Class 8 Social পাঠ 11 অসমৰ আৰ্থ সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি

Class 8 Social পাঠ 11 অসমৰ আৰ্থ সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 11 অসমৰ আৰ্থ সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি – সমাধান and select needs one.

Join Telegram Groups

Class 8 Social পাঠ 11 অসমৰ আৰ্থ সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি – সমাধান

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 11 অসমৰ আৰ্থ সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি – সমাধান Solutions for All Subject, You can practice these here.

অসমৰ আৰ্থসামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি

পাঠ – ১১ (সমাজ বিজ্ঞান )

/ চমুকৈ উত্তৰ লিখা

() অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্য সমুহ কি কি আছিল ?

উত্তৰ:- অসমৰ মধ্যযুগত শাসন কৰা উল্লেখযোগ্য ৰাজ্য সমুহ হল কামৰূপ জিলাৰ কিছু অংশ, নামনি অসম, উত্তৰবংগ আৰু বাংলাদেশৰ মৈমনসিং অঞ্চল আদি

() দখনা কোন জাতিৰ মহিলা সকলে পৰিধান কৰে ?

উত্তৰ:- দখনা বডোকছাৰী জাতিৰ মহিলা সকলে পৰিধান কৰে

() আহোমসকলৰ ৰাজত্ব কালত ভূসম্পত্তিৰ গৰাকী কোন আছিল ?

উত্তৰ:- আহোমসকলৰ ৰাজত্ব কালত ভূসম্পত্তিৰ গৰাকী ৰজা আছিল

() মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত কি প্ৰথাৰ দ্বাৰা ব্যৱসায়বাণিজ্য চলিছিল ?

উত্তৰ:- মধ্যযুগৰ প্ৰাৰম্ভিক পৰ্যায়ত বিনিময় প্ৰথাৰ দ্বাৰা ব্যৱসায়বাণিজ্য চলিছিল

() কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত কোনে টোল পাতি জ্ঞান চৰ্চা কৰিছিল ?

উত্তৰ:- কপিলীৰ পাৰত আলিপুখুৰীৰ বৰদোৱাত মহেন্দ্ৰ কন্দলীয়ে টোল পাতি জ্ঞান চৰ্চা কৰিছিল

২/ ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশৰ কথাখিনি মিলোৱা –

‘ ক ‘  ‘ খ ‘
মাধৱ কন্দলী ৰত্নমালা
সুকুমাৰ বৰকাইথ দৰং ৰাজবংশাবলী
পুৰুষোত্তম বিদ্যাবাগীশৰামায়ণ
ভট্টদেৱ হস্তিবিদ্যাৰ্ণব
বলদেৱ সূৰ্যখৰি দৈবজ্ঞকথাগীতা

উত্তৰ:- 

 ‘ ক ‘  ‘ খ’
মাধৱ কন্দলিৰামায়ণ
সুকুমাৰ বৰকাইথহস্তিবিদ্যাৰ্ণব
পুৰুষোত্তম বিদ্যাবাগীশৰত্নমালা
ভট্টদেৱকথাগীতা
বলদেৱ সূৰ্যখৰি দৈবজ্ঞদৰং ৰাজবংশাবলী

/ খালী ঠাই পূৰ কৰা

() হয়গ্ৰীবমাধৱ মন্দিৰ ……………. নিৰ্মাণ কৰিছিল

উত্তৰ:- নৰনাৰায়ণে

() মধ্যযুগত মহিলাৰ স্থান আছিল …………….

উত্তৰ:- উচ্চ

() জনজাতীয় লোকসকলৰ মাজত  ……………… খেতিৰ প্ৰচলন

উত্তৰ:- ঝুম

() অনন্ত কন্দলীয়ে …………………. অসমীয়ালৈ অনুবাদ কৰে

উত্তৰ:- ভাগৱত

() ………………… মধ্যযুগৰ প্ৰধান বৈশিষ্ট্য আছিল

উত্তৰ:-  আত্মনির্ভৰশীলতা

৪/ শুদ্ধ উত্তৰটোত (✓) চিন দিয়া –

() মধ্যযুগৰ শাসন আছিল গণতান্ত্ৰিক / ৰাজতান্ত্ৰিক

উত্তৰ:- মধ্যযুগৰ শাসন আছিল ৰাজতান্ত্ৰিক

() পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকল / কোচসকলে

উত্তৰ:- পাইক প্ৰথাৰ প্ৰচলন কৰিছিল আহোমসকল

() টঙালি, হাচতি বডোসকলৰ / বাৰভূঞাসকলৰ অবদান

উত্তৰ:- টঙালি, হাচতি বাৰভূঞাসকলৰ অবদান

() কছাৰীসকল / কোচসকল নলানৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰনুৱা আছিল

