Class 8 Social History পাঠ 15 সাম্ৰাজ্যবাদ আৰু অসম – সমাধান

Class 8 Social History পাঠ 15 সাম্ৰাজ্যবাদ আৰু অসম – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social History পাঠ 15 সাম্ৰাজ্যবাদ আৰু অসম – সমাধান and select needs one.

Class 8 Social History পাঠ 15 সাম্ৰাজ্যবাদ আৰু অসম – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social History পাঠ 15 সাম্ৰাজ্যবাদ আৰু অসম Solutions for All Subject, You can practice these here…

সাম্ৰাজ্যবাদ আৰু অসম

HISTORY

পাঠ – ১৫

/ উত্তৰ লিখা

() অসমত কেতিয়াৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল ?

উত্তৰ:- অসমত আহোম ৰজা স্বৰ্গদেউ লক্ষ্মীসিংহৰ ৰাজত্ব কালৰ পৰা শাক্ত ধৰ্মৰ পুনৰুত্থান হৈছিল ।

() স্বৰ্গদেউ লক্ষ্মীসিংহৰ পিছত আহোমৰ ৰাজপাটত কোনে আৰোহণ কৰিছিল ?

উত্তৰ:- স্বৰ্গদেউ লক্ষ্মীসিংহৰ পিছত আহোমৰ ৰাজপাটত লক্ষ্মীসিংহৰ পুত্ৰ গৌৰীনাথ সিংহই আৰোহণ কৰিছিল ।

() কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্ণৰ জেনেৰেল কোন আছিল ?

উত্তৰ:- কেপ্তেইন ৱেলছৰ অসম আগমনৰ সময়ত ইংৰাজ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছ আছিল ।

() আহোম সকলৰ শেষ ৰজাজন কোন আছিল ?

উত্তৰ:- আহোম সকলৰ শেষ ৰজাজন চন্দ্ৰকান্ত সিংহ আছিল ।

() কিমান খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?

 উত্তৰ:- ১৮২৬ খ্ৰীষ্টাব্দত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ।

/ ক্ৰমানুসাৰে সজোৱা

() মোৱামৰীয়া প্ৰথম বিদ্ৰোহ

() মানৰ দ্বিতীয় আক্ৰমণ

() কেপ্তেইন ৱেলছৰ অসম আগমন

() ইয়াণ্ডাবু সন্ধি

() মানৰ তৃতীয় আক্ৰমণ

উত্তৰ:- (ক) মোৱামৰীয়া প্ৰথম বিদ্ৰোহ ।

(খ) কেপ্তেইন ৱেলছৰ অসম আগমন ।

(গ) মানৰ দ্বিতীয় আক্ৰমণ ।

(ঘ) মানৰ তৃতীয় আক্ৰমণ ।

(ঙ) ইয়াণ্ডাবু সন্ধি ।

/ শুদ্ধ/ অশুদ্ধ বাছি উলিওৱা

() অসমত হোৱা মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ লৰ্ড কৰ্ণৱালিছ অসমলৈ আহিছিল

উত্তৰ:- অশুদ্ধ ।

() কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱা ঘোৰ বৈষ্ণৱপন্থী আছিল

উত্তৰ:- অশুদ্ধ ।

() মানৰ প্ৰথম অসম আক্ৰমণৰ সময়ত মান ৰজা আছিল বডোপায়া 

উত্তৰ:- শুদ্ধ ।

() ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুসাৰে ইংৰাজে আৰাকান, টেনাচেৰিম আৰু য়েহ লাভ কৰিছিল

উত্তৰ:- অশুদ্ধ ।

() বদনচন্দ্ৰ বৰফুকনক ৰুচিনাথ বুঢ়াগোঁহায়ে হত্যা কৰিছিল

উত্তৰ:- অশুদ্ধ ।

/ চমু উত্তৰ দিয়া : ( ৫০ টা মান শব্দৰ ভিতৰত )

() প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ সমূহ কি ?

উত্তৰ:- প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ কাৰণ সমূহ হল

১) সাধাৰণভাৱে ৰাজধৰ্ম আৰু প্ৰজাধৰ্মৰ মাজৰ বিদ্বেষ আৰু সংঘাত । ৰজা হল ঘোৰ শাক্ত ধৰ্মী আৰু আনহাতে প্ৰজা সকল আছিল বৈষ্ণৱ পন্থী ।

২) বিতৰ্কিত ৰাজবিষয়া, কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এদিন সুযোগ বুজি আহোম ৰজা স্বৰ্গদেউ লক্ষ্মীসিংহৰ সন্মুখতে মহন্ত সকলৰ গুৰু মোৱামৰীয়া মহন্তক অপমান কৰে । এই অপমানৰ পোতক তুলিবলৈ মহন্তৰ শিষ্য সকলে  প্ৰতিজ্ঞাবদ্ধ হয় আৰু সুযোগ বুজি বিদ্ৰোহ আৰম্ভ কৰে ।

() মানৰ তৃতীয় আক্ৰমণৰ কাৰণ সমূহ কি ?

