Class 8 Social Chapter 1 প্ৰাকৃতিক সম্পদ – সমাধান

Class 8 Social Science Question Answer Chapter 1 প্ৰাকৃতিক সম্পদ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 1 প্ৰাকৃতিক সম্পদ Pdf Download and select needs one.

Class 8 Social Science Chapter 1 প্ৰাকৃতিক সম্পদ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Geography Chapter 1 প্ৰাকৃতিক সম্পদ for All Subject, You can practice these here.


প্ৰাকৃতিক সম্পদ


পাঠ – 1 সমাজ বিজ্ঞান

১/ চমু উত্তৰ দিয়া –

প্ৰশ্ন (ক) মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা |
উত্তৰ:-
মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পায় অহাৰ দুটা কাৰণ হল –
i) জনসংখ্যাৰ বৃদ্ধি |
ii) গৃহ নিৰ্মাণৰ বাবে মাটিৰ অভাৱ |

প্ৰশ্ন (খ) কোনো এটা অঞ্চলত জনসংখ্যাৰ বসতি ঘন হোৱাৰ কাৰণ কি বুলি ভবা ? ( দুটা কাৰণ লিখা )
উত্তৰ:-
অঞ্চলটোৰ জলবায়ু, মাটিৰ গুণাগুণ, উদ্যোগ,যাতায়াত আদিৰ সুবিধা হোৱাৰ কাৰণে জনবসতি ঘন হয় |

প্ৰশ্ন (গ) ভূমি অৱক্ষয়ৰ চাৰিটা কাৰণ উল্লেখ কৰা |
উত্তৰ:-
ভূমি অবক্ষয়ৰ চাৰিটা কাৰণ হল –

i)গৰাখহনীয়

ii) ভূমিস্খলন

iii) মৰুকৰণ আৰু

iv)মাটিৰ খনন কাৰ্য |

প্ৰশ্ন (ঘ) বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ কাৰণ দুটা লিখা |

উত্তৰ:– বিভিন্ন ঠাইত বৰ্তমান পানীৰ সংকটে দেখা দিয়াৰ কাৰণ দুটা হল –
i) গছ – গছনি কাটি পেলোৱা |
ii) অত্যাধিক পৰিমাণে জলসিঞ্চনৰ ব্যৱহাৰ কৰা |

২/ শুদ্ধ উত্তৰত ( ✓ ) দিয়া

(ক) তলৰ কোনটোৱে পানীৰ সংৰক্ষণত সহায় কৰে ?
i) অবাবতে পানীৰ টেপ খুলি থলে |
ii) ভূ-গৰ্ভত পানীৰ অত্যধিক ব্যৱহাৰ কৰিলে |
iii) বৰষুণৰ পানী জমা কৰি থলে |
উত্তৰ:-
iii) বৰষুণৰ পানী জমা কৰি থলে |

(খ) নিৰ্মল পানী পাবলৈ হলে –
i) আবর্জনাবোৰ নৈত পেলাব লগে |
ii) পানীত ৰাসায়নিক সাৰ মিহলাব লগে |
iii) পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে |
উত্তৰ:- iii)
পানীৰ উৎস প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগে |

(গ) তলৰ কোনটোৱে শক্তি সংৰক্ষণত সহায় নকৰে –
i) জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে |

ii) অপৰম্পৰাগত শক্তিৰ সুব্যৱহাৰ কৰিলে |
iii) শক্তি সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী হ’লে |
উত্তৰ:- i)
জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অধিক হলে |

(৩) ভূমি সম্পদৰ গুৰুত্ব আৰু ব্যৱহাৰৰ বিষয়ে লিখা |

(৮০ টা মান শব্দৰ ভিতৰত )
উত্তৰ:-

ভূমি সম্পদৰ গুৰুত্ব:-

পৃথিৱীৰ উপৰিভাগৰ ২৯ শতাংশ হৈছে ভূমি | এই ভূমি জীৱজগতৰ আধাৰ | ভূমি সম্পদৰ ওপৰতে মানৱ সমাজ গঢ় লৈ উঠিছে | মানৱ সভ্যতা- সংস্কৃতি, কৃষি, শিল্প – উদ্যোগ, যাতায়াত, যোগাযোগ আদি ভূমি সম্পদৰ ওপৰতেই গঢ় লৈ উঠিছে | ভূমি সম্পদ অবিহনে পৃথৱীত মানৱ সভ্যতাৰ সৃষ্টি অসম্ভৱ |

