Class 8 Social পাঠ 19 আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা

Class 8 Social পাঠ 19 আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 19 আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা – সমাধান and select needs one.

Class 8 Social পাঠ 19 আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 19 আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা – সমাধান Solutions for All Subject, You can practice these here…

আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ ভূমিকা

পাঠ – ১৯ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ লিখা

() দেশৰ আৰ্থসামাজিক উন্নয়নৰ বাবে চৰকাৰে কি কৰে ?

উত্তৰ:- দেশৰ আৰ্থ – সামাজিক উন্নয়নৰ বাবে চৰকাৰ এখনে আৱশ্যক মতে বিভিন্ন প্ৰকাৰৰ কাৰ্য সূচী, আঁচনি আদি গ্ৰহণ কৰে আৰু তাক কাৰ্যকৰী কৰে । অৰ্থনৈতিক উন্নয়নৰ বাবে চৰকাৰে কৰিবলগীয়া যোগাযোগ, জলসিঞ্চন, খোৱাপানী, চিকিৎসালয়, বিদ্যালয়, অনাময়, বিজুলী যোগান, টেলিফোন আদি উল্লেখনীয় । এইবোৰ চৰকাৰে উৎপাদন বৃদ্ধি কৰে আৰু লগতে উন্নয়ন সাধন কৰে ।

() অৰ্থনৈতিক উন্নয়নৰ মূল উপাদান কেইটা মানৰ নাম উল্লেখ কৰা

উত্তৰ:- অৰ্থনৈতিক উন্নয়নৰ মূল উপাদান কেইটা মানৰ নাম হল –

১) যোগাযোগ ব্যৱস্থা:- ৰাস্তা – ঘাট, দলং, যাতায়াত, পৰিবহণ ব্যৱস্থা ।

২) সুস্বাস্থ্য ব্যৱস্থা:- চিকিৎসালয়, খোৱাপানী, অনাময় ।

৩) কৃষি ব্যৱস্থা:- জলসিঞ্চন, যোগান ব্যৱস্থা, বিজুলী যোগান ।

৪) শিক্ষা ব্যৱস্থা:- বিদ্যালয় গৃহ, স্কুল – কলেজৰ ব্যৱস্থা, বিনিম়য় ব্যৱস্থা আদিয়ে মূল উপাদান ।

(গ) বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠান কাক বোলে ?

উত্তৰ:- ঋণ প্ৰদান কৰাৰ উদ্দেশ্যে বা বিনিয়োগ কৰিবলৈ যিবিলাক প্ৰতিষ্ঠানে বিভিন্ন ব্যক্তি আৰু অন্য প্ৰতিষ্ঠানৰ পৰা মুদ্ৰা জমা ৰাখে বা ঋণ গ্ৰহণ কৰে তেনেবোৰ প্ৰতিষ্ঠানকে বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠান বোলে ।

() বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ দিয়া

উত্তৰ:- বেংকে কৰা দুটা উল্লেখযোগ্য কামৰ উদাহৰণ হল :-

১) বিভিন্ন ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা মুদ্ৰা জমা ৰাখে বা ঋণ গ্ৰহণ কৰে ।

২) ব্যক্তি বা প্ৰতিষ্ঠানক ঋণ প্ৰদান কৰে ।

() আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক কি নামেৰে জনা যায় ?

উত্তৰ:- আমাৰ দেশৰ কেন্দ্ৰীয় বেংকক ভাৰতীয় ৰিজাৰ্ভ বেংক বা ৰিজাৰ্ভ বেংক অব ইণ্ডিয়া নামেৰে জনা যায় ।

() নেডফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ কত বিক্ৰী কৰা হয় ?

