Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম

Class 9 Assamese Boichitramoi Assam কাছাৰৰ জনগােষ্ঠীসকল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান and select needs one.

Class 9 Boichitramoi Assam কাছাৰৰ জনগােষ্ঠীসকল

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

[ ( খ ) কাছাৰৰ জনগােষ্ঠীসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ

প্রশ্ন ১। নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক কি বুলি অভিহিত কৰিছিল ? 

উত্তৰঃ নৃতত্ত্ববিদসকলে বৰাক উপত্যকাক Anthropological garden অর্থাৎ ‘নৃতত্বৰ বাগিছা’ বুলি অভিহিত কৰিছিল । 

প্রশ্ন ২। বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগােষ্ঠীসমূহ কি কি ? 

উত্তৰঃ বৰাক উপত্যকাত বাস কৰা বিভিন্ন জনগােষ্ঠীসমূহ হ’ল— মণিপুৰী , বংগীয় সমাজ , মণিপুৰী বিষ্ণুপ্রিয়া , অসমীয়া , ৰাজবংশী , ৰাজস্থানী , বর্মন ( ডিমাছা ) , ৰংমাই নাগা , মাৰ , কাৰ্বি , ৰিয়াং , খাচিয়া , মেইতেই , কুকি , পৈতে , মিজো , সিমতে গাংতে , চাকমা , চিৰু , চৰৈ , ৰাংখল , শাকচেপ , নেপালী । 

প্রশ্ন ৩। বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি কি ? 

উত্তৰঃ বৰাক উপত্যকাৰ মানুহে সাধাৰণতে তিনি ধৰণেৰে জীৱিকা নির্বাহ কৰে খেতি – বাতি , ব্যৱসায় আৰু চাকৰি । 

প্রশ্ন ৪। The background of Assamese Culture ‘ গ্রন্থখন কোনে ৰচন কৰিছিল ? 

উত্তৰঃ The background of Assamese Culture ‘ গ্রন্থখন বুৰঞ্জী আৰু পুৰাতত্ত্ববিদ ৰাজমােহন নার্থে ৰচনা কৰিছিল ।

প্রশ্ন ৫। হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্রতিযােগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ কোন আছিল ? 

উত্তৰঃ হায়দৰাবাদত অনুষ্ঠিত সন্তোষ ট্ৰফী ফুটবল প্রতিযােগিতাত অসম ৰাজ্যিক ফুটবল দলৰ মেনেজাৰ বংগীয় সমাজৰ সুনীল মােহন আছিল ।

প্রশ্ন ৬। চমুটোকা লিখা । 

( ক ) ৰাজমােহন নাথ , ( খ ) কামালুদ্দিন আহমেদ , ( গ ) নন্দলাল বর্মন ( ঘ ) নলিনীন্দ্র কুমাৰ বৰ্মন ( ঙ ) ইৰুংবম চন্দ্র সিংহ , ( চ ) বিপিন সিংহ । 

( ক ) ৰাজমােহন নাথ :

