Class 8 Social পাঠ 12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

Class 8 Social পাঠ 12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন – সমাধান and select needs one.

Class 8 Social পাঠ 12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 12 বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন – সমাধান Solutions for All Subject, You can practice these here…

বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন

পাঠ১২ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ লিখা

() বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ:- বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হৈছিল

() ভাৰতলৈ জলপথ পোনতে কোনজন নাৱিকে আৱিষ্কাৰ কৰে ?

উত্তৰ:- ভাৰতলৈ জলপথ পোনতে পৰ্তুগীজ নাবিক ভাস্কোডাগামাই নাৱিকে আৱিষ্কাৰ কৰে

() ওলণ্ডাজ সকলে ভাৰতৰ কোন ঠাইত প্ৰথম দুৰ্গটো সাজে ?

উত্তৰ:- ওলণ্ডাজ সকলে ভাৰতৰ পুলিকটত প্ৰথম দুৰ্গটো সাজে

() দ্বিতীয় চালছে বোম্বাই ( মুম্বাই ) কাক লীজত দিছিল ?

উত্তৰ:- দ্বিতীয় চালছে বোম্বাই ( মুম্বাই ) ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিছিল

() পঞ্জাৱ, মহিশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ কি নীতিৰ চিকাৰ হৈছিল ?

উত্তৰ:- পঞ্জাৱ, মহিশূৰ আৰু মাৰাঠা ৰাজ্য ইংৰাজৰ বিভাজন আৰু শাসন নীতিৰ চিকাৰ হৈছিল

২/ ‘ ক ‘ অংশৰ লগত ‘ খ ‘ অংশ মিলোৱা –

‘ ক ‘ অংশ ‘ খ ‘ অংশ
কলম্বাছপৰ্তুগীজ নাবিক ।
উইলিয়াম হকিন্সপৰ্তুগীজ ৰাজকুমাৰী।
ভাস্কো – ডা – গামাইংৰাজ কটকী ।
দ্বিতীয় চালছওলণ্ডাজ ।
পুলিকট আমেৰিকা ।

উত্তৰ:-

‘ ক ‘ অংশ‘ খ ‘ অংশ
কলম্বাছআমেৰিকা ।
উইলিয়াম হকিন্সইংৰাজ কটকী ।
ভাস্কো – ডা – গামাপৰ্তুগীজ নাবিক ।
দ্বিতীয় চালছ পৰ্তুগীজ ৰাজকুমাৰী।
পুলিকট ওলণ্ডাজ ।

/ খালী ঠাই পূৰ কৰা

) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে …………………… খ্ৰীষ্টাব্দত ৰাণী প্ৰথম এলিজাবেথৰ পৰা প্ৰাচ্যৰ দেশৰ লগত ব্যৱসায়বাণিজ্য কৰিবলৈ ৰাজকীয় অনুমতি পাইছিল

উত্তৰ:- ১৬০০ খ্ৰীষ্টাব্দত

) ………………….. দ্বাৰা দেশৰ অৰ্থনৈতিক কামকাজ চৰকাৰৰ নিয়ন্ত্ৰনাধীন কৰা হয়

উত্তৰ:- বাণিজ্য বাদৰ

) ১৬৬১ খ্ৰীষ্টাব্দত দ্বিতীয় চালছে …………………….. ইষ্ট ইণ্ডিয়া কোম্পানীক লীজত দিয়ে

উত্তৰ:- বোম্বাই

) ১৭১৫ খ্ৰীষ্টাব্দত মোগল সম্ৰাট ……………………. ইষ্ট ইণ্ডিয়া কোম্পানীক ব্যৱসায় কৰিবলৈ ফৰমান/ অনুমতি প্ৰদান কৰে

উত্তৰ:- ফাৰুখচিয়াৰে

) ………………….. সকল সাগৰীয় নৌবাহিনীত শক্তিশালী আছিল

উত্তৰ:- ইংৰাজ

/ সত্য/ অসত্য বিচাৰ কৰা

) ১৮ শতিকাত মোগল সাম্ৰাজ্য শক্তিশালী আছিল

উত্তৰ:- অশুদ্ধ

) বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত ব্যৱসায় কৰা একমাত্ৰ ইউৰোপীয় কোম্পানী আছিল

