Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম

Class 9 Assamese Boichitramoi Assam চাহ জনগােষ্ঠীসকল – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান and select needs one.

Class 9 Boichitramoi Assam চাহ জনগােষ্ঠীসকল – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 9 Assamese Boichitramoi Assam বৈচিত্র্যময় অসম – সমাধান for All Subject, You can practice these here…

[ ( জ ) চাহ জনগােষ্ঠীসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। অসমৰ প্রথম চাহ বাগিচা কোনখন আৰু কেতিয়া স্থাপন হৈছিল ? 

উত্তৰঃ চাবুৱা চাহ বাগিচাখনেই অসমৰ প্রথম চাহ বাগিচা আৰু ই স্থাপন হৈছিল ১৮৩৫ চনত । 

প্রশ্ন ২। অসমৰ প্রথম চাহ কোম্পানীৰ নাম কি আৰু কেতিয়া স্থাপন হৈছিল ? 

উত্তৰঃ ‘অসম চাহ কোম্পানী’ ( The Assam Tea Company ) । ই স্থাপন হৈছিল ১৮৩৯চনত  ।

 প্রশ্ন ৩। গিৰমিটিয়া আৰু আড়কাঠিয়া চালানৰ বিষয়ে কি জানা লিখা । 

উত্তৰঃ অসমত চাহ বাগিচাত কাম কৰাৰ কাৰণে শ্রমিকৰ অভাৱ হৈছিল । সেয়ে চীন দেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা শ্রমিক সংগ্রহ কৰিবৰ বাবে কিছুমান মধ্যভােগী নিয়ােগ কৰিছিল । এইসকল মধ্যভােগীয়ে পশ্চিমবংগ , বিহাৰ , ঝাৰখণ্ড , ছত্তিশগড় , মধ্যপ্রদেশ , উত্তৰ প্ৰদেশ , অন্ধ্রপ্রদেশ , মাদ্রাজ আদি ৰাজ্যৰ পৰা শ্রমিক সংগ্রহ কৰি আনিছিল । এনেদৰে অসমলৈ শ্রমিক সংগ্রহ কৰি অনা কার্যক মজদুৰ চালান বুলি কোৱা হৈছিল । মজদুৰ চালান দুই ধৰণৰ আছিল ; এটা হল গিৰমিটিয়া চালান আৰু আনটো হল আড়কাঠিয়া চালান । লিখিত চুক্তি অনুসৰি নির্দিষ্ট সময়ৰ বাবে শ্রমিক অনাটোক গিৰমিটিয়া চালান আৰু কোনাে চুক্তি নকৰাকৈ চলে বলে কৌশলে সংগ্রহ কৰাটোক আড়কাঠিয়া চালান বুলি কোৱা হৈছিল । 

প্রশ্ন ৪। চাহ জনগােষ্ঠী সমাজৰ দহটা জাতি – উপজাতিৰ নাম লিখা । 

উত্তৰঃ চাহজনগােষ্ঠী সমাজৰ অনেক জাতি – উপজাতি আৰু সম্প্রদায় আছে । তাৰে দহটাৰ নাম লিখা হ’ল — ওৰাওঁ , মুণ্ডা , চাওতাল , কুৰ্মী , তাঁতী , ঘাটোৱাৰ , গােৱালা , তাছা , তেলী , কমাৰ ।

প্রশ্ন ৫। চাহ জনগােষ্ঠীৰ মাজত কি কি ধৰ্মৰ লােক আছে ? 

উত্তৰঃ চাহ জনগােষ্ঠীৰ মাজত হিন্দু আৰু খ্রীষ্টানধর্মী লােকৰ সংখ্যা সৰহ । অনুকূল ঠাকুৰৰ অনুগামীও কিছু সংখ্যক আছে । 

প্রশ্ন ৬। স্বাধীনতা সংগ্রামৰ প্রথম মহিলা ছহিদ কোন ? 

