Class 8 Social পাঠ 24 আমাৰ মৌলিক কৰ্তব্য – সমাধান

Class 8 Social পাঠ 24 আমাৰ মৌলিক কৰ্তব্য – সমাধান The answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 8 Social পাঠ 24 আমাৰ মৌলিক কৰ্তব্য – সমাধান, SEBA Class 8 Social Science Question Answer Chapter 24, আমাৰ মৌলিক কৰ্তব্য Class 8 and select needs one.

Class 8 Social পাঠ 24 আমাৰ মৌলিক কৰ্তব্য – সমাধান

Join Telegram channel

Also, you can read SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Social পাঠ 24 আমাৰ মৌলিক কৰ্তব্য – সমাধান Solutions for All Subject, You can practice these here…

আমাৰ মৌলিক কৰ্তব্য

পাঠ – ২৪ ( সমাজ বিজ্ঞান )

/ চমু উত্তৰ লিখা

() নাগৰিক কৰ্তব্য বুলিলে কি বুজা ?

উত্তৰ:- ভাৰতবৰ্ষৰ নাগৰিক সকলৰ ব্যক্তিত্বৰ বিকাশ আৰু সাধাৰণ জীৱন – যাপনৰ বাবে সংবিধানে কিছুমান সা – সুবিধা বা অধিকাৰ প্ৰদান কৰিছে । এই সা – সুবিধা বা অধিকাৰ সমূহ উপভোগ কৰাৰ লগে লগে নাগৰিক সকলৰ ৰাষ্ট্ৰৰ প্ৰতি কিছুমান দায়িত্বও আহি পৰে । নাগৰিক সকলৰ এই দায়িত্বকেই নাগৰিক কৰ্তব্য বুলি কোৱা হয় ।

() ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি ?

উত্তৰ:- ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো হল – ৬-১৪ বছৰৰ শিশুক পিতৃ – মাতৃ আৰু অভিভাৱকে শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা ।

() জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে ?

উত্তৰ:- দেশৰ ৰাষ্ট্ৰীয় পতাকা দেশৰ সন্মানৰ প্ৰতীক তথা ধ্বজা । জাতীয় পতাকা উত্তোলনৰ সময়ত সকলো নাগৰিকে থিয় হৈ সন্মান জনোৱাটো আমাৰ প্ৰত্যেক নাগৰিকৰ সাংবিধানিক কৰ্তব্য ।

() বিদ্যালয়ত শৃংখলা  বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি ?

উত্তৰ:- আমি বিদ্যালয়ৰ ছাত্ৰ – ছাত্ৰী বোৰে সময় মতে বিদ্যালয়লৈ আহি, বিদ্যালয়ৰ নিয়ম মতে এটাৰ পাছত এটাকৈ শৃংখলাবদ্ধ ভাৱে কৰ্তব্য বোৰ পালন কৰি যাব লাগে । এয়ে আমাৰ ছাত্ৰ – ছাত্ৰীৰ কৰ্তব্য ।

/ সংবিধানত উল্লিখিত যিকোনো পাঁচটা কৰ্তব্য বিষয়ে লিখা

উত্তৰ:-  সংবিধানত উল্লিখিত যিকোনো পাঁচটা কৰ্তব্য হল –

ক) ভাৰতৰ সংবিধান মানি চলা, ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীক আৰু সংগীতৰ প্ৰতি শ্ৰদ্ধা জনোৱাটো আমাৰ প্ৰত্যেক নাগৰিকৰে মহান কৰ্তব্য । জাতীয় পতাকা উত্তলন আৰু জাতীয় সংগীতৰ পৰিৱেশনৰ সময়ত আমি নাগৰিক সকলে থিয় হৈ সন্মান জনাব লাগে – ই আমাৰ কৰ্তব্য ।

খ) স্বাধীনতা সংগ্ৰামত আত্ম বলিদান দিয়া বীৰ – বিৰাংগনা সকলৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰা আৰু তেওঁলোকৰ মহান আদৰ্শ সমূহক সন্মান জনোৱা আৰু অনুসৰণ কৰা আমাৰ মহান কৰ্তব্য ।

