকাৰ বাবে পিছত ‘ণ’ হৈছে।

আড়ম্বৰপূৰ্ণ: ‘ৰ’ – ৰ ঠিক পিছতে ‘ণ’ হয়।

প্রশ্ন ১। চমু উত্তৰ দিয়া :

 ( ক ) বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্রেণীৰ  শিক্ষার্থীসকলক কোনখন অৰণ্যলৈ নিয়াৰ সিদ্ধান্ত লৈছিল ? 

উত্তৰঃ    বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্রেণীৰ  শিক্ষার্থীসকলক কাজিৰঙা অভয়াৰণ্যলৈ  নিয়াৰ সিদ্ধান্ত লৈছিল । 

( খ ) পল আৰু পাহি কোন কোন শ্রেণীত পঢ়ে ।

 উত্তৰঃ  পল নৱম আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে ।

 ( গ ) পলে কোনবােৰ কাম ছােৱালীৰ বুলি কৈছে ?

 উত্তৰঃ কাহী – বাটি , বাচন – বৰ্তন ধােৱা , ঘৰৰ আচবাবৰ ধূলি মচা – সৰা আদি কামবোৰক  পলে ছােৱালীৰ বুলি কৈছে । 

( ঘ ) লর্ড কার্জন কোন ? 

উত্তৰঃ  লর্ড কার্জন হ’ল- ব্রিটিছ ভাইচৰয় ।

 প্রশ্ন ২। ল’ৰা – ছােৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক কি কৈছিল ? মাকে তাৰ প্রত্যুত্তৰত পাহিক কি বুজনি দিছিল ? 

উত্তৰঃ ল’ৰা – ছােৱালীৰ কামৰ পার্থক্য দেখি পাহিয়ে মাকক এইবুলি কৈছিল— “ মা , ল’ৰা আৰু ছােৱালীৰ কামবােৰ কোনে পৃথক কৰিলে ? ময়াে দেখােন দাদাৰ দৰেই পঢ়া শুনা কৰে । দাদাই কিয় নিজৰ পিন্ধা কাপােৰ জাপি নথয় , জোটাযোৰ  পৰিষ্কাৰকৈ নাৰাখে , গা ধােৱাৰ পাছত তিতি থকা গামােচাখন কিয় বিছনাতে পেলাই থৈ যায় ?

দাদাই এই কামবােৰ কিয় তুমি কবি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে ? ল’ৰাই নিজৰ জোটাযােৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খােৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক’ৰবাত লিখা আছে নেকি ? ”

মাকে তাৰ প্রত্যুত্তৰত পাহিক এইবুলি বুজনি দিলে— “ পাহি সােণজনী , তুমি নিজেই দেখিছা , তােমালােকে যি বয়সত যিবােৰ কাম কৰিব পাৰা , সেই কাম বয়স অনুযায়ী মই শিকাই আহিছোঁ  তােমালােক দুয়ােটাকে ।

তােমালােকে পঢ়া – শুনা কৰি ভাল চাকৰি বা ব্যৱসায় কৰিবা , ধন উপার্জন কৰিবা । কিন্তু প্রয়ােজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ’বলৈ বাধ্য হ’বা । তেতিয়া কেতিয়াবা সময়েও তােমােলাকক ঠগিব আৰু মানুহেও ঠগিব ৷ 

প্রশ্ন ৩ প্রকৃতিৰ কোনবােৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে ? 

উত্তৰঃ  পাহীহঁত নগৰত বাস কৰে যদিও প্রকৃতিৰ সুন্দৰ নিয়মবােৰে পাহিক বৰকৈ আকৃষ্ট কৰে । প্রতিজোপা গছৰ ৰং ভিন্ন , পাতৰ আকাৰ ভিন্ন , তামােল গছৰ কাষতে আমগছ  জোপাৰ চেহেৰাৰ মিল নাই , দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা – উচৰিকৈ মিলা – প্ৰীতিৰে থাকে ।

আকৌ কলগছ জোপাৰ কাষতে থাকে নেমুজোপা , নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাযায় । প্রকৃতিৰ এই সুন্দৰ নিয়মবােৰ গছবােৰে মানি চলে ৷ সেইবাবেই প্রকৃতিৰ এই নিয়মবােৰে পাহিক আকৃষ্ট কৰে । 

প্রশ্ন ৪। কাজিৰঙালৈ যাবলৈ ওলাওঁতে পাহি আৰু পলক মাক আৰু দেউতাকে কি উপদেশ দিছিল ?

 উত্তৰঃ মাকে এইবুলি উপদেশ দিছিল যে সিহঁত  পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছে , অৰণ্যৰ পৰা শিকিবলগা বহুত কথা আছে । যিমান পাৰে শিকিব আৰু নিজৰ লগতে নিজৰ বয়বস্তুবােৰ চম্ভালিব । 

দেউতাকেও শিক্ষকৰ লগ নেৰিবলৈ , যি কয় সেইমতে চলিবলৈ ক’লে । আনহাতে তেওঁ সিহঁতৰ খবৰ লৈ থাকিম বুলি ক’লে । 

প্রশ্ন ৫। “ কামত ল’ৰা – ছােৱালী বুলি ভাগ নাই । যেনেকৈ কাম ভাগ কৰি দিছোঁ । তেনেকৈ কৰা । ”

— এই কথাষাৰৰ বক্তা কোন ? তেওঁ কিয় এই কথাষাৰ ক’বলগীয়া হৈছিল , আঁতিগুৰি মাৰি লিখা । 

উত্তৰঃ  এই কথাষাৰৰ বক্তা আছিল পাহি – পলহঁতৰ অঙ্কৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰৰ ।