উত্তৰ:- কছাৰীসকল নলানৰ্দমা নিৰ্মাণ ব্যৱস্থাত আগৰনুৱা আছিল

() স্বৰ্গদেউ ৰুদ্ৰসিংহ / স্বৰ্গদেউ শিৱসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদৰ্শনৰ ছা পৰে

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰা আহোম স্থাপত্যত মোগল, পাৰ্চী নিদৰ্শনৰ ছা পৰে

/ উত্তৰ লিখা – ( ৫০ টামান শব্দৰ ভিতৰত )

() আহোমসকলৰ পাইক প্ৰথা

উত্তৰ:-  ১৫ বছৰৰ পৰা ৫০ বছৰলৈ সকলো সক্ষম পুৰুষক একো একোজন পাইক বুলি কোৱা হৈছিল। ৩ বা ৪ জন পাইক মিলি একোটা গোট হৈছিল প্ৰতি গোটৰ একোজন পাইকে ৰজা  ঘৰত শ্ৰম দান কৰিব লাগিছিল । ৰজা ঘৰলৈ যোৱা পাইক জনৰ কামসমূহ গোটৰ অন্যান্য পাইক সকলে ভগাই লৈছিল ।

স্বৰ্গদেউ গোৰিনাথ সিংহৰ আগলৈ আহোম ৰাজ্যত যিহেতু কোনো স্থায়ী সৈন্য বাহিনী নাছিল সেয়ে পাইক সকলে যুদ্ধৰ সময়ত সৈনিকৰ কামো কৰিব লাগিছিল । স্বদেশ আৰু  স্বজাতিৰ উন্নয়নৰ বাবে প্ৰয়োজন হোৱা শ্ৰম, দেশৰ সুৰক্ষাৰ বাবে আৱশ্যক হোৱা সামৰিক শক্তি আৰু আহোমৰ কৰ ব্যৱস্থাৰ ভেঁটি আছিল এই পাইক সকল ।

আহোম এজন সুদক্ষ বিষয়া মোমাই তামুলী বৰবৰুৱাই স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত এই পাইকসকলক বিভিন্ন খেলৰ দায়িত্ব দি দেশ সংগঠন অধিক মজবুত কৰি তুলিছিল ।

কুৰিগোট পাইকৰ ওপৰত এজন বৰা, এশগোটৰ ওপৰত এজন শইকীয়া, এহাজাৰ গোটৰ ওপৰত এজন হাজৰিকা, তিনি হাজাৰ গোটৰ ওপৰত এজন ৰাজখোৱা আৰু ছহেজাৰ গোটৰ ওপৰত এজন ফুকন আছিল । আহোম সকলৰ এই পাইক আৰু খেল প্ৰথাৰ আৰ্হিত সমসাময়িক মধ্য যুগৰ অন্যান্য শাসক সকলেও দেশ সংগঠনত এই ব্যৱস্থা গ্ৰহণ কৰিছিল ।

() কি কাৰণে আহোম সকলে পচা প্ৰথা প্ৰবৰ্তন কৰিছিল ?

উত্তৰ:- পাহাৰীয়া গাঁৱলীয়া প্ৰজাক পৰ্বতীয়া জনজাতিৰ অত্যাচাৰৰ পৰা স্থায়ী ভাবে ৰক্ষা কৰিবলৈ আহোম সকলে পচা প্ৰথা প্ৰবৰ্তন কৰিছিল পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয়া জনজাতি সকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাই আছিল এই পচা প্ৰথাৰ মূল উদ্দ্যেশ্য

() মধ্যযুগত অসমীয়া সমাজত নাৰীৰ ভূমিকা কেনে আছিল ?

