🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 8 Social Chapter 24 মৌলিক অধিকাৰ

Class 8 Social Chapter 24 মৌলিক অধিকাৰ answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 24 মৌলিক অধিকাৰ, SEBA Class 8 Social Science Question Answer and select needs one.

Class 8 Social Chapter 24 মৌলিক অধিকাৰ

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 24 মৌলিক অধিকাৰ Solutions for All Subject, You can practice these here.

মৌলিক অধিকাৰ

TEXTUAL QUESTION ANSWER

১। চমু উত্তৰ দিয়া—

(ক) মৌলিক অধিকাৰ বুলিলে কি বুজা?

উত্তৰঃ নাগৰিকসকলৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশ কৰিবলৈ সংবিধানে যিবিলাক অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহক মৌলিক অধিকাৰ বুলি কোৱা হয়।

(খ) কোন দেশত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল?

উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমে মৌলিক অধিকাৰৰ ধাৰণা জন্ম হৈছিল।

(গ) সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহৰ উল্লেখ আছে?

উত্তৰঃ সংবিধানৰ ১৮ নং অনুচ্ছেদৰ পৰা ৩৫ নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে।

(ঘ) ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো কোন চনত বিলোপ কৰা হয়?

উত্তৰঃ ভাৰতৰ সংবিধানৰ সম্পত্তিৰ অধিকাৰটো ১৯৭৮ চনত বিলোপ কৰা হয়।

(ঙ) কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়?

উত্তৰঃ ২০০৯ চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়।

২। খালী ঠাই পূৰ কৰা–

(ক) অস্পৃশ্যতা এক সামাজিক ব্যাধি।

(খ) ভাৰত এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ।

(গ) মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ।

(ঘ) মৌলিক অধিকাৰে নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে।

৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা—

(ক) দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে সকলো মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে/নোৱাৰে।

উত্তৰঃ নোৱাৰে।

(খ) মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ’লে ন্যায়ালয়ৰ ওচৰ চাপিব পাৰে/নোৱাৰে।

উত্তৰঃ পাৰে।

(গ) আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰপৰা বনুৱালৈকে সকলো সমান হয়/নহয়।

উত্তৰঃ হয়।

(ঘ) চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে/নোৱাৰে।

উত্তৰঃ পাৰে।

(ঙ) সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা-সংস্কৃতি ৰক্ষা কৰিব পাৰে/নোৱাৰে।

উত্তৰঃ পাৰে।

৪। সংবিধানত মৌলিক অধিকাৰসমূহ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা।

উত্তৰঃ সংবিধানত মৌলিক অধিকাৰ অন্তভুক্ত কৰাৰ কাৰণবোৰ হ’ল–

এইবোৰ অধিকাৰৰ অবিহনে নাগৰিকৰ ব্যক্তিত্ব বিকাশ সম্ভৱ নহয়। এই অধিকাৰবোৰৰ পৰা ৰাষ্ট্ৰ এখনৰ পৰিচয় পোৱা যায় মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্রত কোনো বৈষম্য নথকা বাবে সকলো শ্রেণীৰ লোকে জাতি-ধর্ম-বর্ণ নির্বিশেষে এই অধিকাৰসমূহ উপভোগ কৰিব পাৰে।

৫। শিক্ষকৰ সহায়ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক লৈ এই বিষয়টোৰ ওপৰত এখন তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা— “মৌলিক অধিকাৰ জনসাধাৰণৰ ৰক্ষা কৱচ”।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

৬। ‘শিগু শ্ৰমিক নিষিদ্ধকৰণ, মহিলাক সম অধিকাৰ প্ৰদান কৰা আৰু সমাজৰপৰা অন্ধবিশ্বাস দূৰ কৰা’—- এনেধৰণৰ সমস্যাসমূহৰ ওপৰত একোখন চুটি বাটৰ নাট লিখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰিবা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰা।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

1 thought on “Class 8 Social Chapter 24 মৌলিক অধিকাৰ”

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top