Class 8 Social Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Class 8 Social Science Question Answer Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Science History Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন Class 8 History and select needs one.

Class 8 Social Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন

Join Telegram channel

Table of Contents

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given History Class 8 Social Science Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন for All Subject, You can practice these here.

বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন


পাঠ – ৪ ( সমাজ বিজ্ঞান )

১/ উত্তৰ লিখা –

(ক) বসতিক কেই ভাগত ভাগ কৰা হয় ?
উত্তৰ:-
বসতিক দুটা ভাগত ভাগ কৰা হয় । গ্ৰাম্য বসতি আৰু নগৰীয়া বসতি ।

(খ) গ্ৰামাঞ্চলৰ কিমান শতাংশ লোক কৃষিকাৰ্যৰ লগত জড়িত ?
উত্তৰ:-
গ্ৰামাঞ্চলৰ প্ৰায় ৭৫ শতাংশ তকৈও অধিক লোক কৃষিকাৰ্যৰ লগত জড়িত ।

(গ) নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ কি কাৰ্যৰ লগত জড়িত ?
উত্তৰ:-
নগৰৰ কেন্দ্ৰীয় অঞ্চলটো ঘাইকৈ ব্যৱসায় – বাণিজ্যৰ লগত জড়িত ।

(ঘ) উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰ সমূহক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে ?
উত্তৰ:-
উৎপত্তি কালৰ ভিত্তিত ভাৰতবৰ্ষৰ নগৰ সমূহক তিনিটা শ্ৰেণীত ভাগ কৰা হৈছে । প্ৰাচীন নগৰ, মধ্য যুগৰ নগৰ আৰু আধুনিক যুগৰ নগৰ ।

(ঙ) লোকপিয়ল বিভাগে নিদিৰ্ষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা কিমান হব লাগে ?
উত্তৰ:-
লোকপিয়ল বিভাগে নিদিৰ্ষ্ট কৰি দিয়া মতে ভাৰতবৰ্ষৰ নগৰ এখনৰ প্ৰাৰম্ভিক জনসংখ্যা ৫৫০০ জন হব লাগে ।

(চ) অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰ খনৰ নাম কি ?
উত্তৰ:-
অসমৰ একমাত্ৰ পৌৰনিগম পৰিচালিত মহানগৰ খনৰ নাম হল গুৱাহাটী ।

২/ শুদ্ধ/অশুদ্ধ লিখা –

(ক) নগৰীয়া বসতি তকৈ গ্ৰাম্য বসতি ত জনসংখ্যাৰ ঘনত্ব অধিক ।
উত্তৰ:-
অশুদ্ধ ।

(খ) গ্ৰাম্য বসতিৰ অধিক সংখ্যক লোক চাকৰিৰ লগত জড়িত ।
উত্তৰ:-
অশুদ্ধ ।

(গ) নতুন দিল্লী এখন প্ৰশাসনিক নগৰ ।
উত্তৰ:-
শুদ্ধ

(ঘ) আগ্ৰা এখন নদীৰ পাৰত অৱস্থিত নগৰ ।
উত্তৰ:-
শুদ্ধ ।

(ঙ) শিলচৰ বৰাক নদীৰ পাৰত অৱস্থিত ।
উত্তৰ:
– শুদ্ধ ।

৩/ চমু উত্তৰ লিখা –

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

(ক) গ্ৰাম্য অঞ্চলৰ বৃত্তি :

উত্তৰ:- গ্ৰাম্য অঞ্চলৰ প্ৰধান বৃত্তি হল কৃষি । গ্ৰাম্য বসতি অঞ্চলৰ প্ৰায় ৭৫ শতাংশ তকৈও অধিক লোক কৃষি কাৰ্যৰ লগত জড়িত। আমাৰ অসমৰ গ্ৰামাঞ্চলৰ মানুহে ধান, মৰাপাট, তিল, মাহ আৰু বিভিন্ন শাক – পাচলিৰ খেতি কৰে ।

খেতি – বাতিৰ উপৰিও গাঁৱৰ মানুহে মাছ মৰা, মাটিৰ বাচন তৈয়াৰ কৰা, জীৱ – জন্তু পুহা, সৰু ব্যৱসায় কৰা আৰু চাকৰি আদিৰ সহায়ত জীৱন নিৰ্বাহ কৰে ।

(খ) নগৰীয়া বসতিৰ সা – সুবিধা :

উত্তৰ:- নগৰত যাতায়াতৰ বাবে ৰাস্তা – ঘাট বৰ পৰিপাটি, অহল – বহল, ওখ আৰু পকী কৰা । নলা – নৰ্দমাৰ ব্যৱস্থাও পৰিপটি । নগৰৰ যাতায়াত – পৰিবহণ ব্যৱস্থা বৰ সুবিধা জনক, বিভিন্ন ধৰণৰ যানবাহন চলাচল কৰে ।

ছাত্ৰ – ছাত্ৰীৰ পঢা শুনা, শিক্ষা – দীক্ষা নানা ধৰণৰ শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আছে । চিকিৎসা ব্যৱস্থাৰ বাবে বিভিন্ন হাস্পতাল আছে । শিক্ষিত অশিক্ষিত সকলো ধৰণৰ নিবনুৱা লোকে নগৰত কৰ্মসংস্থান পোৱাৰ বাবে নিয়োগৰ ব্যৱস্থা কৰিব পাৰে ।

(গ) নগৰত বসতি ঘন হোৱাৰ কাৰণ কি ?