কাজিৰঙা অভয়াৰণ্যলৈ গৈ থকা অৱস্থাতে বাছৰ ভিতৰতে শিক্ষকসকলে ছাত্র – ছাত্রীৰ মাজৰ পৰা নেতা – নেত্রী পাতি দিছিল । পাহি আৰু বিদিশাক দায়িত্ব দিয়া হৈছিল বাছত থকা ছাত্র – ছাত্রীর সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহলৈ মন দিবলৈ। নৱম শ্রেণীৰ সৌৰভ আৰু আফতাবক দায়িত্ব দিয়া হৈছিল খাদ্য বস্তুৰ পেকেট আৰু পানীৰ বটল সকলােৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ ।

সৌৰভে কামটো টান পাই কৈছিল ‘ পাহি আৰু বিদিশাই খাদ্য বিলাওক , আমি সিহঁতক দিয়া কামটো কৰে , কাৰণ আমি ল’ৰা , লগৰীয়াবােৰে , উৎপাত কৰিলে শাসনাে কৰিব পাৰিম আৰু অসুবিধাবােৰলৈও মন দিব পাৰিম । আফতাবেও সৌৰভৰ কথাত হয়ভৰ দিলে । 

তেতিয়া অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে খং কৰি উক্ত কথাষাৰ কৈছিল । 

প্রশ্ন ৬। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পল – আফতাবহঁত কি বিপদত পৰিছিল ? এই বিপদৰ পৰা সিহঁতক কোনে উদ্ধাৰ কৰিছিল ? 

উত্তৰঃ পাহি – পলহঁত কাজিৰঙা গৈ পােৱাৰ পিছত শিক্ষক – শিক্ষয়িত্রীসকলৰ পৰামর্শক্রমে আলহীঘৰৰ নির্দিষ্ট কোঠাত নিজা নিজা বিছানাপত্র পাৰি খেলত ব্যস্ত হ’ল আৰু কিছুমানে ৰং , কাগজ উলিয়াই ছবি আঁকাত লাগিল । পিছে পল , আফতাব আৰু সৌৰভে এইবােৰ একো নকৰি কোনেও ক’ব নােৱৰাকৈ আবাসৰ পিছফালে গৈ শিকলিৰে বান্ধি থােৱা জপনা বগাই পাৰ হ’ল । সিহঁতৰ আটাইৰে মন বােমাঞ্চিত হৈ পৰিল ।

একেবাৰে নির্জন ঠাইখনত মনৰ আনন্দতে তিনিও অলপ আগুৱাই গৈ আধা অংশ মেটেকাৰে আগুৰি থকা এটা পুখুৰী আৰু তাত বান্ধি থােৱা এখন নাও দেখা পালে ৷ নাও বােৱাৰ আনন্দত বান্ধি থােৱা ঠাইৰ পৰা নাওখন এৰি দি তিনিও নাৱত উঠি বাই নিবলৈ ধৰিলে । সিহঁতৰ  এজনেও ভালদৰে নাও বাব বা সাঁতুৰিব নাজানিছিল ।

নাও গৈ মেটেকাৰ মাজত সােমােৱাৰ লগে লগে নাওৰ এটা ফুটাইদি নাৱৰ ভিতৰলৈ জোৰেৰে পানী সােমাবলৈ ধৰিলে । তাৰ পৰা ৰক্ষা পাবলৈ কোনাে উপায় নাছিল। নাওখন পানীত ডুবিলেই তিনিওজনৰে মৃত্যু অনিবার্য । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পলহঁত এই বিপদত পৰিছিল । 

ইয়াৰ পৰা উদ্ধাৰ পাবলৈ তিনিও কান্দি কান্দি চিঞৰিবলৈ ধৰিলে ( আমি মৰিলাে , বচোৱা , কোন আছা আমাক বচোৱা ) । ইতিমধ্যে নাওখন কাতি হৈ পল পানীত পৰিল । আফতাব আৰু সৌৰভে চিঞৰত গগণ ভেদিলে ।

এনেতে পাছজনী মাছমৰীয়া ছােৱালী জাকৈ-খালৈ লৈ সেইপিনে গৈ থাকি সিহঁতৰ চিঞৰ শুনি আৰু অৱস্থা দেখি তালৈ দৌৰি গ’ল আৰু সিহঁতৰ দুজনী ডাঙৰ ছােৱালীয়ে একে জাপে পানীত নামি সাঁতুৰি গৈ নাওসহ সিহঁত তিনিওকে পাৰলৈ তুলি আনিলে।পলে যথেষ্ট পানী খাইছিল । তাৰে এজনী ছােৱালীয়ে তাৰ পেটত হেচুকি পানীখিনি উলিয়াই তাক সুস্থ কৰি তুলিলে । 

এনেদৰেই সেই মাছমৰীয়া ছােৱালীকেইজনীয়ে সেই বিপদৰ পৰা সিহঁতক উদ্ধাৰ কৰিছিল ।

Sl. No.Contents
Chapter 1বৰগীত
Chapter 2জিকিৰ
Chapter 3প্ৰশস্তি
Chapter 4মই অসমীয়া
Chapter 5দৃশ্যান্তৰ
Chapter 6উদ্যোগী হওঁ আহাঁ
Chapter 7ভাৰতীয় সংস্কৃতি
Chapter 8অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি
Chapter 9ইন্টাৰনেটৰ তিতা – মিঠা
Chapter 10অৰুণিমা সিনহা
Chapter 11অৰণ্য যাত্ৰা
Chapter 12পাৰস্যত এভুমুখি
Chapter 13কানাইৰ চাতুৰী
Chapter 14ধৰ ঝাড়ু ধৰ ভাই
Chapter 15 বিষাদযোগ
Chapter 16প্রাচীন ভাৰতীয় শিক্ষা
Chapter 17ঋজুভাৰতী
দ্রুত পাঠবৈচিত্র্যময় অসম
ব্যাকৰণ
আবেদন আৰু প্ৰতিবেদন লিখন
ৰচনা
ভাৱ সম্প্ৰসাৰণ

