Class 8 Social পাঠ 17 মানৱ সম্পদ উন্নয়ন – সমাধান

Class 8 Social পাঠ 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা  – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter  Class 8 Social পাঠ 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা – সমাধান and select needs one.

Class 8 Social পাঠ 17 মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 17 মানৱ সম্পদ উন্নয়ন, মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক আৰু মানৱ সম্পদ উন্নয়নত বৃত্তিমূলক শিক্ষাৰ ভূমিকা – সমাধান Solutions for All Subject, You can practice these here.

মানৱ সম্পদ উন্নয়ন

পাঠ১৭ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ দিয়া

() মানৱ সম্পদ কাক বোলে ?

উত্তৰ:- সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদন মূলক কামত নিজকে জঢ়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় ।

() দেশৰ উৎপাদন কাৰ্যত কোনে অংশ গ্ৰহণ কৰিব পাৰে ?

উত্তৰ:- দেশৰ উৎপাদন কাৰ্যত মানুহে অংশ গ্ৰহণ কৰিব পাৰে ।

() মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক মানে কি ?

উত্তৰ:- যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় ।

() বৃত্তিমুলক শিক্ষা কাক বোলে ?

উত্তৰ:- আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমুলক শিক্ষা বুলি কোৱা হয় ।

() মানৱ সম্পদৰ মূল চালিকা শক্তি কি ?

উত্তৰ:- মানৱ সম্পদৰ মূল চালিকা শক্তি হল স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ ।

/ বহলাই আলোচনা কৰা

() মানৱ সম্পদ উন্নয়নৰ বাবে লবলগীয়া ব্যৱস্থাৱলী

উত্তৰ:- এখন দেশৰ জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদ বৃদ্ধিক নুবুজায় । কাৰণ সকলো মানুহ মানৱ সম্পদৰ ভিতৰত নপৰে । সম্পদ হবলৈ মানুহৰ কিছুমান গুণ থাকিব লাগে । সেই গুনবোৰ হল – মানুহজন শাৰীৰিক, মানসিক ভাৱে সক্ষম হব লাগে । প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণ প্ৰাপ্ত হব লাগে আৰু কৰ্মদক্ষ, কৌশল, আগৰণুৱা উৎসাহী হোৱা অতি প্ৰয়োজনীয় ।

অকল শিক্ষা আৰু উচ্চশিক্ষাই মানুহক সম্পদত পৰিণত নকৰে । মুঠতে মানুহে যেতিয়া শাৰীৰিক বা মানসিকভাৱে উৎপাদন কাৰ্যত অৰিহণা যোগাব পাৰে তাকে মানৱ সম্পদ বোলে । মানুহে কৰ্ম কুশলতা অৰ্জনৰ বাবে প্ৰশিক্ষণৰ দ্বাৰা নিজকে উৎপাদন কাৰ্যৰ উপযোগী কৰিব লাগিব ।

আমাৰ দেশৰ চৰকাৰে বৰ্তমান প্ৰবৰ্তন কৰা বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, উন্নত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা, উন্নয়নৰ বিভিন্ন সা – সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে । উচ্চ শিক্ষা লোৱাৰ বাবে বেংকৰ পৰা ঋণ দিয়া আদি নিয়ম কৰি মানৱ সম্পদ উন্নয়নৰ দিশটো সবল কৰি তুলিছে ।

() মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক সমূহ

উত্তৰ:- মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক সমূহ হল –

১) শিক্ষাৰ হাৰ :- গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক । শিক্ষা ব্যৱস্থা সঠিক হলেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয় । প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে । জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায় । যি দেশত শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মনো উন্নত ।

২) জীৱনৰ প্ৰত্যাশা :- মানৱ সম্পদ উন্নয়নৰ আন এটা নিৰ্দেশক হৈছে জীৱনৰ প্ৰত্যাশা । এটি শিশু জন্মৰ পিছৰ পৰা কিমান বয়সলৈ সুস্থ, সবল ভাৱে জীয়াই থাকে তাক জীৱনৰ প্ৰত্যাশাই নিৰ্নয় কৰে । এই প্ৰত্যাশা যিমানে বেছি হব মানুহক সম্পদলৈ ৰূপান্তৰ কৰাৰ হাৰো সিমানেই বেছি হব । সেয়েহে উচ্চ জীৱন প্ৰত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ণায়ক ।

