Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম

Class 9 Assamese Boichitramoi Assam ঠেঙ্গাল কছাৰীসকল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান and select needs one.

Class 9 Boichitramoi Assam ঠেঙ্গাল কছাৰীসকল – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

 [ ( ঞ ) ঠেঙ্গাল কছাৰীসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। মঙ্গোলীয় কিৰাত সকলৰ আৱয়বিক বৈশিষ্ট্য কি ?

উত্তৰঃ মঙ্গোলীয় কিৰাত সকলৰ আৱয়বিক বৈশিষ্ট্য হল— গাৰ বৰণ পীত বা পীত পিংগল , কেশ কলা , ঋজু আৰু অসমান , ডাঢ়ি – গােফ তাকৰ , শৰীৰৰ নােম কম , মুখমণ্ডল বহল আৰু নাক চেপেটা । কপালস্থি বা হনু বৰ স্পষ্ট , নেত্র ঠেক বা নেত্র বক্র , নেত্ৰছেদৰ ভাঁজ মঙ্গোলীয়ৰ এটি বিশেষ লক্ষণ । 

প্রশ্ন ২। মঙ্গোলীয় কিৰাত সকলক সংস্কৃত ভাষাত কি বুলি অভিহিত কৰিছিল ? 

উত্তৰঃ সংস্কৃত ভাষাত মঙ্গোলীয় কিৰাত সকলক কক্ষৱাট বুলি অভিহিত কৰিছিল ৷ 

প্রশ্ন ৩। কছাৰী নামৰ কেনেকৈ উৎপত্তি হৈছিল ? 

উত্তৰঃ মঙ্গোলীয় কিৰাত সকলক সংস্কৃত ভাষাত  কক্ষৱাট বোলা হয় । কক্ষৱাটৰ পৰা  কক্ষত > কচ্ছৰ লগত অৰি যােগ হৈ কচ্ছ + অৰি – কছাৰী নামৰ উৎপত্তি হৈছিল ।

প্রশ্ন ৪। ড° ভুৱন মােহন দাসে মঙ্গোলীয় সকলক কেইটা ভাগত ভাগ কৰিছে ? 

উত্তৰঃ ড° ভুৱন মােহন দাসে মঙ্গোলীয় সকলক এনেদৰে ভাগ কৰিছে –

১ । খাছী 

২। বড়াে 

৩। লুচাই কুকী 

৪। নগা 

৫। অৰুণাচলৰ জনজাতি আৰু 

৬। অন্যান্য । অন্যান্য জাতিৰ , ভিতৰত মিচিং , দেউৰী , হাজং আদিক অন্তর্ভুক্ত কৰিছে । বড়াে গােষ্ঠীৰ ভিতৰত গাৰাে , ৰাভা , মেচ , তিৱা , ডিমাচা , ঠেঙ্গাল , সােণাৱাল ঝাৰুৱা আদিক অন্দর্ভুক্ত কৰিছে । 

প্রশ্ন ৫। ঠেঙ্গাল কছাৰী সকল পৌৰাণিক কোন গােষ্ঠীৰ পৰা অহা ? 

