Class 8 Social পাঠ 20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

Class 8 Social পাঠ 20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা – সমাধান and select needs one.

Class 8 Social পাঠ 20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা – সমাধান Solutions for All Subject, You can practice these here…

গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা

পাঠ – ২০ ( সমাজ বিজ্ঞান )

/ উত্তৰ লিখা

() গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছেনে ? তোমাৰ উত্তৰৰ সপক্ষে দুটা যুক্তি আগবঢোৱা

উত্তৰ:- গ্ৰাহকৰ সজাগতাৰ আৱশ্যকতা আছে ।

দুটা যুক্তি হল –

১) অধিক লাভখোৰ বিক্ৰেতা সকলে যাতে গ্ৰাহক সকলক প্ৰতাৰিত বা প্ৰবঞ্চিত কৰিব নোৱাৰে ।

২) আমি গ্ৰাহক সকল সচেতন আৰু সজাগ হব লাগে কাৰণ যাতে সঠিক ওজন দিয়ে, সঠিক দাম, নিৰ্ভেজাল বস্তু, আচল বস্তু গ্ৰাহক দিয়ে ।

() গ্ৰাহকৰ শোষণ কৰাৰ কৌশল সমূহ কি কি ?

উত্তৰ:- গ্ৰাহকৰ শোষণ কৰাৰ কৌশল সমূহ হল –

১) গ্ৰাহকৰ অগোচৰে বিক্ৰী কৰা বস্তুৰ ওজন সঠিক ভাৱে নিদিয়া বা কম দিয়া ।

২) ভেজাল সামগ্ৰী বিক্ৰী কৰা ।

৩) ক্ৰয় কৰা বস্তুৰ বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ।

৪) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা ।

৫) প্ৰতিষ্ঠিত নামী – দামী কোম্পানীৰ পেকেট নকল কৰি ভেজাল বস্তু বিক্ৰী কৰা ।

৬) ভুৱা প্ৰতিষ্ঠান খুলি মানুহক গ্ৰাহক কৰি ঠগোৱা আদি ।

() গ্ৰাহক হিচাপে তোমাৰ কৰ্তব্য কি ? বজাৰলৈ গৈ বস্তু ক্ৰয় কৰাৰ সময়ত কোনবিলাক কথালৈ মনোযোগ দিয়া উচিত ?

উত্তৰ:- গ্ৰাহক হিচাপে সকলো ব্যক্তিয়ে উচিত মূল্যত নিৰ্ভেজাল বা ম্যাদ উকলি নোযোৱা সামগ্ৰী বা সেৱা ক্ৰয় কৰা আৰু উপভোগ কৰা ।

           গ্ৰাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত প্ৰত্যেক গ্ৰাহকেই সাৱধানতা অৱলম্বন কৰিব লাগে । নহলে চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা বা শোষণ কৰাৰ সুবিধা পায় বা লয় । গতিকে বস্তু বা সেৱা কিনোতে তাৰ গুণা – গুণ, দাম, ওজন, বিশুদ্ধতা সম্পৰ্কে নিশ্চিত হব লাগে ।

বস্তু লোৱা বা দিয়াৰ সময়ত গ্ৰাহক সজাগ – সচেতন হব লাগে । যাতে ওজনত কম, ভেজাল, ম্যাদ উকলা, নকল বেয়া বস্তু বা সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে । এই কথাবোৰ মনোযোগেৰে লক্ষ্য কৰিব লাগে ।

() গ্ৰাহকৰ অধিকাৰ মানে কি ? কেইটামান এনে অধিকাৰৰ বিষয়ে চমুকৈ আলোচনা কৰা

উত্তৰ:- গ্ৰাহকে প্রতাৰিত আৰু শোষিত নোহোৱাকৈ উচিত মূল্যত বিচৰা মতে পাব লগা বস্তু আৰু সা – সুবিধা পোৱাটোৱে গ্ৰাহকৰ অধিকাৰ ।