৩) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ :- এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই দেশ খনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্ৰধান নিৰ্দেশক হিচাপে বিবেচিত হয় । জন্মকালীন অৱস্থাত শিশুৰ মৃত্যুৰ সংখ্যা আমাৰ দেশত এতিয়াও যথেষ্ট সংখ্যক । অসমত তাতোকৈও বেছি । মানৱ সম্পদৰ উন্নয়ন হব লাগিলে এনে মৃত্যুৰ হ্ৰাস পাব লাগিব ।

৪) জনমূৰি আয় :- দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বোলা হয় । জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ কথাকে সূচায় । উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক ।

৫) বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ :- প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয়, মহাবিদ্যালয় সমূহত ছাত্ৰ – ছাত্ৰী ভৰ্তি কৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক ।

৬) প্ৰতিষেধক টিকাকৰণৰ হাৰ :- এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে । কিয়নো ই শিশুৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ সুৰক্ষা প্ৰদান কৰে । সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয় ।

() মানৱ সম্পদ উন্নয়ন আৰু বৃত্তি মূলক শিক্ষাৰ মাজত থকা সম্পৰ্ক

উত্তৰ:- দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে । উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয় । প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । গতিকে এতিয়া আমাৰ এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত  স্ব – নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে ।

এই কাৰণেই বৃত্তি মূলক শিক্ষাৰ প্ৰয়োজন আহি পৰিছে । জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে কি কাম কৰে তাক সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয় । কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হব তেওঁৰ বৃত্তি ।

ঠিক তেনেদৰে কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ । এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে ।

() বৃত্তি মূলক শিক্ষাই কিদৰে নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ?

উত্তৰ:- বৃত্তি মূলক শিক্ষাই মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি স্বনিয়োজনত অৰিহণা যোগাই নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে । জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে কি কাম কৰে তাক সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয় ।

কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হব তেওঁৰ বৃত্তি । ঠিক তেনেদৰে কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ । এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে ।

/ শুদ্ধ/ অশুদ্ধ নিৰ্নয় কৰা

() প্ৰাকৃতিক সম্পদৰ বৃদ্ধি হলেই দেশৰ উৎপাদন বৃদ্ধি হয়

উত্তৰ:- অশুদ্ধ ।

() মানুহ মাত্ৰেই মানৱ সম্পদ নহয়

উত্তৰ:- শুদ্ধ ।

() জনসংখ্যা বৃদ্ধিয়েই মানৱ সম্পদৰ বৃদ্ধি হোৱা নুবুজায়

উত্তৰ:- শুদ্ধ ।

() উচ্চ জীৱন প্ৰত্যাশাই অনুন্নত মানৱ সম্পদক সূচায়

উত্তৰ:- অশুদ্ধ ।

() ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে

উত্তৰ:- শুদ্ধ ।

() জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে

উত্তৰ:- শুদ্ধ ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

/ খালী ঠাই পূৰ কৰা

() এখন দেশৰ উৎপাদন প্ৰক্ৰিয়াৰ  এক অন্যতম কাৰক হল ………………………. যত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ ………………..

উত্তৰ:- শ্ৰম, মানুহে ।

() …………………. আয়ৰ বৃদ্ধিয়ে দেশ এখন ………………….. হোৱাৰ সহায় কৰে

উত্তৰ:- ৰাষ্ট্ৰীয়, স্বাৱলম্বী ।

() উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত ………………….. সকলো শিক্ষিত ব্যক্তিকে  ……………………. যোগান ধৰাতো সম্ভৱ নহয়

উত্তৰ:- চৰকাৰে, চাকৰি ।

() ………………… শিক্ষা মানৱ সম্পদ উন্নয়নৰ ………………….. সপোন

উত্তৰ:- গুণগত, প্ৰাথমিক ।

() বৃত্তি মূলক শিক্ষাই মানুহক অকল …………………. নকৰে তাৰ লগে লগে দেশৰ নিবনুৱা সমস্যা লাঘৱ কৰি ………………….. পথ মুকলি হোৱাত সহায় কৰে

