Class 8 Social Chapter 7 অসমৰ নদ – নদী – সমাধান

Class 8 Social Science Question Answer Chapter 7 অসমৰ নদ – নদী The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social Chapter 7 অসমৰ নদ – নদী and select needs one.

Class 8 Social Science Chapter 7 অসমৰ নদ – নদী

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social Chapter 7 অসমৰ নদ – নদী for All Subject, You can practice these here…

        অসমৰ নদনদী

          পাঠ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ দিয়া

() ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম কি ?

উত্তৰ:- ব্ৰহ্মপুত্ৰ নৈৰ উৎসৰ হিমবাহটোৰ নাম হলতিব্বতৰ কৈলাশ পৰ্বতৰচেমায়ুংদুংহিমবাহ

() ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য কিমান ?

উত্তৰ:- ব্ৰহ্মপুত্ৰ নৈৰ মুঠ দৈৰ্ঘ্য হল ২৯০৬ কিলোমিটাৰ

() ব্ৰহ্মপুত্ৰৰ উৎস কোন ৰাষ্ট্ৰত আছে ?

উত্তৰ:- ব্ৰহ্মপুত্ৰৰ উৎস কৈলাশ পৰ্বতৰ তিব্বতত আছে

() উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি কেনেকুৱা ?

উত্তৰ:- উচ্চগতি অঞ্চলত নদীৰ গতিপথৰ আকৃতি V ( ভি আখৰটোৰ ) আকৃতিৰ

() ব্ৰহ্মপুত্ৰ নৈ কি কি ৰাষ্ট্ৰৰ মাজেৰে বৈ গৈছে ?

উত্তৰ:- ব্ৰহ্মপুত্ৰ নৈ বৈ যোৱা ৰাষ্ট্ৰবোৰৰ নাম হল

) তিব্বত

) চীন

) ভাৰত

) বাংলাদেশ আদি

/ শুদ্ধ উত্তৰটো লিখা

() গিৰিখাত নিন্মভুমি/ মোহনা/ উচ্চভূমি অঞ্চলৰ ভূআকৃতি

উত্তৰ:- গিৰিখাত উচ্চভূমি অঞ্চলৰ ভূআকৃতি

() নৈৰ গুমফিত ৰূপ সাধাৰণতে পৰ্বত/ সমভূমি/ মালভূমিত দেখা যায়

উত্তৰ:- নৈৰ গুমফিত ৰূপ সাধাৰণতে সমভূমিত দেখা যায়

() প্লাবনভূমিত থকা চৰচাপৰি নৈৰ খনন/ পৰিবহন/ অৱক্ষেপনৰ ফলত সৃষ্টি হয়

উত্তৰ:- প্লাবনভূমিত থকা চৰচাপৰি নৈৰ অৱক্ষেপনৰ ফলত সৃষ্টি হয়

() বৰাক নৈ অসমৰ / / খন জিলাৰ মাজেৰে বৈ গৈছে

উত্তৰ:- বৰাক নৈ অসমৰ খন জিলাৰ মাজেৰে বৈ গৈছে

৩/ সোঁফালৰ লগত বাওঁফাল মিলোৱা –

চাংপো একা – বেকা গতি পথ ।
অৰুণাচল প্ৰদেশ মাজুলী ।
সৰ্পিল চিয়াং ।
কলংতিব্বত ।
নদীদ্বীপসুঁতি ।

উত্তৰ:-

চাংপো তিব্বত ।
অৰুণাচল প্ৰদেশচিয়াং ।
সৰ্পিলএকা – বেকা গতি পথ ।
কলং সুঁতি ।
নদীদ্বীপমাজুলী ।