উত্তৰ:- অশুদ্ধ

) ভাস্কোডাগামা ১৪৯২ খ্ৰীষ্টাব্দত কালিকটত উপস্থিত হৈছিল

উত্তৰ:- অশুদ্ধ

) ভাৰতীয় কৃষক সকলৰ পৰা জোৰজুলুমকৈ ৰাজহ সংগ্ৰহ কৰা পদ্ধতি প্ৰৱৰ্তনৰ ফলত ভাৰতীয় কৃষক সকল ঋণগ্ৰস্ততাত ভুগিছিল

উত্তৰ:- শুদ্ধ

) বাণিজ্য বাদে উপনিবেশ বাদক উদ্গনি যোগাইছিল

উত্তৰ:- শুদ্ধ

/ দলত আলোচনা কৰি টোকা প্ৰস্তুত কৰা

) ইউৰোপীয় বনিজ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ

উত্তৰ:- ইউৰোপীয় বনিজ গোষ্ঠীৰ ভাৰত আগমনৰ কাৰণ হল – ইউৰোপত ভাৰত প্ৰচুৰ ধন – সম্পত্তিৰ দেশ হিচাপে জনাজাত আছিল । প্ৰাচীন কালৰ পৰাই পাশ্চাত্য জগতৰ লগত ভাৰতৰ বেহা – বেপাৰৰ সম্পৰ্ক আছিল । ভাৰতৰ মচলা, বস্ত্ৰ, ৰেছম, ধাতৱ দ্ৰব্য, সোণ, ৰূপ, মূল্যবান পাথৰ আদিৰ মধ্য যুগৰ ইউৰোপীয় বজাৰত যথেষ্ট চাহিদা আছিল ।

এইবোৰ সামগ্ৰী কিছু জলপথেৰে আৰু কিছু স্থল পথেৰে ইউৰোপ পাইছিলগৈ । পিছত ইউৰোপ আৰু প্ৰাচ্যৰ দেশ সমূহৰ মাজত থকা বেহা – বেপাৰৰ পথ তুৰ্কী সকলে বন্ধ কৰি দিয়াত ইউৰোপীয় বেপাৰী সকলে ভাৰত আৰু চীন দেশলৈ আহিবলৈ নতুন সাগৰীয় পথৰ সন্ধান কৰিবলগীয়া হৈছিল ।

কেইবছৰ মান পিছতেই ১৪৯৮ খ্ৰীষ্টাব্দত পৰ্তুগীজ নাবিক ভাস্কো – ডা – গামাই ভাৰতৰ লগত প্ৰত্যক্ষ বেহা – বেপাৰ পুনৰ প্ৰতিষ্ঠা কৰিবলৈ আহি কালিকট বন্দৰত পৰ্দাপন কৰে । সেই সময়ত কালিকট প্ৰাচ্যৰ বেহা – বেপাৰ এক মুখ্য বন্দৰ আছিল । বেহা – বেপাৰৰ এই প্ৰতিদ্বন্দ্বিতাই আন ইউৰোপীয় শক্তি সমূহকো ভাৰতলৈ আহিবলৈ উদ্ধুদ্ধ কৰিছিল ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

) বাণিজ্য বাদ বুলিলে কি বুজা ? বাণিজ্য বাদ আৰু উপনিবেশ বাদৰ মাজত সম্পৰ্ক কি ?

উত্তৰ:- বাণিজ্য বাদ ব্যৱস্থাই কোনো এখন দেশৰ ব্যৱসায়  বাণিজ্য বা অৰ্থনৈতিক কাৰ্য কলাপ চৰকাৰীভাৱে নিয়ন্ত্ৰণ কৰাকে বুজায় বাণিজ্যিক বাদত সাধাৰণতে বাণিজ্যৰ সকলো কাম  – কাজ চৰকাৰৰ দ্বাৰা নীতিনিয়ম কৰি চৰকাৰী কৰ্মচাৰী দ্বাৰা চলোৱা হয়