প্রশ্ন ৭। শিক্ষক – শিক্ষয়িত্ৰীসকলে অৰণ্য দর্শন কাৰ্যসূচী কিয় বাতিল কৰিব খুজিছিল ? ইয়াৰ পিছত পৰিস্থিতি কি হ’ল বহলাই লিখা । 

উত্তৰঃ  পল , আফতাব আৰু সৌৰভে শিক্ষকৰ কথা অমান্য কবি যি বিপদত পৰিছিল আৰু কোনাে ৰকমেহে প্রাণ ৰক্ষা পৰিল বিদ্যালয়খন । এটা ডাঙৰ বদনামৰ পৰা উদ্ধাৰ  পালে । সিহঁতৰ এই দুর্ঘটনাই আৰু কাৰ্যই সকলােকে দুখ দিছে । এই কাৰণেই শিক্ষক শিক্ষয়িত্ৰীসকলে অৰণ্য দৰ্শনৰ কাৰ্যসূচী বাতিল কৰিব খুজিছিল ।

ছাৰসকলৰ এই কথাত ছাত্র – ছাত্রীসকলৰ মনত বৰ বেয়া লাগিল আৰু পলহঁতলৈ খং উঠিল । তেতিয়া পলে সকলােৰে ওচৰত ক্ষমা খুজি ছাৰসকলে যি শাস্তি দিয়ে তাকে ল’বলৈ সাজু বুলি কৈ সিহঁতৰ বাবেই অৰণ্য দর্শন বাতিল কৰিব নালাগে বুলি অনুৰােধ জনালে । সিহঁত তিনিওকে এৰি বাকীসকলক অৰণ্য দর্শনলৈ লৈ গ’লেই সিহঁতৰ ডাঙৰ শাস্তি হ’ব বুলি ক’লে ।

ইয়াৰ পিছত নিশা ভাত খাই উঠি ছাত্র – ছাত্রীসকলৰ আগত ঘােষণা কৰিলে ‘ইয়াৰ পৰা গৈ তােমালােকে এই যাত্ৰাৰ অভিজ্ঞতাৰে এখন ৰচনা লিখি আমাক দিব লাগিব । পল , সৌৰভ আৰু আফতাবে আজি কৰা বেয়া কামটোৰ বিষয়ে আৰু কথমপি মৃত্যুমুখৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলাে কথা ৰচনাত স্বীকাৰ কৰি লিখিব লাগিব । তেতিয়াহে কাইলৈ পুৱাই আমি সকলাে সাজু হম অৰণ্য দর্শন কৰিবলৈ ।’

লগে লগেই সকলােৱে ফুর্তিত চিঞৰি উঠিল আৰু হাতচাপৰি বজালে । পলহঁতে ক’লে,  ‘আমি ৰচনাত সকলাে লিখিম আৰু জীৱনত এনে কাম নকৰোঁ ছাৰ –ধন্যবাদ , আমাকো যাবলৈ দিয়াৰ বাবে । 

প্রশ্ন ৮৷ মহীচন্দ্ৰ মিৰি কোন ? কাজিৰঙাক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ তেওঁ কেনে ভূমিকা লৈছিল ?

 উত্তৰঃ মহীচন্দ্ৰ মিৰি আছিল কাজিৰঙাৰ প্রথম ভাৰতীয় তথা অসমীয়া বন বিষয়া । তেওঁ কাজিৰঙাৰ গঁড় আমেৰিকা যুক্তৰাষ্ট্রৰ ছিৰিয়াখানালৈ পঠিয়াই কাজিৰঙা অৰণ্য যে গঁড়ৰ বসতিস্থল , সেই কথা সমগ্র জগতক প্রথম জনালে । বিশ্ব মানচিত্রত কাজিৰঙাক চিনাকি কৰি দিয়া প্রথম ব্যক্তিগৰাকী হ’ল মহীচন্দ্ৰ মিৰি ।

 প্রশ্ন ৯। নিগিনা চিকাৰীৰ প্রকৃত নাম কি ? তেওঁ কাক প্রথমে কাজিৰঙাৰ গড় দেখুৱাইছিল ? 

উত্তৰঃ  নিগিনা চিকাৰীৰ প্রকৃত নাম হ’ল – বাপীৰাম হাজৰিকা । তেওঁ প্রথম লেডী কার্জনক গঁড় দেখুৱাইছিল । 

প্রশ্ন ১০। কাজিৰঙালৈ যাত্ৰা কৰি কি কি বিশেষ শিক্ষা লাভ কৰিলে বুলি শিক্ষার্থীসকলে শিক্ষক – শিক্ষয়িত্ৰীসকলক অৱগত কৰিছিল ?

উত্তৰঃ কাজিৰঙালৈ যাত্ৰা কৰি শিক্ষার্থীসকলে যি বিশেষ শিক্ষা লাভ কৰিলে তাক শিক্ষক – শিক্ষয়িত্ৰীসকলৰ আগত এইদৰে অৱগত কৰিছিল— 

পাহিয়ে ক’লে যে নিজে কৰিব পৰা কামসমূহ নিজেই কৰিব লাগে , আনে কৰি দিব বুলি বাট চাব নালাগে । 

বিদিশাই ক’লে যে গছ হ’ল বনৰ জীৱ – জন্তু আৰু মানুহৰ বন্ধু , গছ নহ’লে কোনো জীয়াই থাকিব নােৱাৰে । 

পলে ক’লে যে ল’ৰা আৰু ছােৱালী সকলাে সমান । ছােৱালীকেইজনীয়ে সিহঁতক সেই বিপদৰ পৰা উদ্ধাৰ নকৰিলে সিহঁতে কাজিৰঙাই দেখা নাপালেহেঁতেন । 

আফতাবে ক’লে যে আত্মৰক্ষা কৰিব নাজানিলে মৰসাহ কৰাটো মূৰ্খৰ কাম । 

শেষত সৌৰভে ক’লে যে দলীয়ভাৱে ক’ৰবালৈ গ’লে অনুশাসন – শৃংখলা মানি চলাটো জৰুৰী কথা । 

