Class 8 Social History Chapter 14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 8 Social Science Question Answer Chapter 14, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ Class 8 History and select needs one.
Class 8 Social History Chapter 14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social History Chapter 14 ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ Solutions for All Subject, You can practice these here…
ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
HISTORY
পাঠ – ১৪ ( সমাজ বিজ্ঞান )
১/ উত্তৰ দিয়া –
(ক) লৰ্ড কর্ণৱালিছৰ কাৰ্যবিধিখনক কি বুলি জনা যায় ?
উত্তৰ:- লৰ্ড কর্ণৱালিছৰ কাৰ্যবিধিখনক কর্ণৱালিছ সংহিতা নামেৰে জনা যায় ।
(খ) ভাৰতত চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ:- ভাৰতত চিৰস্থায়ী বন্দবস্ত লৰ্ড কর্ণৱালিছে প্ৰৱৰ্তন কৰিছিল ।
(গ) কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ?
উত্তৰ:- লৰ্ড হেষ্টিংচে ভাৰতত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল ।
(ঘ) শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ কোনজন ইংৰাজ গৱৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল ?
উত্তৰ:- শিক্ষা সম্পৰ্কত চাৰ্লছ উডৰ প্ৰেৰণ পত্ৰ লৰ্ড ডেলহাউচিয়ে প্ৰস্তুত কৰিছিল ।
(ঙ) ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনী খন কোনে লিখিছিল ?
উত্তৰ:- ভাৰতত প্ৰথম মহিলাৰ আত্মজীৱনী খন ৰাজসুন্দৰী দেৱীয়ে লিখিছিল ।
২/ ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশ মিলোৱা –
ক অংশ | খ অংশ |
ৰাজা ৰামমোহন ৰায় | প্ৰাৰ্থনা সমাজ |
ৰামকৃষ্ণ পৰমহংস দেৱ | ব্ৰাহ্ম সমাজ |
ছাৰ ছৈয়দ আহমদ খান | আৰ্য সমাজ |
গোবিন্দ ৰাণাডে | আলিগড় আন্দোলন |
দয়ানন্দ সৰস্বতী | ৰামকৃষ্ণ মিছন |
উত্তৰ:-
ক অংশ | খ অংশ |
ৰাজা ৰামমোহন ৰায় | ব্ৰাহ্ম সমাজ |
ৰামকৃষ্ণ পৰমহংস দেৱ | ৰামকৃষ্ণ মিছন |
ছাৰ ছৈয়দ আহমদ খান | আলিগড় আন্দোলন |
গোবিন্দ ৰাণাডে | প্ৰাৰ্থনা সমাজ |
দয়ানন্দ সৰস্বতী | আৰ্য সমাজ । |
৩/ শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা –
(ক) ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখ্ছিয়াৰ/ বাহাদুৰ ছাহ দ্বিতীয় ।
উত্তৰ:- ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজশক্তি ৰূপে প্ৰতিষ্ঠা লাভ কৰাৰ সময়ত দিল্লীৰ সম্ৰাট গৰাকী আছিল ফাৰুখ্ছিয়াৰ ।
(খ) ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে/ লৰ্ড হেষ্টিংছে কলিকতাত মাদ্ৰাছ এখন খুলিছিল।
উত্তৰ:- ১৭৮১ খ্ৰীষ্টাব্দত ৱাৰেন হেষ্টিংছে কলিকতাত মাদ্ৰাছ এখন খুলিছিল ।