        প্ৰথম অৱস্থাত ইউৰোপৰ প্ৰধান দেশ বোৰে বিদেশৰ লগত বেহা – বেপাৰ কৰোঁতে সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছিল যদিও পিছলৈ এই গুৰুত্ব উপনিবেশ বাদলৈ পৰিবৰ্তন হয় । প্ৰথমতে প্ৰায়বোৰ দেশে ভাৰতৰ মূল্যবান  সা – সম্পদ আহৰণত আৰু কেঁচা সামগ্ৰী নিজ দেশলৈ ৰপ্তানি কৰি বাণিজ্য আৰম্ভ কৰিছিল।

তাৰ পিছতে নিজৰ ব্যৱসায়িক কাম – কাজৰ বাবে স্থায়ী ভাবে এডোখৰ ঠাই দখল কৰি নিগাজিকৈ এখন নগৰ বা চহৰ পাতি লৈ বা সুবিধা মতে এটা দুৰ্গ সাজি নিজৰ নিৰাপত্তা নিশ্চিত কৰাৰ ব্যৱস্থা কৰিছিল । এইদৰে বাণিজ্যিক দেশবোৰ একোখন উপনিবেশ পাতি বাস কৰিবলৈ আৰম্ভ কৰে । এইদৰে বাণিজ্যি বাদ আৰু উপনিবেশ বাদৰ সম্পৰ্ক ভাৰতত গঢ়ি উঠিছিল ।

) ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱনত ইউৰোপীয় বনিজসকলৰ প্ৰভাৱ

উত্তৰ:- ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰথম একমাত্ৰ উদ্দেশ্য আছিল ভাৰতত বেহা – বেপাৰ কৰি নানা উপায়ে লাভবান হোৱা । ব্ৰিটিছ কোম্পানী আন ইউৰোপীয়ান জাতিবোৰক আৰু দেশীয় বেপাৰীক চেৰ পেলাই ব্যৱসায়িক আৰু ৰাজনৈতিক ক্ষেত্ৰত গোটেই ভাৰততে আধিপত্য বিস্তাৰ কৰে ।

কোম্পানীৰ ব্যৱসায়ৰ উপৰি কোম্পানীৰ বিষয়া – কৰ্মচাৰী সকলেও নিজাববীয়াকৈ ব্যৱসায় চলাবলৈ ধৰে । ইয়াৰ ফলত স্থানীয় উদ্যোগবিলাক সংকটৰ সন্মুখীন হব লগা হৈছিল । কোম্পানীৰ চাকৰিয়াল সকলে স্থানীয় শিপিনীৰ পৰা জোৰ – জুলুমকৈ কম দামত সামগ্ৰীবোৰ কিনিছিল ।

কোম্পানীৰ ভাৰতীয় দালালৰ দ্বাৰা শিপিনী সকলৰ সামগ্ৰী তৈয়াৰ কৰিবলৈ দি অতি কম দামত বিক্ৰী কৰিবলৈ বাধ্য কৰিছিল । আন বিদেশী কোম্পানীক বেছি দামত বিক্ৰী কৰিব নোৱাৰিছিল । কিবা ব্যতিক্ৰম হলে কঠোৰ শাস্তিৰ সম্মুখীন হব লাগিছিল ।

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ দেৱানী লাভ কৰাৰ পিছত তেওঁলোকে নতুন ভূমি ৰাজহ ব্যৱস্থাৰ প্ৰবৰ্তন কৰিছিল । যেনে – চিৰস্থায়ী বন্দবস্ত, ৰায়তবাৰী ব্যৱস্থা, মহলদাৰী ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছিল । ইয়াৰ ফলত মাটি খাজনা অধিক পৰিমানে বৃদ্ধি পাইছিল ।

এই খাজনা সঘনে সলনি কৰিছিল । এই ব্যৱস্থাত জমিদাৰ, মহাজনৰ প্ৰতিপত্তি বেছি  হৈছিল । কৃষিৰ মাটি খাজনাৰ বাবদ খেতিয়কে মহাজনৰ পৰা টকা ধাৰ লবলৈ বাধ্য হৈছিল আৰু উচ্চ হাৰত সুত ভৰিছিল । ঋণ পৰিশোধ নকৰিলে মাটি বাজেয়াপ্ত কৰিছিল ।