প্রশ্ন ১১। বাক্য ৰচনা কৰা

উত্তৰঃ ককাই – ভনী :  ঘৰখনত ককাই – ভনী আটায়ে মিলা – প্ৰীতিৰে থাকিব লাগে ।

টুলুং ভুটুং : নাওখনে পানীত টুলুং ভুটুং কৰাত নাওখনত থকা সৰু ল’ৰা ছােৱালীকেইটিয়ে ভয়তে চিঞৰিলে ।

 চিঞৰ বাখৰ :  চিঞৰ-বাখৰ কৰি থাকিলে বৰ অশান্তি লাগে । 

মানুহ-দুনুহ : মানুহ দুনুহ কোনাে নাই , ঘৰখন উদং হৈ আছে । 

 তিতি-বুৰি : নাৱৰ পৰা পানীত পৰি পলহঁত তিতি-বুৰি আহিছিল ।

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :

(ক) অৰণ্যযাত্রা পাঠটোৰ লেখিকা কোন? 

উত্তৰঃ অনুৰাধা শৰ্মা পূজাৰী।

(খ) পাহিৰ যোৱা তিনিদিনমান ধৰি গাত তত্ নাইকিয়া হোৱাৰ কাৰণ কি?

উত্তৰঃ বিদ্যালয়ৰ গৰমৰ বন্ধৰ প্ৰথম সপ্তাহতে অষ্টম আৰু নৱম শ্ৰেণ ছাত্ৰ-ছাত্ৰী সকলক অৰণ্যলৈ নিয়াৰ কথা শিক্ষক-শিক্ষয়িত্ৰী সকলে কোৱা বাবেই অষ্টম শ্ৰেণীৰ ছাত্ৰী পাহিৰ আনন্দ আৰু উৎকণ্ঠাত গাও তত নাইকিয়া হৈছে।

(গ) পাহি আৰু পল কোন কোন?

উত্তৰঃ পাহি আৰু পল আপোন ককাই-ভনী। পল নৱম শ্ৰেণীত আৰু পাহি একেখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী।

(ঘ) পাহিয়ে অৰণ্যযাত্ৰা কৰোঁতে ডাঙৰ বেগটোত কি কি বস্তু লৈ গৈছিল?

উত্তৰঃ পাহিয়ে তাইৰ ডাঙৰ বেগটোত এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপী, পাতল গামোচা, প্রাথমিক চিকিৎসাৰ ঔষধ, টর্চ লাইট, কপাহী কাপোৰ, কলম আদি বস্তু ভৰাই লৈ গৈছিল।

(ঙ) শিক্ষক সকলে পাহি আৰু বিদিশাক কি দায়িত্ব দিছিল?

উত্তৰঃ শিক্ষক সকলে পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু সকলৰ অসুবিধাসমূহলৈ মন কৰিবলৈ দায়িত্ব দিছিল। 

(চ) সৌৰভ আৰু আফতাব কোন শ্ৰেণীৰ ছাত্ৰ আছিল? 

উত্তৰঃ সৌৰভ আৰু আফতাৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল।

(ছ) শিক্ষক সকলে সৌৰভ আৰু আফতাবক কি দায়িত্ব দিছিল?

উত্তৰঃ শিক্ষক সকলে সৌৰভ আৰু আফতাবক খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোকে সমানে বিতৰণ কৰাৰ দায়িত্ব দিছিল। 

(জ) শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক কামবোৰ ভগাই দিওঁতে কোনে আপত্তি কৰিছিল? 

উত্তৰঃ শিক্ষক সকলে কামবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দিওঁতে সৌৰভে আপত্তি কৰিছিল।

(ঝ) সৌৰভে কৰা আপত্তিক কোনে সমৰ্থন কৰিছিল? 

উত্তৰঃ সৌৰভে কৰা আপত্তিক আফতাবে সমর্থন কৰিছিল।

(ঞ) সৌৰভ আৰু আফতাবৰ আপত্তিৰ উত্তৰত অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে কি কৈছিল?

উত্তৰঃ সৌৰভ আৰু আফতাবৰ আপত্তিৰ উত্তৰত ৰঞ্জিত হাজৰিকা ছাৰে কামত ল’ৰা-ছোৱালী বুলি ভাগ নাই; যেনেকৈ কাম ভাগ কৰি দিছে তেনেকৈয়ে কৰিবলৈ কৈছিল।

(ট) বিজ্ঞানৰ শিক্ষয়িত্ৰী গৰাকীৰ নাম কি আছিল?

উত্তৰঃ বিজ্ঞানৰ শিক্ষয়িত্ৰী গৰাকীৰ নাম মালৱিকা বাইদেউ আছিল।

(ঠ) কোনে বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুত এৰি দিয়ে?

উত্তৰঃ গছ আৰু বহু জীৱই বায়ুত থকা এঙাৰ গেছ সেৱন কৰি অম্লজান বায়ুতে এৰি দিয়ে।

(ড) শৰীৰ সুস্থ ৰাখিবলৈ আমাক কিমান শতাংশ অম্লজান লাগে? 

উত্তৰঃ শৰীৰ সুস্থ ৰাখিবলৈ অতি কমেও আমাক পঁয়ত্রিশ শতাংশ অম্লজান লাগে।

(ঢ) দুপৰীয়া খোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক শাৰী পতাত কোনে সহায় কৰিছিল?

উত্তৰঃ দুপৰীয়া খোৱাৰ সময়ত ছাত্ৰ-ছাত্ৰী সকলক শাৰী পতাত পাহি আৰু বিদিশাই সহায় কৰিছিল।

(ণ) নাৱৰ পৰা কোন কোন পানীত পৰিছিল?