        গ্ৰাহকৰ অধিকাৰ সমূহ হল –

১) যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা ।

২) গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা ।

৩) গ্ৰাহকৰ অভাৱ – অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা ।

৪) প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা ।

৫) প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থাৰ দাবী কৰা ।

৬) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি ।

() চৰকাৰে গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা

উত্তৰ:- চৰকাৰে গ্ৰাহকক কিছুমান অধিকাৰ প্ৰদান কৰিছে । আনহাতে গ্ৰাহকক সুৰক্ষা দিবলৈ আইন আদিও প্ৰণয়ন কৰিছে । ১৯৮৫ চনতে ৰাষ্ট্ৰ সংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি – নিৰ্দেশনা নিৰ্নয় কৰি দিছিল ।

এই নীতি – নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰ সমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে । এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে । সেইবোৰ হল –

১) জিলা পৰ্যায়ত :- জিলা গ্ৰাহক সুৰক্ষা সংস্থা ।

২) ৰাজ্যিক পৰ্যায়ত :- ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা ।

৩) ৰাষ্ট্ৰীয় পৰ্যায়ত :- ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা ।

    এই সংস্থা সমূহে গ্ৰাহকৰ অভাৱ – অভিযোগ পূৰণ, ন্যায় বিচাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰে । অকল ভাৰতেই নহয় সম্প্ৰতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহকৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে ।

/ চমু টোকা লিখা

() গ্ৰাহক সুৰক্ষা আইন

উত্তৰ:-  চৰকাৰে গ্ৰাহকক কিছুমান অধিকাৰ প্ৰদান কৰিছে । আনহাতে গ্ৰাহকক সুৰক্ষা দিবলৈ আইন আদিও প্ৰণয়ন কৰিছে । ১৯৮৫ চনতে ৰাষ্ট্ৰ সংঘই গ্ৰাহকৰ সুৰক্ষাৰ বাবে কিছুমান নীতি – নিৰ্দেশনা নিৰ্নয় কৰি দিছিল । এই নীতি – নিৰ্দেশনাৰ আধাৰত গ্ৰাহকৰ অধিকাৰ সমূহ সুনিশ্চিত কৰাৰ বাবে ১৯৮৬ চনৰ ২৪ ডিচেম্বৰত ভাৰতীয় সংসদৰ যুটীয়া সদনে গ্ৰাহক সুৰক্ষা আইন গৃহীত কৰিছে । এই আইনৰ অধীনত গ্ৰাহকৰ স্বাৰ্থত তিনিটা পৰ্যায়ত গ্ৰাহক সুৰক্ষা সংস্থা গঠন কৰা হৈছে । সেইবোৰ হল –

১) জিলা পৰ্যায়ত :- জিলা গ্ৰাহক সুৰক্ষা সংস্থা ।

২) ৰাজ্যিক পৰ্যায়ত :- ৰাজ্যিক গ্ৰাহক সুৰক্ষা সংস্থা ।

৩) ৰাষ্ট্ৰীয় পৰ্যায়ত :- ৰাষ্ট্ৰীয় গ্ৰাহক সুৰক্ষা সংস্থা ।

    এই সংস্থা সমূহে গ্ৰাহকৰ অভাৱ – অভিযোগ পূৰণ, ন্যায় বিচাৰ আৰু সুৰক্ষাৰ বাবে কাম কৰে । অকল ভাৰতেই নহয় সম্প্ৰতি বিশ্বৰ ১০০ খনৰো অধিক ৰাষ্ট্ৰই গ্ৰাহকৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে ।

() গ্ৰাহক সজাগতা

উত্তৰ:- গ্ৰাহক হিচাপে বস্তু ক্ৰয় কৰাৰ সময়ত প্ৰত্যেক গ্ৰাহকেই সাৱধানতা অৱলম্বন কৰিব লাগে । নহলে চকুৰ পচাৰতে বিক্ৰেতাই প্ৰতাৰণা বা শোষণ কৰাৰ সুবিধা পায় বা লয় । গতিকে বস্তু বা সেৱা কিনোতে তাৰ গুণা – গুণ, দাম, ওজন, বিশুদ্ধতা সম্পৰ্কে নিশ্চিত হব লাগে ।