উত্তৰ:- উপাৰ্জনক্ষমেই, স্বনিয়োজন ।

/ চমু টোকা লিখা

() মানৱ সম্পদ

উত্তৰ:- সুস্বাস্থ্যৰ অধিকাৰী যি ব্যক্তিয়ে শিক্ষা আৰু প্ৰশিক্ষণৰ দ্বাৰা কৌশলী আৰু দক্ষতা সম্পন্ন হৈ উৎপাদন মূলক কামত নিজকে জঢ়িত কৰে তেওঁকেই মানৱ সম্পদ বুলি কোৱা হয় ।

উৎপাদন প্ৰক্ৰিয়াৰ এক অন্যতম কাৰক হল শ্ৰম যত অংশগ্ৰহণ কৰিব পাৰে একমাত্ৰ মানুহে । কিন্তু সকলো মানুহে আকৌ উৎপাদনত অংশ লব নোৱাৰে যদিহে তেওঁ শাৰীৰিক আৰু মানসিকভাবে শ্ৰম কৰিবলৈ সক্ষম নহয়  । সেয়েহে এখন দেশৰ জনসংখ্যা বৃদ্ধিয়ে মানৱ সম্পদ বৃদ্ধিক নুবুজায় । কাৰণ সকলো মানুহ মানৱ সম্পদৰ ভিতৰত নপৰে । সম্পদ হবলৈ মানুহৰ কিছুমান গুণ থাকিব লাগে ।

সেই গুনবোৰ হল – মানুহজন শাৰীৰিক, মানসিক ভাৱে সক্ষম হব লাগে । প্ৰয়োজনীয় শিক্ষা আৰু প্ৰশিক্ষণ প্ৰাপ্ত হব লাগে আৰু কৰ্মদক্ষ, কৌশল, আগৰণুৱা উৎসাহী হোৱা অতি প্ৰয়োজনীয় । অকল শিক্ষা আৰু উচ্চশিক্ষাই মানুহক সম্পদত পৰিণত নকৰে ।

মুঠতে মানুহে যেতিয়া শাৰীৰিক বা মানসিকভাৱে উৎপাদন কাৰ্যত অৰিহণা যোগাব পাৰে তাকে মানৱ সম্পদ বোলে । মানুহে কৰ্ম কুশলতা অৰ্জনৰ বাবে প্ৰশিক্ষণৰ দ্বাৰা নিজকে উৎপাদন কাৰ্যৰ উপযোগী কৰিব লাগিব ।

() মানৱ সম্পদ উন্নয়ন

উত্তৰ:- দেশৰ উৎপাদন কাৰ্যৰ চাৰিটা মূল উপাদান আছে । সেইবোৰ হল – ভূমি, শ্ৰম, মূলধন আৰু সংগঠন । ইয়াৰে প্ৰথমটোৰ বাহিৰে বাকী আটাইকেইটা উপাদানত মানুহৰ প্ৰত্যক্ষ অবদান থাকে । গতিকে দেশৰ উৎপাদন বৃদ্ধি কৰিবলৈ হলে মানৱ সম্পদৰ বিকাশ হবই লাগিব ।

যিমানেই মানৱ সম্পদৰ উন্নয়ন হব সমানেই দেশে উৎপাদন কাৰ্যত সফলতা লাভ কৰিব আৰু ৰাষ্ট্ৰীয় আয় বৃদ্ধি হব । ৰাষ্ট্ৰীয় আয়ৰ বৃদ্ধিয়ে দেশ এখন স্বাৱলম্বী হোৱাত সহায় কৰে । মানৱ সম্পদ উন্নয়নৰ মূল চালিকা শক্তি হল – স্বাস্থ্য, উপযুক্ত শিক্ষা আৰু প্ৰশিক্ষণ । কাৰণ শিক্ষা আৰু প্ৰশিক্ষনে মানুহৰ চিন্তাশক্তি জাগ্ৰত কৰে আৰু দক্ষতা বৃদ্ধি কৰে ।