উত্তৰ:- মধ্য যুগত মহিলা সকলক সন্মানৰ চকুৰে চোৱা হৈছিল । ক্ষেত্ৰ বিশেষে মহিলাসকলে দৌল – দেৱালয়ত নৰ্তকীৰ কাম কৰিছিল, বোৱা কটা আৰু চোৰাংচোৱাৰ কামো কৰিছিল । মধ্য যুগৰ মহিলাসকলে কেৱল ঘৰুৱা কাম – কাজতে আৱদ্ধ নাছিল ।

তেওঁলোকে সময় সাপেক্ষে যুদ্ধত অংশ গ্ৰহণ কৰাৰ উপৰি ৰাজ সিংহাসনত বহি ৰাজ্য শাসনো কৰিছিল । ৰুচি সম্পন্ন স্বকীয় সাজ – পাৰ আৰু আ – অলংকাৰ পৰিধান কৰা সেই সময়ৰ ৰমনীসকলক সমাজত যথেষ্ট সন্মান কৰা হৈছিল । সৰ্বভাৰতীয় দৃষ্টিকোণৰ পৰা চাবলৈ গলে তুলনামূলকভাৱে অসমীয়া সমাজত মহিলাক সন্মানৰ চকুৰে চোৱা হয় । অসমীয়া সমাজত মহিলাৰ স্থান উচ্চ স্থানত ৰখা হয় ।

() মধ্যযুগৰ কৃষি ব্যৱস্থা

উত্তৰ:- মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি । জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি । ঋতু ভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল । ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল – মূল, শাক – পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল ।

পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল – মূলৰ খেতি কৰিছিল । জনজাতীয় লোসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল । ডুং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়া ব্যৱস্থা আছিল ।

বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ – গছনি, শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি কব পাৰি । কোচবিহাৰত জান – জুৰিৰ উজনিত বান্ধ বান্ধি প্ৰয়োজন অনুযায়ী খেতি পথাৰত পানী যোগান ধৰা হয় ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

() কছাৰী সকলৰ স্থাপত্য বিদ্যাৰ উল্লেখযোগ্য দিশ সমূহ কি কি ?

উত্তৰ:- কছাৰী সকলৰ ডিমাপুৰৰ ধ্বংসাবশেষৰ পৰাই এই কথা প্ৰমাণ পোৱা যায় যে কছাৰী সকলৰ স্থাপত্য – ভাস্কৰ্য শিল্প উচ্চ খাপৰ আছিল । যি সময়ত আহোম সকলে ইটাৰ ব্যৱহাৰ জনা নাছিল সেই সময়তে কছাৰী সকলৰ ৰাজধানী ডিমাপুৰৰ তিনিওফালে ইটাৰ বেৰেৰে ঘেৰা আছিল ।

কছাৰী সকলৰ স্থাপত্য বিদ্যাত বংগদেশৰ মুছলমান সকলৰ গৃহ নিৰ্মাণ প্ৰণালীৰ প্ৰভাৱ দেখা যায় । তেওঁলোকে নানা ৰকমৰ চিত্ৰ খোদিত স্তম্ভ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰিছিল । কছাৰীসকলৰ ৰাজধানী ডিমাপুৰ নগৰৰ ভিতৰত বহুতো ধুনীয়া ধুনীয়া পুখুৰী আছিল । কছাৰীসকল নলা – নৰ্দমা নিৰ্মাণ ব্যৱস্থাতো আগৰণুৱা আছিল ।

/ মধ্যযুগৰ অসমৰ অৰ্থনৈতিক কাম কাজৰ ওপৰত এটি টোকা প্ৰস্তুত কৰা

উত্তৰ:- মধ্যযুগত অসমৰ অৰ্থনীতিৰ মূল ভেটি আছিল কৃষি । জনসাধাৰণৰ প্ৰধান বৃত্তি আছিল কৃষি । ঋতু ভেদে পৃথক পৃথক শস্যৰ খেতি কৰা হৈছিল । ধান, মাহজাতীয় শস্য, তেলজাতীয় শস্য, কুঁহিয়াৰ, মৰাপাট, কপাহ, বিভিন্ন ধৰণৰ ফল – মূল, শাক – পাচলি আদি আৱশ্যকীয় সামগ্ৰী অসমীয়া মানুহে উৎপাদন কৰিছিল ।

পাহাৰ অঞ্চলত প্ৰধানত খলপীয়া কৃষি পদ্ধতিৰ সহায়ত ফল – মূলৰ খেতি কৰিছিল । জনজাতীয় লোসকলৰ মাজত জুম খেতিৰ প্ৰচলন আছিল । ডুং বান্ধি বৰষুণৰ পানী জমা কৰি ৰাখি খেতি পথাৰত পানী দিয়া ব্যৱস্থা আছিল ।