/ চমু টোকা লিখা

() নৈৰ উচ্চগতি অংশৰ কাৰ্য

উত্তৰ:- নদীৰ প্ৰাথমিক বা উচ্চ গতি প্ৰায় পাৰ্বত্য উচ্চ ভূমিতে সীমাবদ্ধ হৈ থাকে । নদীৰ এই অংশ পৰ্বতৰ উৎসস্থলত আৰম্ভ হৈ সমভূমিত নমাৰ আগলৈকে ধৰা হয় । পাৰ্বত্য অঞ্চলত ভূমিৰ ঢাল বেছি, ভূ – প্ৰকৃতি বাধাগ্ৰস্ত, কঠিন আৰু কোমল শিলৰদ্বাৰা গঠিত । এইবোৰ কাৰণতে নদীৰ সোঁত অত্যন্ত প্ৰবল হয় ।

নদীৰ তীব্ৰ সোঁতে পৰ্বতৰ শিলা খণ্ডত আঘাত কৰি শিলবোৰ খহাই তললৈ নমাই আনে আৰু তাক চুৰ্ণ – বিচূৰ্ণ কৰি নদীৰ খাদৰ সৃষ্টি কৰে । নদীৰ দুয়োকাষ আৰু তলি গভীৰভাৱে খান্দি পেলায় ।

শিলাখণ্ডবোৰে নদীৰ তলিভাগ গভীৰ ভাবে খান্দে কাৰণে পাৰ্বত্য অঞ্চলত নদীৰ গতিপথ ‘ V ‘ আকৃতি হৈ পৰে । এই অঞ্চলত গতিপথ, গিৰিখাত, বন্দৰ, জলপ্ৰপাত আদিৰ সৃষ্টি হয় । পাৰ্বত্য বা উচ্চ অংশত নদীৰ মুখ্য কাৰ্য হৈছে খনন আৰু পৰিবহন ।

() নৈৰ মধ্যগতি অংশৰ কাৰ্য

উত্তৰ:- নৈ এখন যেতিয়া পাৰ্বত্য অংশৰ পৰা নামি আহি সমভূমি অঞ্চলত অৱতীৰ্ণ হয় তাৰপৰাই মধ্য বা সমভূমি অংশ আৰম্ভ হয় । এই অংশত নদীৰ ঢাল যথেষ্ট কম হোৱা বাবে সোঁতৰ গতিবেগ যথেষ্ট কমি যায় ।

এই অংশত উপনৈ বোৰ লগ লগাৰ কাৰণে পানীৰ পৰিমাণ বৃদ্ধি পায় । নদীৰ গতিপথ লাহে লাহে বহল হৈ পৰে । সোঁত কম হোৱা কাৰণত পাৰ্বত্য অঞ্চলৰ পৰা পৰিবাহিত মাটি, বালি, শিল আদি নৈৰ বুকুত অৱক্ষেপন কৰে । নৈ সমতলেৰে আগবঢ়াৰ লগে লগে

সোঁতৰ গতিবেগ কমি যোৱা কাৰণতে সঞ্চিত মাটি, বলিয়ে নৈৰ বুকুত চৰ সৃষ্টি কৰে । বাৰিষা বৰষুণ পানীয়ে নৈৰ দুয়োপাৰে উপচি কাষৰ দ অঞ্চলবোৰ প্লাবিত কৰে । বছৰে বছৰে বাৰিষাৰ পানীয়ে দ ঠাইবোৰত পলস পেলাই সমতলত পৰিণত কৰে । ইয়াকে প্লাবন সমভূমিও বোলে ।

মধ্য অঞ্চলত নৈ মুখ্য কাৰ্য হল – খনন, বহন আৰু অৱক্ষেপন । এই অঞ্চলত নদীয়ে কোমল মাটিৰ মাজেৰে গতি কৰোঁতে কেতিয়াবা একা – বেকা পথেৰে গতি কৰাৰ বাবে ইয়াত পাৰ্শ্বক্ৰিয়া বৃদ্ধি পায় । ফলত ইয়াৰ গতি পথত এই অঞ্চলত অশ্বখুৰা হ্ৰদৰ সৃষ্টি হয়।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

