Class 8 Social পাঠ 16 – ১৮৫৭ চনৰ বিদ্ৰোহ – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 16 – ১৮৫৭ চনৰ বিদ্ৰোহ – সমাধান and select needs one.
Class 8 Social পাঠ 16 – ১৮৫৭ চনৰ বিদ্ৰোহ – সমাধান
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 16 – ১৮৫৭ চনৰ বিদ্ৰোহ – সমাধান Solutions for All Subject, You can practice these here…
১৮৫৭ চনৰ বিদ্ৰোহ
পাঠ – ১৬ (সমাজ বিজ্ঞান )
১/ উত্তৰ লিখা –
(ক) কেতিয়াৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিবেশত পৰিণত হ‘ল ?
উত্তৰ:- ১৮৫৮ চনৰ পৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিবেশত পৰিণত হ’ল ।
(খ) কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি , পেন্সন আদি কাঢ়ি লোৱা হৈছিল ?
উত্তৰ:- লৰ্ড ডেলহাউচিৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মৰ্যাদা, উপাধি , পেন্সন আদি কাঢ়ি লোৱা হৈছিল ।
(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল ?
উত্তৰ:- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ মংগল পাণ্ডে নামৰ কোম্পানীৰ এজন চিপাহী আছিল ।
(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল ?
উত্তৰ:- মণিৰাম দেৱানৰ সৈতে পিয়লি বৰুৱাক ফাঁচি দিয়া হৈছিল ।
(ঙ) কৃষক বিদ্ৰোহ সমুহ কোনে পৰিচালনা কৰিছিল ?
উত্তৰ:- কৃষক বিদ্ৰোহ সমুহ ৰাইজৰ মেলসমূহে পৰিচালনা কৰিছিল ।
২/ ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশ মিলোৱা –
‘ ক ‘ অংশ | ‘ খ ‘ অংশ |
(ক) ১৮৫৬ চনৰ আইন | মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ । |
(খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ | গোমধৰ কোঁৱৰৰ বিদ্ৰোহ । |
(গ) ১৮৫৮ চন | ফুলগুৰি ধেৱা । |
(ঘ) ১৮২৮ চিন | সাগৰ যাত্ৰা বাধ্যতামূলক কৰা । |
(ঙ) ১৮৬১ চন | ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন । |
উত্তৰ:-
‘ ক ‘ অংশ | ‘ খ ‘ অংশ |
(ক) ১৮৫৬ চনৰ আইন | সাগৰ যাত্ৰা বাধ্যতামূলক কৰা । |
(খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ | মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ । |
(গ) ১৮৫৮ চন | ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন । |
(ঘ) ১৮২৮ চিন | গোমধৰ কোঁৱৰৰ বিদ্ৰোহ । |
(ঙ) ১৮৬১ চন | ফুলগুৰি ধেৱা । |
৩/ শুদ্ধ/ অশুদ্ধ নিৰ্ণয় কৰা –
(ক) অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল ।
উত্তৰ:- শুদ্ধ ।
(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী ।
উত্তৰ:- অশুদ্ধ ।
(গ) ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্ৰাট বুলি ঘোষণা কৰিছিল ।
উত্তৰ:- শুদ্ধ ।
(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ ইংৰাজক আবেদন জনাইছিল ।
উত্তৰ:- শুদ্ধ ।
(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল ।
উত্তৰ:- অশুদ্ধ ।
৪/ চমু টোকা লিখা –
(ক) মণিৰাম দেৱান ।