উত্তৰ:- নেডফিৰ সাহায্যত উৎপাদিত সামগ্ৰীসমূহ গুৱাহাটীৰ আমবাৰীত থকা নেডফি হাটত বিক্ৰী কৰা হয় ।

/ বহলাই আলোচনা কৰা

() আৰ্থসামাজিক উন্নয়নত বাণিজ্যিক বেংক সমূহৰ অৱদান

উত্তৰ:- দেশৰ আৰ্থ – সামাজিক উন্নয়নৰ বাবে বিভিন্ন বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠান বোৰৰ ভিতৰত বেংক হৈছে আটাইতকৈ উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ অনুষ্ঠান । বেংকে নীতি – নিয়মৰ মাজেৰে সমাজৰ সকলো শ্ৰেণীৰ নাগৰিককে গ্ৰাহক হোৱাৰ সুবিধা প্ৰদান কৰে । বেংকৰ বিভিন্ন ধৰণৰ সঞ্চয় আঁচনি আছে ।

গ্ৰাহকৰ সঞ্চিত ধনৰ ওপৰত বেংকে সময়ে সময়ে সুত দিয়ে । গ্ৰাহকৰ সঞ্চিত ধন বেংকে আন গ্ৰাহকক সুতৰ বিনিময়ত ঋণ হিচাপে আগবঢ়ায় । এইদৰে বেংকে সঞ্চয়কাৰী আৰু বিনিয়োগ কাৰীৰ মাজত এক যোগসূত্ৰ গঢ়ি তোলে । বেংকৰ নীতি – নিয়ম সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য । গ্ৰাহকসকল বেংকৰ দ্বাৰা প্ৰতাৰিত নহয় ।

ইয়াৰ উপৰি বেংক ব্যৱস্থাই সম্পূৰ্ণ বিশ্বযোগ্যতাৰে মানুহক ঋণ প্ৰদান কৰি আৰ্থিক ভাৱে সচ্ছল আৰু কৰ্মক্ষম যোগ্য আৰু মহাজন আৰু সুতখোৰৰ পৰা মানুহক শোষণ মুক্ত হোৱাত সহায় কৰে । এইদৰে বেংকে সমাজত ব্যক্তি আৰু ৰাইজৰ স্বাৰ্থৰ আৰ্থ – সামাজিক উন্নয়নত যথেষ্ট অৱদান আগবঢ়াই আহিছে ।

() উত্তৰপূব ভাৰতৰ অৰ্থনৈতিক বিকাশত উত্তৰপূব পৰিষদ আৰু উত্তৰপূব উন্নয়ন বিত্তীয় নিগমৰ ভূমিকা

উত্তৰ:- উত্তৰ – পূব পৰিষদ :- অসম, অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ছিকিমক লৈ উত্তৰ – পূব ভাৰত গঠিত । প্ৰাকৃতিক সম্পদত ধনী হলেও ঔদ্যোগিক ক্ষেত্ৰত দেশৰ এই অঞ্চলটো এতিয়াও পিছপৰা । সেয়েহে উত্তৰ – পূব ভাৰতৰ আৰ্থিক দিশটো দেশৰ অন্যান্য অঞ্চলৰ তুলনাত যথেষ্ট দুৰ্বল ।

এই বৃহৎ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ লক্ষ্য আগত ৰাখি ভাৰত চৰকাৰে ১৯৭১ চনত উত্তৰ – পূব পৰিষদ নামৰ অনুষ্ঠানটো গঠন কৰে । ভাৰতৰ ৰাষ্ট্ৰপতিয়ে উত্তৰ – পূব ভাৰতৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপাল সকলৰ মাজৰ পৰা এজনক পৰিষদৰ অধ্যক্ষ হিচাপে মনোনীত কৰে ।

ইয়াৰ উপৰি ৰাষ্ট্ৰপতিৰ এজন কেন্দ্ৰীয় মন্ত্ৰীক এই পৰিষদৰ সভ্য হিচাপে মনোনীত কৰাৰ অধিকাৰ আছে । ইয়াৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত ।

উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম :- উত্তৰ – পূব ভাৰতৰ অন্তৰ্গত ৰাজ্যসমূহত বিত্তীয় সাহায্য আগবঢোৱাৰ নিমিত্তে ১৯৯৫ চনত উত্তৰ – পূব উন্নয়ন বিত্তীয় নিগম বা নিডফি নামৰ প্ৰতিষ্ঠানটো স্থাপন কৰা হৈছে ।