উত্তৰঃ বর্তমানৰ শােণিতপুৰ জিলাৰ তেজপুৰ এণ্ড ঘগৰা টি ইষ্টেটৰ মাংৰি ওৰাওঁ আছিল স্বাধীনতা সংগ্রাম প্রথম মহিলা ছহিদ । এওঁ ১৯২১ চনৰ অসহযােগ আন্দোলনত যােগদান কৰি ছহিদ হৈছিল । 

প্রশ্ন ৭৷ অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ বাগিচাৰ প্রথম ছহিদ কোন ? 

উত্তৰঃ ১৯৮০ চনত মৃত্যু বৰণ কৰা দৰং জিলাৰ কৌপাতি চাহ বাগিচাৰ সাধনা ওৰাওঁ হ’ল অসম আন্দোলনত জীৱন উছৰ্গা কৰা চাহ জনগােষ্ঠীৰ প্রথম ছহিদ । 

প্রশ্ন ৮। চমুকৈ লিখা । 

( ক ) মেঘৰাজ কৰ্মকাৰ ( খ ) সন্তোষ কুমাৰ তপ্ন ( গ ) চাইমক সিংহ  হ’ৰ

( ক ) মেঘৰাজ কৰ্মকাৰ :

উত্তৰঃ মেঘৰাজ কৰ্মকাৰ :- চাহ জনগােষ্ঠীসকলৰ যিসকল লােকে অসমীয়া ভাষা – সাহিত্য চর্চা কৰি সুনাম অর্জন কৰিছে তাৰে ভিতৰত উজনি অসমৰ জামিতা চাহবাগিচাৰ মেঘৰাজ কর্মকাৰ হ’ল প্রথম সাহিত্যিক পেঞ্চনাৰ । তেওঁ চালুক বচন’কে আদি কৰি ভালেমান গ্রন্থ প্রকাশ কৰিছে । অসম প্ৰকাশন পৰিষদে ‘মেঘৰাজ কর্মকাৰ ৰচনাৱলী’ প্ৰকাশ কৰিছে । তেওঁ বৰবৰুৱা হাইস্কুলত শিক্ষকতা কৰিছিল ।

( খ ) সন্তোষ কুমাৰ তপ্ন :

উত্তৰঃ সন্তোষ কুমাৰ তপ্ন :- মৰাণৰ সন্তোষ কুমাৰ তপ্নই লিখা ‘মুণ্ডা জাতিৰ চমু পৰিচয়’খন হ’ল চাহ জনগােষ্ঠীৰ প্রথম প্রকাশিত গ্রন্থ । অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তেওঁ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিল । ১৯২৪ চনত জন্ম লাভ কৰা তপ্নৰ পিতৃৰ নাম দয়াল তপ্ন আৰু মাতৃৰ নাম মাৰঠা তপ্ন আছিল । যােৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰা তপ্নই সমাজ সেৱাৰ সমান্তৰালভাৱে সাহিত্য – চর্চাও কৰিছিল । অসমৰ বিভিন্ন কাকত – আলােচনীত তেওঁৰ তথ্যগধুৰ লিখণি প্রকাশ পাইছে । সহজ – সৰল জীৱন যাপন কৰা এইগৰাকী মহান ব্যক্তিৰ ১৯৯৪ চনৰ ২১ নবেম্বৰত মৃত্যু হয় ।

( গ ) চাইমক সিংহ  হ’ৰ :