উত্তৰ:- ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা তাৰ নায়ক আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা দেৱান , চমুকৈ মণিৰাম দেৱান । মণিৰাম দেৱান চতুৰ আৰু ৰাজনৈতিক তথা প্ৰশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল । আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল যদিও ইংৰাজৰ বৈষম্য মূলক নীতিৰ নিজেই এজন ভুক্তভোগী হোৱা হেতুকে শেষলৈ ইংৰাজ বিদ্বেষ হৈ পৰে ।
মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ ‘ দেৱান ‘ ৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ ‘ চিনামৰা ‘ আৰু ‘ চেলেঙ ‘ ত নিজাকৈ দুখন চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে । মনিৰামৰ এই ব্যৱসায় সহজভাৱে নলৈ ইংৰাজে বিভিন্ন প্ৰকাৰে তেওঁক হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে ।
ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ অসমত পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰি মণিৰাম দেৱানে ইংৰাজৰ ওচৰত কৰা চেষ্টা অথলে যোৱাত অবশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে ।
এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ প্ৰমুখ্যে অন্যান্য সহযোগী সকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্ৰস্তুতি চলাবলৈ আহ্বান জনালে । অসমত ইতিমধ্যেই অসন্তুষ্ট হৈ থকা বিভিন্ন শ্ৰেণীৰ লোকক সংগঠিত কৰাত একো অসুবিধাই নহল । চাৰিং ৰজা কন্দপেশ্বৰ সিংহৰ বাসভৱন গোপন আলোচনাৰ কেন্দ্ৰ হৈ পৰিল । কিন্তু আঁচনি মতে কাম নহল ।
প্ৰস্তুতি ভালেখিনি আগবঢ়াৰ সময়তে মণিৰাম দেৱানৰ বিদ্ৰোহ সম্পৰ্কীয় কিছুমান নথি – পত্ৰ ইংৰাজৰ হাতত পৰাত তৎকালীন ভাৱে মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী সকলক আটক কৰা হল । কোনো আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিলে ।
(খ) ফুলগুৰি ধেৱা ।
উত্তৰ:- ফুলগুৰি ধেৱা নগাঁৱৰ ফুলগুৰিত ১৮৬১ চনত হৈছিল । অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহক ফুলগুৰিৰ ধেৱা বুলি জনা যায় । অসমৰ কৃষক বিদ্ৰোহ সমূহ পৰিচালনা কৰিছিল ‘ ৰাইজ মেলসমূহে ‘ । সমাজৰ মুখিয়াল লোকসকলৰ তত্বাৱধানত ৰাইজ মেলসমুহ গঢ়ি উঠিছিল । জাতি, ধৰ্ম নিৰ্বিশেষে সকলোৱেই ইয়াত অংশগ্ৰহণ কৰিব পাৰিছিল ।
আর্থ – সামাজিক সমস্যা সমূহ উপস্থাপনৰ ক্ষেত্ৰত ৰাইজ মেল সমূহে এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল । তাৰোপৰি ৰাইজমেলৰ ক্ষমতা ইমানেই বেছি আছিল যে কোনো কোনো ঠাইত স্থানীয় ভাৱে চৰকাৰক আচল কৰি দিবলৈও ই সমৰ্থ হৈছিল । ১৮৯৪ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্ৰোহ কৰিছিল ।
সৰুক্ষেত্ৰী মৌজাৰ লাছিমা, বজালীৰ গোবিন্দপুৰ আৰু ১৮৯৪ চনৰ জানুৱাৰীত মঙ্গলদৈ মহকুমাৰ পথৰুঘাটত হোৱা কৃষক বিদ্ৰোহে ইংৰাজক ভীতি বিহল কৰি তুলিছিল। পথৰুঘাটৰ ৰণেই অসমত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ অন্তিম পৰ্যায় ।
অসমৰ কৃষক বিদ্ৰোহ সমূহ ইংৰাজ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিছিল যদিও নিঃশেষ কৰিব পৰা নাছিল । দক্ষিণ ভাৰত, বংগ আৰু বিহাৰৰ ছোটানাগপুৰতো সম – সাময়িক ভাৱে কৃষক বিদ্ৰোহ হৈছিল যদিও ইংৰাজৰ লগত সমুখ সমৰত অৱতীৰ্ণ হৈছিল কেৱল অসমৰ কৃষকসকলেহে ।
