Class 8 Social Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

Class 8 Social Science Question Answer Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ – সমাধান and select needs one.

Class 8 Social Science Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ for All Subject, You can practice these here.

      ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ

        পাঠ – ৮ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ দিয়া

() স্কেল বা মাপনী বুলিলে কি বুজা ?

উত্তৰ:- যিটো অনুপাতত পৃথিৱীৰ উপৰিভাগৰ বিভিন্ন ঠাইৰ মাজৰ প্ৰকৃত দূৰত্বক কম কৰি লোৱা হয় তাকেই মানচিত্ৰ বিদ্যাত স্কেল বা মাপনী বুলি কোৱা হয়

() ভৌগোলিকা তথ্য ব্যৱস্থা বুলিলে কি বুজা ?

উত্তৰ:- যিটো ব্যৱস্থাই তথ্য সংগ্ৰহ, পৰীক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাক ভৌগোলিকা তথ্য ব্যৱস্থা বুলি কোৱা হয়

২/ শুদ্ধ উত্তৰটোত (✓ ) চিন দিয়া –

() দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল

(i) ইৰাট’স্থেনিচে

(ii) টলেমিয়ে

(iii) কাৰ্ল ৰিটাৰে ।

উত্তৰ:- (ii) টলেমিয়ে

() /১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হল

(i) নিৰূপক ভগ্নাংশ

(ii) ৰৈখিক স্কেল

(iii) ভাষাৰ স্কেল ।

উত্তৰ:- (i) নিৰূপক ভগ্নাংশ

() আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে

(i) মিছৰত

(ii) মেছ’প’টেমিয়াত

(iii) চীনত ।

উত্তৰ:- (ii) মেছ’প’টেমিয়াত ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

/ বহলাই লিখা

মানচিত্ৰ অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা ?

উত্তৰ:- আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে মেছোপটেমিয়াত । এই মানচিত্ৰ টেৰাকোটা ফলকত অংকিত কৰা হৈছিল । মিছৰতো এনে ধৰণৰ মানচিত্ৰ প্ৰস্তুত কৰা হৈছিল। তেওঁলোকে নীল নদীৰ বানাক্ৰান্ত অঞ্চলৰ মানচিত্ৰ অংকন কৰিছিল । খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে।

তেওঁলোকে পাটৰ কাপোৰত পৰ্বত – পাহাৰ, নদ – নদী, ৰাস্তা – ঘাট আদি দেখুৱাই মানচিত্ৰ অংকন কৰিছিল । প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল । ভাৰতত খ্ৰীষ্টপূৰ্ব ২৫০০ চনৰ পৰাই মানচিত্ৰ তৈয়াৰ কৰাৰ প্ৰমাণ পোৱা যায় ।

ভাৰতৰ ৰজা – মহাৰজা সকলে তেওঁলোকৰ ৰাজ্যৰ সীমা দেখুৱাবলৈ মানচিত্ৰ তৈয়াৰ কৰিছিল । আমাৰ দেশত প্ৰথমতে ইংৰাজসকলে মানচিত্ৰ প্ৰস্তুতকৰণত বিজ্ঞানসন্মত কৌশলৰ সূচনা কৰে । তেওঁলোকেই ১৭৬৭ চনত চাৰ্ভে অব ইণ্ডিয়া নামৰ প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰিছিল ।

১৯ শতিকাৰ আৰম্ভণিতে চাৰ্ভেয়ৰ জেনেৰেল উইলিয়াম লেমটনে মানচিত্ৰ অংকনত বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিছিল । সম্প্ৰতি দূৰসংবেদন প্ৰযুক্তি আৰু কম্পিউটাৰ ব্যৱহাৰ কৰি অতি নিখুত মানচিত্ৰ তৈয়াৰ কৰাটো সম্ভৱ হৈ উঠিছে

1 thought on “Class 8 Social Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top