() নৈৰ নিন্মগতি অংশৰ কাৰ্য

উত্তৰ:- অৱশেষত নদীয়ে যেতিয়া সমভূমিৰ মাজেৰে আহি সমুদ্ৰ সমতলৰ লগত মিলি যায় সেই ঠাইৰ পৰা মোহনা পৰ্যন্ত নদীৰ নিম্ন গতি বা ‘ ব – দ্বীপ ‘ অংশ বুলি ধৰা হয় । এই অংশত নদীৰ গতিপথৰ ঢাল অত্যন্ত কমি যায় ।

ফলত সোঁতৰ গতি অতি ধীৰ হৈ পৰে । নদীৰ ক্ষয় সাধন আৰু বহন শক্তি একেবাৰে নাথাকে । নৈৰ সোঁতে লৈ অহা বোকা, মাটি, বালি আহি নদীৰ মুখত ত্ৰিকোণ আকৃতিৰ বৃহৎ বলিচৰৰ সৃষ্টি কৰে । ইয়াকে ব – দ্বীপ বুলি কোৱা হয় ।

নদীৰ নিম্নগতিৰ অংশৰ প্ৰধান কাৰ্য হল অৱক্ষেপন । উচ্চ ভূমিৰ পৰা আৰম্ভ কৰি মধ্য গতিলৈ নৈয়ে কঢিয়াই অনা সকলো আৱৰ্জনা, বালি – বোকা আদি নিন্ম অঞ্চলত অৱক্ষেপন কৰে । গংগা, ভাগীৰথী আৰু ব্ৰহ্মপুত্ৰৰ মোহনাত সৃষ্টি হোৱা ব – দ্বীপৰ নাম হল সুন্দৰবন । ই পৃথৱীৰ ভিতৰতে এটা অন্যতম ব – দ্বীপ ।

() বৰাক নৈৰ গতিপথ

উত্তৰ:- নাগালেণ্ড, মণিপুৰ সীমান্তবৰ্তী মৰাম নামৰ অঞ্চলটিৰ পৰা বৰাক নৈ ওলাই আহিছে ।  উৎসৰ পৰা মণিপুৰৰ মাজেৰে দক্ষিণ – পশ্চিম দিশে বৈ অহা বৰাক নৈখনে মণিপুৰ – মিজোৰাম সীমাত পুনৰ উত্তৰলৈ গতি কৰিছে । অসম আৰু মণিপুৰৰ সীমাৰে উত্তৰলৈ আহি জিৰি নামৰ উপনৈখন লগ হোৱাৰ পিছতে ই পশ্চিমলৈ ঘূৰি অসমত সোমাই ।

বৰাক নৈখনে অসমৰ কাছাৰ জিলাৰ মাজেদি আৰু হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ উত্তৰ অংশৰে বৈ গৈছে । ভাৰত বাংলাদেশ সীমান্তত নৈখন দুভাগত বিভক্ত হয় । তাৰে এভাগে কুছিয়াৰ আৰু আনভাগে সুৰমা নাম লৈ বাংলাদেশত সোমায় । কিছুদূৰ গতি কৰাৰ পিছত পুনৰ দুয়োটি শাখা মিলি মেঘনা নাম লৈ পদ্মাৰ লগত মিলি বংগোপসাগৰত পৰে ।

বৰাক নৈখন প্ৰায় ৯০০ কিলোমিটাৰ দীঘল । ই প্ৰায় ৩০ মিটাৰৰ পৰা ৩০০ মিটাৰ পৰ্যন্ত বহল । বৰাক নৈৰ অসম অংশত প্ৰায় ২৭ খন সৰু – বৰ উপনৈ আছে । বৰাক নৈখনৰ অসম আৰু বাংলাদেশ অংশত গতিপথ অতি সৰ্পিল । কাছাৰ অংশত বৰাক নৈখনৰ দুয়োপাৰে অসংখ্য জলাহ দেখা যায় । বাংলাদেশত বৰাক নৈখন গুম্ফিত ৰূপ লৈছে ।

/ উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈৰ কোন কোন অংশ বৰ্তমান কি কি নামেৰে জনা যায় লিখা

