Class 8 Social Chapter 5 সাগৰ মহাসাগৰ – সমাধান

Class 8 Social Science Geography Question Answer Chapter 5 সাগৰ মহাসাগৰ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 5 সাগৰ মহাসাগৰ and select needs one.

Class 8 Social Chapter 5 সাগৰ মহাসাগৰ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 5 সাগৰ মহাসাগৰ for All Subject, You can practice these here.

সাগৰমহাসাগৰ

GEOGRAPHY

পাঠ – ৫

/ তলৰ প্ৰশ্ন বোৰৰ উত্তৰ লিখা

() মহাসাগৰীয় সোতৰ সৃষ্টিৰ কাৰণবোৰ কি কি ?

উত্তৰ:- পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱনতা আৰু চাপৰ তাৰতম্য আদি কাৰণত মহাসাগৰীয় সোতৰ সৃষ্টি হয় ।

() গৰম পানীৰ সোঁত বুলিলে কি বুজা ?

উত্তৰ:- উষ্ণমণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰ জল ওপৰে ওপৰে পৃষ্ঠ প্ৰবাহ ৰূপেৰে শীত মণ্ডললৈ প্ৰবাহিত হয় । ইয়েই হল গৰম পানীৰ সোঁত ।

() সাগৰীয় জীৱ কেই প্ৰকাৰৰ ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে ?

উত্তৰ:- সাগৰীয় জীৱ তিনি প্ৰকাৰৰ । লৰচৰ কৰাৰ ধৰণ আৰু বসতি স্থলৰ উপৰত ভিত্তি কৰি এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে ।

() সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্য ক্ষেত্ৰ গঢ়ি উঠে ?

উত্তৰ:- সাগৰৰ যি অঞ্চলত উদ্ভিদ প্লৱক প্ৰচুৰ পৰিমাণে থাকে, তাতেই মৎস্য ক্ষেত্ৰ গঢ়ি উঠে ।

/ কাৰণ দৰ্শোৱা

() নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়

উত্তৰ:- পূৰ্ণিমা আৰু অমাবস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণৰ ফলত বাসন্তী জুৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে । ফলত ই শক্তিশালী হৈ পৰে।

আনহাতে নাটনি জোৱাৰ চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামখি হোৱা ঠাইতো হয় । ফলত ই শক্তিশালী নহয় । সেয়ে  নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় ।

() আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়

উত্তৰ:- আজিকালি মানুহে মাছ ধৰা জাহাজ বোৰত কম্পিউটাৰ নিয়ন্ত্ৰিত প্ৰযুক্তি সংযোগ কৰি মাছ ধৰে।  আৰু মাছবোৰ সংৰক্ষণৰ ক্ষেত্ৰত আজিকালি অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হয় ।

সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে ব্যৱহাৰ কৰা হয় আৰু শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় । সেয়ে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় ।

() জাপানত সঘনাই চুনামি হয়

উত্তৰ:- জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত । এই আগ্নেয় বলয়তে পৃথিৱীৰ শতকৰা ৬৫ শতাংশ অংশত আগ্নেয়গিৰি উদ্গীৰণ হয় । এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল । সেয়ে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামিৰ সৃষ্টি হয় ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

() বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট

উত্তৰ:- জাহাজ পৰিবহণ পৃথিৱীৰ এক উৎকৃষ্ট পৰিবহণ । স্থলপথৰ ক্ষেত্ৰত থকা বাধা জলপথত নাথাকে। চাৰিওপিনে মুক্ত আৰু সমান । বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিবহন নিৰ্ভৰযোগ্য ব্যৱস্থা । কাৰণ জাহাজৰ দ্বাৰা বৃহৎ পৰিমাণৰ গধূৰ সামগ্ৰী পৰিবহণ কৰিব পাৰি ।

ইয়াৰ খৰচ তুলনামূলকভাৱে আন ব্যৱস্থাতকৈ কম । ইয়াৰ দ্বাৰা কম খৰচতে বহু দূৰ – দুৰণীৰ দেশলৈ বহু বস্ত কঢিয়াই নিব কৰা যায় । সেয়ে বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট ।

৩/ শুদ্ধ উত্তৰত ( ✓ ) চিন দিয়া –

() সাধাৰণতে শীতল পানীৰ সোতৰ উৎপত্তি হয়

(ক) মেৰু অঞ্চলত

(খ) নিৰক্ষীয় অঞ্চলত

(গ) এটাও নহয় ।

উত্তৰ:- (ক) মেৰু অঞ্চলত ।

() দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠানমা কৰাকে

(ক) সাগৰীয় সোঁত

(খ) জোৱাৰ ভাটা

(গ) ঢৌ বোলে ।

উত্তৰ:- (খ)জোৱাৰ ভাটা বোলে ।

() চুণামি শব্দৰ অৰ্থ হল

(ক) ভূমিকম্প

(খ) সাগৰৰ ঢৌ

(গ) পুতাশ্ৰয়ৰ ঢৌ ।

উত্তৰ:- (গ) পুতাশ্ৰয়ৰ ঢৌ ।

() সাতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ

(ক) নেকটন

(খ) বেনথজ

(গ) প্লেংকটন শ্ৰেণীৰ ।

উত্তৰ:- (খ) বেনথজ শ্ৰেণীৰ

৪/ সোঁফালৰ লগত বাওঁফাল মিলোৱা –

ক )ডায়েটমক)উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে ।
খ) নিৰক্ষীয় অঞ্চলখ)নাটনি জোৱাৰ হয়।
গ) সাধাৰণ নিমখগ)এবিধ উদ্ভিদ প্লেংকটন ।
ঘ) সপ্তমী আৰু অষ্টমী তিথিতঘ)মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ।
ঙ) মৎস্য ক্ষেত্ৰ বোৰঙ) পানীৰ ঘনত্ব কম হয় ।

উত্তৰ:-

ক) ডায়েটমগ) এবিধ উদ্ভিদ প্লেংকটন ।
খ) নিৰক্ষীয় অঞ্চলঙ)পানীৰ ঘনত্ব কম হয় ।
গ) সাধাৰণ নিমখঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ।
ঘ) সপ্তমী আৰু অষ্টমী তিথিতখ) নাটনি জোৱাৰ হয়।
ঙ) মৎস্য ক্ষেত্ৰ বোৰক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে ।

1 thought on “Class 8 Social Chapter 5 সাগৰ মহাসাগৰ – সমাধান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top