Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান

Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান, SEBA Class 8 Social Science Question Answer Chapter 22, ভাৰতীয় সংবিধান Class 8 and select needs one.

Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান Solutions for All Subject, You can practice these here.

ভাৰতীয় সংবিধান

পাঠ – ২২ ( সমাজ বিজ্ঞান )

Questions
 [show]

/ চমু উত্তৰ লিখা

() ভাৰতীয় সংবিধান খন ৰচনা কৰোঁতে কিমান সময় লাগিছিল ?

উত্তৰ:- ভাৰতীয় সংবিধান খন ৰচনা কৰোঁতে ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল ।

() কোন চনত ভাৰতীয় সংবিধান খন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় ?

উত্তৰ:- ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় সংবিধান খন সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰা হয় ।

() কেতিয়াৰ পৰা ভাৰতবৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ?

উত্তৰ:- ১৮৯২ চনৰ পৰা ভাৰতবৰ্ষত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হয় ।

() ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত কি ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছিল ?

উত্তৰ:- ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনত স্বায়ত্ত শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছিল

() সংবিধান সভাৰ খচৰা কমিতিখন কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ:- সংবিধান সভাৰ খচৰা কমিতিখন ১৯৪৭ চনৰ ২৯ আগষ্টত গঠন কৰা হৈছিল ।

/ খালী ঠাই পূৰ কৰা

() ভাৰতীয় সংবিধানত …………………… অনুচ্ছেদ, …………………. অধ্যায়, ………………….. অনুসূচী আছে

উত্তৰ:- ৩৯৫ টা, ২২ টা, ১২ টা ।

() সংবিধানে ক্ষমতা সমূহ …………………, ……………….., …………………. তালিকাত ভাগ কৰিছে

উত্তৰ:- কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী, উমৈহতীয়া সূচী ।

() সংবিধানৰ ৪২ তম সংশোধনৰ যোগেদি সংবিধানৰ প্ৰস্তাৱনা …………………… শব্দটো সংযোগ কৰা হৈছে

উত্তৰ:- সমাজতান্ত্ৰিক ।

() সংবিধানৰ খচৰা কমিটিত অসমৰ সদস্য জন হল ………………………

উত্তৰ:- চৈয়দ মহম্মদ চাদুল্লা ।

/ উত্তৰ লিখা

() ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা কোনখণ দেশৰ আৰ্হিত গ্ৰহণ কৰা হৈছে ?

উত্তৰ:- ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ আৰ্হিত গ্ৰহণ কৰা হৈছে ।

() সংমিশ্ৰিত সংবিধান মানে কি বুজা ?

উত্তৰ:- ভাৰতৰ সংবিধানখন এখন সংমিশ্ৰিত সংবিধান । অৰ্থাৎ ভাৰতৰ সংবিধান খন নমনীয় আৰু অনমনীয় সংবিধানৰ এটা মিশ্ৰণ । ই সম্পূৰ্ণ নমনীয় বা সম্পূৰ্ণ অনমনীয়ও নহয় । ইয়াৰ কিছুমান অনুচ্ছেদ অতি সহজে আৰু আন কিছুমান অনুচ্ছেদ অতি কঠিন পদ্ধতিৰেহে সংশোধন কৰিব পৰা যায় । গতিকে ভাৰতৰ সংবিধান খন নমনীয় আৰু অনমনীয় সংবিধানৰ সংমিশ্ৰন ।

() ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য সমূহ কি কি ?

উত্তৰ:- ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ প্ৰধান উদ্দেশ্য সমূহ হল –

১) দেশৰ সকলো লোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা ।

২) অৰ্থনৈতিক সমতা স্থাপন কৰা ।

৩) গাঁও অঞ্চল সমূহৰ উন্নয়ন সাধন কৰা ।

৪) পঞ্চায়ত ব্যৱস্থা প্ৰবৰ্তন কৰা ।

৫) শান্তিপূৰ্ণ ভাৱে বিবাদ নিষ্পত্তি আৰু বন্ধুত্ব স্থাপন কৰা ।

৬) নিৰক্ষৰতা দূৰীকৰণৰ বাবে সকলো শিশুক বিনামূলীয়া আৰু বাধ্যতা মূলক শিক্ষা ব্যৱস্থা প্ৰদান কৰা ।

৭) সমাজৰ পিছ পৰা সম্প্ৰদায়ৰ বাবে বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা ।

৮) ৰাষ্ট্ৰৰ ঐতিহ্যপূৰ্ণ স্থান আৰু কীৰ্তি স্তম্ভ সমূহ সংৰক্ষণ কৰা ।

৯) প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰা ।

() কোন দেশৰ সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ?

