Class 8 Social Science History Question Answer Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ Class 8 History and select needs one.
Class 8 Social Science Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 2 জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ for All Subject, You can practice these here.
জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ – 2
১/ শুদ্ধ উত্তৰটো লিখা –
(ক) কোনটো অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি –
(i) নিৰক্ষীয় অঞ্চল
(ii) উত্তৰ মেৰু
(iii) পূব এছিয়া
(iv) আফ্ৰিকাৰ চাহাৰা মৰুভূমি |
উত্তৰ:- (iii) পূব এছিয়া |
(খ) কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক –
(i) ইউৰোপ
(ii) আফ্ৰিকা
(iii) এছিয়া
(iv) অষ্ট্ৰেলিয়া |
উত্তৰ:- (iii) এছিয়া |
(গ) ২০১১ চনত অসমৰ জনসংখ্যা আছিল –
(i) ২.২৪ কোটি
(ii) ৩.১২ কোটি
(iii) ২.৩৫ কোটি
(iv) ২.৪৬ কোটি |
উত্তৰ:- (ii) ৩.১২ কোটি |
(ঘ) তলত উল্লেখ কৰা কোণখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই –
(i) এছিয়া
(ii) দক্ষিণ আমেৰিকা
(iii) কুমেৰু বা এন্টাৰ্কটিকা
(iv) ইউৰোপ |
উত্তৰ:- (iii) কুমেৰু বা এন্টাৰ্কিকা |
২/ খালী ঠাই পূৰ কৰা –
(ক) জনসংখ্যাৰ বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাৰ বৃদ্ধিক বুজায় |
(খ) পৃথিৱীৰ বেছিভাগ মানুহে উত্তৰ গোলাৰ্ধত বসতি কৰে |
(গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব |
(ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ললে নতুন ঠাই খনক প্ৰব্ৰজনৰ লক্ষ্য স্থান বোলে |
S.L.No | Contents |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ – মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ – নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
৩/ চমু টোকা লিখা –
(ক) মানৱ সম্পদৰ উন্নয়ন |
উত্তৰ:- মানৱ সম্পদ দেশৰ উন্নতিৰ ভেটি স্বৰূপ | কৰ্মকুশলতা, উৎপাদন দক্ষতা, জ্ঞান – বুদ্ধি আদি মানৱ সম্পদৰ কিছুমান গুণগত বৈশিষ্ট্য | এনে মানৱ সম্পদক উপযুক্ত ভাৱে গঢ়ি তুলাকে মানৱ সম্পদৰ উন্নয়ন বা বিকাশ বুলিব পাৰি | সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন আদিৰ ব্যৱস্থা যথাযথ ভাৱে নিশ্চিত কৰাটোৱেই হৈছে মানৱ সম্পদ উন্নয়নৰ মূল চৰ্ত |
(খ) জনসংখ্যাৰ থূপিকৰণ |
উত্তৰ:- যিবোৰ ঠাইত প্ৰাকৃতিক বা মানৱসৃষ্ট সুবিধাৰ ভিত্তিত বসতি অতি ঘন তাতে জনসংখ্যাৰ থূপিকৰন ঘটা বুলি কোৱা হয় | জনসংখ্যাৰ থূপিকৰণৰ ভিত্তিত পৃথিৱীত ৪ টা অঞ্চল চিনাক্ত কৰিব পাৰি | সেইবোৰ হল – পূব এছিয়া, দক্ষিণ – পূব এছিয়া, পশ্চিম আৰু মধ্য ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ – পূব উপকূলীয় অঞ্চল |
(গ) জনসংখ্যাৰ বিস্ফোৰণ |
উত্তৰ:- চিকিৎসা ব্যৱস্থাৰ উন্নতি ঘটাত মহামাৰীসমূহ নিয়ন্ত্ৰণলৈ অহাৰ লগতে বেমাৰ – আজাৰ বোৰ উন্নত চিকৎসাৰে নিৰাময় কৰিব পৰা হোৱাত মানুহৰ মৃত্যুৰ হাৰ কমি আহে | ইয়াৰ ফলত জনসংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি ধৰে | জনসংখ্যাৰ এনে অভাৱনীয় পৰিবৰ্তনক জনসংখ্যাৰ বিস্ফোৰণ বোলে |
৪/ বহলাই লিখা (৮০ টা মান শব্দৰ ভিতৰত ) জন প্ৰব্ৰজন কাক বোলে ? ইয়াৰ কাৰণবোৰ কি কি ? জন প্ৰব্ৰজনৰ ফলাফলবোৰ কেনে ধৰণৰ ?
উত্তৰ:- মানুহে কৰ্মসূত্ৰে বা আন কোনো কাৰণত নিজৰ স্থান ত্যাগ কৰি অন্য এখন নতুন স্থানত গৈ স্থায়ী বা সাময়িকভাবে বসতি কৰা কাৰ্যকে জনপ্ৰব্ৰজন বোলে |
ইয়াৰ কাৰণবোৰ হল – যুদ্ধ – বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, মহামাৰী, বানপানী, গৰখহনীয়া আদি |
ইয়াৰ ফলত বস্তুৰ মূল্য বৃদ্ধি হয়, বাসস্থানৰ অভাৱ হয়, শিক্ষাৰ সমস্যা দেখা দিয়ে, খাদ্য সংকটে দেখা দিয়ে আদি

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
thanks for you sir
Tumar gaw ba nogorot ki ki ha hubidhar babe jonohokhar bidhi ghotise nirnoi kora