🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Chapter 5 সাগৰ মহাসাগৰ

Class 8 Social Science Geography Question Answer Chapter 5 সাগৰ মহাসাগৰ answer to each chapter is provided in the list so that you can easily browse throughout different Chapter Class 8 Social Chapter 5 সাগৰ মহাসাগৰ and select needs one.

Class 8 Social Chapter 5 সাগৰ মহাসাগৰ

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 5 সাগৰ মহাসাগৰ for All Subject, You can practice these here.

সাগৰ – মহাসাগৰ

Chapter – 5

TEXTUAL QUESTION ANSWER

১। তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা।

(ক) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি?

উত্তৰঃ মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ হ’ল– পৃথিৱীৰ আৱৰ্তন গতি, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য, উপকূল ৰেখাৰ আকাৰ আদিয়ে সাগৰ-মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে।

(খ) গৰম পানীৰ সোঁত বুলিলে কি বুজা?

উত্তৰঃ শীতপ্ৰধান অঞ্চলৰ পানী চেঁচা হৈ সংকুচিত আৰু গধুৰ হয়। সেইবাবে উষ্মমণ্ডলৰপৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰৱাহিত হয়। ইয়েই হ’ল গৰম পানীৰ সোঁত।

(গ) সাগৰীয় জীৱবোৰ কেইপ্ৰকাৰৰ? কিহৰ ভিত্তিত এইবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে?

উত্তৰঃ সাগৰীয় জীৱবোৰ তিনি প্ৰকাৰৰ। লৰচৰ কৰাৰ ধৰণ আৰু বসতিস্থলৰ ওপৰত ভিত্তি কৰি সাগৰীয় জীৱকবোৰক শ্ৰেণী বিভক্ত কৰা হৈছে।

(ঘ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে?

উত্তৰঃ সাগৰৰ যি অঞ্চলত প্লৱক বা প্লেংকটন উদ্ভিদ যথেষ্ট পৰিমাণে পোৱা যায় তাতেই মৎসক্ষেত্ৰ গঢ়ি উঠে।

২। কাৰণ দৰ্শোৱা—

(ক) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয়।

উত্তৰঃ পূৰ্ণিমাৰ আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে। এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে। ফলত ই শক্তিশালী হৈ পৰে।

(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায়।

উত্তৰঃ সাগৰীয় মাছৰ চাহিদা পৃথিৱীৰ সকলো স্থানতে আছে। সেইবোৰ টিনৰ ভিতৰত সংৰক্ষণ কৰা হয় আৰু চিনাক্তকৰণৰ পিছত শীতলকৰণ ব্যৱস্থাৰ সৈতে বিভিন্ন দূৰ-দূৰণিৰ দেশবিলাকলৈ প্ৰেৰণ কৰা হয়। গতিকে আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ ক্ৰয় কৰিবলৈ উপলব্ধ।

(গ) জাপানত সঘনাই চুনামী হয়।

উত্তৰঃ জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত। এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল। গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত চুনামীৰ সৃষ্টি হয়।

(ঘ) সূৰ্য আকাৰত বিশাল হোৱা সত্বেও জোৱাৰ সৃষ্টিকাৰী শক্তি কম।

উত্তৰঃ সূৰ্য চন্দ্ৰতকৈ ২৭ মিলিয়ন গুণ ডাঙৰ; আৰু পৃথিৱীৰপৰা চন্দ্ৰৰ দূৰত্ব ৩৮,৪৪,৪০০ কিলোমিটাৰ। আনহাতে পৃথিৱীৰপৰা সূৰ্যৰ দূৰত্ব ১৪,৯৬,০০,০০০ কিলোমিটাৰ। সেয়েহে সূৰ্যৰ জোৱাৰ সৃষ্টিকাৰী শক্তি চন্দ্ৰৰ আধা।

(ঙ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট।

উত্তৰঃ বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত জাহাজ পৰিৱহণেই নিৰ্ভৰযোগ্য ব্যৱস্থা। চাৰিওপিনে মুক্ত আৰু সমান বাবে স্থলপথৰ ক্ষেত্ৰত থকা কিছুমান বাধা জলপথত নাথাকে।

৩। শুদ্ধ উত্তৰটোত  (√) চিন দিয়া—

(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয়–

(ক) মেৰু অঞ্চলত।

(খ) নিৰক্ষীয় অঞ্চলত।

(গ) এটাও নহয়।

উত্তৰঃ (ক) মেৰু অঞ্চলত।

(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা-নমা কৰাকে–

(ক) সাগৰীয় সোঁত।

(খ) জোৱাৰ-ভাটা।

(গ) ঢৌ বোলে।

উত্তৰঃ (খ) জোৱাৰ-ভাটা।

(৩) চুনামী শব্দৰ অৰ্থ হ’ল —

(ক) ভূমিকম্প।

(খ) সাগৰৰ ঢৌ।

(গ) পোতাশ্ৰয় ঢৌ।

উত্তৰঃ (গ) পোতাশ্ৰয় ঢৌ।

(৪) সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰ —

(ক) নেক্টন।

(খ) বেনথ’জ।

(গ) প্লেংকটন শ্ৰেণীৰ।

উত্তৰঃ (খ) বেনথ’জ।

৪। সোঁফালৰ লগত বাওঁফাল মিলোৱা —

উত্তৰঃ

(ক) ডায়েটম(গ) এবিধ উদ্ভিদ প্লেংকটন।
(খ) নিৰক্ষীয় অঞ্চলত(ঙ) পানীৰ ঘনত্ব কম হয়।
(গ) সাধাৰণ নিমখ(ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে।
(ঘ) সপ্তমী আৰু অষ্টমী তিথিত(খ) নাটনি জোৱাৰ হয়।
(ঙ) মৎস্য ক্ষেত্ৰবোৰ(ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে।
NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 8 Social Chapter 5 সাগৰ মহাসাগৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top