Class 8 Social পাঠ 21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

Class 8 Social পাঠ 21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – সমাধান and select needs one.

Class 8 Social পাঠ 21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – সমাধান

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 21 সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা – সমাধান Solutions for All Subject, You can practice these here…

সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা

পাঠ – ২১ ( সমাজ বিজ্ঞান )

Questions
 [show]

/ চমু উত্তৰ লিখা

() সংবিধান বুলিলে কি বুজা ?

উত্তৰ:- ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু তাৰ নাগৰিক সকলক ৰক্ষণাবেক্ষণ দিয়া আদিৰ কাৰণে কিছু নীতি – নিয়মৰ প্ৰয়োজন । এই নীতি – নিয়ম আৰু আইন – কাণুন লিখিত বা অলিখিত ৰূপত থাকে । ৰাষ্ট্ৰ পৰিচালনাৰ এই নীতি – নিয়ম বা আইন – কনুন সমূহকে সামগ্ৰিক ভাৱে সংবিধান বুলি কোৱা হয় ।

() সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে ?

উত্তৰ:- সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে ।

() নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় ?

উত্তৰ:- নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিষ্ঠিত হয় ।

() লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা

উত্তৰ:- লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হল –

১) আমেৰিকা যুক্তৰাষ্ট্ৰ ।

২) ভাৰতবৰ্ষ ।

৩) ফ্ৰান্স ।

২) চমু টোকা লিখা –

() আং ছান চ্যু কী

উত্তৰ:- আং ছান চ্যু কী ম্যানমাৰৰ এগৰাকী গণতান্ত্ৰিক শাসক প্ৰতিষ্ঠাৰ অক্লান্ত সমাজ কৰ্মী নেত্ৰী আছিল । তেওঁক ম্যানমাৰৰ সামৰিক শাসকে বহু বছৰ গৃহ বন্দী কৰি ৰাখিছিল । তেওঁক ১৯৯১ চনত শান্তিৰ  নবেল বঁটাৰে পুৰস্কৃত কৰা হৈছে ।

() নমনীয় সংবিধান

উত্তৰ:-  প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি । এনেধৰণৰ সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে ।

নমনীয় সংবিধানৰ বৈশিষ্ট –

১) সহজে সংশোধন কৰিব পৰাৰ ব্যৱস্থা আছে ।

২) নমনীয় সংবিধান লিখিত বা অলিখিত হব পাৰে ।

() অলিখিত সংবিধান

উত্তৰ:- পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধান ব্যৱস্থা আছে । এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে ইংলণ্ডত সংবিধান যাৰ কোনো কোনো অলিখিত ৰূপ নাই । এনে ধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয় । এই সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰে পৰা প্ৰচলিত হৈ থকা ৰীতি – নীতি সমূহৰ মাজতে সিঁচৰিত হৈ আছে বুলি কব পাৰি ।

অলিখিত সংবিধানৰ বৈশিষ্ট :-

১) বিভিন্ন সময়ত প্ৰচলিত প্ৰথা – পদ্ধতি, ৰীতি – নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান সৃষ্টি হৈছে ।

২) অলিখিত সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে ।

() ক্ষমতাৰ বিভাজন

উত্তৰ:- সকলো গণতান্ত্ৰিক চৰকাৰৰ শাসক ক্ষমতাৰ সাংবিধানিক বিভাজন আছে । যেনে –

১) বিধান মণ্ডলে আইন প্ৰণয়ন কৰে ।

২) কাৰ্য পালিকাই সেই আইন কাৰ্য কৰী কৰে আৰু

৩) ন্যায় পালিকাই আইনৰ বিচাৰ কৰে ।

আইন সঠিক মতে ব্যৱহাৰ নকৰিলে তাক ভংগ কৰা বুলি দোষীক শাস্তি প্ৰদান কৰিব পাৰে । এইদৰে সংবিধানে শাসক খো ক্ষমতাৰ বিভাজন কৰি দিয়ে ।

) শুদ্ধটো বাছি উলিওৱা

() ইংলণ্ডত সংবিধান লিখিত/ অলিখিত

উত্তৰ:- ইংলণ্ডত সংবিধান অলিখিত ।

() ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/ নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ

উত্তৰ:- ভাৰতবৰ্ষৰ সংবিধান অনমনীয় ।

() কাৰ্য পালিকাই/ বিধান মণ্ডলে/ ন্যায় পালিকাই দেশৰ আইন সমূহ প্ৰস্তুত কৰে

উত্তৰ:- বিধান মণ্ডলে দেশৰ আইন সমূহ প্ৰস্তুত কৰে ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

/ সংবিধান কেই প্ৰকাৰৰ আৰু কি কি ? ব্যাখ্যা কৰা

উত্তৰ:- সংবিধান চাৰি প্ৰকাৰৰ ।

১) লিখিত সংবিধান ।

২) অলিখিত সংবিধান ।

৩) নমনীয় সংবিধান ।

৪) অনমনীয় সংবিধান ।

) লিখিত সংবিধান :- যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয় পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে

লিখিত সংবিধানৰ বৈশিষ্ট :-

ক) লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট ।

খ) লিখিত সংবিধানৰ ৰচনা কাল আৰু ৰচনা কাৰী সমন্ধে অৱগত হব ।

লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম হল –

i) আমেৰিকা যুক্তৰাষ্ট্ৰ ।

ii) ভাৰতবৰ্ষ ।

iii) ফ্ৰান্স ।

২) অলিখিত সংবিধান :- পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধান ব্যৱস্থা আছে । এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে ইংলণ্ডত সংবিধান যাৰ কোনো কোনো অলিখিত ৰূপ নাই । এনে ধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয় । এই সংবিধান বিভিন্ন সময়ত প্ৰণয়ন কৰা আইন আৰু অতীতৰে পৰা প্ৰচলিত হৈ থকা ৰীতি – নীতি সমূহৰ মাজতে সিঁচৰিত হৈ আছে বুলি কব পাৰি ।

অলিখিত সংবিধানৰ বৈশিষ্ট :-

ক) বিভিন্ন সময়ত প্ৰচলিত প্ৰথা – পদ্ধতি, ৰীতি – নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধান সৃষ্টি হৈছে ।

খ) অলিখিত সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে ।

৩)নমনীয় সংবিধান :- প্ৰয়োজন সাপেক্ষে সাধাৰণ আইন প্ৰণয়নৰ দ্বাৰা সংবিধান সংশোধন কৰিব পাৰি । এনেধৰণৰ সহজতে সংশোধন কৰিব পৰা সংবিধানক নমনীয় সংবিধান বোলে ।

নমনীয় সংবিধানৰ বৈশিষ্ট

ক) সহজে সংশোধন কৰিব পৰাৰ ব্যৱস্থা আছে ।

খ) নমনীয় সংবিধান লিখিত বা অলিখিত হব পাৰে ।

৪)অনমণীয় সংবিধান :- কিছুমান সংবিধান সংশোধন কৰিবলৈ হলে বিশেষ পদ্ধতিৰ প্ৰয়োজন হয় । এই বিশেষ পদ্ধতিটো অতি জটিল আৰু সহজে কাৰ্যকৰী কৰিব নোৱাৰি । এনে ধৰণৰ সংবিধানক অনমণীয় সংবিধান বুলি কোৱা হয় । উদাহৰণস্বৰূপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনমণীয় সংবিধান ।

অনমণীয় সংবিধানৰ বৈশিষ্ট :-

ক) অনমণীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল ।

খ) অনমণীয় সংবিধান সদায় লিখিত ৰূপত থাকে ।

/ উত্তৰ লিখা

() লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য

উত্তৰ:- (i) যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বোলে আনহাতে যিবোৰ সংবিধান লিখিত ৰূপত নাথাকে তাকে অলিখিত সংবিধান বোলে ।

(ii) লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট আনহাতে অলিখিত সংবিধান অস্পষ্ট আৰু অনিৰ্দিষ্ট ।

() অনমণীয় সংবিধানৰ দুটা বৈশিষ্ট

উত্তৰ:- অনমণীয় সংবিধানৰ বৈশিষ্ট হল :-

ক) অনমণীয় সংবিধানৰ সংশোধন পদ্ধতি অতি জটিল ।

খ) অনমণীয় সংবিধান সদায় লিখিত ৰূপত থাকে ।

/ ‘ গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে ‘ – যুক্তিসহ আলোচনা কৰা

উত্তৰ:- গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজন আছে । কাৰণ :-

১) ৰাষ্ট্ৰ এখন বিভিন্ন সম্প্ৰদায়, জাতি – উপজাতি, ভাষা – সংস্কৃতিৰ মনোভাৱ আৰু চিন্তাধাৰাৰ জনসাধাৰণক সুকলমে পৰিচালনা কৰিবলৈ সংবিধানৰ প্ৰয়োজন আছে ।

২) গণতান্ত্ৰিক ৰাষ্ট্ৰত মানুহক মানুহে শাসন কৰাৰ পৰিবৰ্তে আইনৰ দ্বাৰাহে শাসন কৰা উচিত অৰ্থাৎ সংবিধানৰ দ্বাৰা শাসন কৰা প্ৰয়োজন ।

৩) দেশৰ নাগৰিক সকলৰ অধিকাৰ আৰু ব্যক্তি স্বাধীনতাৰ অধিকাৰৰ সুৰক্ষা সংবিধানেহে দিব পাৰে । আনহাতে নাগৰিকৰ ব্যক্তিত্ব বিকাশৰ সাংবিধানিক অধিকাৰেহে আনিব পাৰে । সেইকাৰণে সংবিধান অতি প্ৰয়োজন ।

৪) সংবিধানে চৰকাৰৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে । সংবিধান চৰকাৰৰ সকলো বিভাগৰে ক্ষমতা, কাৰ্যাৱলী নিৰ্ধাৰিত কৰি দিয়া থাকে । চৰকাৰে সংবিধান মতেহে দেশ শাসন কৰিব পাৰে ।

/ ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড এই ৰাষ্ট্ৰ কেইখনৰ সংবিধানৰ বৈশিষ্ট অনুসৰি তলত তালিকাত ভৰোৱা

নমনীয় , অনমণীয় , নমনীয় আৰু অনমনীয় সংমিশ্ৰণ

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

/ প্ৰকল্প

তোমালোকৰ অঞ্চলত থকা সংঘ বা অনুষ্ঠান সমূহৰ নাম সংগ্ৰহ কৰা সেই অনুষ্ঠানবোৰ কেনেদৰে পৰিচালিত হয় আৰু কি কি কাম কৰে ? শিক্ষক/ অভিভাৱক/ স্থানীয় সংঘৰ সদস্য সকলৰ লগত যোগাযোগ কৰি এটি টোকা প্ৰস্তুত কৰা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top