বস্তু লোৱা বা দিয়াৰ সময়ত গ্ৰাহক সজাগ – সচেতন হব লাগে । যাতে ওজনত কম, ভেজাল, ম্যাদ উকলা, নকল বেয়া বস্তু বা সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে । এই কথাবোৰ মনোযোগেৰে লক্ষ্য কৰিব লাগে ।

দুটা যুক্তি হল –

১) অধিক লাভখোৰ বিক্ৰেতা সকলে যাতে গ্ৰাহক সকলক প্ৰতাৰিত বা প্ৰবঞ্চিত কৰিব নোৱাৰে ।

২) আমি গ্ৰাহক সকল সচেতন আৰু সজাগ হব লাগে কাৰণ যাতে সঠিক ওজন দিয়ে, সঠিক দাম, নিৰ্ভেজাল বস্তু, আচল বস্তু গ্ৰাহক দিয়ে ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

() গ্ৰাহক প্ৰতাৰণা

উত্তৰ:- বিক্ৰেতা সকলে গ্ৰাহক সকলক প্ৰতাৰণা কৰিবলৈ বহু ধৰণৰ কৌশল অৱলম্বন কৰে । উদাহণস্বৰূপে –

১) বস্তুৰ ওজন সঠিক ভাৱে নকৰা ।

২) ভেজাল বস্তু বিক্ৰী কৰা ।

৩) বস্তু বা সেৱা উপযুক্ত মান বিশিষ্ট নোহোৱা ।

৪) ক্ৰয় কৰা বস্তু বা সেৱাৰ ৰচিদ নিদিয়া বা অশুদ্ধকৈ দিয়া ।

৫) সামগ্ৰী প্ৰস্তুত কৰনৰ প্ৰকৃত তাৰিখ মচি পেলোৱা বা নকল তাৰিখ লগোৱা ।

৬) প্ৰকৃত মূল্যৰ ওপৰত নকল মূল্যৰ লেবেল লগোৱা ।

৭) মান সূচক চিন সমূহ নকল কৰা ।

৮) নামী – দামী কোম্পানীৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ হুবহু নকল কৰা ।

৯) ডাক সেৱা, টেলিফোন বা ইণ্টাৰনেট যোগে অৰ্ডাৰ কৰা বস্তু সময় মতে আদায় নিদিয়া আদি ।

() গ্ৰাহকৰ অধিকাৰ

উত্তৰ:- গ্ৰাহকে প্রতাৰিত আৰু শোষিত নোহোৱাকৈ উচিত মূল্যত বিচৰা মতে পাব লগা বস্তু আৰু সা – সুবিধা পোৱাটোৱে গ্ৰাহকৰ অধিকাৰ ।

 গ্ৰাহকৰ অধিকাৰ সমূহ হল –

১) যিকোনো বস্তু কিনোতে বস্তুৰ মূল্য, ওজন, বিশুদ্ধতা, গুণাগুণ আদিৰ বিচাৰ কৰিব পৰা ।