উত্তৰঃ নাওখনৰ পৰা পল, সৌৰভ আৰু আফতাব পানীত পৰিছিল।

(ত) পানীত পৰা পল, সৌৰভ আৰু আফতাবক কোনে উদ্ধাৰ কৰিছিল? 

উত্তৰঃ জাকৈৰে বিলত মাছ মাৰিবলৈ জাকৈয়া ছোৱালী কেইজনীয়ে পানীত পৰা পল, সৌৰভ আৰু আফতাবক উদ্ধাৰ কৰিছিল।

প্রশ্ন ২। চমু উত্তৰ দিয়া :

(ক) ‘অৰণ্যযাত্রা’ পাঠটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ সিদ্ধান্তটো কি দৰে গৃহীত হৈছিল?

উত্তৰঃ অৰণ্যযাত্রা পাঠটোত ছাত্র-ছাত্রী সকল কোনখন অৰণ্যলৈ যাব এই লৈ স্কুল কর্তৃপক্ষই ছাত্ৰ-ছাত্ৰী সকলৰ মতামত লোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱাৰ সপক্ষে অধিকসংখ্যক ছাত্র-ছাত্রীয় মত দাঙি ধৰা বাবেই তালৈ যোৱা সিদ্ধান্ত হৈছিল।

(খ) পাহিয়ে পল সম্পৰ্কে মাকৰ আগত কি কি অভিযোগ দাঙি ধৰিছিল?

উত্তৰঃ পাহিয়ে পল সম্পৰ্কে মাকৰ আগত দাঙি ধৰা অভিযোগবোৰ আছিল পলে নিজৰ পিন্ধা কাপোৰ জাপি নোথোৱা, জোতাযোৰ পৰিষ্কাৰ কৰি নৰখা তিতা গামোচা বিছনাত পেলাই থোৱা আদি কামবোৰ।

(গ) বিজ্ঞানৰ শিক্ষয়িত্ৰী মালৱিকা বাইদেৱে বাছত ছাত্ৰ-ছাত্ৰী সকলক কি উপদেশ দিছিল?

উত্তৰঃ মালৱিকা বাইদেৱে ভ্ৰমণৰ দিনকেইটাত প্ৰতিটো মুহূৰ্ততে ছাত্র-ছাত্ৰী সকলক পৰ্যবেক্ষণত ৰখা হ’ব বুলি কৈ সকলোকে মিলিজুলি থাকিবলৈ, শিক্ষকৰ কথা শুনিবলৈ আৰু দেখা আৰু শিকা বিষয়সমূহ টোকা বহীত লিখি ৰাখিবলৈ উপদেশ দিছিল।

(ঘ) পিচদিনা অৰণ্যৰ ভিতৰলৈ যাবৰ বাবে পুৱা ৪ বজাতে ছাত্র-ছাত্ৰী সকলক শুই উঠি পৰিষ্কাৰ হৈ ওলাবলৈ কোৱাত ছাত্র-ছাত্রী সকলৰ মাজত কেনে প্রতিক্রিয়া হৈছিল?

উত্তৰঃ পুৱা ৪ বজাতে অৰণ্যৰ ভিতৰলৈ যাবৰ বাবে সাজু হবলৈ কোৱা আৰু নির্দিষ্ট সময়ত সাজু হৈ নুঠা ছাত্ৰ-ছাত্ৰীক এৰি থৈ যোৱাৰ কথা শুনি ছাত্ৰ-ছাত্ৰীৰ মাজত বু-বাকৈ কোলাহল উঠিল। পুৱা ৪ বজাতে উঠিব লগা কথাটোত বহুতে আপত্তি দর্শালে। তেতিয়া মালৱিকা বাইদেৱে চাৰি বজাত শুই উঠিব পৰা সকলেহে অৰণ্যৰ ভিতৰলৈ যাব পাৰিব আৰু বাকীসকলক শুই থাকিবলৈ দিয়া হ’ব বুলি কোৱাত আটাইয়ে চিঞৰ-বাখৰ কৰি ৪ বজাতে শুই উঠাত সন্মতি জনালে।

(ঙ) কাজিৰঙা উদ্যানলৈ পোৱাত শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্র-ছাত্রী সকলক কি কি উপদেশ দিছিল?

উত্তৰঃ শিক্ষক-শিক্ষয়িত্ৰী সকলে ল’ৰা-ছোৱালীৰ পৃথক বাসগৃহবোৰ দেখুৱাই  প্ৰত্যেকৰ পৃথক বিছনা থকাৰ কথা কোৱাৰ লগতে প্রত্যেকক নিজৰ বিছনা পৰিপাটিকৈ পাৰিবলৈ; নিশা আঁঠুৱা তৰিবলৈ নিজৰ বয়বস্তু পৰিষ্কাৰকৈ ৰাখিবলৈ, খোৱাৰ পিচত নিজৰ বাচন নিৰ্দিষ্ট ঠাইত থৈ দিবলৈ উপদেশ দিছিল।

(চ) দুপৰীয়া ভাত-পানী খাই প্রত্যেকে নিজ নিজ কোঠাত শুই পৰা সময়ত পল, আফতাব আৰু সৌৰভে কি কৰিছিল?

উত্তৰঃ দুপৰীয়া বাকী ছাত্র-ছাত্রী সকলে ভাত খাই উঠি বিছনাত শুৱলৈ বা জিৰণি লবলৈ যোৱা সময়ত পল, আফতাব আৰু সৌৰভে বিছনালৈ যোৱাৰ পৰিৱৰ্তে বাহিৰত ফুৰি-চাকি আগতে নেদেখা জীৱ-জন্তু বোৰ দেখিবলৈ পোৱাৰ হেঁপাহ কৰি তিনিও বাহিৰলৈ ওলাই গৈছিল।

(ছ) বিলৰ পানীত নাও চলাবলৈ গৈ পানীত পৰা পল, আফতাব আৰু সৌৰভক কোনে পানীৰ পৰা উদ্ধাৰ কৰিছিল? উদ্ধাৰকাৰী সকলৰ নাম কি আছিল? 