গ) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য, সংহতি ৰক্ষা কৰা প্ৰত্যেক নাগৰিকৰে এক মহান সাংবিধানিক কৰ্তব্য । আমি বিভিন্ন ধৰ্ম, ভাষা, জাতিৰ লোকৰ প্ৰতি সহনশীল, আৰু শ্ৰদ্ধাৱান হোৱাটো আমাৰ কৰ্তব্য । আমি আমাৰ দেশৰ সাৰ্বভৌম ক্ষমতা ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ কৰ্তব্য ।

ঘ) আমি প্ৰত্যেক নাগৰিকে জনসাধাৰণৰ মাজত ভাতৃতবোধ, গঢ়ি তোলা, নাৰীৰ মৰ্যাদা হানিৰ আচৰণৰ পৰা বিৰত থকা আমাৰ কৰ্তব্য ।

ঙ) জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধ বিকাশৰ ক্ষেত্ৰত আমি প্ৰত্যেকজন নাগৰিকৰে এক মহান সাংবিধানিক কৰ্তব্য । নহলে আমাৰ সমাজত কুসংস্কাৰ আৰু অন্ধবিশ্বাসে প্ৰাধান্যতা লাভ কৰি সমাজখন বিপথে পৰিচালিত কৰিব ।

/ এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হব পাৰে লিখা

উত্তৰ:- এন চি চি আৰু স্কাউট গাইডৰ নিচিনা প্ৰশিক্ষনে দেশ প্ৰেমৰ ভাৱ জাগ্ৰত কৰাৰ লগতে শৃংখলাবদ্ধ, ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুনবোৰৰ বিকাশ লাভ কৰাৰ লগতে সাহসী হোৱাত সহায় কৰে ।

S.L.NoContents
ভূগোল বিজ্ঞান খণ্ড
পাঠ-1প্ৰাকৃতিক সম্পদ
পাঠ-2জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণ
পাঠ-3বসতি
পাঠ-4বসতি: গ্ৰাম্য জীৱন আৰু নগৰীয়া জীৱন
পাঠ-5সাগৰ – মহাসাগৰ
পাঠ-6ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
পাঠ-7অসমৰ নদ – নদী
পাঠ-8ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ
ইতিহাস খণ্ড
পাঠ-9নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান
পাঠ-10মধ্য যুগৰ অসম
পাঠ-11অসমৰ আৰ্থ – সামাজিক জীৱনলৈ মধ্যযুগৰ শাসকসকলৰ বৰঙনি
পাঠ-12বাণিজ্যবাদ আৰু ভাৰতলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন
পাঠ-13ভাৰতত ইংৰাজ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়িকৰণ
পাঠ-14ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন কালত ভাৰতত হোৱা সংস্কাৰসমূহ
পাঠ-15সাম্ৰাজ্যবাদ আৰু অসম
পাঠ-16১৮৫৭ চনৰ বিদ্ৰোহ
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান খণ্ড
পাঠ-17মানৱ সম্পদ উন্নয়ন
পাঠ-18মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতা সমূহ আৰু চৰকাৰৰ ভূমিকা
পাঠ-19আৰ্থ – সামাজিক উন্নয়নত বিত্তীয় অনুষ্ঠান – প্ৰতিষ্ঠানৰ ভূমিকা
পাঠ-20গ্ৰাহকৰ সজাগতা, অধিকাৰ আৰু সুৰক্ষা
পাঠ-21সংবিধান আৰু ইয়াৰ প্ৰয়োজনীয়তা
পাঠ-22ভাৰতীয় সংবিধান
পাঠ-23মৌলিক অধিকাৰ
পাঠ-24আমাৰ মৌলিক কৰ্তব্য

/ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত ?