উত্তৰঃ চাইমক সিংহ  হ’ৰ :- চাইমন সিং হ’ৰৰ ১৯২৯ চনত জন্ম হয় । পিতৃ মাছিৰাম হ’ৰ আৰু মাতৃ ছাৰা হ’ৰ । শিৱসাগৰৰ মিছন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰা হ’ৰই যােৰহাট জে.বি. কলেজৰ পৰা স্নাতক ডিগ্রী লাভ কৰে । চৰকাৰী চাকৰি প্রত্যাখ্যান কৰি সমাজৰ কামত ব্ৰতী থকা হ’ৰ বৰ উদাৰ মনৰ আছিল । খ্রীষ্টান ধর্মীয় লােক হৈয়াে হিন্দু ধৰ্মৰ নামঘৰ পাতিবলৈ নিজৰ মাটি দান কৰি আগভাগ লৈছিল । শিক্ষাৰ কথা চিন্তা কৰি পিছ পৰা ভিতৰুৱা অঞ্চলত স্কুল পাতি শিক্ষাৰ পােহৰ বিলাইছিল । এইগৰাকী নমস্য ব্যক্তিয়ে ১৯৭৯ চনৰ ২৬ জুনত ইহলীলা সম্বৰণ কৰে ।

কলেজীয়া শিক্ষাৰে শিক্ষিত এই দুগৰাকী ব্যক্তিয়ে চাহ জনগােষ্ঠীৰ সমাজখনক সংগঠিত কৰাত অগ্রণী ভূমিকা গ্ৰহণ কৰিছিল । সেয়ে তেওঁলােকক চাহ জনগােষ্ঠীৰ সমাজ নির্মাণৰ খনিকৰ বুলি অভিহিত কৰা হয় ।

[ ( ঝ ) চুতীয়াসকল ]

পাঠভিত্তিক প্রশ্নোত্তৰ 

প্রশ্ন ১। চুতীয়াসকলৰ আদি বাসস্থান ক’ত আছিল ? 

উত্তৰঃ হিমালয়ৰ উত্তৰৰ মানস সৰােবৰৰ পূবত থকা স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চল চুতীয়া সকলৰ আদি বাসস্থান আছিল । 

প্রশ্ন ২। চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল ? 

উত্তৰঃ স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অসমলৈ অহা বাবে এওঁলােকক স্বাতীয় বােলা হৈছিল । কালক্ৰমত এই স্বাতীয়া শব্দৰ পৰাই চুতীয়া শব্দৰ উৎপত্তি হল । 

প্রশ্ন ৩। চুতীয়া সকলৰ এগৰাকী বীৰংগনাৰ নাম লিখা । 

উত্তৰঃ চুতীয়া সকলৰ এগৰাকী বীৰংগনাৰ নাম হ’ল- ‘ৰাণী বীৰংগনা সতী সাধনী’ । 

প্রশ্ন ৪। তলত দিয়া যিকোনাে এগৰাকীৰ বিষয়ে চমুকৈ লিখা । 

( ক ) সােণাৰাম চুতীয়া , ( খ ) ড° স্বর্ণলতা বৰুৱা ( গ ) চিদানন্দ শইকীয়া ( ঘ ) কোষেশ্বৰ বৰুৱা ।

( খ ) ড° স্বর্ণলতা বৰুৱা:

উত্তৰঃ ড° স্বর্ণলতা বৰুৱা:- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী তথা শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ আসনৰ অধ্যাপিকা হিচাপে কার্যনির্বাহ কৰি অৱসৰ গ্ৰহণ কৰা ড° স্বর্ণলতা বৰুৱাই উত্তৰ পূৰ্বাঞ্চলৰ একমাত্র মহিলা বুৰঞ্জীবিদ হিচাপে স্বীকৃতি লাভ কৰিছিল ।  ‘চুতীয়া জাতিৰ বুৰঞ্জী’ৰ মুখ্য সম্পাদিকা এইগৰাকী মহিলাই ‘A Comprehensive History of Assam’,  ‘Last Day of Ahom Monarchy : A History of Assam From 1769-1826 ’ আদি অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক তথ্যসমৃদ্ধ গ্রন্থৰ উপৰিও বহুসংখ্যক বুৰঞ্জীমূলক প্রবন্ধৰে অসমৰ বুৰঞ্জী চৰ্চাৰ ক্ষেত্ৰখন সমৃদ্ধ কৰি গৈছে । উল্লেখযােগ্য যে , এইগৰাকী বুৰঞ্জীবিদৰ ‘Status of Women in Non – Tribal Societies of Assam’ নামৰ গৱেষণা পত্ৰখনে ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল । 