উত্তৰঃ ৱিলৰ পানীত নাও চলাবলৈ গৈ পানীত পৰা পল আফতাব আৰু সৌৰভক বিলৰ পানীত জাকৈৰে মাছ মাৰিবলৈ যোৱা ৫ জনী জাকৈয়া ছোৱালীে উদ্ধাৰ কৰিছিল। এই উদ্ধাৰকাৰী ছোৱালী ৫ জনীৰ নাম আছিল — দীপালী, ৰুমী শেৱালি, জিনা আৰু লক্ষ্মী।

(জ) অৰণ্যযাত্ৰাৰ দলপতি হাজৰিকা ছাৰে পিছদিনাৰ কাৰ্যসূচী বাতিল কৰিব খোজাত পাহিয়ে কি কৈছিল?

উত্তৰঃ হাজৰিকা ছাৰৰ বক্তব্য শুনি সকলো নীৰৱ হৈ পৰাত পাহিয়ে থিয় হৈ প্রথমে ছাৰ সকলৰ ওচৰত ক্ষমা বিচাৰি তিনিজন ছাত্ৰৰ গর্হিত কৰ্মৰ বাবে বাকী সকলে শাস্তি পোৱা উচিত নহয় বুলি প্রশ্ন উত্থাপন কৰি দোষী তিনি ছাত্রক কাইলৈৰ ভ্ৰমণত লগত লৈ নোযোৱাৰ প্ৰস্তাৱ দাঙি ধৰিছিল।

(ঝ) হাজাৰিকা ছাৰে ভ্ৰমণ বাতিল কৰিব খোজা সন্দৰ্ভত পাহিৰ বক্তব্যত ছাত্র-ছাত্রী সকলে সমৰ্থন কৰাত পলে কি কৈছিল?

উত্তৰঃ হাজাৰিকা ছাৰে ভ্ৰমণ বাতিল কৰিব খোজা সন্দৰ্ভত পাহিয়ে দোষী তিনিজন ছাত্ৰক বাদ দি আন ছাত্ৰ-ছাত্ৰী সকলক লৈ ভ্ৰমণসূচী পূৰ্ব নিৰ্ধাৰিত মতে চলাই যোৱাৰ প্ৰস্তাৱ দিছিল আৰু ছাত্ৰ-ছাত্ৰী সকলে প্রস্তাৱত ব্যাপক সহাঁৰি জনাইছিল। তাকে দেখি অনুতপ্ত পলেও পাহিৰ প্ৰস্তাৱতে সন্মতি জনাই সিহঁত তিনিজনৰ বাবে বাকী সকলক ভ্ৰমণৰ পৰা বঞ্চিত নকৰিবলৈ আৰু সিহঁত তিনিজনক বদনামৰ ভাগী নকৰিবলৈ অনুৰোধ জনাইছিল।

(ঞ) ভ্রমণ বাতিল সম্পৰ্কীয় বিষয়টো হাজৰিকা ছাৰে কিদৰে সমাধ কৰিছিল?

উত্তৰঃ ছাত্ৰ-ছাত্ৰী সকলৰ ভ্ৰমণৰ প্ৰতি আগ্ৰহ; পাহিৰ যুক্তিপূৰ্ণ প্ৰস্তাৱ আৰু কৃতকৰ্মৰ বাবে পলহঁতৰ অনুতপ্ত অৱস্থাৰ পৰিপ্ৰেক্ষিতত হাজৰিকা ছাৰে ছাত্ৰ-ছাত্ৰী সকলক যাত্ৰাৰ অভিজ্ঞতাৰ ভিত্তিত প্ৰত্যেকক একোখন ৰচনা লিখি দিবলৈ সন্মতি আদায় কৰি আৰু পলহঁতকে সিহঁতে কৰা বেয়া কামটোৰ সকলো কথা স্বীকাৰ কৰি ৰচনা একোখন লিখিবলৈ দি পিছদিনাৰ ভ্ৰমণলৈ সকলোকে সাজু হ’বলৈ কোৱাৰ মাজেদি সমস্যাটো ও সমাধান কৰিছিল।

প্রশ্ন ৩। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্পর্কে এটা টোকা যুগুত কৰা। 

উত্তৰঃ ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে জগত বিখ্যাত। এই এশিঙীয়া গঁড়ৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা বিবিধ জীৱ-জন্তু, চৰাই-চিৰিকটি আদি চাবলৈ দেশ-বিদেশৰ পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰে। এই ৰাষ্ট্ৰীয় উদ্যানখন নগাঁও জিলাক চুই গোলাঘাট জিলাত অৱস্থিত। এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মাটিকালি প্রায় ৪৩০ বর্গ কি. মি.। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত। উদ্যানখনৰ মাজে মাজে সমতল, ঠায়ে ঠায়ে ওখ টিলা, জলাশয়, জান, জুৰি, বিল আদিৰে ভৰা। সমগ্ৰ উদ্যানখন চিকাৰী সকলৰ ভূ-স্বর্গস্বৰূপ আছিল। ইংৰাজ শাসনাধীন কালত ১৯১৬ চনত এই উদ্যানখনত সংৰক্ষিত বনাঞ্চল হিচাপে চিকাৰ নিষিদ্ধ কৰা হয় আৰু স্বাধীনতাৰ পৰৱৰ্তী কালত ক্ৰমে অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত হয়। পর্যটন বিভাগে এই উদ্যানখন পৰিচালনা কৰে। এই অৰণ্য বন্যপ্ৰাণীত চহকী। ইয়াত গঁড়ৰ বাহিৰেও বাঘ, হৰিণা, বনগাহৰি, বনৰীয়া ম’হ, মেঠোন আদি জন্তুৰ বাহিৰেও ধনেশ, বৰটোকোলা, বগলী, ময়ূৰ, বন-কুকুৰা, হাইঠা আদি চৰাই, বিবিধ সৰীসৃপ, জলাশয়ত নানা ধৰণৰ মাছ, কাছ আদি আছে। এই উদ্যানখনৰ পৰা ৰাজ্যখনে ভালেখিনি ৰাজহো লাভ কৰে।