বৰ্তমান মথাউৰি নিৰ্মাণ কৰি বানপানীৰ পৰা গছ – গছনি, শস্য ৰক্ষা কৰাৰ যি ব্যৱস্থা সেয়া মধ্যযুগতেই আৰম্ভণি হৈছিল বুলি কব পাৰি । কোচবিহাৰত জান – জুৰিৰ উজনিত বান্ধ বান্ধি প্ৰয়োজন অনুযায়ী খেতি পথাৰত পানী যোগান ধৰা হয় ।

অসম মধ্যযুগৰ পৰাই কুটিৰ আৰু ক্ষুদ্ৰ শিল্পত চহকী । সেই যুগৰ শিল্প সমূহৰ ভিতৰত বস্ত্ৰ – শিল্প, বয়ন শিল্প, ৰঞ্জন শিল্প, হাতী দাঁতৰ শিল্প মৃৎ শিল্প, ধাতু শিল্প আদিয়েই প্ৰধান ।

সেই সময়ত প্ৰতিটো পৰিয়ালৰ ঘৰতেই তাতশাল আছিল । কামৰূপ – কমতাৰ কোনো কোনো অঞ্চলত পুৰুষ – মহিলা উভয়ে পেছাদাৰী শিপিনী আছিল । শুৱালকুছি আৰু বৰপেটাৰ তাঁতী কুছিৰ উৎপত্তি তেনেদৰেই হৈছিল বুলি অনুমান কৰাৰ থল আছে ।

মধ্য যুগত বাণিজ্যিক আদান – প্ৰদান আছিল যথেষ্ট সীমিত । আত্মনিৰ্ভৰশীলতা সেই যুগৰ এটি প্ৰধান বৈশিষ্ট্য আছিল । আনৰ পৰা বস্তু অনা বা আনক বস্তু দিয়াতো বিশেষ ভাৱে পৰিলক্ষিত নহৈছিল । আহোম সকলে ওচৰ – চুবুৰীয়া জনজাতি সকলৰ লগত বাণিজ্যিক সম্পৰ্ক স্থাপন কৰিছিল ।

আহোম সকলৰ বংগদেশ, তিব্বত, চীন আদি দেশৰ লগত বাণিজ্যিক সু সম্পৰ্ক আছিল । কোচ ৰজা সকলৰ দিনত ব্যৱসায় বাণিজ্য যথেষ্ট প্ৰসাৰতা লাভ কৰিছিল । ব্যৱসায় বাণিজ্যৰ উন্নতিৰ বাবে কোচ ৰজা সকলে কেতবোৰ ব্যৱস্থা হাতত লৈছিল । ইয়াৰ ভিতৰত ৰাস্তা – পদূলি নিৰ্মাণ, মুদ্ৰাৰ প্ৰচলন ইত্যাদি ।

৭/ আহোম সকলৰ ভূমি নীতিৰ ওপৰত মতামত আগবঢোৱা ।

উত্তৰ:- আহোম আমোলত ৰজা আছিল ভূ – সম্পত্তিৰ গৰাকী । কৃষকে খেতিৰ মাটিৰ বাবদ ৰজাক কৰ সোধাব লাগিছিল । অবশ্যে প্ৰতিজন পাইকে ৰাজ্যৰ হকে কাম কৰি দিয়াৰ বাবদ দুপুৰাকৈ খাজনাহীন মাটি ভোগ কৰিছিল ।

আহোম ৰজা সকলে ব্ৰাহ্মন, দেৱ – দেৱালয়, সত্ৰ – মন্দিৰ আদিক কৰ মুক্ত মাটি দান কৰিছিল । পৰবৰ্তী সময়ত মছজিদ, কবৰ আদিৰ মেৰামতি আৰু সংৰক্ষণৰ বাবেও মাটি দান কৰিছিল বুলি উল্লেখ আছে । মধ্য যুগৰ এই ব্যৱস্থা বৰ্তমানেও কম বেছি পৰিমানে প্ৰচলন হৈ থকা দেখা যায় ।

