🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Class 8 Social Science Question Answer Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Science History Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Class 8 History and select needs one.

Class 8 Social Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given History Class 8 Social Science Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন for All Subject, You can practice these here.

বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Chapter – 4

TEXTUAL QUESTION ANSWER

১। উত্তৰ লিখা—

(ক) বসতিক কেই ভাগত ভাগ কৰা হয়?

উত্তৰঃ বসতিক ঘাইকৈ দুই ভাগত ভাগ কৰা হয়।

(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত?

উত্তৰঃ গ্ৰামাঞ্চলৰ ৭০ শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত।

(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত?

উত্তৰঃ নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায়-বাণিজ্যিৰ লগত জড়িত।

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে?

উত্তৰঃ উৎপত্তি কালৰ ভিত্তিত ভাৰতৰ নগৰসমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে।

(ঙ) লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হ’ব লাগে?

উত্তৰঃ লোকপিয়ল বিভাগে নিৰ্দিষ্ট কৰি দিয়া মতে ভাৰতৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ হ’ব লাগে।

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম কি?

উত্তৰঃ অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰখনৰ নাম হ’ল গুৱাহাটী।

২। শুদ্ধ/অশুদ্ধ লিখা—

(ক) নগৰীয়া বসতিতকৈ গ্ৰাম্য বসতিত জনসংখ্যাৰ ঘনত্ব অধিক।

উত্তৰঃ অশুদ্ধ।

(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত।

উত্তৰঃ শুদ্ধ।

(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ।

উত্তৰঃ শুদ্ধ।

(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ।

উত্তৰঃ শুদ্ধ।

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত।

উত্তৰঃ শুদ্ধ।

৩। চমুকৈ উত্তৰ লিখা—

(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি।

উত্তৰঃ গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হ’ল কৃষি। খেতি-বাতিৰ উপৰি গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ-জন্তু পোহা, সৰু-সুৰা ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে।

(খ) নগৰত বসতিৰ সা-সুবিধা।

উত্তৰঃ নগৰত বসতিৰ সা-সুবিধাসমূহ হ’ল– যাতায়ত, চিকিৎসা, শিক্ষা, বাণিজ্য, বিদ্যুৎ, পানী যোগান আদিৰ দৰে সুবিধাবোৰ বৃদ্ধি পাবলৈ ধৰে।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি?

উত্তৰঃ নগৰখনৰ সকলো সুবিধাৰ বাবে নগৰখন ঘন বসতিপূৰ্ণ। যেনে- নগৰখনৰ পথ ঘাটবোৰ মসৃণ, যান-বাহনৰ সুবিধা, ব্যৱসায়- বাণিজ্য সুবিধা, নিযুক্তিৰ সুবিধা, চিকিৎসা, কল- কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় আদিৰ বাবে চহৰখনত ঘন বসতিপূৰ্ণ।

(ঘ) মেগাল’পলিছ কাক বোলে?

উত্তৰঃ একোখন মহানগৰক কেন্দ্ৰ কৰি তাৰ উপকন্ঠ অঞ্চলৰ ভালেমান সৰু-বৰ নগৰ লগ হৈ যি একোটা নগৰপুঞ্জৰ সৃষ্টি কৰে তাকে মেগাল’পলিছ বুলি কোৱা হয়।

৪। নগৰৰ সা-সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

ক্ৰমিক নংনগৰৰ সুবিধাসমূহ
১শিক্ষা গ্ৰহণৰ বাবে পৰ্যাপ্ত শিক্ষানুষ্ঠান পোৱা যায়
২উন্নত চিকিৎসা সেৱা পোৱা যায়
৩যাতায়তৰ সুবিধা থাকে।
৪বেপাৰ বাণিজ্যৰ বাবে পৰ্যাপ্ত ব্যৱস্থাসমূহ উপলব্ধ।
৫পৰিকল্পিত ঘৰ-দুৱাৰ, দোকান সজাৰ ব্যৱস্থা থাকে।
৬নিয়োগৰ সুবিধা বেছি।
৭বেংক,পাইকাৰী আৰু  খুচুৰা বিক্ৰী কেন্দ্ৰসমূহ সহজলভ্য।

নগৰৰ সমস্যসমূহ হ’ল–

(১) বিশুদ্ধ খোৱা পানীৰ যোগান পৰ্যাপ্ত নহয়।

(২) গাড়ী, মটৰৰ পৰা ওলোৱা ধোৱাৰ পৰা হোৱা বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ আৱৰ্জনা নিষ্কাষণৰ সমস্যা, নদী আৰু নলা নৰ্দমাক ডাষ্টবিন হিচাপে ব্যৱহাৰ কৰা হয়।

(৩) কৃত্ৰিম বানপানীৰ সমস্যা খেলপথাৰ, উদ্যান আদিৰ দৰে মুকলি ঠাইৰ অভাৱ।

(৪) যান-বাহনৰ সমস্যা দ্ৰুত জনসংখ্যা বৃদ্ধি, নগৰীকৰণৰ সমস্যা।

(৫) ঘৰ,উদ্যোগ,বাট-পথ, দোকান, অনুষ্ঠান -প্ৰতিষ্ঠান আদি সাজিবলৈ ভূমিৰ নাটনিৰ প্রয়োজন।

৬। তুমি বাস কৰা ঠাইত থকা দহটা পৰিয়ালৰ লোকসকলৰ শিক্ষাগত অৰ্হতা আৰু তেওঁলোক কি কি বৃত্তিৰ লগত জড়িত তাৰ জৰীপ কৰি এখন প্ৰতিবেদন প্ৰস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৭। অসমৰ মানচিত্ৰ চাই নতুনকৈ ঘোষিত জিলা সমূহৰ অৱস্থান চিনাক্ত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

3 thoughts on “Class 8 Social Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top