উত্তৰ:- মানৰ তৃতীয় আক্ৰমণৰ কাৰণ সমূহ হল

অসমত থকা মান সেনাৰ অতপালি দিনে দিনে বাঢ়ি গৈছিল । সেই কাৰণে ৰজা চন্দ্ৰকান্ত সিংহ অতিষ্ঠ হৈ মান সেনা অসমলৈ অহা পথটো বন্ধ কৰাৰ প্ৰস্তুতি চলায় । মানৰজা বাগ্যীদোবাই এই কথা গম পাই সসৈন্য অসমলৈ আহি আহোম ৰাজ্য আক্ৰমণ কৰে । অসম নিজ দখললৈ আনি ৰজা চন্দ্ৰকান্ত সিংহক ৰংপুৰত বন্দী কৰি থয় ।

() ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত কি ?

উত্তৰ:- ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত হল

১) প্ৰথম চৰ্ত হল মান ৰজা ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিয়া ।

২) দ্বিতীয় চৰ্ত হল মানসকলে অসম, কাছাৰ আৰু মণিপুৰৰ ওপৰত থকা সকলো অধিকাৰ ত্যাগ কৰাৰ লগতে ভবিষ্যতে এই ৰাজ্য বোৰৰ ওপৰত অধিকাৰ সাব্যস্ত নকৰে বুলি প্ৰতিশ্ৰুতি দিয়া ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

/ চমু টোকা লিখা

() কীৰ্তিচন্দ্ৰ বৰবৰুৱা

উত্তৰ:- ৰাজেশ্বৰ সিংহই ৰাজকাৰ্য পৰিচালনা কৰাতকৈ আমোদ – প্ৰমোদত দিন কটাবলৈহে বেছি ভাল পাইছিল । তেওঁ ৰাজ্য – শাসনৰ ভাৰ বাকতিয়ালৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত অৰ্পন কৰিছিল । কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ক্ষমতা দিনক দিনে বাঢ়ি যোৱাত ডা – ডাঙৰীয়া সকলে তেওঁক দেখিব নোৱৰা হল ।

কীৰ্তিচন্দ্ৰ বৰবৰুৱা সাধাৰণ কাডী খেলৰ মানুহ আছিল । নুমলী বৰগোহাঁয়ে ” চকৰীফেটী ” নামে বুৰঞ্জী লিখি কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ পৰিয়ালক ‘ জলম বঁটা ‘ অৰ্থাৎ নকল আহোম বুলি উল্লেখ কৰিলে । কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এই কথাৰ প্ৰতিবাদ কৰি নৰা দেশৰ পৰা নিজা আত্মীয় মানুহ আনি প্ৰমাণ কৰিলে যে তেওঁ সম্পূৰ্ণ সম্ভ্ৰান্ত আহোম পৰিয়ালৰ ।

এনে কাৰ্যই ৰজাৰ বিষয়েও কিবা বেয়া কথা থাকিব পাৰে বুলি সন্দেহ জগালে আৰু ৰজাৰ পৰা ৰাজ্যৰ বুৰঞ্জী পৰীক্ষা কৰাৰ আদেশ ললে । তেওঁ বুৰঞ্জী কিছুমান পৰীক্ষা কৰি অপত্তিজনক কথা থকা বুৰঞ্জী বোৰ পুৰি পেলায় । কীৰ্তিচন্দ্ৰ বৰবৰুৱাই এই কাৰ্যই তেওঁক বৰ অপ্ৰিয় কৰি তোলে   কিছুমান ষড়যন্ত্ৰ কৰি তেওঁক বধ কৰিবলৈ চেষ্টা কৰে , কিন্তু তেওঁ কোনো ৰকমৰ পলাই প্ৰাণ ৰক্ষা কৰে ।

পাছত তেওঁ ষড়যন্ত্ৰকাৰী সকলক ধৰি কঠোৰ শাস্তি দিয়ে । কীৰ্তিচন্দ্ৰ বৰবৰুৱাই মোৱামৰীয়া মহন্ত সকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিল । তেওঁ কেইজনমান মোৱামৰীয়া নেতাক অপমান আৰু লঘু লাঞ্চনা কৰাৰ বাবে তেওঁলোক বিদ্ৰোহী হৈ উঠে । মোৱামৰীয়া বিদ্ৰোহী সকলে বিদ্ৰোহৰ সময়ত কীৰ্তিচন্দ্ৰ বৰবৰুৱাক সবংশে বধ কৰে ।

