Class 8 Social Chapter 10 মধ্য যুগৰ অসম

Class 8 Social Chapter 10 মধ্য যুগৰ অসম The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 10 মধ্য যুগৰ অসম, SEBA Class 8 Social Science Question Answer Chapter 10, মধ্য যুগৰ অসম Class 8 and select needs one.

Class 8 Social Chapter 10 মধ্য যুগৰ অসম

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 10 মধ্য যুগৰ অসম Solutions for All Subject, You can practice these here.

      মধ্য যুগৰ অসম

     পাঠ – ১০ ( সমাজ বিজ্ঞান )

/ উত্তৰ লিখা

() কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল ?

উত্তৰ:- ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল

() চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন কোন কোন আছিল ?

উত্তৰ:- চুকাফা অসমলৈ আহোতে লগত অনা মন্ত্ৰী দুজন হল বুঢ়াগোহাঁই আৰু বৰগোহাঁই

() মূলাগাভৰু কোন আছিল ?

উত্তৰ:-মূলাগাভৰু ফ্ৰাচেংমুং বৰগোহাঁইৰ পত্নী আছিল

() কিমান খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে ?

উত্তৰ:- ১৬৮২ খ্ৰীষ্টাব্দত গদাধৰ সিংহ আহোম সিংহাসনত বহে

() কোচ ৰজা নৰনাৰায়নে কিমান খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰ:- কোচ ৰজা নৰনাৰায়নে ১৫৬২ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰিছিল

() চুটিয়া সকলৰ শ্ৰেষ্ঠ ৰজা কোন ?

উত্তৰ:- চুটিয়া সকলৰ শ্ৰেষ্ঠ ৰজা হল বীৰপাল

/ ক্ৰমানুসাৰে সজোৱা

() ইয়াণ্ডাবু সন্ধি

() হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ

() শৰাইঘাটৰ যুদ্ধ

() মিৰজুমলাৰ অসম আক্ৰমণ

() স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন

() ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ

উত্তৰ:- () স্বৰ্গদেউ চুকাফাৰ চৰাইদেউত ৰাজধানী স্থাপন

() ইখতিয়াৰ উদ্দিন মালিক উজবেগ তুঘ্ৰিল খাঁৰ কামৰূপ আক্ৰমণ

() হুছেইন শ্বাহৰ কামৰূপ কমতা আক্ৰমণ

() মিৰজুমলাৰ অসম আক্ৰমণ

() শৰাইঘাটৰ যুদ্ধ

() ইয়াণ্ডাবু সন্ধি

/ শুদ্ধ / অশুদ্ধ বিচাৰ কৰা

() আহোমসকল অসমলৈ অহাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱা অসম বুৰঞ্জীৰ মধ্যযুগ

উত্তৰ:- শুদ্ধ

() চুডাংফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোম স্বৰ্গদেউসকলে হিন্দু নাম গ্ৰহণ কৰে