উত্তৰঃ ৰাজমােহন নাথ :- প্রসিদ্ধ অভিযন্তা , সাহিত্যিক , গৱেষক পণ্ডিত ৰাজমােহন নাথৰ সাহিত্য ক্ষেত্ৰত অমূল্য অবদান আছে । তেওঁ অসমীয়া , ইংৰাজী আৰু বঙালী ভাষাত ভালেমান গ্রন্থ ৰচনা কৰি থৈ গৈছে ৷ অসমৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিষয়ত গৱেষণাত তেওঁৰ অৱদান অতুলনীয় । তেওঁ অভিযন্তা হলেও আগ্রহৰ ক্ষেত্ৰখন আছিল বুৰঞ্জীৰ গবেষণাঁ । এই ক্ষেত্ৰত , তেওঁ উল্লেখযােগ্য গ্রন্থখনৰ নাম হ’ল The background of Assamese Culture , এইখন প্রথম প্রকাশিত হৈছিল ১৯৪৮ চনত । শ্ৰীমন্ত শংকৰদেৱ সাহিত্য আৰু দৰ্শনৰ বিষয়েও তেওঁ চৰ্চা কৰিছিল । ‘শ্রীশ্ৰীশংকৰদেৱৰ বৰগীত’, ‘শ্ৰীশ্ৰীশংকৰদেৱ মাধৱদেৱ চৰিত’,  ‘শ্রীশ্রীমাধৱদেৱৰ বৰগীত ‘ – তেওঁৰ ৰচিত এনেবােৰ গ্ৰন্থই এই কথাৰ প্রমাণ দিয়ে । তেওঁ অসমীয়া ভাষাত প্রায় ২১ খন , বঙালী ভাষাত ১৯ খন আৰু ইংৰাজী ভাষাত পাঁচখন গ্ৰন্থ ৰচনা কৰি সাহিত্যিক জীৱন ধন্য কৰি গৈছে । তিনিচুকীয়া চহৰত ১৯৫৮ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ত্রয়ােদশ অধিবেশনত তেওঁ বুৰঞ্জী শাখাৰ সভাপতি আছিল । এইজনা পণ্ডিতৰ ১৯৬৫ চনৰ ৩ এপ্রিল তাৰিখে দেহাৱসান ঘটে । 

( খ ) কামালুদ্দিন আহমেদ :

উত্তৰঃ  কামালুদ্দিন আহমেদ :- কৰিমগঞ্জ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ বুৰঞ্জীবিদ কামালুদ্দিন আহমেদ এগৰাকী সাহিত্যিক । তেওঁ শতাধিক গৱেষণা পত্র লিখাৰ উপৰিও উপন্যাস আদি সৃজনিমূলক গ্রন্থত ৰচনা কৰিছিল । তেওঁৰ সম্পাদিত সাহিত্য পত্ৰখনৰ নাম ‘দিগ্বলয়’ । অসমৰ শিল্প আৰু স্থাপত্যৰ বিষয়ে লিখা তেওঁৰ এখন গ্ৰন্থৰ নাম “ The Art on Architcture of Assam ” ( 1894 ) 

( গ ) নন্দলাল বর্মন :

উত্তৰঃ নন্দলাল বর্মন :- ৰাজমন্ত্রী বংশৰ সমাজসেৱক নন্দলাল বর্মন এজন প্রতিপত্তিশীল ব্যৱসায়ী । বর্মণ সমাজে তেওঁক ‘মিলাউ’ আৰু আন সকলে ‘মহাজন’ বুলি মাতিছিল । তেওঁ ল’ৰা – ছােৱালীৰ শিক্ষাৰ কাৰণে কাছাৰ জিলাৰ বৰখলাত ১৯০১ চনতে এখন স্কুল স্থাপন কৰিছিল । সেই স্কুলখনৰ এতিয়া নাম হ’ল ‘ৰাজা গােবিন্দ চন্দ্র মেমােৰিয়েল স্কুল’ 

( ঘ ) নলিনীন্দ্র কুমাৰ বৰ্মন :

উত্তৰঃ  নলিনীন্দ্র কুমাৰ বৰ্মন :- নলিনীন্দ্র কুমাৰ বৰ্মণ আছিল শিক্ষক । ১৯৩০ চনৰ জুন মাহত বৰ্তমানৰ ডিমাহাছাও জিলাৰ সদৰ হাফলঙৰ মিচন স্কুলত তেওঁ শিক্ষক হিচাপে যােগ দিছিল । ডিমাছা জাতিৰ ঐতিহ্য আৰু পৰম্পৰাৰ বিষয়ে তেওঁ ব্যাপক অধ্যয়ন কৰিছিল । এই বিষয়ে লিখা তেওঁৰ গ্ৰন্থখনৰ নাম ‘The Queen of Cachar or Herambo and the History of the Cacharis ‘ . ডিমাছা সমাজত শৰাধৰ অত্যাৱশ্যকীয় অঙ্গ হ’ল কীর্তন । নলিনীন্দ্র কুমাৰ বর্মণে শৰাধৰ কীর্তন পদাৱলীৰ এখন সংকলন প্রকাশ কৰিছিল । উক্ত গ্রন্থখনৰ নাম ‘হৈড়িম্বৰাজ গােবিন্দচন্দ্রকৃত হিন্দু শাস্ত্রীয় শ্রাদ্ধাদিৰ কীর্তন গীতিকা’ । 