() পূৰ্ণানন্দ বুঢ়াগোহাঁই

উত্তৰ:- আহোম ৰজা গৌৰীনাথ সিংহৰ শাসন কালত মোৱামৰীয়া বিদ্ৰোহৰ সময়ত ঘনশ্যাম বৰুৱাৰ মৃত্যু হোৱাত তেঁওৰ পুত্ৰ পূৰ্ণানন্দ বুঢ়াগোহাঁই পদত অধিষ্ঠিত হল । পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে কৌশলেৰে মোৱামৰীয়া দ্বিতীয় বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয় ।

কিন্তু আহোম ৰজা গৌৰীনাথৰ অত্যাচাৰ মোৱামৰীয়া সকলৰ ওপৰত চলিয়ে থাকিল সেইবাবে মোৱামৰীয়া সকলে ১৭৮৬ চনত পুনৰ বিদ্ৰোহ আৰম্ভ কৰিলে । ৰজাই বিদ্ৰোহ দমন কৰাৰ চেষ্টা বিফল হল । ৰজা ৰাজধানী এৰি পলাবলৈ বাধ্য হল ।

() বদন চন্দ্ৰ বৰফুকন

উত্তৰ:- কলীয়া ভোমোৰা বৰফুকনৰ মৃত্যু হোৱাত তেওঁৰ ঠাইত বদন চন্দ্ৰ বৰফুকন নিযুক্তি হৈছিল । অলপ দিনৰ ভিতৰতে বদন চন্দ্ৰ বৰফুকনৰ অত্যাচাৰত প্ৰজা অতিষ্ঠ হৈ পৰিল । বুঢ়াগোহাঁই ডাঙৰীয়াই এইবোৰ খবৰ পাই আছিল ।

আনহাতে তেওঁৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰত বৰফুকন যে লিপ্ত আছিল এই কথাৰ সম্ভেদ পাই বৰফুকনক ধৰি আনিবৰ বাবে মহেশ্বৰ পৰ্বতীয়া ফুকনক পঠালে কিন্তু বদনৰ জীয়েক আৰু বুঢ়াগোহাঁইৰ ক্ষমতা হস্তগতৰ কথা জনাই সাহায্য প্ৰাৰ্থনা কৰিলে । কিন্তু ইংৰাজে বদনৰ প্ৰাৰ্থনা মঞ্জুৰ নকৰিলে ।

তেতিয়া বদনে কলিকতাত থকা মান ৰজাৰ কটকীৰ লগত বন্ধুত্ব কৰি ব্ৰহ্মদেশ পালেগৈ আৰু মানৰজা বডোয়াক সকলো কথা জনাই সহায় বিচাৰিলে । মনৰজাই বদন চন্দ্ৰক সহায় কৰাৰ প্ৰতশ্ৰুতি দিলে ।

১৮১৭ চনৰ মাৰ্চ মাহত বদণে মান সেনা লৈ অসমত প্ৰবেশ কৰে । ঘিলাধাৰী নামে ঠাইত দুই পক্ষৰ ৰণ হয় । এই ৰণত আহোম সৈন্য হাৰে । ইতিমধ্যে পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয় । মান সেনাই ৰাজধানী যোৰহাট অধিকাৰ কৰি চন্দ্ৰকান্ত সিংহক ৰজা পাতে । মান সেনা অসম এৰি যোৱাৰ পিছত বদন চন্দ্ৰই প্ৰধানমন্ত্ৰী হৈ ৰাজ্যৰ সৰ্বময় কৰ্তা হৈ পৰিল । কিছুদিন পিছত ১৮১৮ চনত ৰূপসিং চুবেদাৰ নামৰ চিপাহী এজনৰ দ্বাৰা হত্যা কৰালে ।

/ কেপ্তেইন ৱেলছ কোন আছিল ? তেওঁ অসমলৈ কিয় আহছিল আৰু ইয়াৰ ফলাফল কি হল ?

উত্তৰ:- কেপ্তেইন ৱেলছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এজন ব্ৰিটিছ বিষয়া

১৭৯২ খ্ৰীষ্টাব্দত তেওঁক ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছে আহোম ৰজা গৌৰীনাথ সিংহই মোৱামৰীয়া বিদ্ৰোহী সকলক দমন কৰিবলৈ সহায় ভিক্ষা কৰাৰ কাৰণে কেপ্তেইন ৱেলছ অসমলৈ আহিছিল । মোৱামৰীয়া বিদ্ৰোহী সকলক দমন কৰিবলৈ অসমলৈ আহিছিল ।

কেপ্তেইন ৱেলছ অসমলৈ আহি বিদ্ৰোহীৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰে । পাছত দৰঙী ৰজা কৃষ্ণ নাৰায়ণৰ বিদ্ৰোহ দমন কৰে । তেওঁ নামনি আৰু উজনি অসমৰ বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক আহোমৰ শাসনভাৰ গতাই দিয়ে ।