গ্ৰাম্যাঞ্চলত ঋণ গ্ৰস্ততাৰ সংখ্যা বৃদ্ধি পাইছিল । ভাৰতৰ নিচিনা কৃষি প্ৰধান দেশত কৃষকৰ সংখ্যা সেই সময়ত প্ৰায় ৮০-৯০ শতাংশ আছিল । গতিকে দেশৰ সৰহ সংখ্যক প্ৰজাই দৰিদ্ৰ জীৱন – যাপন কৰিব লগা হৈছিল । সেই সময়ত দেশৰ প্ৰায় ৭০ শতাংশ লোকে দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন নিৰ্বাহ কৰিছিল ।

/ ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি পৰ্তুগীজ, ওলণ্ডাজ, ইংৰাজ আৰু ফৰাচী সকলৰ ব্যৱসায়িক ঘাটি বোৰ বহুওৱা

উত্তৰ:- ছাত্ৰ-ছাত্ৰীয়ে নিজে মানচিত্ৰৰ নক্সাখন অংকন কৰা।

/ ইংৰাজসকলে ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগ সমূহৰ এখন তালিকা প্ৰস্তুত কৰা

উত্তৰ:- ইংৰাজসকলে ভাৰতত প্ৰবেশ কৰাৰ পূৰ্বে ভাৰতত উপলব্ধ ভাৰতীয় কুটিৰ শিল্পৰ উদ্যোগ সমূহৰ হল

) মছলা উদ্যোগ

) বস্ত্ৰ উদ্যোগ

) ৰেচম উদ্যোগ

) ধাতৱ দ্ৰব্য উদ্যোগ

) সোণৰূপ , মূল্যবান পাথৰ উদ্যোগ আদি

/ ‘ ১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল ‘ – উক্তিটোৰ তাৎপৰ্য ব্যাখ্যা কৰা

উত্তৰ:- ‘ ১৭ শতিকাৰ শেষ আৰু ১৮ শতিকাৰ আৰম্ভণিৰ কালছোৱাত ভাৰতৰ ইতিহাসত এক দিক নিৰ্ণয়কাৰী ভূমিকা লৈছিল ‘ । এই সময়ছোৱাত দুটা দিশত ভাৰতবৰ্ষত গুৰুত্ব পূৰ্ণ পৰিবৰ্তনৰ সূচনা হৈছিল । তাৰে এটা হল ভাৰতত ৰাজনৈতিক মানচিত্ৰৰ পট পৰিবৰ্তন আৰু আনটো হল আর্থ – সামাজিক দিশৰ পৰিবৰ্তন ।

বাবৰে প্ৰতিষ্ঠা কৰা মোগল সম্ৰাজ্য ঔৰংজেৱৰ ৰাজত্ব কালত ভাঙোনৰ মুখে ধাবিত হৈছিল । তেওঁৰ কঠোৰ শাসন নীতিয়ে মাৰাঠা, শিখ আৰু জাঠ সকলক মোগলৰ শাসন ওফৰাই পুনৰ স্বাধীন হবৰ বাবে উৎসাহিত কৰিছিল । ১৭০৭ খ্ৰীষ্টাব্দত ঔৰংজেৱৰ মৃত্যুৰ পাছত মোগল ৰাজবংশৰ কোনো এজন সম্ৰাটে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উদ্ভৱ হোৱা বিদ্ৰোহ দমন কৰি মোগল সাম্ৰাজ্যক পুনৰ একত্ৰীকৰণ কৰিব পৰা নাছিল ।

ফলস্বৰূপে মোগল শাসনৰ দুৰ্বলতাৰ সুযোগ লৈ মোগলৰ শাসনাধীন বিভিন্ন স্থানত বহুতো সৰু সৰু স্বাধীন ৰাজ্যৰ উত্থান হয় । এই ৰাজনৈতিক অস্থিৰতাৰ সুযোগ লৈ ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত আধিপত্য স্থাপনৰ দিশে অগ্ৰসৰ হয় ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top