🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Chapter 7 অসমৰ নদ – নদী

Class 8 Social Science Question Answer Chapter 7 অসমৰ নদ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 7 অসমৰ নদ – নদী and select needs one.

Class 8 Social Science Chapter 7 অসমৰ নদ – নদী

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 7 অসমৰ নদ – নদী for All Subject, You can practice these here.

        অসমৰ নদ – নদী

Chapter – 7

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ লিখা —

(ক) ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হ’ল চেমা-য়ুং-দুং।

(খ) ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য ২,৯০৬ কিলোমিটাৰ।

(গ) ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰৰ উৎস চীন ৰাষ্ট্ৰত আছে।

(ঘ) উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা?

উত্তৰঃ উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি ইংৰাজী U আখৰটোৰ দৰে।

(ঙ) ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নৈ ১) তিব্বত, ২) চীন, ৩) ভাৰত, ৪) বাংলাদেশ আদি।

২। শুদ্ধ উত্তৰটো লিখা —

(ক) গিৰিখাত নিম্নভূমি/মোহনা/উচ্চভূমি অঞ্চলৰ ভূ-আকৃতি।

উত্তৰঃ উচ্চভূমি।

(খ) নৈৰ গুম্ফিত ৰূপ সাধাৰণতে পৰ্বত/সমভূমি/মালভূমিত দেখা যায়।

উত্তৰঃ সমভূমি।

(গ) প্লাৱনভূমিত থকা চৰ-চাপৰি নৈৰ খনন/ পৰিবহণ/ অৱক্ষেপনৰ ফলত সৃষ্টি হয়।

উত্তৰঃ অৱক্ষেপন।

(ঘ) বৰাক নৈ অসমৰ ২/৩/৪ খন জিলাৰ মাজেৰে বৈ গৈছে।

উত্তৰঃ ৩ খন।

৩। সোঁফালৰ লগত বাওঁফাল মিলোৱা।

উত্তৰঃ

চাংপোতিব্বত।
অৰুণাচল প্ৰদেশচিয়াং।
সৰ্পিলএকা-বেঁকা গতি পথ।
কলংসুঁতি।
নদীদ্বীপমাজুলী।

৪। চমু টোকা লিখা —

(ক) নৈৰ উচ্চগতি অংশৰ কাৰ্য।

উত্তৰঃ নদীখনৰ প্ৰাথমিক বা উচ্চ গতি প্ৰায় পাহাৰীয়া ওখ মাটিত সীমাবদ্ধ। নদীৰ এই অংশটো পৰ্বতৰ উৎসত আৰম্ভ হয় আৰু সমভূমিত অৱতৰণ নকৰালৈকে ধৰা পৰে। পাহাৰীয়া অঞ্চলবোৰত ভূমিৰ ঢাল উচ্চ, পৃথিৱী-প্ৰকৃতি বাধাগ্ৰস্ত, কঠিন আৰু কোমল শিলেৰে গঠিত। নদী এখন পাহাৰ বা পৰ্বতৰ পৰা নামি বা বৈ অহা অংশক উচ্চগতি বুলিব পাৰি। পাহাৰ পৰ্বতৰ থিয় ঢালেদি বৈ আঁহোতে নদীৰ গতিবেগ বেছি হয় আৰু নদীৰ তলিত খনন অধিক হয়। এই অংশত নদীয়ে সোঁতত শিল, বালি, মাটি কঢ়িয়াই আনে। নদীৰ গতিপথ ইংৰাজী v আখৰৰ দৰে হয়। ঠায়ে ঠায়ে গভীৰ গিৰিখাতৰো সৃষ্টি হয়।