উত্তৰঃ ঠেঙ্গাল কছাৰী সকল পৌৰাণিক মঙ্গোলীয় প্রজাতিৰ বড়াে গােষ্ঠীৰ পৰা অহা ।

প্রশ্ন ৬। ঠেঙ্গাল কছাৰী সকল বর্তমানৰ অৱস্থান সম্পর্কে উল্লেখ কৰা । 

উত্তৰঃ ঠেঙ্গাল কছাৰী সকলৰ বর্তমান অৱস্থান হ’ল— যােৰহাট জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নগাপাহাৰ পর্যন্ত তিতাবৰক কেন্দ্ৰ কৰি বিস্তৃত অঞ্চল ঠেঙ্গাল কছাৰীৰ লােকেৰে ভৰপূৰ । গােলাঘাট জিলাৰ ধনশিৰি পাৰৰ ঠেঙ্গাম গাঁও পঙ্কা , মৰঙি , বুঢ়া গােহাঁই ঘাট , সৰুপথাৰ , বৰ পথাৰ , চাউদাং পথাৰ , গমাৰি , চিচুপানী , মেৰাপানী , কাছমাৰী , দৈয়াং , কাৰ্বি আংলং জিলাৰ কলিয়নী , শিৱসাগৰ জিলাৰ সােণাৰী অঞ্চল , নাজিৰা , ডিব্ৰুগড় জিলাৰ নাহৰণী ঠৈঙ্গাল গাঁও , চাচনী , উত্তৰ পাৰৰ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া , কাৱৈমাৰী বাগিচা , বঙালমৰা , নাহৰণী , পকাদৌল , খােলাগুৰি , বৰাইখনা , নাওবৈছাৰ সােণাপুৰ , লােকামপুৰ , ঢেকীয়াজুলি , দলপাপথাৰ , বালিগাঁও , দক্ষিণ লালুক , হাৰমতী , বান্দৰদেৱা , উত্তৰ লালুক , ফুলবাৰী , কদম , ধেমাজি , গােগামুখ , কৃষ্ণপুৰ , গঢ় পাৰা , নাহৰবাটী , পানী গাও , দঙ্গীবিল , জকাই পেলােৱা , জোনাই আদি ঠাইত ঘন বসতি পূর্ণ ঠেঙ্গাল কছাৰী গাঁও । 

প্রশ্ন ৭। চমু টোকা লিখা 

( ক ) লৌহপ্রাণ গিৰিধৰ ঠেঙ্গাল ( খ ) কমল কছাৰী । 

( ক ) লৌহপ্রাণ গিৰিধৰ ঠেঙ্গাল :

উত্তৰঃ লৌহপ্রাণ গিৰিধৰ ঠেঙ্গাল :- অসমৰ আর্থ – সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰখনত খিলঞ্জীয়া জনগােষ্ঠীৰ যিসকল ব্যক্তিয়ে ইতিমধ্যে উল্লেখযােগ্য অৱদান আগবঢ়াই গৈছে সেইসকলৰ ভিতৰত গিৰিধৰ ঠেঙ্গাল অন্যতম । 

যােৰহাট জিলাৰ তিতাবৰ মহকুমাৰ তিতাবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ঠেঙ্গাল মৌজাৰ উলুতলী গাঁৱৰ এটা অতি দুখীয়া কৃষক পৰিয়ালত ১৯২১ চনৰ ১২ জানুৱাৰীত গিৰিধৰ ঠেঙ্গালৰ জন্ম হয় । তেওঁৰ পিতাকৰ নাম আছিল জিলিৰাম ঠেঙ্গাল আৰু মাকৰ নাম আছিল কান্দুৰী ঠেঙ্গাল । কেঁচুৱা অৱস্থাতে মাকৰ বিয়ােগ ঘটাত বৰমাকে তুলি – তালি গিৰিধৰক ডাঙৰ – দীঘল কৰে । ১৯২৯ চনত গিৰিধৰক দেউতাকে বজালবাৰী প্রাথমিক বিদ্যালয়ত নাম লগাই দিয়ে । এই বিদ্যালয়ৰ পৰা ১৯৩৪ চনত প্রাথমিক বৃত্তি পৰীক্ষাত যােৰহাট মহকুমাৰ ভিতৰত তৃতীয় স্থান লাভ কৰি উত্তীৰ্ণ হৈ তিতাবৰ মধ্য ইংৰাজী বিদ্যালয়ত নাম ভর্তি কৰে । দুর্ভাগ্যজনক যে মধ্য ইংৰাজী বিদ্যালয়ত পঢ়ি থকা কালতে ১৯৩৬ চনত দেউতাকৰ অকাল মৃত্যু হয় । 

( খ ) কমল কছাৰী :