উত্তৰ:- আয়াৰলেণ্ড সংবিধানৰ আৰ্হিত আমাৰ সংবিধানত নিৰ্দেশাত্মক নীতি অন্তৰ্ভুক্ত কৰা হৈছে ।

/ এটা শব্দত প্ৰকাশ কৰা

() যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমিক ভাৱে নহয়

উত্তৰ:- গণৰাজ্য ।

() যি ৰাষ্ট্ৰ বিদেশী শাসনৰ পৰা মুক্ত

উত্তৰ:- সাৰ্বভৌম ।

() যি ৰাষ্ট্ৰত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই

উত্তৰ:- ধৰ্মনিৰপেক্ষ ।

() যি ৰাষ্ট্ৰই জনসাধাৰণৰ কল্যাণ কামনা কৰে

উত্তৰ:- কল্যাণকামী ৰাষ্ট্ৰ ।

৫/ সোঁ অংশৰ লগত বাওঁ অংশ মিলোৱা –

সোঁ অংশবাওঁ অংশ
(ক) বৃটিছ সংবিধানৰ পৰা(ক) স্বতন্ত্ৰতা, সমতা, ভাতৃত্ব বোধ ।
(খ) কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰা(খ) ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ।
(গ) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰা(গ) যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা ।
(ঘ) ফৰাচী সংবিধানৰ পৰা(ঘ) মৌলিক অধিকাৰ ।
(ঙ) আয়াৰলেণ্ড সংবিধানৰ পৰা(ঙ) সংসদীয় গণতন্ত্ৰ ।

উত্তৰ:-

সোঁ অংশবাওঁ অংশ
(ক) বৃটিছ সংবিধানৰ পৰাসংসদীয় গণতন্ত্ৰ ।
(খ) কানাডা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ পৰাযুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা ।
(গ) মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানৰ পৰামৌলিক অধিকাৰ ।
(ঘ) ফৰাচী সংবিধানৰ পৰাস্বতন্ত্ৰতা, সমতা, ভাতৃত্ব বোধ ।
(ঙ) আয়াৰলেণ্ড সংবিধানৰ পৰাৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ।
S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

৬/ ভাৰতীয় সংবিধানৰ ঐতিহাসিক পটভূমিৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰ:- ১৮৫৭ চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰবৰ্তন কৰা কিছুমান নীতিৰ বিৰুদ্ধে একাংশ ভাৰতীয় জনগণই বিদ্ৰোহ কৰে । ফলস্বৰূপে তাৰ পিছৰ বছৰটোত অৰ্থাৎ ১৮৫৮ চনত বৃটিছ চৰকাৰে এক আইন প্ৰণয়ন কৰি ভাৰতৰ শাসন ভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ইংলণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসনলৈ নিয়ে ।

ইয়াৰ পিছৰে পৰা ভাৰতত আধুনিক শাসন ব্যৱস্থা গঢ়ি তুলিবলৈ বৃটিছ চৰকাৰে বিভিন্ন সময়ত কিছুমান আইন প্ৰণয়ন কৰিছিল । ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পূৰ্বে ইংৰাজ চৰকাৰে সময়ে সময়ে প্ৰণয়ন কৰা এই আইনবোৰৰ যোগেদিয়েই ভাৰতবৰ্ষ খন শাসন কৰিছিল । ইয়াৰ ভিতৰত উল্লেখযোগ্য কেইখনমান আইন হল –