/ ‘ পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দই অসমলৈ মান অহাত সহায় কৰিছিল ‘ – কথাষাৰৰ যথার্থতা নিৰ্নয় কৰা

উত্তৰ:- ‘ পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজৰ ক্ষমতাৰ দ্বন্দই অসমলৈ মান অহাত সহায় কৰিছিল ‘ । আহোম ৰজাৰ দুজন দায়িত্বপূৰ্ণ বিষয়াৰ মাজত ক্ষমতাৰ অপব্যৱহাৰ হোৱাৰ বাবেই এই দুই বিষয়াৰ পৰস্পৰৰ প্ৰতি জেদ বৃদ্ধি পাই মানক আহান কৰি মাতি আনি অসম ৰাজ্য ধ্বংস কৰা হৈছিল ।

ক্ষমতা লুভী বদন চন্দ্ৰ বৰফুকনে নিজৰ অবিবেচক কাৰ্যৰ দ্বাৰা বুঢ়াগোহাঁইক শত্ৰু কৰি লৈছিল আৰু তেওঁৰ বিৰুদ্ধে হত্যাৰ ভাবুকি দিছিল সেই কাৰণে বদন চন্দ্ৰক ধৰি আনিবলৈ কটকী পঠাইছিল।  এই ভয়তে বদন চন্দ্ৰই কলিকতালৈ গৈ মান ৰজাক আহোম ৰজাৰ বিৰুদ্ধে মিছা কথা লগাই ধনলোভী, সাম্ৰাজ্যবাদী ৰজাৰ প্ৰিয়ভাজন হৈ মান সেনা আনি নিজৰ দেশ অসম ৰাজ্য খন ধ্বংস কৰিছিল ।

দেশৰ নাগৰিকৰ দেশপ্ৰেম নাথাকিলেহে কোনো লোকে এনে কাম কৰিব পাৰে । তেওঁলোককে দেশদ্ৰোহী বুলি আখ্যা দিয়া হয় । বুঢ়াগোহাঁইয়ে শাসনৰ দায়িত্বত থাকি তেওঁক ধৰি আনিবলৈ পঠোৱাৰ যুক্তি আছে ।

/ ইয়াণ্ডাবু সন্ধিৰ পৰবৰ্তী পৰ্যায়ত ইংৰাজসকলে কিয় গোটেই অসমখন নিজৰ শাসনধীন কৰা নাছিল ? তোমাৰ মতামত দাঙি ধৰা

উত্তৰ:- মান ৰজা আৰু ইংৰাজ কোম্পানীৰ মাজত হোৱা ইয়াণ্ডাবু সন্ধিৰ চুক্তিৰ চৰ্তমতে অসম আৰু কাছাৰ ৰাজ্য ইংৰাজ সকলে লাভ কৰি ৰাজ্য দুখন নিজ সাম্ৰাজ্যৰ ভিতৰুৱা কৰিবলৈ অধিকাৰ লাভ কৰিছিল যদিও ইংৰাজ সকলে অসম ৰাজ্যৰ উত্তৰ – পূবফালে থকা কিছুমান পাহাৰী জনজাতীয় সৰু সৰু ৰাজ্য যেনে – মটক, মৰাণ, খামতি, চিংফৌ জাতিৰ ৰজাক শাসন কৰি থাকিব দিছিল । কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়ো পাৰৰ লগতে মণিপুৰ, নাগালেণ্ড, কাছাৰ আদি ৰাজ্যহে পৰ্যায়ক্ৰমে নিজ দখললৈ নিছিল । ইয়াৰ কিছুমান কাৰণ আছিল –

১) এই পাহাৰী ৰাজ্যবোৰ শাসন কৰাৰ কিছুমান অসুবিধা আছিল কাৰণ যাতায়াতৰ আৰু পৰিবহণৰ কোনো সুবিধা নাছিল । পাহাৰ বোৰত কোনো সম্পদো নাছিল ।

২) পাহাৰী অঞ্চলত জনসংখ্যাও আছিল বৰ সীমিত, তাত খেতিবাতি নহৈছিল ।

৩) আনহাতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যাতায়াত পৰিবহণ বৰ সুবিধা আছিল । কাৰণ ব্ৰহ্মপুত্ৰৰ নৈখন নাব্য হোৱা কাৰণে তাত নাও, জাহাজ সকলো সময়তে চলাচল কৰিছিল ।

এনেবোৰ কাৰণতে ব্ৰহ্মপুত্ৰ উপত্যকা নিজ সাম্ৰাজ্যৰ ভিতৰত সামৰি লৈছিল ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top