প্রশ্ন ৫। চুতীয়া সকলৰ বিষয়ে চমু পৰিচয় দাঙি ধৰা । 

উত্তৰঃ চুতীয়া সকল অসমৰ আদিম অধিবাসী সকলৰ ভিতৰত অন্যতম জনগােষ্ঠী । এওঁলােক আদিতে হিমালয়ৰ উত্তৰৰ মানস সৰােবৰৰ পূবত থকা স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চলত বাস কৰিছিল । তাৰ পৰা তেওঁলােক অসমলৈ আহে । স্বাত সৰােবৰৰ কাষৰীয়া অঞ্চলৰ পৰা অহা কাৰণে তেওঁলােকক স্বাতীয়া বােলা হৈছিল । পিছত স্বাতীয়া শব্দৰ পৰাই চুতীয়া হ’ল । ৰাণী সতী সাধনী আছিল চুতীয়া সকলৰ এগৰাকী বীৰাংগনা । আহােমৰ লগত হােৱা ৰণত পৰাজয় বৰণ কৰাতকৈ মৃত্যুৱেই শ্রেয় বুলি তেওঁ পাহাৰৰ ওপৰৰ পৰা জঁপিয়াই মৃত্যু বৰণ কৰে । 

চুতীয়া সকলে ৰাজত্ব কৰা শদিয়া ৰাজ্যৰ পুৰণি নাম আছিল বিদর্ভ —ইয়াৰ ৰাজধানী আছিল কুণ্ডিল নগৰ । এওঁলােকে ভীষ্মকৰ বংশধৰ বুলি পৰিচয় দিয়ে । এওঁলােক দেৱী উপাসক আছিল আৰু শদিয়াৰ কেঁচাই খাতীবা তাম্ৰেশ্বৰী গােসানীক নৰবলিৰ পূজা কৰিছিল । স্বৰ্গদেউ গৌৰীনাথ সিংহৰ দিনৰ পৰা নৰবলি প্রথা উঠাই দিছিল । এওঁলােক মঙ্গোলীয় নৃগােষ্ঠীৰ বৃহৎ বড়ো জনগােষ্ঠীৰ ভিতৰুৱা । 

চুতীয়াসকল ভাস্কর্য শিল্পত চহকী আছিল। ম’ৰা চৰাইৰ সৈতে বিষ্ণুমূৰ্ত্তি , শিৱ – পাৰ্বতীৰ মূর্তি , সূৰ্যৰ মূর্তি , তাম্ৰেশ্বৰী মন্দিৰ , মালিনী থান আদিয়ে এওঁলােকৰ স্থাপত্য – ভাস্কৰ্যৰ পরিচয় দিয়ে । ইয়াৰ উপৰিও সােণেৰে নির্মিত ডুগডুগি , সােণােৱালী গলপতা , সােণৰ কেৰু , সােণ আৰু ৰূপৰ গামখাৰু , জোনবিৰি , সােণৰ মেকুৰী , তিনি খলপীয়া সিংহাসন , দবা , কালি , চ’ৰা নাও আদি ব্যৱহাৰ কৰাৰ প্ৰমাণ পােৱা যায় । 

চুতীয়া জনগােষ্ঠীৰ বহুসংখ্যক ব্যক্তিয়ে অসমীয়া সাহিত্য – সংস্কৃতি আৰু জাতীয় জীৱনলৈ বিভিন্ন ক্ষেত্ৰত অবদান আগবঢ়াইছে ।

14 thoughts on “Class 9 Assamese Boichitramoi Assam | অসমীয়া Class 9 বৈচিত্র্যময় অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top