S.L.No | Contents |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ – মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ – নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ ।
উত্তৰ:- ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল নতুনকৈ সৈন্য সকলৰ মাজত প্ৰৱৰ্তন কৰা ৰয়েল এনফিল্ড ৰাইফলত গুলী বোৰৰ ওপৰত থকা বাকলিখন দাঁতেৰে কামুৰি ছিঙি লৈ ৰাইফলত ভৰাব লাগিছিল । এই গুলীটোৰ বাকলিটোত গৰু আৰু গাহৰিৰ চৰ্বি সনা থাকে বুলি চিপাহী সকলৰ মাজত এটা জনৰৱ প্ৰচাৰ হয় ।
গৰু আৰু গাহৰি চৰ্বি ক্ৰমে হিন্দু আৰু মুছলমান সকলৰ অখাদ্য । গতিকে হিন্দু আৰু মুছলমান সৈন্য সকলে নিজৰ ধৰ্ম নষ্ট হয় বুলি ভাবি উত্তেজিত হৈ পৰে আৰু বিদ্ৰোহত নামি পৰে । সেই কাৰণে এই এনফিল্ড ৰাইফলৰ ব্যৱহাৰকে চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ বুলি গণ্য কৰা হয় ।
৫/ চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগত বিভক্ত কৰিব পাৰি ? যিকোনো এটা কাৰণৰ বিষয়ে লিখা ।
উত্তৰ:- চিপাহী বিদ্ৰোহৰ কাৰণবোৰক পাঁচ ভাগত বিভক্ত কৰিব পাৰি ।
১) ৰাজনৈতিক
২) অৰ্থনৈতিক
৩) সামাজিক
৪) সামৰিক
৫) ধৰ্মীয় বা তৎকালীন কাৰণ ।
১) ৰাজনৈতিক কাৰণ :- লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ আৰু চামিল কৰণ নীতিৰে চাতাৰা, নাগপুৰ, সম্বলপুৰ আদি ৰজ্যবোৰ বৃটিছৰ অধীনলৈ নিয়ে । বহুতো ৰজাই পদবী, খিতাপ, বৃত্তি আদি হেৰুৱাব লগা হৈছিল । ফলত এই ৰজাবোৰে বৃটিছৰ বিৰুদ্ধে ষ়ড়যন্ত্ৰত লিপ্ত হৈছিল ।
৬/ লৰ্ড ডেলহাউচিৰ নীতি সমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান দূৰ জগৰীয়া বুলি ভাবা ? লিখা ।
উত্তৰ:- লৰ্ড ডেলহাউচিয়ে স্বত্ব বিলোপ নীতি প্ৰবৰ্তন কৰিছিল । ডেলহাউচি এজন সাম্ৰাজ্য বাদী গৱৰ্ণৰ জেনেৰেল আছিল । ভাৰতত এখন বিশাল বৃটিছ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাটোৱে তেওঁৰ মূল লক্ষ্য আছিল । তেওঁৰ উদ্দেশ্যই সফলতা লাভ কৰাৰ কাৰণে তেওঁ কেইবাটাও নীতি গ্ৰহণ কৰিছিল ।
তাৰ ভিতৰত এটা আছিল স্বত্ব বিলোপ নীতি । এই নীতিৰ দ্বাৰা কোনো দেশীয় ৰজা অপুত্ৰক হৈ মৃত্যুবৰণ কৰিলে তেওঁৰ দত্তক পুত্ৰক উত্তৰাধিকাৰী হিচাপে গণ্য কৰা নহয় আৰু মৃত ৰজাৰ ৰাজ্য, উপাধি, বৃত্তি আদিৰ বিলুপ্তি ঘটাই তেওঁৰ ৰাজ্যখন কোম্পানীৰ শাসনাধীন কৰা হৈছিল ।
৭/ এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কব পৰা নাযায় ? যুক্তি দৰ্শোৱা ।
উত্তৰ:- এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি কব পৰা নাযায় । কিয়নো স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱাই নাছিল । সেই বাবেই দক্ষিণ ভাৰতৰ লোক সকলে এই বিদ্ৰোহত অংশ গ্ৰহণ কৰা নাছিল । তাৰোপৰি শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধি জীৱি সকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল ।
৮/ চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা ।
উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা।
৯/ ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি চিপাহী বিদ্ৰোহ সংঘটিত হোৱা ঠাই সমুহ যথা স্থানত বহুওৱা ।
উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.