(গ) কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে/ নতুন ৰাজ্য অধিগ্ৰহণৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল ।
উত্তৰ:- কোম্পানীৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সামৰিক বাহিনী গঠন কৰিছিল ।
(ঘ) ছাৰ ছৈয়দ আহমেদ খান/ নবাব আব্দুল লতিফে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল ।
উত্তৰ:- ছাৰ চৈয়দ আহমেদ খানে এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰিছিল ।
(ঙ) সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী/ ৰাজা ৰামমোহন ৰায় ।
উত্তৰ:- সত্যৰথ প্ৰকাশ গ্ৰন্থখনৰ ৰচক আছিল দয়ানন্দ সৰস্বতী ।
৪/ চমু টোকা লিখা –
(ক) ৰাজা ৰামমোহন ৰায় ।
উত্তৰ:- ৰাজা ৰামমোহন ৰায় মূৰ্তি পূজা বিৰোধী আৰু জাতিভেদ শূন্য ভাৰতীয় সমাজ এখন গঢ়িবলৈ চেষ্টা কৰিছিল । ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্ৰীষ্টাব্দত ব্ৰাহ্ম সভা পাতে আৰু পিছলৈ ১৮৩০ খ্ৰীষ্টাব্দত ই ব্ৰাহ্ম সমাজ নামে এখন সমাজ সংস্কাৰৰ অনুষ্ঠান হিচাপে গঢ় লয় । পৰৱৰ্তী সময়ত কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰ নাথ ঠাকুৰ তেওঁৰ সহযোগী হৈছিল।
সতী দাহ প্ৰথা, কন্যা শিশু হত্যা আদি সমাজৰ কু – নিয়মবোৰ আঁতৰোৱাত ৰামমোহন ৰায়ে লৰ্ড উইলিয়াম বেণ্টিংকক যথেষ্ট সহায় কৰিছিল । স্ত্ৰী শিক্ষাৰ ওপৰতো তেওঁ গুৰুত্ব প্ৰদান কৰিছিল । অপ্ৰাপ্তবয়স্ক বিধৱাক পুনৰ বিয়া দিয়াটো ব্ৰাহ্ম সমাজে এটা প্ৰধান দায়িত্ব বুলি ধৰিছিল । এনে সংস্কাৰ মূলক কামবোৰ কৰি যাওঁতে ৰাজা ৰামমোহন ৰায়ে ভাৰতীয় হিন্দু সমাজত আন এটা ডাঙৰ দোষ দেখিছিল ।
সেই সময়ত যিসকল ভাৰতীয়ই খৃষ্টান সকলৰ সৈতে খোৱা – বোৱা কৰিছিল বা উচ্চ শিক্ষাৰ বাবে বিদেশলৈ গৈছিল তেনে লোকসকলক হিন্দু সমাজে পতিত বুলি ঘোষণা কৰি সমাজৰ পৰা বহিষ্কাৰ কৰিছিল । এই সকল লোকে উচ্চ শিক্ষাৰে শিক্ষিত হৈও সমাজত এনে ধৰণৰ কলঙ্কৰ ভয়ত খৃষ্টান ধৰ্মত দীক্ষিত হব লগা হৈছিল ।
ৰাজা ৰামমোহন ৰায়ে এনে অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি এইসকল শিক্ষিত লোকক তেওঁ প্ৰতিষ্ঠা কৰা ব্ৰাহ্ম ধৰ্মত দীক্ষা দি হিন্দু ধৰ্মৰে ভিতৰুৱা কৰি ৰাখিছিল । সেয়ে ভাৰতবাসী ৰাজা ৰামমোহন ৰায়ৰ ওচৰত চিৰ কৃতজ্ঞ ।
S.L.No | Contents |
ভূগোল বিজ্ঞান খণ্ড | |
পাঠ-1 | প্ৰাকৃতিক সম্পদ |
পাঠ-2 | জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ |
পাঠ-3 | বসতি |
পাঠ-4 | বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন |
পাঠ-5 | সাগৰ – মহাসাগৰ |
পাঠ-6 | ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা |
পাঠ-7 | অসমৰ নদ – নদী |
পাঠ-8 | ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ |
ইতিহাস খণ্ড | |
পাঠ-9 | নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান |
পাঠ-10 | মধ্য যুগৰ অসম |
পাঠ-11 | অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি |
পাঠ-12 | বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন |
পাঠ-13 | ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ |
পাঠ-14 | ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ |
পাঠ-15 | সাম্ৰাজ্যবাদ আৰু অসম |
পাঠ-16 | ১৮৫৭ চনৰ বিদ্ৰোহ |
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড | |
পাঠ-17 | মানৱ সম্পদ উন্নয়ন |
পাঠ-18 | মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা |
পাঠ-19 | আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা |
পাঠ-20 | গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা |
পাঠ-21 | সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা |
পাঠ-22 | ভাৰতীয় সংবিধান |
পাঠ-23 | মৌলিক অধিকাৰ |
পাঠ-24 | আমাৰ মৌলিক কৰ্তব্য |
(খ) ছাৰ ছৈয়দ আহমেদ খান।
উত্তৰ:- প্ৰাশ্চাত্য শিক্ষাৰ পোহৰে ইছলাম ধৰ্মী লোক সকলকো অনুপ্ৰাণিত কৰিছিল । উত্তৰ ভাৰতৰ ছাৰ ছৈয়দ আহমদ খান, নৱাব আব্দুল লতিফ আৰু ছৈয়দ আমিৰ আলিয়ে মুচলমান সম্প্ৰদায়ক ইংৰাজী ভাষা আৰু নতুন ভাৱধাৰাৰ প্ৰতি আগ্ৰ কৰি তোলে । ১৮৭৭ চনত ছাৰ ছৈয়দ আহমদ খানৰ প্ৰচেষ্টাত আলিগড়ৰ মুছলমান ছাত্ৰ – ছাত্ৰী সকলৰ বাবে ‘ এংলো অৰিয়েণ্টেল কলেজ ‘ নামে এখন কলেজ স্থাপন কৰিছিল ।
ইয়াত বিজ্ঞান শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল । এইখনেই পিছলৈ আলিগড় বিশ্ববিদ্যাল়য় হয়গৈ । লাহে লাহে মুছলমান সকলৰ মাজতো সমাজ আৰু ধৰ্ম সংস্কাৰৰ মনোভাৱ গা কৰি উঠে । ছাৰ ছৈয়দ আহমদ খানে তেওঁলোকৰ সমাজত প্ৰচলিত পৰ্দা প্ৰথা, বহু বিবাহ, বাল্য বিবাহ আদি প্ৰথা সমূহত বাধা আৰোপ কৰি জাগৰণৰ সৃষ্টি কৰিছিল ।
ভাৰতীয় মুছলমান সকলৰ মাজত পুনৰ জাগৰণৰ পোহৰ বিলোৱা কাৰ্যসূচীৰ কেন্দ্ৰভূমি আছিল আলিগড় চহৰ । সেয়ে ইয়াক আলিগড় আন্দোলনো বোলা হয় । প্ৰথম অৱস্থাত ইংৰাজৰ প্ৰাশ্চাত্য নীতি বা প্ৰাশ্চাত্য শিক্ষাৰ প্ৰতি হিন্দুসকলৰ পৰা যিখিনি সহাৰি ইংৰাজ চৰকাৰে পাইছিল মুছলমান সম্প্ৰদায়ৰ পৰা তেনে সহাৰি পোৱা নাছিল ।
১৮ শতিকাৰ শেষত আৰু ১৯ শতিকাৰ আৰম্ভণিত ৱাহাবি আন্দোলনে ভাৰতত গা কৰি উঠিছিল । প্ৰাশ্চাত্য আৰ্হিত ইংৰাজে যি বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰিছিল তাত ৰক্ষণশীল মুছলমান সমাজে প্ৰতিবাদ কৰিছিল । মুছলমান সকলৰ ৱাহাবি সম্প্ৰদায়টোৱে এনে প্ৰতিবাদত উদ্গনি দিছিল । কিন্তু পিছলৈ ছাৰ ছৈয়দ আহমেদ খানৰ নেতৃত্বত মুছলমান সম্প্ৰদায়তো নৱ জাগৰনে ভুমুকি মাৰিছিল ।