উত্তৰ:- উৎসৰে পৰা মোহনালৈকে ব্ৰহ্মপুত্ৰ নৈ খনক অসমত লুইত, অৰুণাচল প্ৰদেশত চিয়াং, বাংলাদেশত পদ্মা, বৰাকত মেঘনা নামেৰে জনা যায় ।

৬/ ভাৰতৰ উত্তৰ – পূব অঞ্চলৰ এখন নক্সা মানচিত্ৰ অংকন কৰি ভূ চিত্ৰৱলীৰ সহায় লৈ তলত দিয়া অবয়ব সমুহ বহুওৱা ।

১)অৰুণাচল হিমালয় ।
২) বৰাইল পৰ্বত ।
৩) কাৰ্বি মালভূমি ।
৪) খাচীয়া – জয়ন্তীয়া পাহাৰ ।
৫) নগা পাহাৰ ।
৬) মণিপুৰ ।
৭) মিজোৰাম ।
৮) গাৰো পাহাৰ ।
৯) ব্ৰহ্মপুত্ৰ ।
১০) সোৱনশিৰি ।
১১) দিবং ।
১২) লোহিত ।
১৩) পাগলদিয়া ।
১৪) মানাহ ।
১৫) দিখৌ ।
১৬) ধনশিৰি ।
১৭) বৰাক ।
১৮) জাতিংগা উপনৈ ।
১৯) ধলেশ্বৰী ।
২০) সোণাই ।

উত্তৰ:- ছাত্ৰ-ছাত্ৰীয়ে নিজে মানচিত্ৰৰ নক্সাখন অংকন কৰা।

/ নৈ বা উপনৈৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা লোকৰ সেই নৈ বা উপনৈৰ লগত সম্বন্ধ কেনেধৰণৰ হয় লিখা

উত্তৰ:- নৈৰ পাৰত বসবাস কৰা লোকৰ নদীখনৰ লগত ঘনিষ্ঠ সম্পৰ্ক হোৱা দেখা যায় ।নৈৰ পাৰত বসবাস কৰা মানুহে সাধাৰণতে কৃষিকাৰ্য আৰু খোৱাপানী নৈৰ পৰাই ব্যৱহাৰ কৰে । কাৰণ নৈৰ পাৰত ভূ – গৰ্ভৰ পানী কুৱা বা দমকলত সহজে পোৱা নাযায় । নৈৰ পাৰত মানুহে সাধাৰণতে গা – পা ধোৱা, বাচন – বৰ্তন ধোৱা আৰু কাপোৰ – কানি ধোৱাৰ বাবে নৈৰ পাৰৰ পানীৰে ধোৱা দেখা যায় ।

মুঠতে সকলো কামৰ বাবে আৰু ধোৱা পখলা কামৰ বাবে নৈৰ পানিকে ব্যৱহাৰ কৰে । নদীৰ ইপাৰ – সিপাৰৰ মানুহে নদীখন পাৰ হবৰ বাবে নাও ব্যৱহাৰ কৰে । নদীৰ পাৰৰ মানুহে সাধাৰণতে নদীৰ পৰা মাছ ধৰা, খৰি – পাত সংগ্ৰহ কৰা কামো কৰে । মুঠতে নদীৰ পাৰত বসবাস কৰা মানুহে নদীখনক আশ্ৰয় কৰিয়েই জীয়াই থাকে ।

৮/ বাতৰি কাকত, আলোচনী আদিত প্ৰকাশ পোৱা বানপানী আৰু গৰাখহনীয়া আলোকচিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্ৰস্তুত কৰা ।


উত্তৰ:– নিজে কৰা ।

/ গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈ সমূহৰ নাম লিখা প্ৰয়োজন বোধে শিক্ষক আৰু ভূচিত্ৰাবলীৰ সহায় লবা

উত্তৰ:- গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে থকা উপনৈ সমূহৰ নাম হল

) দিখৌ

) সোবনশিৰি

) জীয়াভৰলী

) মানাহ

৫) ধনশিৰি আদি ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top