/ মধ্য যুগত নিৰ্মিত মঠমন্দিৰ সমূহৰ  ছবি সংগ্ৰহ কৰি এটি এলবাম তৈয়াৰ কৰা

উত্তৰ:- ছাত্ৰ-ছাত্ৰীয়ে নিজে মঠ – মন্দিৰৰ ছবি সংগ্ৰহ কৰা ।

/ মধ্য যুগত ৰচিত বিভিন্ন পুথি সমূহৰ লগতে তাৰ ৰচকসকলৰ এখন তালিকা প্ৰস্তুত কৰা

উত্তৰ:- মধ্য যুগত ৰচিত বিভিন্ন পুথি সমূহ হল

) হস্তী বিদ্যাৰ্ণব ( সুকুমাৰ বৰকাইথ )

) ভাগৱত ( অনন্ত কন্দলি )

) ৰত্নমালা ব্যাকৰণ ( পুৰুষোত্তম বিদ্যাবাগীশে )

) পদ্মপুৰাণ ( নাৰায়ণদেৱ )

) ৰামায়ণ ( মাধৱ কন্দলি )

) কথাভাগৱত , কথাগীতা ( ভট্টদেৱ )

১০/ ‘ সম্প্ৰীতিক অসমৰ ভাষা, সাহিত্যসংস্কৃতি প্ৰতিটো  জাতিজনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি ‘ – এই বাক্য শাৰীৰ তাৎপৰ্য ব্যাখ্যা কৰা

উত্তৰ:- ‘ সম্প্ৰীতিক অসমৰ ভাষা, সাহিত্য – সংস্কৃতি প্ৰতিটো  জাতি – জনগোষ্ঠীৰে উমৈহতীয়া সৃষ্টি আৰু সম্পত্তি ‘ । কামৰূপ – কমতাৰ ৰজাসকলৰ পৃষ্ঠ পোষকতাত হেম সৰস্বতী, কবিৰত্ন সৰস্বতী আৰু হৰিহৰ বিপ্ৰই অসমীয়া ভাষাত কাব্য ৰচনা কৰিছিল ।

সেইদৰে কছাৰী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত মাধৱ কন্দলিয়ে অসমীয়া ভাষাত ৰামায়ণ ৰচনা কৰিছিল । এইজনা ৰজাৰ দিনতে কপিলীৰ পাৰত আলিপুখুৰী বৰদোৱাত মহেন্দ্ৰ কন্দলিয়ে টোল পাতি জ্ঞান মাৰ্গৰ সাধনা কৰি আনকো জ্ঞান চৰ্চাৰ প্ৰতি উৎসাহিত কৰিছিল ।

পোনতে টাই – আহোম ভাষাত আৰু পিছলৈ অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ পৰম্পৰা সৃষ্টি হৈছিল । সংস্কৃত ভাষাত লিখিত মহাভাৰত, ৰামায়ণ আৰু পুৰাণ আদি গ্ৰন্থসমূহ অসমীয়ালৈ অনুবাদ কৰাৰ উপৰি অন্যান্য ভালেমান অৰ্থপূৰ্ণ পুথি সেই সময়তে ৰচনা কৰা হৈছিল । শিৱসিংহ আৰু  ৰাণী অম্বিকাৰ আজ্ঞামতে সুকুমাৰ বৰ কাইথে হস্তী বিদ্যাৰ্ণব পুথি ৰচনা কৰিছিল ।

ভাষা – সাহিত্যৰ দৰে মধ্যযুগত সৃষ্টি হোৱা সংগীত – সংস্কৃতিয়ে আজিও অসমীয়া সমাজত ব্যাপক প্ৰভাৱ পেলাই আহিছে । অসমত প্ৰাচীন কালৰ পৰাই শাস্ত্ৰীয় তথা ধ্ৰুপদী সংগীত আৰু নৃত্য – কলাৰ চৰ্চা প্ৰচলিত আছিল । শ্ৰীমন্ত শঙ্কৰদেৱে এই সমূহক আধাৰ হিচাপে লৈ এক নতুন ধাৰাৰ সাংস্কৃতিক কৰ্ম আঁচনি গ্ৰহণ কৰিছিল ।

এই কৰ্ম আঁচনিৰ অন্যতম উপাদান ওজাপালি, নাম কীৰ্তন, বৰগীত চৰ্চা আৰু অনুশীলনৰ সমান্তৰাল ভাৱে নৃত্য আৰু নাট – ভাওনাৰো বহুল প্ৰচলন বৰ্তমানেও চলি আছে । অসমীয়া সমাজ গাঁঠনিত এইবোৰৰ প্ৰভাৱ অতুলনীয় ।

Leave a Reply

error: Content is protected !!
Scroll to Top