ভূমি সম্পদৰ ব্যৱহাৰ:-

কৃষিকাৰ্য, শিল্প – উদ্যোগ, খনিজ সম্পদ আহৰণ, ঘৰ – দুৱাৰ, ৰাস্তা – ঘাট আদি নিৰ্মাণৰ বাবে ভূমি সম্পদ ব্যৱহাৰ কৰা হয় | ভূমিৰ ব্যৱহাৰ নিৰ্ভৰ কৰে অঞ্চলটোৰ অবস্থান, জলবায়ু, পানীৰ উৎস আদি প্ৰাকৃতিক কাৰকৰ ওপৰত |

(৪) তুমি থকা ঠাইখনৰ ভূমি সম্পদৰ ক্ষেত্ৰত কি পৰিবৰ্তন হৈছে ?

পৰিয়ালৰ জেষ্ঠলোক বা ওচৰৰ বিজ্ঞলোকৰ পৰা সেই সম্পৰ্কে জনি লৈ এটি টোকা যুগুত কৰা |
উত্তৰ:- ঘৰৰ পৰিয়ালৰ লগত আলোচনা কৰা |

(৫) বনজ সম্পদ আৰু জলজ সম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত ?

উত্তৰ:- বনজ সম্পদৰ ব্যৱহাৰ:- আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ আদি আমি বনজ সম্পদৰ পৰাই পাওঁ | উদ্ভিদে আমাক অক্সিজনৰ যোগান ধৰে, বন্যপ্ৰাণীৰ আশ্ৰয় প্ৰদান কৰে, গোলকীয় উত্তাপ হ্ৰাস কৰে আদি |

জলজ সম্পদৰ ব্যৱহাৰ:- জলসম্পদ প্ৰধানকৈ জলসিঞ্চন, পৰিবহণ, উদ্যোগ আৰু ঘৰুৱা কামত ব্যৱহাৰ হয় | বিদ্যুৎ শক্তি আহৰণৰ বাবেও জলসম্পদ বহু পৰিমাণে ব্যৱহাৰ হয় |

(৬) শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব লাগে ?

উত্তৰ:- সম্পদ ব্যৱহাৰত অতি মিতব্যয়ী হোৱা উচিত | ব্যৱহাৰৰ ক্ষেত্ৰত মিতব্যয়ী নহলে সম্পদ সংৰক্ষিত নহয় | অপচয় ৰোধৰ উপৰিও ইয়াক ৰাহি কৰিবলৈ চেষ্টা কৰিব লাগে | কাৰণ ই অনৱীকৰণযোগ্য | ব্যৱহাৰকাৰী সকলে অপৰম্পৰাগত শক্তি আহৰণ কৰাৰ ব্যৱস্থা কৰা উচিত |

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

(৭) চমুটোকা লিখা:-

( ক ) বন্যপ্ৰাণী :
উত্তৰ:- চিৰিয়াখানা সাজি, জীৱ জন্তু ৰপ্তানি কৰি, জন্তুৰ চামৰা, দাঁত, চৰ্বি আদি মূল্যবান বস্তু বন্য প্ৰাণীৰ পৰা পাব পাৰি | ইয়াৰ ওপৰতেই পৰ্যটন উদ্যোগ গঢ়ি উঠে | চিৰিয়াখানাত সংৰক্ষণৰ বাবে বিদেশলৈ নানা জীৱ জন্তু ৰপ্তানি কৰিও ভাৰতে আৰ্থিকভাৱে লাভবান হয় |
বন্যপ্ৰাণীৰ পৰা পোৱা মূল্যবান বস্তুৰ পৰা নানা বস্তু উৎপাদন কৰি দেশৰ বাহিৰে ভিতৰে বিক্ৰী কৰি অৰ্থ আয় কৰা হয় | এইদৰে বন্যপ্ৰাণীবোৰে আৰ্থিক দিশত মানুহক সহায় কৰে |

(খ) জীৱাশ্ম ইন্ধন :
উত্তৰ:-
পৰম্পৰাগত শক্তিৰ উৎস হল জীৱাশ্ম ইন্ধন | এই ইন্ধন নতুনকৈ উদ্ভৱ কৰিব নোৱাৰি | মানুহে যিমান বেছিকৈ জীৱাশ্ম ইন্ধন শক্তি খৰচ কৰিব সিমান সোনকালে জীৱাশ্ম ইন্ধনবোৰ শেষ হৈ যাব |