উত্তৰ:- নগৰত সকলো ধৰণৰ সুবিধা হোৱাৰ কাৰণে নগৰত বসতি ঘন । যেনে – নগৰত ৰাস্তা ঘাট সুচল, যানবাহনত চলাচলৰ সুবিধা, ব্যৱসায় – বাণিজ্যৰ সুবিধা, কৰ্মসংস্থানৰ সুবিধা, চিকিৎসা, কল – কাৰখানা, শিক্ষানুষ্ঠান, মহাবিদ্যালয়, বিশ্ব বিদ্যালয় আদিৰ সুবিধা হোৱাৰ কাৰণে নগৰত বসতি ঘন ।

(ঘ) মেগাল ‘ পলিছ কাক বোলে ?

উত্তৰ:- একোখন মহানগৰনক কেন্দ্ৰ কৰি তাৰ উপকণ্ঠ অঞ্চলৰ চাৰিওফালে ভালেমান সৰু – বৰ নগৰ – চহৰ লগ হৈ একোটা নগৰপুঞ্জৰ সৃষ্টি হয় । এনে নগৰপুঞ্জক মেগাল ‘ পলিছ বোলে ।

৪/ নগৰৰ সুবিধা আৰু সমস্যা সম্পৰ্কত দুখন সুকীয়া তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- নগৰৰ সুবিধাবোৰ হল :-
(i) নগৰত ব্যৱসায় – বাণিজ্যৰ বাবে সুবিধা ।
(ii) নগৰত ৰাস্তা – ঘাট, আলিবাটৰ বাবে সুবিধা ।
(iii) নগৰত যাতায়াত পৰিবহৰ বাবে সুবিধা ।
(iv) নগৰত উচ্চ উন্নত শিক্ষা – দীক্ষা ৰ বাবে সুবিধা ।
(v) নগৰত চিকিৎসা ব্যৱস্থাৰ বাবে সুবিধা ।
(vi) নগৰত নিবনুৱা সকলৰ বাবে আত্ম সংস্থাপনৰ সুবিধা আছে ।

নগৰৰ সমস্যাবোৰ :- নগৰ এখনত নানা সমস্যা দেখা দিয়ে । জনসাধাৰনৰ বাবে বিশুদ্ধ খোৱা পানী যোগান ধৰা ব্যৱস্থাটো নগৰ সমূহত পৰ্যাপ্ত নহয় । খোৱা পানীৰ ক্ষেত্ৰত নগৰৰ মানুহে হাহাকাৰ কৰিবলগীয়া হয়। নগৰসমূহত উদ্যোগ আৰু গাড়ী – মটৰৰ পৰা নিৰ্গত হোৱা ধোঁৱা আৰু অত্যাধিক শব্দই জনজীৱনক অতিষ্ঠ কৰি তোলে ।

ব্যৱসায় – বাণিজ্যৰ কেন্দ্ৰস্বৰপ হোৱাৰ বাবে নগৰ সমূহত নানা ৰকমৰ আৱৰ্জনা সৃষ্টি হয় আৰু নগৰৰ পৰিবেশ দূষিত হৈ পৰে । নগৰৰ একাংশ বাসিন্দাই নগৰত থকা নদ – নদী, নলা – নৰ্দমা আদিত জাবৰ পেলোৱাৰ ফলত এইবোৰৰ স্বাভাৱিক ৰূপ আৰু ক্ৰিয়া ব্যাহত হৈছে ।

৫/ ভূ – চিত্ৰাবলী চাই অসমৰ দহখন নগৰৰ নাম লিখা আৰু সেইবোৰ কোন কোন জিলাত অৱস্থিত উল্লেখ কৰা ।

উত্তৰ:- অসমৰ দহখন নগৰ আৰু জিলাৰ নাম হল:-
(১) গুৱাহাটী – কামৰূপ
(২) ডিব্ৰুগড় – ডিব্ৰুগড়
(৩) শিৱসাগৰ – শিৱসাগৰ
(৪) লখিমপুৰ – উত্তৰ লখিপুৰ
(৫) তিনিচুকীয়া – তিনিচুকীয়া
(৬) নগাঁও – নগাঁও
(৭) ধুবুৰী – ধুবুৰী
(৮) ডিফু – ডিফু
(৯) যোৰহাট – যোৰহাট
(১০) বৰপেটা – বৰপেটা ।

2 thoughts on “Class 8 Social Chapter 4 বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top