(গ) স্বামী বিবকানন্দ।
উত্তৰ:- ৰামকৃষ্ণ পৰমহংস আছিল কলিকতাৰ দক্ষিণেশ্বৰত থকা কালী মন্দিৰৰ এজন পূজাৰী । তেওঁ আধুনিক শিক্ষা – দীক্ষা পোৱা নাছিল । তেওঁ মূৰ্তি পূজাত বিশ্বাসী আছিল যদিও আন্তৰিক ভক্তিৰ পৰিবৰ্তে বাহ্যিক আড়ম্বৰপূৰ্ণ পূজা – অৰ্চনাৰ বিৰোধিতা কৰিছিল । সকলো ধৰ্মৰ প্ৰতি সহনশীল হোৱাটো তেওঁ বিচাৰিছিল ।
নৰেন্দ্ৰ নাথ দত্ত ওৰফে স্বামী বিবকানন্দই পৰমহংসৰ মতবাদ সমূহৰ গুৰুত্ব উপলব্ধি কৰি তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল । পৰৱৰ্তী সময়ত ১৮৯৭ খ্ৰীষ্টাব্দত স্বামী বিবকানন্দই ৰামকৃষ্ণ মিছন নামে সংগঠন এটা প্ৰতিষ্ঠা কৰি পৰমহংসৰ বাণী সমূহ সমাজত বিলোৱাৰ ব্যৱস্থা কৰিছিল ।
স্বামী বিবকানন্দই হিন্দু ধৰ্মৰ বেদ – বেদান্ত আৰু দৰ্শনৰ মূল তত্ত্ব কথা বিশ্ববাসীক অৱগত কৰাবলৈ সক্ষম হৈছিল । তেওঁৱেই হিন্দু ধৰ্মত সমাজ সেৱাৰ আদৰ্শ সঞ্চাৰ কৰে । দৰিদ্ৰ অৱহেলিত মানৱৰ সেৱাই তেওঁৰ মতে প্ৰকৃত ধৰ্ম ।
(ঘ) দয়ানন্দ সৰস্বতী।
উত্তৰ:- ব্ৰাহ্ম সমাজৰ লগত বহুলাংশে মিল থকা আন এটা সংগঠন হল ১৮৭৫ খ্ৰীষ্টাব্দত পঞ্জাৱত স্থাপিত হোৱা আৰ্য সমাজ । ইয়াৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী । স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূল শংকৰ । তেওঁ সমাজ সংস্কাৰৰ সৈতে সংগতি ৰাখি লিখা গ্ৰন্থখনৰ নাম আছিল ‘ সত্যৰথ প্ৰকাশ ‘ । স্বামী দয়ানন্দও এক ঈশ্বৰৰ বিশ্বাসী আছিল আৰু মূৰ্তি পূজাৰ বিৰোধিতা কৰিছিল ।
এই সংগঠন টোৱে জাতিভেদ প্ৰথা নামানিছিল, বাল্য বিবাহৰ বিৰোধিতা কৰিছিল, দিধবা বিবাহত জোৰ দিছিল আৰু সাগৰ যাত্ৰা হিন্দু ধৰ্মৰ পৰিপন্থী নহয় বুলি দাবী কৰিছিল । স্বামী দয়ানন্দ সৰস্বতীয়ে ইছলাম ধৰ্মৰ অনুকৰণত হিন্দু ধৰ্মলৈও ধৰ্মান্তকৰণৰ ব্যৱস্থা কৰিছিল আৰু ইয়াক ‘ শুদ্ধি ‘ বুলি কোৱা হৈছিল ।
(ঙ) দেবেন্দ্ৰ নাথ ঠাকুৰ ।
উত্তৰ:- বংগদেশত দেবেন্দ্ৰ নাথ ঠাকুৰ বিখ্যাত সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ অনুগামী আছিল । তেওঁলোকে ভাৰতত এখন সংকীৰ্ণতা, সংস্কৰপন্ন দুৰ্ণীতিমুক্ত নতুন সমাজ গঢ়াৰ বাবে খ্যাতনামা সংস্কাৰক ৰাজা ৰামমোহনৰ লগ লাগি সংস্কাৰ আন্দোলন গঢ়ি তুলিছিল।
তেওঁলোকে সমাজত সতীদাহ প্ৰথাৰ উচ্ছেদ সাধন, বিধবা বিবাহ প্ৰচলন, স্ত্ৰী শিক্ষাৰ প্ৰৱৰ্তন কৰিব বিচাৰিছিল । ব্ৰাহ্ম সমাজৰ প্ৰৱৰ্তক খ্যাতনামা সংস্কাৰক ৰাজা ৰামমোহন ৰায়ৰ মৃত্যুৰ পাছত এই সমাজৰ গুৰি ধৰিছিল মহৰ্ষি দেবেন্দ্ৰ নাথ ঠাকুৰ আৰু কেশৱ চন্দ্ৰ সেনে । এইদৰে তেওঁলোকে ভাৰতীয় সমাজ খনক যথেষ্ট পৰিমাণে অৰিহণা যোগাই গৈছে ।
৫/ ৫০ টা শব্দৰ ভিতৰত উত্তৰ লিখা –
(ক) চিৰস্থায়ী বন্দবস্ত কোনে প্ৰৱৰ্তন কৰিছিল ? ইয়াৰ চৰ্তবোৰ কি ?