কয়লা, প্ৰেট্ৰলিয়ামৰ, প্ৰাকৃতিক গেছ আদি হৈছে জীৱাশ্ম ইন্ধনৰ উদাহৰণ | ঘৰুৱা কামৰ বাহিৰেও উদ্যোগ সমূহত কয়লাৰ ব্যৱহাৰ কৰা হয় | ইয়াৰ উপৰিও গাড়ী – মটৰ তথা অন্যান্য যান – বাহন আৰু যন্ত্ৰপাতিত প্ৰেট্ৰলিয়ামৰ ব্যৱহাৰ কৰা হয় |

(গ) মৰুকৰন :
উত্তৰ:-
প্ৰাকৃতিক বা মানৱজনিত কাৰণত মৰুভূমিত প্ৰসাৰ ঘটাকে বা নতুনকৈ মৰুভূমিৰ সৃষ্টি হোৱাকে মৰুকৰন বোলে | মৰুভূমিৰ দাঁতিকাষৰীয়া অঞ্চলৰ বনাঞ্চল ধ্বংস আৰু অত্যাধিক পশুচাৰনেও মৰুভূমিৰ প্ৰসাৰণ বা বিনাশ ঘটাব পাৰে |

(ঘ) সৌৰশক্তি :
উত্তৰ:-
সূৰ্যৰ পৰা পোৱা শক্তিক সৌৰশক্তি বোলে | বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ সৌৰ কোষৰ সহায় লোৱা হয় | ঘড়ী, কেলকুলেটৰ আদি চলোৱা, বিদ্যুৎ সংযোগ নথকা গাঁৱত বিজুলী চাকি জলোৱাৰ উপৰিও মহাকাশ যান, উপগ্ৰহ আদিতো সৌৰশক্তি ব্যৱহাৰ কৰা হয় |

(ঙ) ভূমিস্খলন :
উত্তৰ:-
ভূমিস্খলন প্ৰাকৃতিক কাৰণত আৰু মানুহৰ কাৰ্যৰ ফলত সংঘটিত এক দুৰ্যোগ | নেৰানেপেৰা বৰষুণ, ভূমিকম্প আদিৰ ফলত ওখ ঠাইৰ ভূ – খণ্ড তললৈ খহি পৰাকে ভূমিস্খলন বোলে | পাহাৰীয়া অঞ্চলত মানুহে মাটি কটাৰ ফলত বা গছ গছনি ধ্বংস কৰাৰ ফলত ভূমিস্খলন হব পাৰে |

৮/ পাৰ্থক্য দেখুওৱা –

(ক) গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰ |
উত্তৰ:-
গ্ৰামাঞ্চলৰ ভূমিৰ ব্যৱহাৰ আৰু নগৰীয়া অঞ্চলৰ ভূমিৰ ব্যৱহাৰৰ মাজত পাৰ্থক্য হল – গ্ৰামাঞ্চলত কৃষি – কাৰ্য কৰিবলৈ, খাল – বিলত মাছ পুহিবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয় | আনহাতে নগৰ অঞ্চলত ৰাস্তা – ঘাট, ব্যৱসায় – বাণিজ্যিক, কল – কাৰখানা, উচ্চ অট্টালিকা বনাবলৈ ভূমিৰ ব্যৱহাৰ কৰা হয় |

(খ) পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তি :
উত্তৰ:-
পৰম্পৰাগত আৰু অপৰম্পৰাগত শক্তিৰ মাজত পাৰ্থক্য হল –
(i) পৰম্পৰাগত শক্তি বোৰ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি কাৰণ ই এবাৰ ব্যৱহাৰ কৰিলে নিঃ শেষ হৈ যায় ( যেনে:- ক্য়লা, প্ৰেট্ৰলিয়াম আদি ) |

আনহাতে অপৰম্পৰাগত শক্তি বোৰ এবাৰ ব্যৱহাৰৰ পিছত পুনৰ ব্যৱহাৰ কৰিব পাৰি কাৰণ ই নিঃশেষ হৈ নাযায় ( যেনে:- সৌৰশক্তি, বতাহ শক্তি আদি ) |

1 thought on “Class 8 Social Chapter 1 প্ৰাকৃতিক সম্পদ – সমাধান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top