(খ) নৈৰ মধ্যগতি অংশৰ কাৰ্য।

উত্তৰঃ কম ঢালৰ ভূমিভাগেৰে বৈ যোৱা বাবে এই অংশত নদী গতি ধীৰ হয়। এই অংশত নদীৰ গেদ পৰিবহন ক্ষমতা কম হয়। ফলত পাহাৰ বা পৰ্বতৰ পৰা সোঁতত কঢ়িয়াই অনা শিল, বালি, মাটি নদীয়ে সমভূমি অঞ্চলত জমা কৰে। নদীৰ খনন ক্ষমতা কম হয়। মধ্যগতিত নদীখনত পাৰ্শ্বখনন আৰু অৱক্ষেপনৰ ফলত গতিপথ একাবেঁকা হয় যাক নদীৰ সৰ্পিল গতিও বোলে। খৰালি কালত অৱক্ষেপনৰ ফলত চৰ চাপৰিৰ সৃষ্টি হয় আৰু এইবোৰত ঠেকা খাই নদীখনৰ পানীভাগ কেইবাটাও শাখাত বিভক্ত হৈ পৰে। নদীৰ এনে ৰূপক গুম্ফিত ৰূপ বুলি কোৱা হয়। অৱশ্যে বাৰিষা নদীৰ পানী বৃদ্ধি পালে এইবোৰ নাইকিয়া হৈ পৰে।

(গ) নৈৰ নিম্নগতি অংশৰ কাৰ্য।

উত্তৰঃ নিম্নগতিত নৈখন সাগৰ বা মহাসাগৰত পৰেগৈ। নিম্নগতিত নদীৰ গতি অতি ধীৰ হয়। নদীখনৰ শাখা প্ৰশাখা বেছি হয়। নদীয়ে সোঁতত লৈ যোৱা বালি, মাটি আৰু বোকা ইয়াৰ মোহনাত অৱক্ষেপণ কৰে। ইয়াৰ ফলত অসমীয়া “ব” আকৃতিৰ দৰে দ্বীপৰ সৃষ্টি হয়। এই দ্বীপবোৰক ব-দ্বীপ বোলে ǀ

(ঘ) বৰাক নৈৰ গতিপথ।

উত্তৰঃ বৰাক নৈখন মণিপুৰৰ সীমাৱন্তৱৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে। উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ-পশ্চিম দিশে বৈ অহা নৈখনে মণিপুৰ মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে। অশম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পাছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমায়। নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে। ভাৰত-বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয়। তাৰে এভাগে কুশিয়াৰা আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায়। কিছুদূৰ গতি কৰাৰ পাছত পুনৰ দুয়োটি  শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে। বৰাক নৈখন প্ৰায় ৯০০ কিল’মিটাৰ দীঘল। ই প্ৰায় ৩০ মিটাৰৰপৰা ৩০০ মিটাৰ পৰ্যন্ত বহল। বৰাক নৈৰ অসম অংশত প্ৰায় ২৭খন সৰু-বৰ উপনৈ আছে। নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল। কাছাৰ অংশত নৈখনৰ দুয়োপাৰে অসংখ্য জলাহ দেখা যায়। বাংলাদেশত নৈখনে গুম্ফিত ৰূপ লৈছে।

৫। ব্ৰহ্মপুত্ৰ নদীৰ গতি পথৰ অধিকাংশ সৰ্পিল কিয়?

উত্তৰঃ মৃদু ঢালত ধীৰ গতিৰে বোৱা সোঁতৰ নদীতল খনন ক্ষমতাও কম। সেয়েহে অসমত ব্ৰহ্মপুত্ৰ নৈৰ তলি খননৰ পৰিমাণ কম। কিন্তু ইয়াৰ বিপৰীতে অসম অংশত নৈখনৰ পাৰ খহোৱা অৰ্থাৎ পাৰ্শ্বখনন কাৰ্য অধিক হয়। নৈৰ দুয়োপাৰৰ মাটিৰ গঠন কোমল হোৱা বাবে নৈখনে দুয়োপাৰে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰে। নৈৰ যিটো পাৰত পাৰ্শ্বখনন হয় তাৰ বিপৰীতে আনটো পাৰত গেদৰ অৱক্ষেপণ ঘটে। এই পাৰ্শ্বখনন আৰু অৱক্ষেপণৰ ফলত ব্ৰহ্মপুত্ৰ নৈখনৰ গতিপথ একা-বেঁকা বা সৰ্পিল হোৱা দেখা যায়।