উত্তৰ:- প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ –

ক) আমি প্ৰাকৃতিক সম্পদ বোৰ ৰক্ষণাবেক্ষণ দিব লাগে । উন্নয়নৰ ব্যৱস্থা কৰিব লাগে ।

খ) জীৱিত প্ৰাণীৰ প্ৰতিপাল আৰু সুৰক্ষা দিব লাগে ।

গ) পৰ্বত, পাহাৰ কটা বন্ধ কৰা, জনমত গঠন কৰিব লাগে । যাতে ভূমিস্খলন বন্ধ কৰিব পৰা যায় ।

ঘ) গছ – গছনি কটা বন্ধ কৰিব লাগে, জীৱ – জন্তু আশ্ৰয় স্থল ধ্বংস কৰিব নালাগে, অৰণ্য ধ্বংস হলে বৃষ্টিপাত হ্ৰাস পায় ।

/ খালী ঠাই পূৰ কৰা

() আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ………………… ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে

উত্তৰ:- ৫২ ।

() ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি ………………….. গাব লাগে

উত্তৰ:- ৰাষ্ট্ৰীয় সংগীত ।

() ১৪ বছৰৰ সকলো শিশুক …………………. লাভৰ সুবিধা দিব লাগে

উত্তৰ:- শিক্ষা ।

() ভাৰতীয় সংবিধানত মুঠ …………………… কর্তব্যৰ কথা উল্লেখ আছে

উত্তৰ:- ১১ টা ।

৬/ শুদ্ধটো বাছি উলিওৱা –

() ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব নালাগে/ লাগে

উত্তৰ:- ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে ।

() নলানৰ্দমাত প্লাষ্টিকৰ বেগ, জাবৰজোথৰ পেলাব লাগে/ নালাগে

উত্তৰ:- নলা – নৰ্দমাত প্লাষ্টিকৰ বেগ, জাবৰ – জোথৰ পেলাব নালাগে ।

() বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/ নালাগে

উত্তৰ:- বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে ।

() শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে/ লাগে

উত্তৰ:- শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব লাগে ।

() দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে/ নালাগে

উত্তৰ:- দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে ।

/ জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা

উত্তৰ:- শিক্ষাৰ জৰিয়তে সমাজৰ কুসংস্কাৰ সমূহ দূৰ কৰি বিজ্ঞান সন্মান দৃষ্টিভংগী গঢ়ি তোলাটো নাগৰিকৰ অন্য এক গুৰুত্বপূৰ্ণ কৰ্তব্য । মানৱ জাতিৰ উন্নতিৰ মাপ কাঠি হৈছে শিক্ষা । এই শিক্ষাই আমাৰ কুসংস্কাৰ আৰু অন্ধবিশ্বাস সমূহ দূৰীকৰণ কৰি সমাজত এক বৈজ্ঞানিক দৃষ্টিভংগীৰ বুনিয়াদ গঢ়ি তুলিব পাৰে । তদুপৰি ঘৰখনেই যিহেতু শিশুৰ শিক্ষাৰ মূল ভেটি, গতিকে ঘৰৰ পৰিবেশ নৈতিক শিক্ষাৰে সুস্থ কৰি শিশু সকলৰ মাজত মানৱীয় প্ৰমূল্যবোধ যোগাই তোলাটো আমাৰ কৰ্তব্য । আমাৰ সমাজত আজিৰ এই বিজ্ঞানৰ যুগতো অন্ধবিশ্বাসৰ বলি হৈ বহুতো লোকে প্ৰাণ হেৰুৱাইছে । আমি সমাজত এই অন্ধবিশ্বাস আঁতৰাই বৈজ্ঞানিক দৃষ্টিভংগী সকলোৰে মাজত গঢ়ি তুলিবলৈ যত্ন কৰিব লাগিব ।

/ অসমৰ যিকোনো পাঁচ গৰাকী স্বাধীনতা যুঁজাৰুৰ ফটোসহ জীৱনী সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

/ কুইজ পাতো আহা

উত্তৰ:- শিক্ষকৰ সহায় লৈ নিজে কৰা ।

1 thought on “Class 8 Social পাঠ 24 আমাৰ মৌলিক কৰ্তব্য – সমাধান”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top