প্রশ্ন ৪। গাঁও এখনত ঘূৰি আহি নিশা ভাত খোৱাৰত পৰত বহা সভাখনৰ এটা বিৱৰণ দিয়া।

উত্তৰঃ পল, আফতাব আৰু সৌৰভৰ বাহিৰে আন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলে নিশা ভাত খোৱাৰ আগে আগে কাজিৰঙাৰ ওচৰৰ গাঁও এখনত আনন্দ মনেৰে ঘূৰি গাঁৱৰ জলপান খাই থকা ঠাইলৈ ঘূৰি আহিল। নিশা ভাত খোৱাৰ পৰত সভা বহিল। সভাত এই যাত্ৰাৰ দলপতি হাজৰিকা ছাৰে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি ক’লে যে আমি আজি গাঁওখনত ঘূৰি বৰ আনন্দ লাভ কৰিলো। যদিও আমাৰ বাবে এটা দুখৰ খবৰো আছে। 

আমাৰ তিনিজন ছাত্রই আমাক অৱমাননা কৰি নিজেও বিপদত পৰিছিল আৰু বিদ্যালয়খনকো বদনামী কৰিব খুজিছিল। কথমপিহে এনে বিপদৰ পৰা আমি আটাইয়ে ৰক্ষা পৰিলো ৷ ছাত্ৰ-ছাত্ৰী সকলক লৈ শিক্ষক সকল দায়িত্বশীল হ’লে নহব ছাত্র-ছাত্রী সকলো সমা দায়িত্বশীল হব লাগিব। সেয়ে ঘটি যোৱা ঘটনাৰ বাবে কাইৰলৈ কৰ্মসূচী বাতিল কৰি উভতি যোৱাৰ কথা ভাবিছোঁ। ছাৰৰ কথা শুনি ছাত্র-ছাত্রী সকল বিমর্ষ হৈ পৰিল আৰু আটাইয়ে মৌন হৈ পৰিল। 

এনে অৱস্থাত পাহিয়ে ঘটি যোৱা ঘটনাটোৰ বাবে ক্ষমা বিচাৰি তিনিজন ছাত্ৰই কৰা দোষৰ বাবে আটাইকে দোষৰ ভাগী কৰি ভ্ৰমণৰ পৰা বঞ্চিত কৰাৰ পৰিবৰ্তে দোষী ছাত্ৰ তিনিজনক এৰি বাকী সকলক লৈ কৰ্মসূচী চলাই নিয়াৰ প্ৰস্তাৱ দিলে। পাহিৰ প্ৰস্তাৱত সকলোৱে সন্মতিও প্রকাশ কৰিলে। তাকে দেখি দোষী ছাত্ৰ তিনিজনৰ হৈ পলেও শিক্ষকে যি শাস্তি দিয়ে  তাকে মানি লোৱাৰ প্ৰতিশ্ৰুতি দি বাকী সকলৰ ভ্ৰমণৰ কাৰ্যসূচী চলাই নিবলৈ ছাৰক অনুৰোধ জনালে। ভালেমান সময় সকলো নীৰৱ হৈ পৰিল। ছাৰ বাইদেউহঁতে গোপনে কিবা আলোচনা কৰি ভাত খাই উঠাৰ পিছত সিদ্ধান্ত দিম বুলি সভা স্থগিত ৰাখিলে। ভাত খাই উঠাৰ পাছত পুনৰ সকলো বাৰাণ্ডাত লগ হ’ল। 

কিছু পৰ আটাইয়ে নীৰৱ হৈ থকাৰ পাছত হাজৰিকা ছাৰে নীৰৱতা ভংগ কৰি প্ৰত্যেকক ভ্ৰমণৰ অভিজ্ঞতাক লৈ একোখন ৰচনা লিখি জমা দিয়াৰ চৰ্ত আৰোপ কৰিলে। ছাত্ৰ-ছাত্ৰী সকলে চৰ্তত মান্তি হ’ল। ছাৰে পল, আফতাব আৰু সৌৰভকো তেওঁলোকে কৰা বেয়া কামটোৰ বিষয়ে আৰু মৃত্যুৰ হাতৰ পৰা ৰক্ষা পৰাৰ বিষয়ে সকলো কথা স্বীকাৰ কৰি ৰচনাখন লিখিবলৈ নিৰ্দেশ দিলে আৰু চৰ্ত পূৰণ কৰিলে অৰণ্য দৰ্শন কৰিব বুলি কৈ সভাখনৰ সামৰণি মাৰিলে৷

প্রশ্ন ৫। অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ছাত্ৰ-ছাত্ৰী সকলক কি উপদেশ দিছিল?