উত্তৰ:- শুদ্ধ

() মিৰজুমলাৰ অসম আক্ৰমনৰ সময়ত লেখক চিহাবুদ্দিন তালিচ অসমলৈ আহিছিল

উত্তৰ:- শুদ্ধ

() কছাৰী ৰজা গোবিন্দচন্দ্ৰৰ দিনত কছাৰী ৰাজ্য বৃটিছৰ অধীনস্থ হয়

উত্তৰ:- অশুদ্ধ

() চুটিয়াসকল বৈষ্ণৱ ধৰ্মী আছিল

উত্তৰ:- অশুদ্ধ

() কামৰূপ আক্ৰমণৰ সময়ত তুৰ্কীআফগান সকলক ভূঞা সকলে সহায় কৰিছিল

উত্তৰ:- শুদ্ধ

/ খালী ঠাই পূৰোৱা

() আহোম সকলে অসমলৈ অহাৰ পিছৰে পৰা কামৰূপ ৰাজ্যখন ………………… নামেৰে পৰিচিত হয়

উত্তৰ:- অসম

() আহোমসকলে ………………. নামৰ দেৱতাক পূজা সেৱা কৰিছিল

উত্তৰ:- চোমদেউ

() ……………. স্বৰ্গদেউ চুহুংমুং বা দিহিঙ্গীয়া ৰজাৰ হিন্দু নাম

উত্তৰ:- চতুৰ্দশ

() সন্ধ্যাই কামৰূপৰ ৰাজধানী উত্তৰ গুৱাহাটীৰ পৰা ………………. লৈ স্থানান্তৰিত কৰে

উত্তৰ:- কমতাপুৰ ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

() ………………… চুটিয়া সকলৰ আটাইতকৈ শক্তিশালী ৰজা আছিল

উত্তৰ:- ৰত্নধ্বজপাল

() ………………… শব্দৰ অৰ্থ হল মাটিৰ মালিক

উত্তৰ:- ভূঞা

/  ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা

() কেতিয়া, কোনে আৰু কেনেকৈ অসমত আহোম ৰাজ্য স্থাপন কৰিছিল ?

উত্তৰ:-  চুকাফা নামৰ কোঁৱৰ এজনে ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম ৰাজ্য স্থাপন কৰিছিল । আজিৰ পৰা প্ৰায় ৭৯০ বছৰ আগেয়ে মাওলুং ৰাজ্যৰ পৰা মুংকং হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফাই অসমত প্ৰবেশ কৰে । ১২২৮ খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰজধানী স্থাপন কৰে ।

এই সময়ছোৱাত চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সম্মুখীন হব লগা হৈছিল । চুকাফাই এই লোকসকলক কৌশলেৰে বশ কৰি নিজৰ অধীনস্থ কৰিছিল ।

সেই সময়ত দিখৌ আৰু দিচাং নৈৰ মাজৰ ঠাইখিনি মৰাণ আৰু বৰাহী নামৰ দুটা জনজাতিৰ অধীনত আছিল । মৰাণ আৰু বৰাহী সকলক চুকাফাই নিজৰ অধীনস্থ কৰি তেওঁলোকক তিৰোতাৰ পানি গ্ৰহণ কৰিছিল ।

() শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ? ইয়াৰ ফলাফল কি হল ?

উত্তৰ:- শৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত হৈছিল

জয়ধ্বজ সিংহৰ পৰবৰ্তী ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই মোগলক কৰ দিবলৈ অমান্তি হোৱাক লৈ আকৌ আহোম – মোগলৰ সংঘৰ্ষ হয় । মোগল সম্ৰাট ঔৰংজেবে ৰামসিংহক অসম আক্ৰমণ কৰিবলৈ পঠিয়ায় ।

বীৰ লাচিত বৰফুকনৰ নেতৃত্বত আহোমে সেনাই ১৬৭১ খ্ৰীষ্টাব্দৰ শৰাইঘাটৰ যুদ্ধত অসীম পৰাক্ৰমেৰে যুঁজি ৰামসিংহক পৰাস্ত কৰি অসমৰ যশ, মান, গৌৰৱ উদ্ধাৰ কৰিছিল ।

() বীৰ চিলাৰায় কোন আছিল ? তেওঁ কি কি ৰাজ্য জয় কৰিছিল ?

উত্তৰ:- বীৰ চিলাৰায় আছিল নৰনাৰায়ণৰ সুদক্ষ সেনাপতি  

তেওঁ মণিপুৰ, জয়ন্তীয়া, ত্ৰিপুৰা, খৈৰাম, ডিমৰুৱা, শ্ৰীহট্ট আদি ৰাজ্য জয় কৰিছিল

() বাৰভূঞা সকল কোন ?

উত্তৰ:- ভূঞা শব্দৰ অৰ্থ হল মাটিৰ মালিক অসমৰ ভূঞা সকলক বাৰভূঞা নামে জনা যায় অসমৰ ভূঞা সকল হৈছে কায়স্থ, দৈবজ্ঞ আৰু  ব্ৰাহ্মন ভূঞা সিহঁতক বাৰভূঞা বোলে

() কছাৰীসকল কোন ?

উত্তৰ:- কছাৰীসকল অসমৰ অতি পুৰণি অধিবাসীৰ লোক আছিল । চুটিয়া, কোচ, ত্ৰিপুৰী, শৰণীয়া, গাৰো, ৰাভা, লালুং, ডিমাচা আদি জনগোষ্ঠী সকল কছাৰী জাতিৰ অন্তৰ্ভুক্ত আছিল ।

3 thoughts on “Class 8 Social Chapter 10 মধ্য যুগৰ অসম”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top