উত্তৰঃ কমল কছাৰী :- ‘ইস্তাহাৰ কবি’ নামেৰে জনাজাত কবি – শিল্পী কমল কছাৰী ১৯৩৯ চনত যােৰহাট জিলাৰ তিতাবৰ মহকুমাৰ ঠেঙ্গাল মৌজাৰ মৰধলি কছাৰী গাঁৱৰ এটি কৃষক পৰিয়ালত জন্মগ্রহণ কৰে । দেউতাকৰ নাম উনিৰাম কছাৰী আৰু মাকৰ নাম সৰু আইতী কছাৰী । জীৱিকাৰ কর্মসূত্রে তেওঁ শিৱসাগৰ জিলাৰ নাজিৰা স্থিত মাদুৰীত বসবাস কৰি চিকিৎসা ক্ষেত্ৰত ফার্মাচিষ্ট হিচাপে স্বাস্থ্যসেৱাত ব্ৰতী হয় । ভাস্কর্য শিল্পী , চিত্রশিল্পী , অনাতাঁৰ গীতিকাৰ , কবি কমল কছাৰীৰ লেখনি অসমৰ আগশাৰীৰ কাকত – আলােচনী ‘প্রতিধ্বনি’, ‘অসমবাণী’,  ‘নীলাচল’,  ‘অগ্রদূত’,  ‘সাদিন – প্রতিদিন’ৰ উপৰিও বিভিন্ন মাধ্যমত প্রকাশ পাইছিল । শিৱসাগৰ জিলা সাহিত্য সভাৰ তেওঁ সভাপতি আছিল । 

কমল কছাৰীয়ে গীত , কবিতা , নাটক লিখাৰ উপৰিও বেনাৰ , ফেষ্টুন , কিতাপ – আলােচনীৰ বেটুপাত অংকন , স্থাপত্য ভাস্কর্য নিজ হাতেৰে খােদিত কৰাত সিদ্ধহস্ত আছিল । কমল কছাৰীক সাহিত্য সভাই ‘ বিষ্ণু প্রসাদ ৰাভা বঁটা প্ৰদান কৰিছিল আৰু শিৱসাগৰ সাহিত্য সভাই কবিগৰাকীৰ নামেৰেও কবি শিল্পী কমল কছাৰী সাহিত্য বঁটা প্ৰদান কৰি আহিছে । অসম চৰকাৰে তেওঁলৈ সাহিত্যিক পেঞ্চন আগবঢ়ায় । দৰদী কবি কমল কছাৰীৰ তিনিকুৰি পােন্ধৰ বছৰত ২০১৩ চনত জীৱনৰ অৱসান ঘটে ।

[ ( ট ) ডিমাছাসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। ডিমাছা সকল প্রধানতঃ কেইটা বংশত বিভক্ত ? 

উত্তৰঃ ডিমাছা সকল প্রধানতঃ ৪০ টা বংশত বিভক্ত । 

প্রশ্ন ২। ডিমাছা ভাষাৰ অসমৰ আন কোন ভাষাৰ সৈতে মিল দেখা যায় ? 

উত্তৰঃ ডিমাছা ভাষাৰ অসমৰ বড়াে ভাষাৰ সৈতে মিল দেখা যায় ।

প্রশ্ন ৩। ডিমাছা সকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম কি ? 

উত্তৰঃ ডিমাছা সকলে খেতিৰ শেষত পতা উৎসৱটোৰ নাম হ’ল-বিছুডিমা । 

প্রশ্ন ৪। ডিমাছাসকলৰ গােত্ৰসমূহৰ নামবােৰৰ শেষ আখৰটো সাধাৰণতে কি ? 

উত্তৰঃ ডিমাছা সকলৰ গােত্ৰসমূহৰ নামবােৰৰ শেষ আখৰটো হ’ল ‘চা’ ।

প্রশ্ন ৫। ডিমাছাসকলৰ কেইটিমান গােত্রৰ নাম লিখা । 

উত্তৰঃ ডিমাছাসকলৰ কেইটিমান গােত্রৰ নাম হ’ল- লাংথাচা , ডিফুচা , গার্লচা , হােজাইচা , মাইবংচা ইত্যাদি ।

14 thoughts on “Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top