আকৌ সুস্বাস্থ্যই মানুহৰ কৰ্মশক্তি বঢ়ায় । আমাৰ দেশৰ চৰকাৰে বৰ্তমান প্ৰবৰ্তন কৰা বিজ্ঞানসন্মত শিক্ষা ব্যৱস্থা, উন্নত স্বাস্থ্য আৰু চিকিৎসা ব্যৱস্থা, উন্নয়নৰ বিভিন্ন সা – সুবিধা দিয়াৰ ব্যৱস্থা কৰিছে । উচ্চ শিক্ষা লোৱাৰ বাবে বেংকৰ পৰা ঋণ দিয়া আদি নিয়ম কৰি মানৱ সম্পদ উন্নয়নৰ দিশটো সবল কৰি তুলিছে ।

() মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক

উত্তৰ:- যিবোৰ দিশ লক্ষ্য কৰিলে দেশ এখনৰ মানৱ সম্পদ উন্নয়নৰ আভাস পোৱা যায় সেইবোৰকে মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক বুলি কোৱা হয় ।

মানৱ সম্পদ উন্নয়নৰ নিৰ্দেশক সমূহ হল

১) শিক্ষাৰ হাৰ :- গুণগত শিক্ষা মানৱ সম্পদ উন্নয়নৰ প্ৰাথমিক কাৰক । শিক্ষা ব্যৱস্থা সঠিক হলেহে উন্নত মানৱ সম্পদ তৈয়াৰ হোৱা সম্ভৱ হয় । প্ৰকৃত শিক্ষাই জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে । জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰিব পৰা শিক্ষাৰ যোগেদি শিক্ষিতৰ হাৰ বঢ়াব পৰাটোৱে মানৱ সম্পদৰ উন্নয়নৰ কথা সূচায় । যি দেশত শিক্ষিতৰ হাৰ উচ্চ সেই দেশৰ মানৱ সম্পদৰ মনো উন্নত ।

২) জীৱনৰ প্ৰত্যাশা :- মানৱ সম্পদ উন্নয়নৰ আন এটা নিৰ্দেশক হৈছে জীৱনৰ প্ৰত্যাশা । এটি শিশু জন্মৰ পিছৰ পৰা কিমান বয়সলৈ সুস্থ, সবল ভাৱে জীয়াই থাকে তাক জীৱনৰ প্ৰত্যাশাই নিৰ্নয় কৰে । এই প্ৰত্যাশা যিমানে বেছি হব মানুহক সম্পদলৈ ৰূপান্তৰ কৰাৰ হাৰো সিমানেই বেছি হব । সেয়েহে উচ্চ জীৱন প্ৰত্যাশা উন্নত মানৱ সম্পদৰ নিৰ্ণায়ক ।

৩) জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ :- এখন দেশত জন্মকালীন শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস হোৱাটো সেই দেশ খনৰ মানৱ সম্পদ উন্নয়নৰ আন এটি প্ৰধান নিৰ্দেশক হিচাপে বিবেচিত হয় । জন্মকালীন অৱস্থাত শিশুৰ মৃত্যুৰ সংখ্যা আমাৰ দেশত এতিয়াও যথেষ্ট সংখ্যক । অসমত তাতোকৈও বেছি । মানৱ সম্পদৰ উন্নয়ন হব লাগিলে এনে মৃত্যুৰ হ্ৰাস পাব লাগিব ।

৪) জনমূৰি আয় :- দেশ এখনৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ মুঠ জনসংখ্যাৰে হৰণ কৰিলে যি আয় উপলব্ধ হয় তাক জনমূৰি আয় বোলা হয় । জনমূৰি আয় বৃদ্ধি পোৱাটোৱে মানৱ সম্পদ উন্নয়নৰ কথাকে সূচায় । উন্নত জনমূৰি আয় উন্নত মানৱ সম্পদৰ পৰিচায়ক ।