উত্তৰ:- চিৰস্থায়ী বন্দবস্ত লৰ্ড ডেলহাউচিয়ে প্ৰৱৰ্তন কৰিছিল ।
ইয়াৰ চৰ্তবোৰ হল –
১) চিৰস্থায়ী বন্দবস্ত অনুসৰি জমিদাৰ সকলে মাটি ভোগ কৰাৰ অধিকাৰ পাইছিল যদিও চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া ৰাজহ সময় মতে দিব নোৱাৰিলে তেনে জমিদাৰৰ মাটি চৰকাৰৰ অধীনলৈ গৈছিল ।
২) জমিদাৰ সকলে নিৰ্দ্ধাৰিত ৰাজহ ইষ্ট ইণ্ডিয়া কোম্পানীক বাৰ্ষিক খাজনা হিচাপে দিব লাগিছিল ।
৩) কোম্পানীৰ পূৰ্বৰ শাসনৰ এবছৰীয়া বা পাঁচবছৰীয়া ৰাজহ বন্দস্তীৰ ঠাইত চিৰস্থায়ী বন্দবস্তীৰ ৰাজহ ব্যৱস্থাৰ প্ৰবৰ্তন কৰা হয় ।
৪) চিৰস্থায়ী বন্দবস্তীয়ে এক শ্ৰেণীৰ নতুন জমিদাৰৰ সৃষ্টি কৰিছিল । এই আইন মতে জমিদাৰ শ্ৰেণীটোৱে মাটিৰ মালিক আছিল ।
(খ) ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰ সমূহ কি কি ?
উত্তৰ:- ইংৰাজ শাসনত হোৱা বিচাৰ বিভাগীয় সংস্কাৰ সমূহ হল –
১) ভাৰতীয় সমাজ ব্যৱস্থাত সকলো ঠাইতে আইন কানুন একো নাছিল । ইষ্ট ইণ্ডিয়া কোম্পানীয়ে গোটেই ভাৰততে একে ধৰণৰ আইন কানুণ, আদালতী ব্যৱস্থা কৰিছিল ।
২) লৰ্ড কৰ্ণৱালিছে বিচাৰৰ সুবিধাৰ বাবে দুৱানী আৰু সদৰ নিজামত আদালতৰ কিছু সালসলনি কৰিছিল ।
৩) পৰবৰ্তী গৱৰ্ণৰ জেনেৰেল লৰ্ড ময়ৰা বা হেষ্টিংচে ভাৰতীয় লোককো আদালতত নিয়োগ কৰিছিল । তেওঁ ভাৰতীয় মুন্সিফ সকলৰ ক্ষমতা বৃদ্ধি কৰিছিল । তাৰ বাবে তেওঁ ভাৰতীয় প্ৰজাৰ প্ৰিয়পাত্ৰ হৈ পৰিছিল ।
(গ) ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰৰ সংস্কাৰ মূলক কামবোৰ কি আছিল ?
উত্তৰ:- ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে স্ত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে সমাজ খনক জগাই তুলিবলৈ যথেষ্ট চেষ্টা কৰিছিল । ইয়াৰ ফলত ১৯ শতিকাৰ মাজভাগত বহুতো মহিলাই ঘৰতেই শিক্ষা গ্ৰহণ কৰাৰ ব্যৱস্থা লৈছিল । ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে ‘ আমাৰ জীৱন ‘ নামে বঙলা ভাষাত এখন আত্মজীৱনী মূলক পুথি লিখি উলিয়াইছিল ।
এইখনেই আছিল প্ৰথম ভাৰতীয় মহিলাৰ আত্মজীৱনী মূলক গ্ৰন্থ । ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে বিধবা সকলৰ পুনৰ বিবাহৰ ওপৰত যঠেষ্ট গুৰুত্ব দিছিল আৰু নিজেও তেওঁৰ পুত্ৰৰ লগত এগৰাকী বিধবা মহিলাক বিবাহ কৰাই সমাজত দৃষ্টান্ত দাঙি ধৰিছিল ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Very nice. Thank u sir for this answers. I get really help from this. Once again thanks a ton sir ❤️