ইয়াৰ প্ৰধান কাৰ্যালয় গুৱাহাটীত অৱস্থিত । ক্ষুদ্ৰ উদ্যোগ, কুটিৰ উদ্যোগ, হস্ত – তাত আৰু বস্ত্ৰ উদ্যোগ, আত্মসহায়ক গোট আদিৰ উৎপাদিত বস্তু বিক্ৰীৰ বাবে এই নিগমে সা – সুবিধা আগবঢ়ায় । বিত্তীয় নিগমৰ সাহায্যত উৎপাদিত বস্তু সমূহ বিক্ৰী কৰিবলৈ গুৱাহাটীৰ আমবাৰীত নেডফিহাট নামৰ অনুষ্ঠান এটা আছে ।

বিত্তীয় নিগমে অঞ্চলটোৰ থলুৱা সম্পদ সমুহৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰিবেশ আৰু আন্তঃগাঁথনিৰ প্ৰকল্প সমূহ চিনাক্ত কৰণ আৰু প্ৰতিপালন কৰাত সহায় কৰে । বিত্তীয় নিগমৰ মুখ্য কাম হল অঞ্চলটোৰ সম্পদ সমুহ ব্যৱহাৰ কৰি উৎপাদনমুখী কামত সহযোগ কৰা আৰু জনসাধাৰণৰ অৰ্থনৈতিক উন্নতি সাধন কৰা ।

বিত্তীয় নিগমে উত্তৰ – পূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ক্ষুদ্ৰ বিত্তীয় আঁচনিৰ জৰিয়তে মহিলা সকলক স্বনিৰ্ভৰশীল কৰি গঢ়ি তুলিবৰ বাবে চেষ্টা চলাই আহিছে ।

() আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ

উত্তৰ:- আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ হল

১) আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়া ভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা ।

২) উন্নয়ন মূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা ।

৩) গোটৰ সদস্য সকলে সমূহীয়া ভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা ।

৪) গোটৰ সদস্য সকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা ।

৫) গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজকে নিজে সহায় কৰাৰ মানসিকতা গ্ৰহণ কৰা ।

৬) ঋণ দিয়া অনুষ্ঠানৰ লগত যোগাযোগ স্থাপন কৰা আৰু সমূহীয়া ঋণ পোৱাত সহায় কৰা আদি উল্লেখযোগ্য ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

/ চমু টোকা লিখা

() সমবায় বেংক

উত্তৰ:- সমবায় বেংকৰ প্ৰধান উদ্দেশ্য হৈছে কম সুদত দুখীয়া খেতিয়ক, শিপিনী, ক্ষুদ্ৰ উদ্যোগপতি আদিলৈ উৎপাদনমূলক কামৰ বাবে ঋণ যোগান ধৰা । আমাৰ দেশৰ শতকৰা প্ৰায় ৭০ জন মানুহ কৃষক । গাঁৱৰ মহাজন বিলাকৰ পৰা ঋণ লওঁতে খুব বেছি হাৰত সুদ দিবলগীয়া হয় ।

মহাজনৰ কবলৰ পৰা কৃষকক ৰক্ষা কৰিবলৈ আৰু কৃষকৰ মাজত মিতব্যয়িতা আৰু আত্মনিৰ্ভৰশীলতাৰ ভাব জগাই তুলিবলৈ গাঁৱতে কৃষি ঋণ সমবায় সমিতি পতা হয় । সমবায় বেংকে কৃষক সকলক হ্ৰস্বম্যাদী ঋণ আগবঢ়াই কৃষি ক্ষেত্ৰৰ উৎপাদন বৃদ্ধিত সহায় কৰে ।

দেশৰ আৰ্থিক উন্নয়নত সমবায় বেংকৰ অৱদান অন্যতম । ১৯০৪ চনত সমবায় সমিতি আইনখনকে ১৯১২ চনত সংশোধন কৰি পৰ্যায় ক্ৰমে ঋণ দান সমবায় সমিতি গঠনৰ ব্যৱস্থা কৰা হৈছে । এই সমবায় বেংক বোৰক তিনিটা ভাগত ভাগ কৰা হৈছে । সেই বোৰ হল –