ছাত্রাবস্থাৰ পৰাই অনিল কুমাৰ বৰ্মণে সমাজসেৱামূলক কামত আগবাঢ়ি আহিছিল । ১৯৪২ চনত তেওঁ ‘ ডিমাছা ছাত্র সমিতি ’ নামেৰে এটা সংস্থা গঠন কৰিছিল । কর্মজীৱনত আইন ব্যৱসায়ত ব্যস্ত থাকিলেও তেওঁ বিভিন্ন সামাজিক , সাংস্কৃতিক আৰু শৈক্ষিক অনুষ্ঠানৰ লগত যুক্ত আছিল । বহুদিন তেওঁ ‘নিখিল কাছাৰ হৈড়িম্ব বর্মণ সমিতিৰ সভাপতি আছিল । ৰঙমাই নগা জনগােষ্ঠীৰ গাইনগামলঙ কামেই অসম ৰাজ্যিক ফুটবল দলৰ খেলুৱৈ আছিল । নিজা সমাজত তেওঁ ক্রীড়া সংস্কৃতিৰ প্ৰসাৰ ঘটাইছিল ।

( ঙ ) ইৰুংবম চন্দ্র সিংহ :

উত্তৰঃ ইৰুংবম চন্দ্র সিংহ :- ইৰুংবম চন্দ্র সিংহ মণিপুৰী সমাজত প্রথম অর্থনীতি বিজ্ঞানৰ সান্মাষিক স্নাতক আছিল । গঞা লৰা-ছােৱালীৰ শিক্ষাৰ বাবে তেওঁ নানাবিধ সদর্থক প্রয়াস চলাইছিল । দৰিদ্ৰ ছাত্ৰ – ছাত্ৰীক সহায় কৰাৰ কাৰণে এটা তহবিল গঢ়ি তােলাৰ লগতে তেওঁ এখন স্কুল স্থাপন কৰিছিল । স্কুলখনৰ বর্তমান নাম ‘খেলম হাইস্কুল’ । 

( চ ) বিপিন সিংহ :

উত্তৰঃ বিপিন সিংহ :- মণিপুৰী বিষ্ণুপ্রিয়া সমাজৰ ৰাজকুমাৰ চেনাৰিক সিংহ আৰু গুৰু বিপিন সিংহ নৃত্যকলাৰ ক্ষেত্ৰত দুজন অবিস্মৰণীয় ব্যক্তি । ছাত্র – ছাত্রীক মণিপুৰী নৃত্যকলা শিকোৱাৰ কাৰণে ৰাজকুমাৰ চেনাৰিক সিংহক ৰবীন্দ্রনাথ ঠাকুৰে শান্তিনিকেতনলৈ মাতি নিছিল । নৃত্যকলা চৰ্চাৰ ক্ষেত্ৰত অৱদানৰ বাবে গুৰু বিপিন সিংহক ১৯৬৬ প্রধান চনত ‘সঙ্গীত নাটক অকাডেমী বঁটা’ প্ৰদান কৰা হৈছিল । পৰৱৰ্তী কালছােৱাত তেওঁ মধ্যপ্রদেশ চৰকাৰৰ পৰা ‘কালিদাস সন্মান’ লাভ কৰিছিল । কলকাতাত মণিপুৰী নর্তনালয় ’ নামেৰে নৃত্যকলা শিক্ষাৰ এটা অনুষ্ঠান তেওঁ স্থাপন কৰিছিল । 

14 thoughts on “Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top