৫) বিদ্যালয় ভৰ্তি আৰু বিদ্যালয় এৰাৰ হাৰ :- প্ৰাথমিক স্তৰৰ পৰা উচ্চ শিক্ষাৰ স্তৰ পৰ্যন্ত বিদ্যালয়, মহাবিদ্যালয় সমূহত ছাত্ৰ – ছাত্ৰী ভৰ্তি কৰণৰ হাৰ উচ্চ আৰু বিদ্যালয় বা মহাবিদ্যালয় এৰাৰ হাৰ নিম্ন হোৱাটো মানৱ সম্পদ উন্নয়নৰ আন এটি উল্লেখযোগ্য নিৰ্দেশক ।

৬) প্ৰতিষেধক টিকাকৰণৰ হাৰ :- এখন দেশৰ প্ৰতিষেধক টিকাকৰণৰ হাৰও দেশখনৰ মানৱ সম্পদ উন্নয়নৰ সাক্ষ্য বহন কৰে । কিয়নো ই শিশুৰ স্বাস্থ্য আৰু দীৰ্ঘজীৱনৰ সুৰক্ষা প্ৰদান কৰে । সেয়েহে প্ৰতিষেধক টিকাকৰণৰ হৰকো মানৱ সম্পদৰ নিৰ্দেশক হিচাপে বিবেচনা কৰা হয় ।

() বৃত্তিমূলক শিক্ষা

উত্তৰ:- আনুষ্ঠানিক শিক্ষাৰ উপৰি যি শিক্ষাৰ দ্বাৰা উপাৰ্জনৰ পথ মুকলি হয় তাকে বৃত্তিমুলক শিক্ষা বুলি কোৱা হয় ।

দৰিদ্ৰতাই মানৱ সম্পদ উন্নয়নত বাধাৰ সৃষ্টি কৰে । উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পিছত চৰকাৰে সকলো শিক্ষিত ব্যক্তিকে চাকৰি যোগান ধৰাটো সম্ভৱ নহয় । প্ৰচলিত শিক্ষা ব্যৱস্থাই আমাক আত্মনিৰ্ভৰশীল কৰি গঢ়ি তুলিব পৰা নাই । গতিকে এতিয়া আমাৰ এনে শিক্ষাৰ প্ৰয়োজন হৈ পৰিছে যি শিক্ষাই প্ৰতিজন ব্যক্তিক উৎপাদনৰ ক্ষেত্ৰত  স্ব – নিৰ্ভৰশীল কৰি গঢ়ি তুলিব পাৰে।

এই কাৰণেই বৃত্তি মূলক শিক্ষাৰ প্ৰয়োজন আহি পৰিছে । জীৱন ধাৰণৰ বাবে ব্যক্তি এজনে কি কাম কৰে তাক সেই মানুহজনৰ বৃত্তি বুলি কোৱা হয় । কোনো ব্যক্তিয়ে কাপোৰ চিলাই কৰাৰ প্ৰশিক্ষণ লৈ দৰ্জী হিচাপে জীৱিকা অৰ্জন কৰিলে সেইটোৱেই হব তেওঁৰ বৃত্তি । ঠিক তেনেদৰে কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী, ম’বাইল, কম্পিউটাৰ ভাল কৰা মানুহ আধুনিক জীৱনৰ অপৰিহাৰ্য অংগ ।

এই বিষয়বোৰত প্ৰশিক্ষণ লৈ মানুহে অতি সহজে উপাৰ্জনৰ পথ মোকলাব পাৰে । বৃত্তি মূলক শিক্ষাই মানুহক আৰ্থিকভাৱে আত্মনিৰ্ভৰশীল কৰি স্বনিয়োজনত অৰিহণা যোগাই নিবনুৱা সমস্যা লাঘৱ কৰাত সহায় কৰে ।

/ প্ৰকল্প

তোমাৰ নিজ অঞ্চলত জীৱিকা অৰ্জন কৰিবলৈ সক্ষম হোৱা পাঁচ জন ভিন ভিন বৃত্তি ধাৰী লোকৰ সাক্ষাৎকাৰ লৈ তেওঁলোকৰ জীৱিকা অৰ্জনত বৃত্তি মূলক শিক্ষাই কিদৰে অৰিহণা যোগাইছে সেই বিষয়ে একোটাকৈ চমু টোকা প্ৰস্তুত কৰা ।

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

2 thoughts on “Class 8 Social পাঠ 17 মানৱ সম্পদ উন্নয়ন – সমাধান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top