৬। উৎসৰপৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি কি নামেৰে জনা যায় লিখা।

উত্তৰঃ তিব্বত-চেমা- য়ুং-দুং হিমবাহ (উৎপত্তি স্থল) তিব্বত- চাংপো অৰুণাচল প্ৰদেশ (উত্তৰ অংশ)- চিয়াং অৰুণাচল প্ৰদেশ (পাছিঘাট)- দিহং অসম-বহ্মপুত্ৰ বাংলাদেশ-পদ্মা (গংগা নদীৰ লগত মিলি)।

৭। ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভুচিত্ৰাৱলীৰ সহায় লৈ সিপিঠিত দিয়া অৱয়ৱসমূহ বহুওৱা।

১। অৰুণাচল হিমালয়।

২। বৰাইল পাহাৰ।

৩। কাৰ্বি মালভূমি।

৪। খাছীয়া-জয়ন্তীয়া পাহাৰ।

৫। নগা পাহাৰ।

৬। মণিপুৰ।

৭। মিজোৰাম।

৮। গাৰোপাহাৰ।

৯। ব্ৰহ্মপুত্ৰ।

১০। সোৱণশিৰি।

১১। দিবং।

১২। লোহিত।

১৩। পাগলদিয়া।

১৪। মানাহ।

১৫। দিখৌ।

১৬। ধনশিৰি।

১৭। বৰাক।

১৮। জাতিংগা উপনৈ।

১৯। ধলেশ্বৰী।

২০। সোণাই।

উত্তৰঃ

৮। নৈ বা উপনৈৰ দাঁতি-কাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা।

উত্তৰঃ নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত এক নিবিড় সম্বন্ধ গঢ় লৈ উঠে। নদ-নদীৰ পানী মানুহে নিজৰ বিভিন্ন প্ৰয়োজন পূৰাবলৈ ব্যৱহাৰ কৰে। যেনে-খাদ্যৰ বাবে, ধোৱা মেলা, কৃষিকৰ্ম, বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ নদীৰ পানীৰ প্ৰয়োজন হয। বাৰিষা কালত নদীবোৰে প্ৰতিবছৰে এৰি থৈ যোৱা পলস ৰ পৰা সৃষ্টি হোৱা প্লাৱভূমি সমূহ কৃষিকাৰ্যৰ বাবে বৰ উপযোগী খৰালি পানী কম হ’লেও নদ-নদী কাষত থাকিলে তাৰ পৰা পানী যোগান ধৰি কৃষি কাৰ্য সুকলমে সমাধা কৰিব পাৰি। নদীৰ কাষৰীয়া ঠাইৰ মানুহে পৰিবহনৰ ক্ষেত্ৰটো যথেষ্ঠ লাভবান হয়। নদীকাষৰ পাৰ্শ্বৱতী অঞ্চল বহু সময়ত অৱসৰ বিনোদনৰ বাবেও উৎকৃষ্ট ঠাই হ’ব পাৰে। নদীত উপলব্ধ সৰু ডাঙৰ মাছধৰি মানুহে তাক ব্যৱসায়ৰো ৰূপ দিবলৈ সক্ষম হৈছে। উপৰোক্ত সা-সুবিধাৰ বাবে নদ-নদীৰ লগত মানুহৰ লগত নিবিড় সম্পৰ্ক গঢ়ি উঠিছে।

৯। বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়াৰ আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

১০। গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম লিখা। প্ৰয়োজনবোধে শিক্ষক আৰু ভুচিত্ৰাৱলীৰ সহায় ল’বা।

উত্তৰঃ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈসমূহৰ নাম হ’ল-  বুঢ়ীদিহিং, দিখৌ, ভোগদৈ, জাজী, ধনশিৰি, কলং, কপিলী, যমুনা আৰু ভৰলু।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top