২) গ্ৰাহকৰ সুৰক্ষাৰ বাবে গ্ৰাহক সুৰক্ষা সমিতি গঠন কৰা ।

৩) গ্ৰাহকৰ অভাৱ – অভিযোগ আদি গ্ৰাহক সুৰক্ষা সমিতি বা গ্ৰাহক আদালতত দাখিল কৰা ।

৪) প্ৰয়োজন সাপেক্ষে গ্ৰাহক সুৰক্ষা আইনৰ সহায় লোৱা ।

৫) প্ৰতাৰণা কৰা বিক্ৰেতাৰ বিৰুদ্ধে শাস্তি মূলক ব্যৱস্থাৰ দাবী কৰা ।

৬) গ্ৰাহক শিক্ষা লাভ কৰাৰ অধিকাৰ আদি ।

এই অধিকাৰ সমূহ আমাৰ দেশৰ সকলো নাগৰিকৰ ক্ষেত্ৰতে প্ৰযোজ্য । এই অধিকাৰ সমূহ ভোগ কৰিবলৈ আমি সকলোৱে আগ্ৰহী আৰু সচেতন হোৱা উচিত । ইয়াক সাব্যস্ত কৰাত আমাক কোনেও বাধা দিব নোৱাৰে । সমগ্ৰ বিশ্বত গ্ৰাহকৰ অধিকাৰৰ বিষয়টোৱে বৰ্তমান এক জন জাগৰণৰ সৃষ্টি কৰিছে । তাৰেই ভিত্তিত ১৫ মাৰ্চ তাৰিখতো বিশ্বজুৰি গ্ৰাহক অধিকাৰ দিবস হিচাবে পালন কৰা হয় ।

() গ্ৰাহক আদালত

উত্তৰ:- গ্ৰাহকৰ বিবাদ নিষ্পত্তিকৰণৰ বাবে ‘ গ্ৰাহক বিবাদ নিষ্পত্তিকৰণৰ ফ’ৰাম ‘ গঠন কৰা চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ । ইয়াক গ্ৰাহক আদালত বুলিও কোৱা হয় । ইয়াত সকলো শ্ৰেণীৰ গ্ৰাহকে উপযুক্ত তথ্য প্ৰমাণ দাখিল কৰি অভিযোগৰ সুফল লাভ কৰিব পাৰে । এনে ফ’ৰাম সমূহ তিনিটা পৰ্যায়ত গঠিত হয় । যেনে –

১) জিলা ভিত্তিত :- জিলা বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম ।

২) ৰাজ্যিক ভিত্তিত :- ৰাজ্যিক বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম ।

৩) ৰাষ্ট্ৰীয় ভিত্তিত :- ৰাষ্ট্ৰীয় বিবাদ নিষ্পত্তিকৰণ ফ’ৰাম ।

/ শুদ্ধ/ অশুদ্ধ নিৰ্নয় কৰা

() গ্ৰাহক সুৰক্ষা আইন কেৱল দোকানত ক্ৰয় কৰা বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য

উত্তৰ:- অশুদ্ধ ।

() গ্ৰাহকৰ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতেই একমাত্ৰ ৰাষ্ট্ৰ যিখনে আইন প্ৰণয়ন কৰিছে

উত্তৰ:- শুদ্ধ ।

() শোষণৰ বলি হোৱা গ্ৰাহকে জিলা বিবাদ নিষ্পত্তিকৰণ ৰামত গোচৰ তৰিব লাগে

উত্তৰ:- শুদ্ধ ।

() কেৱল মূল্যবান আৰু দামী বস্তুৰ ক্ষেত্ৰতহে গ্ৰাহক সুৰক্ষা আইন প্ৰযোজ্য

উত্তৰ:- শুদ্ধ ।

() কৃষিজাত সামগ্ৰীৰ মানবিশিষ্টতাৰ প্ৰমাণ হিচাবে হলমাৰ্ক চিন ব্যৱহাৰ কৰা হয়

উত্তৰ:- অশুদ্ধ ।

() বিক্ৰেতাৰ পৰা বস্তু বা সেৱাৰ ক্ষেত্ৰত লাভ কৰা প্ৰতাৰণাৰ ফলত হোৱা ক্ষতিৰ বাবে গ্ৰাহকে  ক্ষতিপূৰণ পোৱাটো আইনগত অধিকাৰ

উত্তৰ:- অশুদ্ধ ।

/ প্ৰকল্প

() গ্ৰাহকৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ কাৰণে তোমালোকে দলত ভাগ হৈ পাচোটাকৈ শ্লগান লিখা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

() তোমাৰ ঘৰৰ ওচৰৰ চাৰি/ পাঁচজন মানুহক লগ ধৰি তেওঁলোকে লাভ কৰা গ্ৰাহক প্ৰতাৰণাৰ বিবৰণ লিখি সেই প্ৰতাৰণাৰ বিপৰীতে তেওঁলোকে কি ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

3 thoughts on “Class 8 Social পাঠ 20 গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top