উত্তৰঃ অসমীয়া বিষয়ৰ শিক্ষক তপন বৰুৱাই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশি ক’লে যে কাজিৰঙা ভ্ৰমণলৈ অহাৰ উদ্দেশ্য কেৱল গঁড় চোৱাই নহয়। কাজিৰঙাত থকা গছ-লতা সকলোকে ভালদৰে নিৰীক্ষণ কৰিবলৈ কলে। ইয়াত থকা সকলে বস্তুৱেই প্রয়োজনীয়। গছবোৰ যিদৰে প্ৰয়োজনীয়, কীট-পতংগ সমূহও সমানেই প্রয়োজনীয়। কাৰণ গছ-লতা আৰু বহুবোৰ জীৱে বায়ুত মিহলি হৈ থকা আমাৰ 

বাবে অনিষ্টকাৰী এঙাৰ গেছ সেৱন কৰি আমাৰ বাবে প্ৰয়োজনীয়, অম্লজান এৰি দি আমাৰ উপকাৰ কৰে। 

অম্লজানে মানুহক সুস্থ হৈ থকাৰ সহায় কৰে আৰু প্ৰত্যেক মানুহক সুস্থ হৈ থাকিবলৈ কমেও পঁয়ত্রিশ শতাংশ অম্লজানৰ আৱশ্যক হয়। সেয়ে অৰণ্য এখন মানুহৰ হাঁওফাওৰ লেখীয়া বুলি ক’ব পাৰি। ডুবাৰু সকলে অম্লজানৰ চুঙা পিঠিত বান্ধিহে নিজ কার্য সমাধা কৰিব পাৰে। গছ-গছনিৰ কৃপাত আমি বিনামূল্যে অম্লজান লাভ কৰোঁ। সেয়ে অৰণ্য আৰু তাত থকা গছ-গছনিক আমি সুৰক্ষা দিব লাগে। 

গছ-গছনিৰ ফল জীৱজগতৰ আহাৰ। চৰাই-চিৰিকটি, কীট-পতংগক গছে আশ্রয় দিয়ে। সেয়ে অৰণ্যত তোমালোকে জানিব খোজা প্ৰশ্নৰ উত্তৰ বিচাৰিবা আৰু সকলো কথা নোট বুকত  লিপিবদ্ধ কৰিবা আৰু প্ৰয়োজনীয় বস্তুৰ সৈতে পুৱা সময়মতে ভ্ৰমণলৈ সাজু হবলৈ উপদেশ দি ছাৰে বক্তব্য শেষ কৰে।

প্রশ্ন ৬। ‘একোখন অৰণ্য মানুহৰ হাঁওফাঁওৰ দৰে’

—কথাষাৰ বুজাই লিখা।

উত্তৰঃ আমি হাঁওফাওৰ জৰিয়তে উশাহ-নিশাহ লওঁ। উশাহ-নিশাহ লোৱা কাৰ্য হাঁওফাওৰ দ্বাৰাহে পৰিচালিত হয়। উশাহ-নিশাহ লোৱা ক্ৰিয়া বন্ধ হোৱা মানে আমাৰ মৃত্যু অনিবার্য। অর্থাৎ আমি জীয়াই থাকিবৰ বাবে হাঁওফাও অতীৱ  প্রয়োজনীয়। হাঁওফাঁও অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। ঠিক একেখিনি  কথাকে অৰণ্যৰ ক্ষেত্ৰতো ক’ব পাৰি। অৰণ্য হ’ল গছ-লতা, কীট-পতংগ, জীৱ-জন্তুৰে ভৰা। এই সকলোবোৰে আমাক জীয়াই থকাত সহায় কৰে বাবে এই সকলোবোৰে আমাৰ বাবে প্ৰয়োজনীয়। 

গছ-লতা আৰু বহু জীৱে আমাৰ বাবে অপকাৰী বায়ুত মিহলি হৈ থকা এঙাৰ গেছ সেৱন কৰি আমাৰ বাবে হিতকাৰী অম্লজান গেছ বায়ুত এৰি দিয়ে। অম্লজান অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। এই অম্লজান আমি বিনামূল্যে গছ-লতাৰ পৰা লাভ কৰোঁ। গতিকে অৰণ্যই যিহেতু আমাক জীয়াই থাকিবলৈ অম্লজানৰ যোগান ধৰে সেয়েহে অৰণ্যক আমি জীয়াই থকাত সহায় কৰা হাঁওফাঁও বুলি অভিহিত কৰাটো যথাযথ বুলি ক’ব পাৰি। তদুপৰি অৰণ্যৰ গছ-লতা জীৱৰ স্থল আশ্রয় হল আৰু গছ-লতাৰ ফল-মূল জীৱৰ আহাৰ। সেয়ে এনে পৰম হিতৈষী অৰণ্যৰ সুৰক্ষাৰ প্ৰতি আমি সজাগ থাকিব লাগে। 

প্রশ্ন ৭। তলৰ শব্দবোৰৰ বিপৰীত শব্দ  লিখা :

উত্তৰঃ

শব্দবিপৰীত শব্দ
আত্মনিৰ্ভৰশীলপৰনিৰ্ভৰশীল।
হয়ভৰঅসন্মতি।
নিজৰপৰৰ।
দায়িত্বশীলদায়িত্বহীন।
চেঁচাপানীগৰম পানী।
শাস্তিপুৰষ্কাৰ।
বদনামসদনাম।
স্বীকাৰঅস্বীকাৰ।
খহটামিহি।

প্রশ্ন ৮। তলত দিয়া শব্দবোৰেৰে বাক্য সাজা : 

তত্ নাইকিয়া,  উখল-মাখল,  কাঁহী-বাটি,  পঢ়া-শুনা,  কাপোৰ-কানি। 

উত্তৰঃ তত্‌ নাইকিয়া :  ভ্ৰমণৰ কথা শুনি ছাত্ৰ-ছাত্ৰী সকলৰ গাত তত্ নাইকিয়া হৈছিল।

উখল-মাখল : কাজিৰঙা ভ্ৰমণকলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছিল।

কাঁহী-বাটি : আমি আহাৰ খাওঁতে কাঁহী-বাটি ব্যৱহাৰ কৰোঁ।

পঢ়া-শুনা : ভালদৰে পঢ়া-শুনা কৰা ছাত্ৰ-ছাত্ৰীয়ে জীৱনত উন্নতি কৰিব পাৰে।
কাপোৰ-কানি : শীতকালত আমি গৰম কাপোৰ-কানি ব্যৱহাৰ কৰোঁ।

7 thoughts on “Class 10 Assamese Chapter 11 অৰণ্য যাত্ৰা | অসমীয়া Class 10 অৰণ্য যাত্ৰা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top