১) গাঁও পৰ্যায়ত প্ৰাথমিক ঋণ দান সমবায় সমিতি ।

২) জিলা পৰ্যায়ত কেন্দ্ৰীয় সমবায় বেংক ।

৩) ৰাজ্যিক পৰ্যায়ত এপেক্স সমবায় বেংক ।

() নাবাৰ্ড

উত্তৰ:- ভাৰত চৰকাৰে গ্ৰাম্যাঞ্চলৰ অৰ্থনৈতিক উন্নয়নৰ বাবে ১৯৮২ চনত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰাম্য উন্নয়ন বেংক ( National Agricultural Bank of Rural Development চমুকৈ NABARD ) নামৰ এটি বিত্তীয় প্ৰতিষ্ঠান স্থাপন কৰে ।

এই বেংকটো প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য হল গ্ৰাম্যাঞ্চলত কৃষি আৰু অন্যান্য উন্নয়ন মূলক কামৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা কৰা । নাবাৰ্ডে গাঁৱৰ কৃষি উদ্যোগ, কুটীৰ আৰু ক্ষুদ্ৰ উদ্যোগ আদিৰ উন্নয়ন মূলক কামৰ বাবে ঋণৰ যোগান ধৰাটো মুখ্য কাম ।

ইয়াৰ উপৰি নাবাৰ্ডে ৰাজ্যিক সমবায় বেংক, গাঁৱলীয়া বেংকক আৰু আন বাণিজ্যিক বেংক সমূহলৈ পুনৰ বিত্তীয় সুবিধা আগবঢ়ায় । গ্ৰাম্য উন্নয়নৰ সকলো প্ৰকাৰৰ ঋণ সম্পৰ্কীয় নীতি নিৰ্ধাৰণ কৰাও নাবাৰ্ডৰ এটা কাম । নাবাৰ্ডৰ প্ৰধান কাৰ্যালয় মুম্বাইত আছে ।

ইয়াৰ মুঠতে ১৬ টা আঞ্চলিক শাখা কাৰ্যালয় আছে । গ্ৰামীণ ঋণ সৰবসাহৰ বাবে নাবাৰ্ডে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি হিচাপে কাম কৰে ।

() কেন্দ্ৰীয় বেংক

উত্তৰ:- এখন দেশৰ সমগ্ৰ বেংক ব্যৱস্থাটোৰ মুৰব্বী বা শীৰ্ষ স্থানীয় বেংকটোৱেই হল কেন্দ্ৰীয় বেংক । ৰিজাৰ্ভ বেংকেই হৈছে আমাৰ দেশৰ কেন্দ্ৰীয় বেংক । ১৯৩৫ চনত এই বেংক স্থাপন কৰা হয় । আমি ব্যৱহাৰ কৰা কাগজী মুদ্ৰা ছপা কৰাৰ একচেটিয়া অধিকাৰ কেন্দ্ৰীয় বেংকৰহে থাকে ।

কেন্দ্ৰীয় বেংকৰ বাহিৰে আন কোনো বেংকে কাগজী মুদ্ৰা ছপাব নোৱাৰে । এই বেংকে মুদ্ৰাৰ আভ্যন্তৰীণ মূল, ক্ৰয় ক্ষমতা আৰু মুদ্ৰাৰ বৈদেশিক মূল্য বা বিনিময় হাৰ স্থিৰ ৰাখে । এই বেংকে বিদেশী কেন্দ্ৰীয় বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ সৈতে আদান – প্ৰদান পৰিচালনা কৰে । কেন্দ্ৰীয় বেংক দেশৰ সৰ্বোচ্চ আৰু শীৰ্ষতম বিত্তীয় প্ৰতিষ্ঠান । কেন্দ্ৰীয় বেংক হল বেংক সমূহৰ বেংক ।

আনবোৰ বেংকৰ হিচাপ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে । ভাৰতীয় ষ্টেট বেংক সমূহে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজেণ্ট হিচাবে কাম কৰে । থোৰতে কবলৈ হলে ৰিজাৰ্ভ বেংকে চৰকাৰৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে । কেন্দ্ৰীয় বেংকে অৰ্থ – ব্যৱস্থাৰ তথ্য পাতিৰ প্ৰতিবেদন দাখিল কৰে ।

