Class 8 Social পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা

Class 8 Social পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা  – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter  Class 8 Social পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা – সমাধান and select needs one.

Join Telegram channel

Class 8 Social পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা – সমাধান

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা – সমাধান Solutions for All Subject, You can practice these here…

মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা

                                     পাঠ১৮ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ লিখা

() মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি ?

উত্তৰ:- মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হল –

১) অত্যাধিক জনসংখ্যা ।

২) মূলধন বা পুঁজিৰ অভাৱ ।

৩) দৰিদ্ৰতা ।

৪) নিৰক্ষৰতা ।

৫) অন্ধবিশ্বাস

৬) কুসংস্কাৰ ।

৭) বিভিন্ন ধৰণৰ বিষমতা ।

() যিকোনো তিনি প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা

উত্তৰ:- তিনি প্ৰকাৰৰ বিষমতাৰ নাম হল –

১) জাতি – ধৰ্মৰ বিষমতা

২) ভাষিক বিষমতা আৰু

৩) সাংস্কৃতিক বিষমতা ।

(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে ?

উত্তৰ:- বৰ্তমান অসমত পাঁচখন চিকিৎসা মহাবিদ্যালয় আছে ।

১) অসম চিকিৎসা মহাবিদ্যালয়, ডিব্ৰগড় ।

২) গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, গুৱাহাটী ।

৩) শিলচৰ চিকিৎসা মহাবিদ্যালয়, শিলচৰ ।

৪) বৰপেটা চিকিৎসা মহাবিদ্যালয়, বৰপেটা ।

৫) যোৰহাট চিকিৎসা মহাবিদ্যালয়, যোৰহাট ।

() অসম ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন কত অৱস্থিত ?

উত্তৰ:- অসম ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন অসমৰ শিলচৰত অৱস্থিত ।

() সুস্থ শৰীৰৰ বাবে মানুহৰ কিহৰ প্ৰয়োজন ?

উত্তৰ:- সুস্থ শৰীৰৰ বাবে মানুহৰ খাদ্যৰ প্ৰয়োজন ।

/ আলোচনা কৰা

() মানৱ সম্পদ উন্নয়নৰ অসুবিধা সমুহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ

উত্তৰ:- ১) অত্যাধিক জনসংখ্যা বৃদ্ধিৰ হাৰে ভাৰতত এক গুৰুত্বপূৰ্ণ সমস্যাৰ সৃষ্টি কৰিছে । বিশেষকৈ মানৱ সম্পদ উন্নয়নৰ ক্ষেত্ৰত । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্য চৰকাৰ সমূহে জন্ম নিৰোধৰ যিবোৰ ব্যৱস্থা লৈছে সঠিক ব্যৱস্থা লৈছে ।

এই ব্যৱস্থাৰে ইতিমধ্যে জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট নিয়ন্ত্ৰণ হৈছে । অৱশ্যে অশিক্ষিত আৰু দৰিদ্ৰ পৰিয়ালবোৰহে  সজাগ সচেতন হৈ উঠা নাই । দুটাতকৈ অধিক সন্তান জন্ম দিয়া পিতৃ মাতৃক চৰকাৰী সহায় – সহযোগ দিয়া বন্ধ কৰা উচিত ।

২) মানৱ সম্পদ উন্নয়নৰ বাবে প্ৰয়োজনীয় শিক্ষা, স্বাস্থ্য আৰু আন পৌৰ সুবিধা দিবৰ বাবে চৰকাৰৰ মুলধনৰ অভাৱ হোৱাটো আন এটা উল্লেখযোগ্য অসুবিধা । চৰকাৰে পৰিকল্পনা সমূহত এই সমস্যাটোক এটা গুৰুত্বপূৰ্ণ সমস্যা বুলি ধৰি মানৱ সম্পদ উন্নয়নৰ বাবে বুজন পৰিমাণৰ ধন ধাৰ্য কৰি হলেও এই কাম কৰিব লাগে যাতে মানৱ সম্পদ উন্নয়ন কৰি উৎপাদন বৃদ্ধি কৰিব পৰা যায় ।

৩) নিৰক্ষৰতা দূৰ কৰাৰ কাৰণে নিৰক্ষৰ লোকসকলক চিনাক্ত কৰি তেওঁলোকক বাধ্যতা মূলক ভাৱে বিশেষকৈ ৩০ বছৰৰ তলৰ নিৰক্ষৰ লোকক শিক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে । এটা নিৰ্ধাৰিত সময়ৰ ভিতৰত এই শিক্ষা দিব লাগে ।

৪) অন্ধবিশ্বাস আৰু কুসংস্কাৰ ক্ষেত্ৰতো সতী দাস প্ৰথা আৰু কন্যা সন্তান হত্যা কৰাৰ দৰে কুপ্ৰথা আইন কৰি বন্ধ কৰা, বৰ্তমান প্ৰচলিত অন্ধবিশ্বাস আৰু কুসংস্কাৰ বোৰৰ  বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰাটো উচিত ।