ক) ১৮৬১ চনত বৃটিছ চৰকাৰে ‘ ভাৰত পৰিষদ আইন ‘ গ্ৰহণ কৰে । এই আইনখনেই ভাৰতীয় প্ৰশাসনক বিকেন্দ্ৰী কৰণ কৰি ভাৰতত প্ৰতিনিধি মূলক শাসন ব্যৱস্থাৰ সূচনা কৰিছিল ।

খ) ১৮৯২ চনৰ সংশোধিত ‘ ভাৰত পৰিষদ আইন ‘ গৃহীত হোৱাৰ পৰাই ভাৰতত সদস্য নিৰ্বাচন প্ৰক্ৰিয়া প্ৰবৰ্তন হয় । এই আইনখনে ভাৰতীয় লোকসকলক সন্তুষ্ট কৰিব পৰা নাছিল ।

গ) ১৯০৯ চনত ভাৰত চৰকাৰ আইন গৃহীত কৰা হৈছিল যদিও ভাৰতীয় সকলে তাতো সন্তুষ্ট হোৱা নাছিল । এই আইন খনক ‘ মৰ্লে মিণ্টো সংস্কাৰ আইন ‘ বুলিও জনা যায় ।

ঘ) ১৯১৯ চনত ‘ ভাৰত চৰকাৰ আইনে ‘ ভাৰতবৰ্ষত এক প্ৰকাৰৰ স্বায়ত্ত্ব শাসন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যদিও ই অতি সীমিত পৰিসৰৰ আছিল ।

ঙ) ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন মতে পোন প্ৰথমবাৰৰ বাবে স্বায়ত্ব শাসন আৰু যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থা প্ৰবৰ্তন কৰা হয় ।

চ) ১৯৪৭ চনৰ জুলাই মাহত বৃটিছ সংসদত গৃহীত হোৱা আইন অনুসৰি ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰে ।

/ সংবিধান প্ৰণয়নত অসমৰ ভূমিকা কি আছিল ?

উত্তৰ:- ভাৰতৰ সংবিধান ৰচনাৰ ক্ষেত্ৰত অসমৰ অবদান সম্পৰ্কে আলোচনা কৰিবলৈ গলে কেইজনমান বিশিষ্ট নেতাৰ নাম লব লাগিব । তেওঁলোক হল – চৈয়দ মহম্মদ ছাদুল্লা, গোপীনাথ বৰদলৈ, ধৰণীধৰ বসুমতাৰী, ৰেভাৰেণ্ট জে এম নিকলছ – ৰয়, নিবাৰণ চন্দ্ৰ লস্কৰ, কুলধৰ চলিহা, ৰোহিনী কুমাৰ চৌধুৰী আৰু আব্দুৰ ৰৌফ ।

তেওঁলোকৰ মাজৰ চৈয়দ মহম্মদ ছাদুল্লা আছিল সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য । গোপীনাথ বৰদলৈয়ে অসমৰ অনুসূচীত জাতি – জনজাতি আৰু পাৰ্বত্য জনজাতিৰ স্বাৰ্থ ৰক্ষাৰ্থে গঠিত সংখ্যা লঘূ উপদেষ্টা সমিতিৰ সভাপতি পদত কাৰ্য ভাৰ গ্ৰহণ কৰিছিল । এই সমিতিৰ পৰামৰ্শ মতেই সংবিধানত ষষ্ঠ অনুসূচী অন্তৰ্ভুক্ত কৰা হয় ।

এই অনুসূচীয়ে উত্তৰ – পূব ভাৰতৰ পৰ্বতীয়া আৰু জনজাতীয় অঞ্চল সমূহৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰে । এনেদৰে ভাৰতীয় সংবিধান ৰচনাত এইসকল বৰেণ্য ব্যক্তিয়ে যথেষ্ট সবল আৰু গঠন মূলক ভূমিকা গ্ৰহণ কৰিছিল । সমগ্ৰ দেশৰ লগতে নিজ ৰাজ্যৰ স্বাৰ্থত তেওঁলোকে সহমত পোষণ কৰিছিল যাতে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে সংবিধান প্ৰদত্ত সুবিধা সমূহ লাভ কৰিব পাৰে ।

See Next Page…

6 thoughts on “Class 8 Social পাঠ 22 ভাৰতীয় সংবিধান – সমাধান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top