() আত্মসহায়ক গোট

উত্তৰ:- আত্মসহায়ক গোট হৈছে একে ঠাইৰে স্ব – ইচ্ছাই গোট খোৱা জনসাধাৰণৰ এটা থুপ বা গোট যি সকল আৰ্থিকভাৱে সচ্ছল নহয় । সাধাৰণতে ১০ ৰ পৰা ২০ জন সদস্যক লৈ এনে ধৰণৰ গোট গঠন কৰিব পাৰি । এই গোটৰ মূল লক্ষ্য হৈছে গোটৰ সদস্য সকলৰ দৰিদ্ৰতা দূৰীকৰণৰ অৰ্থে সমূহীয়া উদ্দেশ্য আগত লৈ একগোট হৈ কাম কৰাৰ প্ৰয়াস ।

আৰ্থিক ভাৱে পিছপৰা আৰু কর্মসংস্থান নোহোৱা শ্ৰেণীৰ লোকে এইধৰণৰ গোট গঠন কৰি বেংক, নেডফি আদি বিত্তীয় অনুষ্ঠানৰ পৰা ঋণ লাভ কৰে । আত্মসহায়ক গোটে কর্মসংস্থান হীন যুৱক – যুৱতী সকলক বিভিন্ন ধৰণৰ উপাৰ্জনৰ পথ উলিয়াই দিয়াত সহায় কৰে ।

তদুপৰি এই গোটৰ জৰিয়তে গাঁও অঞ্চলৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে হাঁহ – কুকুৰা পালন, কাপোৰ বোৱা, চলাই কৰা, ফুলৰ খেতি কৰা আদি আঁচনি গ্ৰহণ কৰি স্বনিয়োজনৰ পথ মুকলি কৰি লব পাৰে । আত্মসহায়ক গোট গঠনৰ লক্ষ্য আৰু উদ্দেশ্য সমূহ হল –

১) আত্মসহায়ক গোট গঠনৰ জৰিয়তে সমূহীয়া ভাৱে কাম কৰাৰ শক্তি আৰু উদ্যম সৃষ্টি কৰা ।

২) উন্নয়ন মূলক আঁচনিৰ জৰিয়তে বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ গ্ৰহণৰ সুবিধা লোৱা ।

৩) গোটৰ সদস্য সকলে সমূহীয়া ভাৱে অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰা ।

৪) গোটৰ সদস্য সকলৰ মাজত সঞ্চয়ৰ অভ্যাস গঢ়ি তোলা ।

৫) গ্ৰাম্য জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি নিজকে নিজে সহায় কৰাৰ মানসিকতা গ্ৰহণ কৰা ।

/ শুদ্ধ/ অশুদ্ধ নিৰ্নয় কৰা

() বৰ্ধিত জনমূৰি আয়ে দেশৰ উন্নয়নত অন্তৰায়ৰ সৃষ্টি কৰে

উত্তৰ:- অশুদ্ধ ।

() ঔদ্যোগিক আৰু বিনিয়োগ বেংকে উদ্যোগ খণ্ডলৈ দীৰ্ঘকালীন ঋণ আগবঢ়ায়

উত্তৰ:- শুদ্ধ ।

() আত্মসহায়ক গোটে কেন্দ্ৰীয় বেংকত চেভিং বেংক একাউণ্ট খুলিব লাগে

উত্তৰ:- অশুদ্ধ ।

() নেডফিৰ মুখ্য কাৰ্যালয় শ্বিলঙত অৱস্থিত

উত্তৰ:- অশুদ্ধ ।

() আৰ্থিকভাৱে সচ্ছল লোকসকলে আত্মসহায়ক গোটৰ সদস্য হব পাৰে

উত্তৰ:- অশুদ্ধ ।

/ প্ৰকল্প

() তোমাৰ ওচৰত থকা যিকোনো এটা বেংকলৈ গৈ তাত ১৮ বছৰৰ অনুৰ্ধ্ব লোকৰ বাবে একাউণ্ট খুলিবলৈ কি নিয়ম পালন কৰিব লাগে ভালদৰে জানি লোৱা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

() তোমাৰ অঞ্চলৰ কোনো এটা আত্মসহায়ক গোটলৈ গৈ তেওঁলোকৰ কাৰ্যকলাপ মন কৰা আৰু গোট টোৰ বাৰ্ষিক কামকাজ, সঞ্চয়, লাভালাভ আদিৰ ওপৰত এটা বিৱৰণী লিখা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top