৫) বিভিন্ন ধৰণৰ বিষমতাৰ ক্ষেত্ৰত আমি বিশেষকৈ ধৰ্ম আৰু ভাষাৰ ক্ষেত্ৰত প্ৰত্যেকেই সহনশীল হোৱাটো উচিত । ভাষা – ধৰ্মৰ মানুহ কমি বা উৎপাদন কাৰ্য কৰাত বাধাৰ সৃষ্টি যাতে নহয় তাৰ বাবে আমি সকলো ৰাষ্ট্ৰীয় ভাষা ব্যৱহাৰ কৰা উচিত । ধৰ্ম মানুহৰ অন্তৰ্নিহিত বিশ্বাস ইয়াক বাহ্যিক ক্ষেত্ৰত ব্যৱহাৰ কৰা উচিত নহয় ।

() মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা

উত্তৰ:- মানৱ সম্পদ উন্নয়নত চৰকাৰ অতিকৈ দায়বদ্ধ । মানৱ সম্পদলৈ ৰূপান্তৰিত হব নোৱাৰাৰ বহুতো কাৰণ আছে । তাৰ ভিতৰত পৰম্পৰাগত উচ্চ শিক্ষাই সৃষ্টি কৰা নিবনুৱাকে ধৰি দুখীয়া, দৰিদ্ৰ নিৰক্ষৰতাৰ বাবে সৃষ্টি হোৱা ব্যক্তিসকলকো মানৱ সম্পদলৈ ৰূপান্তৰ কৰাটো চৰকাৰৰে দায়িত্ব ।

চৰকাৰে বৃত্তিমূলক শিক্ষা দিয়াৰ দায়িত্বই বেছি হৈ পৰিছে । চৰকাৰে  বৃত্তি মূলক শিক্ষা দি সেইবোৰ মানুহক স্বনিয়োজন বা উৎপাদন মূলক বা জীৱন ধাৰণৰ পথ মুকলাই দিয়া চৰকাৰৰে দায়িত্ব । মুঠতে জনসাধাৰণক আৰ্থসামাজিক সহায় – সহযোগ, ঋণ দান আৰু অন্যান্য পৌৰ সা – সুবিধা দিয়াটো চৰকাৰৰ দায়িত্ব ।

অৱশ্যে বেচৰকাৰী সংস্থা অনুষ্ঠানেও কৰ্মহীন নিবনুৱা সকলক জীৱিকাৰ পথ মুকলি কৰাত সহায় – সহযোগ আগবঢ়াব পাৰে । বৰ্তমান বৃত্তিমুখী কৰ্মশালাৰ আয়োজন, ৰেহাইসহ ঋণদান তথা বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ দ্বাৰা চৰকাৰে দেশৰ জনসাধাৰণক স্বনিৰ্ভৰশীল উপযুক্ত মানৱ সম্পদত পৰিণত কৰাৰ চেষ্টা কৰিছে ।

() দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক

উত্তৰ:- দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা । এই দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ প্ৰায় ৩০ শতাংশ লোক শাৰীৰিক আৰু মানসিকভাবে দুৰ্বল আৰু কৰ্ম বিমুখ হবলৈ বাধ্য । গতিকে মানৱ সম্পদৰ পৰা বাদ পৰি থাকে । এইখিনি মানুহক সম্পদ কৰি তুলিবলৈ লাগে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষা ।

যাৰ অভাৱত এইখিনি মানুহে দৰিদ্ৰ জীৱন যাপন কৰিব লগা হৈছে । দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত জীৱন যাপন কৰা মানুহক প্ৰয়োজনীয় খাদ্য আৰু বৃত্তিমুখী শিক্ষা দি, জীৱন ধাৰণৰ পথ মুকলি কৰিব পৰা যায় আৰু মানৱ সম্পদলৈ উন্নীত কৰি তুলিব পৰা যায় । সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষাৰ পৰিবৰ্তন অনাৰ চেষ্টা কৰিছে ।

আনহাতে গ্ৰামীণ স্বাস্থ্য অভিযান মিছন, আধুনিক ভ্ৰাম্যমাণ হাস্পতালৰ ব্যৱস্থা কৰি মানুহক উন্নত স্বাস্থ্য সেৱা দিয়াৰ লক্ষ্য চৰকাৰে গ্ৰহণ কৰিছে ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

() নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে ?

উত্তৰ:- আমাৰ সমাজত নিৰক্ষৰতা এটা ডাঙৰ অভিশাপ । নিৰক্ষৰ লোকসকলৰ লগতে অতি দুখীয়া দৰিদ্ৰ দেশৰ প্ৰায় ২৬ শতাংশ লোকেই নিৰক্ষৰ । নিৰক্ষৰ লোক অজ্ঞ, বুদ্ধি হীন, অদক্ষ । কোনো কৰ্মৰ বাবে উপযুক্ত নহয় – কৰ্ম বিমূখ ।

গতিকে এই নিৰক্ষৰ মানুহ মানৱ সমপদলৈ উন্নীত কৰাৰ বাধাৰ সৃষ্টি কৰে । শিক্ষা নাথাকিলে কোনো উৎপাদন কাৰ্যত আগবাঢ়িব পৰা নাযায় । উৎপাদন নহলে উপাৰ্জন নহয় । উপাৰ্জন নাথাকিলে দৰিদ্ৰ আহে, স্বাস্থ্য হীন হয় । গতিকে মানৱ সম্পদলৈ উন্নীত কৰাত বাধা হয় । এইদৰে নিৰক্ষৰতাই মানৱ সম্পদ বিকাশত বাধাৰ সৃষ্টি কৰে ।

() অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায় ?

উত্তৰ:- অন্ধবিশ্বাস আৰু সমাজত প্ৰচলিত কুসংস্কাৰে মানৱ সম্পদ উন্নয়ন আৰু বিকাশত যথেষ্ট অন্তৰায়ৰ সৃষ্টি কৰে । আধুনিক যুগৰ বিজ্ঞান আৰু প্ৰযুক্তিবদ্যাই সমগ্ৰ বিশ্বতে আমূল পৰিবৰ্তন আৰু প্ৰগতিৰ উচ্চতম শিখৰত উপনীত হৈছে যদিও আজিৰ আমাৰ সমাজত বহুতো শিক্ষিত অশিক্ষিত এচাম লোকে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ নামত সমাজত সমস্যাৰ সৃষ্টি কৰি থাকে ।

মানুহৰ বেমাৰ – আজাৰৰ ক্ষেত্ৰত এতিয়াও জৰা – ফুকা চিকিৎসকক বিশ্বাস কৰে আৰু মানুহক বিপথে পৰিচালিত কৰে । কিছুমান ডাইনী ভুতোনীয়ে সমাজত মানুহৰ অপকাৰ কৰা বুলি বিশ্বাস কৰি বহুতো অঞ্চলৰ ৰাইজে একোখন পৰিয়াল হত্যা কৰি নিঃশেষ কৰে ।

এনে ধৰণৰ মানুহ কেতিয়াও মানৱ সম্পদৰ ভিতৰত নপৰে । সমাজক বিপথে পৰিচালিত কৰি কৰ্মবিমুখহে কৰে আৰু উৎপাদন বিমুখ কৰি কৰ্মমুখী মানৱ সম্পদ হোৱাত বাধা প্ৰদান কৰি আহিছে । চৰকাৰে এনে অন্ধবিশ্বাস আৰু কুসংস্কাৰ নীতি আইন কৰি বন্ধ কৰা উচিত ।

/ খালী ঠাই পূৰ কৰা

() মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে …………………… , স্বাস্থ্য আৰু পৌৰ সুবিধা

উত্তৰ:- শিক্ষা ।

() ……………………… লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়

উত্তৰ:- নিৰক্ষৰ ।

() শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম ……………………. অধিকাৰ

উত্তৰ:- মৌলিক ।

() …………………… চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰবৰ্তন কৰা হৈছে

উত্তৰ:- ২০০৯ ।

() চৰকাৰে গ্ৰহণ আৰু কাৰ্যকৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি …………………… কৰে

উত্তৰ:- ত্বৰান্বত ।

() উপযুক্ত শৈক্ষিক ……………………… গঢ়ি তুলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব

উত্তৰ:- বাতাবৰণ ।

/ প্ৰকল্প

/ তলত দিয়াসমূহ কত অৱস্থিত আৰু তাৰ কাৰ্যাৱলী কেনেধৰণৰ সেই বিষয়ে একোটাকৈ টোকা লিখা ( ছবি সংগ্ৰহ কৰিব )

() এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় ( অসম )

() অসম চিকিৎসা মহাবিদ্যালয়

() অসম অভিযান্ত্ৰিক মহাবিদ্যালয়

() মীন মহাবিদ্যালয় ( অসম )

() কৃষি বিশ্ববিদ্যালয় ( অসম )

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

২/ তোমাৰ ওচৰত বসবাস কৰা চাৰি/ পাঁচ জন মানুহৰ

জীৱনত ঘটা অন্ধবিশ্বাস কোনো চাক্ষুস ঘটনাৰ অভিজ্ঞতা সংগ্ৰহ কৰা । অন্ধবিশ্বাস আঁতৰ কৰিবলৈ তুমি কি কি ব্যৱস্থা হাতত লবা বৰ্ণনা কৰা ।

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

3 thoughts on “Class 8 Social পাঠ 18 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা”

Leave a Reply

error: Content is protected !!
Scroll to Top
Scroll to Top
adplus-dvertising